পৃষ্ঠা:প্ৰচণ্ড.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰে, কাৰণ দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰিবলৈ চৰকাৰ অপাৰগ। মাওবাদী নেতৃত্বই কয় যে চৰকাৰৰ লগত আলোচনা কৰাতকৈ দৰকাৰ হ’লে তেওঁলোকে পোনপটীয়াকৈ ৰজা আৰু আৰ এন এৰ লগত আলোচনাত বহিব। মাওবাদীৰ এনে স্থিতিৰ বিপৰীতে ২৫ নৱেম্বৰত দেউবা চৰকাৰে ২০০৫ চনৰ ১৩ জানুৱাৰীৰ ভিতৰত মাওবাদীসকলক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনায়। একে সময়তে চৰকাৰে সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

 মাওবাদীৰ সৈতে দেউবাই চলোৱা শান্তি প্ৰচেষ্টাৰ যতি পৰে যেতিয়া ২৭ নৱেম্বৰত এক বিবৃতিযোগে প্ৰচণ্ডই অভিযোগ কৰে যে আলোচনাৰ মেজলৈ আহিবলৈ সময়সীমা বান্ধি দি চৰকাৰে মাওবাদীসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে। বিবৃতিটোত কোৱা হয়— ‘স্থিতাৱস্থাৰ মাজত শান্তি আলোচনা আগবাঢ়িব নোৱাৰে।’

 আলোচনাক লৈ দেউবা চৰকাৰৰ লগত বিবৃতি যুদ্ধ চলি থকাৰ সময়ত, প্ৰচণ্ডই তেওঁৰ জীৱনশৈলী সলনি কৰে। হঠাৎ তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া চিগাৰেট সেৱন কৰা অভ্যাস ত্যাগ কৰে। তেওঁৰ পত্নী সীতাই কোৱামতে তেওঁলোকে ভাৰতৰ নয়দাত থাকোঁতে হঠাৎ প্ৰচণ্ডই এদিন চিগাৰেট খোৱা বাদ দিয়ে। তেওঁ কয়—

‘তেওঁ দীৰ্ঘদিন ধৰি নিয়মীয়াকৈ চিগাৰেট সেৱন কৰিছিল। আমি তেওঁক
প্ৰায়ে চিগাৰেট খোৱা বাদ দিবলৈ কৈছিলোঁ। হঠাৎ এদিন তেওঁ চিগাৰেট
খোৱা বন্ধ কৰিবলৈ সিদ্ধান্ত ল’লে। তেওঁ অৱশ্যে কোনো স্বাস্থ্যজনিত
কাৰণত চিগাৰেট খোৱা বাদ দিয়া নাছিল।’

১১৭