বাৰাংগণাৰ জুপুৰি
বাৰাংগনাৰ জুপুৰি
পৰী পাৰবীন
টেক্নো এড্ পাব্লিকেশ্বন
পাঠশালা (হৰিপুৰ চ'ক)
BARANGONAR JUPURI: An Assamese litterary collection of articles by PORI PARBIN and Published by Navajyoti Dev Choudhury on behalf of Techno Ed Publication, Guwahati/Pathsala.
নৱজ্যোতি দেৱ চৌধুৰী |
টেক্নো এড্ পাব্লিকেশ্বন |
০০.০০ টকা মাত্ৰ। (সাধাৰণ) |
টেক্নো এড্ পাব্লিকেশ্বন |
“উপন্যাসখনৰ কাহিনী, পৰিবেশ আৰু
চৰিত্ৰসমূহ সম্পূর্ণ কাল্পনিক। কাৰােবাৰ বাস্তৱ
জীৱনত ঘটনাপ্রবাহৰ সাদৃশ্য থাকিলে
লেখিকা দায়বদ্ধ নহয়।
—পৰী পাৰবীন
সমূহ পাঠকৰ হাতত
—পৰী পাৰবীণ
॥ লেখিকাৰ একাষাৰ ॥
এখন মুক্ত সমাজৰ সপোন দেখিবলৈ লোৱা অলংকৃতাই বুজি উঠিছিল ধম আৰু সমাজে সমাধান কৰিব নোৱৰা কথাবোৰ। সমাজে বান্ধি দিয়া নিয়মবোৰ পালন কৰিও সেয়ে তাই বাৰাংগনা হৈ ৰয়। এনে এশজনী অলংকৃতাৰে আমাৰ সমাজ ভৰি পৰিছে। সীমাৰ ভিতৰৰ পৰাই তাই সীমা পাৰ হৈ গৈ দিগবলয় চুইছে।
কোনোটো সময়ত কৈছে, বেশ্যাবৃত্তি মানুহৰ আদিমতম বৃত্তি।
কোনোটো সময়ত শ্বেকচ্ পীয়েৰৰ বাণী আওৰাইছে, "Marriage is a legal prostitution."
কিন্তু কোনোটো সময়তে তাই বিবেক বিসৰ্জন দিয়া নাই। সমাজৰ স্বাৰ্থত তাই আধুনিক সমাজৰ বিহবোৰ নীলকণ্ঠীৰ দৰে পান কৰিছে। বিহ পান কৰিও তাই দেৱী হৈ ৰৈছে।
‘বাৰাংগনাৰ জুপুৰি’-এই যাত্ৰাৰ কালছোৱাত মোৰ পৰিয়ালৰ, কৰ্মস্থলীৰ আৰু মোৰ বন্ধুবৰ্গৰ উৎসাহ-বাণী সদায়েই মনত থাকিব। বিশেষ কৃতজ্ঞতাৰ চিনস্বৰূপে প্ৰকাশৰ দায়িত্ব মূৰ পাতি লোৱা টেক্নো এড পাব্লিকেচনৰ স্বত্ত্বাধিকাৰী নৱজ্যোতি দেৱ চৌধুৰীলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। সততে কৰি অহা ভুলবোৰ আঙুলিয়াই দিয়াৰ বাবে মোৰ অগ্ৰজ বৰ্ণালী গগৈ বাইদেউক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। মৰমৰ মৌচুমী বৰি, যি প্ৰথমৰে পৰাই প্ৰতিটো খণ্ড চালি-জাৰি চাই সমালোচনামূলক উপদেশ দিলে, তেওঁলৈকো মোৰ অশেষ কৃতজ্ঞতা জনালোঁ।
পাণ্ডুলিপিটো তন্নতন্নকৈ চাই বৰ্ণাশুদ্ধিৰ সমস্ত দায়িত্ব মূৰ পাতি লোৱা মৰমৰ ভাতৃ খনিন্দ্ৰ ভূষণ মহন্তলৈ এই ছেগতে অযুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
‘ক’ৰ চুককেইটাক আকাৰ দিবলৈ শিকোৱা মোৰ জীৱনৰ প্ৰথম শিক্ষয়িত্ৰী ‘মা’লৈ আৰু বাস্তৱ জীৱনত খোজ পেলাবলৈ সাহস দিয়া দাদালৈ এই আপাহতে মনত পেলালোঁ।
ধন্যবাদেৰে-
পৰী পাৰবীন
সূচীপত্র
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।