পৃষ্ঠা:প্ৰচণ্ড.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাওবাদীসকলৰ মূল নেতাসকলে চৰকাৰত অংশগ্ৰহণ নকৰি জনতাক
সংঘবদ্ধ কৰি শ্রেণী সংগ্রামটোক আগবঢ়াই নিয়া নীতিৰ ওপৰত
মনোনিৱেশ কৰে। অন্যথা এইক্ষেত্ৰত প্রতিক্রিয়াশীল দলসমূহ আৰু
সাম্ৰাজ্যবাদীসকলৰ লগত অনীতিগতভাৱে বুজাবুজিত উপনীত হৈ
তেওঁলোকৰ দলীয় নেতৃত্ব আৰু কেডাৰসকলৰ দলীয় আদৰ্শৰ বিসৰ্জনৰ
জৰিয়তে এখন বুর্জোৱা শ্ৰেণীৰ চৰকাৰ গঠনৰহে সম্ভাৱনা আছে।
এনে পৰিপ্ৰেক্ষিতত তেওঁলোকৰ সকলো লাভালাভ অথলে যাব আৰু
প্রতিক্রিয়াশীল দলবোৰে জনতাৰ নৈৰাশ্যৰ সুযোগ লৈ পুনৰ ক্ষমতালৈ
আহিব।'

 অন্যান্য মাওপন্থী সংগঠনসমূহেও নেপালী মাওবাদীসকলে নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি মূলসুঁতিৰ ৰাজনীতিত অংশগ্ৰহণ কৰিব বিচৰা কথাটোত সুখী নাছিল৷ তেওঁলোকে নিৰ্বাচনত অংশ লৈ চৰকাৰৰ নেতৃত্ব বহন কৰাৰ কথাটোক এই দলসমূহে সমর্থন কৰিব পৰা নাছিল। দক্ষিণ এছিয়াৰ শ্ৰমিক দলসমূহে এনে নীতি গ্ৰহণ কৰাৰ উদাহৰণ অতিকে বিৰল। দক্ষিণ এছিয়াৰ ভিন্ন প্ৰান্তৰ সমভাবাপন্ন মাওবাদী দলসমূহৰ পৰা অহা বিৰোধিতা সত্ত্বেও এই কট্টৰ মাওবাদী সংগঠনটোৱে চৰকাৰৰ অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত পৰিহাৰ নকৰিলে আৰু নেপালক এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰি নেপালৰ মূলসুঁতিৰ ৰাজনীতিৰ অংশীদাৰ হোৱাৰ দাবীত অটল হৈ থাকিল।

 সংবিধান সভাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত মাওবাদীসকলে নিজৰ লক্ষ্যৰ দিশত এখোজ-দুখোজকৈ আগবাঢ়িল। কিন্তু দলনেতা প্ৰচণ্ড আৰু তেওঁৰ ৰাজনৈতিক দলটোৱে এইক্ষেত্ৰত প্ৰতিটো খোজতে বাধাৰ সন্মুখীন হৈছিল। মাওবাদী নেতাসকলে নিজৰ মতাদর্শ সাব্যস্ত কৰিবলৈ যাওঁতে ভিন্ন ক্ষেত্ৰত ভিন্নধৰণে ৰাজনৈতিক তর্ক-বিতর্কত লিপ্ত হ’বলগীয়া হৈছিল। নতুন চৰকাৰখনক পূৰ্ণাংগ ৰূপ দিবলৈ যাওঁতে প্ৰাৰম্ভিক অৱস্থাত কেইবাসপ্তাহো আলোচনা-বিলোচনাত অংশ ল’বলগীয়া হৈছিল আৰু এনে তর্ক-বিতর্কই প্ৰাৰম্ভিক অৱস্থাৰ পৰাই হেঙাৰৰূপে থিয় দিছিল। নতুন চৰকাৰখনত ৰাষ্ট্ৰপতিৰ ভূমিকাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত হোৱা ভালেমান বিতর্কই গোটেই প্ৰক্ৰিয়াটো লেহেমীয়া কৰি তুলিছিল।

 প্ৰাৰম্ভিক অৱস্থাত মাওবাদীসকলে নতুন সংবিধান ৰচনাৰ কাম সমাপ্ত নোহোৱাপৰ্যন্ত

দেশৰ শাসনৰ দায়িত্বভাৰ প্ৰধান মন্ত্রী গিৰিজাপ্রসাদ কৈৰালাৰ কান্ধতে অৰ্পণ কৰাৰ ওপৰত গুৰুত্ব দিলে। (যিহেতু গিৰিজাপ্রসাদ কৈৰালাই এইক্ষেত্ৰত দ্বৈত ভূমিকা পালন কৰি আছিল) কিন্তু অন্যান্য ৰাজনৈতিক দলবোৰে বিশেষকৈ নেপালী কংগ্ৰেছে এই সিদ্ধান্তৰ বিৰোধিতা কৰিলে। তেওঁলোকে কৈৰালাকে প্রজাতান্ত্রিক নেপালৰ প্ৰথমজন

১৬৬