পৃষ্ঠা:প্ৰচণ্ড.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নেতাসকলে পুনৰ ২০০৮ চনৰ ১৮ জানুৱাৰীত অন্তৱৰ্তী চৰকাৰত যোগদান কৰে।

 কিন্তু শান্তি প্ৰক্ৰিয়া সন্দৰ্ভত উদ্ভৱ হোৱা সমস্যাৱলীৰ অন্ত নপৰিল। টেবাইত তিনিটা ৰাজনৈতিক দলৰ উদ্যোগত নতুনকৈ গঠন হোৱা মাধেশী জনধিকাৰ ফ'ৰাম আৰু টেৰাই মাধেশী লোকতান্ত্ৰিক দলে সদ্ভাৱনা দলৰ সৈতে লগ লাগি মাধেশী লোকসকলৰ কাৰণে নেপালৰ পূবৰ পৰা পশ্চিমাংশ সামৰি দক্ষিণ সমভূমি অঞ্চলত এখন স্বায়ত্তশাসিত ৰাজ্য গঠন কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে।

 নেপাল চৰকাৰে প্ৰাৰম্ভিক অৱস্থাত মাধেশীসকলৰ আন্দোলনটোক কঠোৰ হাতেৰে দমন কৰাৰ প্ৰচেষ্টা চলাইছিল। কিন্তু অতি ক্ষিপ্ৰতাৰে আন্দোলনটো পূব টেৰাই ৰাজ্যৰ সাতখন জিলাতে বিয়পি পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত দহ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া সংবিধান সভাৰ নিৰ্বাচন পুনৰ পিছুৱাই যোৱাৰ সম্ভাৱনাই দেখা দিয়ে। কেইবালানি আলোচনাৰ পাছত ২৮ ফেব্ৰুৱাৰীৰ দিনা কৈৰালাই মাধেশী ৰাজনৈতিক দলৰ সৈতে আঠদফীয়া এক চুক্তিপত্ৰত স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি মাধেশীসকলক স্বায়ত্তশাসন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল৷ তদুপৰি কৈৰালাই তেওঁলোকৰ দাবী অনুযায়ী মাধেশী আৰু অন্যান্য লোকসকলক নেপাল সেনাবাহিনীত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

১৫০