বাৰাংগণাৰ জুপুৰি

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[  ]

বাৰাংগনাৰ জুপুৰি

 

পৰী পাৰবীন

 
 

টেক্‌নো এড্‌ পাব্লিকেশ্বন
পাঠশালা (হৰিপুৰ চ'ক)

[  ] BARANGONAR JUPURI: An Assamese litterary collection of articles by PORI PARBIN and Published by Navajyoti Dev Choudhury on behalf of Techno Ed Publication, Guwahati/Pathsala.



 
প্রথম প্ৰকাশ
:

নৱজ্যোতি দেৱ চৌধুৰী
টেক্‌নো এড্‌ পাব্লিকেশ্বন
গুৱাহাটী— ৭৮১০০৩

 
প্রথম প্ৰকাশ
:
২০১৯
 
ISBN
:
---------
 
ডি.টি.পি.
:

টেক্‌নো এড্‌ পাব্লিকেশ্বন
গুৱাহাটী— ৭৮১০০৩
পাঠশালা— ৭৮১৩২৫

 
মূল্য
:

০০.০০ টকা মাত্ৰ। (সাধাৰণ)
০০.০০ টকা মাত্ৰ। (পুথিভঁৰাল)

 
মুদ্ৰণ
:

টেক্‌নো এড্‌ পাব্লিকেশ্বন
গুৱাহাটী— ৭৮১০০৩

[  ]
 

“উপন্যাসখনৰ কাহিনী, পৰিবেশ আৰু
চৰিত্ৰসমূহ সম্পূর্ণ কাল্পনিক। কাৰােবাৰ বাস্তৱ
জীৱনত ঘটনাপ্রবাহৰ সাদৃশ্য থাকিলে
লেখিকা দায়বদ্ধ নহয়।

—পৰী পাৰবীন

 

[  ]
 
 

সমূহ পাঠকৰ হাতত

  —পৰী পাৰবীণ

 

[  ]

॥ লেখিকাৰ একাষাৰ ॥

 এখন মুক্ত সমাজৰ সপোন দেখিবলৈ লোৱা অলংকৃতাই বুজি উঠিছিল ধম আৰু সমাজে সমাধান কৰিব নোৱৰা কথাবোৰ। সমাজে বান্ধি দিয়া নিয়মবোৰ পালন কৰিও সেয়ে তাই বাৰাংগনা হৈ ৰয়। এনে এশজনী অলংকৃতাৰে আমাৰ সমাজ ভৰি পৰিছে। সীমাৰ ভিতৰৰ পৰাই তাই সীমা পাৰ হৈ গৈ দিগবলয় চুইছে।

 কোনোটো সময়ত কৈছে, বেশ্যাবৃত্তি মানুহৰ আদিমতম বৃত্তি।

 কোনোটো সময়ত শ্বেকচ্ পীয়েৰৰ বাণী আওৰাইছে, "Marriage is a legal prostitution."

 কিন্তু কোনোটো সময়তে তাই বিবেক বিসৰ্জন দিয়া নাই। সমাজৰ স্বাৰ্থত তাই আধুনিক সমাজৰ বিহবোৰ নীলকণ্ঠীৰ দৰে পান কৰিছে। বিহ পান কৰিও তাই দেৱী হৈ ৰৈছে।

 ‘বাৰাংগনাৰ জুপুৰি’-এই যাত্ৰাৰ কালছোৱাত মোৰ পৰিয়ালৰ, কৰ্মস্থলীৰ আৰু মোৰ বন্ধুবৰ্গৰ উৎসাহ-বাণী সদায়েই মনত থাকিব। বিশেষ কৃতজ্ঞতাৰ চিনস্বৰূপে প্ৰকাশৰ দায়িত্ব মূৰ পাতি লোৱা টেক্‌নো এড পাব্লিকেচনৰ স্বত্ত্বাধিকাৰী নৱজ্যোতি দেৱ চৌধুৰীলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। সততে কৰি অহা ভুলবোৰ আঙুলিয়াই দিয়াৰ বাবে মোৰ অগ্ৰজ বৰ্ণালী গগৈ বাইদেউক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। মৰমৰ মৌচুমী বৰি, যি প্ৰথমৰে পৰাই প্ৰতিটো খণ্ড চালি-জাৰি চাই সমালোচনামূলক উপদেশ দিলে, তেওঁলৈকো মোৰ অশেষ কৃতজ্ঞতা জনালোঁ।

 পাণ্ডুলিপিটো তন্নতন্নকৈ চাই বৰ্ণাশুদ্ধিৰ সমস্ত দায়িত্ব মূৰ পাতি লোৱা মৰমৰ ভাতৃ খনিন্দ্ৰ ভূষণ মহন্তলৈ এই ছেগতে অযুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।

 ‘ক’ৰ চুককেইটাক আকাৰ দিবলৈ শিকোৱা মোৰ জীৱনৰ প্ৰথম শিক্ষয়িত্ৰী ‘মা’লৈ আৰু বাস্তৱ জীৱনত খোজ পেলাবলৈ সাহস দিয়া দাদালৈ এই আপাহতে মনত পেলালোঁ।

ধন্যবাদেৰে-
পৰী পাৰবীন

[  ]

(এক)

 ছবিয়ে কথা কয় নে নকয়? যদি কয় সেই ছবিয়ে বুকুত বিহৰ ঢল আনে নে? তেনে ছবিয়ে কলিজাত দুখৰ শিলনি সাজে নে?

 নাজানে অলংকৃতাই। নাজানে সেই ছবিয়ে হুমুনিয়াহবোৰ ওলাই আহিব নোৱাৰাকৈ কিদৰে তাইৰ বুকুত শিলনি বান্ধি ল’লে। সেয়া যেন ছবি নহয়, এহাল কিশোৰ-কিশোৰীৰ জীৱন্ত প্ৰেম-গাথা।

 অলংকৃতাই অফিচৰ বিশাল টেবুলৰ কাষতে লাগি থক৷ কম্পিউটাৰটোলৈ চেয়াৰখন ঘূৰাই ল’লৈ। অফিচ ইতিমধ্যে ছুটী হৈ গৈছে। কম্পিউটাৰৰ ছোৱালীজনীও গ’লগৈ! তাইহে অকলে অকলে পৰি ৰৈছে। বিশাল অফিচ চৌহদৰ সুসজ্জিত কোঠা এটিত অকলশৰীয়াকৈ জীৱন-জগত, প্ৰেম-হুমুনিয়াহৰ ককটেইল মিলাই তাই পান কৰি গৈছে।

 কঞ্জনীলে পঠোৱা ফটোবোৰ তাই কম্পিউটাৰত চাই ৰ’ল। যিমানেই তাই কথাবোৰ সহজভাৱে ল’ব বিচাৰিছে, সিমানেই তাই সুৰংগ ফালি ৰহস্য ভেদত আৱদ্ধ হৈছে। পখিলা এজনীৰ দৰেই লাগিছে ছোৱালীজনীক কি নাম আছিল তাইৰ? কি নাম সেই ৰঙীন ৰংগনাৰ? যদিও তাই মনত পেলাব নোখোজে সেই নাম, তথাপি সেই নামে তাইৰ পিছ নেৰে।

 উল্কি আছিল তাইৰ নাম। উল্কি শইকীয়া। এহাতেৰে তাইৰ কঁকালত ধৰি সেয়া আল্ট্ৰাছ নিয়াজিৰ। খুব সুখী যেন দুয়োটি চঞ্চল বতাহজাকে যেন আৰু চঞ্চল কৰি তুলিছে দুয়োকে মায়’ডিয়াৰ শুভ্ৰ হিমগুৰিয়ে উল্কিৰ ৰঙা টুপীটো শুকুলা কৰি তুলিছে। বৰফে বৰফে উৰি ফুৰা সেইকুৰা যেন জ্বলি থকা এটুকুৰা আঙঠা। ইমান উত্তাপ! ইমান উত্তাপ সেই সম্বন্ধত? যি সম্বন্ধত সমাজ আৰু আইন ধৰাশায়ী হয়, সেই সম্বন্ধই কিয় ইমান উত্তাপ কঢ়িয়ায়?

 নিজক পাৰে মানে আঁতৰাই থৈ তাই উল্কি আৰু আল্ট্ৰাছৰ ছবিবোৰ চাই গৈছে। প্ৰতিখনেই বেলেগ বেলেগ ৰঙৰ কেনভাচ। প্ৰতিখনেই নিয়মৰ বিপৰীতে অনিয়মৰ বাণী ছটিয়াই গৈছে।

 ক'ৰবাত তাইৰ চিঞৰটো মায়'ডিয়াৰ পাহাৰত ঠেকা খাইছে।

 “এয়া অনীতি”, তাই চিঞৰিছে।

 পাহাৰৰ সিপাৰৰ পৰা খিলখিলনিৰ প্ৰতিধ্বনি ভাঁহি আহিছে,

 “নহয় অনীতি। এয়াই সত্য”।

 সত্য! এই অনীতিবোৰ সত্য। অনিয়মবোৰ হেনো অনিয়ম নহয়। কোনে কয় সেই কথা? সমাজে বান্ধি থোৱা এডাল সোলোক-ঢোলোক শিকলিত বন্দী হৈ তাইৰ কাঠগৰাত থিয় নিদিয়ে সেই নাৰীয়ে, যি নাৰীয়ে তাইৰ একান্ত প্ৰিয়জনৰ স’তে ঘনিষ্ঠতাৰ ঘৰ সাজিছে।

  আল্ট্ৰাছৰ ফেচবুক একাউণ্টত সোমাই তাই ফটোবোৰ ক্লিক কৰি যায়। তাৰ পাছত উল্কিৰ একাউণ্ট খোচৰে। একেই ঠাইৰ ফটো। যুগ্ম ফটোবোৰ তাত নাছিল। যুগ্ম ফটোবোৰ আছিল কঞ্জনীলে পঠোৱা ফটোবোৰত। যুগ্ম মানে উল্কি আৰু আল্ট্ৰাছ, আল্ট্ৰাছ আৰু উল্কি। ধৰফৰাই ৰৈছে তাই আৰু কঞ্জনীল। প্ৰেমক সদায়ে প্ৰাধান্য দি অহা তাই এই প্ৰেমত মুক হৈ পৰিছে। ধৰ্মৰ প্ৰসংগ নহয় সেয়া, বয়সৰ ব্যৱধানৰ কথাও নহয়, এই প্ৰসংগ এক জটিল নিয়মৰ প্ৰসংগ। এয়া সমাজ নামৰ দেৱালখনত খুন্দা খাই উভতি অহা কিছু প্ৰশ্ন। ঘড়ীটোলৈ চালে তাই! সাত বাজিল। কঞ্জনীলে ফোন কৰাৰ কথা আছিল। ৰিভলভিং চেয়াৰখনতে ওপৰমুৱাকৈ মূৰটো পেলাই তাই পিছলৈ আঁউজি ফোনটোৰ অপেক্ষাত ৰ'ল। পাতল নীলা ৰঙৰ দীঘল দীঘল পৰ্দা ভেদি ৰূমৰ পোহৰ ষ্ট্ৰিট লাইটৰ পোহৰত বিলীন হৈছে। পোহৰৰ ছায়া-

 ময়াত তাইৰ হঠাতে ল'ৰা দুটিলৈ মনত পৰিল। তাইৰ বুকুৰ জিউ দুটিক অকলে এৰি থৈ তাই বিয়লি এপৰলৈকে অফিচত বহি আছে। নিজৰ ওপৰতে ধিকাৰ জন্মিল তাইৰ। ড্ৰাইভাৰক গাড়ী সাজু কৰিবলৈ কৈ তাইৰ পাৰ্ছ মিৰৰখনত মুখখন চাই ল’লে। ওঁঠৰ ওপৰেৰে পাতল গুলপীয়া লিপষ্টিকডাল বুলাই তাই থিয় হ’ল।

 মুখখন সৌম্য। ভিতৰত তোলপাৰ লগাই থকা ধুমুহাজাকৰ চাৰিওফালে দেৱাল গঁথা হৈ গ’ল। সেই ধুমুহাজাকে তাইৰ কণমানি দুটাৰ মনত আউল নলগায়। তাই নাৰী। তাই হাজাৰ ৰূপ ধাৰণ কৰিব পাৰে। অলপ [  ] আগলৈকে তাই আছিল ধুমুহাত বিধ্বস্ত দেশৰ সৰ্বস্ৰান্ত নাগৰিক, এতিয়া হৈ পৰিছে মমতাবোধৰ পৃথিৱীৰ দায়িত্বশীল নাগৰিক।

 “বাইদেউ ঘৰলৈ যাব নে বেলেগ ক’ৰবালৈ যাব”-- ড্ৰাইভাৰজনে পিছফালৰ দুৱাৰখন খুলি দি সুধিলে।

 “ঘৰলৈ ব’লা”, বুলি তাই পিছফালে বহি চিটত মূৰটো পেলাই বহি দিলে৷ বৰ জটিল এই পৃথিৱী, বৰ জটিল এই জীৱন। মুখত ব্যৰ্থতাৰ প্ৰলেপ তাই সানিব নিবিচাৰে বাবেই মানুহে হিংসা কৰাকৈ তাই সবল আৰু সেইবাবেই তাইৰ খোজৰ গতিও প্ৰবল।

 এই যে গেটখন খোলাৰ লগে লগে দুয়োটা ল’ৰা দৌৰি আহি তাইৰ শাৰীখনত জপটিয়াই ধৰিব, এটাই তাইৰ বেগটো কেঁকো-জেঁকোকৈ দাঙি লৈ যাব, এটাই আকৌ তাইৰ কাৰণে টাৱেলখনকে বাথৰূমত সাজু কৰি দিব, এইখনেই তাইৰ সৰু পৃথিৱী। কিন্তু আজিৰ কথা, কাণ্ড কিছু বেলেগ দেখিয়েই বুজিলে অলংকৃতাই, দুয়োটাই এখুন্দা লাগি থৈছে ইতিমধ্যে।

 লুচিখনৰ দৰে মুখখন ফুলাই সৰুটিয়ে তাইৰ আঁচলত ধৰিলেহি, “মা মা, পাপা কেতিয়াকৈ আহিব?”

 বুকুখন তাইৰ চিৰিংকৈ মাৰিলে। দুয়োটি পোনা দেউতাকৰ বাবে বলিয়া। প্ৰতিবাৰৰ দৰেই হয়তো এইবাৰো দেউতাক বাহিৰলৈ যাওঁতে আদায় কৰি থৈছে উপহাৰৰ প্ৰতিশ্ৰুতি। তাৰ নিমিত্তেই প্ৰশ্নৰ বাৰম্বাৰ প্ৰশ্ন, “মা, পাপা কেতিয়াকৈ আহিব?”

 “আহিব বাবা, এতিয়া তুমি পঢ়া টেবুলত বহাগৈ যোৱা”, বুলি কৈ তাই বাথৰূমৰ ফালে দৌৰ মাৰিলে। সন্ধ্যাৰ এই সময়খিনি তাইৰ বৰ ব্যস্ততাৰ সময়। ল’ৰা দুটিৰ হাতত গাখীৰৰ গিলাচ তুলি দিয়াৰে পৰা সিহঁতৰ অংকৰ সমস্যাটোলৈকে চকু দিব লাগে তাই। দিনটোৰ এইকণ সময়েই আহৰি পায় তাই। এইখিনি সিহঁতৰ গুণগত সময়। সাধুকথা, নীতিকথাৰে সিহঁতৰ মনবোৰত চিন্তাৰ ৰেশ সানি দিয়ে তাই। আজি পিছে তাই নিজৰ স’তে নাই, নাই কণমাণিকেইটাৰ স’তেও। দিনটোৰ ব্যস্ততাখিনিৰ মাজত থমকি ৰোৱা খোজৰ গতিটোৱে, দৈনন্দিন কোলাহলৰ মাজত লুকুৱাই থোৱা মৌনতাখিনিয়ে, মুখৰ সাতোৰঙী বেলুনৰ মাজৰ শূন্যতাখিনিয়ে পলকতে বেসুৰা কৰি তোলে জীৱনৰ ছন্দ। নিশা গভীৰ হৈ আহে, আত্মকথনৰ স্বৰলিপি ভাঁহে।

  আল্ট্ৰাছ কৰ্মসূত্ৰে বাহিৰলৈ যোৱা হেতুকে তাই শোৱনি কোঠাত অকলে পৰি ৰয়। পুত্ৰদ্বয় গভীৰ নিদ্ৰাত। তাই সাৰে ৰয়। তাই জানে ক’ৰবাত আৰু এটি দুটি সত্তা সাৰে ৰয়। ঢিমিক ঢামাককৈ জ্বলে তৰাবুলীযা অনুভৱ। বুকুৰ মাজত এছাটি মলয়াই বা’ দিব খুজিও ৰৈ যায়। শীতল সৰীসৃপৰ দৰে এটি বীজলুৱা অনুভৱে বগুৱা বাই যায়।

  আল্ট্ৰাছ তাইৰ হৈ নাথাকিল। তাই নিজেও নিজৰ হৈ নাথাকিল। যোগাত্মক চিন্তাৰ সুঁতিত আউল লাগে সেইখিনিতেই। এই যে অস্থিৰতাবোৰ, তাতেই পোখা মেলে সৃষ্টিয়ে। সেমেকা গধূলিৰ সংগমত প্ৰোথিত হয় বেদনাৰ ভ্ৰূণ।

 সময়বোৰ ধাৰাল কাঁইটৰ দৰে। ঠাক-ঠাককৈ সজাই থোৱা কিতাপবোৰে মূৰ দুপিয়াই অভিবাদন জনায়, “এই পৃথিৱীলৈ আহাঁ, আমি তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিম। মাথোঁ আমাক উমাল কৰি তোলা”।

 তাই ধীৰে ধীৰে প্ৰৱেশ কৰে তাইৰ আপোন জগতত। ইয়াত নাথাকে আল্ট্ৰাছ, নাথাকে উল্কি, নাথাকে কঞ্জনীল, নাথাকে প্ৰথম শ্ৰেণীৰ মেজিষ্ট্ৰেট অলংকৃতা বৰুৱা।

 থাকে এমুঠি প্ৰশ্নমৰে উদ্‌গ্ৰীৱ মুখৰ এজনী মহিলা...

 থাকে এমুঠি উত্তৰেৰে সাজু হৈ ৰৈ থকা কিতাপৰ গোন্ধৰে আমোলমোল এটি কোঠা।

 থাকে তাইৰ দুখৰ নিচা সাৱটি এছাটি অস্থিৰ বতাহ...

 আৰু সেই বতাহত ওপঙি ফুৰা এটি বেলুনীয়া উশাহ, এই ফুটো এই ফুটোকৈ.......

++

[  ]

(দহ)

 ভাইব্ৰেশ্যন মুডত থকা ফোনটো কঁপি উঠিছিল। তাই তেতিয়া কেইবাজনো অধিবক্তাৰ স’তে মুখ্য ন্যায়াধীশৰ কোঠাত জৰুৰী আলোচনাত। চাওঁ নাচাওঁকৈ অলংকৃতাই ফোনটোত দৃষ্টি নিক্ষেপ কৰিলে।

 অচিনাকি নম্বৰ মুখ্য ন্যায়াধীশৰ ৰূমত ফোনটো ধৰিবলৈ তাইৰ অস্বস্তি লাগিল। ফোনটো বাজি বাজি অফ হৈ গ’ল।

 ক্ৰিমিনেল কেচ এটাৰ আলোচনা কৰোঁতে কৰোঁতে দুপৰৰ বেলি উঠিল। মুখ্য ন্যায়াধীশৰ কোঠাৰ পৰা আহি গোটেইকেইজন তাইৰ কোঠাত সোমাল। জৰুৰী কেচকেইটাৰ ফাইলত চহী কৰি পঠিয়াব লাগে। তেনে এদ’মমান ফাইলৰ মাজতে ডুব গৈ থাকোঁতেই আকৌ ফোনটো বাজি উঠিল। কামৰ মাজত ফোনকল আহিলে ভীষণ বিৰক্তি পায় তাই। তাতে আকৌ অচিনাকি নম্বৰ।

 ক্লান্তিৰ সুৰ এটা টানি তাই মাত দিলে, “হেল্ল”।

 “আপুনি আল্ট্ৰাছ নিয়াজিৰৰ পত্নী নেকি?”

 বুকুখন কঁপি উঠিল তাইৰ। আল্ট্ৰাছৰ নাম লৈ তাইক কোনেও ফোন নকৰে। কিবা বিপদ হোৱা নাইতো তাৰ! কিছু শংকা মিহলি অনুভূতিবোৰ নিয়ন্তণলৈ আনি তাই মাত লগালে, “হয়। আপুনি কোনে ক'লে?”

 “মোক আপুনি চিনি নাপাব। মই কঞ্জনীল। মংগলদৈৰ পৰা কৈছো”। আল্ট্ৰাছ নিয়াজিৰৰ পত্নী’ আৰু ‘মংগলদৈ',এই শব্দকেইটাৰ মাজত কি যোগসূত্ৰ? মুহূৰ্ততে দুডাল বিদ্যুৎ পৰিবাহী তীৰে তাইৰ মগজুলৈ সংকেতধ্বনি কঢ়িয়াই নিলে। উল্কিৰ ঘৰ মংগলদৈত। সিমানখিনি তাই জানিছিল। উল্কি আৰু আল্ট্ৰাছৰ মাজৰ বু বু, বা বাখিনিও তাই নজনাকৈ থকা নাছিল। সেয়াইনে যোগসূত্ৰ?

 “আপুনি উল্কিৰ.......?”, আধাতে ৰৈ দিলে তাই।

 “হয়। উল্কি মোৰ পত্নী। আপোনাক মোৰ অলপ ক’বলগীয়া আছে”।

 আছে, আছে। তাইৰো ক’বলগীয়া আছে। কেনেকৈ বুজায় তাই, তাইৰো যে উল্কিৰ স্বামীক ক’বলৈ বহুত কথাই আছে। কিমানদিন যে তাই উল্কিৰ স্বামীৰ লগত যোগাযোগ কৰিবলৈ বিচাৰি ফুৰিছেঙ্গ কিন্তু এতিয়া এই মুহূৰ্তত সেয়া সম্ভৱনে? এইখিনি সময়ত তাইৰ সন্মুখত অধিবক্তা কৃশানু গৌতম আৰু দ্বিতীয় শ্ৰেণীৰ ন্যায়াধীশ বিশাল তামুলী। টেবুলৰ কাষৰ কম্পিউটাৰটোৰ সন্মুখত কাংক্ষিতা নামৰ কম্পিউটাৰ চলোৱা ছোৱালীজনী। ফোনৰ সিপাৰে তাইৰ স্বামীৰ অবৈধ প্ৰেমৰ অভিযোগকাৰী। কি কৰে তাই? কি কৰে এনে মুহূৰ্তত তাই? কি কৰিলেহেঁতেন অন্য নাৰীয়ে? তাই নাজানে সেই কথা।

 পলকতে তাইৰ মুখৰ বৰণ সলনি হৈছিল। তাইৰ মাতটোত শতযুগৰ মলিনতা আহি পৰিছিল। এই যেন এইমাত্ৰকে তাই দৌৰি গৈ শোৱনি কোঠাৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰি বিছনাত উবুৰ খাই পৰি গাৰু তিয়াব, এই যেন ব্ৰহ্মপুত্ৰৰ আন্ধাৰ বালিচৰত চুলি মেলি কোনোবা অতৃপ্ত আত্মাৰ দৰে বহি ৰ'ব নতুবা এজনী উদভ্ৰান্ত নাৰীৰ দৰে অসংযত সাজেৰে বৰ্যণমুখৰ কোনে৷ মধ্যৰাতি ঢলং-পলংকৈ নিচাগ্ৰস্ত লোকৰ দৰে লক্ষ্যহীন এক যাত্ৰাত ভৰি থ’ব নতুবা নিষিদ্ধ গলিত এজাক উতনুৱা যুৱক-যুৱতীৰ দৰে চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী পকাব নতুবা চহৰৰ উপকণ্ঠৰ কোনো ধাবাত অকলে পান কৰিব ৰঙীন পানীয়।

 তেনে একোৱেই কৰা| নহ’ল সেই সময়ত তাইৰ মুখৰ অভিব্যক্তিত সন্মুখত থকা লোক দুজনে কিবা ধাৰণা কৰি উঠি যাবলৈ ওলাইছিল, তাই মূহুৰ্তত নিজকে সম্বৰণ কৰিলে, তেওঁলোকক বহিবলৈ ইংগিত দি ফোনত ক’লে, “আপুনি অলপ পাছত ফোন কৰিব পাৰিবনে?”

 কঞ্জনীল যেন ফাটি পৰিছিল। কেনেকৈ পাৰে? কেনেকৈ পাৰে নাৰীয়ে এনেবোৰ মূহুৰ্তত নিজকে ইমান স্থিতপ্ৰজ্ঞা কৰি ৰাখিব পাৰে? কেনেকৈ? সি কিয় নোৱাৰে? কিয় ফটোখিনিত উল্কি আৰু আল্ট্ৰাছৰ মাজত ঘনিষ্ঠতা দেখাৰ পাছৰে পৰা সি চৰম অশান্তিত সময় কটাইছে? সি জানে, কিদৰে সি আল্ট্ৰাছৰ পত্নীৰ ফোন নম্বৰ সংগ্ৰহ [ ১০ ] কৰিছিল। একমাত্ৰ তায়েইতো আছিল তাৰ কষ্টবোৰ ভাগ কৰিব পৰাকৈ। অচিনাকি সেই নাৰী, অথচ দুয়োৰে দুখবোৰ কিমান আপোন! সি কিবা কোৱাৰ আগতেই তাই ফোনটো কাটি দিলে। তাইক সদ্যহতে অকলশৰীয়া পৰিৱেশ এটা লাগে। টেবুলৰ সন্মুখৰ মানুহ দুজনক বিদায় দিব লাগে। তেওঁলোকৰ কামটো কৰি আজৰাই দিব লাগে। কাংক্ষিতাক ছুটী দিব লাগে। সিমানখিনিলৈকে জ্ঞান আছে তাইৰ বাকীবোৰ সমস্যাৰ কিদৰে মুখামুখি হ'ব সেই কথা এতিয়া ভবাৰ অৱকাশ নাই।

 কৃশানু আৰু বিশালৰ লগত গোচৰ এটাৰ শুনানিৰ ফাইলটো আলোচনা কৰি তাই ঠিক ঠাক কৰি ল’লে। তেওঁলোকে কথা পাতি থাকোঁতে তাইৰ ম’বাইলটোৰ মেচেজটোন কেইবাবাৰো বাজি উঠিছিল। তাই অনুমান কৰিছিল সেয়া হয়তো কঞ্জনীল হ’ব। তাইৰ অনুমানক সত্য প্ৰতিপন্ন কৰি সেয়া কঞ্জনীলৰ মেচেজ আছিল। এখনৰ পাছত এখনকৈ ফটো পঠিয়াই গৈছে সি। তাই এখনত ক্লিক কৰি দিয়াৰ লগে লগে স্ক্ৰীণত ভাঁহি অহা এখন ফটোৱে তাইক বোবা কৰি পেলালে। চকুহাল মুদি দিলে তাই। নিমীলিত চকুৰ পৰ্দাত চেলুলয়ডৰ দৰে ইখনৰ পাছত সিখন ছবি ভাঁহি আহিল। এই ছবিবোৰৰ সন্মুখীন হ’ব পৰাকৈ তাইৰ প্ৰস্তুতি নাছিল। ইমান নিৰ্মম সত্যৰ লগত তাইৰ পৰিচয় নাই। তাই শুনিছিল সিহঁতৰ কথা, কিন্তু কোনোদিনে প্ৰমাণ বিচৰা নাছিল। যি প্ৰমাণে তাইৰ চৌপাশ অস্থিৰ কৰি তুলিব, সেই প্ৰমাণৰ সন্মুখীন হ’ব খোজা নাছিল তাই। হেৰুওৱাৰ ভয়তে নে হতাশাৰ ঢৌত উটি যোৱাৰ ভয়ত তাই সেয়া নিবিচাৰিছিল সেই কথা তাই নুবুজে।

 সন্মুখত দুজন কলিগ। অথচ ফটোখিনি দেখাৰ পাছতে তাইৰ বোধশক্তি যেন লোপ পালে। তাই চকুমুদি ৰ’ল। তাইৰ অপ্ৰকৃতিষ্ঠ আচৰণত দুয়োজন আচৰিত হ’ল। সিহঁত যাবলৈ ওলাল।

 বিশাল তামুলী আৰু কৃশানু গৌতম ওলাই গ’ল। তাই ফটোবোৰ চাই ৰ’ল। এখনৰ পিছত আন এখন ফটোৱে তাইক জুইৰ উত্তাপেৰে গা ধুৱাই থাকিল। তাইৰ একান্ত নিজৰ পুৰুষজনৰ স’তে অন্য নাৰী, পৰনাৰী সেয়া৷ উস! সহ্যাতীত। বুকুৰ দহন ভেদি হুমুনিয়াহ এটা ওলাই আহিল। চকুহাল তাইৰ ৰঙা পৰিল।

 তেনেতে বিশাল তামুলী পুনৰবাৰ সোমাই আহিছিল। কিবা যেন ক’ব তাইক। তাই নিজকে লুকুৱাব বিচাৰিছিল। মুখত কোনোমতে সেমেকা হাঁহি এটা বিৰিঙাই তালৈ প্ৰশ্নবোধক চাৱনি এটা নিক্ষেপ কৰিলে, “আৰু কিবা কাম থাকি গ’ল নেকি” এই ভাবত নহয়, সি কোনো কামৰ কাৰণে অহা নাই৷ সি আহিছিল তাইৰ আপদীয়া ফোনকলটোৰ আঁত বিচাৰি, যিটো ফোনকলৰ পিছতে তাইৰ উদভ্ৰান্ত আচৰণে তাৰ বুকুত শেল হৈ বিন্ধিছিল।

 “মেডাম।”

 “ওমম।”

 “নাযায় ঘৰলৈ?”

 “যাম। সৰু এটা কাম আছে। কৰিয়েই যাম”।

 সি গম পালে তাই সহজে মনৰ কথাবোৰ মুকলি কৰি নিদিয়ে। কিন্তু তাইৰ এই ৰূপত তাৰো তাইক এৰি যাবলৈ মন যোৱা নাই৷ মানৱীয়তাৰ খাতিৰত নে তাইৰ প্ৰতি জাগি উঠা কোনো এক সহানুভূতি, সি নাজানে সেই কথা। কিন্তু তাই যে এতিয়া তাৰ সান্নিধ্য বিচৰা নাই, সেই কথা সি বুজি পালে। অগত্যা সি যাবলৈ ওলাল।

 “মেডাম, এটা কথা কৈ যাওঁ, বেয়া পাব নেকি?”

 তাই অন্যমনস্ক হৈ ৰ’ল। বিশালে কি ক’লে কাণত নোসোমালে। বিশালে আকৌ মাতিলে, “মেডাম।”

 এইবাৰ তাই থতমত খাই মাত লগালে,

 “হাঁ’’?

 “কিবা এটা ক'লে বেয়া পাব নেকি?”

 “বেয়া কিয় পাম? নিশ্চিন্তে ক'ব পাৰে। বেয়া পোৱাৰ প্ৰশ্নই নুঠে”, তাই পাৰেমানে সপ্ৰতিভ হ'বলৈ বৃথা চেষ্টা চলাইছে।

 বিশালে অলপ চিন্তা কৰিলে। তাৰ অন্তৰৰ একোণত কোনো এক স্থান লৈ থকা সবল নাৰীগৰাকী আজি দুৰ্বল হৈ পৰিছে। তাইৰ দুখৰ কজলা বৰণে তাকো ছানি ধৰিছে। কিন্তু সেই প্ৰকাশ সি কৰে কেনেকৈ? কি কথাই তাইক কিছু পৰিমাণে হ’লেও উদ্দীপিত কৰিব? কি সমস্যাৰে জৰ্জৰিত তাই? জিলাৰ অতখিনি মানুহৰ সমস্যা সমাধান কৰা [ ১১ ] মানুহগৰাকীক কিহে ভাৰাক্ৰান্ত কৰে এনেকৈ? ইমানদিন সি ভাবি আহিছিল, শাৰিৰীক তথা মানসিক পৰিপূৰ্ণতাৰে পুষ্ট এই নাৰী। আজি সি গম পাইছে, ক’ৰবাত সূৰ্যৰো বিচ্যুতি ঘটে। চকুত নপৰে মানুহৰ। কিছু আৱেগিক হ’ল সি। ক’বলগা কথাবোৰ সামৰি সি মাথোঁ ক’লে “মেডাম, নিউটনৰ তৃতীয় সূত্ৰটো মনত আছেনে? সেই যে সূত্ৰটো, প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে”।

 তাই চাই ৰ’ল। কি ক’ব বিচাৰিছে বিশালে সেই কথা বুজাৰ আগতেই সি কৈ গ’ল, “যিয়েই আপোনাক আজি পিছলৈ টানিছে, সেইটোৱেই আপোনাক এদিন সিমান আগলৈ লৈ যাব। এতিয়া মই যাওঁ৷ আপুনিও বেছি দেৰি নকৰিব”।

 কথাখিনি কৈ সি ওলাই গ’ল। চকুৰ কোণ সেমেকি উঠিছিল তাৰ। বিশাল চৌহদত তাইক অকলে এৰি সি গাড়ীৰ ষ্টিয়েৰিং পকালে। শৈলমানৱীৰ দৰে তাই বহি ৰ’ল। উল্কি, আল্ট্ৰাছ , মায়’ডিয়া, ফটো, মেচেজ, ফোন, ৰঙা টুপী, শুকুলা তুযাৰ এই শব্দবোৰ সাৱটি তাই বহি ৰ’ল। ইমানবোৰ শব্দৰ সংগতো বৰ নিঃসংগ অনুভৱ কৰিছিল অলংকৃতাই। সৰ্বশৰীৰ শীতল হৈ পৰিছিল। এই যেন তাই চিঞৰি চিঞৰি কান্দিব, আকুলভাৱে অনুৰোধ জনাব কাৰোবাক, “তুলি ধৰচোন মোক, মোৰ পৃথিৱীখন ধ্বংস হোৱাৰ আগতেই কোনোবাই তুলি ধৰ মোক”।

বিশালৰ গাড়ীখন ধূলি উৰুৱাই গুচি যোৱাৰ খবৰ তাই পালে, খিৰিকীৰে দেখিলে তই, ড্ৰাইভিং ছ্টিৰ পৰা সি তাইৰ খিৰিকীৰ ফালে চাই গৈছিল।

 “নাই নাই। আৰু অলপো পুতৌৰ দৰকাৰ নাই মোক। মই নিজে নিজক বুজাম। মোক অকলে থাকিবলৈ দে, জীৱন মোক শক্তি দে’’৷

 অলংকৃতাৰ দৰে সবল ব্যক্তিত্বৰ মানুহ এগৰাকীৰ এই বিভঞ্জ ৰূপ অকল্পনীয়। হে জীৱন, বৈচিত্ৰৰে ভৰা তোমাৰ ক্ষণ। উচুপনিৰ ক্ষণবোৰ ঢাকিও তাই জীৱনৰে গান গাই আছে।

 অথচ কেতিয়াবা কিয় মন যায় তাইৰ নিজৰ ওপৰত প্ৰতিশোধ ল’বলৈ, কিয় মন যায় নৰকৰ কীটে কিলবিলোৱা সেই ৰাস্তাত ভৰি দিবলৈ, কিয় মন যায় আল্ট্ৰাছক জনাবলৈ সেই খবৰ, “চোৱা আল্ট্ৰাছ, চোৱা মোক, মই তোমাৰ হৈ নাথাকিলোঁ, মই দেখোন মোৰেই হৈ নাথাকিলোঁ৷

 .............

 চকুপানী টোপাল সৰিল। ব্ৰাৰ্টাণ্ড ৰাছেলৰ কিতাপখনৰ পয়ষষ্ঠি নম্বৰ পৃষ্ঠাত চকুপানীটোপালে ঠিকনা পালে। তাইৰ মনৰ গতিত বাধা আহিল। অদূৰৰ পৰা পুৱা চাৰি বজাৰ ঘন্টাৰ শব্দ ভাহি আহিল। টোপনি অবিহনে পাৰ হোৱা তাইৰ এয়া প্ৰথমটো নিশা। আল্ট্ৰাছ ঘৰত নাই। কিতাপখন জপাই তাই শোৱনি কোঠালৈ আহিল। পূত্ৰদ্বয় নিদ্ৰাদেৱীৰ কোলাত। সৰু পুত্ৰই মাজে মাজে খেপিয়াই খেপিয়াই মাকক বিচাৰিছে। জিৰো পাৱাৰৰ লাইটটো তাই নুমুৱাই দিলে। ভেন্টিলেটৰেৰে পোহৰৰ ৰেঙনি দেখা গৈছে। আগদিনা কঞ্জনীলৰ ফোনটো নাহিল। তাই প্ৰস্তুত হৈ উঠিছিল তেতিয়া। চৰম সত্যটো শুনিলেও যাতে তাই ভাগি নপৰে, তাৰ বাবে তাই নিজকে সাজু কৰি তুলিছিল। কিন্তু সি ফোন নকৰিলে৷ তাৰ বিপৰীতে তাইলৈ পঠিয়াই দিলে ফটোৰূপী জুইৰ লেহন, সৰ্ব কলিজা দহি যি এতিয়াও তাইৰ চকুৰ আগত নাচি আছে।

 সৰুটোৱে বাগৰ দিছে, মুখখন উজ্জ্বল তাৰ, টোপনিতে খিলখিলকৈ হাঁহি কৈ উঠিছে, “পাপাই মোৰ কাৰণে ৰিম’ট কন্ট্ৰল গাড়ী আনিব”।

++

(তিনি)

 সৰুপুত্ৰৰ উজ্জ্বল মুখখনলৈ অলংকৃতাই চাই ৰ’ল। ছবছৰীয়া এটা শিশুৱে সপোনতে দেউতাকৰ লগত কথা পাতি পাতি মাকৰ উমাল কোলাত নিশ্চিন্তে পৰি ৰৈছে। পুতলা গাড়ী, বল, ছবিৰ বাদে কিয়েইবা ভাবিব পাৰে সিহঁতে! দুইটিকে কপালত দুটা চুমা আঁকি দিলে তাই। ওঁঠযোৰ শুকান তাইৰ। চকুপানীৰ লুণীয়া সোৱাদে হয়তো ওঁঠ চুইছিল। উঠি গৈ বেচিনত মুখখন ধুই ল’লে। মেলা চুলিখিনি গত লগাবলৈ তাইৰ সত নগ'ল। দুৱাৰ খুলি লাহে লাহে ঘৰৰ সন্মুখৰ সেউজীয়া লনখনৰ ঝুলিনাডালত বহি ল’লে। বাগানভেলিয়াৰ ফুলবোৰে ঢাকি ৰখা [ ১২ ] গেটখন। দূৰৈৰ সীমান্তত নীলাকৈ পাহাৰখন। এক নান্দনিক পৰিৱেশ ঠিক তাই বিচৰাৰ দৰেই সকলোবোৰ আছে। একেই সেউজীয়া, একেই নীলা, একেই আকাশ, একেই বতাহ। তথাপি যে কি এক শূন্যতা! সমগ্ৰ বুকু জুৰি ভৰি থকা শূন্যতাৰ ভৰত ভৰিৰ তলৰ মাটিখিনি যেন এই জহে, এই খহে।

 আল্ট্ৰাছে নিজে সজোৱা ঘৰ। ঘৰটো সজাওঁতে তাই একেবাৰে মন দিব পৰা নাছিল। ট্ৰেন্সফাৰ হৈ থকা চাকৰি তাইৰ। তাইৰ চাকৰি জীৱনত খুব বাধ্যবাধকতা মন গ’ল বুলিয়েই তাই বহুত কাম কৰিব নোৱাৰে। তাইৰ ওপৰত ন্যস্ত থাকে বহুতখিনি আইনী দায়বদ্ধতা। জিলাৰ প্ৰথম মেজিষ্ট্ৰেট তাই। গতিকেই সাধাৰণ মানুহৰ দৰে তাই য’লৈ ত’লৈ যাব নোৱাৰে।

 প্ৰস্তাৱটি আল্ট্ৰাছে দিছিল। ঘৰ সজাৰ পৰিকল্পনাও তাৰেই আছিল। বৰ চৌখিন সি। কলিকতাৰ পৰা মিস্ত্ৰী আনি কাঠৰ কাম কৰাইছিল। গোটেই ঘৰতে মোজাইক কৰা মজিয়া, তাইৰ কাৰণে এটা ডাঙৰ লাইব্ৰেৰী কোঠাৰ লগতে বাহিৰৰ লনখনত দুজনীয়া এখন ঝুলনা। সি জানিছিল এই দুটা বস্তুৰ প্ৰতি তাইৰ অত্যধিক মোহ। নতুনকৈ অনা একুৰিয়ামটোৰ সোণালী মাছজনীলৈ অপলক নয়নেৰে চাই থকা তাইৰ গালৰ ডিম্পলটিত টুকুৰিয়াই সি কৈছিল, “সিহঁতে যেতিয়া টিভি চাব, আমি তেতিয়া ঝুলনাত বহিম। সিহঁতে যেতিয়া ঝুলনা খেলিব আমি জোনাকৰ পালেঙত বহি তৰা গণিম। হ'বনে কৃতা”?

 লাজৰ আভৰণে চুই গৈছিল তাইক। সিহঁত নহা দিনতো সিহঁত দুটিক অনাৰ আখৰা কৰিছিল আলট্টাচে। সিহঁত মানে তাইৰ সন্তান দুটি। কিমান যে পৰিকল্পনা আছিল সিহঁতক লৈ! কেইবাবছৰৰ আগৰ কথা সেয়া। সময় ৰৈ নাথাকে। ৰৈ যায় স্মৃতি। জোনাকী পালেঙৰ তৰা গণাৰ হেঁপাহত দুবাৰকৈ অলংকৃতাই গৰ্ভত বীজ থাপিলে, মাজতে তাই বেলেগ জিলালৈ বদলিও হ’ল। পৰিপূৰ্ণ হৈ উঠা এখন সংসাৰ আৰু সামাজিক দায়বদ্ধতাৰ আঁৰে আঁৰে হয়তো কোনোবাখিনিত ফাঁক ৰৈ গ'ল। সেই ফাঁকখিনিৰে সোমাই আহিল এক পৰনাৰী, উল্কি শইকীয়া যাৰ নাম, কঞ্জনীল শইকীয়াৰ যি সদ্যবিবাহিতা পত্নী।

 ’জানেনে, সাতবছৰ প্ৰেমৰ পাছত আমাৰ বিয়া হৈছিল”, কঞ্জনীলে মেচেজত লিখিছিল। গধুৰ হৈ পৰা চকুহাল তুলি অলংকৃতাই অফিচ চেম্বাৰৰ চিলিংখনলৈ চাই ৰৈছিল। কি বুলি উত্তৰ দিয়ে কি বুলি বুজায় তাক? তাইকেনো কোনে বুজায়?

 “তাইক মই ডিভৰ্চ দিম”৷ সেই সন্ধ্যাৰ শেষ মেচেজ আছিল কঞ্জনীলৰ। তাৰ পাছতে তাই অফিচ এৰিছিল।

 কঞ্জনীলে উল্কিক ডিভৰ্চ দিব পাৰে, যি নাৰীৰ প্ৰতি তাৰ তিলমানো সন্মান ৰৈ যোৱা নাই, সেই নাৰীৰ সি শয্যাসংগী হৈ থাকিব নোৱাৰে, সেয়া তাৰ যুক্তিত পৰে। তাইৰহে আৱেগৰ বাটত বিবেকৰ যুদ্ধ। সেই বিবেকৰ যুদ্ধত শতটা যুক্তিৰ সৈন্য। পৰস্পৰ বিৰোধী সৈনিকৰ দলটোৱে নিজৰ মাজতে কটা-মৰা কৰি তাইক ধৰাশায়ী কৰি পেলাই থৈছে। তাইৰ কাৰেং এতিয়া জহিছে। তাইৰ মনৰ দৌল খহিছে। ডাৱৰে আৱৰি ধৰা আকাশখনেও মহাজনৰ দোকানত বন্ধকী কৰি থৈ গৈছে যেন শেষমুঠি জোনাক।

 ঝুলনাৰ ৰচীডাল সাৱটি বহি থাকোঁতেই ভিতৰত তাই দুই পুত্ৰৰ দৌৰাদৌৰি শুনা পালে। স্কুল-টাইম এয়া। ৰ’বলৈ সময় নাই। তাইৰ কৰ্মব্যস্ততাৰ বাবেই হয়তো সিহঁত দুয়োটা কিছু পৰিমাণে আত্মনিৰ্ভৰশীল। ছবছৰীয়াটোৱেও নিজেই স্কুলবেগ সামৰিব জনা হ’ল। নিজে গা ধুই ইউনিফৰ্ম পিন্ধিব পৰা হ’ল। তাই দৌৰাদৌৰিকৈ কিটচেনত সোমাল। টিফিনৰ পৰা ব্ৰেকফাষ্টলৈকে প্ৰস্তুত কৰিব লাগে তাই। গেছৰ এটা স্ত’ভত আলু-ভাজিখিনি হ’বলৈ দি তাই লুচিৰ কাৰণে ময়দা উলিয়াই ল’লে। প্ৰেছাৰ-কুকাৰটোও এটা স্তভত বহাই দিলে কাম কৰা মানুহগৰাকীয়ে সকলোবোৰ তাইৰ সুবিধা হোৱাকৈ যতনাই দিয়ে। কিন্তু কিটচেনটো তাই এৰিবগৈ পৰা নাই। আল্ট্ৰাছৰ পছন্দ নহয় অন্যৰ হাতৰ সোৱাদ। সেই সোৱাদৰ হেঁপাহখিনিক তাই যিমান পাৰে বঞ্চিত কৰিব নিবিচাৰে।

 লুচিখিনি বেলি থাকোঁতেই তাই দুয়োটাৰে চিঞৰ বাখৰ শুনিলে। পেঞ্চিলডাল, ৰবৰটোলৈ সিহঁতৰ কাজিয়া আৰম্ভ হয়। সৰুটোৱে ইউনিফৰ্মৰ টাইডাল লগাব পৰা নাই। ককায়েকে পাৰে মানে চেষ্টা কৰিছে ভায়েকক সহায় কৰি দিবলৈ। কিন্তু তাতো কিবা মুখ ওফোন্দা ওফোন্দি। হয়তো কিবা এষাৰ কৈ জোকালে তাক। ল’ৰালিৰ দুষ্টালি ককায়েকৰ চকুৱে মুখে। ওমলাৰ বয়স এয়া। আন সময়ত তাই হয়তো কিবা এষাৰ ক’লেহেঁতেন। আজি তাই [ ১৩ ] একোকে নক'লে। ডাঙৰটিয়ে কিবা বুজি পোৱা হৈছে। মাকৰ গহীন মুখখনলৈ চাই সি মাকক সাৱটি ধৰিলে, “মা, তুমি পাপাক মিছ কৰিছা ন”?

 বুকুখন চিৰিকৈ মাৰিলে তাইৰ। সিও বুজি পোৱা হৈছেগৈ মিছ কৰা মানে কি। তাৰ ফালে চাই তাই মিচিকিয়াই হাঁহিলে। হাঁহিবোৰ গধুৰ। চকুলোবোৰ আৰু গধুৰ। বৈ নাহে সহজে। বুকুত বৰফৰ ঘৰ সাজে।

 প্ৰেছাৰ কুকাৰটো স্তভৰ পৰা নমাবলৈ লওঁতেই হাত এবখলা এৰাই আহিল। অন্যমনস্কতাৰ কোবত লুচি ভাজিবলৈ গৰম তেলখিনিতে হেতাখনৰ পৰা পানী এটোপাল পৰি গৰম তেলে এইবাৰ ডিঙি শুৱনি কৰিলে। বৰ আলসুৱা তাই। মাকৰ ঘৰত একোকে কৰি নোপোৱা ছোৱালীজনীক ভাত ৰান্ধিবলৈ শিকাইছিল আল্ট্ৰাছে। ইমান বুজা-পৰা আছিল সিহঁতৰ! কত যে কেনেকৈ ভুলবোৰ হৈ যায়! এই ভুলৰ ফলশ্ৰুতিত তাইৰ হাতৰ এবখলা এৰে। বুকুৰ জুইকুৰাই তাইৰ সময়বোৰ পোৰে। যোৱাবাৰ ককায়েক আহোঁতে তাইৰ এই অৱস্থা দেখি ডবিয়াই থৈ গৈছিল, এই চেটিনৰ নাইটি পিন্ধি কিটচেনত নোসোমাবি তই’ বুলি। বুকুৰ দহনৰ কথা অৱশ্যে ককায়েকৰ অনুমানৰ বাহিৰত। স্কুলবাছত উঠি ল’ৰা দুটি স্কুললৈ বুলি ৰাওনা হ’ল। কালিৰে পৰা আল্ট্ৰাছক ফোন কৰা হোৱা নাই। কি দৰেনো মোকাবিলা কৰে এই পৰিস্থিতি তাই বুজিকে পোৱা নাই। উজাই আহিব খোজা খংটো বাৰে বাৰে দমন কৰি ৰাখিছে তাই। কিদৰে তাই আল্ট্ৰাছক কয়, “চোৱা আল্ট্ৰাছ , তুমি ধৰা পৰি গ’লা মোৰ ওচৰত”। মাজে মাজে তাইৰ মনটো প্ৰতিশোধপৰায়ণ হৈ উঠে, যেন কৈ উঠিব সকলোকে, পৃথিৱীক জনাই দিব তাইৰ প্ৰতাৰিত হোৱাৰ খবৰ, চাৰিআলিত ৰৈ ফটোবোৰ বিলাব এখন এখনকৈ নতুবা চ’ছি য়েল মেডিয়াত এৰি দিব সমস্ত প্ৰমাণ। পিছমূহূৰ্ততে সম্বৰণ কৰে নিজকে তাই। কি যে অপৈণত চিন্তা কিছুমান কৰি আছে তাই! এনেদৰে কি হেৰোৱা প্ৰেম ঘূৰাই পোৱা যায়? নাই, নহয়। এনেকৈতো হৃত প্ৰেম ঘূৰাই পোৱা নাযায়। কেৱল প্ৰেম কিয়, পদূলি গচকি পাৰ হৈ যোৱা একোকেতো ঘূৰাই আনিব নোৱাৰি। মৃত্যুৰ পৰা ঘূৰাই আনিব পাৰিনে কাৰোবাক? পাৰিনে? খংবোৰ হতাশালৈ ৰূপান্তৰ হয়। চুলিখিনি আজুৰি অলংকৃতা বিছনাখনতে বহি পৰে।

 অকলশৰীয়া সময়বোৰ কষ্টকৰ। সমান্তৰালভাৱে কষ্টৰ সময়বোৰো অকলশৰীয়া। তাতোকৈ ডাঙৰ কথা, এই সময়ত তাই কাৰোৰে সান্নিধ্য কামনা কৰা নাই। ফোনটোৰ ওচৰলৈকো যোৱা নাই। আল্ট্ৰাছও ফোন কৰা নাই। তাই কিছু আচৰিত হ’ল। আনদিনা ল'ৰাদুটিৰ খবৰ ল'বলৈকে আল্ট্ৰাছে ফোন কৰে।

 “ফোনটো?”

 হঠাতে কিবা মনত পৰাৰ দৰে তাই জাপ মাৰি উঠিল। ফোনটো কিয় বজা নাই আজি? ক’ত থলে ফোনটো।

 “অহ হ'! মনত নপৰে কিয় ফোনটো ক'ত আছে”, বিচাৰি বিচাৰি ভাগৰি পৰিল তাই। লাইব্ৰেৰীৰূম, শোৱনি-কোঠা, লনখনৰ ঝুলনাখন সকলোতে বিচাৰিলে। নাই তাইৰ ফোনটো কতোৱেই নাই।

 হতাশ হ’ল তাই। এনেদৰে কেনেদৰে হ'ব? হেৰাই গৈছে তাই। তাই নাই নিজৰ স’তে। নিতান্তই স্বাভাৱিক হৈ যন্ত্ৰবৎ কামবোৰ কৰি যোৱাৰ পাছতো বুজি উঠিছে তাই, মানুহৰ চকুত ধৰা পৰি যোৱাকৈ হতাশ হৈ পৰিছে তাই। চিৰসেউজ মুখমণ্ডলত কোনোদিনে নেদেখা কজলা ৰেখ৷

 তাইৰ এটা পৰিচয় আছে। বহুত জটিল কেচ সমাধান কৰিব পৰা দক্ষতাৰ বাবেই হওক, নতুবা সৰ্বসত্তাত বিৰাজ কৰি থকা আত্মবিশ্বাসৰ বাবেই হওক, তাই খোজ কঢ়া বাটত অনেকজনে ফুল ছটিয়ায়। এই এটা মাত্ৰ বিষাক্ত কাইট। কোন সেইজন ব্যক্তি?

  আল্ট্ৰাছ নে?

 উল্কি?

 নে কঞ্জনীল?

 ভালে নাথাকিল তাই। বাথৰূমৰ শ্বাৱাৰৰ লগত চকুপানীবোৰ বৈ যাওঁতেও এজাক চাতক চৰায়ে তাইৰ

বুকুৰ বাহিৰে ভিতৰে উৰি উৰি সোঁৱৰাই গ'ল, “ভালে নাই তই অলংকৃতা, ভালে নাই তই।”

[ ১৪ ]  কি কৰে তাই? অভিমানেৰে ওফন্দি উঠা মুখমণ্ডল। এই যেন লণ্ড-ভণ্ড কৰি পেলাব ঘৰৰ সমূহ আচবাব, চিঞৰি চিঞৰি কান্দিব নতুবা বেডিং পত্ৰ বান্ধি ঘৰলৈ গৈ ককায়েকৰ আগত স্বামীৰ প্ৰতিবাদ কৰিব। মাকৰ আঁচলেৰে চকুলো মচি কৈ উঠিব, “আই সেইখন ঘৰত নাথাকোঁগৈ, নপঠিয়াবি মোক দুনাই”।

 পদূলিত গাড়ী ৰখাৰ শব্দ হ’ল। অফিচৰ সময় হৈ গ’ল। কলিংবেলৰ শব্দত তাই বাহিৰলৈ ওলাই আহিল। দুৱাৰমুখত অফিচৰ গাড়ীচালক ৰমেশ। তাইলৈ মোবাইল ফোনটো আগবঢ়াই দিলে, “বাইদেউ, ৰাতিটো এইটো গাড়ীতে পৰি থাকিল। মই এতিয়াহে দেখিছোঁ”।

 ফোনটো তাই দাঙি ল’লে। বহুতকেইটা মিছকল। আল্ট্ৰাছৰ, কঞ্জনীলৰ, দুটামান বেলেগ নম্বৰৰ। লগতে কেইবাটাও মেচেজ। কঞ্জনীলৰ মেচেজ কেইবাটাও। মেচেজ বক্সটো খুলি ল’লে তাই,

 “বাইদেউ আপুনি একো নক’লে। মই মৰি যাম বাইদেউ। তাইকো মাৰি পেলাম। আপোনাৰ মিষ্টাৰকো জেলত ভৰাম। আপোনাৰ মিষ্টাৰে মোৰ মিছেচৰ লগত এনেকুৱা সম্পৰ্ক গঢ়ি তুলিছে, আপোনাৰ অকণো গাত লগা নাই?”

 বুকুখন কঁপি উঠে তাইৰ। কলীয়া ডাৱৰবোৰ গলি এজাক বৰযুণেৰে সেমেকা কৰি তোলে পৃথিৱী। কিদৰে বুজায় কঞ্জনীলক, কতদিনৰ পৰা যে ৰ’দলৈ বাট চাই চাই চাই ভাগৰি পৰিছে তাইৰো মনৰ ৰামধেনু।

 আদিম বন্যতাত ভাঁহি আহে এখন মুখ। কঞ্জনীলৰ মুখ৷ পুৰুষতান্ত্ৰিক সমাজৰ বিচাৰকৰ ভূমিকা লোৱা এখন মুখ। পুৰুষে অবাটৰ বাট ল’লেও আঙুলি নুঠে সহস্ৰজনৰ। সেয়া সমাজে দিয়া পুৰুষৰ অধিকাৰ। নাৰীয়ে অবাটৰ বাট ল’ব নোৱাৰে, সেয়া সমাজে বান্ধি দিয়া নাৰীৰ দায়িত্বৰ শিকলি।

 গভীৰ অৱসাদেৰে তাই অনুভৱ কৰিলে, চৌপাশে এজাক চাতক চৰাই। তাইৰ খবৰ লৈ লৈ ভাগৰি পৰা নাই চৰাইৰ জাকটো। অথচ সমাজ প্ৰতিষ্ঠাৰ ভীষ্ম-প্ৰতিজ্ঞাত যেন অন্ধ সময়।

 সমাজৰ দেৱালখন গিৰ-গিৰকৈ খহে। শুধ বগা শাৰীখনে মেৰিয়াই ধৰে তাইৰ কজলা হৃদয়। ক’লা কোট আৰু বগা টাইৰ মাজত বান্ধি থয় চিন্তাৰ বৈপৰীত্য।

 বিশাল তামুলীয়ে কৈছিল নিউটনৰ সূত্ৰ। তায়ো বুজি উঠিছে অহা-যোৱাৰ সূত্ৰই সত্য। তথাপি মনৰ মাজত যুদ্ধখন চলি থাকে।

 এই যুদ্ধখন নিত্য সহচৰ। কথা কমকৈ কয় তাই। মনৰ মাজত অবিৰাম চলি থাকে নাটকৰ সংলাপ। ভাল বেয়াবোৰৰ সীমাৰেখা বিচাৰি ফুৰে। কোনবোৰ ভাল, বেয়াইনো কোনবোৰ? সমাজে নিৰ্ধাৰিত কৰি দিয়া ৰচীডালতে ওলমি থাকেনে ভাল-বেয়া সংজ্ঞাবোৰ? সেই সংজ্ঞাত সন্তুষ্ট হয়নে সকলোবোৰ? ধৰা হওক, এচাম সন্তুষ্ট নহয় চলি অহা এই সংজ্ঞাত সমাজৰ নিয়মবোৰ ভাঙি নতুন নিয়মেৰে সমাজ প্ৰতিষ্ঠা কৰাৰ সংজ্ঞাত বিশ্বাসী তেওঁলোক। সেই নিয়মত বান্ধোন নাথাকে, থাকে মুক্ত চাল-চলন। দুয়োটা সংজ্ঞাৰে চলকৰ মনত বহি লয় তাই। প্ৰচলিত কিছু ব্যৱস্থাৰ বিৰুদ্ধে তাইৰে বিষোদগাৰ নোহোৱা নহয়। কিন্তু তাই সদায় সেই পক্ষত, যি পক্ষত শান্তি থাকে। তাই সেই পক্ষত, যি পক্ষত ক্ষতিভয়ৰ পৰিমাণ কম হয়। লাগিলে তাৰ বাবে হৃদয়ৰ উছৰ্গাই নহওক কিয়।

 মুণ্ডহীন নাৰী দেহটিৰ পষ্টমৰ্টেমৰ সময়ছোৱাত উপস্থিত আছিল তাই। সেই নাৰীগৰাকীৰ কটা মূৰটো লৈ তাইৰ স্বামীয়ে পুলিচ থানাত আত্মসমৰ্পণ কৰিছিল। চমকি উঠে তাই। সেই কেচটোৰ শুনানী আছে আজি। আচামীয়ে স্বীকাৰ কৰিছে সেই হত্যাকাণ্ডৰ কথা। যাবজ্জীৱন কাৰাদণ্ডৰে কেচটো সামৰিছে জিলা আৰু সত্ৰ ন্যায়াধীশে। লোমহৰ্যক হত্যাটিৰ শুনানিৰ পৰিপ্ৰেক্ষিতত আদালতৰ বাহিৰত সহস্ৰজনৰ ভিৰ।

 ওলাই আহোঁ বুলিও আদালতৰ পৰা তাই ওলাই আহিব পৰা নাই। কেমেৰা আৰু সাংবাদিকৰ প্ৰশ্নৰে ভিৰ লাগি থকা আদালত চৌহদ। বিশালে তাইক গাড়ীত তুলি দিবলৈকে আদালতৰ চৌহদৰ পৰা ওলাই আহিল৷ তাইৰ মনৰ গতিৰ উঠা-নমা সি লক্ষ্য কৰিছে। সেয়ে তাইৰ কাষে কাষে আছে সি। এয়া তাৰ সহানুভূতি নে? নে আন কিবা? আন কিবাই হয়তো। হয়তো কিছু দায়িত্বৰোধ আপোন মানুহৰ প্ৰতি, যি কথা সি কাকো ক'ব নোৱাৰে। মুঠতে তাতকৈ জ্যেষ্ঠ মহিলাগৰাকীক সি মনে-গ্ৰাণে নিৰাপত্তা দিব বিচাৰে।

 “মেডাম, আপুনি যাওক। আমি বাকীখিনি চম্ভালি ল’ম”, ৰমেশক গাড়ী চলাবলৈ অস্থিৰতাত ডুব যোৱা শৰবিদ্ধ মেডাম, আপুনি যাওক। আমি বাকীখিনি চম্ভালি ল’ম”, ৰমেশক গাড়ী চলাবলৈ নিৰ্দেশ দি সি পুনৰ [ ১৫ ] সাংবাদিকৰ বেষ্টনীত সোমাই পৰিল।

 তাইৰ চকুৰ আগলৈ বাৰে বাৰে দৃশ্যটো আহি আছে। ৰাজপথ তেজেৰে তুমুৰলি কৰি এজন মানুহ চিঞৰি চিঞৰি থানাৰ ফালে দৌৰিছে। হাতত একোছা চুলিৰে সৈতে এটা মুণ্ড। তাৰ মৰমৰ পত্নীৰ দেহৰ পৰা বিছিন্ন কৰি অনা মুণ্ড সেয়া। সি স্বীকাৰোক্তি দিছে, তাৰ পত্নীৰ পৰ-পুৰুষৰ স’তে সম্পৰ্ক আছিল। কঞ্জনীললৈ মনত পৰে তাইৰ।

 দূৰৈৰ পৰা ভাঁহি আহে পাপনৰ কণ্ঠ,

 “উল্লাসে পাহৰায়

 ৰঙা ৰঙে যে

 তেজ সিঁচি যায়”।

 কি বুলি দিছিল সি শেষৰটো মেচেজ, “বাইদেউ আপুনি একো নক’লে। মই মৰি যাম বাইদেউ। তাইকো মাৰি পেলাম। আপোনাৰ মিষ্টাৰকো জেলত ভৰাম। আপোনাৰ মিষ্টাৰে মোৰ মিছেছৰ লগত এনেকুৱা সম্পৰ্ক গঢ়ি তুলিছে, আপোনাৰ অকণো গাত লগা নাই?”

 উচুপনি এটাই বুকু ভেদি ওলাই অহাৰ বাট বিচাৰি ৰ’ল। গাড়ীৰ আগচিটত পি এছ অ’ জন আৰু চালকৰ আসনত গাড়ীচালক ৰমেশ। ক’বলৈ মন আছিল তাইৰ, “নামি যা তহঁতে, গাড়ীখন মোক এৰি দে, মই এতিয়া অৰঙে দৰঙে হেৰাবলৈ যাম। মোক এৰি দে অকলে।”

 কঞ্জনীললৈ ফোন কৰিবলৈকো সুযোগ পোৱা নাই তাই। মানুহেৰে পৰিবেষ্টিত পৃথিৱীত তাইহে ৰৈছে অকলে। আকাশখনলৈ চালে তাই, ডাৱৰেৰে আৱৰা আকাশ। এই যেন হুৰহুৰাই খহি সৰিব অভিমানী মেঘালি চকুলো। চকুলোৰে গঢ়ি উঠা উত্তল লেন্সত ধৰ দিয়েহি জীৱন। মুহূৰ্ততে যেন সৰু হৈ পৰে অলংকৃতাজনী। ছটফটাই উঠে তাইৰ পয়ত্ৰিশবছৰীয়া হিয়া। সৰিব খোজা চকুলোৰ শিলগুটিটো পতাত বান্ধি তাই চকুহাল মুদি দিলে। ববী প্ৰিন্টৰ বগা ফ্ৰক পিন্ধা এজনী দহবছৰীয়া ছোৱালী। আলসুৱা ছোৱালীজনী ডাঙৰ হোৱা নছিল তেতিয়াও। সৰু সৰু কথাতে ককায়েকৰ লগত ঠেহ পাতি ৰাস্তাৰ সিমূৰৰ ধ্ৰুৱমৰ ঘৰ পায়গৈ। ফুলি থকা মুখখন চিকুটি চিকুটি ধ্ৰুৱমে অভিমান ভঙাৰ খেল খেলে। ধ্ৰুৱম নাই আজি। প্ৰতিটো উজুটিতে তাইক তুলি ধৰা ধ্ৰুৱমৰ খবৰ নাপায় তাই। অথচ এই মুহূৰ্তত কি যে মন গৈছিল, ককায়েকৰ দৰেই যেন আল্ট্ৰাছৰো অভিযোগেৰে কাণ ঘোলা কৰি দিব ধ্ৰুৱমৰ। সেই যে কৈছিল সি, “কিছুমান বিন্দুত তই একেবাৰে অকলশৰীয়া হৈ পৰিবি। তেতিয়া তই ভাঙি পৰিবি নেকি কৃতা? নপৰিবি দেই”, বাহিৰলৈ যোৱাৰ আগমূহূৰ্তত ধ্ৰুৱমে তাইৰ চুলিখিনি লিৰিকি দিছিল। কৈ গৈছিল, জীৱন-যাপনৰ সূত্ৰ,

 “বৰৰ সূত্ৰটো মনত আছেনে? সেই ক্লাছ এইটত আমাক বনিয়া ছাৰে শিকাইছিল।”

 তাই চাই ৰৈছিল তালৈ। কি সংগতি এই পাতনিৰ স’তে? মনত নাই তাইৰ। বিজ্ঞানৰ একো সূত্ৰই মনত নাই তাইৰ। তাই কলা শাখাৰ ছোৱালী ইংৰাজীত মেজৰ লৈ পঢ়িছে। কেনেকৈ মনত থাকে নীলচ্‌ ব’ৰৰ সূত্ৰ?

 “চা, পদাৰ্থ এটা কিহেৰে গঠিত হয় জানইতো- অণু, পৰমাণুৰে। পদাৰ্থৰ ক্ষুদ্ৰতম কণাটোৱেই হৈছে পৰমাণু। সেই পৰমাণুৰ কেন্দ্ৰত থাকে ধনাত্মক আধানযুক্ত প্ৰটন। কাষে কাষে আৱৰ্তনত থাকে খণাত্মক আধানযুক্ত ইলেক্ট্ৰন। কেন্দ্ৰত থকা প্ৰটন যিমানেই শক্তিশালী হয়, সিমানেই শক্তিশালী হয় খনাত্মক আধানযুক্ত ইলেক্ট্ৰন। বুজিলি নে কিবা?”

 নাই, তাই নুবুজে বুজাৰ সময় নহয় এয়া। ধ্ৰুৱম যাবগৈ, ইয়াতকৈ কঠোৰ সত্য তাইৰ বাবে একোৱেই নাই! সি তথাপি কৈ যায়, “জীৱনত যেতিয়াই বিপদত পৰিবি, তেতিয়াই চিন্তা কৰিবি, তোৰ মাজত থকা ধনাত্মক শক্তিৰ আকৰ্ষণতহে খণাত্মক আধানৰূপী শক্তিবোৰে তোৰ চাৰিওফালে ঘূৰি ফুৰিছে”

 বুজিছিলনে তেতিয়া? নুবুজিছিল যদিও শব্দবোৰ কাণত বাজি ৰৈছিল। সি বেগটো কান্ধত লৈ লগৰ দীপকৰ বাইকত উঠি ধূলি উৰুৱাই গুচি গৈছিল। অস্ফুট স্বৰেৰে সিয়াৰি গৈছিল তাইক, “পুনৰ লগ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে”।

 অভিমানৰ চকুলোৰে চপচপীয়৷ হৈ বহুতদিন ভাবিছে নীলচ ব'ৰৰ সূত্ৰ। যেতিয়াই তাইক ঋনাত্মক শক্তিয়ে থকা-সৰকা কৰিছে, তেতিয়াই তাইৰ মনলৈ আহে ধ্ৰুৱমৰ তত্ব, “তোৰ মাজত সিমানখিনি ধনাত্মক আধান আছে [ ১৬ ] কৃতা, হাজাৰ ঋণাত্মকতাৰ মাজতো তই পাৰিবি মূৰ দাঙি সদম্ভে থিয় দি থাকিবলৈ”

 কাণত ৰিণি ৰিণি বাজি থাকে সেই সুৰ,“তই পাৰিবি কৃতা। তই পাৰিবি।”

++

(চাৰি)

 পাপনৰ গান, ধ্ৰুৱমৰ স্মৃতি আৰু নীলচ্‌ ব’ৰৰ সূত্ৰৰে খণাত্মক শক্তিবোৰৰ আধানশূন্য কৰি থাকোঁতেই অলংকৃতাৰ ফোনটো বাজি উঠে। আদালতৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত ফোনটো ৰিচিভ কৰোঁ বুলিও তাই ৰিচিভ কৰিব নোৱাৰে। গাড়ীৰ সন্মুখৰ চিটত গাড়ীচালক ৰমেশ। কিছুমান কথা৷ বৰ গোপন; য’ৰ খবৰ ঘৰৰ চাৰিকোণৰ দেৱালখনৰ বাদে কাকোৱেই জনোৱা নাযায়, তেনেবোৰ কথা এই সময়ত তাই কিদৰে পাতে? কিন্তু তাইৰ বাবে ফোনকলটোও সমানেই দৰকাৰী। কঞ্জনীলক বুজোৱাৰ দৰকাৰ৷ তাক বুজাবলৈ অন্ততঃ এটা পৰিবেশ লাগে। কিন্তু ক’ত যে পায় সেই পৰিবেশঙ্গ ফোনটো ৰিচিভ কৰিলে যদিও তাই মুকলিকৈ কথা পাতিব নোৱাৰি মাথোঁ কৈ থ’লে, “কঞ্জনীল, মই তোমাক আধাঘণ্টা পিছত ফোন কৰি আছোঁ হ’বনে”

 প্ৰকৃতিষ্ঠ অৱস্থাত নাছিল কঞ্জনীল। তাৰ মাততে বুজা যায় সেই কথা। কি লৈ আছে সি, কি নিচাৰে আছন্ন হৈ পৰিছে তাৰ বিষাদবোৰ, তাই বুজে, ক’ৰবাত যেন তাই বিধ্বংসী ধুমুহাৰ উমান পাই যায়। নিম্নস্বৰেৰে শূন্যতা ভৰা কণ্ঠেৰে সি কয়,

 “বাইদেউ, মই সিদ্ধান্ত ল’লো, তাইক ইয়াৰ পৰা পঠিয়াই দিম।”

 পঠিয়াই দিব? ক’লৈ পঠিয়াই দিব? পুনৰাই কিবা সুধিবলৈ ভয় লাগে তাইৰ। জানোচা সি কৈ দিয়ে, “উল্কিক লৈ যাওক বাইদেউ” বুলি। এই ভাবনাটি অহাৰ লগে লগে বৰ অসহায় অসহায় লাগিল তাইৰ। নিজৰ পুৰুষৰ মাজত কি এক নিৰাপত্তা থাকে, হাজাৰ মূল্যৰ বিনিময়তো নাৰীয়ে যি ত্যাগ কৰিব নিবিচাৰে। মুহূৰ্ততে অস্থিৰ হৈ পৰে অলংকৃতা, হীনমন্যতাই ক্ৰিয়া কৰি যায় দেহ-মনত। এই যেন সেই সৰুফুটীয়া ছোৱালীজনীৰ ওচৰলৈ দৌৰ মাৰি যাব, তাইৰ ভৰি দুখনত ধৰি ক’ব, “প্লিজ উল্কি, তুমি মোৰ সংসাৰৰ পৰা আঁতৰি দিয়া। বিনিময়ত যি লাগে লৈ যোৱা”। যেন কঞ্জনীলকে কৰযোৰে কাতৰ অনুৰোধ কৰিব তাই, “কঞ্জনীল, তুমি তোমাৰ পত্নীক সুখী কৰা, তাই যি বিচাৰে তাকেই দিয়া, মাথোঁ ইয়াৰ পৰা লৈ যোৱা”। নহ’লেবা আল্ট্ৰাছৰ বুকুত মূৰ আফালি দাবী জনাব, “আল্ট্ৰাছ, তুমি মোৰ। তোমাৰ সন্তানৰ খাতিৰত তুমি উলটি আহাঁ৷ বিনিময়ত যি বিচাৰা তাকেই দিম আল্ট্ৰাছ৷ মাথোঁ ঘূৰি আহা”।

 গধুৰ হুমুনিয়াহ এটাই গাড়ীৰ ভিতৰখন গধুৰ কৰি তোলে। গ্লাচখন খুলি দিয়ে তাই। ওন্দোলা আকাশ, খহি পৰিব যিকোনো মৃহূৰ্ততে। আগতে এনে পৰিৱেশত আল্ট্ৰাছৰ সৈতে ক’ৰবালৈ গ’লে কিমানবাৰ যে সাৱটি নধৰিছিল তাইক।

 কঞ্জনীলৰ ফোনটো সামৰি থয় তাই। এতিয়া ইয়াত গধুৰ উশাহ। উশাহবোৰত সি বাট হেৰুৱাব। বাট হেৰুৱালে অবাটে যাব। অবাটে গ’লে পৰোক্ষভাৱে তায়েই দায়ী হ'ব। দায়ী হ'লে তাই গোটেই জীৱন বিবেক দংশনত ভুগিব। বিবেকৰ বশ হৈ থকালৈকে সেয়া হ’বলৈ তাই দিব নোৱাৰে। উল্কিৰ বিষয়ে তাই খুব বেছি কথা নাজানে। সাতবছৰৰ প্ৰেমৰ অন্তত বিবাহ হেনো উল্কি আৰু কঞ্জনীলৰ। যোৱা তিনিবছৰৰ পৰা উল্কি আল্ট্ৰাছৰ ব্যক্তিগত সহায়িকা হিচাপে কাম কৰি আছেহি। কামৰ সৰু-বৰ নাই, সেই কথা তাই বুজে! কিন্তু ঘৰৰ পৰা ইমান দূৰত থাকি কাম কৰিছে যেতিয়া সেই কামৰ কিছু গুৰুত্ব নোহোৱা নহয়। তাইৰ জানিবলৈ মন গ'ল, কিহৰ প্ৰয়োজনত উল্কিয়ে ঘৰ আৰু স্বামীৰ পৰা দূৰৈত থাকি এটা ব্যক্তিগত খণ্ডত সীমিত আয় উপাৰ্জন কৰিব লগা হৈছে। আত্মীয় কুটুম্বৰ কাষত থাকিও তেনে পৰিমাণৰ আয়ৰ পথ এটা হয়তো তাই উলিয়াব পাৰিলেহেঁতেন। সুধিব লাগিব কঞ্জনীলক, সুধিব লাগিব কেতবোৰ কথা। কিহৰ তাড়নাত উল্কিয়ে ন-কইনা সাজেৰে স্বামীৰ ঘৰৰ পৰা ওলাই আহি এক অচিনাকি ঠাইত অকলশৰীয়াকৈ জীৱন যাপন কৰাৰ সিদ্ধান্ত ল'ব লগা হ'ল? কঞ্জনীলৰ মৰমে কিয় তাইক ধৰি ৰাখিব নোৱৰিলে? এয়া অৰ্থনৈতিক স্বাধীনতাৰ নামান্তৰ নে ব্যক্তিগত প্ৰয়োজনীয়তাৰ স্বাক্ষৰ? যদিওবা এয়া তেওঁলোকৰ ব্যক্তিগত কথা, কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়াই তাইৰ সংসাৰখন থান বান কৰি [ ১৭ ] পেলোৱাৰ উপক্ৰম হৈছে। শুনিব নিবিচাৰিলেও কিছুমান কথা শুনিব পৰাকৈ তাই সবল হ’ব লাগিব। আল্ট্ৰাছ আৰু উল্কিৰ আকৰ্ষণ কিমান পৰ্যায়লৈকে সেই কথা তাই জানিব লাগিব। বিশ্লেযণ কৰিব লাগিব কেতবোৰ তথ্য। বিবাহিতা দম্পতিৰ মাজত ভাঙোন আনিব পৰা কেতবোৰ কাৰকৰ চিনাক্তকৰণৰ অতিকৈ প্ৰয়োজন হৈ পৰিছে। এই কাৰকে তাইৰ দৰে শৰীৰ মনৰ দৃঢ়তা থকাসকলৰ কথা বাদেই, ক্ষতি কৰি তুলিব পাৰে সমূহ প্ৰজন্মক।

 এইখিনিতেই প্ৰশ্নবোৰ জটিল হৈ পৰে। প্ৰেমেইতো হয় এয়া। যদিও এই প্ৰেম অসংযত, অস্বীকৃত। তথাপি,,তথাপি.... ক’ৰবাত আঁত হেৰুৱায় উত্তৰবোৰে। তাইৰ ওচৰত নাই একে৷ প্ৰশ্নৰে উত্তৰ। পকনীয়াত পৰে সমস্ত অনুভৱ। সূত্ৰত নিমিলে জীৱন, সূত্ৰত নিমিলে প্ৰেম, সূত্ৰত নিমিলে মানৱ-মন, সূত্ৰত নিমিলে আৱেগ- অনুভূতি ইত্যাদি ইত্যাদি।

 উসঃঙ্গ

 অলংকৃতাই ঘোট-ঘোটকৈ বটলৰ পৰা পানী দুঢোক গিলি লয়। অস্থিৰ হৈ পৰিছে তাইৰ মন৷ মনৰ পাৰাস্তম্ভ এই উঠিছে, এই নামিছে। সৰু সৰু কথাবোৰে আগতেও তাইক বৰকৈ আমনি কৰিছিল। যিদৰে আল্ট্ৰাছে নতুনকৈ কিনা গাড়ীখনত যেন তাইৰেই কেৱল আধিপত্য আছিল। সন্মুখৰ ছিটত এদিন কোনোবা ছোৱালী এজনী বহি যোৱাৰ খবৰ পাই তাই উন্মাদ আচৰণ কৰিছিল। সিদিনা আল্ট্ৰাছে তাইক বুজনি দিছিল, ব্যৱসায়ৰ খাতিৰত এয়া জৰুৰী বুলি। বুজাইছিল তাইক তাৰ মাজতো কাঁইটৰ খোঁচ এটা লৈ দায়িত্ব পালন কৰি গৈছিল। সন্তানৰ দায়িত্ব, ঘৰখনৰ দায়িত্ব, দেশৰ-দহৰ দায়িত্বৰ মাজত তাইৰ নিজৰ প্ৰয়োজনসমূহ জলাঞ্জলি দি গৈছিল। দুখ বুলিতো একো নাছিল। সুখ বুলিবলৈ আছিল লাইবেৰীৰ ৰূমটো, য’ত জ্ঞানৰ সম্ভাৰেৰে অসংখ্য কিতাপ। প্ৰেমত পৰিছিল কিতাপৰ। কেৱল আইনেই নহয়, সমাজৰ বিষয়ে, ধৰ্মৰ বিষয়ে, শাস্ত্ৰৰ বিষয়ে অধ্যয়ন কৰি সন্ধান কৰিছিল জীৱনৰ অলেখ নজনা প্ৰশ্নৰ উত্তৰৰ।

 দুখৰ নে আৱেগৰ ভৰবোৰ বুকুলৈ নামি কেতিয়াবা কথাবোৰ সহিব নোৱাৰা কৰি তোলে। পুৰুষৰ প্ৰতি বিতৃষ্ণা ভাব জন্মাৰ সময়তে তাইৰ ধ্ৰুৱমলৈ মনত পৰে। লাইবেৰী-ৰূমটোত সোমোৱাৰ লগে লগে এনে লাগে যেন ধ্ৰুৱম আহি কাষতে বহিছেহি। যেন বুজাই গৈছে তাইক তাই বুজি নোপোৱা জটিল সূত্ৰসমূহ। আঙুলিটোও চুই নোপোৱা ধ্ৰুৱমৰ প্ৰতি তাইৰ কি প্ৰেম সেই কথা নাজানে। মাথোঁ জানে, সেই আঙুলিটোৱে সকলোৰে অলক্ষিতে তাইক তুলি ধৰে। প্ৰতিবাৰ বিপৰ্যৰ সময়তে সেই সত্তাটোৱে তাইক জীৱনবোধৰ বাণী শুনাই যায়।

 “প্ৰেম মানে কি জাননে কৃতা?”, এদিন অকস্মাতে কলেজৰ পৰা উভতাৰ পথত চাইকেল লৈ ৰৈ আছিল সি, কেৱল তাইক এই প্ৰশ্নটো সুধিবলৈকে।

 “চা দেই ধ্ৰুৱম, এতিয়া কলেজৰ পৰা ঘামি জামি আহিছোঁ। প্ৰেমৰ সংজ্ঞা বিচাৰি ব’ৰ নকৰিবি মোক৷”

 “ঠিক আছে। সময়ত দেখা যাব। ককায়েৰৰ লগত কাজিয়া লাগি তয়ো আহিবিচোন কেতিয়াবা মোৰ ওচৰলৈ।”

 সেই হুংকাৰ ভয় লাগি যায় অলংকৃতাৰ। কিছুমান সময়ত ধ্ৰুৱমক বৰ দৰকাৰ হৈ পৰে তাইৰ। লগে লগে তাইৰ কণ্ঠৰ সুৰ সলনি হৈ যায়।

 “আচ্ছা, কি ক’ব বিচাৰিছিলি ক’চোন”, লেনিয়াই লেনিয়াই তাই প্ৰশ্ন কৰে। “প্ৰেমৰ সংজ্ঞা সুধিছিলোঁ”, সি পুনৰবাৰ সোধে।

 “তয়ে কৈ দেচোন বাৰু তোৰ মতে প্ৰেমৰ সংজ্ঞা কি”, পুখুৰীৰ পাৰৰ দীঘল বেঞ্চখনত বহি লয় দুয়োটা। শীতল মলয়াই ক্ষন্তেকতে জুৰ পেলায় তাইৰ দেহা। কিছুমান মানুহৰ সংগ যিকোনো পৰিৱেশতে ভাল লাগে। তাইৰ বাবে ধ্ৰুৱমো তেনে এক সংগী।

 “এই যে তই সেউজীয়াখিনি বুকুত লৈ ঘূৰি ফুৰ, ৰামধেনুখনো সেউজীয়াই দেখা পাৱ’, অৰণ্যখনৰ মাজত হেৰাই যোৱাৰ হাবিয়াস কৰ’, ময়ো যদি সেই সেউজীয়াখিনিত সমানেই মতলীয়া হওঁ, অৰণ্যখনৰ মাজত হেৰাই যোৱাৰ হাবিয়াসখিনিৰ স’তে তোক একাকাৰ কৰোঁ, তেতিয়া হ'লে আমাৰ প্ৰেম হৈ যোৱাটো স্বাভাৱিক”।

 এনে কথাবোৰে তাইৰ বুকুত আৱেগৰ ভৰ তুলিব নোৱাৰে, ঘোপা দৃষ্টিৰে চাই পঠিয়ায় ধ্ৰুৱমলৈ, “অই তই এইবোৰ কথা কিয় কৈ আছ’’ মোক, কেনেবাকৈ তই মোক ইনডাইৰেক্টলি প্ৰপ’জ কৰি থকা নাইতো”। [ ১৮ ]  সজোৰে হা হা হা হাঁহি উঠে সি, “তোৰ দৰে গেন্ধেলীজনীক মই প্ৰেমৰ প্ৰস্তাৱ দিম? হেৰ’, তোক দেখোন মই চেমিজ পিন্ধাৰ পৰাই লগ পাইছো”।

 গেন্ধেলী!!! তেলত ভজা লুচিৰ দৰে মুখখন ফুলি আহে তাইৰ। ঘপহকৈ উঠি কলেজৰ গেট পায়হি। পিছলৈ এবাৰ ঘূৰি চায়, কেনেবাকৈ সিও পিছে পিছে আহিছে নেকি? নাই। সি উঠি নাহে। সি ঠাইতে বহি থাকে। তাই নেদেখাকৈয়ে পুখুৰীৰ পাৰৰ বন এডাল উভালি সি পানীলৈ দলি মাৰে। চেমিজ পিন্ধাৰ পৰাই লগ পোৱা ছোৱালীজনীৰ সতে অন্য পুৰুষসত্তাক দেখিলে হয়তো সি বৰ কষ্ট পাব। বনডাল পানীলৈ দলি মাৰি দিয়াৰ পাছতেই সি সিদ্ধান্ত লয়, যাবগৈ সি। এই ঠাই এৰি সি যাবগৈ ক’ৰবালৈ। তাইক একো উমান নিদিয়াকৈ সি তাইৰ পৰা দূৰৈত অৱস্থান কৰিব। ক্ষণেপ্ৰতি তুলি ধৰিবলগীয়া হোৱা তাই বাৰু বৰগছজোপাৰ দৰে জী থাকিব পাৰিবনে, এই শংকাই শংকিত কৰি তোলে তাক। সেই শংকাতে আকৌ পিছৰ দিনা তাইক সোধে, “ডাৰউইনৰ তত্বটো জাননে কৃত৷”?

 “নাজানো৷ কেনেকৈ জানিম মই ডাৰউঁইনৰ তত্ব কি? মই কিবা তোৰ দৰে কিতাপৰ পোক নেকি?” আগৰ দিনাৰ খং মাৰ যোৱা নাছিল তাইৰ।

 “যোগ্য ভোগ্য বসুন্ধৰা বুলিও ক’ব পাৰ’ নতুবা চাৰভাইভেল অৱ দ্য ফিটেষ্ট বুলিও ক’ব পাৰ’, পৃথিৱীত যোগ্যজনহে জীয়াই থাকিব পাৰে।”

 “যোগ্য নহ’লে?”, তাই প্ৰশ্নবোধক চাৱনি এটা নিক্ষপ কৰে তালৈ।

 “কোনো এক নিয়মৰ মাজেৰে সেইজন হেৰাই যোৱাৰ উপক্ৰম ঘটে”, গহীন সুৰ টানি সি উত্তৰ দিয়ে।

 ভয় লাগি যায় তাইৰ। তাই যে লতিকাডালৰ দৰে ইমান দুৰ্বল, ধ্ৰুৱমৰ আঙুলিটো নহ’লে বাৰে বাৰে বাগৰি পৰিব খোজে, তাই বাৰু এই পৃথিৱীখনৰ বাবে যোগ্য হৈ উঠিবনে?”

 তাইৰ চিন্তাম্বিত মুখখনলৈ চাই সি পুনৰাই কৈ উঠে, “ইমান চিন্তা কৰিব নালাগে দে, ভগৱানে তোক পৃথিৱীলৈ পঠিয়াইছে মানে যোগ্যতাৰ পৰীক্ষাত তই উত্তীৰ্ণ হৈছ কাৰণেহে পঠিয়াইছে। ভগৱানৰ বিচাৰক শুদ্ধ প্ৰমাণ কৰা দায়িত্ব তোৰ। যিকোনো পৰিস্থিতিকে তই হাঁহিমুখে আঁকোৱালি লবি, দেখিবি কঠোৰ পৰীক্ষাবোৰ তই হেলাৰঙে পাৰ হৈ যাব পাৰিছ”।

 অনৰ্গল কৈ যায় সি। অলংকৃতাই বুজি নাপায় আধাখিনি কথা। তথাপি কথাবোৰে বুকুত বাহ বান্ধিছিল চাগৈ। নহ’লেনো পোন্ধৰ বছৰৰ মূৰত সেই কথাবোৰত তাই অজান প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ফুৰেনে?

 গাড়ীৰ দুৱাৰ খোলাৰ শব্দত সচকিত হৈ উঠে তাই। ৰমেশ পিছলৈ আহি গাড়ীৰ দুৱাৰ খুলি দিছে। গম নোপোৱাকৈ তাই ঘৰ পালেহি।

 ছেহ! কিবোৰ যে ভাবি থাকিল তাই। ঘৰলৈ গৈয়ে তাই ছাদৰ কোণ পালেগৈ। আল্ট্ৰাছ আজি ঘূৰি অহাৰ কথা। সি বাৰু কিবা গম পাইছেনে? তাৰ সন্মুখীন হ'ব পৰাকৈ তাই ধেৰ্য ধৰি থাকিব পাৰিবনে? কথাবোৰ ভাবি ভাবি তাই ফোনটোত কঞ্জনীলৰ ফোন নম্বৰটো বিচাৰি উলিয়ালে।

 “বাইদেউ কওক”, সিমূৰত কঞ্জনীলৰ জড়কণ্ঠ। ভিতৰি ভিতৰি যে সি অৰ্ধমৃত হৈছে, তাৰ মাততে বুজা যায়। তাই ইতিমধ্যে নিজকে তুলি ধৰিছে, ভগৱানক বাৰে বাৰে খাটিছে, “মোক সেই বৰগছজোপাৰ দৰে মহীয়ান কৰি তোলা ভগৱান,মোৰ ছায়াই আৱৰি লব তোমাৰেই সৃষ্ট সহস্ৰ পক্ষী-লতা।”

 মৌন হৈ ৰ’ল তাই। সাস্তনা দিয়াৰ যোগ্যতা আছেনে তাইৰ? জানোচা সি ওলোটাই কৈ দিয়ে, “বাইদেউ মোৰ কথা বাদ দিয়ক। আপুনি নিজকে সান্ত্বনা দিয়ক৷” বুলি। বৰ স্পষ্টবাদী ল’ৰাটো।

 তেনেকৈ নক’লে সি, বৰঞ্চ সুধিলে, “বাইদেউ আপোনাৰ কি অলপোৱেই কষ্ট হোৱা নাই?”

 কি অদ্ভুত প্ৰশ্ন তাৰ! যেন তাই কষ্ট পালেই তাৰ দুখৰ জলঙা সৰকি সোমাই আহিব নতুন ৰ’দৰ জিলিঙনি। ভুল ভুল। তোমালোকৰ এয়া ভুল মনোবৃত্তি। পৃথিৱীখনে কিয় বিচাৰে তাই কষ্ট পাওক, কিয় বিচাৰে তাইৰ স্বামীয়ে, কিয় বিচাৰে সেই পৰনাৰীয়ে। সেই নাৰীৰ স্বামীয়েনো কিয় বিচাৰিছে তাই কষ্ট পাওক? শেঁতা জোনটো ঢিমিক ঢামাককৈ জ্বলি উঠিছে। এৰিকাপামৰ লাহি গাটো হালিছে। অলংকৃতাৰ বুকুখন দুৰু দুৰুকৈ কঁপিছে। কঞ্জনীলে সেই নাৰীক ত্যাগ কৰাৰ কথা কৈছে। তাইৰ পৃথিৱীখনৰ ক'ৰবাত কিন্তু প্ৰেম এতিয়াও আছে। এতিয়াও [ ১৯ ] তাই প্ৰস্তুত হৈ উঠা নাই স্বামীক ত্যাগ কৰিবলৈ। নাৰী আৰু পুৰুষৰ এয়া কি অহমিকাবোধঙ্গ পুৰ্ষে নিজৰ নাৰীগৰাকীক যিমানেই আতোলতোলকৈ নাৰাখক কিয়, সামান্য দোষত সিহঁত প্ৰতিশোধপৰায়ণ হৈ উঠে। তাৰ বিপৰীতে নাৰীগৰাকীয়ে পুৰুষৰ দোষবোৰৰ স'তে মোকাবিলা কৰে। এটা কথা তাই বুজি নাপায়, তাই আৰ্থিকভাৱে সক্ষম, মানসিকভাৱেও তাই নিঃসংগ নহয়, কিছুমান ক্ষেত্ৰত শৰীৰৰ প্ৰয়োজনো গৌণ, অথচ তাই আল্ট্ৰাছৰ জীৱনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই কিয়।

 জানেনে বাইদেউ, সিহঁত দুয়োটা একেলগে হোটেলত আছিল?’’

  “নাই”, এক বিকট চিঞৰত যেন জোনটো থপৰাই সৰি পৰিল। জোনটোৰ স’তে যেন ফোনটোও হাতৰ পৰা ছাদৰ ওপৰত পৰি গ’ল। বুকুৰ ভিতৰত এজাকমান বৰলে বিন্ধিবলৈ ধৰিলে। সংজ্ঞাহীন হৈ পৰাৰ আশংকাত তাই তললৈ নামি আহিল। মিছা মিছা। এই কথা মিছা। সিহঁতে একেখন হোটেলত থকা নাই। থাকিলেও বেড শ্বেয়াৰ কৰা নাই। তেওঁৰ কাষত কেৱল তাই, তাই মানে অলংকৃতা, অলংকৃতা আৰু আল্ট্ৰাছ, আল্ট্ৰাছ আৰু অলংকৃতা। এয়াহে সত্য। বাকীবোৰ অপবাদ। তাইৰ অন্তৰাত্মাই কয় সেই কথা।

 কাচৰ ফ্ৰেমেৰে বন্ধা সিহঁতৰ যুগ্ম ফটোখনৰ ওচৰত ৰৈ তাই প্ৰশ্ন তোলে আলট্ৰাচক, “কৈ দিয়া আল্ট্ৰাছ, মোৰ ল’ৰাৰ শপত, সঁচা কথা কোৱা। কৈ দিয়া পৃথিৱীয়ে কোৱা কথাবোৰ মিছা বুলি”।

 আল্ট্ৰাছ মৌন হৈ ৰয়। তাইৰ খং চৰে। কঞ্জনীলে কোৱা কথাবোৰ সঁচা নেকি? কিয় মনে মনে ৰয় তাইৰ স্বামী?

 “আল্ট্ৰাছ। আল্ট্ৰাছ। মোৰ চকুলৈ মূৰ তুলি চোৱা। কোৱা এবাৰ। সেই নাৰীৰ ওচৰত মোক সৰু কৰা নাই বুলি এবাৰলে’ কোৱা আল্ট্ৰাছ।”

 কাচৰ ফ্ৰেমৰ ভিতৰৰ আল্ট্ৰাছ মনে মনে ৰয়। তাইৰ ধৈৰ্যৰ বান্ধ খোল খাই যায়। তাই নাজানে পুত্ৰদ্বয় ক'ত আছে। পাহৰি যায় বনকৰা মানুহগৰাকীৰ উপস্থিতিও। বিকট চিঞৰ মাৰি ফটোৰ ফ্ৰেমটো দাঙি মজিয়ালৈ দলি মাৰি দিয়ে। চনচনকৈ ভাগি যোৱা কাঁচৰ শব্দত দুইপুত্ৰ দৌৰি আহে। সৰুটিয়ে গোল গোল চকুহাল ডাঙৰ কৰি ভয়াৰ্ত দৃষ্টিৰে ককায়েকক প্ৰশ্ন কৰে,

 “মা ভূত বনি গ’ল নেকি দাদা?”

 তাইৰ সম্বিত ঘূৰি আহে। এয়া কি কৰিছে তাই? কিয় এনেখন কৰিছে তাই? আসঃঙ্গ অন্তৰ ভেদি উদ্‌গীৰণ হোৱা আগ্নেয়গিৰিয়ে ছাৰখাৰ কৰি পেলাব নেকি তাইৰ সৌম্য প্ৰতিমূৰ্তি? পুত্ৰৰ ওচৰত কি জবাব দিব তাই এই আচৰণৰ? দুই পুত্ৰক দুহাতেৰে আঁকোৱালি লয় তাই। কাচৰ টুকুৰাবোৰ তাতে এৰি তাই শোৱনি কোঠাত পৰি ৰয়।

 চিলমিলকৈ অহা টোপনিতে তাই বিৰবিৰাই যায়,

 “মোৰ বিপন্ন লগনৰ সাক্ষী বৈ ৰোৱা জোনাকী টঙীঘৰ, খহটা শিলৰ উজুটিৰ পৰা তুলি ধৰচোন মোক। তুলি ধৰচোন মোক দুপাখি মেলি, তোৰ মেঘৰ ডেউকাৰে মোৰ আলসুৱা কলিজা সাৱটি তুলি ধৰচোন এবাৰলৈ। মনত আছেনে তোৰ, তোক যে মই কথা দিছিলোঁ, বিষাদৰ মৰল ঘৰত তলা লগাম মই। শুনচোন। মোৰ হেনো কথাত ছন্দ নাই। সেয়ে কথাবোৰ কবিতা নহ’ল। মোৰ হেনো গানতো ছন্দ নাই। সেয়ে গানবোৰো সুৰ নহ’ল। কি কৰোঁ ক’? মোৰ প্ৰেমত সামস্তবাদী পুৰাতন খামোচ। যুগৰ লগত তাল মিলাব নোৱাৰি দ-খাৱৈত ককবকাই ৰোৱা মোৰ বিষাদ।

 চিন্তা নকৰিবি পিছে। মই ভাগি নপৰোঁ। একোকে লৈ আক্ষেপো নকৰোঁ। অলপ পৰৰ মাথোঁ মৌনতা, জীৱনৰ কিম্বা হিচাপ-নিকাচৰ।”

++

(পাঁচ)

 “অলংকৃতা”, আৱেগিক কঠেৰে তেওঁ মাত লগায়।

 “ওমম”, শুন-নুশুন মাতেৰে সঁহাৰি দিয়ে তাই।

 “কিবা কোৱা”, তেওঁৰ গভীৰ কণ্ঠই ৰজনজনাই যায় তাইৰ মনৰ চোতাল। তেওঁৰ দুচকুৰ পোহৰত মুহৰ্ততে [ ২০ ] উদুলি মুদুলি হৈ পৰে তাইৰ মনৰ পদূলি। আগবাঢ়িব খুজিও ৰৈ যায় তাই। লাজে-আৱেগে নখে মাটি চিকুটে। ক’ব বিচৰাবোৰ ক’ব নোৱাৰি ওপৰা ওপৰিকৈ চিগাৰেট টানে তেওঁ। বাউলী হৈ পৰে তাই। বাউলী হয় সন্ধ্যামণি। বাউলী হয় সময়। চাৰিওফালে বিধিগত সতৰ্কীকৰণ, “চিগাৰেট স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক” আৰু এইফালে তাইৰ পৃথিৱীত চিগাৰেটৰ গোন্ধত পখিলা উৰে। ভালবোৰতো ফুল ফুলে। বেয়াবোৰতো মোহ জাগে। প্ৰিয়পুৰুষৰ প্ৰতি উন্মত্ত ভাল লগাই তাইক অন্ধ কৰি তুলিছে। ঘাম আৰু চিগাৰেটৰ গোন্ধৰ নিচাত আছন্ন হৈ পৰা সময়খিনিতে তাইৰ সম্বিত ঘূৰি আহে।

 “নাই, আৰু নহ’ব। আৰু চিগাৰেটৰ অনুমতি দিয়া নহ’ব”, বুলি তিনি নম্বৰ চিগাৰেটটোা আল্ট্ৰাছৰ ওঁঠৰ পৰা আজুৰি তাই দূৰলৈ দলিয়াই দিয়ে।

 গেটলৈকে আগবঢ়াই থ’বলৈ অহা তেওঁ তাইক থাপ মাৰি হাতখন ধৰি লয়।

 তেওঁৰ চকুলৈ চাই ৰয় তাই। ইমান তিৰবিৰ, ইমান পোহৰ। ডাঠকৈ চেলাউৰিকোচা। জোঙাকৈ নাকটি। থুঁতৰিত এটা ভীজ। সেই ভাঁজটোৰ বাবেই তাই নাচাওঁ নাচাওঁকৈয়ে প্ৰতিবাৰ তেওঁক আঁৰ চকুৰে চাই ৰয়।

 কথাবোৰ প্ৰতিশ্ৰুতিলৈ ৰূপান্তৰ কৰিব নে নকৰিব সেই সিদ্ধান্ত ল’বলৈ দুটিমান নিশাৰ টোপনি বিসৰ্জন দিয়ে অলংকৃতাই। অস্থিৰ হৈ কোনো এক বন্ধ বাৰত মাকৰ কোলাত মূৰ থবলৈ নামনিমুৱা ৰেলত তাই বহি পৰে। মাক আৰু আল্ট্ৰাছ, আল্ট্ৰাছ আৰু ককায়েক, তিনিওজনৰে মাজত কিবা নজহা নপমা অদৃশ্য সূতাত বন্দী হৈ থাকে তাইৰ আলসুৱা কলিজা! প্ৰতিবাৰ ঘৰৰ পৰা কৰ্মস্থলীলৈ অহাৰ সময়ত মাকৰ আঙুলিত খামুচি ধৰি তাই উচুপি উঠে, বুকুত হেৰুৱাৰ গানে সুৰ লয়, বীণত তাইৰ কথাবোৰ ধ্বনিত হয়, “কিবা পাবলৈ হ’লে কিবা হেৰুৱাই পেলাম আই”। মৌনতাই উচুপনিত ইন্ধন যোগায়। তাই নীৰৱে বেগটো লৈ ৰেল-ষ্টেচনলৈ বুলি ওলাই ককায়েকৰ বাইকৰ পিছৰ ছিটত বহি পৰে।

 অকলশৰীয়া যাত্ৰাবোৰ বিশেষজনৰ অনুভৱৰ উপস্থিতিয়ে মধুৰ কৰি তোলে। এই ৰাগ প্ৰেমৰ ৰাগ। প্ৰেম তাইৰ ৰন্ধ্ৰে ৰন্ধ্ৰে। প্ৰেমত ত্যাগ কৰা যায়। প্ৰেম ত্যাগ কৰা নাযায়।

 মাকৰ ঘৰৰ পৰা উলটি অহাৰ পাছত আকৌ চঞ্চল হৈ পৰে চহৰৰ গলি। চহৰৰ গলিত উদযাপন হয় প্ৰেমযুগলৰ গধূলি।

 “তোমাৰ দুচকুত চকুলো হৈ সৰিবৰ মন”, কেবাদিনৰ মূৰত লগ পোৱা অলংকৃতাৰ ওচৰত আবেগিক হৈ উঠে আল্ট্ৰাছ। আবেগিক হৈ উঠে তাই! তাইৰ চকুৰ পোহৰত বাট বুলিবলৈকে চকুলো হৈ সৰে তেওঁ। প্ৰতিনিয়ত সৰে সেই চকুলোত তেওঁৰ অস্তিত্ব। বিয়াৰ আগতেও সৰিছিল। বিয়াৰ পিছতো সৰিছে। এতিয়াও তেওঁৰে নামৰ চকুলো টুকিছে তাই। প্ৰতিটোপাল চকুলোৰ কাৰণ ভিন্ন, প্ৰতিটোপাল চকুলোৰ ৰং ভিন্ন, প্ৰতিটোপাল চকুলোৰ ওজন ভিন্ন। একে নামৰ এটোপাল চকুলো সৰিছিল ককায়েকৰ সন্মুখত বিয়াৰ কেইদিনমান আগত।

 অসম ন্যায়িক সেৱাত উত্তীৰ্ণ হৈ দ্বিতীয় শ্ৰেণীৰ মেজিষ্ট্ৰেট ৰূপে যোগ দিয়াৰ পাছতে অলংকৃতাই লগ পাইছিল আল্ট্ৰাছক। মানহানি কেচ এটাৰ বাবে আহিছিল আল্ট্ৰাছ৷ আহিয়েই চকু পৰিছিল ক’লা কোট পৰিহিতা কম বয়সীয়া ৰমনী অলংকৃতাৰ ওপৰত। পেশীবহুল চেহেৰাৰে সুঠাম সবল আল্ট্ৰাছ। মূহূৰ্তৰ ববে যেন বিজুলী চমক। কেনেকৈ কি হ’ল, ঠিক কোনটো বিন্দুৰ পৰা কথাবোৰ আগবাঢ়িল তাই নাজানে। মাথোঁ জানে তাৰ পাছত গধূলিবোৰ আল্ট্ৰাছৰ নামৰ। ৰাতিৰ ৰাতিটো ফোনকল, মেচেজ, হাতত ধৰাধৰিকৈ নিৰ্জন গলি, নতুবা তাইৰ লাইব্ৰেৰীৰ শাৰী শাৰী কিতাপৰ দমৰ মাজত বহি গৰম গৰম কফি। আকৰ্ষণীয় ব্যক্তিত্ব, পুৰুষসুলভ কণ্ঠৰ প্ৰেমত পৰিছিল নেকি তাই? নাজানে সেই কথা। খুব কম সময়ৰ ভিতৰতেই সেই সম্পৰ্ক গভীৰ সম্পৰ্কলৈ পৰিৱৰ্তন হৈছিল। পৰিণামত তাইৰ অনামিকা আঙুলিত সকলোৰে অলক্ষিতে এটা আঙুঠিয়ে শোভা পাইছিল। আল্ট্ৰাছৰ নামৰ সেই আঙুঠি।

 “সি মুছলিম, তই হিন্দু। তই পূবে সেৱা কৰ, সি পশ্চিমে”, কোনোবাই সঁকীয়াইছিল তাইক। তাইৰ কাণত তেতিয়া কপাহৰ ঠিলা।

 “তাৰ পৰিয়াল আৰু তোৰ পৰিয়ালৰ মাজত আকাশ-পাতাল পাৰ্থক্য। তই তাত মিলিব নোৱাৰিবি”, সেয়াও কোনোবা শুভাকাংখীৰ সাৱধানবাণী। তাই কাণৰ ঠিলা নোখোলে। [ ২১ ]  “তোৰ মেষ ৰাশি। তাৰো মেষ ৰাশি। দুটা ডাঙৰ ৰাশিৰ মাজত ৰাহিযোৰা নাহে কৃতা”, সেইবোৰ কথা তাইৰ কাণৰ কাযেৰেই নাযায়।

 কিছুমান সম্পৰ্ক খুব আবেগিক। অন্ততঃ তাইৰ দৰে ছোৱালীৰ দৰে। এই যে তাক চকুৰে তেওঁক প্ৰতিশ্ৰুতি দিলে, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈকে তাই বয়সৰ ব্যৱধান, ধৰ্মৰ গণ্ডী, সামাজিক স্থিতি সকলো একাষৰীয়াকৈ থ’লে। উদযাপন কৰি গ’ল প্ৰেমৰ লগনবোৰ।

 সমস্যা কেৱল এটাই আছিল। বাৰ্ধক্যই কোঙা কৰা তাইৰ বিধৱা মাকজনী। কিন্তু যৌৱনৰ প্ৰেমৰ শক্তিৰ আগত যেন আন যিকোনো সমস্যা গুৰুত্বহীন হৈ পৰে। কথাবোৰ ককায়েকৰ কাণত নপৰাকৈ থকা নাছিল। নামনি অসমৰ এক নৈষ্ঠিক হিন্দু পৰিয়ালৰ যুৱতী অলংকৃতাৰ প্ৰেম উজনিৰ মুছলিম যুৱক আল্ট্ৰাছৰ সতে। যেন ঘৰৰ মূধচত বহি ৰমলিয়াই থকা কাউৰীজনীয়ে অনাহূত খবৰ কঢ়িয়াই আনিছিল। কঁপি উছিঠিল সি। বেমাৰী মাকজনীক কোনোপধ্যে দিয়া নায়ায় এই খবৰ। প্ৰেমৰ সাগৰত নিজকে ডুবিবলৈ এৰি দিয়া জীয়েকৰ খবৰ কি স’তে মাকৰ ঔষধৰ লগত মিহলোৱা যায়, সেই চিন্তাত সি ততাতৈয়াকৈ ভনীয়েকৰ কাষ পায়হি।

 “আল্ট্ৰাছ কোন হয়?” ককায়েকে তাইৰ খবৰ ল’বলৈ বুলি আহি হাতৰ চাহ কাপ মুখলৈ নি সুধি পেলালে।

 অলপ সময়ৰ বাবে মৌনতা। মিছা কথা ক’লে বহুতকেইখন দুৱাৰ বন্ধ হৈ যাব। সঁচা ক’লে? সঁচা ক’লে হয়তো বহুতকেইখন শানিত চুৰিৰ আঘাতে তাইক থকা-সৰকা কৰি পেলাব।

 ককায়েকে ইতিমধ্যে আল্ট্ৰাছৰ বিষয়ে তথ্য গোটাই লৈছিল। অত্যন্ত বাস্তৱবাদী ককায়েকৰ মতে কিবা স্বাৰ্থ নাথাকিলে কোনে মানুহে ইমানবোৰ ত্যাগ কৰিবলৈ প্ৰস্তুত নহয়। কি ত্যাগ কৰিব লাগিব আল্ট্ৰাছে, তাই নুবুজে সেই কথা। তাই দেখোন ত্যাগ কৰিবলৈ প্ৰস্তুত হৈ উঠিছে আপোন ঘৰখন, আপোন মাকজনী, আপোন ঠাইৰ আপোন মাত-কথা, বাগৰুম্বাৰ চিনাকি সুৰ, চিনাকি নৈখনি, চিনাকি পাহাৰখন, কমলা বেচিবলৈ অহা ভূটীয়া কেইজনীৰ সতে মুখচুপতি-এই সকলোবোৰেইতো ত্যাগ কৰিব তাই। তাৰ বিপৰীতে আঁকোৱালি ল’বলৈ শিকিছে হাড়িয়াৰ নিচাত ডুবি থকা ঝুমুৰৰ তালবোৰ, আহোম-মোগলৰ ঠাঁচ থকা ৰঙা-বগা মুখবোৰ, সোণাৰু-নাহৰৰ ফুলৰ দেশৰ খবৰবোৰ। আটাইতকৈ প্ৰিয় হৈ পৰিছে ব্ৰহ্মপুত্ৰ নৈখন। তাইৰ দৰেই মুহৰ্ততে ওফন্দি উঠি ৰ’দে জিলিকোৱা জলজ মুকুতাবোৰ।

 “চা, তোক আকৌ কৈছোঁ, এই বিয়া অসম্ভৱ। তই ঘূৰি আহ এইটো সম্পৰ্কৰ পৰ৷”, মৌনতা ভংগ কৰি ককায়েকে মাত লগায়।

 “নোৱাৰিম দাদা। মই তেওঁক কথা দিলোঁ”, আড়স্ততা এৰি ককায়েকক জনাই দিয়ে তাইৰ শেষ সিদ্ধান্ত।

 “আসঃ, আমি মৰি গ’লো নেকি হা? দুদিন লগ পোৱা এজনৰ বাবে তই অতবছৰে আশ্ৰয় দিয়া ঘৰখন পাহৰি যাবি?”

 দোদ্যুল্যমান অৱস্থাত পৰে তাই। প্ৰেমৰ ৰাস্তাৰ পৰ৷ ঘূৰি অহাৰ শংকাত নহয়, বৰঞ্চ ঘৰখন হেৰুৱাব সেই শংকাত তাই আল্ট্ৰাছলৈ ফোন লগায়। আল্ট্ৰাছো যেন গভীৰ চিন্তাত পৰে। অনশেষত সমাধানৰ সূত্ৰ দাঙি ধৰে আল্ট্ৰাছে, “ব’লা। কোৰ্ট মেৰেজ কৰি লওঁ।”

 কি অপৈণত চিন্তা! তাইৰো তথা আল্ট্ৰাচৰো সেই অপৈণত চিন্তাৰ ফলত মাকজনী বাউলী হ’ল। তাইৰ নামত চৰু-হাড়ি নিকা কৰিলে। পিছে তেওঁ নৰিয়া পাটী এৰিব নোৱাৰিলে৷ বেমাৰী মানুহগৰাকীৰ বয়স যেন বহুত বাঢ়ি গ'ল। সেই অসহায় চকুহালে তাইক আজিও আমনি কৰে। তাই জানে, মাকে তাইক অভিশাপ নিদিয়ে, তাইৰ পিণ্ড কুকুৰক খুৱাব নোৱাৰে, কিন্তু প্ৰচলিত সমাজব্যৱস্থাত নীতি-নিয়মবোৰ তেওঁ ওফোৰাই পেলোৱাৰ সাহসো কৰিব নোৱাৰে।

 তাইক অত্যন্ত মৰম কৰা ককায়েকে বৰ কষ্ট পাইছিল। একমাত্ৰ ককায়েকেই তাইৰ বাটত হেঙাৰ হৈয়ো থিয় দিয়া নাছিল, আনে গম নোপোৱাকৈ যোগাযোগ ৰক্ষা কৰিও আছিল। কিন্তু সি ভাঙি পৰিছিল। কাণে ডিঙিয়ে গহনা ওলোমাই, দোলাত উঠাই তাৰ একমাত্ৰ ভনীয়েকজনীক সি বিয়া দিব পৰা নাছিল, সেই দুখবোধটোত সিহঁত দুটাৰ মাজৰ সম্পৰ্কটো এখন ভগা দলঙৰ দৰেই হৈছিল। সি নকয়, তাই বুজে। তাই নকয়, সি বুজে। ভাতৃ-ভগ্নীৰ সম্পৰ্কটোৱে ঠেহ পাতে। এয়াও প্ৰেম। এই প্ৰেমৰ আন এক নাম ভাতৃত্ব। সবাৰো ওপৰৰ সিংহাসনত ৰজাৰ দৰে [ ২২ ] অধিস্থিত হৈছিল আল্ট্ৰাছৰ স’তে প্ৰেম, যিহক পাবলৈ তাই বাকী সকলো শিকলি ছিঙি পেলাইছিল। প্ৰেমৰ লক্ষ্যত উপনীত হৈ বিজয়ীৰ হাঁহিটো মাৰোঁতেই মাকৰ এযাৰ কথাই তাইক সংকুচিত কৰি পেলালে,

 “মোৰ ওচৰত ৰৈ ছোৱালীজনী খুজি নিয়াৰো সাহসকণ নাছিল নে ল’ৰাটোৰ? এই ল’ৰাটোৱে তাইৰ দৰে ছোৱালীজনীক সুখত ৰাখিব পাৰিবনে?”

 ধৰফৰাই উঠিছিল তাই। এৰাতো। মাকে কোৱা কথাষাৰ মিছা নাছিল। তাইৰ দৰে স্বাভিমানী ছোৱালীজনীক প্ৰেমে এনেদৰে অন্ধ কৰি পেলাইছিল নে যে, মাকক সিহঁতে এবাৰ সোধাৰ প্ৰয়োজনবোধকণো নকৰিলে। মোহভংগ ৰাতিবোৰে নীৰৱে উচুপে। বুকুত বলি থাকে বিষাদৰ বা’। গভীৰ নিদ্ৰাৰত আল্ট্ৰাছৰ হাত দুখনৰ কবলৰ পৰা নিজকে মুক্ত কৰি বাৰাণ্ডালৈ ওলাই আহে তাই। তাইক দেখি আকাশৰ তৰাজনীয়ে মিচিককৈ হীহে। সেমেকা চকুৰে তায়ো হাঁহি এটি পঠিয়াই দিয়ে তৰাজনীলৈ। তৰাজনীয়ে যোগসূত্ৰ স্থাপন কৰে মাক আৰু তাইৰ মাজত। “মা তই মোক যিমানেই ডাঙৰ হ’বলৈ শিকালি, সিমানেই সৰু সৰু অংকবোৰ মই পাহৰি গ’লো অ’। নহলেনো তোক মই এবাৰ মুখ ফুটাই নকওঁনে”? সিফালৰ পৰা তৰাজনীয়ে মাকৰ খবৰ আনে। “ভালে থাকচোন মাজনী। তই ভালে থাকিলেই মোৰ সকলো দেনা-পাওনাৰ হিচাপ শুদ্ধ হৈ পৰিব”।৷

 ভালে থকাৰ বাটত প্ৰশ্নটোৱে তাইক কুৰুকিকুৰুকি খায়। মাকৰ আগত কিয় বুকুখন খুলিব নোৱাৰিলে, সেই কথাই বাঢ়ৈটোকা চৰাইজনীৰ দৰে কলিজাটো খুঁটি থাকে। পৌন:পৌনিক ভগ্নাংশৰ দৰেই উত্তৰ আছিল প্ৰশ্নটোৰ। যিমানেই ভবা যায়, সিমানেই দীঘল হৈ গৈ থাকে। যিমানেই দীঘল কৰা যায়, উত্তৰ ওলাই গৈ থাকে। অকণমান যোগাত্মক সংখ্যা যোগ কৰি এই আউল লগা অংকবোৰ সামৰি থোৱাই ভাল। সেই অংকবোৰ সামৰি তাই গঢ়ি তুলিছিল এখন সৰুকৈ পৃথিৱী।

 সৰু পৃথিৱী নহয়নো কি? চাকৰি আৰু ঘৰ। ঘৰ আৰু চাকৰি। দহবছৰীয়া বিবাহিত জীৱনৰ ফচল দুটি সন্তান। কৰ্তব্যৰ সময়ছোৱাত তাইৰ টেবুলত ভৰ দিয়ে ভিন ভিন সমস্যাই। ঘৰলৈ আহি ডাঙৰ ঘূৰণীয়া টেবুলখনৰ চাৰিওকাষে বহি লয় তাইৰ স’তে দুয়োটি কণমানি। সমস্যা সমাধানৰ দায়িত্ব লয় টেবুলখনে। প্ৰায়ে তাই ডুবি থাকে তেনে কোনো গ্ৰন্থৰ মাজত। টেবুলখনতে উবুৰি খাই পৰেহি তাইৰ সৰু সংসাৰ। আল্ট্ৰাছক কিতাপৰ গোন্ধই নাটানে। সেই সময়ত তেওঁ ব্যস্ত থাকে ফোন, হোৱাটচআপ, ফেচবুক, মেচেজ, টিভি, বাতৰি কাকত, শৰীৰৰচৰ্চা ইত্যাদিত। যি সময়ত তাই সমাজ-জীৱনৰ জটিল সমস্যা সমাধানৰ সূত্ৰ ফঁহিয়াই থাকে, সেই সময়ত আল্ট্ৰাছ ব্যস্ত থাকে বিত্তীয় লাভ-লোকচানৰ অংকত। দুয়োখনেই বাস্তৱ জীৱনৰ ছবি, দুয়োখনতেই সমাজৰ চিত্ৰ প্ৰতিফলন। অথচ আল্টাছে তাইৰ ওপৰত কৈফিয়ৎ তোলে, “তুমি একেবাৰেই চ’ছিয়েল নোহোৱা”।

 কেতিয়াবা আল্ট্ৰাছে আপত্তি কৰে,

 মোৰ লগত পাটি এটালৈ যাবলৈ তোমাৰ সময় নহয়।”

 নিতাত্তই এৰাই চলে এনে ওজৰ-আপত্তিবোৰ তাই। কেৱল আল্ট্ৰাছেই নহয়, যিকোনো মানুহেই বুজিব তাইক। কিছুমান কাম তাই কৰিব নোৱাৰে। মন গ’লেই ওচৰ চুবুৰীয়াৰ ঘৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আড্ডা দিব নোৱাৰে। মন গ’লেই ঘোঁৰা চেঁকুৰাদি চেঁকুৰাব নোৱাৰে তাইৰ উচ্ছল যৌৱন এয়া তাইৰ পেছাই সমৰ্থন নকৰে। আইনৰ ৰক্ষক তাই। সমাজৰ সুস্থতাৰ নিমিত্তেই সেই আইন। আল্ট্ৰাছে ইমান সাধাৰণ কথাটোকে নুবুজেনে? নুবুজে আল্ট্ৰাছে। নুবুজে বাবেই মুখ ওন্দোলাই ঘৰৰ পৰা গপ-গপাই ওলাই গৈ ক্লাবত বহি থাকেগৈ তেওঁ। তাইৰ ওঁঠেৰে মিচিককৈ হাঁহি এটি ঢৌ খেলি যায়। ডাঙৰ হোৱা নাই আল্ট্ৰাছ৷ বয়স অনুপাতে ডাঙৰ হোৱা নাই আল্ট্ৰাছ। তাইতকৈ সাত বছৰে ডাঙৰ মানুহজনে এতিয়াও সৰু ল’ৰাৰ দৰে আচৰণ কৰে। তাই তেওঁৰ অভিমান ভাঙি সমাধান সূত্ৰ দাঙি ধৰে মানে ৰাতি এপৰ হয়গৈ।

 “আজিলৈ হৈছেগৈ নে?”, টিভিৰ ৰিম’ট পকাই পকাই আমনি লাগে আল্ট্ৰাছৰ।

 ঘড়ীটোলৈ চায় তাই। বাৰ বাজি পাৰ হয়। টেবুলৰ ওপৰৰ কিতাপখনৰ জটিল কথাবোৰ আধৰুৱা হৈ ৰয়। আল্ট্ৰাছৰ চকুত তাইময় পৃথিৱী। সেই চকুত ৰূপালী কাৰেঙৰ জোনাকী পালেঙৰ সপোন। সেই সপোনত দুলি থাকে সোণালী ঘোঁৰাৰে সেন্দুৰীয়া পথেৰে নামি আহি কনেঙৰ বুকুত আশ্ৰয় ল’ব বিচৰা চেনেঙৰ ঠিকনা। চেনেঙৰ ঠিকনাত বলি থাকে ঐনিতম সুৰেৰে বলিয়া বতাহ। মধুৰ মধুৰ। প্ৰতিটো পলেই যে মধুৰঙ্গ [ ২৩ ]  মধুৰ সময়ৰ স্মৃতিৰ পাতখিলা পঢ়ি থাকোঁতেই ফোনটো বাজি উঠে তাইৰ। আল্ট্ৰাছ কালিও নাহিল। ডাৱৰে ঢকা আকাশখনে ফ্লাইট কেনচেল হোৱাৰ খবৰ দিছে। আজি আহিব আল্ট্ৰাছ। পুৱাতেই বাজি উঠা ফোনটোৱে তাকেই ক’লে। হুমুনিয়াহ এটাই কথাবোৰৰ পট পৰিৱৰ্তন কৰি পেলায় থিতাতে। কথাবোৰত এতিয়াহে শেলুৱৈ গজিছে। বাৰে বাৰে বুকুত বন্ধি ল’ব খোজা সম্পৰ্কটো পিছলিব খোজে। ক’ৰবাত যেন কিবা এক দূৰত্ব বিষাদৰ ফুলবোৰ ৰমক-জমককৈ ফুলি অলংকৃতা নামৰ মানুহজনীৰ মুখত এক শূন্যতাৰ প্ৰচ্ছায়া সানে। এয়া প্ৰেম আছিল নে? নে মোহ আছিল? নে এক চুক্তি আছিল? ইমানৰ মাজতো বিধৰ্মী ছোৱালী এজনীৰ ওচৰত নিজকে সঁপি দিব খোজা সম্পৰ্কটো প্ৰেমৰ এক ভণ্ডামিহে আছিল নে? সেই সময় শুদ্ধ আছিল নে এই সময় শুদ্ধ, সেই উত্তৰ উলিয়াব নোৱাৰি তাইৰ মুখৰ প্ৰচ্ছায়াই কাজল বৰণ ধৰে। কাৰো চকুত নপৰে সেই প্ৰচ্ছায়া। আল্ট্ৰাছৰো চকুত নপৰে হয়তো। চকুত পৰে বিশাল তামুলীৰ। তাইতকৈ জুনিয়ৰ সহকৰ্মী বিশাল তামুলী। আইন সংক্ৰান্তীয় কামত বহুতবাৰ তাই বিশালৰ স’তে কাম কৰিছে। বহুতবাৰেই তাইৰ উদাসীনতা বিশালৰ চকুত ধৰা পৰিছে। প্ৰত্যেকবাৰেই কিবা সুধিম বুলি ভাবিও তাইৰ কাজলমুখৰ প্ৰত্যয়খিনিত তেওঁ থমকি ৰয়। ৰূপকথাৰ নায়িকাজনীৰ দৰেই অফুৰন্ত যৌৱনৰ গৰাকী অলংকৃতাই যেতিয়া ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বিষাদৰ ৰাগ টানে, তাইৰ স্বামীয়ে তেতিয়া চিনেমাহলত সুন্দৰী নাৰীৰ স’তে বিলাসিতা কৰে। বিশাল তামুলীৰ অজানা নহয় এই খবৰ। চহৰৰ অজানা নহয় এই খবৰ। আধুনিকতাৰ নামান্তৰ সেই সম্পৰ্কবোৰত তাইৰ দৰে বিলাসী প্ৰেমৰ সংজ্ঞা নজন৷ মানুহৰ সৰল চিলাইবোৰত আউল লাগি বাৰে বাৰে সূতা চিগে। বিশালে ধৰা পেলায় তাইক সন্ধ্যাৰ কানি-মুনি আন্ধাৰত প্ৰায়েই তাইক লগ পায় ফেৰীঘাটৰ অকলশৰীয়া পদযুগলৰ সৈতে। ৰমেশে তেতিয়া মথাউৰিৰ তলত গাড়ী পাৰ্ক কৰি নিশ্চিন্ত টোপনি মাৰে। মথাউৰিৰ ওপৰত তাই ইভিনিং ৱাকত নিজৰ স’তে নিৰন্তৰ অপলাপত ব্যস্ত হৈ পৰে।

 অপলাপেইতো এয়া। প্ৰেমত অতবোৰ ত্যাগ কৰি অহা তাইজনীৰ প্ৰেমিকে তাইক ত্যাগ কৰাৰ প্ৰস্তুতি চলায় গোপনে। তাইৰ অজানিতে ওভতনি পথৰ জপনা সজাই থয়। সেই কথাবোৰ অপলাপ নহয়নো কি? ‘ইভিনিং ৱাক’ৰ নামত বিশাল তামুলীয়েও তাইৰ কাজল চকুত ৰামধেনু অঁকাৰ প্ৰয়াস কৰে। অৱশ্যে তাইৰ ব্যক্তিত্বই তাক বাধা দিয়ে। স্বাভিমানেৰে তুলবুলীয়া প্ৰিয়নাৰীৰ এহালি ভৰুণ চকু, বিশাল মূৰ তুলি চাই দিলেই যেন সৰি পৰিব বিশ্বাসৰ টোপোলা সেয়ে সি সঁফুৰাতে সাঁচি থয় সংযম, সঁফুৰাত সাঁচি থয় আস্থা, সঁফুৰাত লুকুৱাই থয় প্ৰেমৰ ঠিকনা। প্ৰেমৰ সংজ্ঞা সলাই পেলায় তেওঁ, প্ৰেম মানেই ত্যাগ, প্ৰেমত ত্যাগ নহয় বিবেক।

 ৰাতিৰ ৰাতিটো অস্থিৰ হৈ থাকে তেওঁ। তেওঁৰ কক্ষপথ আৰু অলংকৃতাৰ কক্ষপথ একে নহয়। প্ৰায়েই এই আৱৰ্তনে সংঘৰ্ষৰ সম্ভাৱনা কঢ়িয়াই আনে। তেনে সম্ভাৱনা নস্যাৎ কৰি বিশালৰ বাবে বদলিৰ হুকুম আহে। প্ৰমোচনৰ সৈতে বদলি। নিতান্তই আনন্দদায়ক খবৰটোত তেওঁ কোনোধৰণৰ উৎসাহ অনুভৱ নকৰিলে। ফোনৰ উপৰি ফোন, অভিনন্দন, শুভেচ্ছাবাণীবোৰৰ পৰা পলাই আহি সি অলংকৃতাৰ চেম্বাৰত বহি ল’লে।

 “হেই ইয়ংবয়, কংগ্ৰেচুলেচন’’, তাইৰ অভিবাদনত বেঁকাকৈ হাঁহি এটা মাৰি সি মোবাইল ফোনটো পিতিকি থাকে।

 “এনি প্ৰবলেম বিশাল?” তাৰ সেমেকা হাঁহিটো ধৰা পৰে অলংকৃতাৰ ওচৰত।

 তেওঁ সুখী নহয় বদলিৰ হুকুমত কিয় সুখী নহয় তাৰ কোনো কাৰণ নাই। নতুন ঠাইত নতুন পদত যোগ দিব তেওঁ। অপাৰ উৎকণ্ঠা হোৱাৰ বিপৰীতে তেওঁৰ মনত যেন গভীৰ হতাশা।

 অলংকৃতাৰ ভৰুণ চকুৰ ভাষাই তেওঁৰ বকু খান্দে। ফেৰীঘাটৰ অকলশৰীয়া খোজবোৰে কলিজা ফালে তেওঁৰ। ক’ব খোজে তেওঁ, “মেডাম কথা দিয়ক মোক, অকলশৰীয়া সময়বোৰৰ উচিত সমাধান উলিয়াই আপুনি সুখী হ’ব বুলি। মেডাম কথা দিয়ক মোক, আপোনাৰ সুন্দৰ মনটোক আৱৰি ৰাখিবলৈ স্বাস্থ্যৰ উচিত যতন ল'ব বুলি। মেডাম কথা দিবনে মোক, নিজকে এনেকৈ জ্বলি জ্বলি শেষ হ'বলৈ নিদিয়ে বুলি?”অথচ তেওঁ ক'ব নোৱাৰে সেই কথা৷ এই কথাবোৰ সঁফুৰাত সাঁচি থোৱা কথা। এই কথাবোৰ কৈ তেওঁ অলংকৃতা নামৰ মহিয়সীগৰাকীক উল্কি নামৰ নাৰীগৰাকীৰ শাৰীত থ’ব নোখোজে। বৰঞ্চ তেওঁ কৈ উঠে, “মাক এৰি যাবলৈ মন নাছিল মেডাম। মা অলপ অসুখীয়া। মোৰ লগে লগে মায়ে ঘূৰা মেলা কৰাও অসুবিধা”।

 মা মা মা! এই শব্দটোত কি আছে? এই শব্দটো যে তাইৰ জীৱনৰ পৰা হেৰাই যোৱাৰ আশংকা জাগে [ ২৪ ] ক্ষণেপ্ৰতি।

 বিয়াৰ কেইবছৰমানৰ পিছৰ কথা। নৰীয়া পাটিত পৰি থকা মাকৰ খবৰ লবলৈ ঢাপলি মেলিছিল তাই। মাকৰ দুচকুৰ অসহায়তা। তাইৰ নামত মৃতকৰ্ম সমাপন কৰা মাকে তাইৰ হাতত পানী এগিলাচ তুলি দিবলৈকো শক্তিকণ যোগাৰ কৰিব পৰা নাছিল। ছানি পৰা চকুৰে মাকে তাইৰ মুখখন খুঁটিয়াই খুঁটিয়াই চাইছিল। বেনাৰসী চিল্কৰ ৰঙা শাৰীখন তাই পাৰে মানে থিত লগাইছিল।

 “তই সুখী নে মাজনী”, মাকে তাইৰ চকুৰ সিক্ততা ধৰা পেলাইছিল।

 “আজিৰ পৰা সুখী মা। তোৰ অমতত গুচি গৈ অপৰাধবোধত ভুগিছিলো। তই ক্ষমা কৰি দিলেই মই সুখী মা”।

 শোটোৰা পৰা হাতৰ উমাল পৰশে মেৰিয়াই লৈছিল তাইৰ আলসুৱা কলিজা। তাইৰ মিহি কপালখন চুই চাইছিল তেওঁ। ইয়াতে এটা বেলি গজাৰ সপোন দেখিছিল তেওঁ। মৰমৰ জীয়েকৰ সেওতাত সেন্দুৰীয়া পদূলি ৰচি দিয়াৰ সপোন দেখিছিল তেওঁ। সেই সেওতা এতিয়া উকা৷ তাইৰ স্বামীৰ ধৰ্মই সেয়া অনুমতি নিদিয়ে। তাইৰ নামত চৰু-হাড়ি ধুই চুৱা খেদা মাকজনী৷ তাই বুজি উঠে, ক’ৰবাত মাকৰ চকুলোৱেওতো বাট নেদেখে।

 “ভালেৰে থাকিবি মাজনী। সংসাৰখন ধৰি থাকিবি। কথাবোৰ কওঁতে সাৱধান হ’বি। তই বহুত স্পষ্টবাদী ছোৱালী। জোঁৱাই কেনেধৰণৰ মই দেখা নাই। মোতকৈ বেলেগে তোক কেনেকৈ বুজি পাব? সেইটোতেই মোৰ ভয় লাগে।”

 “কি ভয় লাগে মা? মোক লৈ কি ভয় লাগে তোৰ?” কৌতূহল দমাব নোৱাৰি সুধি পেলায় তাই।

 “ক’ৰবাত তোৰ কথাবোৰ যদি জোঁৱাইৰ বদহজম হৈ যায়, সেই ভয়ে মোক খুলি খুলি খায়”।

 আল্ট্ৰাছে তাইৰ মাকৰ সন্মুখীন আজিলৈকে হ’ব নোৱাৰিলে। অথচ তেওঁক নেদেখাকৈয়ে মাকে ভৱিষ্যতবাণী কৰিছিল। নে শংকাত ভুগিছিল মাকে? জীৱনৰ অভিজ্ঞতাই পৰিপূৰ্ণ কৰা অৰ্ধশিক্ষিতা মাকজনীয়ে কেনেকৈ বুজিছিল তাইৰ নীতি আদৰ্শবোৰে আল্ট্ৰাছৰ বাবে বদহজমৰ ৰূপ ল’ব।

 প্ৰেম নে মোহ?

 প্ৰেমহীনতা নে মোহভংগ?

 কিহৰ তাড়নাত আল্ট্ৰাছে পৰনাৰীৰ মাজত জীৱনৰ সন্ধান কৰে? কিহৰ বেদনাত তাইৰ খোজবোৰত ধতুৰা ফুলৰ বিহ সানি যায়? যি কথা নুবুজিছিল তাই, সেই কথা মাকে কেনেকৈ জানি গ’ল আগতীয়াকৈ?

 আইৰ শৰীৰৰ অসুখ।

 তাইৰ মনৰ অসুখ।

 তাইৰ পৃথিৱীৰ অসুখ।

 তাইৰ সমাজখনৰ অসুখ।

 সেই প্ৰেমৰ সংজ্ঞা কি, যিহে পলকতে অনুভৱ সলায়।

 আল্ট্ৰাছে চহৰত ভৰি দিয়াৰ খবৰ আহে। বিশালৰ বদলিৰ হুকুম আহে ধ্ৰুৱমৰ খবৰবোৰ আদবাটত হেৰায়। উল্কি আৰু কঞ্জনীলৰ গধুৰ উশাহবোৰে প্ৰমাদ গণে। তাইৰ মাকজনী হেৰাই যোৱাৰ সময় চাপে। সকলো অহা- যোৱাৰ সূত্ৰবোৰত ধ্ৰুৱক সংখ্যাটিৰ দৰে বহি লয় দুইপুত্ৰ। দুইপুত্ৰই উৎসাহিত হৈ ফোন কৰি তাইক হিচাপ দিয়ে, “পাপাই মোৰ কাৰণে এইটো আনিছে, সেইটো আনিছে”। তাই কল্পনা কৰি লয়, শোৱনি কোঠাৰ বিছনাখনত বহি আল্ট্ৰাছে পুত্ৰদ্বযৰ সতে পুতলা গাড়ীৰ মেলা পাতে। তাই মনৰ গাড়ী চেঁকুৰাই দিয়ে। আল্ট্ৰাছৰ সন্মুখীন কেনেকৈ হোৱা যায়, সেই অংকই সূত্ৰ পাহৰে। পৰনাৰীৰ শৰীৰৰ গোন্ধত তাইৰ শোৱনিকোঠাত যেন ফেঁটীসাপে ফণা মেলি ৰৈ থাকে। বৰবিহৰ বৰ বিষ। এই বিষৰ বৰ কষ্ট।

++

[ ২৫ ]

(ছয়)

 নিজাববীয়াকৈ বিয়াৰ সিদ্ধান্ত লৈ পেলাইছিল দুয়োৱে। তাইৰ বাবে সেয়া প্ৰত্যাহবান যেন লগা নাছিল একেবাৰে। প্ৰেমৰ শক্তিৰ আগত তাই কৰিবলগীয়া হোৱা ত্যাগবোৰ যেন তুচ্ছ হৈ পৰিছিল।

 “তোমাৰ নামটো সলাব লাগিছিল অলংকৃতা, দুকোঠলীয়া ঘৰ এটা ভাড়ালৈ লৈছিল সিহঁতে। তাৰে ভিতৰচৰাত বহি আছিল অলংকৃতা। আল্ট্ৰাছৰ মুখৰ শব্দকেইটাত এই প্ৰথমবাৰৰ বাবে তাই উচপ খাই উঠিল।

 “কিয় আল্ট্ৰাছ? কিয় মোৰ নাম সলাম?”, তাই উত্তৰৰ অপেক্ষাত আল্ট্ৰাছলৈ চাই ৰ’ল। ভিতৰি ভিতৰি কঁপি উঠিল তাই। আল্ট্ৰাছে কি কয় এইবোৰ? ধেমালি কৰিছে চাগৈ বুলি পুনৰ প্ৰশ্ন কৰে।

 “আল্ট্ৰাছ।”

 “ওমম।”

 “নাম সলোৱাৰ কথা কিয় ক’লা?”

 “আমাৰ ধৰ্মৰ ম’তে তুমি এটা আৰৱী শব্দৰ নামৰ অধিকাৰী হোৱাটো প্ৰয়োজন”।

 “কিয়?”

 “কিয় মই নাজানো। এয়া কাজী চাহাবৰ মত।”

 “কোন কাজী চাহাব?”

 “আসঃঙ্গ তুমি ইমান বেছিকৈ প্ৰশ্ন কৰা। মই কাজী চাহাবৰ ওচৰলৈ তোমাক লৈ যাম। নিজেই সুধি ল'ব পাৰিবা।”

 অলংকৃত নিশ্চুপ হৈ বহি ৰৈছিল। সিদিনা তাইৰ নিকাহ আছিল। সিদিনা বাহিৰৰ কোঠাত তাইৰ নামৰ বিষয়ে এলানি আলোচনা চলিছিল। কি নামেৰে শুৱাব নব-বধু তথা ধৰ্মান্তৰিত অলংকৃতাক, এই লৈ আল্ট্ৰাছৰ বন্ধুসকল ব্যস্ত হৈ পৰিছিল।

 অঞ্জুমান নে আনোৱাৰা নে আছিয়া নে আফৰীনা?

 তাইক ইছলাম ধৰ্মলৈ দীক্ষিত কৰাৰ পুৰা প্ৰস্তুতি চলিছিল। তাইক সোধাৰ প্ৰয়োজনবোধ কোনেও কৰা নাছিল। ঘৰখনে তাইক ত্যাগ কৰিছিল। আল্ট্ৰাছৰ ঘৰখনে তাইক গ্ৰহণ কৰা নাছিল। বন্ধু বান্ধৱৰ পৰামৰ্শমতে সিহঁত নিকাহত বহিছিল। তাৰেই পদক্ষেপ নাম সলনিকৰণ, আৰু তাতেই যেন তাইৰ ৰৈ দিয়াৰ ইচ্ছা জাগিছিল।

 আল্ট্ৰাছে তাইৰ মুখখনি মন কৰিছিল নে নাই তাই নাজানে। তাই বেডৰূমত কুঁচিমুচি বহি ৰেছিল। সিটো কোঠাৰ পৰা ভাঁহি আহিছিল চাঙী সজাৰ শব্দ। উল্লাসেৰে সজা হৈছিল সেই চাঙী। কিছুপৰৰ পাছতেই যে সেই চাঙীত উঠাই তাইৰ ‘অলংকৃতা’ নামটি লৈ যাব অনন্তধামলৈ।

 যুক্তি-তৰ্কত কাকো জিকিবলৈ নিদিয়া ছোৱালীজনী এইবাৰ টলকা মাৰিছিল। ধৰ্মৰ নামত তাই নিঃশেষ হৈ যাব নেকি এই চিন্তাই কুৰুকিছিল মন।

 সকলোবোৰ ত্যাগ কৰি অহাৰ পাছতো সদম্ভে থিয় দি তাইৰ কাষত আছিল তাইৰ পিতাকে দিয়া নামটো। “চাবা, মইনাৰ মাক, গুণেৰে অলংকৃতা হ’ব তাই”, এই কথা প্ৰায়েই কৈছিল দেউতাকে তাইৰ মেলেৰীয়া হৈছিল সেইবাৰ।দেউতাক ওৰে ৰাতিটো বহি ৰৈছিল তাইৰ মূৰ শিতানত। বাৰে বাৰে হাত ফুৰাই চাইছিল জ্বৰৰ উত্তাপ। তেজ ওলোৱাত দেউতাক বলীয়াৰ দৰে হৈছিল। বলীয়াৰ দৰে হৈছিল ককায়েক। চোতালৰ এচুকত আঁঠুকাঢ়ি বহি লোৱা ককায়েকক মাকে জোৰ কৰিও ভাত খাবলৈ উঠাই আনিব পৰা নাছিল। মুখেৰে বিৰবিৰাই আছিল সেই কণমানি ককায়েকটোৱে, “দেতা, ভন্টীক আৰু কেতিয়াও দুখ নিদিওঁ, কেতিয়াও দুখ নিদওঁ।”

 শিলৰ খুঁটিৰ দৰে ৰৈ গৈছিল সেই কথা। দুখ দিয়া নাছিল ককায়েকে। দেউতাক ঢুকুৱাৰ পাছত সি বৰগছজোপাৰ দৰে আৱৰি ৰাখিছিল তাইক। যেতিয়াই য’লৈকে দৰকাৰ হয়, ককায়েকে লৈ যায়। তাইৰ সমূহ হেঁপাহ ককায়েকে পূৰ কৰাৰ চেষ্টা কৰে। আতোলতোলকৈ ৰাজকুমাৰীৰ দৰে জীয়াই আছিল তাই। ঘৰৰ এক বিশাল সাম্ৰাজ্য ঘেৰি আছিল অলংকৃতা নামটিৰ অস্তিত্ব৷ ঘৰৰ চাৰিবেৰ, স্কুল ডেক্স-বেঞ্চ, কলেজৰ গছজোপাত, [ ২৬ ] পৰীক্ষাৰ চাৰ্টিফিকেটসমূহ, প্ৰতিখন কিতাপৰ প্ৰথম পৃষ্ঠাত সেই নামটিয়ে এটুকুৰা ঠাই দখল কৰি বহিছিল।

 তাই সজোৰে প্ৰতিবাদ কৰিছিল, মূৰ জোকাৰিছিল, নাই নহ’ব, দেউতাকে কৈছে তাই হেনো গুণেৰে অলংকৃতা হ’ব। এই নামটো কোনোপধ্যেই সলোৱা নহ’ব। নবছৰতে তাই নিজৰ নামটোৰ প্ৰেমত পৰিছিল। এয়া তাইৰ অস্তিত্ব, এয়া তাইৰ একান্ত নিজা এটি শব্দ, যি শব্দই হাজাৰ নিদ্ৰাৰত অৱস্থাতো তাইৰ বুকুত কম্পন তোলে। আচলতে তাই নিজৰ প্ৰেমত পৰিবলৈ শিকিছিল তেতিয়াই। এই মুহুৰ্তত তাই অনুভৱ কৰিলে, সেই নবছৰীয়া ছোৱালীজনীতকৈ এতিয়া যেন তাই বহুত সৰু হৈ পৰিছে। লেহুকা, মূৰ দাঙিব নোৱাৰা এটি নিঃসহায় শিশু হৈ যেন স্থিতি লৈছে। কণমানি ছোৱালীজনীৰ স্বাভিমানৰ ওচৰত তাইৰ পঁচিশবছৰীয়া অভিমানেও পাত্তা পোৱা নাই। চূড়ান্তভাৱে নগ্ন হৈ পৰিছে তাইৰ অসহায়তা। নিৰেণ দত্ত ছাৰক কোৱাৰ দৰে তাই আল্ট্ৰাছক তেনেদৰে বাধা দিব পৰা নাই। প্ৰেমৰ বাবেই এই ত্যাগ নে? নিশ্চয় নহয়, হোৱা হ’লে ইমানখিনি কথা তাইৰ মনলৈকে নাহিলহেঁতেন।

 এৰা।

 ক’ৰবাত তাইৰ আত্মপ্ৰেম এতিয়াও বৰ্তি আছে। “হে প্ৰিয়জন, মোৰ এই আত্মপ্ৰেমক সন্মান জনাবলৈ শিকি পেলোৱা। এবাৰলৈ অনুভৱ কৰা মোক। মোক ভালপাবলৈ শিকা। মোৰ ভালপোৱা কথাবোৰক সন্মান কৰিবলৈ শিকা”।

 সিহঁতৰ সমাজলৈ তাইক উঠোৱাৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলিছিল। তাইৰ আৰু আল্ট্ৰাছৰ নিকাহৰ দিন ধাৰ্য কৰা হৈছিল। তাইৰ ঘৰৰ মানুহ নথকাৰ দৰে সেই নিকাহত আল্ট্ৰাচৰ ঘৰৰ মানুহো উপস্থিত থকাৰ কথা নাছিল।

 দুয়োঘৰৰ অমতত হোৱা বিবাহপৰ্বত কেৱল আল্ট্ৰাছৰ বন্ধু-বান্ধৱহে উপস্থিত থাকিব, সেই কথা আল্ট্ৰাছে তাইক জনাইছিল। কইনাসাজেৰে তাই আল্ট্ৰাছৰ কাষত বহিব, নিকাহৰ সময়ত গুণা কৰা পাটৰ কাপোৰযোৰ পিন্ধিবনে চিকেন কাজৰ ঘাগৰাযোৰহে মেৰিয়াই ল’ব, সেই দোমোজাখিনি মনৰ ভিতৰত লৈ চুলিখিনি ফণিয়াই থাকোতেই এমোকোৰা সন্তুষ্টিৰ হাঁহি লৈ আল্ট্ৰাছ সোমাই আহিল, “আফচানা নিয়াজিৰ। আজিৰ পৰা তুমি আফচানা নিয়াজিৰ।”

 হাতৰ ফণি তাইৰ হাততে থাকিল। মেলা চুলিখিনি মেলাতে থাকিল। তাই আল্ট্ৰাছলৈ চাই ৰ’ল। হৰিণীৰ দৰে সৰল এহালি চকু। কাজলসনা চকু। যি চকুৰ ভাষা আল্ট্ৰাছে কোনোদিনেই হয়তো নুবুজিলে। তাইৰ চাৱনিত মুগ্ধ হৈ সি তাইক দাংকোলাকৈ দাঙি ধৰিলে। আল্ট্ৰাছৰ কামিজত আতৰৰ গোন্ধ। আতৰৰ আঁৰত আল্ট্ৰাছৰ শৰীৰ নিজা গোন্ধ। অতদিনে তাইক বাউলী কৰি অহা আপোন গোন্ধ সেয়া। সেই গোন্ধই আজি সুঁতি সলাইছে। সেই গোন্ধই তাইৰ চকুৰ বিষাদৰ স’তে সংগত হোৱা নাই। ক’ৰবাত যেন কিবা এটা তাল-মিল ঘটা নাই। গালৰ

 “আল্ট্ৰাছ নিয়াজিৰৰ পত্নী আফচানা নিয়াজিৰ। তোমাৰ মুখখনৰ দৰে ধুনীয়া হ’ব নামটোও।”,আল্ট্ৰাছৰ কোলাৰ পৰা তাই নীৰৱে নামি পৰে।

 ধুনীয়া তাই। সেই কথা আল্ট্ৰাছৰ বাৰে বাৰে কয়। তাইৰহে তেতিয়া সোধা নহয়, আল্ট্ৰাছৰ মতে সুন্দৰতা কোনখিনিত। তাইৰ এই শৰীৰত নে মনত নে ব্যৱহাৰ-পাতিত নে মাত-কথাত? নে সুন্দৰতা তাইৰ লক্ষ্মৌৰ পৰা অনা ঘাগৰাযোৰত? আল্ট্ৰাছে সেই বেদনাৰ উমান নাপায়। কোনোবা এজনী আহি তাইৰ মূৰৰ পৰ চিফনৰ উৰ্ণাখন পৰিব নোৱাৰাকৈ ক্লিপ মাৰি দিয়ে। গালত প্ৰসাধনৰ পাতল প্ৰলেপ। সেওঁতাত সোণবৰণীয়া কপালী। কপালত? নাই, কপালত নাছিল তাইৰ মাকে চাব বিচৰা ৰঙাকৈ বেলিটি।

 আৰু তাই? দোমোজাৰ সীমনাত থমকি ৰৈছিল তাইৰ সেই খোজ, যি খোজৰ পিছতেই তাইৰ অলংকৃতাজনীৰ মৃত্যু ঘটি আফচানা নামেৰে পুনৰ্জনম ল’ব। কাৱিলনামাত লিপিবদ্ধ হৈ ৰৈ গৈছিল সেই নাম। একলাখ টকা মোহৰানা বন্ধা আল্ট্ৰাছৰ বিয়াত তাই কবুল কৰিছিল। স্বাক্ষৰিত হৈ গৈছিল সেই চুক্তি, আল্ট্ৰাছ আৰু আফচানাৰ বিয়াৰ চুক্তি।

 “মোহৰানা মানে কিনো?”

 আইনৰ ছাত্ৰী তাই। তথাপি সুধি পেলাইছিল আল্ট্ৰাছক। আল্ট্ৰাছে তাইক বুজাইছিল, “মোহৰানা মানে সেই ধন, যি ধন স্বামীয়ে স্ত্ৰীক তালাক দিয়াৰ সময়ত পৰিশোধ কৰিব লাগিব। আমাৰ ধৰ্মত নাৰীক উচিত সন্মান দিয়া [ ২৭ ] হৈছে। এইখন পঢ়ি চালে তুমি সবিশেষ গম পাবা। তোমাৰ প্ৰাপ্য আৰু অধিকাৰৰ বিষয়ে গম পাবা।”

 কিনো আছিল সেই চুক্তিত, সেই কথা আজিলৈকে চোৱাৰ প্ৰয়োজনবোধ নকৰিলে। চূড়ান্ত বাস্তৱধৰ্মী এই বিবাহ পদ্ধতিয়ে তাইৰ দৰে আৱেগিক লোকৰ কোনো সপোন কঢ়িয়াব নোৱাৰে। য’ত বিয়াৰ দিনাই তালাকৰ দৰে শব্দৰ স’তে মোকাবিলা কৰিব লগা হয়, বিয়াৰ দিনাই য’ত বিচ্ছেদৰ হিচাপ-নিকাচ চলে সেই বিবাহ পদ্ধতিত তাইৰ দৰে প্ৰেমৰ পুৰাতন গোন্ধ খামুচি থকা আৱেগিক মনৰ স্থান নাই।

 কাৱিলনামাখন তাই মেলি নাচালে। তাইৰ নিজৰ ওপৰত আস্থা আছে, তাইৰ প্ৰেমৰ ওপৰত আস্থা আছে, তাইৰ ত্যাগৰ ওপৰত আস্থা আছে, লগতে সদায়েই আছে প্ৰিয়জন, তেওঁৰ ওপৰতো গভীৰ আস্থা। আল্ট্ৰাছে কৈছিল, এয়া এক নিয়ম। নাৰীসমাজৰ সুৰক্ষাৰ বাবেই এই নিয়ম, যাতে পুৰুষৰ প্ৰবঞ্চনাৰ বলি হৈ কোনো নাৰীয়ে শূন্য এটাৰ সৈতে জীৱন অন্ত পেলাব লগা নহয়। ইয়াতনো ভুল ক’ত? এয়াতো মানুহৰেই প্ৰবৃত্তি, ক্ষণে ক্ষণে মোট সলোৱা মানুহৰ বিৰুদ্ধেই এই অস্ত্ৰ। যুগে যুগে পুৰুষৰ ইচ্ছাধীন হৈ থকা এগৰাকী পত্নীক বিচ্ছেদ দিয়াৰ দৰে সিদ্ধান্তৰ পৰা কিছু পৰিমাণে হ’লেও আঁতৰাই ৰাখিব পাৰে এই অস্ত্ৰই। কিন্তু পৰাপক্ষত তেনে হয়নে? এনে ব্যৱস্থা থকাৰ পাছতো অসহায় হাজাৰজনী নাৰী। অসহায় তাই নিজেও। পৃথিৱীখনে সিয়াঁৰি যায়, “অলংকৃতা তোৰ দৰে শিক্ষিত নাগৰিকৰ অসহায়ত্ব এয়া। পৰ্দাৰ মাজত জীৱন কটোৱা সেই নাৰীসকলৰ কথা ভাবি চা এবাৰলৈ”।

 এৰা।

 কি দুৰ্বিসহ জীৱন কটায় কিছু নাৰীয়ে। আজিও এচাম নাৰীয়ে মুক্ত বতাহকণ সমানে ভাগ কৰিব নোৱাৰে। বেমাৰী মাকজনীক ৰাতি এপৰত অকলে নি হস্পিতেল পোৱাবগৈ নোৱাৰে। বহু নাৰীয়ে আজিও নিজৰ ভাললগা-বেয়ালগাৰ হিচাপ কৰিব নোৱাৰে। তেনে এখন সমাজৰে বাসিন্দা তাই। তেনে এখন সমাজত বিবাহসূত্ৰে ধৰ্মান্তৰিত কৰাৰ কথা তেনেই সহজ। তেনেদৰেই অতি সহজ নাম সলনি কৰাৰ প্ৰক্ৰিয়াও। আৱেগহীন এখন সমাজৰ বোলছবিত তাই এটি চৰিত্ৰহে পৰিল।

 নিকাহৰ পাছতে মিঠাইৰ পেকেট বিলাইছিল। আল্ট্ৰাছে তাইক ফুচফুচাই সুধিছিল, “এতিয়া ভাল লাগিছেনে অলংকৃতা?”

 দুচকু ভৰি পৰিছিল তাইৰ তাইৰ প্ৰিয়পুৰুষৰ কণ্ঠত তাই এতিয়াও অলংকৃতা হৈয়ে ৰৈছে। “আৰু একোকে নালাগে আল্ট্ৰাছ। বহুত সুখী মই”, আল্ট্ৰাছৰ সবল বাহুৱে আঁকোৱালি লৈছিল তাইক। “আফচানা নামেৰে মাতিলে বেলেগ কাৰোবাক মতা যেন লাগিব নহয়নে অলংকৃতা”, তাইৰ মূৰৰ চুলিখিনি লিৰিকি আল্ট্ৰাছে কৈ উঠিল।

 অভিমানত মুখ ওন্দলি আহে তাইৰ। এই সাধাৰণ কথাটোকে ইমান দেৰিলৈ ভবা নাছিল কিয় তেওঁ? এই বিয়া কাৰ বিয়া? চুক্তিপত্ৰত উল্লেখ থকা আল্ট্ৰাছ আৰু আফচানাৰ বিয়া নে বাহুৱন্ধনৰত আল্ট্ৰাছ আৰু অলংকৃতাৰ বিয়া?

 সামঞ্জস্য হেৰোৱা কথা। এটি সৰু কথা। তাই কোনোদিনেই আফচানা নহ’ল। চৰকাৰী নথিপত্ৰৰ পৰা মানুহৰ মুখলৈকে অলংকৃতা হৈ ৰ’ল। অলংকৃতা হৈ শৰীৰ-মন-আত্মা সকলো আল্ট্ৰাছক সমৰ্পণ কৰিলে। মাথোঁ কাৱিলনামাত অলংকৃতা নামৰ অস্তিত্ব শূন্য হৈ ৰ’ল। আজি দহবছৰৰ মূৰত যেন কোনোবাই আহি তাইৰ ইতিকিং কৰি কৈছে, “তইঁতো কোনোদিনেই আল্ট্ৰাছৰ পত্নী নহ’লি। অতদিনে তই হৈ ৰ’লি বাৰাংগনা নাৰী”৷

 আসঃ! সম্বন্ধীয় ভিনিহিয়েকে লৈ আনিছিল সেই খবৰ। আল্ট্ৰাছক আজিকালি প্ৰায়েই ছোৱালী এজনীৰ সতে দেখা যায়। নিজৰ পৃথিৱীত জী উঠিবলৈ শিকা তাইজনীয়ে পৃথিবীৰ প্ৰশ্নবোৰৰ উত্তৰ দিব পৰা নাছিল, মুখৰ পৰা যেন ওলাই গৈছিল ভগা হিয়াৰ বিননি, “বিষ ভিনদেউ বিষ, আৰু একোকে নক’ব”।

 তাৰ পৰিৱৰ্তে মুখত হাঁহি এটি বিৰিঙাই কৈ উঠে তাই, ‘ব্যৱসায়ৰ খাতিৰতে ঘূৰি ফুৰিবলগীয়া হয় ভিনদেউ।”

 “অলপ ঘনিষ্ঠতা চকুত পৰিল কাৰণে ক’লো বেয়া নাপাবি”, ভিনিহিয়েকে পুনৰ কৈ পেলায়।

 চকুৰ পানীবোৰ অবাধ্য। মুহূৰ্ততে সৰি পৰে। থোকাথুকি মাতেৰে তাই কৈ উঠিছিল, “নক’ব ভিনদেউ নক’ব”।

 ভিনদেউজন ওলাই গৈছিল। শিলামূৰ্তিৰ দৰেই ৰৈ গ’ল তাই। শাৰীৰ আচল খহি বুকুখন উদং হৈ পৰিল।

[ ২৮ ] এৰা, বুকুখন সঁচাকৈয়ে উদং হৈ পৰিল। একোৱেই নাথাকিল তাইৰ বাবে। এৰাসুঁতিৰ দৰে এলাগী হৈ পৰিল তাইৰ চকুলো, ক’ৰবাত আপদীয়া বতাহজাকে সুযোগ পালেই শুনাবলৈ নেৰে, “তইতো কোনোদিনেই আল্ট্ৰাছৰ পত্নী নহ’লি। অতদিনে তই হৈ ৰ’লি বাৰাংগনা নাৰী”।

 সেই বাৰাংগনাৰ জুপুৰিলৈকে অতখিনি মোহ তাইৰ। দিনান্তত ক্লান্ত শৰীৰ জুৰ পেলাব পৰা এটি জুপুৰি। কেইবাদিনৰ ভ্ৰমণ সামৰি আল্ট্ৰাছে সেই জুপুৰিত আজি ভৰি থৈছে। অলংকৃতাই অফিচৰ পৰা ঘৰ গৈ পাওঁতে সেই জুপুৰিৰ শোৱাকোঠাৰপৰা ভাঁহি আহিছিল দুইপুত্ৰৰ কলকলনি। দুইপুত্ৰৰ লগত উমলি থাকোঁতে আল্ট্ৰাছো এটি শিশু হৈ পৰে। এইখিনি সময়ক কিদৰে অভিনয় বুলি কয় তাই? সঁচা-মিছাৰ ৰেখাডালে তাইক এইখিনিতে আঁচোৰ সানে।

 বাথৰূমৰ পৰা ওলাই তাই কিটচেনত সোমায়। আল্ট্ৰাছৰ খোৱাত বৰ চখ। বিয়াৰ সময়লৈকে খিচিৰিকণৰ বাদে বেলেগ একো ৰান্ধিব নজনা অলংকৃতাৰ হাতত বিয়াৰ পাছত ভিন ভিন ৰেচিপি প্রস্তুত হয়। কোনোদিনে নকৰা কামবোৰ বিনাদ্বিধাই মানি লৈছিল তাই। সৰু ঘৰখনিক পোহৰোৱাৰ প্ৰচেষ্টা অহৰহ চলি থাকে।

 আজি পিছে তাই আল্ট্ৰাছৰ চকুলৈ চাব পৰা নাই। তাইৰ অস্বাভাৱিক আচৰণ আল্ট্ৰাছৰ চকুত নপৰাকৈ থকা নাই। আগতেও তাই মাজে মাজে এনেদৰে মুখ ওন্দোলাই থাকে। ব্যস্ততাৰ মাজত সি ফোন কৰিবলৈ থাকি গ’লে, নতুবা বিশেষ কোনো দিনৰ কথা তাৰ মনত নাথাকিলে তাই এনে ওফোন্দবোৰ পাতে। সেই ওফোন্দবোৰ মিঠা, ক্ষন্তেক মৰমতে পমি যোৱা আজিৰ এই ওফোন্দ পিছে নজহা- নপমা, পমিবলৈ কোনো দ্ৰাৱক পদাৰ্থ বিচাৰি নোপোৱা। পিছফালৰ পৰা আল্ট্ৰাছ সোমাই আহি তাইৰ ডিঙিত সাৱটি ধৰালৈকে তাই ড্ৰেছিং আইনাৰ সন্মুখত বহি নিজকে খুঁটিয়াই খুঁটিয়াই চাই ৰ’ল। খেপিয়াই চুই চালে নিজৰ নাক-মুখ-ডিঙি-কাণ৷ কি আছিল উল্কিৰ মাজত, যি তাইৰ মাজত নাছিল, এই প্ৰশ্নই উত্তৰ বিচাৰি মগজুত তালফাল লগাইছে। তাইৰ উদাসী চকুহালৰ কাৰণ আল্ট্ৰাছৰ এতিয়াও জনা নাই। তাইৰ কান্ধত মূৰ গুঁজি দাপোণৰ পিনে চাই তেওঁ কৈ উঠে “কি হ’ল? গহীনাই আছা যে”।

 মৌন প্রহৰত ঠেকা খাই জীণ যায় সেই প্রশ্ন। মাজৰাতিৰ আকাশত তেতিয়া ত্ৰন্দনৰতা জোনালী। উমলিবলৈ লগত বুটা বছা তৰাজাক নাই। বাহিৰত মৈথুনৰত মেকুৰীৰ বিলাপ। লাইটটো বন্ধ কৰি অস্ফুট স্বৰেৰে তেওঁ সুধি পেলায়, “ইহঁত দুটা টোপনি গ’লনে বাৰু?”

 জীৱনত প্রথমবাৰৰ বাবে তাই বাৰাংগনাৰ অভিজ্ঞতা লাভ কৰিলে। জুপুৰিটো এটা অন্ধকাৰ দৈত্যই পহৰা দি থাকে। চাকিবোৰে মৰিশালিত মুখ লুকুৱায়। তাই অশুচি হয়।

++



(সাত)

 গভীৰ অৱসাদত নে আগৰ কেইবাটাও উজাগৰী নিশাৰ ফলত তাই পৰম তৃপ্তিত টোপনিত জীণ গ’ল। কোনোবাই যেন আঁতৰাই নিছিল তাইৰ আত্মা, শূন্যতাৰ জোলোঙাত পৰি ৰৈছিল ক্লান্ত শৰীৰ৷ একোৱেই মনত নাই তাইৰ! নিজৰ মৃত্যুৰ খবৰ পোৱা নাছিল, আল্ট্ৰাছৰ দুবাহুত পিষ্ট হোৱাৰ কথা তাই পাহৰিছিল। কুকুৰাই ডাক দিওঁতে খকমককৈ সাৰ পাইছিল তাই। সাৰ পাই দেখিছিল, খোপাটোৰ পৰা দীঘল চুলিখিন সুলকি পৰি আল্ট্ৰাছৰ উদং পিঠিত লিপিট খাই আছিল। আল্ট্ৰাছৰ নোমাল বুকুৰ উমাল পৰশত মুখ গুঁজি তাই তাৰ স’তে নিজকে মেৰ খাই থকা অৱস্থাত উদ্ধাৰ কৰিছিল।

 আসঃ কি হৈ গ'ল তাইৰ? এয়া হোৱাৰতো কথা নাছিল। বাৰে বাৰে সেই প্রশ্নটোতেই জিকাৰ খাই উঠিছে তাইৰ সৰ্বশৰীৰ। শ্বাৱাৰৰ শীতল পানীয়ে তাইৰ শৰীৰ শীত পৰা নাই। শাৰদীয় জোনটো মৰি ন-বেলি উঠিছে। সদ্যোজাত বেলিটিৰ ৰঙচুৱা আভা অকণ বাথৰূমৰ ভেণ্টিলেটৰেদি সোমাই আহিছে। চেম্পু কৰা চুলিখিনিত কণ্ডিশ্বনৰ অকণ সানি লৈ বেচিন মিৰৰখনলৈ চালে। এতিয়াও দহজনে ঘূৰি চাব পৰাকৈ নিটোল মুখনি তাইৰ। আল্ট্ৰাছৰ নিচা আনিব পৰাকৈ পদ্মিনী নাৰীৰ দৰে তাইৰ শৰীৰৰ গোন্ধ।

 তথাপি! [ ২৯ ]  তথাপি উল্কিয়ে তাইৰ সুখৰ পিয়লাৰ ভাগ কাঢ়ি নিয়ে। তাইতকৈ দহবছৰৰ সৰু উল্কি। এজনী সৰুফুটীয়া ছোৱালী উল্কি। সেই চঞ্চল ছোৱালীজনীয়ে পাহাৰী জুৰিটিৰ দৰে বৈ আহি তাইৰ প্রশান্ত মহাসাগৰৰ দৰে বিশাল বুকুত খুন্দা মাৰে। সেই সৰু ছোৱালীজনীয়ে তাইৰ অধিকাৰত চকু দিয়ে। শ্বাৱাৰৰ পানীৰ সৈতে উটি নাযায় এই অভিমান। বাথৰূমৰ পৰা ওলাই আহে তাই।

 টাৱেলেৰে তিতা চুলিখিনি মেৰিয়াই চকুত কাজল এলানি বোলাই ল’লে। আঁৰ চকুৰ চালে, আল্ট্ৰাছে টোপনিতে বিছনা খেপিয়াইছে। তাইকে খেপিয়াইছে নে? তাৰ অৱচেতন মনত এতিয়াও তায়েই সোমাই আছেনে? তেন্তে কঞ্জনীলে কোৱাৰ দৰে হোটেলৰ বন্ধৰূমৰ কাহিনীবোৰ সত্যনে? নে বিভ্ৰান্তিৰ মিছিল সেয়া?

 ভুলটো ক’ত হৈ যায়? বিচৰাবোৰৰ সংগতি নাথাকে কিয়? কিয় আল্ট্ৰাছৰ ওচৰত অভিমানেৰে পৰিপূৰ্ণ বুকু এখন লৈও তাই নিজকে সমৰ্পণ কৰে? উত্তৰত এথোপা দোমোজাৰ ফুল। কথা নহয় এয়া, দোমোজাৰে ভৰা সমীকৰণ মাথোঁ৷৷ নাই নাই, এই দোমোজাৰ পৰা তাই মুক্ত হ’ব লাগিব। তাই অসুবিধা পাইছে। এই কথাটোৰ বাবে নিজকে তাই সময় দিব পৰা নাই, দুইপুত্ৰৰ ওচৰত মন বহাব পৰা নাই। আনহে নালাগে, অফিচৰ কামতো মন দিব পৰা নাই।

 এনে এক দোমোজা লৈ অলংকৃতা বহি আছিল অফিচ চেম্বাৰত। চহৰৰ বিখ্যাত চৰ্মৰোগ বিশেষজ্ঞজনৰ ডিভোৰ্চ কেচৰ ফাইলটো তাইৰ ওচৰলৈ আহিছিল। তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল তেওঁৰেই বৈধ পত্নী ডাঃ তটিনীয়ে। সিহঁতৰ ডিভৰ্চ কেচটো হাতত লৈছিল অধিবক্তা কৃশানুৱে। চৈধ্যবছৰীয়া পুত্ৰৰ সতে পত্নীক এৰি আচামীজনে এগৰাকী যোড়শী গাভৰুৰ সতে সম্পর্ক গঢ়ি তুলিছিল। কৃশানুৱে কৈ গৈছিল, “জানেনে মেডাম, একদম ভণ্ড এই ডাক্টৰজন। কলেজত পঢ়ি থাকোঁতেই তেওঁলোকে বিবাহপাশত আবদ্ধ হৈছিল। চকুত তেতিয়া ন ন সপোন- প্ৰতিষ্ঠাৰ সপোন, ধন গোটোৱাৰ সপোন। বাইদেউৰেো তেনে সপোনেই আছিল। দুয়োজনেই একেলগে নাৰ্চিং হোম খুলিলে, দুয়োজনেই প্ৰতিষ্ঠিত হ’ল। যৌৱনৰ আচল সময়খিনি টকাৰ পাছত দৌৰোঁতেই গ’ল। যেতিয়া সময় পালে, তেতিয়া বাইদেউৰ মূৰত ৰূপালী ৰং আৰু ভিনদেউৰ দুহাত উপচাই ধন”।

 হুমুনিয়াহ এটা এৰিবলৈ সময় নৌহওঁতেই কৃশানুৱে মাত লগালে, “একে লগতে পঢ়া বাইদেউক পিছলৈ ভিনদেউৱে তলপেটৰ মেদখিনিৰ কাৰণেও ঠাট্টা কৰিছিল। সম্তানটোৰ খাতিৰত বাইদেউৱে সিমানখিনি সহি লৈছিল। কিন্তু যেতিয়া ভিনদেৱে কৃশাংগী বিউটিচিয়ানগৰাকীৰ অনামিকা আঙুলিত আঙুঠি পিন্ধালে, বাইদেউৰ সিদিনা সেন্দূৰ পিন্ধিবলৈ হাত কঁপিলে। পাগলীৰ দৰে হ’ল বাইদেউ৷ ল’ৰাটোৰ ক্ৰিকেট বেটখনেৰে খিৰিকীৰ গ্লাচ ভাঙিলে। তিনিমহলীয়া ঘৰটোৰ সমূহ সম্পত্তি চূৰ্ছুমৈ কৰিলে। চিঞৰি চিঞৰি পাহৰি গ’ল নিজক। পাহৰি গ’ল অতদিনৰ সাধনাৰ প্রস্তুত কৰি উঠা ধৈৰ্যৰ প্রতিমূৰ্তিটো। বাইদেউক এতিয়া এটা পৰিৱৰ্তন লাগে। সেই সম্পৰ্কটোত সোমাই থাকিলে বাইদেউ আক্ষৰিক অৰ্থত পাগলী হৈ যাব”।

 অনৰ্গল কৈ গৈছিল কৃশানুৱে। খিৰিকীৰে বাহিৰলৈ চাই আছিল তাই। চকুৰ আগলৈ আহিছিল মলিন চেহেৰাৰে শতচ্ছিন্ন সাজেৰে এটি নাৰীমূৰ্তি। কোনোবাই যেন সেই নাৰীমূৰ্তিক দেখুৱাই গৈছে, “চোৱা চোৱা এই পাগলীজনীলৈ চোৱা। জানানে, এসময়ত তাই খুব নামকৰা গাইন’কল’জিষ্ট আছিল”৷ নাৰীমূৰ্তিটো ক্ৰমাৎ যেন তাইৰ মাজত সোমাই গৈছে। তাইৰ শৰীৰ মেৰিয়াই এখন উৱলা চাদৰ, মূৰত জঁট বন্ধা চুলি। ল’ৰা দুটি ক’ত তাইৰ? নাজানে। নাজানে। আল্ট্ৰাছৰ বাহুবন্ধনত উল্কি। কৃশানুৱে কৈছে, “সেই সম্পর্কটোত সোমাই থাকিলে বাইদেউ আক্ষৰিক অর্থত পগলা হৈ যাব।” তাইক যেন কোনোবাই কৈছে, “এনেকৈ তই পাগলী হৈ যাবি”।

 দিনতে অজান এক দুঃস্বপ্নই খেদি ফুৰিলে তাইক। দুঃস্বপ্নটোৱে এস্কিম’ৰ দৰে তাইৰ বুকুত ইগলু সাজি ল’লে। ইগলুৰ ভৰত তাইৰ কলিজা সোঁতমোচ পৰে। ডিভোৰ্চৰ সপক্ষে কৃশানুৱে যুক্তি দাঙি ধৰে। এনে লাগে যেন কৃশানুৱে তাইৰে কথাবোৰ কৈ আছে। কিছুমান কথা জানিবলৈ মন যায় তাইৰ। জানিবলৈ মন যায়, সম্পৰ্ক খহাৰ লগে লগে হৃদয় খহেনে। এই যে আল্ট্ৰাছৰ গোন্ধৰে আমোলমোল সত্তাটো, এটি মাথোঁ চহীৰ পাছতে, সেই গোন্ধবোৰ তাই জোকাৰি আঁতৰাই পেলাব পাৰিবনে? পৰা হ’লেতো কথাই নাই। ৰবৰেৰে দাগবোৰ মোহাৰি নতুনকৈ জীৱনৰ প্ৰেমত পৰিব। ‘কিন্তু’ এটাত ভৰিহাল থমকি ৰয় তাইৰ, নিজকে প্ৰশ্ন কৰে, যদি নোৱাৰে তেতিয়া? কি হ’ব তেতিয়া? কথাবোৰৰ উত্তৰ বিচাৰি পোন্ধৰ বছৰ পিছুৱাই যায় তাই। [ ৩০ ]  “ইছলাম ধৰ্মটো অতি বাস্তৱিক। ইয়াত আৱেগতকৈ বাস্তৱৰ মূল্য বেছি”, চুইংগাম চোবাই চোবাই দুয়োটা সিদিনা কলেজৰ চিৰিটোতে বহি আছিল। বৰষুণ এজাকে বান্ধি থৈছিল দুয়োকে।

 “যেনে?”, আগ-গুৰি নোহোৱা বাক্যবাণত তাই ধ্ৰুৱমলৈ চাই ৰয়।

 “যেনে ধৰ, বহুপত্নী তথা ডিভোৰ্চৰ কথাটো। ইছলামত বহুপত্নীৰ ধাৰণাটোক ‘লিগেলাইজড’ কৰি থোৱা আছে। বিবাহেৰে এক উচিত মান্যতাও প্ৰদান কৰা হৈছে। তালাকৰ ব্যৱস্থাও আছে”। চিন্তাৰ সূতাত পাক লাগে তাইৰ, সুধি পেলায় পুনৰবাৰ, “গোটেই কথাবোৰ পুৰুষচালিত নহয়নে?”

 “হয়, পুৰুষচালিত হ’লেও নাৰীদমনৰ উদ্দেশ্যে এই নীতিসমূহ তৈয়াৰ কৰা হোৱা নাছিল। নাৰীক এক বিশেষ আসনত ৰখা হৈছিল। অৱশ্যে সম অধিকাৰৰ কথাটোত অলপ সন্দেহ আছে। যিহেতু বহুপত্নীৰ দৰে বহুপতিৰ ব্যৱস্থাটো প্ৰচলন কৰা হোৱা নাছিল”।

 অলপ পৰ ৰৈ সি আকৌ কৈ যায়, “কথাটো অৱশ্যে এনেদৰেও ভাবিব পৰা জনসংখ্যা বৃদ্ধিৰ বাবে বহুপত্নীৰ ধাৰণাটো অনা হৈছিল। হয়তো এয়া ধৰ্ম প্ৰচলনৰ এক কৌশলো হ’ব পাৰে”।

 ধৰ্মতত্ব, সমাজতত্বৰ কথাবোৰে তাইৰ মগজু বিন্ধে। কুৰি বছৰীয়া মগজুৱে বহুপত্নীৰ লগত জনসংখ্যা বৃদ্ধিৰ সম্পৰ্কটো মিলাব নোৱাৰে। সেয়ে পুনৰাই সোধে,

 “জনসংখ্যা বৃদ্ধিৰ লগত বহুপত্নীৰ সম্পৰ্কটো কি ধ্ৰুৱম?”, আজলীজনীৰ দৰে গালত হাত দি ধ্ৰুৱমলৈ উত্তৰৰ আশাত চাই ৰয়।

 “সেই আঁকৰীজনী! লাডেনক দেখা নাই, কিমানজনী পত্নী আৰু কিমানটা সন্তান। এগৰাকী পত্নী হোৱা হ’লে ইমানবোৰ সন্তান সম্ভৱ হ’লহেঁতেননে?”

 এইবাৰহে তাই বুজি পায়। বুজি তাই লাজ পায়। তাইৰ চিন্তাৰ শতমাইল আগত ধ্ৰুৱমৰ চিন্তাৰ দৌৰ। কিতাপৰ পাত লুটিয়াই ধ্ৰুৱমে কৈ যায় কথাবোৰ নিজে পঢ়া কথাবোৰতকৈ ধ্ৰুৱমে কোৱা কথাবোৰহে অতবছৰে তাইৰ মনত ৰৈ গৈছে। আজি তাৰ অভাৱ বৰকৈ অনুভৱ কৰিছে তাই। আজি তাইৰ মগজুত নতুন নতুন প্ৰশ্নৰ পোখা। তাই জানে অপতৃণৰ দৰে গজি উঠা এই প্ৰশ্নবোৰ তাতে মৰহিব, অথচ এই মুহূৰ্তত এই প্ৰশ্মবোৰে শুহি লৈছে জীৱনদায়িনী প্ৰতিটো পল।

 তাই অফিচলৈ ওলাই অহা সময়ত আল্ট্ৰাছৰ বিছনাতে আছিল। ঘৰখন বৰ প্ৰিয় তাইৰ। ঘৰখন আল্ট্ৰাছৰো প্ৰিয়। যদিওবা চিমেন্ট-ইটা-বালিৰে সজা ঘৰখন দুটি প্ৰাণীৰ মাজত অনবৰতে বৈ থাকে এক অজীৰ্ণ অভিমান, তথাপি ঘৰখনৰ মোহে বান্ধি ৰাখিছে দুয়োকে। ডিভোৰ্চৰ কথাটো মনলৈ আহিলে প্ৰথম সেই কষ্টটো অনুভৱ হয় তাইৰ। ঘৰখন যে তাইৰ হৈ নাথাকিবঙ্গ ঘৰটোৰ চুকত থকা কিতাপৰ আলমাৰীটো তাইৰ হৈ নাথাকিব, তাইৰ হৈ নাথাকিব ছাদৰ ওপৰৰ এৰিকাপামজোপাৰ লাহি পৰশ। আৰু কি কি তাইৰ হৈ নাথাকিব?আল্ট্ৰাছৰ তাইৰ হৈ নাথাকিব। চলচলীয়া চকুহাল হাঁহি এটা বিৰিঙাই দিয়ে ওঁঠত। তেওঁৰ পৰা বিচ্ছেদৰ নিমিত্তেই এই আয়োজন। তেনেস্থলত তেওঁ তাইৰ হৈ ৰ’ব, এই সপোন দেখাৰ যুক্তি ক’ত? বাহাৰুল ইছলামৰ নাটক এখন চাইছিল ধ্ৰুৱমৰ ‘স’তে তাই। ফাইনেল পৰীক্ষাৰ কিছুদিন আগৰ কথা সেয়া৷ ভগীৰথী নে কি জানো নাম আছিল নাটকখনৰ, এতিয়া পাহৰিছে তাই। নাটকখন চাই উঠি ছটফটাই মৰিছিল তাই। ধ্ৰুৱমৰ আগত এৰি দিছিল অবুজ মনে নুবুজা প্ৰশ্নৰ ভৰালটো,

 “কিয় ধ্ৰুৱম”?

 “কি কিয়”?

 “এই যে নাটকত দেখুৱালে, তালাক দিয়াৰ পাছত একেগৰাকী পত্নীক পুনৰ্বিবাহত প্ৰতিবন্ধকতা। মগজুত সোমাই থকা কিতাপৰ পাতবোৰ খৰকৈ লুটিয়াই কৈ যায় সি, “কথাবোৰ তেনেকুৱা নহয়। ইছলাম ধৰ্মত পতি পত্নীৰ মাজত কোনো কাৰণত মনোমালিন্য হ’লে তালাকৰ ব্যৱস্থা আছে। কিন্তু এয়া এক কঠিন সিদ্ধান্ত। পুৰুষজনক সিদ্ধান্ত ল’বলৈ এক সুস্থ পৰিৱেশ আৰু উচিত সময় দিয়া হয়। তাৰ পাছতহে চূড়ান্ত সিদ্ধান্ত লোৱা হয়”।

 “কিন্তু বিচ্ছেদ হৈ যোৱাৰ পাছত যে একেগৰাকীকে পুনৰ বিয়া পাতিব নোৱাৰে? [ ৩১ ]  “ঠিক নোৱাৰে নহয়, চৰ্ত সাপেক্ষে পাৰে। বিচ্ছেদৰ পাছত একেগৰাকী পত্নীৰ লগত পুনৰ বিয়া হ’বলৈ হ’লে পত্নীগৰাকীক বেলেগৰ স’তে এদিনৰ বাবে হ’লেও বিয়া দিব লাগিব।”

 “কিহৰ বাবে এনে ব্যৱস্থা ?”, তাই অধৈৰ্য হৈ পৰে।

 “এয়া পুৰুষজনৰ পূৰ্বৰ অপৈণত সিদ্ধান্তৰ প্রতি এক শান্তিমূলক বিধান”।

 “কিন্তু?”

 “ওমম। সেয়াই।”

 আচৰিত হৈছিল তাই। পুৰুষজনৰ শাস্তিৰ বাবে পত্নীগৰাকীয়ে মূল্য ভৰিব লগা হয়। এয়া কেনেধৰণৰ বিধান? যুগে যুগে চলি অহা বিধান এয়া। কাৰোৱেই আপত্তি নাইনে? মন গলেই পুৰুষে নাৰীক বেদীত থাপে, মন গলেই চিতা সাজে, প্রত্যেক সমাজৰে একেই নিয়মনে?

 “নাৰী মানেই নৰকৰ দুৱাৰ। মানুহৰ দুখ যন্ত্ৰণাৰ জন্মদাত্ৰী হৈছে নাৰী। এগৰাকী নাৰী যে নাৰী, সেই কথা জানিয়েই নাৰী লজ্জিত হোৱা উচিত”, ফাদাৰৰ বাণী পঢ়ি মূৰৰ তেজ উতলি উঠে তাইৰ। সেয়া মধ্যযুগীয়া চিন্তাধাৰা। পিছে আজিনো আমি ক’ত আছোঁ?

 একেই। একেই৷ একেই মন্ত্ৰ সকলোতে। পুৰুষক শিকোৱা হয় অৱদমনৰ মন্ত্ৰ। শৰীৰৰ দোহাই দি নাৰীক দাসত্বৰ বান্ধোনত ৰখাৰ প্রচেষ্টা সৰ্বত্ৰ।

 আৰু কিবা এটা সুধিম বুলি লওঁতেই ধ্ৰুৱমে পেকেটটি খুলি বাদাম গলিয়াবলৈ আৰম্ভ কৰিছিল। তাইৰ প্রশ্নবোৰে বতাহৰো কণ্ঠ ৰুদ্ধ কৰি থৈছিল। আন্ধাৰ চাৰিআলিটো পোহৰাবলৈ পৰ দি থকা ষ্ট্ৰিটলাইটবোৰে সমাজখন পোহৰোৱাৰ শক্তি গোটাব পৰা নাছিল। এদণ্ড মৌনতাত ওলমি ৰৈছিল প্রাসংগিক-অপ্রসাংগিক কথাবোৰ। ধ্ৰুৱমে ৰাস্তাটো পাৰ কৰি দিবলৈ তাইৰ হাতখনত খামুচি ধৰিছিল। হিল পিন্ধাৰ চখ এটা নতুনকৈ হৈছিল তাইৰ। সেই চখৰ ফলতে য’তে ত’তে উজুতি খাবলৈ লৈছিল তাই । এজাউৰি গালিৰে প্ৰতিবাৰেই খামুচি ধৰিছিল সি। প্ৰেমৰ গোন্ধ নথকা এক সম্পৰ্কৰে সি তাইৰ প্রতিটো খোজৰ দিশ নিৰ্ণয় কৰিছিল। খামুচি ধৰিবলৈ তেনে এখন হাতৰ এতিয়া বৰ প্রয়োজন তাইক। এনে এখন হাত, যিখন হাতে নিৰাশাৰ অতল গভীৰৰ পৰা তাইক তুলি ধৰিব। উজুতি খোৱাৰ নতুন চখটো খোজত আঠা লাগি ৰেছিল। সেই চখতে আল্ট্ৰাছৰ বিষয়ে একো নজনাকৈয়ে তাৰ লগত বিয়াত বহিবলৈ উঠি পৰি লাগিছিল। উজুটি খোৱাৰ চখ পূৰাই এইবাৰ তাইৰ মনলৈ বিচ্ছেদৰ দৰে প্রসংগ আহি পৰিছে।

 নহয়। নহয়। এয়া তাইৰ সিদ্ধান্ত নহয়। এয়া তাইৰ মানসিক প্রস্তুতিহে ৷ তাইৰ মনেৰে, প্রাণেৰে সাজি লোৱা কোঠালিবোৰত তাইৰ ছাঁটো নাথাকিব, শুই উঠিয়েই বাগানভেলিয়াজোপাৰ পৰশ লোৱাৰ অধিকাৰকণ তাইৰ নাথাকিব, সেই প্রস্তুতিতহে তাই বিতত হৈ পৰিছে। নিৰ্জীৱ বস্তু এটাৰ প্রতিও কিবা এক মোহ থাকে। কিতাপখনৰ প্রতি, নতুন কিতাপৰ ৰেকখনৰ প্রতি নতুবা শোৱা বিছনাখনৰ প্রতি তাইৰ অযুত ভালপোৱা ৷ অথচ কিয় এনে লাগে, এই ভালপোৱা যেন আল্ট্ৰাছৰ অনুগৃহিত ভালপোৱাহে ৷ আল্ট্ৰাছৰ মন গ’লেই যেন তাইৰ বাবে প্ৰস্থানৰ দ্বাৰ খুলি দিব, তেওঁৰ নিৰ্দেশ মানি পিছলৈ ঘূৰি চাব নোৱাৰাকৈ তাই অচিন বাটেৰে খোজ ল’ব। এই বাটত খোজ থমকি ৰলেও তাই যেন নিজহাতেৰে গঢ়া ঘৰটোলৈ নোচোৱাকৈ ওঁঠ কামুৰি পাৰ হৈ যাব।

 চেহ! কিবোৰ যে ভাবি আছে। তাইৰনো বাৰু ডিভোৰ্চৰ কথা ক’ৰ পৰা আহিল? তাইৰ দুটি সন্তানে দেউতাকক বিচাৰে, দেউতাকেও সিহঁতক বিচাৰে, আইনমতে সিহঁত মাকৰ লগত থকাৰ অধিকাৰ আছে। সিহঁত দুটিয়ে দেখোন সাঁকো হৈ ৰৈ আছে সিহঁতৰ মাজত। আচলতে কৃশানুৱে কৈ যোৱা ডিভৰ্চৰ কেচটোৱে তাইৰ মনগহনত যে আলোড়নৰ সৃষ্টি কৰিছে, সেয়া তাই নুবুজাকৈ থকা নাই। মনে মনে ভগৱানক খাটিলে, ভৰপূৰ সংসাৰ এখন কোনো নাৰীৰে হাতৰ পৰা খহি নপৰক। তাইৰ নিজৰ কথাবোৰো সামৰা দৰকাৰ। আজিয়েই তাই আল্ট্ৰাছৰ মুখামুখি হ’ব। স্পষ্টকৈ সুধিব উল্কিৰ কথা। সুধিব সেই সম্পর্কৰ গাঢ়তাৰ কথা।

 সিদ্ধান্ত এটা লৈ তাইৰ মনটো কিছু পাতল হ’ল। তাই ঘৰলৈ বুলি বাট পোনালে। গাড়ীৰ খিৰিকীৰে দেখিলে, প্রকাণ্ড গেটখন পাৰ হৈ বিশালৰ গাড়ীখন সোমাই আহিছে। তাইলৈ চাই সি সেমেকা হাঁহি এটা এৰিলে। বিশাল হয়তো দুই এদিনতে যাবগৈ। বিশালৰ লগত বৰ আন্তৰিকতা অনুভৱ কৰে তাই। কষ্টৰ সময়খিনিত সি [ ৩২ ] তাইৰ কাষত আছিল। সি হয়তো জনা নাছিল তাইৰ বিধ্বস্ততাৰ কাৰণ, কিন্তু কাষত আছিল। ভাললগা ধৰেণেৰে ৰৈ আছিল সি। অনুভৱ কৰে তাই, প্ৰেমৰ উৰ্ধতো আচলতে কিছুমান সম্পৰ্ক আছে, যিয়ে তুলি ধৰে অজানিতে খহি পৰা আকাশখন। আন্তৰিকতা দুই ওঁঠৰ শব্দত নাথাকে, আন্তৰিকতা শৰীৰৰ স্পৰ্শতো নাথাকিব পাৰে, আন্তৰিকতা থাকে অনুভৱত। যি অনুভৱে জীপাল কৰি ৰাখে খৰাঙৰ ৰ’দত ছিৰালফাট বিচৰ৷ পথাৰখন, আন্তৰিকতা থাকে অনুভৱত।

 তাইৰ মন গ’ল কাৰোবাৰ ওচৰত যেন বুকুখন উদঙাব। কৈ যাব তাইৰ বিলাসী ঢঙৰ উদং জীৱনৰ কথা৷ কঞ্জনীলে দুদিনৰ পৰা ফোন কৰা নাই। ধ্ৰুৱম হেৰাই যোৱাৰ খবৰত শেলুৱৈ গজিছে। ককায়েকটো তাইৰ বন্ধুৰ দৰে হৈ পৰিলেও এইবোৰ কথা ককায়েকক কোৱা নাযায়। ছোৱালী বন্ধু তাইৰ নাই। বেছিভাগ ছোৱালীৰ লগতে তাইৰ কিছু কিছু অনুভৱৰ তাৰতম্য ঘটে। তাই নিতান্তই সুক্ষ্ম অনুভূতিসম্পন্ন আৱেগিক ছোৱালী। কথাই প্রতি চকুলো সামৰি থ’বলগীয়া হোৱাকৈ আৱেগিক তাই। চুলিখিনিৰ মাজত এনেয়ে তাই হাতৰ আঙুলিকেইটাৰে লিৰিকি দিয়ে। পাট-সূতাৰ কোমলতাৰে ঢৌ খেলোৱা একোছা চুলি, আগলৈ বৈ পৰা, মুহূৰ্ততে প্ৰেমত পেলাবপৰা।

 ঘৰ পাই দেখে, পুত্ৰদ্বয় ৰুবিক্স কিউব মিলোৱাত ব্যস্ত৷ কোনোমতে এটা পৃষ্ঠও সিহঁতে মিলাব পৰা নাই। নোৱাৰাৰ কথাই। তাইয়ে আজিলৈকে সম্পূৰ্ণকৈ মিলাবলৈ নিশিকিলে। তথাপি সিহঁতক সহায় কৰি দিওঁ বুলি ওচৰতে বহি ল’লে। খেলিমেলি হৈ থকা নীলা ৰঙৰ পৃষ্ঠটো মিলাবলৈ আপ্ৰাণ চেষ্টা দুয়োটিৰে। সৰুটিৱে অৱশ্যে বুদ্ধি এটা দিছে, গোটেইবোৰ খুলি আকৌ নতুনকৈ সজাই ল’বলৈ। তাই গৈ নোপোৱা হ’লে সিহঁতে চাগৈ অতপৰে ৰুবিক্স কিউবটো খুলি এটা এটাকৈ মিলাই গ’লহেঁতেন। তাই হাতত কিউবটো তুলি লৈ দুয়োটিকে শিকাবলৈ লাগি গ’ল,

 “এবাৰ ক্ল’কৱাইজ, এবাৰ এন্টিক্ল’কৱাইজ, এইবাৰ ওপৰলৈ ঘূৰাই লোৱা।”

 “এয়া চোৱা, নীলাৰ বিপৰীতে সদায় সেউজীয়াই হ’ব। বগাৰ বিপৰীতফালে সদায় হালধীয়াই হব, ৰঙাৰ বিপৰীতে সদায় কমলাই হ’ব। এয়া ৰুবিক্স কিউবৰ নিয়ম”।

 দুয়োটাই মন দি চাইছে৷ সেউজীয়া ৰঙৰ ওপৰৰ পৃষ্ঠটো মিলি গ’ল। সৰুটোৱে ফুৰ্তিতে হাত চাপৰি বজাবলৈ আৰম্ভ কৰিলে। মাজৰ স্তৰটি মিলাবলৈ কিউবটো ইফালে সিফালে পকাই থাকোঁতেই ছাদৰ ওপৰত আল্ট্ৰাছৰ মাত শুনা পালে। কিছু উত্তেজিত, কিছু উচ্চত্তৰৰ অসংলগ্ন কথাৰ টুকুৰা কিছুমান আহি তাইৰ কৰ্ণকুহৰত টোকৰ মাৰিলে।

 “তোক ফটোবোৰ কোনে দিলে তাৰ নাম ক”, সেয়া আল্ট্ৰাছৰ মাত।

 “মই সিহঁতক সুদাই নেৰোঁ। কোনে এই ষড়যন্ত্ৰ কৰিছে সেইজনৰ নাম লাগে মোক”, পুনৰবাৰ আল্ট্ৰাছৰ উত্তেজিত কণ্ঠ।

 “গিৰিয়েকটো হৈ তই কিয় তাইক অকলে ইয়াত এৰি থৈ গৈছিলি?”

 তাই বুজিলে, ফোনৰ সিপাৰে কঞ্জনীল। দুয়োৰে মুখত উল্কিৰ নাম। তাই নাই। সেই বাৰ্তালাপৰ ক’তোৱেই তাই নাই। অই স্পষ্টকৈ বুজি পালে সেই কথা। ইমূৰৰ পৰা নিৰৱচ্ছিন্ন সোঁতত বৈছিল গালিবৰ্ষণ। আল্ট্ৰাছৰ মাতত আছিল ধাতৱীয় কঠোৰতা। তেওঁৰ মুখমণ্ডল দানৱীয় হৈ পৰিছিল। নিজৰ দোষ স্বীকাৰ কৰি ল’ব পৰা মানসিকতা তেওঁৰ তেতিয়াও অহা নাছিল। তাই সুধিম বুলি ভাবি থকা কথাবোৰ কঞ্জনীলে ফোনত আল্ট্ৰাছৰ আগত সদৰি কৰিছিল। বৰ নগ্নভাৱে দুয়ো তৰ্কযুদ্ধত লিণ্ড হৈছিল। তাই লাহে লাহে ছাদৰ ওপৰ পালেগৈ।

 উল্কিক লৈ আল্ট্ৰাছ আৰু কঞ্জনীলৰ মাজত তেতিয়ালৈকে চলি আছিল ভীষণ গালি-গালাজ ৷ অত এব মৌন সন্ন্যাসিনীৰ ৰূপ ধাৰণ কৰা তাই আল্ট্ৰাছৰ পৰা নাতিদূৰত ঠিয় দি ৰ’ল। ক’লৈ যায় তাই? এই ঘৰৰ মুকলি বতাহকণ এতিয়া আবদ্ধ হৈ ৰৈছে ছাদৰ ওপৰৰ একোণত ৷ তাইক দেখি আল্ট্ৰাছে ফোনটো কাটি দিলে। মুখখন তেওঁৰ শুকান। হাফপেন্টৰ পকেটৰ পৰা তেওঁ লাইটাৰটো উলিয়াই এটাৰ পাছত এটাকৈ চিগাৰেট টানি গ’ল। কপালত তেওঁৰ বিন্দু বিন্দু ঘাম। ঘাম আৰু চিগাৰেটৰ গোন্ধৰ নিচাই আইক আগৰ দৰে বাউলী নকৰিলে। এই ঘামৰ কাৰণ তাই নহয়, উল্কিহে। এই চিগাৰেটৰ ধোঁৱাকণো তাইৰ নামৰ নহয়। এলাগী অনুভৱ এটাই তাইক চুই [ ৩৩ ] গ’ল। তলৰ কোঠাৰ পৰা দুইপুত্ৰৰ খিলখিলনি শুনা গৈছে। দেউতাকে আনি দিয়া ছয়ৰঙী কিউবটোত সিহঁতে খুব ফুৰ্তি পাইছে৷ ৰান্ধনিশালত প্ৰেছাৰ কুকাৰৰ হুইছেলটো বাজি উঠিছে। আল্ট্ৰাছৰ মুখখন দানৱীয় হৈ পৰিছে। মুখেৰে ভোৰভোৰাই তললৈ নামি গ’ল তেওঁ, “মই সিহঁতক সুদাই নেৰো। মোৰ উন্নতি দেখি সিহঁতৰ জ্বলন হৈছে। মোৰ বিপক্ষে সিহঁতে কন্সপিৰেচি কৰিছে। মোৰ মোবাইল ফোন হেক কৰিবলৈ আহে। চাই ল’ম সিহঁতক মই।”

 তাইৰ মুখৰ পৰা এটা শব্দ ওলাই নাহে। আল্ট্ৰাছৰ চিন্তাৰ পৰিধিত তাই আহত হয়। তেওঁৰ চিন্তাৰ জালখনত তাই নাই, তেওঁৰ ফোন হেক কৰাজনৰ বিৰুদ্ধেহে তেওঁ আস্ফালন কৰি আছে। তাই যে দুখ পাইছে, এই কথা তেওঁৰ মনলৈ এবাৰো অহা নাই। নাই, নাই, এই দম্ভালিক লৈ দুখ কৰা নাযায়। এই দম্ভৰ প্ৰেমত বাউল হোৱা নাযায়। কোনোবাই যেন তাইক কৈ গৈছে, “অলংকৃতা নিজৰ ভৰি নিজে সবল কৰ। এই পৃথিৱীত কোনো কাৰো হৈ নাথাকে।”

 এৰা, কোনোৱেই কাৰো হৈ নাথাকে। এই তত্বটোৱে তাইৰ বহুতো প্ৰশ্নৰ উত্তৰ দি গ’ল। হঠাতে বিজুলী-বাতিবোৰ বন্ধ হৈ চৌপাশে আন্ধাৰ হৈ পৰিল। আন্ধাৰৰ মাজত তাইৰ ছাঁটোও লুকাই পৰিল। তাই যেন নিজকে কৈ উঠিল, “দেখিলিনে কৃতা, আন্ধাৰ ৰাস্তাত ছাঁটোৱেও লগ এৰে।”

 ক’ৰবাৰ পৰা ছাঁটোৱে গৰগৰাই উঠিল, “মই তোৰ লগতে আছোঁ, আন্ধাৰ বাবে তইহে মোক দেখা নাই”।

 পুনৰবাৰ হতাশাৰ মুখখন ভাঁহি আহিল, “ইমান আন্ধাৰ। পথটিও নিতাল নিজম ৷ নিঃসংগ খোজবোৰ সাৰথি কৰি কেনেকৈ আগুৱাবি কৃতা?”

 ছাঁটোৱে হা হা হা কৈ হাঁহি উঠিল, “আৰে তইতো তাৰকা। আন্ধাৰতেই জিলিকিবি তই।”

 উল্কি আৰু আল্ট্ৰাছৰ প্ৰেমৰ বাটত তাই খলনায়িকা নেকি এই চিন্তা মনলৈ আনি পুনৰবাৰ তাই হতাশ হৈ পৰিল, প্রশ্ন কৰিলে আকৌ, “সেইবোৰ বাৰু সৱ ঠিক আছে। কিন্তু এই যে খলনায়িকাৰ অনুভৱ, এই অনুভৱটোৱে মোক খাবলৈ নিদিয়ে, শুৱলৈ নিদিয়ে। কি কৰো ক?

 “আৰে পাগলী, কিতাপ-কলম-কবিতা-গান যাৰ সংগী, তাক এই অনুভৱে চুই যায় কেনে কৰি? তই জী আছ, এইটো এটা সত্য আৰু প্রতিটো সত্যই সুন্দৰ।”

 বিশাললৈ মনত পৰিল তাইৰ৷ তেওঁ কৈছিল, যিয়ে আপোনাক পিছলৈ টানিছে, সিয়েই আপোনাক বহুত খোজ আগুৱাই নিব”।

 আত্মকথনে তাইৰ জ্ঞানৰ অক্ষি মুকলি কৰি চৌপাশ মুখৰিত কৰি তুলিলে। তাইৰ খোজবোৰে নতুন গতি ল’লে। কাণত বাজি থাকিল প্ৰিয় গানৰ কলি,

 “জীৱনে ৰং চায়, ৰঙে আঁকে ৰামধেনু।”

++


(আঠ)

 দুয়োজনৰে কাজিয়াবোৰ তুংগত উঠিছে। অলংকৃতাৰ পৰা কথাবোৰ লুকুৱাবলৈকে বাৰে বাৰে আল্ট্ৰাছৰ ছাদৰ ওপৰ পায়গৈ। ছাদৰ ওপৰত আকৌ উত্তেজিত হৈ সকলোৱে শুনাকৈ চিঞৰি চিঞৰি কথা পাতে। কথানো কি? আল্ট্ৰাছৰ আৰু কঞ্জনীলৰ মাজত চূড়ান্ত নিম্ন পৰ্যায়ৰ গালি গালাজ কিছুমান । সেই গালি গালাজত কোনেও কাৰো কথা শুনা নাই। দুয়োজনে দুয়োজনক দোষাৰোপ কৰি গৈছে। তাই তলৰ মহলাত জুপুকা মাৰি বহি আছে। এবাৰত চক খাই তাই কঁপি উঠিছে। এবাৰত ধ্ৰুৱমৰ কথাবোৰে তাইক এই কোলাহলৰ পৰা আঁতৰাই আনে।

 “কৃতা, এই যে মানুহবোৰে কাজিয়া কৰিলে নতুবা গালি পাৰিলে ইমান চিঞৰি চিঞৰি কথা কয়, কিয় তেনেদৰে চিঞৰি চিঞৰি কথা কয় জানানে বাৰু?”, কলেজৰ পৰা ঘৰলৈ বুলি বাছষ্টেণ্ডত ৰৈ থাকোঁতে দুজন বাছ-আৰোহীৰ মাজৰ কাজিয়াখন উপভোগ কৰি ধ্ৰুৱমে সুধি পেলাইছিল।

 “কিয় চিঞৰি কথা কয় আক’? খং উঠে সিহঁতৰ। খঙত উত্তেজিত হয়। সেইবাবে কয়”, নভবাকৈয়ে কৈ [ ৩৪ ] দিয়ে তাই।

 “বাৰু তেতিয়াহ’লে প্ৰেমিক-প্ৰেমিকাবোৰে ইমান চিঞৰি কথা নাপাতে কিয়?”, সি আকৌ সোধে তাইক।

 “ধেৎ, চিঞৰি কথা ক’লে আনে নুশুনিব নেকি? লাজ নাপাব নেকি সিহঁতে?”, চকুহাল পকাই ধৰে তাই।

 “নহয় অ’। চাবিচোন, সিহঁতৰ ওচৰত কোনো নাথাকিলেও সিহঁতে চিঞৰি চিঞৰি কথা নাপাতে”, উভতি ধৰে সি।

 এৰা নাপাতেতো। শিপ্ৰাবা আৰু অংকুশদাদাই আজিলৈকে কথা পতা তাই দেখা নাই। অথচ দুয়োটাকে হাতে হাতে ধৰি ওচৰা ওচৰিকৈ নিৰ্জন পাৰ্কত বহি থকা প্ৰায়েই দেখে সিহঁতে। প্ৰেমৰ মদিৰা পানত ব্যস্ত থাকে দুয়ো নৈঃশব্দৰ মুখৰাত যেন মুখৰিত হৈ থাকে প্ৰেমিকযুগলৰ সময়বোৰ। শব্দ নাই, অথচ কিমান প্ৰশান্তিময় এক গুঞ্জনেৰে গুঞ্জৰিত সেই সময়। মুখেৰে নোলায় এটি শব্দ, অথচ বুকুৰে বয় শব্দৰ মিছিল, চকুত বিলীন হোৱাৰ স্বপ্ন। এয়ে হয়তো প্ৰেম।

 দূৰৈৰ পাহাৰটোলৈ চাই পঠিয়ায় তাই। এনেকুৱা এটা নিৰ্জন টিলাত যদি তাইৰ স’তে থাকে আকাংক্ষিত প্ৰেমিকজন, কি যে ভাল লাগিব তাইৰ! কিন্তু এই যে ধ্ৰুৱম, তাইক অলপ সময়ৰ বাবে কল্পনাৰ জগতত বিচৰণ কৰিবলৈকো নিদিয়ে। অনবৰতে মুখখনেৰে পেকপেক কৰি থাকিব সি।৷ তাই অলপ ভাবুক হবলৈ পালেহে, চিঞৰিলেই আকৌ,

 “অই তোক কিবা কৈ আছোঁ, শুনিছনে নাই?”

 “হা! ”, কল্পনাৰ জগতত ভ্ৰমি আছিল তাই, ধ্ৰুৱমৰ খহটা চিঞৰটোত উভতি আহে, চকুহাল মেল খাই যায়, সোধে, “কি কৈ আছিলি ধ্ৰৱম?”

 “কিনো ভাবি থাক তই? বাৰু শুন, এই যে চিঞৰি চিঞৰি কথা পাতি থকা এই দুজন লোক, জাননে দুয়োজনৰ মনৰ মাজত বহুযোজন দূৰত্ব। গতিকে যিমান চিঞৰি চিঞৰি ক’লেও সিহঁতে ইজনে সিজনৰ কথা শুনা নাই। আৰু এই যে প্ৰেমিকযুগল, যেনে, শিপ্ৰাবা তাৰু অংকুশদাদা, তেওঁলোক মানসিকভাৱে ইমানেই ওচৰত যে তেওঁলোকৰ কথা কোৱাৰ কোনো প্ৰয়োজন নাই, চকুৰ ভাষাতেই ইজনে সিজনৰ কথা বুজি পায়।”

 “আৰে। হয়তো কথাটো। তোক কোনে ক’লে অ’ এইবোৰ কথা?”, তাই চিন্তা কৰি আঙুলিত লেখ ধৰে। কথাবোৰ সঁচা। কাজিয়া কৰা মানুহবোৰে ইজনে সিজনৰ কথা নুশুনে বাবেইতো ইমানকৈ চিঞৰে। ই যে ইমান কথা কেনেকৈ জানে? তালৈ কিবা এটা মৰম লাগি যায় তাইৰ। মৰমতে চিকুটি দিয়ে গালখনত। দুখ পাই সি তাইৰ চুলিকোছাত ধৰিবলৈ খেদি যায়। খেদাখেদি কৰি সিহঁত বাছখনত উঠেগৈ। বাছখনত মাত্ৰ এটা চিট থাকে। সি তাইক বহিবলৈ দি কাষতে থিয় দি থাকে। সেই সময়ত তাক বৰগছজোপাৰ দৰে ওখ আৰু বিশাল যেন দেখা যায়।

 তাই নাজানে, কি নাম সেই সম্পৰ্কৰ। নাজানে তাই, পুৰুষ আৰু মহিলাক সহজে বান্ধিব নোৱাৰা বন্ধুত্বৰ সম্পৰ্কই আছিল নে সেয়া? সৰু চহৰখনৰ সৱেই চিনি পাইছিল সিহঁত দুয়োটাকে, সকলোৱেই মৰম কৰিছিল দুয়োকে আৰু সেই চহৰখনৰ মানুহবোৰৰ মনবোৰ ইমানেই বহল আছিল যে কোনোদিনেই সিহঁতৰ বন্ধুত্বৰ ওপৰত আঙুলি পৰ্যন্ত নুঠালে। শেষলৈ ধ্ৰুৱমহে আনমনা হৈ ভাবুক হৈ পৰিছিল, দ’ম দ’ম কাগজ-কিতাপৰ মাজত আবদ্ধ হৈ পৰিছিল সি। তাই গৈ কেতিয়াবা তাক ৰূমত শুই থকা দেখিলে বন-খৰিকাৰে কাণত লৰফৰাই দিয়ে, সি তাইলৈ চকু মেলি চাই শেঁতা হাঁহি মাৰে। সেই হাঁহিটো এতিয়া তাইৰ বাবে দুৰ্বোধ্য, সেই ধ্ৰুৱম এতিয়া তাইৰ বাবে দুষ্পাপ্য।

 সেই সময়ছোৱা পাৰ কৰি তাই আইনৰ ডিগ্ৰীৰ বাবে সৰু চহৰখন এৰিলে। ফাঁট মেলা বাটৰ পোৱালিবোৰৰ কোনোবা এটাৰে ধ্ৰুৱমৰ স্মৃতিও সৰকি গ’ল। সময়বোৰ সৰকি গ’লনে তাই ধৰি ৰাখিব নাজানিলে, সেই কথা তাই নুবুজিলে। এতিয়াহে অনুভৱ হয় তাইৰ, শিমলুজোপাৰ কেঁকুৰিতে হেৰাই যোৱা সেই মধুময় পলৰ গুৰুত্ব যে অপৰিসীম হৈ ৰেছে প্ৰতিক্ষণত। বৰকৈ অভাৱ অনুভৱ হয় ধ্ৰুৱমৰ দৰে এখন সহৃদয়ৰ, অভাৱ অনুভৱ হয় খোজে প্ৰতি উজুটি খোৱা তাইজনীক তুলি ধৰিব পৰাকৈ এখন বিশ্বাসী হাতৰ।

 “এই ধ্ৰুৱম! ক’ত আছ তই? তোক বিচাৰি ফুৰিছোঁ পৰ্বতে, ভৈয়ামে, মনৰ সীমনা পাৰ হৈ দিগন্ত ভেদিছোঁ, [ ৩৫ ] ‘তই নাই’-এই খবৰত হুমুনিয়াহ এৰিছোঁ”, এনেকৈয়ে নিজকে নিচুকাই লয় কেতবোৰ পৰত অলংকৃতাই।

 সেই নিচুকণিৰে মনটোক নিচুকাই থাকোঁতেও ওপৰৰ পৰা ভাঁহি অহা গালিৰ টুকুৰাবোৰে তাইক বৰকৈ আমনি কৰিছে। নুশুনো বুলি ভাবিলেও দুটামান কথা বুজি পাই তাইৰ অন্তৰাত্মা কঁপি উঠিছে। তাইৰ সুখৰ দৌলত দেও লগা সময়ে যেন ভুমুকি মাৰি চাই ৰয়৷ কঞ্জনীলে ভাবুকি দিছে আল্ট্ৰাছক ৷ তেওঁৰ সন্মান লাঘৱ কৰাৰ ভাবুকি দিছে। বিনিময়ত আল্ট্ৰাছেও কঞ্জনীলক শেষ কৰি দিয়াৰ ভাবুকি দিছে। চকুৰ আগলৈ ভাঁহি আহিছে সেই দৃশ্য, পৰকীয় প্ৰেমৰ খবৰ বিলোৱাৰ দৃশ্য৷ কথাবোৰ পাগুলি পাগুলি তাই আলমাৰীৰ জপা কাপোৰবোৰকে উলিয়াই জাপি থাকিল। ল’ৰা দুটাক তাই ভাত খুৱাই শুৱাই দিলে। সিহঁতৰ ভাত-পানী চেঁচা হ’ল। আল্ট্ৰাছৰ তাইৰ সন্মুখীন হ’ব পৰা নাই। তাই তলত থাকিলে আল্ট্ৰাছ ওপৰলৈ যায়, তাই ওপৰলৈ গ’লে আল্ট্ৰাছ তললৈ নামি আহে। তায়ো কিবা এক সংকোচেৰে শোৱনি কোঠাৰ পৰা ওলাই আহিব পৰা নাই। শোৱনি কোঠাৰ খিৰিকীখনেৰে চাই ৰয় তাই। আঁটি আঁটি বান্ধি থোৱা ডাঠ পৰ্দা ভেদি তাইৰ মনৰ জুইত জাহ যাবলৈ কাষ চাপি আহিব পৰ| নাই চগাপাখি। অথচ এসময়ত খোল৷ খিৰিকীৰে এই বাটেদিয়েই নামিছিল মুঠি মুঠি জোনাক। সোণৰ পালেঙত তগবগাই দৌৰিছিল তেজাল সপোনৰ ঘোঁৰা। এই বাটেদিয়েই নামিছিল দিগন্ত বিয়পা নীলিমাৰ টুকুৰা। সেই খিৰিকীখন এতিয়া বন্ধ। বাহিৰৰ বতাহজাকে তাইৰ খবৰ ল’বলৈ বাৰে বাৰে বন্ধ খিৰিকীত খুন্দা মাৰিছে৷ জোনবাইজনীয়ে তাইলৈ জুমি চাইছে। তাইৰ শূন্যতাৰ ওপৰত উবুৰি খাই পৰিছে ব্যভিচাৰৰ পৃথিৱী।

 “ মোৰ ক্ষুদ্ৰ পৃথিৱী, মোকেই কিয় ঠগিলি, কিয় মোৰ সৰল অংকবোৰত জটিল সূত্ৰ ঢালিলি?”, তাইৰ বিলাপত তাইৰ শৰীৰৰ পৰা মাংস খহে, খহি পৰে তাইৰ অতদিনৰ সঞ্চিত সম্ভাৰ।

 “এতিয়াও কি বাকী আছে মোৰ? নিজৰ বুলিবলৈ অকণমান অহংকাৰ বাকী আছেগৈনে? আছেনে আত্মত্যাগৰ ক্ষমতা?”

 কোনোবাই সোঁৱৰায় তাইক, এয়াতো শাশ্বত সত্য । এয়াতো প্রকৃতিৰো সূত্ৰ। কোনে কয় মানুহ একগামী? মানুহ দেখোন স্বভাৱগতভাৱেই বহুগামী ৷ মানুহক কপৌৰ সতে তুলনা কৰা নাযায়। ধনেশ পক্ষীৰ দৰে একসুৰীয়া প্রেমৰ গীত নাগায়

 মানুহে৷ হলৌ-বান্দৰৰ দৰে সম্পর্কৰ বন্দিত্বৰে মানুহৰ সম্পর্কবোৰ আস্থায়িত নহয়। মানুহ প্রকৃতিগতভাৱেই বহুগামী। তেতিয়াহলেনো আল্ট্ৰাছৰ ভুল ক’ত? মানুহে কৰিব বিচৰা কামেইতো কৰিছে আল্ট্ৰাছে , অথচ মানৱজাতিৰ এই সহজাত আচৰণত কিয় কষ্ট পায় তাই?

 প্রশ্নবোৰে পকনীয়াৰ ৰূপ লয়। সেই পকনীয়াত জাহ যায় কিছু বিভ্ৰান্তি। সহনশীলতাৰ পৰীক্ষা কৰি তাইৰ মনটোক উত্তৰবোৰ দাঙি ধৰে।

 “ইয়াৰ মাজতে সমাজৰ সৃষ্টি হ’ল। সৃষ্টিৰ স্বাৰ্থত পৰিয়াল সৃষ্টি হ’ল। প্ৰৱৰ্তন হ’ল বিবাহ ব্যৱস্থাৰ। বিবাহ ব্যৱস্থাই সম্পৰ্কবোৰ মজবুত কৰিলে। আস্থা বাঢ়িল, বাঢ়িল প্ৰেমৰ দৰে স্বর্গীয় অনুভূতি।

 এৰা। প্ৰেমেই অন্ত পেলালে বহুগামিতাৰ। একমাত্ৰ প্ৰেমেই মানুহক পৃথক কৰি আনিলে আদিমতাৰ জগতৰ পৰা। প্ৰেমত মগ্ন হৈ মানুহে কবিতা ৰচিলে, সুৰ দিলে, সুৰবোৰে আত্মা জুৰ পেলালে, আত্মাই বিশালতাৰ সূত্ৰ শিকালে।

 বিশালতা!

 শূন্য এটাৰ দৰে গোল গোল উত্তৰবোৰ বাগৰি আহি তাইৰ ভৰিত থমকি ৰ’ল। বিশালতা আৰু শূন্যতাৰ সম্পৰ্ক মহাজাগতিক সম্পৰ্ক। শূন্যতাবোৰ আঁকোৱালি লৈও আকাশখন বিশাল। একেই শূন্যতাখিনি বুকুত সাৱটি ধৰিও বিশাল হৈ উঠিব নোৱাৰিবনে তাই? প্ৰেমৰ হাজাৰ ৰঙৰ ত্যাগেৰে শুকুলা হৈ নুঠিবনে তাই?

 প্রেম হেনো বহুৰঙী। কেতিয়াবা প্রেমৰ ৰং সেউজীয়া, যেতিয়া হৈ থাকে ই আস্থাৰ প্রতীক। কোনো এদিন প্রেমৰ ৰং ৰঙা, তেতিয়া ই আকুলতাৰ প্রতীক। এই সময়ত প্ৰেমৰ ৰং হালধীয়া, ই এতিয়া ত্যাগৰ প্রতীক। কেতিয়াবা প্ৰেমৰ ৰং নীলা, ই তেতিয়া বিৰহৰ প্রতীক ৷ যেতিয়া প্ৰেমৰ ৰং বেঙুনীয়া, তেতিয়া ই জটিলতাৰ প্রতীক হৈ পৰা এক উন্মাদনা। [ ৩৬ ] আল্ট্ৰাছ-কঞ্জনীল-উল্কিৰ মাজৰ কথাবোৰত তাই বেঙুনীয়া ৰঙৰ আভা দেখিলে। জটিলৰ পৰা জটিলতম হোৱাৰ উপক্ৰম ঘটিছে কথাবোৰৰ। কথাবোৰৰ মাজত তাই হৈ ৰৈছে মাথোঁ এখন হেলনীয়া দলং। তাইৰ বুকুৰ দলং গচকি সেই গধুৰ সময়বোৰ দোপ দি দি পাৰ হৈ গৈছে। জানে তাই, এই সময়খিনি পাৰ হৈ গ’লেই আকৌ মধুৰতম সময়। এয়েতো প্ৰকৃতিৰ নিয়ম। কেতিয়াবা ইয়াত বজ্ৰপাতৰ কঠোৰ হুংকাৰ, কেতিয়াবা আকৌ মৃদু মলয়াৰ কোমল বাংকাৰ।

 ছাদৰ ওপৰৰ পৰা ভাঁহি অহা হুংকাৰবোৰৰ যৱনিকা পৰক। লাগিলে তাই ত্যাগ কৰিব নিজস্ব অধিকাৰ। কি বিচাৰেনো আল্ট্ৰাছে? উল্কিক একেবাৰে নিজৰ কৰি পাব বিচাৰেনে? বিচাৰে চাগৈ, সেয়েতো ইমান তৰ্জন-গৰ্জন কৰি আছে। তাইৰ উপস্থিতিকো আওকাণ কৰি সেয়ে তেওঁ উল্কিৰ সপক্ষে যুক্তি গোটাই গৈছে।

 “ঠিকেই আছে আল্ট্ৰাছ৷ তুমি যদি এনেকৈয়ে সুখী, তেতিয়াহ’লে এনেকৈয়ে সুখী হোৱা। তোমাৰ স্বাৰ্থত মই বৰগছজোপাৰ দৰে মহীয়ান হৈ উঠিম। হালি নপৰোঁ কোনোদিন। কিন্তু এবাৰলৈ মোৰ সন্মুখীন হোৱা। মোৰ সন্মুখীন হোৱা সাহসেৰে। মাথোঁ এবাৰৰ বাবে সত্যটো কোৱা মোক।”

 লাহে লাহে ছাদৰ ওপৰৰ পৰিৱেশটো নিতাল মাৰিছে। যেন ধুমুহাৰ পাছৰ গোমা পৰিৱেশ চলি আছে। সেই নৈঃশব্দৰ বেহু ভেদি তাইৰ ফোনটো বাজি উঠে। তাই জাপ মাৰি আহি ফোনটো অফ কৰি দিয়ে। এতিয়া তাইৰো কাৰো সৈতে কথা পতাৰ ইচ্ছা নাই। লাগিলে তাইৰ মৰমৰ ককায়েক নতুবা বেমাৰী মাকজনীয়ে নহওক কিয়! লাহেকৈ তাই ছাদৰ ওপৰ পায়গৈ। ছাঁ-পোহৰৰ ছবিৰে আল্ট্ৰাছৰ মুখখন খুঁটিয়াই চায়। কিহৰ দুখ আল্ট্ৰাছৰ? কিহৰ দুখত নিমগ্ন হয় সি? উল্কিক হেৰুৱাৰ শংকা নে? উল্কি মানে সেই ছোৱালীজনী, যিজনীয়ে মায়ডিয়াৰ তুযাৰাবৃত পাহাৰত শুকুলা ৰং সানি প্ৰেমৰ ধ্বজা উৰাইছিল। উল্কি মানে সেইজনী, যিজনীয়ে পখিলা এজনীৰ দৰে আল্ট্ৰাছৰ সোঁৱে-বাঁৱে উৰি ফুৰিছিল। উল্কি মানে সেইজনী, যিজনীয়ে তাইৰ পৰা আল্ট্ৰাছক বহু সময় কৰ্তন কৰিছিল? সেই উল্কিকে হেৰুওৱাৰ দুখত আল্ট্ৰাছ ভাঙি পৰিছেনে? আল্ট্ৰাছ সুখী হওক, আল্ট্ৰাছল সোধা যাওক, কি বিচাৰেনো তেওঁ, সেই কথা জনা যাওক। আল্ট্ৰাছে ৰেলিঙত ভেঁজা দি দূৰলৈ চাই ৰয়। তায়ো চাই পঠিয়ায় সেইফাললৈ। কিনো আছে সেইফালে? শীতল বা’ বলি এক আন্ধাৰৰ উপত্যকা মাথোঁ সেইফালে।

 “ আল্ট্ৰাছ।” আল্ট্ৰাছে নুশুনিলে নে নুশুনাৰ অভিনয় কৰিলে তাই নুবুজিলে।

 “ আল্ট্ৰাছ শুনিছানে?”, পুনৰবাৰ মাতে তাই।

 “তুমি কিয় এনে কৰিলা আল্ট্ৰাছ?” সি নুশুনে।

 “আল্ট্ৰাছ। কি হৈছে তোমাৰ? কিবা এটা সুধি আছোঁ মই, শুনিছানে নাই”, তাইৰ আল্ট্ৰাছৰ বাহুত ধৰি জোকাৰি দিয়ে।

 আল্ট্ৰাছক থতমত খাই তাইলৈ চাই ৰয়।

 “মোক কোৱা আল্ট্ৰাচ, মোৰ পৰা তুমি কি নাপালা? কিহৰ অভাৱ তোমাৰ কোৱা মোক, কিহৰ অভাৱ হ’ল কোৱা।”

 আল্টাছে দূৰলৈ চাই ৰয়। হাতৰ পেশী তেওঁৰ টান হৈ আহিল। নিজৰ ভুলবোৰ তেওঁৰ চকুত পৰা নাই। তেওঁৰ ভুলটোনো ক’ত? ওহোঁ। তেওঁ নামানে নিজৰ ভুল হোৱা বুলি। এয়া সম্পূৰ্ণ অলংকৃতাৰ ভুল। ভুল কঞ্জনীলৰ। সেই কথা অলংকৃতাই জনা উচিত। অলংকৃতাক উদ্দেশ্যি আল্ট্ৰাছক কৈ দিলে,

 “কি কৰিম কোৱা মই, কি কৰিম কোৱা। তুমি অলপো চ’ছিয়েল নোহোৱা, কেৱল ঘৰ, অফিচ, কিতাপ, কেচ ডায়েৰী লৈ ব্যস্ত থকা মানুহ তুমি। ডিস্ক’ এখনলৈ যাবলৈ তোমাৰ সময় নোলায়, বিয়া এখন খাবলৈ তোমাৰ সময় নোলায়। অলপোৱেই চ’ছিয়েল নোহোৱা তুমি। মই নোৱাৰো এনেদৰে। মোক বাহিৰৰ চচাইটি এখন লাগে। কিতাপৰ বগা পৃষ্ঠা ক’লা আখৰৰ মাজত মোৰ সমাজখনে উত্তৰ বিচাৰি নাপায়”।

 কিছু আচৰিত হ’লেও আল্ট্ৰাছৰ নিৰ্বোধিতাত অলংকৃতা হতাশ নহয়। বিয়াৰ আগৰে পৰা তাইৰ জীৱনশৈলীৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত আছিল সি। কৰ্মজীৱনৰ খাতিৰত নাইবা সন্তানৰ দায়িত্বত তাই কিছু কাম নকৰিলেই যেনিবা, সেয়ানো তাইৰ বাবে অনাহূত প্ৰশ্ন হৈ উঠিবনে? ওহোঁ। তাইৰ নিজক লৈ অলপোৱেই আপত্তি নাই। আল্ট্ৰাছৰ সৰু সংসাৰখনৰ স্বাৰ্থতেতে৷ অতখিনি ত্যাগ। আল্ট্ৰাছে নুবুজিলে যেতিয়া, ভাললগা কথাৰে [ ৩৭ ] আল্ট্ৰাছক বশ কৰিব নিবিচাৰে তাই। আল্ট্ৰাছক ব্যক্তিগত স্বাধীনতাত তাই হাত নিদিয়ে অন্তত, সেয়ে সোধে,

 “তুমি তাইক বিয়া পাতিব বিচাৰা নেকি আল্ট্ৰাছক?”, তাইৰ প্ৰশ্নটোত সি উচপ খাই উঠে।

 “হা! কি কৈছা তুমি? বিশ্বাস কৰা, এইবোৰ মোৰ বিৰুদ্ধে চালাকী কৰিছে৷”

 “মই সেইটো সোধা নাই, তুমি তাইক বিয়া পাতিব বিচাৰা নেকি, সেইটো কোৱা।”

 এইবাৰ সি তাইৰ মুখলৈ চালে।

 “তুমিনো আকৌ কি সুধিছা? তাইৰ সৈতে মোৰ এনেকুৱা একো সম্পৰ্ক নাই।”

 “তেতিয়াহ’লে সেই ঘনিষ্ঠতাবোৰৰ কি নাম আল্ট্ৰাছ, যিবোৰ কঞ্জনীলৰ মোবাইলত আবদ্ধ হৈ দুটি পৰিয়ালক ছিৰাছিৰ কৰিবলৈ লৈছে”।

 আল্ট্ৰাছক মনে মনে ৰয়।

 “কোৱা আল্ট্ৰাছক কি নাম দিবা এই সম্পৰ্কৰ?”

 “কৃতা, তুমি ভালদৰেই জানা, তাইৰ লগত মোৰ ব্যৱসায়জনিত সম্পৰ্ক ব্যৱসায়ৰ স্বাৰ্থত কেতবোৰ ঠাই আমি যাব লগা হয়।”

 “আৰু আলিংগনৰত হৈ ফটো উঠিব লগ হয়”, অলংকৃতাই তাৰ মুখৰ কথা টানি আনি শেষ কৰে।

 “জানা, আল্ট্ৰাছক, মোৰ দুখ এইবাবেই নহয় যে তুমি অন্য নাৰীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছা, বৰঞ্চ মোৰ দুখ এইবাবেই যে মোৰ সংস্পৰ্শই তোমাক সঁচা কথা ক’বলৈ সাহস দিয়া নাই”, তাই কৈ যায়।

 আল্ট্ৰাছে লাইটাৰটোৰে চিগাৰেট এটা জ্বলাই লয়।

 “এতিয়াও কোৱা মোক, তুমি যদি উল্কিক আনিব বিচাৰা, যদি তুমি তাইক নিজৰ হিচাপে পাব বিচাৰা, মই ঢোলে-দগৰে তাইক আদৰি আনিম! তুমি যদি বিচাৰা, মই আঁতৰি দিব লাগে, মই বিনাচৰ্তে আঁতৰি দিম। সকলো তোমাৰ মতেই হ’ব, মাথোঁ শুদ্ধটো মোৰ আগত তুলি ধৰা। অন্তৰেৰে কৈ দিয়া মোক, প্ৰকৃততে কি বিচাৰা তুমি। সিমানখিনি সাহসৰ অভাৱ দেখিহে মই কষ্ট পাইছোঁ আল্ট্ৰাছ”, একেৰাহে কথাখিনি কৈ তাই আন্ধাৰ উপত্যকাৰ ফালে চাই ৰয়।

 আল্ট্ৰাছে ফোঁপাবলৈ ধৰে। উত্তেজিত হৈ কৈ উঠে,

 “তুমি কি বুলি ভাবা কৃতা? তাইক মই বিয়া কৰাম? তাইৰ দৰে থাৰ্ড গ্ৰেডৰ ছোৱালী এজনীৰে মোৰ ঘৰ সজাম? কেনেকৈ ইমান তললৈ ভাবিব পাৰিলা তুমি?”

 এইবাৰহে তাইৰ মেলা মুখ মেলাতে ৰয়। কোনে কয়, নাৰীৰ মহিমা বুজা টান। এয়া দেখোন তাইৰ সন্মুখত তাইৰ অতি পৰিচিত স্বামীৰ বিচিত্ৰ চৰিত্ৰ। তাইৰ সন্মুখতে কঞ্জনীলৰ লগত পৰনাৰীৰ বাবে তৰ্কত লিপ্ত হৈছে। তাইকে ওলোটাই কৈছে সেইজনী থাৰ্ড গ্ৰেডৰ ছোৱালী বুলি। তাই হতাশ হৈ পৰে আল্ট্ৰাছৰ অযুক্তিকৰ সংলাপত। আঁতৰি আহিব খুজিও ভাব হয়, আল্ট্ৰাছ মনেৰে অতি দুখীয়া। তেওঁক মানসিক ধনৰ প্ৰয়োজন আছে। ধ্ৰুৱমে তাইক মনৰ সম্পদ বিশাল কৰি থৈ গৈছে। তাৰে অকণ আল্ট্ৰাছক দিলে তাইৰ মনৰ বিশাল সাগৰত এই ধনৰ অভাৱ নপৰে।

 তথাপি ক’ৰবাত কথাবোৰে দেখো সংগতি হেৰায়। সন্মুখত কেবাটাও ৰাস্তা। মৌনতাই সন্মতি জনোৱা ৰাস্তা৷ পিছলৈ মাথোঁ এটি ৰাস্তা। তাল-আফাল কৰি তাইৰ প্ৰৱেশৰ বিৰোধিতা কৰা সেই ৰাস্তা। গোটেইকেইটি ৰাস্তাতে খোজ দিব পৰাকৈ তাই সবল হৈ উঠিছে। দুদিনৰ আত্মকথনেৰে তাই নিজৰ শক্তিৰ উমান পাইছে। এই ছোৱালীজনীলৈ তাইৰ অনুকম্পা জাগি উঠিল। যিজন পুৰুষৰ বাবে উল্কিয়ে এই পথত ভৰি দিলে, সেই পুৰুষৰ তাইৰ প্ৰতি দৃষ্টিভংগী দেখি সবল হৈ থাকিব পৰাকৈ শক্তি যুগুতাব পাৰিবনে তাই? তাইক এবাৰ চাবলৈ মন গ’ল তাইৰ। জানিবলৈ মন গ’ল, কেনে আছে তাই। উল্কিৰ বাবে তাইৰ মনত হাজাৰ অনুকম্পনৰ সৃষ্টি হ’ল। পখিলাৰ দৰে ছোৱালীজনীৰ পাখি কটাৰ দৃশ্যটো তাইৰ বাবে অসহনীয় হৈ উঠিল। তাই যাব এবাৰ উল্কিৰ ওচৰলৈ। জীৱনে শিকোৱা কিছুমান জটিল তত্ব তাই বিশ্লেষণ কৰি আহিবগৈ। তাইৰ মনৰ মাজত উল্কিৰ প্ৰতি কোনোধৰণৰ বিৰাগ ভাৱ জাগি নুঠিল। অকলশৰীয়া হৈ পৰা সৰু ছোৱালীজনীৰ ওচৰত তাইৰ নিজকে এজোপা বটবৃক্ষৰ দৰেই ভাৱ [ ৩৮ ] হ’ল। অৱশ্যে এপাকত তাই স্ব-বিৰোধী আচৰণো কৰিলে।

 “বাঃ অলংকৃতা! তইতো পুৰস্কাৰ পোৱাৰ যোগ্য। তই নিজৰ কষ্ট পাহৰি গ’লি। তই তাইৰহে কষ্টখিনি অনুভৱ কৰিলি।”

 সেই স্ব-বিৰোধী আচৰণখিনি জঞ্জাল মাৰি থৈ তাই সিদ্ধান্ত ল’লে অতি শীঘ্ৰেই তাই উল্কিৰ ওচৰত ঠিয় দিবগৈ। আল্ট্ৰাছ আৰু কঞ্জনীলৰ প্ৰতি তাইৰ সেই কম্পন জাগি নুঠিল। পুৰুষত্বৰ মিছা গৰ্বত উপঙি থকা লোক দুজনৰ প্রতি তাইৰ মনত পুতৌহে জাগি উঠিল।

 ৰাতিটো দুটা ভাগত বিভক্ত হ’ল। এটাত প্ৰতিশোধৰ আখৰা চলিল এটাত গঢ়ি তোলা হ’ল ধৈৰ্যৰ প্রতিমা। আল্ট্ৰাছে লনখনত অস্থিৰভাৱে পায়চাৰি কৰি থকাৰ দৃশ্যটোৱে তাইক কিছু সময়ৰ বাবে বিতত কৰিলেও তাই পৰৱৰ্তী দৃশ্যাংশত সূত্ৰধাৰৰ ভাও ল’বলৈ সিদ্ধান্ত ল’লে। বিশাললৈ ফোন লগালে তাই। ৰাতি তেতিয়া দুই বাজিছিল।

++

(ন)

 “সেই যে ল’ৰা-ছোৱালীবোৰ, যিয়ে ব্ৰেকফাষ্টত দিয়া আপেলটো নাখাওঁ বুলি কৈ আপেলৰ বাগানলৈ দৌৰ মাৰে আৰু চুৰ কৰি তাৰ পৰা আপেল খায়। অথচ ঘৰৰ আপেলকেইটা বাগানৰ কেঁচা আপেলকেইটাতকৈ বেছি পকা আৰু মিঠা।”, গোমোঠা পৰিৱেশটো পাতল কৰিবলৈকে বিশালে কৈ উঠল।

 উপপথটো এৰি ঘাইপথলৈ গাড়ীখন নিয়াৰ লগে লগে বাঢ়ি যোৱা গাড়ীখনৰ বেগে তাইৰ চিন্তাৰ বেগ বঢ়াইছিলহে, তেনে সময়তেই বিশালৰ কটাক্ষ মিহলি হাঁহিটোৱে তাইৰ চিন্তাত যতি পেলালে। যোৱানিশাৰ কথাবোৰৰ পৰা তাই এতিয়াও মুক্ত হ’ব পৰা নাই। আন কাৰোবাৰ ওচৰত হেয় হৈ দিবলৈকো কিবা এক অহমিকাই গা কৰি উঠে। তেনে সময়তো তাই এই সিদ্ধান্ত ল’লে। শ্বাসৰুদ্ধকাৰী সেই পৰিবেশৰ দুৱাৰ খুলি তাই বিশালৰ স'তে ওলাই আহিল। বাহিৰৰ বতাহজাকৰ মাজত নিজকে মুকলি কৰিবলৈকে তাই ওলাই আহিল।

 কেইটিমান মুহূৰ্তৰ ভিতৰতে ঘটিছিল কথাবোৰ উল্কি আৰু আল্ট্ৰাছৰ সম্পৰ্কটোৰ আঁত ধৰি আল্ট্ৰাছ আৰু কঞ্জনীলৰ তৰ্কযুদ্ধই চূড়ান্ত ৰূপ লোৱাৰ পিছতে তাই আল্ট্ৰাছৰ সন্মুখত থিয় দিছিল, এগৰাকী পত্নী হিচাপে নহয়, এগৰাকী বান্ধৱী হিচাপে দৃঢ়তাৰে সুধিছিল, “আল্ট্ৰাছ, তুমি উল্কিক বিয়া পাতিব বিচাৰা নেকি?”

 তাৰ পাছৰে পৰা আৰম্ভ হৈছে তাইৰ মানসিক অন্তৰ্যুদ্ধৰ। আল্ট্ৰাছৰ দুমুখীয়া চৰিত্ৰটোৰ বিষয়ে পৰিচিত হৈও তাই ভাগি নপৰিল। কোনটো সঁচা, কোনটো মিছা বিচাৰ কৰিবলৈকো মন নগ’ল তাইৰ। মুহূৰ্ততে সিদ্ধান্ত ল’লে তাই উল্কিৰ ওচৰলৈ যাব। উল্কিৰ ওচৰত থিয় দিবগৈ এবাৰ। জানিবলৈ বিচাৰিব কেতবোৰ কথা, যিখিনি কথা আল্ট্ৰাছৰ মুখেৰে জনাৰ কোনো আশা নাই। অংকটো৷ কিছু পৰিমাণে মিলি আছিল। বিশালৰ নতুন পষ্টিং মঙলদৈত৷ সেই সূত্ৰেই বিশালো মঙলদৈলৈ যোৱাৰ কথা। উল্কি-কঞ্জনীলৰ ঘৰো মঙলদৈত। আৰু ভাবিবলৈ তাইৰ মন যোৱা নাছিল। লগে লগেই বিশাললৈ ফোন লগাইছিল। মাজনিশাৰ কথা আছিল সেয়া।

 কোনোদিনেই বিশালৰ আগত নিজৰ দুৰ্বলতা প্রদর্শন নকৰা অলংকৃতাই তাইৰ কথাবোৰৰ কিছু ভাগ বিশালক দিয়াৰ সিদ্ধান্ত ল’লে। যদিওবা বাৰে বাৰে অভিমানত ওফন্দি আহে সজল চকুৰ পতা নতুবা নাকৰ পাহি, বাৰে বাৰে অজান অভিমানত ৰুদ্ধ হ’ব খোজে আশ্বাসৰ নিশ্বাস, তথাপি এই সমস্যাখিনি কাৰোবাৰ স’তে ভগাই লোৱাটো অতি জৰুৰী হৈ পৰিছে। কোনোবা সহৃদয় বন্ধু, যিয়ে সকীয়াই দিব তাইক, “এইফালে খোজ নলবি, এইফালে কেকটাছৰ কাঁইট; এইফালে খুপি খুপিকৈ যাবি, এইফালে শেলুৱৈ-পিছল বাট; সেই বাটত ভৰি নথবি, সেইবাটত ধঁতুৰা ফুলৰ বিষ।”

 লতা হৈ বগাব বিচৰা নাৰীসকলৰ দৰেই এগৰাকী সাধাৰণ নাৰী অলংকৃতা ৷ যোৱা কিছুদিনৰ পৰা ক্ষণে ক্ষণে তাইৰ এই ভাব আহিছে। কিছুমান সময়ত নিঃসংগতাবোৰ বৰ কষ্টকৰ হৈ উঠে। আল্ট্ৰাছে উপহাৰ দিয়া নিঃসংগতা সেয়া। আল্ট্ৰাছৰ সতে সম্পৰ্কটোৱে কেনে ৰূপ ল’ব, সেই ধাৰণা তাই এতিয়াও কৰিব পৰা নাই। স্পষ্টকৈ সুধি পেলাইছিল আল্ট্ৰাছক, হয়তো ভিতৰি ভিতৰি এক সিদ্ধান্ততো উপনীত হৈছিল যে, যদিও আন্ট্ৰাছৰ জীৱনৰ পৰা [ ৩৯ ] আঁতৰিবলগীয়া হয়, তাই বিনা প্রতিবাদে আঁতৰি দিব। সন্তান দুটিৰ অভিভাৱকৰ দায়িত্ব অকলেই পালন কৰিব। ইমান কঠোৰ সিদ্ধান্ত লোৱাৰ পাছতো তাই শংকিত হৈ ৰয়, তাইৰ কষ্ট হ’ব, এজোপা বটবৃক্ষক মেৰিয়াই চলি থকা তাই নামৰ লতাডালৰ অকলে বগাবলৈ কষ্ট হ'ব। কেৱল তাইৰে কষ্টনে? সন্তান দুটিয়ে লাগ বুলিলেই যে দেউতা নামটোৰ সৈতে উমলিব নোৱাৰিব, সেইখিনিতে তাই আল্ট্ৰাছৰ পৰা আঁতৰি থকাৰ সিদ্ধান্তটো খহি পৰে। সেই সিদ্ধান্তটো খহি পৰাৰ পাছতে তাই উল্কিক এবাৰ লগ কৰাৰ দৰে সিদ্ধান্তটো লৈ বিশাললৈ ফোন লগায়।

 তাৰ পাছৰ তিনিঘণ্টাত চেকেণ্ডৰ কাঁটাবোৰ হিচাপ কৰি কৰি তাই বেগত কাপোৰ ভৰালে, কিটচেনত খোৱাবস্ত সাজু কৰিলে, ল’ৰাৰ কাপোৰ ভাগে ভাগে থ’লে, শাৰীখন মেৰিয়াই ল’লে। গোটেই সময়ছোৱাত আল্ট্ৰাছ নিৰুত্তৰ হৈ বহি থাকিল। সন্তান দুটি গভীৰ টোপনিত নিমগ্ন আছিল।

 ইফালে মাজৰাতি ফোনৰ শব্দত খপজপকৈ সাৰ পাই উঠিছিল বিশাল। ৰাতিপুৱাবলৈ বেছি পৰ নাই। পুৱাতেই যাত্ৰা আৰম্ভ কৰিব তাৰ নতুন ঠাইলৈ। মাকক ঘৰত অকলে এৰি যোৱাৰ দুখ এটাই তাক যাত্ৰাটোৰ বাবে একো উন্মাদনা কঢ়িয়াই অনা নাছিল। তাৰ মাজতে তাক আচৰিত কৰি মাজৰাতি অলংকৃতাই ফোন কৰি তাৰ সতে মঙলদৈলৈ যোৱাৰ প্রস্তাৱ দিলে। অলংকৃতাৰ ফোনটোৱে তালৈ এক উন্মাদনা কঢ়িয়াই আনিলে, মাজৰাতিখন সি বেলেগকৈ একো কথা ভাবিব নোৱাৰিলে।

 প্রথমবাৰৰ বাবে আল্ট্ৰাছেও হয়তো এক উজাগৰী নিশা পাৰ কৰিছিল। উগ্রতাখিনি শাম কটাবলৈ একো আহিলা নাছিল তেওঁৰ ওচৰত। তেওঁৰ উগ্র স্বভাৱৰ বিপৰীতে অলংকৃতা সদায় আছিল ধীৰ স্থিৰ। তাই যন্ত্ৰৱৎ কাম কৰি গৈছিল। তাইৰ ধীৰ স্থিৰ আচৰণত আল্ট্ৰাছ ভিতৰি ভিতৰি ছটফটাই ৰৈছিল। বেগটো চোঁচৰাই ওলাই আহোঁতেও আল্ট্ৰাছ চোফাখনতে বহি আছিল। তাইৰ সমস্ত কাৰ্য-কলাপ তেওঁ গম পাই আছিল। অথচ কিবা এষাৰ কথাও মুখেৰে উলিয়াব নোৱাৰাকৈ তেওঁৰ ওঁঠত হাজাৰ সংকোচৰ মৌনতাই বিৰাজ কৰিছিল। পুৱতি নিশাৰ ঘণ্টা বাজি উঠিছিল মাত্র, তেনে সময়তে বাহিৰত বিশালৰ গাড়ীখন ৰোৱাৰ শব্দ শুনিছিল। বেগটো দাঙি আনি তাই আল্ট্ৰাছক ওচৰত ৰৈ ক’লে, “দুদিনৰ বাবে ল’ৰা দুটিক চম্ভালিবা”। আল্ট্ৰাছৰ মুখখন নেদেখাকৈয়ে তাই বুজি উঠিছিল, আল্ট্ৰাছৰ বুকুৱেদি যেন সৰি পৰিছে স্বস্তিমিহলি এটি নিশ্বাস, “আসঃ মাথোঁ৷ দুদিনৰ বাবে”৷

 এৰা, মাথোঁ দুদিনৰ বাবেহে! অলংকৃতাই তেওঁক গোটেই জীৱনৰ বাবে এৰি থৈ যোৱাৰ কথা কোৱা নাই। বাহিৰত লৌহ মুখা এখন পিন্ধি থাকিলেও আল্ট্ৰাছৰ ভিতৰতো কপৌকোমল কলিজা এটাই ধৰফৰাই ৰৈছিল। তিলতিলকৈ সজা এখন ঘৰ, দেৱশিশু যেন দুটি পুত্ৰ, অলংকৃতাৰ দৰে দেৱীহেন পত্নী, যিকোনো মূল্যৰ বিনিময়তো তেওঁ যিখিনি হেৰুৱাব নোখোজে। অথচ কি যে এক অহমিকা! অলংকৃতাৰ ওচৰত এবাৰলৈ তেওঁ ক্ষমা খুজিব পৰা নাই। অলংকৃতাৰ চকুলৈ চাই পুনৰাই এনে নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিব পৰাৰ শক্তিকণ গোটাব পৰা নাই। মূৰৰ ওপৰত খহি পৰা এখন আকাশ, যিখন এতিয়ালৈকে দুই হাত মেলি ধৰি আছে অলংকৃতাই। আল্ট্ৰাছেও জানে, অলংকৃতাৰ হাতৰ পৰা এৰ খালেই শেষ হৈ যাব তেওঁৰ সৰুকৈ পৃথিৱী। তথাপি পুৰুষত্বৰ দম্ভালি তেওঁ এৰিব জনা নাই।

 অৱশ্যে তাইৰো বিশ্বাস আছে, দুদিনৰ বিচ্ছেদে আল্ট্ৰাছক কিছু পৰিমাণে হ’লেও সুস্থিৰ কৰি তুলিব। সন্তানৰ সৰু সৰু আৱদাৰবোৰেৰে তেওঁৰ দুদিনৰ পৃথিৱীখন উমাল হৈ পৰিব। তাইহে উদভ্ৰান্ত হৈ ইফালে ঘূৰিব, সিফালে বিচাৰিব। প্রেম-অপ্রেমৰ দগা-পাল্লাত নিজকে জুখি অদেখা পৃথিৱীখনৰ গোপন সত্যৰ অপলাপৰ অজুহাতত তাই আঁৰ চকুৰে তন্ন-তন্নকৈ বিচাৰিব সেই নাৰীৰ শৰীৰ-মনৰ সৌন্দৰ্য। কি নাম আছিল সেই নাৰীৰ, বাৰে বাৰে মনৰ পৰা সেই নাৰীৰ নামটো আঁতৰি যায়, পিছ মুহূৰ্ততে মনত পৰে উল্কি নাম আছিল সেই নাৰীৰ ৷ আল্ট্ৰাছৰ কাষে কাষে থাকি আল্ট্ৰাছৰ মগজুত তৃতীয় শ্ৰেণীৰ নাৰী হিচাপে স্থান পোৱা এক নাৰী চৰিত্ৰৰ নাম হৈছে উল্কি।

 নাৰীৰ প্রকাৰ ভিন্ন। পদ্মিনী নাৰী, চিত্ৰিণী নাৰী, শংখিনী নাৰী, হস্তিনী নাৰী৷ পুৰুষসমাজে নিৰ্ধাৰণ কৰা নাৰীৰ প্রকাৰ সেয়া। প্ৰতিটো ভিন্নতাৰ সৈতে চাৰিত্ৰিক বৈশিষ্ট্যও ভিন্ন। পদ্মিনী নাৰীক সৰ্বোত্তম দৃষ্টিৰে চোৱা হয়। আনহাতে শংখিনী নতুবা হস্তিনী নাৰীক দমন কৰিবলৈ অশ্ব বা বৃষ প্রজাতিৰ পুৰুষক দায়িত্ব দিয়া হয়। নাৰীদমনৰ প্রচেষ্টা চাল সৰ্বত্ৰে। বজাৰৰ সামগ্ৰীৰ দৰেই ভিন্ন নাৰীৰ বাবে ভিন্ন দৰ। আল্ট্ৰাছৰ দৰে উচ্চ শিক্ষিত পুৰুষৰ সমাজতো তেনে নাৰীৰ ভিন্ন দৰ-দাম চলে। এই দৰদামৰ বাবেই অলংকৃতাৰ দৰে নাৰীয়ে পদ্মিনী আসনত [ ৪০ ] অধিষ্ঠিত হৈ আল্ট্ৰাছৰ ঘৰ শুৱনি কৰে, আনহাতে উল্কিৰ দৰে নাৰীৰ মাজত তেওঁ প্ৰেমৰ সন্ধান কৰিলেও সেই নাৰীক আখ্যা দিয়া হয় তৃতীয় শ্ৰেণীৰ নাৰী।

 গোটেই ব্যৱস্থাটোত সুখী নহয় কোনোৱেই। সুখী নহয় অলংকৃতা, সুখী নহয় উল্কি। আল্ট্ৰাছৰ দৰে পুৰুষে মাথোঁ ৰং চায়। দুগৰাকীকৈ নাৰীৰ মনৰ ফুলনি থানবান কৰি দিয়াৰ পাছতো দম্ভ শেষ নহয় সেই পুৰুষৰ। আল্ট্ৰাছৰ দম্ভ-অহংকাৰৰ স’তে পৰিচিত তাই। যি অহংকাৰক এসময়ত ব্যক্তিত্ব বুলি মোহত বন্দী হৈছিল তাই, সেই অহংকাৰলৈ এতিয়া পুতৌ জন্মে তাইৰ। প্ৰতিজন অহংকাৰী পুৰুষৰ মাজত সীমাহীন ব্যৰ্থতা অনুভৱ কৰে তাই। ব্যৰ্থতাক স্বীকাৰ কৰি ল’ব পৰাকৈ সবল নহয় এনে পুৰুষে অহংকাৰৰ শেল এৰে। এই সকলোবোৰ অনুভৱ কৰাৰ পাছত অলংকৃতাৰ মন-মগজু অস্বাভাৱিক ধৰণেৰে শান্ত হৈ পৰে। ভগৱান যীশুই ক্ৰুছবিদ্ধ অৱস্থাতো কৈছিল,

 “তেওঁলোকক ক্ষমা কৰি দিয়া প্ৰভু। তেওঁলোকে কি কৰি আছে, নিজেই নাজানে।”

 দুখবোৰ হজম কৰিব পৰাকৈ তাইৰ কলিজা ডাঠ হৈ পৰে। আবেগবোৰত চিন্তাৰ পৰশ লাগি কলিজাখন সুস্থ হৈ উঠে। সেই সময়তে বনফুলৰ বনৰীয়া গোন্ধ এটাই তাইৰ দেহ-মনত মতলীয়া ৰাগ সানে। খিৰিকীৰে বাহিৰলৈ চায় তাই, অলপ আগলৈকে ধূসৰ যেন লগা পৃথিৱীখনত ৰ’দ এচমকাই তিৰবিৰাই নাচে। দুখবোৰ বৰ অসাৰ যেন লাগে পলকতে। এই দুখ ধোঁৱাবৰণীয়া দুখ, বৰ বেহিচাপী দুখ এয়া, মুহূৰ্ততে ই শূন্যৰ ঘৰ চোৱে, মুহূৰ্ততে ই আকাশ চুই হিয়া ঢাকুৰি কান্দে।

 ৰাতিপুৱা অলংকৃতাৰ বুকুত চলি থকা গধুৰ বতাহজাক পাতল হৈছে কিছু পৰিমাণে। বীথ’ফেনৰ সুৰ এটা গুণগুণাই উঠে বিশালে। স্পীড ব্ৰেকাৰৰ ওচৰ পাই সি গাড়ীৰ স্পীড কমাই দুই নম্বৰলৈ গীয়েৰ টানে। চিফনৰ শাৰী এখনৰ চঞ্চল আঁচলটো পিছলি পৰি গীয়েৰত থোৱা তাৰ হাতখন ঢাক খাই যায়। আঁচলটো আঁতৰাবলৈ লৈ যি থমকি ৰয়, বনৰীয়া ফুলৰ মাদকতা সানি লোৱা শাৰীখনৰ আঁচলটো সি তেনেকৈয়ে থাকিবলৈ দি অলংকৃতাক প্ৰশ্ন কৰে,

 ‘ইমানকৈ কি ভাবি আছে মেডাম? কথাবোৰ সহজভাৱে লওক। সেই পৃথিৱীখনৰ বাহিৰতো এখন পৃথিৱী আছে, তালৈ ওলাই আহক।”

 তাই খিৰিকীখন খুলি বতাহজাক সোমাবলৈ দিয়ে। আঘোণী শইচৰ পথাৰখনে সোণবৰণবোৰ ছটিয়াই দিয়ে। বিশালক অতি আপোন যেন বোধ হয় তাইৰ। কৈ উঠে অজানিতে,

 “জানে বিশাল, সেই নাৰী অতি সুন্দৰী, এই কথাটোৱে দহিছিল মোক। এতিয়া পিছে বুকু-কঁকালৰ সেই সাংখ্যিক সুন্দৰতালৈ মোৰ পুতৌহে জন্মিছে।”

 তাৰ পিছত এলানি মৌনতা, নে মুখৰতা?

 আত্মনিয়ন্ত্ৰণৰ প্ৰচেষ্টা নে বিলীনতাৰ প্ৰত্যাশা, সেয়া বুজা নাযায়।

 বিস্তীৰ্ণ আকাশ সামৰি কুঁৱলীৰে ঢকা এটি পুৱা। হুমুনিয়াহবোৰে যাত্ৰা সামৰা এটি ক্ষণ। বনৰীয়া ফুলৰ গোন্ধবোৰ আপোন কৰিব নোৱাৰাৰ বিষত চিগাৰেট এটাৰ প্ৰয়োজনবোধ কৰে সি। পুৱা পাঁচবজাতে সি অলংকৃতাৰ ঘৰত উপস্থিত হৈছিলগৈ। ডিকি খুলি অলংকৃতাৰ বেগটো ভৰাই থাকোঁতে অনুমান কৰিছিল সি, বেচ ডাঙৰ ধুমুহা এজাক পাৰ হৈ গৈছে এই সুবিশাল ঘৰৰ ছাঁদখনৰ তলেৰে। অলংকৃতাৰ মলিন মুখখনে তাৰ উন্মাদনাৰ নক্সাখন ওলট-পালট কৰি দিছিল।

 “কি হৈছিল মেডাম। মোক কওক, মোক ক’লে হয়তো অলপ পাতল লাগিব আপোনাৰ মনটো।”

 বাৰে বাৰে সোধাৰ পাছত অলংকৃতাই মুখ খুলিছিল,

 “কিছুমান কথা মোৰ বাবেও দুৰ্বোধ্য। আল্ট্ৰাছৰ বুকুত মোৰ অস্তিত্ব বিচাৰি বাৰে বাৰে ওভতি আহোঁ। সেই আল্ট্ৰাছকে ময়েই আকৌ শিকলি খুলি দিয়াৰ খবৰ দিওঁ। অথচ তেওঁ ৰৈ আছে। গুচি যোৱা নাই। কথাটো ধনাত্মক নে খণাত্মক মই বুজি নাপাও”।

 বুজা-নুবুজা কথাৰ মাজত মৌন হৈ ৰৈ দিছিল বিশালে। অলংকৃতাই মুখ খুলিছিল, এয়ে তাৰ বাবে বহুত।

 “বিশাল, মই নক’লেও আপুনিতো সকলোবাৰ জানে। আপুনি কিয়, গোটেই চহৰেই জানে সেই কথা। মেজিষ্ট্ৰেট অলংকৃতা বৰুৱাৰ স্বামীৰ সৈতে ষোড়শী গাভৰুৰ ঘনিষ্ঠতাৰ খবৰত সৰৱ হৈ উঠে এই চহৰ। সেই [ ৪১ ] চহৰৰ মাজেৰে মই মূৰ তুলি খোজ লওঁ। সেই খোজবোৰত বিন্ধি থকা কাঁইটবোৰ আপুনিও দেখে। বহুতদিন আপুনিও মোৰ কষ্টৰ খোজত খোজ থৈছে।”

 স্বগতোক্তি কৰাৰ দৰে তাই কৈ গৈছিল,

 “বহুতবাৰ ভাবিছোঁ, তেওঁৰ ওপৰত মোৰ কি অধিকাৰ আছে? তেওঁক মই জন্মতে লৈ আহিছিলো নেকি? সাতজনমৰ বান্ধোন, আত্মাৰ মিলন এইবোৰ জানো বাস্তৱিক? বাস্তৱ এইখিনিহে যে, আমি অকলেই জনম লওঁ, অকলেই মৃত্যুক সাৱটি লওঁ।”

 “অথচ কি জানেনে বিশাল, ইমানবোৰ ভাবি লোৱাৰ পাছতো মই নীৰৱে উচুপি ৰওঁ। একাকীত্বই খেদে মোক৷ চহৰৰ কোনোবা চিনাকিজনে যেতিয়া আল্ট্ৰাছ আৰু উল্কিৰ বিষয়ে জনায়, কিয় জানো মোৰ কাষৰ বতাহজাকো স্তব্ধ হৈ পৰেঙ্গ হিমশীতল অনুভৱ এটাত ডুবি গোট মাৰে আল্ট্ৰাছলৈ পুহি ৰখা মোৰ সমস্ত অভিমান। মোক বাৰু হেয় কৰিবলৈকে আল্ট্ৰাছে এনে আচৰণ কৰে নেকি? তেওঁলোকৰ মুক্ত বিচৰণে মোৰ বিবেকৰ হাজাৰটা প্ৰশ্নক উত্তৰবিহীন কৰি ৰাখে।”

 বিশালে অনুমান কৰিছিল, এয়া সঠিক পথ নহয়। প্ৰেম-ভালপোৱা অন্তত ইমান নিকৃষ্ট পৰ্যায়ৰ নহয়। ঘৰৰ ভিতৰত এগৰাকী নাৰীয়ে জুইত স্নান কৰে, বাহিৰত আনৰ স’তে যৌৱনৰ লীলা কৰে। এয়া প্ৰেম নহয়, এয়াতো প্ৰদৰ্শনকামিতা।

 “জানানে বিশাল, কথাবোৰ আচলতে মই আপোনাক কোৱা নাই। কথাবোৰ মই নিজকে কৈ আছোঁ৷ আপুনি এক মাধ্যম মাথোঁ। মোৰ বাবে এক স্বচ্ছ আৰু বিশ্বাসী মাধ্যম”৷

 এইখিনিতে অসম্ভৱধৰণেৰে বুকুখন গধুৰ হৈ পৰে বিশালৰ। চিগাৰেট এটাৰ প্ৰয়োজন অনুভৱ কৰি গাড়ীখন চাইদ কৰি আঁৰ চকুৰে তাইলৈ চায়। সন্মুখত সৰুকৈ এখন দলং। নামনিত এখন বাঁহৰ চালি। চচপেনত উতলি থকা চাহৰ গোন্ধই টানিলে তাক। অলংকৃতালৈ চালে সি। শান্ত সমাহিত এখন মুখ, যিখন মুখত নাই এতিয়া যুদ্ধবিধ্বস্ত ৰাতিৰ ছবিখন। তাৰ হেঁপাহৰ এগৰাকী নাৰী যে কাৰোবাৰ দ্বাৰা উপেক্ষিত হ’ব পাৰে, সেই কথা সি কল্পনাতো ভাবিব নোৱাৰে। মনত পৰে সেই ল’ৰা-ছোৱালীহাললৈ,

 “সেই যে ল’ৰা-ছোৱালীবোৰ, যিয়ে ব্ৰেকফাষ্টত দিয়া আপেলটো নাখাওঁ বুলি কৈ আপেলৰ বাগানলৈ দৌৰ মাৰে আৰু চুৰ কৰি তাৰ পৰা আপেল খায়। অথচ ঘৰৰ আপেলকেইটা বাগানৰ কেঁচা আপেলকেইটাতকৈ বেছি পকা আৰু মিঠা”, কৈ কৈ সি নামি আহে। চিগাৰেটটো জ্বলাবলৈ লৈ অলংকৃতাৰ ফালে চাই পঠিয়ায়।

 চুৰ কৰাটো এক মানসিক প্ৰবৃত্তি। সাধনাৰ দ্বাৰা এই প্ৰবৃত্তি দমন কৰা যায়। কোন মানুহে চুৰ নকৰে? এই যে সি আঁৰ চকুৰে অলংকৃতালৈ চাই ৰ’ল, এয়াওতো চুৰিকাৰ্য। কথাবোৰে বিভ্ৰমৰ নৈখনত পকনীয়াৰ সৃষ্টি কৰে। চিন্তাৰ নাওখন টুলুং-ভুটুংকৈ ওপঙি ফুৰে। চিনামাটিৰ কাপটোত ঢালি দিয়া উতলি থকা চাহকাপ লৈ সি অলংকৃতাৰ ওচৰ পায়হি।

 “মেডাম, চাহ খাওক”।

 তাই হীঁহি এটা মাৰি হাতৰ পৰা চাহকাপ তুলি লয়।

 “পৰিৱেশটো কি সুন্দৰ নহয়নে বিশাল”, মুহূৰ্ততে মায়’ডিয়াৰ শুকুলা মেঘৰ আঁৰত লুকা ভাকু কৰি থকা প্ৰেমিকযুগললৈ মনত পৰে। উল্কি আৰু আল্ট্ৰাছ। ক্ষন্তেকতে সন্তান দুটিৰ মুখ দুখনি মনলৈ আনি নিজেই নিজক সুধি পেলায়, “মই বাৰু কিবা ভুল কৰিছোঁ নেকি?”

 নিজকে নিজক উত্তৰ দিলে, “ওহোঁ। মইতো মাথোঁ সঁচা কথাটো জানিবলৈ আহিছোঁ।” আকৌ নিজকে প্ৰশ্ন কৰে, “সন্তান দুটিক এৰি থৈ?”

 নিজেই নিজক প্ৰবোধ দিয়ে, “সন্তান দুটি অলপ আত্মনিৰ্ভৰশীল হোৱা উচিত, কাইলৈ কিবা হৈ গ’লেও যাতে সিহঁতে কষ্ট নাপায়, সেই প্ৰশিক্ষণ সিহঁতক দিয়া উচিত”।

 কথাষাৰ মনলৈ অহাৰ লগে লগে তাই মনটো জোকাৰি পেলায়। আজিকালি দেখোন হেৰাই যোৱাৰ ভয় এটাই খেদি থাকে তাইক। সকলো হেৰুৱাই পেলোৱাৰ ভয়ত কজলাবৰণ ধৰে তাইৰ মনৰ আকাশ। বিশালে সুধি পেলায় অতৰ্কিতে, [ ৪২ ]  “আপুনি তেওঁক বাধা নিদিলে কিয়? সেই অধিকাৰ আপোনাৰ আছিল দেখোন।”

 “অধিকাৰ আছিল বিশাল ৷ সমাজে, ধৰ্মই নতুবা আইনে জাপি দিয়া এগালমান অধিকাৰ লৈও মই কাৰোৰে ব্যক্তি স্বাধীনতাত হস্তক্ষেপ কৰিব নিবিচাৰোঁ। প্ৰেম-ভালপোৱা এইবোৰ মনৰ অনুভৱ, জোৰ কৰি ইয়াক আদায় কৰা নাযায়। আইনৰ অধিকাৰেৰে মই তেওঁক ওভোটাই আনিব পাৰিম, কিন্তু মৃত্যুৰ পৰা কেতিয়াবা কাৰোবাক ওভোটাই অনা যায়নে বিশাল?”

 কথাষাৰ কওঁতে কাজলসনা অশ্ৰু এটোপালে নিজকে লুকুৱাবলৈ বাট বিচাৰি ফুৰে। কেতিয়াবা নিজৰ পৰাও নিজে পলোৱা যায়। তাই জানে, বিচ্ছেদ আৰু মৃত্যুক তুলনা কৰা নাযায়। যদিওবা দুয়োটা ক্ষেত্ৰতে আপোনজনক হেৰুওৱা যায়, তথাপি মৃত্যু কোনো এক সন্মানজনক স্থিতিত ৰৈ যায়। অন্ততঃ আমাৰ সমাজত ফাঁচীকাঠত ওলোমোৱাজনো মৃত্যুৰ পাছৰ গুণানুকীৰ্তনখিনিৰ পৰা বঞ্চিত হ’ব লগা নহয়। কিন্তু বিচ্ছেদে নিজৰ প্ৰতি বিশ্বাস কমায়, বিচ্ছেদৰ দুখ দেখুওৱা নাযায়, তৰপে তৰপে ঢাকি লোৱা দুখবোৰত হাঁহিৰ চিকমিকনিৰ লেপন সানি পৰিবেশন কৰা যায় নিৰ্বাসিত কলিজাক।

 ৰ’দজাকে কুঁৱলী ফালি গছৰ ফেৰেঙনিৰে নিয়ৰৰ কণাবোৰ সিঁচি দিছে। ল’ৰা দুটালৈ মনত পৰিল। ফোনটো কৰোঁ বুলিও নিজকে দমাই থ’লে তাই। দুদিনৰ বাবে আল্ট্ৰাছে চম্ভালক সিহঁতক, নিজকে বুজনি দি উঠে তাই।

 গাড়ীখনে মঙলদৈ চহৰত প্রৱেশ কৰে। বিশালে তাইৰ কাৰণে হোটেল ঠিক কৰি মেজিষ্ট্ৰেট কলনীলৈ বুলি গাড়ী ঘূৰায়। হোটেলৰ ৰূমত সোমাই শুধ বগা চাদৰ পাৰি থোৱা বিছনাখন দেখি তাইৰ মনত পৰে, আগ ৰাতিৰে পৰা এক মিনিটৰ বাবেও তাইৰ চকু দুটা জাপ খোৱা নাই। ভাগৰে হেঁচি ধৰিছে তাইক। চাহ একাপৰো প্রয়োজন যেন ভাব হয়, বিছনাখনেও সমানেই টানে, তাৰ পৰিৱৰ্তে তাই টাৱেলখন লৈ বাথৰুমলৈ খোজ লয়। শ্বাৱাৰৰ পানীত উটি যায় সমস্ত ভাগৰ। মনটো সজীৱ হৈ উঠে। বিশালে আজি নিজৰ অফিচত জইন কৰাৰ কথা। জইন কৰাৰ পাছত সি তাইক সংগ দিব। কঞ্জনীললৈ ফোন কৰি উল্কিৰ ঘৰৰ ঠিকনা ল’ব। তাৰ আগতে অলপমান বাগৰি ল’ব। হেয়াৰ ড্ৰায়াৰটোৰে চুলিকোছা শুকুৱাই থাকে। দীঘলকৈ চুলিকোছা তাইৰ। সেই চুলিকোছাৰ ঘন ছায়াত মুখ গুঁজি সময়বোৰ খৰ গতিৰে পাৰ হৈ গ’ল। অভিমান এটাই মেৰিয়াই ধৰে তাইক। অভিমানৰ চুলিকোচা কাটি পেলাব তাই। আজিয়েই কাটি পেলাব আল্ট্ৰাছক হেঁপাহৰ চুলিকোছা। বিউটি পাৰ্লাৰৰ খবৰ ল’বলৈ বুলি হোটেলৰ ৰিচেপনচনলৈ ফোন লগায়, “হোটেল মধুবন ৰিচেপচন কাউন্টাৰ। হাউ কেন আই হেল্প ইউ?”, ইথাৰেৰে কোকিলকণ্ঠিৰ মাত ভাঁহি আহিল।

 “ৰূম নাম্বাৰ থ্ৰী জিৰো টু’, এটা ইনফৰ্মেশ্যন লাগিছিল। ওচৰত পাৰ্লাৰ ক’ত আছে?”

++

(দহ)

 “আসঃ কি হৈ গ’ল এই চুলিকোছাৰ?”

 অজান অভিমানত উচুপি উঠে অলংকৃতাই। নিৰস গধূলিটো সাৱটি শুধ বগা বিছনাখনত তাই মুখ গুঁজি পৰি থাকিল। কাটি পেলোৱা চুলিকোছাই নিঃসংগ কৰি গ’ল তাইক। ৰূমটোত বিশাল শূন্যতা। শূন্যতা মানে এক ভেকুৱাম, য’ত ওপঙি থাকে সময়। সন্তান দুটিৰ অস্তিত্ব পাহৰি যোৱাৰ এই সময়, নিজৰ পৰা নিজে বিচ্ছিন্ন হোৱাৰ এই সময়। জলকন্যাৰ দৰে দীঘল চুলিটাৰি আল্ট্ৰাছ নামৰ যিখন নৈত সাঁতুৰি আছিল, সেইখনৰ পৰা পাৰত উঠি বহুত দূৰলৈ আঁতৰি যোৱাৰ সময় এয়া।

 “ইমানকৈ ভাঙি পৰিবলৈ কি হৈছে মেডাম? কিয় আপুনি এনেখন কৰিছে?”, তাইৰ শূন্য চাৱনিৰ দৃষ্টি ভেদি ভিজিটিং ৰুমত বহি থকা বিশালে কৈ উঠিছিল।

 গোটেই দিনটো তাৰ কাষে কাষে থকা মহিলাগৰাকীৰ উদভ্ৰান্ত ৰূপটোৱে তাক ব্যতিব্যস্ত কৰি তুলিলে।

আহোঁ বুলিয়েই বিবাহিতা নাৰী এগৰাকী তাৰ লগত অচিন চহৰ এখনলৈ গুচি আহিল। আল্ট্ৰাছে কি ভাবিব, সেয়া সুধিবলৈকো সি সমৰ্থ হোৱা নাই। কিছুমান কথাৰ বাবে পাতনিৰ দৰকাৰ৷ সেই পাতনিত তাই সহযোগ কৰা নাই।

[ ৪৩ ]  তাৰ মাজতে কেইবাবাৰো তাইৰ ফোনটো বাজি উঠে। মাকৰ নম্বৰ দেখি তাইৰ মুখখন বিবৰ্ণ হৈ পৰে, যেন এই মুহূৰ্ততে খহি পৰিব পুঞ্জীভূত অভিমানৰ পাহাৰখন, ভেটা ভাঙি হলহলাই বৈ আহিব চকুলোৰ বান। নাই নাই। এনে কৰিব নোৱাৰি। মাকক শুঙিবলৈ দিয়া নাযায় ক্ষত-বিক্ষত কলিজাৰ কেঁচা তেজৰ গোন্ধ। কুঁচিমুচি নিজৰ মাজতে সোমাই থাকিব তাই, নিজৰ দুহাতেৰে নিজক সাৱটি যেন মাকক কৈ উঠিব,

 “মই ঠিকে আছোঁ মা, বহুত নাৰীতকৈ মই বহুত সুখত আছোঁ। দুপইছাৰ বিনিময়ত শৰীৰ দান কৰা অন্ধকাৰ গলিৰ নাৰীজনীতকৈ মই বহুত সুখত আছো। সুখত আছোঁ মা, মাতাল স্বামীৰ শাৰীৰিক-মানসিক অত্যাচাৰত তিল তিল মৃত্যু হোৱা প্ৰতিগৰাকী নাৰীৰ তুলনাত মই বৰ সুখেৰে আছোঁ। সুখেৰে আছোঁ মা, মেডিকেল কলেজৰ বাৰ্ণ ইউনিটৰ বহুতো মহিলা ৰোগীৰ কাহিনী মোৰ লগত ঘটা নাই যেতিয়া মইতো বহুত সুখেৰে আছোঁ। নাৰী হৈ জন্ম লৈছোঁ, ইয়াতকৈ আৰু কি সুখৰ সন্ধান কৰোঁ মা। মা মা শুনিছানে মা, বাকী সৱ ঠিকেই আছে মা।”

 তাইৰ নিৰৱ কোলাহলৰ মাত্ৰা ভেদি চকুপানী এটোপাল ফোনটোৰ স্ক্ৰীণত পৰে মানে মাকে সিফালৰ পৰা ফোনটো বিছিন্ন কৰি দিয়ে। বিশালে তাইলৈ চাই ৰয়, খঙো উঠে কিঞ্চিত, কি দৰকাৰ নিজকে ইমান শাস্তি দিবলৈ? দিনততো ঠিকেই আছিল তেওঁ, এতিয়ানো এনে আচৰণৰ প্ৰয়োজন কি বিশালে তত ধৰিব নোৱাৰিলে। পলকতে সুখ, পলকতে দুখ, এয়ে নেকি অলংকৃতাৰ বৈশিষ্ট্য। অলপ পৰৰ বাবে মাথো অলংকৃতাক এৰি থৈ নিজৰ কাৰ্যালয়লৈ বুলি গাড়ী ঘূৰাইছিল। সেইকণ সময়ৰ ভিতৰতে অলংকৃতাৰ এনে অসুস্থ আচৰণ। চেপি ৰখা উচুপনি, উবুৰিয়াই ঢাকি থ’ব বিচৰা বুকুৰ পোৰণি-অলংকৃতাৰ প্ৰতিটো কৰ্ম কাণ্ডত সি মাথোঁ আচৰিত হয়। এই অস্বস্তিকৰ পৰিস্থিতিৰ উপশম ঘটাবলৈ সি একো শব্দ বিচাৰি পোৱা নাই। তাৰ মনত প্ৰিয় নাৰীৰ এক পৰিকাঠামো আছে। সেই পৰিকাঠামোত অতি ধুনীয়াকৈ খাপ খাই পৰে অলংকৃতা নামৰ এই নাৰীমূৰ্তিটো। অথচ সি জোৰ কৰি ঠেলি হেঁচি সেই কাঠামোত অলংকৃতাক ভৰাব নোখোজে, জোৰ কৰিলেই কোনোবাখিনিত যেন চনচনকৈ ভাগি পৰিব এই মূৰ্তি। যিমানেই আধুনিক হিচাপে নিজকে তুলি ধৰিলেও এই নাৰীৰ নিজ স্বামীৰ সৈতে পুৰাতন প্ৰেমৰ সংজ্ঞাত সি বাৰুকৈয়ে পৰিচিত। অতি ৰক্ষণশীল সেই প্ৰেম, কোনো কাৰণতে যি প্ৰেমক স্থিতিস্থাপক কৰি তোলা নাযায়। স্বামীৰ বিৰুদ্ধে অতখিনি জনাৰ পাছতো যি প্ৰেমৰ কোনো চোক নকমে, স্বামীৰ সুখৰ স্বাৰ্থত নিজৰ সুখ ত্যাগ কৰাৰ কথা পৰ্যন্ত মনলৈ আনি লোৱা যায়, শংকাৰে আৱৰা মন লৈও স্বামীৰ ওচৰত পৰনাৰীৰ খবৰ সোধা যায়, “তুমি উল্কিক বিয়া পাতিব বিচৰা নেকি?” নঞাৰ্থক উত্তৰত আকৌ স্বস্তিৰ নিশ্বাস এৰি ঢাপলি মেলে তাই উল্কিৰ খবৰ ল’বলৈ, উল্কিৰ স্বামীৰ সৈতে এষাৰ কথা পাতিবলৈ প্ৰেমৰ বাটত সকলোৰে ভৰিৰ তলৰ বুটজোতাৰ গচকতো মূৰ তুলি ৰোৱা দুবৰিজনীৰ দৰেই সজীৱ হৈ উঠে এই প্ৰেম। নুবুজে বিশালে, বঞ্চিতা পত্নীৰ এনে প্ৰেমৰ সূত্ৰ সি নাজানে। সি অলংকৃতাক ক’ব খোজে, বুকুৰ মাজত অত সযতনে সাঁচি ৰখা এই অনুভূতিৰ নাম প্ৰেম নে মোহ? কিহৰ তাড়নাত তাই বাৰে বাৰে আঁচলত বান্ধি ৰাখে সৰি পৰা প্ৰেমৰ বিভঞ্জ খণ্ডবোৰ? ক’বলৈ মন যায় বিশালৰ,

 “আহাঁ অলংকৃতা, এই বান্ধোন, এই সমাজ এৰি আমি নতুন সম্পৰ্ক গঢ়ি তোলোঁ, য’ত তোমাৰ সুখবোৰ মই গণিম, মোৰ সুখবোৰ তুমি বুটলিবা”।

 বিবাহক লৈ আস্থা নাই বিশালৰ। পশ্চিমীয়া দেশৰ কিছুমান ধাৰণাৰ স’তে পৰিচিত হৈ উঠিছে সি। পাশ্চাত্যৰ বিবাহ পদ্ধতিত সি আস্থা হেৰুৱাই পেলাইছে। যি বিবাহ পদ্ধতিত আৱেগৰ বেচা কিনা চলে, যি বিবাহ পদ্ধতিত অবলা নাৰী নিতে মৰে, নিতে দহে, যি বিবাহ পদ্ধতিত নাৰীক সন্তান উৎপাদনৰ এক পদ্ধতিৰূপে গণ্য কৰা হয়, সেই বিয়ালৈ আস্থা নাইকিয়া হৈ গৈছে তাৰ। কিন্তু এসময়ত এনে হোৱা নাছিল তাৰ। বিয়া মানে তাৰ বাবে তেতিয়া সাতজনমৰ প্ৰতিশ্ৰুতি হৈ ধৰা৷ দিছিল। সেয়েহে তাৰ লগৰ তুষাৰ আৰু হিমানীয়ে লিভিং টুগেদাৰৰ দৰে সিদ্ধান্ত লওঁতে আটাইতকৈ আপত্তি কৰিছিল সি। কিন্তু কোৰ্টত ডাঙৰ ডাঙৰ শিক্ষিত মানুহৰ সংসাৰৰ ভিতৰচৰা দেখি শুনি তাৰ বিতৃষ্ণা লাগি গৈছে। প্ৰেমহীন সংসাৰেৰে চলি আছে দেশ। আমেৰিকাৰ দৰেই ক্ৰমাৎ বাঢ়ি আহিছে ডিভৰ্চৰ সংখ্যা। আগৰ দৰে পুৰুষপ্ৰধান সমাজৰ সকলো কথা নিৰ্বিবাদে মানি চলিবলৈ প্ৰস্তুত নহয় আজিৰ নাৰী। এয়াতো ভাল লক্ষণ। পুৰুষ সমানে সমানে নাৰীশক্তিৰো বিকাশ ঘটিছে। অথচ কিছুমান পুৰুষৰ অহমিকাত কিয় লাগে কথাবোৰ? সেইসকল পুৰুষে এতিয়াও কিয় নাৰীশক্তিক স্বীকাৰ কৰি ল’ব পৰা নাই?

 বিশালে ভাবে, অলংকৃতা তাৰু আল্ট্ৰাছৰ কথাবোৰো সেই অহমিকাৰে বলি। জনমানসত দিনে দিনে সবল [ ৪৪ ] হৈ উঠা অলংকৃতাৰ ভাৱমূৰ্তিয়ে আল্ট্ৰাছৰ মনত এক নীচাত্মিক মনোভাবৰ সষ্টি কৰিছিল। অলংকৃতাৰ নীতি- আদৰ্শবোৰ অসহনীয় হৈ উঠিছিল তেওঁৰ বাবে। মনৰ গভীৰ কোণত অলংকৃতাৰ প্ৰতি প্ৰতিশোধৰ স্পৃহা জাগি উঠিছিল। নিজৰ নাৰীগৰাকী সকলোৱেই নিজতকৈ নমনীয়, কমনীয় হোৱাটো কামনা কৰে। অলংকৃতাৰ সবল স্থিতিয়ে তেওঁৰ দম্ভবোৰক বখলিয়াই গৈছিল। কথাবোৰে দিগদাৰ কৰে বিশালক। বিয়াৰ উপযুক্ত বয়স হোৱাৰ পাছতো বৃদ্ধা মাকৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰে সি। ভয় হয়, জানোচা দুটি জীৱনে কষ্ট পায় অনাহকতে। এনেবোৰ সময়ত লিভিং টুগেদাৰৰ দৰে কথাবোৰ বাস্তৱসন্মত যেন লগা হৈ পৰে।

 “তেতিয়াহ’লে বিয়া নাপাতো বুলি ভাবিছ?” বাৰে বাৰে কোৱাৰ পাছতো যেতিয়া বিশালে বিবাহলৈ মত নিদিলে, মাকে সুধি পেলাইছিল এদিন।

 “মন নাযায় দেখোন মা’। আশে পাশে যিখিনি দেখিছোঁ, বিয়াৰ প্ৰতি আগ্ৰহ নাইকিয়া হৈ গৈছে”, সি মাকক খোলাখুলিকৈয়ে কয়।

 “হেৰৌ তহঁতৰ মূৰত কি পোক সোমাল অ’? মোৰ আৰু বাপেৰক চাবিচোন, বিয়াৰ আগতেতো ইজনে সিজনক নেদেখিলোঁৱেই, বিয়াৰ পিছতো ওৰণি টানি ঘূৰি ফুৰোঁতে মুখখন ভালকৈ দেখিবলৈ নাপালোঁৱেই। শাহু-শহুৰৰ আগত দিনে পোহৰে মানুহজনৰ মুখখন চাবলৈকে নাপালোঁ। যেতিয়া ওৰণি নমাই চোৱাৰ অধিকাৰ পালোঁ, দেখিলো, বাপেৰৰ চুলি পকা, দাঁত নাইকিয়া চেহেৰা। সেইদিনাহে নিজলৈ চালোঁ, একেই শোটোৰা-শোটোৰ ছাল, পকা চুলি। সেই তেনেকেই আমি গোটেই জীৱন একেলগে থাকিলোঁ। আজিৰ ল’ৰা ছোৱালীয়ে পাৰিব নে তেনেকৈ?”

 মাকৰ কথাত সি জোৰেৰে হাঁহি দিয়ে। সৌ সিদিনাৰহে কথা আছিল সেয়া। যৌথ পৰিয়ালবোৰত এনেকুৱাই হৈছিল। পতি-পত্নীৰ মাজতো মুক্ত মিলা-মিছা যেন অলপ লাজৰ কথা আছিল। মাকজনী বৰ আজলী। আজিৰ সমাজৰ উম-ঘাম নাপায় তেওঁ। আজিকালি যে মুক্ত বিচৰণ সকলোতে, সেই কথা তেওঁৰ অনুমানৰ বাহিৰত। মাকে বিচাৰে, চেকনীৰে চেকি চেকি বোৱাৰী এজনী তেওঁৰ সুপুত্ৰলে আনক, ওৰণি টানি টানি সেই বোৱাৰীজনীক শাহুগৰকা বোৱাৰী হিচাপে গঢ়ি তোলক। সময় যে কিমান দ্ৰুতগতিত পাৰ হৈ গ’ল তাৰ উমান নাপায় তেওঁ। উমান নাপায় তেওঁ সময়ৰ দ্ৰুতগতিত মুখ থেকেচা খাই পৰি ৰোৱা প্ৰেমৰ বিষয়ে। উমান নাপায় তেওঁ, কিদৰে বজাৰ দৰত বিক্ৰী হয় প্ৰেমিকযুগলৰ গোপনীয়তা। সাগৰৰ পাৰতে হওক নতুবা শোৱনিকোঠাৰ ভিতৰত হওক, প্ৰেমে আজি লাজৰ সীমাত বন্দী হৈ থকা নাই, যাৰ ফলত একান্ত আন্তৰিক মুহূৰ্তবোৰো ৰাজহুৱা কৰিবলৈ কুণ্ঠাবোধ নকৰে এচামে, সেই কথ৷ সেই আজলী মাকৰ জ্ঞানৰ বাহিৰত।

 দ্বিধাগ্ৰস্ততা এখিনি লৈ সি বিয়াৰ সিদ্ধান্তটোত থমকি ৰৈছিল মাথোঁ। এনে সময়তে অলংকৃতাৰ দৰে সবল ব্যক্তিত্বৰ নাৰী এগৰাকীক লগ পাই যায় সি। পলে পলে আকৰ্ষিত হোৱা নাৰীগৰাকীৰ মনৰ মাজৰ কষ্টখিনিয়ে তাৰ হৃদয় তোলপাৰ লগাই দিয়ে। অতবছৰে বিচাৰি ফুৰা নাৰীচৰিত্ৰটোক সি নিচেই কাষৰ পৰা লগ পায়ো একোৱেই কৰিব নোৱাৰিলে। চৰম আশাহীনতাত নেদেখাজনলৈ প্ৰাৰ্থনা সি জনায়, “মোক তেওঁৰ ভৃত্য হে থাকিবলৈ দিয়া। আৰু একোকে নালাগে মোক।”

 ভৃত্য! ভৃত্য! তাৰ অলংকৃতাৰ সম্পৰ্ক ভৃত্য আৰু ৰাণীৰ সম্পৰ্ক। ৰাণীৰ বৰকৈ কষ্ট। ৰাণীৰ প্ৰতিটো কষ্ট উপশমৰ বাবে ভৃত্য দায়বদ্ধ। প্ৰেমে তাক ভৰি চুবলৈ শিকাইছে। এই প্ৰেমত ভক্তি আছে। এই প্ৰেমত প্ৰতিদানৰ হিচাপ মিলোৱা নহয়। তাইক সুখী কৰিব সি। তাৰ মনৰ ৰাণীজনীক সুখী কৰিব সি।

 মনটোৰ স’তে আবোল তাবোল বলকি থাকোঁতেই অলংকৃতাৰ আচৰণত সি গভীৰভাৱে অনুভৱ কৰিলে, “সত্যটো এয়ে যে, সি অলংকৃতাৰ ভৃত্য কিয়, অলংকৃতা ৰৈ থকা মাটিকণ চুই চোৱাৰো অধিকাৰ নাই।”

 তেনেতেই অলংকৃতাৰ চকুৰ পৰা সৰি পৰা অশ্ৰু টোপালটোত সি ধৰফৰাই উঠিল।

 “মেডাম, মোক কওক। কি কৰিব লাগে সকলো কৰিম। বাহিৰত সুখী হৈ থকাৰ অভিনয়টো অন্ততঃ মোৰ ওচৰত নকৰিব”, কাতৰ হৈ উঠে সি।

 “ইয়াৰ পৰা যাওকগৈ আপুনি ”, অলংকৃতাই এইবাৰ আৱেগবোৰ সামৰি ল’লে।

 “ও যামগৈ। আপুনি পিছে কলৈ যাব?” [ ৪৫ ]  “মোৰ কেবাটাও কাম আছে বিশাল। মই দুদিনমান থাকিম। আপুনি যাওকগৈ ঘূৰি।”

 “নাই নাই, আপোনাক অকলে এৰি মই ঘূৰি যাব নোৱাৰোঁ”।

 “নহয় বিশাল, আপুনি মিছাতে জেদ নধৰিব। আপোনাৰ মা আপোনাৰ বাবে ৰৈ আছে।”

 “আপোনাৰ সন্তানো আপোনাৰ বাবে ৰৈ আছে।”

 সন্তানৰ কথা মনত পৰি তাইৰ চকুহাল আকৌ সেমেকি উঠে। সেমেকা চকুৰ আন্ধাৰত সি আকৌ উজুতি খায়। উজুতি খোৱা ভৰিখনৰ ভাৰসামতা ৰাখিবলৈ সি এইবাৰ তাইক থাপ মাৰি ধৰে। এক শিহৰণে তাইৰ বুকু কঁপাই তোলে। বাৰাংগনা! বাৰাংগনাঙ্গ এই শিহৰণৰ নাম বাৰাংগনাঙ্গ ধ্ৰুৱমেও এনেদৰে ধৰিছিল তাইক, সেয়া শিহৰণ নাছিল। তাত পাপ নাছিল। এই শিহৰণত উত্তাপ আছে। এই উত্তাপক পাপ বোলে। তাই আঁতৰি থাকিব এই স্পৰ্শৰ পৰা। বাৰাংগনাৰ জুপুৰিৰ পৰা মুক্ত বতাহকণ ল’বলৈ তাই ওলাই আহিছে। এই বতাহকণ পবিত্ৰ হৈ ৰওক।

 ৰূমলৈ গৈ মুখখনত পাৰে মানে পানী মাৰে তাই,

 “অকলে থাকিব পৰাকৈ সবল কৰি তোলা প্ৰভু। ইমান আকলুৱা হ’লে কেনেকৈ চলিব অলংকৃতা।”

 নিজৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰি মুখখন ধুই ফ্ৰেচ হৈ তাই বাহিৰলৈ ওলাই আহি বিশালৰ ওচৰ পায়হি।

 “উল্কিক মই এবাৰলৈ চালোহেঁতেন বিশাল। উল্কিৰ চকুযুৰি নেদেখিলে হেনো আল্ট্ৰাছৰ টোপনি নাহে। সেই চকুযুৰিৰ গভীৰতা জুখি চালোহেঁতেন মই। তাইৰ নাক, মুখ, চুলিৰ কমনীয়তাৰ হিচাপ ল’লোহেঁতেন। আল্ট্ৰাছে যিজনী ছোৱালীৰ বাবে আত্মসন্মানৰ বাজি মাৰিলে, সেই ছোৱালীজনীক এবাৰৰ বাবে চোৱাৰ হেঁপাহটো মোৰ বাকী ৰৈছে বিশাল।”

 বিশাল মনে মনে ৰয়। এই গধুৰ হিচাপটো বোকোচাত লৈ ঘূৰি ফুৰিবলৈ কষ্ট নাপাবনে অলংকৃতাই? পেলাই দিব নোৱাৰেনে এই অসংলগ্ন অংকৰ বহীখন। উত্তৰ নোলোৱা অংকবোৰ সামৰি থৈ নতুন অংক এটা আৰম্ভ কৰিব নোৱাৰেনে?

 ওহোঁ, অলংকৃতাই কথাবোৰ এনেদৰে নাভাবে। বিশালক যিমান আপোন কৰি ল’লেও পৰিধিৰ ভিতৰলৈ আহিবলৈ নিদিয়ে তাই।

 “কৃতা”, সি আকুল দৃষ্টিৰে চাই ৰয় তাইলৈ।

 চক খাই উঠে অলংকৃতা। ইমান আপোনত্বৰে কোনে মাতে তাইক? কোনে মাতে এই নামেৰে? নাই, দুৰ্বল হোৱা নাযায় এই বয়সত।

 “সেই নামেৰে মতাৰ অধিকাৰ আপোনাক দিয়া হোৱা নাই”, কিছু কঠোৰ অভিব্যক্তিৰে ভৰি উঠে তাইৰ মুখমণ্ডল।

 “চৰী মেডাম, আপোনাৰ দুৰ্বল সময়ৰ সুযোগ ল’বলৈ বিচৰা নাছিলোঁ৷ মইহে দুৰ্বল হৈ পৰিলোঁ। মোক ক্ষমা কৰক”, বিশালে ইচইচাই উঠে।

 সহজ পৰিৱেশ এটা আনি তাই কয়,

 “কোনো কথা নাই বিশাল। কৃতা নামেৰে মোক মোৰ স্বামীয়ে মাতে। আৰু এটাই মাতিছিল মোক কৃতা বুলি। পগলাটোক যে কিমান দিন লগ পোৱা নাই। সেই স্মৃতি বৰ মধুৰ জানেনে?”

 একো নক’লৈ সি। বাহিৰলৈ ওলাই আহে সি। বাহিৰলৈ ওলাই যোৱাৰ দৰকাৰ। তাৰ নিজৰ স্বাৰ্থত বাহিৰলৈ ওলাই অহাৰ দৰকাৰ। চিগাৰেট এটাৰ দৰকাৰ তাক। অতদেৰি এক নিচাত আছন্ন হৈ আছিল সি। সেই নিচাৰ পৰা সি আঁতৰি অহাটো দৰকাৰ। সেই নিচাক পৰ দি থকাৰ অধিকাৰ অলংকৃতাই তাক নিদিয়ে।

 কি যে ভাবিছিল সিঙ্গ ভৃত্য হৈ থাকে তাইৰ! মাই ফুট! গেটখনকে খুলি নিদিলে তাই। এতিয়া তাৰ কথা, গেটৰ বাহিৰত সি ভিক্ষাৰীৰ দৰে পৰি থাকিব নে আত্ম-অহংকাৰেৰে নিজস্বতাক পৰ দিব?

 চুটিকৈ কটোৱা চুলিখিনিত অলংকৃতাই আঙুলি বোলাই ল’লে। চুলিখিনিত জঁট বান্ধিছে, জীৱনটোৰ দৰেই। এই জঁট খোলাৰ প্ৰয়োজন তাৰ বাবে আনৰ সহায়ৰ প্ৰয়োজন নাই। তাই অকলেই পাৰিব। হাত দুখন, ভৰি দুখন, [ ৪৬ ] চকু দুটা, কাণ দুখন আছে মানে তাই পৰিপূৰ্ণ হৈ আছে। তাই দুহাত প্ৰসাৰি নিজকে নিজে সাৱটি ল’লে। বাহিৰত আঁউসীৰ ৰাতি। ঘিটমিট আন্ধাৰ। তথাপি গৈ থাকিব তাই। গৈ থাকিব অনন্ত সময়। গৈ থকাৰ নামেই যে জীৱন।

++

(এঘাৰ)

 “ভালপোৱাৰ বহুত দাম অ’? মোৰ এই ফিচিকা কলিজাত ভালপোৱাৰ দৰে বিলাসিতা শোভা নাপায় বিশাল। আৰু কি জানেনে বিশাল, পাতল কথা ক’ব নজনা মানুহ মই। ইমান গধুৰতাক পুৰুষে হজম কৰিব নোৱাৰে। খিলখিল হাঁহি, অনৰ্থক অলংলগ্ন কথাৰ টুকুৰাবোৰেহে প্ৰেমৰ উপাদান। চকুপানীৰ সেমেকা অনুভূতিৰে জীৱনৰ কঠোৰতাত প্ৰেমৰ বুনিয়াদ ৰচিব পাৰিনে? নোৱাৰি বিশাল। নোৱাৰি”,

 নিজৰ চুলি ছিঙি সেই আস্ফালনেৰে গোলকীয় আন্দোলন কৰিবলৈ মন যায় তাইৰ। কিন্তু কোৱা নহ’ল সেইদৰে। বিশালৰ কাষেৰে পাৰ হৈ আহোঁতে তাইৰ অস্ফুট কথাখিনি বিশালৰ চিগাৰেটৰ কুণ্ডলীৰ লগত হেৰাই গ’ল। অলপমান বিবেক দংশনত ভূগিছে তাই। বিশালৰ লগত ইমান ঘনিষ্ঠতা গঢ়ি তুলিব নালাগিছিল। তাৰ উদাৰতাৰ সুষোগ ল’ব নালাগিছিল তাই। ভুল কৰিলে তাই। এতিয়া বুজাব নোৱাৰাকৈ চৌপাশ অস্থিৰ।

 অস্থিৰতা খেদিবলৈকে অটো এখন লৈ তাই ঘূৰি ফুৰিলে। ককায়েকলৈ বৰকৈ মনত পৰিল তাইৰ। আগতে যে নাইটচুপাৰত গুৱাহাটীলৈ আহিলে ককায়েকে ঘৰৰ পৰা সোঁৱৰাই থাকে, “অকলে অকলে অটোত নুঠিবি। আন্ধাৰত নিজান ৰাস্তালৈ নাযাবি”, ইত্যাদি ইত্যাদি৷ তেতিয়া দামিনী কাণ্ডই তোলপাৰ লগাইছিল দেশ। অলংকৃতাক লৈ অহেতুক ভয় ককায়েকৰ। কৰ্তব্যৰ খাতিৰত ঘূৰি ফুৰিব লগা হোৱা তাইক বাৰে বাৰে ফোন কৰি খবৰ লৈ থাকে সি। তাই তেতিয়া এটি সন্তানৰ মাতৃ। আল্ট্ৰাছৰ পত্নী। কিন্তু আল্ট্ৰাছতকৈ যেন ককায়েকৰ চিন্তাহে বেছি আছিল। আন্ধাৰত বাহিৰত নাথাকিবি, হাতত চুৰি কটাৰী লৈ থাকিবি, কি যে আপদীয়া চিন্তাবোৰেৰে ভনীয়েকক সোঁৱৰাই থাকে সিঙ্গ যিমানেই সাহসী নহওক কিয়, ককায়েকক কষ্ট নিদিবলৈকে তাই কিছুমান কাম নকৰে। কিন্তু আজিৰ কথাটো বেলেগ হৈ পৰিল। যিটো শৰীৰৰে কষ্ট পায় বুলি ককায়েকৰ অহেতুক চিন্তা, সেইটো শৰীৰে আৱৰি ৰখা ক্ষত-বিক্ষত মনটোৰ উমান নাপায় ককায়েকে। সেই মনটো তাই ঢাকি ৰাখে ৰংচঙীয়া কাপোৰেৰে। ৰংবোৰে সুখৰ প্ৰতিনিধিত্ব কৰে। সুখবোৰে দুখবোৰক ঢাকি ৰখাৰ অভিনয় কৰে।

 আৰু আল্ট্ৰাছ? আল্ট্ৰাছৰ আচৰণবোৰত আচৰিত হয় তাই। কিবা যেন অঘোষিত প্ৰতিযোগিতা তেওঁৰ মনত। তাইতকৈ উজাই যোৱাৰ সেই প্ৰতিযোগিতা। বাৰে বাৰে তাইৰ গতিক মন্থৰ কৰি নিজে আগবঢ়াৰ প্ৰতিযোগিতা। অথচ তাইতো ৰৈয়ে আছে। স্থিৰ, অচঞ্চল এক সত্তা লৈ সদায়েই ৰৈ আছে তাই। সেই কথাটোকে বুজি নাপায় তেওঁ। বুজি নাপাই অস্থিৰ হৈ ৰয়। তাই যেতিয়া এদ’ম কিতাপৰ মাজত মন স্থিৰ কৰে, তেওঁ তেতিয়া ভিডিওকলত উল্কিৰ চকুহালৰ মাজত চঞ্চল হৈ পৰে। সেই উল্কিক লগ পাবলৈকে দৌৰি আহিছিল তাই। লগ নাপলে তাইক। আনহে নালাগে, খবৰ এটাও উলিয়াব নোৱাৰিলে উল্কিৰ বিষয়ে। আকৌ যাব তাই কঞ্জনীলৰ ঘৰলৈ, এই বুলি তাই অটোখনক বিদায় দিলে।

 বিছনাখনত পৰি সন্তানদ্বয়লৈ মনত পৰিল। সৰুটিয়ে তাইক সাৱটি ধৰি শুই থকা সেই হেঁপাহৰ টোপনিডৰা এতিয়া বিলাসিতা হৈ পৰিছে। যি বিলাস যিকোনো মুহূৰ্ততে তাইৰ জীৱনৰ পৰা অন্তৰ্ধান হৈ পৰিব পাৰে, যি বিলাস টকাৰে কিনিব নোৱাৰি, যি বিলাস কোনো সুকোমল বিছনাই নিজৰ বুলি দাবী কৰিব নোৱাৰে, যি বিলাস কিন্তু পোহাৰী এজনীয়ে শুকান মাছৰ গোন্ধৰ মাজতো কৰিব পাৰে, যি বিলাসেৰে প্ৰতি শৈশৱ-কৈশোৰ ধনী হৈ পৰে, সেই বিলাসৰ এতিয়া বহুত দাম। তাই কিনিব নোৱাৰা ধৰণেৰে দাম সেই নিশ্চিন্ত টোপনিবোৰৰ। অথচ এটা সময় আছিল, যেতিয়া তাইৰ দিনবোৰ সেই বিলাসেৰে নদন-বদন আছিল। ভাল লগা দিনবোৰৰ ভাল [ ৪৭ ] কথাবোৰে মুহূৰ্ততে তাইক অন্য এক দেশলৈ লৈ গ’ল। মাকৰ খহটা হাতৰ মৰমৰ পৰশবোৰে, ককায়েকৰ খহটা মাতৰ মৰমৰ ধমকনিবোৰে তাইক স্মৃতিৰ জগতত বিচৰণ কৰালে।

 “অই, তই আকৌ টোপনি গ’লি নে?’

 “নাইতো”, ককায়েকৰ চিঞৰত খকমককৈ সাৰ পাই তাই পাঠ আওৰায়। আকৌ কলমটিয়াই পৰে টেবুলত। ককায়েকে তাইক ফচাবলৈকে লাইটটো অফ কৰি দিয়ে। সন্মুখত সমাজ অধ্যয়ণৰ কিতাপ লৈ তাই চকু মুদি কবিতা আবৃত্তি কৰি থাকে। ককায়েকে সেইবাৰ মাকক চিঞৰে,

 “মা, ভন্টীয়ে টোপনিয়াইছে৷”

 “মা, দাদাই মিছা মাতিছে।”

 “নহয় মা, ভন্টীয়ে মিছা কথা কৈছে। তুমি চোৱাহি লাইট অফ কৰি পঢ়ি আছে।”

 কাজিয়া আৰম্ভ হৈ যায় সিহঁত দুয়োটাৰে। বাহিৰত ঠেটুৱৈ লগা জাৰ। আখলৰ পৰা জালুকীয়া মাংসৰ গোন্ধ ভাঁহি আহে। শেতেলিত উমাল কম্বলৰ লোভ। টোপনিবোৰে ভাত খোৱা টেবুলতো ৰক্ষা নিদিয়ে। কলমটি য়াই থকা তাইৰ মুখত এগৰাহ এগৰাহকৈ ভাত ভৰাই থাকি মাকে বকি থাকে,

 “দিনটো একমিনিট বিছনাত নপৰে তাই। টলৌ টলৌকৈ অমুকৰ ঘৰ, তমুকৰ বাৰী কৰি থাকিব। কোনে ক’ব এয়া যে মেট্ৰিক দিবলগা ছোৱালী। কোনোমতে পাছ কৰিলেও নাকটো ৰ’ব অ’ আই”। মাকৰ বকনিবোৰ শুনিবলৈ তেতিয়া তাই আৰু এই বাস্তৱত ৰৈ নাথাকে। কোনোবা সপোন ৰাজ্যত সপোনকোঁৱৰৰ সতে তেতিয়া তাই ওমলি থাকেগৈ।

 তাৰ মাজতে ধ্ৰুৱমৰ ফোন আহে, “বৰমা কি কৰিছে এইজনীয়ে?”

 “কি কৰিব আৰু? বিছনাত পৰিলেই তাই”, মাকে তাইলৈ চাই চাই ধ্ৰুৱমক অভিযোগ দিয়ে।

 “অ শুলেই নেকি? একো নাই দিয়ক, সোনকালে উঠি পঢ়িব তেতিয়াহ’লে। কাইলৈ শৰ্মাছাৰে পৰীক্ষা ল’ব যে তাকেই সুধিবলৈ ফোন কৰিছিলোঁ”, ধ্ৰুৱমে কথা সামৰি ফোন থয়।

 টোপনি ধৰিলে তাইক কোনেও ৰখাব নোৱাৰে। সেই কথা সকলোৰে জ্ঞাত। দিনটো স্কুল, টিউচন, নাচ, গানৰ প্ৰেকটিচ কৰি আহি তাই ভাগৰত লেবেজান দিয়ে। মেট্ৰিক দিবলগা ল’ৰা-ছোৱালীবোৰৰ ঘৰলৈ স্কুলৰ প্ৰিঞ্চিপালে টহল দিয়ে। প্ৰায়েই তাইক শুই থকা অৱস্থাত প্ৰিঞ্চিপালে উদ্ধাৰ কৰেহি। টোপনিবোৰৰ অথন্তৰ ঘটাবলৈকে এলাৰ্ম ক্লক এটা উপহাৰ দিছিল ধ্ৰুৱমে। কিন্তু টোপনিগধুৰ ছোৱালীজনীৰ বাবে সেইটো একো উপায়েই নহ’ল। যেতিয়াই এলাৰ্ম বাজে, তাইৰ কাণত যেন ম’হেহে গুণগুণাইছে তেনে ভাবত হাতখনেৰে ম’হ খেদোৱাৰ দৰে ক্লকটো খেপিয়াই থাকে। সিটো ৰূমৰ পৰা ককায়েক দৌৰি আহি ঘড়ীটোৰ বিকট চিঞৰটো চম্ভালি লয়।

 কি যে দিন আছিল সেইবোৰ! পঢ়াৰ নামত ৰাতিখন কম হাৰাশাস্তি কৰেনে গোটেই ঘৰখনক? পখিলা খেদা দিনবোৰতো কঠোৰ সাধনাত ব্যস্ত হৈ পৰে চেমনীয়াচাম। ডিচেম্বৰ মাহ পাৰ হ’লেই পৰীক্ষাৰ বতাহজাক আৰম্ভ হয়। গাঁৱত কোনোবাটো নহয় কোনোবাটো মেট্ৰিকৰ পৰীক্ষাৰ্থী থাকেই। সেই বছৰ তাই মেট্ৰিক দিব, ককায়েকে হায়াৰচেকেণ্ডাৰী ফাইনেলত অৱতীৰ্ণ হ’ব। ককায়েকে পুৱতি নিশালৈকে কেমিষ্ট্ৰীৰ সমীকৰণবোৰৰ সতে যুঁজি শুবলৈ যায় মানে তাইৰ উঠিবলৈ হয়। শৰ্মা ছাৰৰ ওপৰতে খংটো জাপি বিস্কুট দুখন লৈ পঢ়া-টেবুলত বহে। পঢ়ানো কি? সপোনৰ ৰাজ্য সেইখনো। কোনোবা উপন্যাসৰ চৰিত্ৰত নায়িকা হৈ তাই কান্দে, হাঁহে, প্ৰেমালাপত ব্যস্ত হৈ পৰে। ড্ৰয়াৰৰ পৰা৷ মাজে মাজে ডায়েৰীখন উলিয়াই জুবিনৰ গানৰ কলি এটাকে টোকে। আকৌ ব্যাকৰণ-পাঠত মনোনিবেশ কৰে। বাক্য এটা অসমীয়াৰ পৰা ইংৰাজীলৈ তৰ্জমা কৰিবলৈ লৈ শব্দত ৰৈ যায় তাই। ডিক্সনেৰীখনত খুচৰিবলৈ লৈ দেখে ডিক্সনেৰীখন তাইৰ টেবুলত নাই, ককায়েকে নিজৰ ৰূম ইতিমধ্যে বন্ধ কৰি বিছনাত পৰিছে। অগত্যা তাই ধ্ৰুৱমলৈ ফোন কৰে। তাইৰ প্ৰতিটো সমস্যাৰ সমাধান সূত্ৰস্বৰূপ ধ্ৰুৱম ক’ত আছে বাৰু এতিয়া? ফেচবুক, গুগল চাৰ্চ ইঞ্জিন চলাথ কৰিও তাই ধ্ৰুৱমৰ খবৰ পোৱা নাই। ধ্ৰুৱমৰ দেউতাকৰ ৰিটায়াৰমেন্টৰ পাছতে সিহঁতে সেই ঠাই এৰিছিল। জালুকবাৰীৰ কৃষ্ণচূড়াৰ মাজত জীৱনৰ ৰং বিচাৰি চোৱা সময়খিনিত সেই আশৈশৱী সময়বোৰো মূল্যহীন হৈ পৰিছিল। জটিলতাবিহীন এক জীৱনৰ গতিত খোজ থৈছিল [ ৪৮ ] তাই৷ ধ্ৰুৱম নোহোৱা কথাটো মনলৈকে অহা নাছিল। কিন্তু আজি অতবছৰৰ পাছত যেতিয়া জীৱনটো ৰংহীন আঁক-বাকেৰে ভৰি পৰিল, তেতিয়া পুনৰ উত্তৰৰ অপেক্ষাত ৰ’ল সময়। উত্তৰবোৰত লিখা থাকিল কেৱল ধ্ৰুৱমৰ নাম। হেৰাই যোৱা কিছু অনুভৱ, কিছু নষ্টালজিয়াৰ নামেই হৈছে ধ্ৰুৱম।

 আল্ট্ৰাছক লগ পোৱাৰ সময়লৈকে জীৱন ক্ষীপ্ৰ গতিত গৈ আছিল। বিয়াৰ পাছৰে পৰা জীৱনটোৱে যেন ওভতি চোৱাৰ গীত জুৰিলে। কি অভিমানত বাৰে বাৰে প্ৰেমিক চৰাইৰ দৰে মনটো আল্ট্ৰাছৰ বাহুবন্ধনৰ পৰা ওলাই আহি মাকৰ হালধি লগা চাদৰখনৰ উমত জিৰাই থাকেহি, তাই নুবুজে সেই কথা। প্রত্যেক বিবাহিতা নাৰীৰে তাইৰ দৰেই হয়নে? স্বামীৰ শ্বেভিংক্ৰীমৰ গোন্ধতকৈও মাকৰ কাপোৰৰ গোন্ধই তাইৰ দৰেই সকলো নাৰীকে বলিয়া কৰেনে? সমান্তৰালভাৱে আল্ট্ৰাছৰ অত্যাধিক নাৰীপ্ৰীতিয়ে তাইক ক্ষুন্ন কৰিছিল। য’তে ত'তে তাইক কটাক্ষ কৰি সেই আলোচনা চলিছিল। তাইৰ প্ৰেমৰ সোণালী দলিছাত সেই কথাবোৰে কাঁইটৰ বীজ সিঁচিছিল। কাঁইটৰ খোঁচ খোৱাৰ ভয়ত ৰৈ দিছিল তাই। অনুভূতিবিহীনভাৱে ৰৈ দিছিল তাই।

 কথাবোৰে বিভ্ৰমৰ সৃষ্টি নকৰিলেহেঁতেন যদিহে কঞ্জনীলে তাইৰ ওচৰত কৈফিয়ৎ নুতুলিলেহেঁতেন,

 “আপুনি এই কথাবোৰ জনাৰ পাছতো নিজৰ মানুহজনক কিয় বাধা নিদিলে?”

 “কি বুলি বাধা দিম কঞ্জনীল? মৃত্যুয়েও লৈ যায় আপোনজনক ৷ বাধা দি ৰাখিব পাৰি জানো?”

 মৃত্যু শব্দটো মাথো এবাৰৰ বাবেহে উচ্চাৰণ কৰিছিল তাই। সেই শব্দটো যে ইমান আপোন হৈ পৰিব কঞ্জনীলৰ বাবে তেতিয়া গম পোৱা নাছিল তাই। তাৰ পাছৰে পৰা সি বাৰে বাৰে মেচেজত উল্কিৰ মৃত্যুৰ প্ৰসংগকে কৈছিল।

 “শেষ কৰি দিম তাইক”, “পৃথিৱীৰ পৰা বিদায় দিম তাইক”, এনেবোৰ মেচেজেৰে তাইৰ মেচেজবক্স ভৰি আছিল।

 সেই কথা শুনি আল্ট্ৰাছে তাক কটাক্ষ কৰি কৈছিল, “ঢোঁৰাসাপৰ ফোঁচফোচনিয়ে সাৰ।”

 তাই উভতি ধৰিছিল, “তুমি এই সমযত এনে কথা কোৱা উচিত নহয় আল্ট্ৰাছ৷ কঞ্জনীল খুব আৱেগিক হৈ আছে। অলপমান কথাতে উত্তেজিত হৈ যাব পাৰে তেওঁ ।”

 কঞ্জনীলৰ হৈ তাই কথা কোৱাটো আল্ট্ৰাছে ভাল নাপায়। তথাপি তাই সিদ্ধান্ত লৈ পেলাইছিল, তাই কঞ্জনীলক এবাৰ লগ ধৰিব। পুৰণি কথাবোৰৰ ওপৰত নতুনত্বৰ প্ৰলেপ সানিবলৈ অনুৰোধ কৰিব তাক। জীৱনটোক সহজে ল’বলৈ শিকাব তাই। মনত ক'ৰবাত অকণমান স্বার্থও আছিল নেকি তাইৰ? যেন তাৰ সংসাৰখন চিজিল লাগিলেই নিৰাপদ হৈ পৰিব তাই! অকণমান অনিশ্চয়তাবোধ, অকণমান নিৰাপত্তাহীনতাত ডুবি আছিল তাইৰ সংশয়ৰ বেলি। ডুবিব ধৰা বেলিটোৰ খাতিৰতে তাই মনটো বান্ধি লৈ বিশালৰ স’তে মিলাই উল্কি আৰু কঞ্জনীলৰ চহৰলৈ যাত্ৰা আৰম্ভ কৰিছিল।

 দুখে বুকু কোঙা কৰিলেই বুকুত শিলনি বান্ধে তাই। দুখবোৰৰ প্রবেশ নিষেধ কৰি শিলনিৰে দেৱাল গাাঁথে। ভাল জোতা এযোৰ নোহোৱাৰ দুখটোক বিকলাংগ কোনোবা এজনৰ ভৰি নোহোৱাৰ দুখটোৰে ৰিজাই চায়। চুলিখিনি আপডাল কৰিবলৈ লৈ মনত পেলায়, কৰ্কট ৰোগত আক্ৰান্ত সেই ছোৱালীজনীৰ সৰি যোৱা চুলিখিনিৰে টকলা মূৰটোলৈ ৷ আপেক্ষিক কৰি ল’লেই দুখৰ পৰিমাণ কমে। সেই সূত্ৰৰে তাই সবল হৈ উঠে। জীৱন নিষ্ঠুৰ নহয়। ই এক ৰণাংগন। সবল এজনকহে এই যুদ্ধলৈ ঠেলি দিয়া হয়। প্রকৃতিৰ নিয়ম এয়া। যিমানেই প্রত্যাহ্বানৰ সন্মুখীন হোৱা যায়, সিমানেই প্রত্যাহ্বানক জিনাৰ বাট সুচল হয়। তাইৰ সন্মুখত এক নতুন প্রত্যাহ্বান। মুহূৰ্ততে সংসাৰ চাৰখাৰ হোৱাৰ দৰে এক প্রত্যাহ্বান। সন্তানদ্বয়ৰ নিশ্চয়তা হেৰুওৱাৰ দৰে শংকাৰ এক প্রত্যাহ্বান। ধৈৰ্য হেৰাই নগ’ল তথাপি। এহাতে কলিজা খামুচি আনখন হাতেৰে দায়িত্ব সামৰি তাই মানৱবাদৰ গান গাবলৈকে উল্কিৰ ওচৰলৈ আহিল। নিজৰ কষ্টৰ পৰা কিমান ওপৰত অৱস্থান কৰিলে নিজৰ দুখবোৰ গৌণ হৈ পৰে? তাই নিজক চম্ভালি লয়, ভয় হয় বাকীবোৰক লৈহে। ককায়েকে শুনিলে হয়তো ক’ব, “এয়া তোৰ মহানতা ৷” ধ্ৰুৱমে শুনিলে ধৰফৰাই ৰ’ব।

 আন কোনোৱে শুনিলে ক'ব, “এয়া বাতুলামি”৷

 আল্ট্ৰাছে কয়, “এয়া ভণ্ডামি”। [ ৪৯ ]  টোপনিতে কৰণ হাঁহি এটা বাগৰি গ’ল তাইৰ। আল্ট্ৰাছে তাইৰ প্রতিটো বুজাবুজিকে কয়, “এয়া ভণ্ডামি। এয়া নিজকে মহান দেখুওৱাৰ ভণ্ডামি। পৃথিৱীৰ চকুত ধূলি দিলেও মিচেছ অলংকৃতাৰ ভণ্ডামি মোৰ চকুৰ পৰা সাৰি নাযায়”।

 নিচাগ্ৰস্ত হয় কেতিয়াবা আল্ট্ৰাছ৷ নিচাত প্রলাপ বকে। নিচাত থাকে তায়ো। দুয়োজনৰে নিচা বেলেগ। কেতিয়াবা নিচাৰ আচ্ছাদন আঁতৰাই দেখে, নিচা বিনে মৰিশালিৰ নিস্তব্ধতাৰে স্তব্ধ জীৱনৰ প্রতিটো কেঁকুৰি। নিচা নহ’লে ফেঁচাৰ নিউ নিউ শব্দৰে কঁপায় জীৱনৰ বাঁহীসুৰীয়া কলি। নিচা বিনে কুঁৱলী ফলা আকাশত অপৰিমিত হৈ পৰে শূন্যৰ বিশাল অংক ৷ নিচা বিনে শুকাই কৰ্কৰীয়া মৰা তুলিকাত উচুপি উঠে নিজস্বতাৰ পোট্ৰেইট। নিচা বিনে উৱলি যোৱা কেনভাচত মোলান পৰে কলা-বগা ছবিৰ কলাজ।

 এই ৰূপলৈ ভীষণ ভয় লাগে তাইৰ ৷ ভয় লাগে বাবেই নিচা সানি লয় কলিজাত।৷ গানৰ নিচা, কলমৰ নিচা, আকাশত উৰি ফুৰাৰ নিচা। সত্যটো এয়ে যে, এই নিচা সত্য নহয়। নিচাৰ আঁৰৰ ক’লা-বগা৷ কেনভাচৰ মোলান মানুহজনীহে সত্য।

 সপোনবোৰ তথাপি নিলাজ। বাস্তৱৰ নিষ্ঠুৰতাই চনকাই নাভাঙে সপোনৰ কাচ-ঘৰ। সেই সপোনতে আল্ট্ৰাছৰ উদাস মলিয়ন মুখ ভাঁহি আহে। কষ্টৰ প্রতিফলন ঘটা এখনি মুখ। কিয় কিয়? কিহৰ বাবে এই কষ্ট? উল্কি হেৰাই যোৱাৰ বাবেনে? কি আছিল সেই সৰুফুটীয়া ছোৱালীজনীৰ মাজত, সেই কথা জানিবলৈ মন তাইৰ।

 খেপিয়াই খেপিয়াই তাই মোবাইলটো খোঁচৰে। ফোন নম্বৰ ডায়েল কৰে আল্ট্ৰাছৰ। ৰিং হৈ হৈ ফোনটো কাট খাই যায়। পুৱতি নিশাৰ চিকুণ টোপনি হয়তো তাৰ। নতুবা হয়তো কিছু অভিমান। কিছু অস্থিৰ হয় তাই। এবাৰলৈ যদি আল্ট্ৰাছৰ মাতটো শুনিলেহেঁতেন। এবাৰলৈ যদি সন্তানৰ কুশল বাৰ্তা পালেহেঁতেন। আকৌ ফোন কৰে তাই। পুনৰবাৰ ফোন বাজি বাজি অফ হৈ যায়।

 সন্তান দুটিৰ মুখখন আমনি কৰিলে তাইক ৷ একো বুজি নোপোৱা ধৰণেৰে নিৰীহ দুয়োটি প্রাণী । তাই হেৰাই যোৱাৰ পথত সিহঁত দুটিয়ে ভেটা হৈ থিয় দিয়ে। সেই সন্তানৰ মাত শুনা নাই অতবেলি, চিঞৰি জগোৱা নাই তাই, “সোণহঁত মোৰ, উঠিলিনে? উঠ উঠ। স্কুল বাছ আহিবৰে হ’ল”।

 ৰাতিৰ ৰাতিটো বৰষুণে তিয়াইছিল বুকু। ৰাতিৰ ৰাতিটো সপোনৰ উমলাঘৰত উমলি আছিলগৈ দুচকু। ৰাতিৰ ৰাতিটো মাকৰ চাদৰৰ তলত ঘৰচিৰিকাজনীৰ দৰে চিৰিক চাৰাক কৰি থাকিল তাই। ৰাতিৰ ৰাতিটো আশ্বাসৰ পৰম আশ্ৰয়ত নিৰাপদ হৈ ৰ’ল তাই। পুৱাৰ ৰ’দকণে বৰষুণৰ টোপালবোৰত মুকুতা সানি খিৰিকীত ওলমাই ৰখাৰ দৃশ্যটো চাই বিভোৰ হ’বলৈ লওঁতেই সম্তানদ্বয়ৰ মাতষাৰিয়ে আমনি কৰি থাকিল। টোপালবোৰত ওফন্দি থাকিল জোন গলা ৰাতিৰ সাধুবোৰ। তথাপি এলাগী ৰাণীৰ অনুভূতিকণে চুই যায় তাইক। এলাগী হ’লেও তাইৰ এটি ঠিকনা আছে। উল্কিৰ সেই ঠিকনা নাছিল। কঞ্জনীলৰ ঠিকনাও এতিয়া জিপচিৰ দৰে অঘৰী ঠিকনা হৈ পৰিছে। কঞ্জনীল উন্মাদ হৈ পৰিছে। তাই উমান পাইছিল সেই উন্মাদনাৰ।

 নাভাবো বুলিও বিশালৰ চকু দুটিয়ে আমনি কৰিছে তেওঁক। আকুলতা সানি লোৱা এযুৰি কপৌৰ দৰে গভীৰ চকু। ঠিক যেন তেওঁৰ সন্তানৰ দৰেই ৷ বিশালৰ মাকে হয়তো পদূলিমুখলৈ বাৰে বাৰে বাটি চাইছে। মাকৰ ওচৰলৈ ঘূৰি গ’লনে বাৰু তেওঁ? গভীৰ মমতাৰে অলংকৃতাৰ মনটো ভৰি পৰিল। ক’ত আছে ল'ৰাটো? ফোনটোত এইবাৰ বিশালৰ নাস্বাৰটো ডায়েল কৰিলে। এবাৰতে বিশালে ফোন ৰিচিভ কৰিলে।

 “বিশাল”, লাহেকৈ তাই মাত লগালে।

 “ও”, সিপাৰে শতযুগৰ তৃষ্ণা সামৰি লোৱা এক অপেক্ষাৰত কণ্ঠ।

 “ক'ত আছে?”, তাই কয়।

 “আপুনি য’ত এৰি থৈ গৈছিল”, কণ্ঠত যেন অভিমান!

 “মানে ?”, অজান অনুভৱে কঁপাই যায় তাইক।

 “খিৰিকীৰে চাওক তললৈ”, সি কৈ উঠে।

 মুহূৰ্ততে তাই কম্বল দলিয়াই উঠি বহে। জাপ মাৰি বিছনাৰ পৰা নামি খিৰিকীৰ গধুৰ পৰ্দাখন চপাই দিয়ে। খিৰিকীত ওলমি আছে বৰষুণৰ টোপাল। সেমেকা দৃষ্টি ভেদি তললৈ চাই পঠিয়ালে তাই। দুৱাৰ খুলি গাড়ীৰ পৰা নামি সি ওপৰলৈ চাই পঠিয়ায়। এহাতে ফোনটো কাণত লৈ কিশোৰ প্ৰেমিকৰ দৰে হাঁহি এটাৰে আনখন হাত [ ৫০ ] দাঙি তাইলৈ অভিবাদন জনায়।

 আসঃ কি এই অনুভৱঙ্গ গোটেই ৰাতি বিশাল ইয়াতে বহি থাকিল নেকি? এই বৰযুণেৰে সেমেকা ৰাতিটো নিহালিৰ উম ল’বলৈ অকণোৱেই মন নগ’লনে তাৰ? সিতো এইখন হোটেলতে ৰূম এটাও লৈ ল’ব পাৰিলেহেঁতেন।

 “আপুনি এই ৰাতিপুৱাখন ইয়াত যে! ৰাতি ঘূৰি নগ’ল?”, তালৈ চাই চাই ফোনতে কৈ থাকে তাই।

 “কেনেকৈ ঘূৰি যাওঁ কওক। বাট দেখুৱাই নিবলৈ আপুনি যে নাছিল।”

 ঈষৎ খং উঠে তাইৰ। ক’বলৈ মন যায় বিশালক যে, আবেগেৰে পেট নভৰে। প্রেম ভালপোৱাৰ আগত ৰৈ আছে দায়িত্ববোধ। বিশালৰ দায়িত্ব আছে মাকৰ প্রতি। তাইৰ দায়িত্ব আছে সন্তানৰ প্রতি। তেনেস্থলত এনেদৰে ইয়াত নিজকে কষ্ট দি কৈশোৰ প্ৰেমিকৰ আচৰণ কৰাটো যুক্তিসংগত নহয়। অলংকৃতাই বুজাবলৈ চেষ্টা কৰে,

 “আপোনাৰ আচৰণ যুক্তিসংগত নহয়। আপুনি ঘূৰি যাওক।”

 “আপোনাৰ আচৰণো যুক্তিসংগত নহয়। আপুনিও ঘূৰি বলক!”

 “আসঃ বিশাল। নুবুজে কিয়? কথাৰ কটা-কটিৰে সমস্যা সমাধান নহয়। মই আজি দিনটো ইয়াত থকাটো জৰুৰী। কেতবোৰ প্রশ্নৰ উত্তৰ পাবলৈকে কঞ্জনীল আৰু উল্কিৰ ঘৰত এবাৰ ভৰি দিয়াটো জৰুৰী”

 “সেই পকনীয়াৰ পৰা আঁতৰত অৱস্থান কৰক মেডাম। ই আপোনাক ক’ৰবালৈ উটুৱাই লৈ যাব। আপোনাৰ কষ্ট চাই থাকিবলৈ মোৰো কষ্ট হয়।”

 কথা আগবঢ়াবলৈ নিদিলে তাই। সকলোৱে কয় তাইক, এই পকনীয়াৰ পৰা আঁতৰি আহিবলৈ তাই নিজেও ভাবে, ই তাইক অস্থিৰ কৰি তুলিছে। কিন্তু এবাৰ বেহুত সোমোৱাৰ পাছত আঁতৰি অহাৰ প্রশ্নই নাহে। লাগিলে নিয়মবোৰ অনিয়ম হৈ যাওক, মূৰৰ ওপৰেৰে গঙাচিলনী উৰক। তাইৰ সমস্ত সত্তা শেষ হৈ যাওক, তথাপি আলফুলিয়া কলিজাখনক টোপ পৰিবলৈ নিদিয়াকৈ উত্তৰবোৰ বিচাৰি উলিয়াব তাই।

 ফ্ৰেচ হৈ তাই তললৈ নামি আহিল। বিশালে গাড়ীৰ দুৱাৰ খুলি দিলে। বিশাললৈ চালে তাই। উজাগৰী নিশাৰ প্রলেপ নাই দুচকুত ৷ একেই সজীৱতা, একেই গভীৰতা কিদৰে সম্ভৱ? কিদৰে সম্ভৱ ? বিশালে তাইলৈ চাই মৃদু হাঁহি মাৰে,

 “কি চাইছে মেডাম?”

 “চাইছো আপোনাক। ৰাতিটো গাড়ীতে শুলে। ৰূম এটাও লৈ ল’ব পাৰিলেহেঁতেন। ভাল পাগলামি কৰে দেই আপুনি।”

 “এবাৰ প্ৰেমত পৰি চাব মেডাম! পাগলামিত জীৱন আছে।”

 উত্তৰবিহীন পলবোৰৰ দৰেই লক্ষ্যবিহীনভাৱে গাড়ীৰ চকা ঘূৰে। ক’লৈ যাব তাই? বিশালে দেখুৱাই দিয়া সোণালী বাটলৈ নে নিজে সিঁচি লোৱা কাঁইটৰ বাটলৈ? কোনোবাই কাণে কাণে কয়, “আকৌ একেটা ভুল নকৰ অলংকৃতা? সোণালী বাটলৈ মন নেমেল। বহুত দাম দিলেও সেই বাট নিজৰ নহয়। কাইটীয়া বাটবোৰ নিজৰ।একান্তই নিজৰ।”

 এৰা। কাঁইটবোৰ আপোন। ফুলবোৰক সুৰক্ষা দিয়াই কাঁইটৰ লক্ষ্য। কাঁইটৰ খোঁচত ফুলৰ মৃত্যু নহয়। ফুলৰ মৃত্যু হয় ফুলপ্ৰেমিকৰ অত্যাচাৰত।

 গুগলমেপ উলিয়াই কঞ্জনীলৰ ঘৰৰ অৱস্থান উলিয়াই ল’লে। মাজে মাজে বিশালক নিৰ্দেশ দি থাকিল।

 ভৃত্য হোৱাৰ হেঁপাহটো যেন বিশালৰ পূৰ হৈছে, এনে সন্তুষ্টিত সি ষ্টিয়েৰিং পকাইছে। কঞ্জনীলৰ ঘৰত উঠিও সি গাড়ীৰ পৰা নামি নগ'ল।

++

(বাৰ)

 অলংকৃতাই গাড়ীৰ পৰা নামি কঞ্জনীলৰ ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ সময়ত বিশালে ড্ৰাইভিং চিটত বহি সন্মুখলৈ চাই ৰ’ল! কি যে জেদ এটাই ক্ৰিয়া কৰিলে তাৰ মনত! অতদিন অত সন্মান কৰি অহা তাতকৈ জ্যেষ্ঠ মানুহগৰাকীৰ প্রতি এক অনুকম্পামূলক ভাব গঢ়ি উঠিছিল, কোন মুহ্‌ৰ্তত সেই অনুকম্পা প্ৰেমলৈ পৰিণত হ'ল সি নাজানে। যদিও এই সম্পৰ্কৰ কোনো নাম নাই, যদিও এই সম্পৰ্কৰ কোনো লক্ষ্য নাই, যদিও এই সম্পৰ্কৰওপৰত হয়তো অলংকৃতাৰো আস্থা নাই, তথাপি কপৌপোৱালিজনীৰ দৰেই আলফুলিয়া অনুভৱটোৱে বুকু ভৰাই [ ৫১ ] ৰাখে। সি নাজানে, এই বলিয়া সোঁতে তাক ক’লৈ লৈ যাব, অথচ বৰ্তমানৰ ওপৰতে ভেঁজা দি বৈ আছে আলসুৱা সময়বোৰ। কেতিয়াবা মনত পৰে তাৰ অতীতত কিছু সাঁচতীয়া কথা। কেনে যে সংগ্ৰামী জীৱন কটাই আহিছে সি জানে। কোনোমতে হায়াৰ চেকেণ্ডাৰী পাৰ কৰিছিলহে সি, উগ্ৰপন্থী সংগঠনটোৰ জালত ভৰি দিছিল। তাৰ পাছত দীঘলীয়া পৰিক্ৰমা, সংগ্রামী জীৱনৰ ঘাত-প্রতিঘাত। গাঁৱৰ আয়েকৰ চকুলোৰে পথাৰখন সেমেকা কৰি প্রতিদিনে তাৰ বুকুৱে খৰাং উৎসৱ পাতে। প্ৰেমৰ দৰে সুকোমল অনুভূতিবোৰৰ লগত সি পৰিচিত নোহোৱাকৈ সি জংঘলত খৰি ফালি হাত দুখন কঠিন কৰে। জীৱনৰ আন্ধাৰ ফালটোৱে তাক বাৰুকৈয়ে নাকনি কাননি কৰিলে। দেউতাকক হেৰুৱালে সেই সময়চোৱাতে । তথাপি সংগঠনৰ নীতিৰ লগত সি কোনোমতেই নিজৰ নীতিবোৰক খাপ খুৱাব পৰা নাছিল। উভতিবলৈ বাট বিচাৰি পোৱা নাছিল। সন্মুখৰ বাটত অপেক্ষা কৰিছিল অমানিশাৰ ফেঁচাৰ মৃত্যুৰ নিউ নিউ ধ্বনিয়ে।

 যিমানেই জটিলতালৈ সোমাই যায়, সিমানেই ই জটিল হৈ পৰে। জটিলতাৰ সময়বোৰত মুহূৰ্তে মুহূৰ্তে আয়েকলৈ মনত পৰে তাৰ। ৰাতিপুৱা আয়েকৰ হাতৰ একাপ চাহ, উৎসৱৰ বিহুটিত হেঁপাহৰ এবাতি দৈ জলপান, ভৰ বাৰিষাৰ লুইতখনিৰ লগত আলাপ-অভিমান, এয়াইতো৷ আছিল সোণালী শৈশৱ। সোণালী শৈশৱৰ সেই সমীকৰণত জটিল ক্ষণবোৰ লাগি তাৰ যৌৱনটোক চেপি খুন্দি শেষ কৰিবলৈ ওলাইছিল।

 কেবাবাৰো পলাবলৈ সুযোগ বিচাৰিও বিফল হোৱা তাৰ কাষত থিয় দিছিল দীপক নামৰ লক্ষীমপুৰৰ ল’ৰাজন।

 “কিয় মন মাৰি থাক তই?” জুই একুৰা ধৰি শীতল কোনো এক নিশা দীপক নামৰ সংগঠনৰ ল’ৰাজনে তাক সুধিছিল।

 “তাৰ মনত ভয় নামৰ বস্তুটোৰ চিন মোকাম সিদিনা নাইকিয়া হৈ গৈছিল। মৃত্যুৰ স’তে খুব ভালকৈয়ে পৰিচিত সি! মৃত্যুতকৈ কঠিনতম শাস্তি আন কি হ’ব পাৰে, এই ভাবত সি মৃত্যুকে চেৰাই কথাবোৰ কৈছিল। সাহস গোটাই বিশালে কৈ উঠিছিল৷

 “দাদা। এই জীৱন ভাল নালাগে মোৰ। এই বন্দীত্বৰ জীৱন ভাল নালাগে। অন্যৰ দৰে মোৰো মুকলিকৈ গেলাৰীত বহি ফুটবল খেল চাবলৈ মন যায়। মন যায়, দিনৰ ভাগৰখিনি আইৰ কোলাত এৰি দিবলৈ৷ এই বন্দুক-বাৰুদৰ জীৱন, নিৰীহৰ তেজেৰে ফাকু খেলা, এই নীতি আদৰ্শৰ স’তে মোৰ মিল নাই।”,

 “ওমম”, দীপক নামৰ ল’ৰাজনে বহুত দেৰি চিন্তা কৰিছিল। তাৰ পাছত সুধিছিল পুনৰ,

 “কি বিচাৰ তই খুলি ক।”

 “মুক্তি বিচাৰোঁ দাদা। এই জীৱনৰ পৰা মুক্তি বিচাৰোঁ। নিজৰ জীৱনটো নিজৰ মতে সজাব বিচাৰোঁ।”

 সেয়া এক কঠিন অধ্যায়। দীপক নামৰ ল’ৰাজনে সংগঠনৰ বিষয়ে তাক বহু কথাই কৈছিল, তাক গাইড কৰিছিল, ওলাই অহাৰ বাট দেখুৱাইছিল। মাথোঁ এটা চৰ্ত বান্ধি দিছিল। সেই চৰ্তই তাক এটা লক্ষ্য দেখুৱালে। সেই চৰ্তৰ পাছত দৌৰি দৌৰি সি আইনৰ নৈশ ক্লাছত নামভৰ্তি কৰিলে। দিনত প্রাইভেট স্কুলৰ চাকৰি কৰি ৰাতি এপৰলৈকে শিক্ষা ল’লে। অচিন নাৰী এগৰাকীৰ পিছে পিছে যোৱাৰ সপোনটোৱে জোনাকী পৰুৱাৰ দৰে তাক বাট দেখুৱাই লৈ গৈছিল। অলংকৃতা নামটোৰ স’তে সি সাঙুৰ খাই পৰিছিল।

 “অলংকৃতা বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফাইনেল ইয়েৰৰ ছাত্ৰী। চকু ৰাখিবি । এবছৰ, দুবছৰ কথা কোৱা নাই। জীৱনটোৰ কথা কৈছোঁ। জীৱনটোলৈ তাই যাতে বিপদত নপৰে সেই খেয়াল ৰাখিবি”। এটা এটাকৈ শব্দবোৰ উচ্চাৰণ কৰি দীপকে পেগ এটা ঢালি লৈছিল। এক গধুৰ দায়িত্বৰ পৰা যেন মুক্ত হৈছে সি।

 আৰু বিশাল? আচৰিত হৈছিল সি, ইমান সৰু চৰ্ত এটাৰ বিনিময়ত তাক বিনাদ্বিধাই মুক্তি দিয়া দেখি। ৰাজ্যিক ন্যায়িক সেৱাৰ উত্তীৰ্ণ প্ৰাৰ্থীৰ তালিকাত অলংকৃতা বৰুৱাৰ নামটো দেখি সি জঁপিয়াই উঠিছিল। দীপকে বান্ধি দিয়া চৰ্তটোৰ আধাখিনি সি যেন পূৰ কৰি উঠিছিল, তেনে ভাবত সি পুনৰবাৰ কঠোৰ সাধনাৰ পণ ল’লে। তেতিয়ালৈকে সি অলংকৃতাক দেখাই নাছিল। অথচ এই নামটোৰ পিছ লৈ লৈ সি লক্ষ্য লৈ পেলাইছিল অলংকৃতা যি বাটেৰে যাব সেই বাটেৰে সিও যাব। অলংকৃতা য’তেই থাকিব, আশে পাশেই সিও থাকিব। দীপকদাদাক কথা দিয়া আছিল সেইমতে ৷ মনলৈ এবাৰো অহা নাছিল দীপক কোন হয় অলংকৃতাৰ। [ ৫২ ]  এতিয়া মন গ’লেই দীপকক অলংকৃতাৰ খবৰ দিয়া নাযায়। খবৰ দিবলৈ দীপকৰ বিষয়ে জ্ঞাত নহয় সি। দীপকৰ ওচৰত সি চিৰকৃতজ্ঞ। কিন্তু অলংকৃতাৰ প্ৰতি উথলি উঠা অনুভৱটোকো সি নুই কৰিব নোৱাৰে । আচলতে জীৱনটোক কোনো চৰ্ততে বান্ধিব নোৱাৰি। সময়বোৰো বান্ধিব নোৱাৰি। অলংকৃতাই নাজানে যে বিশালে তাইক কিমানদিনৰ পৰা অনুসৰণ কৰি আছে। আল্ট্ৰাছতকৈ আগতেই সি অলংকৃতা বৰুৱা নামটোৰ স’তে পৰিচিত, সেই কথা অলংকৃতায়ো নাজানে। ওঁঠেৰে মিচিকনি এটা ওলাই গ’ল তাৰ। যিগৰাকী নাৰীক কোনোদিনে বিপদত পৰিবলৈ নিদিওঁ বুলি কথা দিছিল দীপকক, সেই নাৰীগৰাকীয়ে এতিয়া তাৰ বুকুৰ আসন জুৰি বহি ল’লে৷ প্রতিটো পৰিঘটনাৰে এক সূত্ৰ থাকে। থাকে এক শৃংখল। বাঘে হৰিণাজনীক বধ কৰাৰ পৰিঘটনাটো দুখজনক হ’লেও প্রকৃতিৰ বৃহত্তম স্বৰ্থত সেয়া কৰাৰ প্রয়োজন আছে। সেইদৰে প্রতিটো দুখৰ কোনো কাৰণ থাকে। অলংকৃতাৰ দুখৰ স’তে পৰিচিত হওঁতেই সি দীপকলৈ মনত পেলাইছিল, “দাদা আপোনাৰ চৰ্ত মানিব নোৱাৰিলোঁ দেখোন। চকুৰ আগতে তেওঁৰ হুমুনিয়াহ দেখিছোঁ। চকুৰ আগতে তেওঁৰ ভাগি যোৱা আকাশ দেখিছোঁ। একোৱেই কৰিব নোৱাৰিলোঁচোন তেওঁৰ বাবে”

 "তাৰ পাছৰ কথাবোৰ বিশৃংখল ৷ চিন্তাৰ সূতাডালত অলেখ কথাই আউল লগালে৷ যিমানেই খুলিবলৈ চেষ্টা চলালে, অলংকৃতা নামৰ গাঁথিটো সিমানেই খুলিব নোৱাৰা হৈ পৰিল। কোনোবা দূৰৈৰ বিষাদৰ ৰিণি যেন হ’ল প্রতিশ্ৰুতিবোৰ। তেওঁক সযতনে ৰাখিবলৈ গৈ নিজৰ সিদ্ধান্তবোৰ অযতন হ’ল। তেওঁৰ দুখবোৰৰ গভীৰতা জুখিবলৈ গৈ নিজৰ দুখৰ খাদ গভীৰ হৈ পৰিল। ষ্টিয়েৰিঙত মূৰ পেলাই কথাবোৰ ভাবি থাকোতে চিলমিলীয়া টোপনি এটি তাৰ চকুৰ আগত দুলি আছিল। ৰাতিৰ টোপনি খতিয়ে তাৰ অৱসাদ গভীৰ কৰি তুলিছে।

 হঠাতে ভিতৰৰ পৰা এক চিঞৰত সি সচকিত হৈ বহিল,

 “মই তাইৰ ছাঁটোকে নাচাওঁ। তাই বেশ্যা হৈ গৈছে৷”

 বিশালৰ টোপনি ভাব দূৰ হৈ যায়। বুজি পায়, সেয়া নিশ্চয়কৈ কঞ্জনীলৰ মাত। একেসময়তে অলংকৃতাই কথাবোৰ নিজৰ মনলৈ টানি নিৰ্বাক ছবি এখনত চলন্ত ৰূপ দিয়ে,

 “বেশ্যা হৈ গৈছে? কোন? কোন? উল্কি নে তাই?”

 প্রশ্নবোৰৰ উত্তৰ বিচাৰি মনটোৱে লাইব্ৰেৰীৰ এচুকত বহি পৰে,

“marriage is a legal prostitution (বিবাহ এক আইন-স্বীকৃত বেশ্যাবৃত্তি)”

 কোনে কৈছিল? কোনে কৈছিল? হয, শ্বেকচ্পীয়েৰে কৈছিল।

 “নাৰীয়ে ভৰণ-পোষণৰ বিনিময়ত শৰীৰ বিক্ৰী কৰে। বেশ্যাৰ ক্ষেত্ৰতে হওক নতুবা পত্নীৰ ক্ষেত্ৰতে হওক, “My body, my choice" (মোৰ শৰীৰ, মোৰ পছন্দ”, কথাটো প্রযোজ্য নহয়।) আনহে নালাগে, ৰাষ্ট্ৰৰ আইনেও এই কথাষাৰি সকলো সময়তে প্রয়োগ কৰিবলৈ এৰি দিব নোৱাৰে। গৰ্ভধাৰণৰ সময়ততো নাৰীৰ নিজৰ শৰীৰৰ কোনো অধিকাৰেই নাইকিয়া হৈ পৰে। তেতিয়া ই ৰাষ্ট্ৰৰ সম্পদ হৈ পৰে”।

 অলংকৃতাৰ চিন্তাৰ সূতাডালত প্রায়ে আউল লগোৱা এই কথাষাৰি প্রত্যেকগৰাকী নাৰীৰ দ্বাৰাই প্রমাণিত। পূৰ্বৰ প্রজন্মৰে পৰা চলি আহিছে এই নিয়ম। বিবাহসূত্ৰে বেশ্যাবৃত্তিত লিপ্ত হয় নাৰী। এই কথাষাৰ মনলৈ অহাৰ লগে লগে তাই পুনৰবাৰ নিজকে জোকাৰি দিয়ে। নাই, নাই। বিবাহৰ দৰে পবিত্ৰ শব্দক এই শব্দৰে কলংকৃত কৰা নাযায়। কিন্তু কি কৰে তাই? কি কৰে? বাৰাংগনা নামটোৱে তাইক শুবলৈ নিদিয়ে, শান্তিৰে থাকিবলৈ নিদিয়ে। এই নামৰ পৰা পৰিত্ৰাণ পাবলৈ তাই ব্ৰহ্মাগু ভ্ৰমি ফুৰে। কিন্তু? এই ‘কিন্তু’টোৱে তাইৰ পিছ নেৰে।

 নাম নজনা প্রশ্ন এটাত উবুৰি খাই পৰি থাকে অহংকাৰী লগনবোৰ। কাষেৰে দপদপাই পাৰ হৈ যায় বিজতৰীয়া হাঁহিৰে এদল সৈনিক। চাৰিওফালৰ পৰা ভেনামাখিৰ দৰে ইতিকিঙৰ চকুবোৰে তাইক ওপৰৰ পৰা তললৈ লেলিহাই যায়।

 আসঃ পতিব্ৰতা নাৰী হোৱাৰ কি যে চখ কিছুমান শিপাই লৈছিল বুকুতঙ্গ ভালৰো ভাল কথাবোৰ, ভালৰো ভাল বস্তুবোৰ তেওঁলৈকে সাঁচিলে। ভালৰো ভাল সুৰবোৰ তেওঁলৈকে ৰচিলে। কেৱল তায়েইনে? সকলোৱেইতো সাঁচে। সকলো নাৰীয়ে নিজক উজাৰি দিয়ে। পুষ্পিতা হোৱাৰ দিনৰে পৰা প্ৰত্যেকজনী ছোৱালীক তেনে আচৰণৰ প্রশিক্ষণ দিয়া হয়। নিজস্বতা নোহোৱাকৈ মাকে দেউতাকৰ সংসাৰৰ কাৰণে চিন্তা কৰিছিল, এতিয়া তাই আল্ট্ৰাছৰ [ ৫৩ ] সংসাৰখনৰ কাৰণে চিন্তা কৰে। যুগে যুগে চলি আহিছে এই নিয়ম। এই নিয়মত কষ্ট পালেও নিয়ম ভঙাৰ কষ্টবোৰ যে এই সমাজত তাতোকৈ বহু বেছি।

 উচুপনি এটাই বাহিৰলৈ বাট বিচাৰি কোঠাৰ চাৰিকোণত সুৰুঙা বিচাৰি ফুৰিলে। এই উচুপনিৰ নাম নাই। হয়তোবা উল্কিৰ নতুবা নিজৰ অস্তিত্বসংকটৰ এই উচুপনি। নিশাহত হোলোকা হোলোকে নিগৰা এই অদৃশ্য উচুপনি। মিঠা জলতৰংগ এটিৰ মৃত্যুমুখী কম্পনত এই উচুপনি।

 নুখুৰোৱা দাঢ়ি, অসংযত একোছা চুলি, কোটৰত সোমোৱা চকুৰে কঞ্জনীলে তাইৰ অনামিকা আঙুলিৰ আঙুঠিটোলৈকে চাই আছে। যেন সি ভ্ৰূকুটি কৰিছে, আঁকুহিছে, আঙুঠিটো খুলিব নোৱাৰি কটাৰীৰে ৰেপিছে। বেদনাত তাই চিঞৰিছে, কাকূতি কৰিছে, আঙুঠিটো খুলি পৰাৰ দুখত হালি জালিকৈ কান্দিছে।

 স্বয়ংক্ৰিয়ভাৱে হাতখন তাইৰ আঙুলিটোলৈকে গ’ল। ইমানৰ পাছতো আল্ট্রাছৰ পৰা আঁতৰি অহাৰ তাই পক্ষপাতী নহয়। কি আছে তেওঁৰ মাজত? ভালপোৱা? নে নিয়মৰ বশ্যতা?

 ভালপোৱা। ভালপোৱা ৷ এতিয়াও ভালপোৱাৰ নামত অজস্ৰ চকুলো আছে। এতিয়াও আছে ভালপোৱাৰ নামত বিষালি কলিজা এটি। ভালপোৱাৰ নামত আছে অলেখ সপোন। ভালপোৱাৰ নামত আছে আকাশ চুই যোৱাৰ নিচা। এতিয়াও দুচকুৰ অচিন প্ৰেমিক চৰায়ে ভৰুণ কৰি থয় তাইৰ হেঁপাহৰ চামিয়ানা। আল্ট্ৰাছৰে দুৰ্ভাগ্য৷ সেই অযুত হেঁপাহক তেওঁ চিনিব নোৱাৰিলে। তথাপি তাই আল্ট্ৰাছৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত নলয়। এয়া পতিব্ৰতা নাৰীৰ ধৰ্ম। এনে নাৰীয়ে সমাজ বান্ধে ৷ এনে নাৰীৰ জুইত পুৰি সমাজ সোণ হয়।

 তাইৰ দৰে মহিলা এগৰাকী, যি অৰ্থনৈতিকভাৱে সবল, যি সমাজৰ এক প্ৰস্থিতিসম্পন্ন মহিলা, তেৱোঁ স্বামী অবিহনে অকলে জী থকাৰ পক্ষপাতী নহয়। সহিব বিচাৰে। মিলিব বিচাৰে। এটা সীমালৈকে সকলোৱেইতো সহে। তাইৰ লগৰ শিৱানীয়ে সহিছিল। বিয়াৰ পিছতে শিৱানীৰ স্বামীয়ে সৰু কথা এটাতে ‘আই বাণ্ট ডিভৰ্চ’ বুলি বন্ধুমহলৰ আগত আস্ফালন কৰিছিল। তেতিয়া শিৱানী গৰ্ভৱতী। তাইৰ ওচৰত চকুলো টুকি শিৱানীয়ে হিচাপ নিকাচ আৰম্ভ কৰিছিল। স্বামীয়ে ত্যাগ কৰিলে তেওঁ কি কি অধিকাৰ পাব, সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব কোনে ল’ব ইত্যাদি ইত্যাদি। বৰ নিৰ্লজ্জ সেই হিচাপ-নিকাচ ৷ আইনৰ মধ্যস্থতাত দুয়োৰে মাজত পুনঃসম্পৰ্ক স্থাপন হ’লেও কিছু কথা ৰৈ গৈছিল। শ্বেক্সসীয়েৰৰ বেশ্যা আৰু বিবাহৰ সংজ্ঞা, বাৰ্ণাড শ্ব'ৰ বিচ্ছেদ সম্পৰ্কীয় আলোচনাসমূহে তাইক থকা সৰকা কৰিছিল। নিজৰ প্রতি এক স্বস্তিৰ নিশাহ এৰিছিল। পৃথিৱীৰ বহুততকৈ তাইৰ অৱস্থা বহুত উন্নত। মাক আৰু ককায়েকলৈ এক অবুজ কৃতজ্ঞতাৰে মন ভৰি পৰিছিল। দেউতাক নোহোৱা ঘৰখনত ককায়েকেই ব’ঠা ধৰি তাইক ইমানলৈকে আগবঢ়াই আনিলে৷ অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিলে। অর্থনৈতিক স্বাৱলম্বিতা দৰকাৰী ৷ তাৰমানে এয়া নহয় যে চাকৰি এটা কৰিহে সেই স্বাৱলম্বিতা লাভ কৰিব পাৰি। হাত দুখন থকালৈকে বহুত কামেই কৰিব পাৰি। পশ্চিমীয়া দেশত সোতৰ বছৰৰ পৰাই কিশোৰ-কিশোৰীয়ে নিজৰ ভৰণ-পোষণৰ দায়িত্ব নিজে লয়। কোনোবা কোটিপতিৰ সন্তানে হোটেলত পাৰ্টটাইম কাম কৰে। আমাৰ সমাজে পিছ পৰি গৈছে৷ বিশ্বায়নে এনে যোগাত্মক ধাৰণাসমূহ বিলাব পৰা নাই। আমাৰ দেশত কলেজৰ দেওনা গৰকিলে পথাৰৰ হাল ধৰিবলৈ লাজ কৰে অলেখজনে ৷ আগতে তীত বোৱা ছোৱালীজনীয়ে আজিকালি তীত ব'বলৈ লাজ পোৱা হ’ল। কামৰ কোনো সৰুবৰ নাই। এই উপলব্ধি নোহোৱাৰ বাবেই যুৱচামৰ মাজত অস্থিৰতাই বিৰাজ কৰিছে। উল্কিও সেই অস্থিৰতাৰ বলি হ'ল। যিসময়ত তাই ঘৰতে সেই উপাৰ্জন কৰিব পাৰিলেহেঁতেন, চাকৰি কৰাৰ নামত বিয়াৰ পাছতে অন্য চহৰলৈ যাত্ৰা আৰম্ভ কৰিছিল। কি দিলে সেই চাকৰিয়ে? ভাঙোনমুখী কিছু সম্পৰ্ক আৰু মৃত্যুৰ দৰে শীতল ছাঁ। থাকি যোৱাবোৰৰ বুকুত কোনোদিনে নুশুকুৱা এটি ঘাঁ।

 অৰ্থনৈতিক স্বাৱলম্বিতাই ব্যক্তিগতভাৱে তাইৰ আত্মবিশ্বাসৰ বিকাশ ঘটালেও কিছুমান সামাজিক চিন্তাধাৰাৰ পৰা তাই মুক্ত হ'ব পৰা নাই। নমনীয়তা, কমনীয়তা এই উপাধিসমূহত তাইৰ দৰে নাৰীও আসক্ত হৈ পৰিছে। এই আসক্তিৰ ফলস্বৰূপে তাইও পুৰুষে বিচৰা খাজত নিজকে ভাঁজ লোৱাই লৈছে। তাই জানে, দুদিনৰ অন্তত ঘৰ গৈ পোৱাৰ লগে লগেই আল্ট্ৰাছে মনৰ খবৰ নল’লেও দেহাটো নিজৰ কৰি ল’ব। সেই সহজ প্রবৃত্তিটোকে আজিকালি বেশ্যাবৃত্তি যেন ভাব হয়। কিয় এই ভাৱে মনত অহৰহ ক্ৰিয়া কৰি থাকে, সেই কথা নাজানে তাই। তাইৰ প্রতি যেন আল্ট্ৰাছৰ মনৰ কোনো তাড়না নাই, সমাজৰ আগতে৷ তাইৰ প্রতি কোনো উন্মাদনা নেদেখুৱায়, [ ৫৪ ] অথচ ৰাতিবোৰ হ’লেই অভিমানবোৰ আঁতৰাই সোণালী পালেঙত সুখৰ আখৰা কৰে । সৰ্বস্ব সঁপিও কোনোবাখিনিত তাই আধৰুৱা হৈ ৰয়। পৃথিৱীক ক’বলৈ মন যায়,

 “চোৱা চোৱা, এয়া বাৰাংগনাৰ জুপুৰিত মই পৰি ৰৈছোঁ চোৱা। মইহে বাৰাংগনা। উল্কিয়েতো আল্ট্ৰাছৰ মন পাইছিল। তাই ৰাধিকা। মই বাৰাংগনা”।

 মনৰ মাজৰ নিৰ্বাক ছবিখনত আঁৰ কাপোৰ পৰে। সকলো পোৱাৰ পাছতো অলপমান অপূৰ্ণতা থাকে। সেই বাকী ৰৈ থকাখিনিতে তাইৰ ঠিকনা। এলাগী ঠিকনাটোৱে কিছুসময়ৰ দুখত তাইক ডুবাই ৰাখিলেও সেই ঠিকনাত ফুলি থকা দুপাহ ফুলে তাইক আস্থাৰ বা’ দি যায়। সন্তানদ্বয়ৰ উজ্জ্বল মুখ দুখনলৈ তাইৰ মনত পৰে। সাগৰত পৰি কক-বকাই থকা সময়ত সিহঁতেই খেৰকুটাৰ দৰে পাৰলৈ অনাৰ আশ্বাসকণ দিয়ে।

 গাড়ীৰ পৰা বিশাল নামি আহে। ভিতৰত সোমাই দেখে, অলংকৃতাৰ সন্মুখৰ মজিয়াতে বহি পৰা এজন যুৱক। সেয়া হয়তো উল্কিৰ স্বামী।

 “মিচেছ অলংকৃতা বৰুৱা, আপোনাৰ মানুহজনে কি কৈছিল জানেনে? ঢোঁৰা সাপৰ হেনে ফৌচ-ফোঁচনিয়ে সাৰ। মই ঢোঁৰা সাপ। মই ফোঁচ-ফোঁচাব পাৰোঁ, কিন্তু একো কৰিব নোৱাৰোঁ কিন্তু আপোনাৰ মানুহজনক মই জানি পেলাইছোঁ। তেওঁ চুকত থাকি বুকুত কামোৰা মানুহ। তেওঁক মই কি কৰিম চাই ল’ব আপুনি। ”

 কঞ্জনীলে অট্টহাস্য কৰি উঠে,

 “আপুনিতো জানে মই কেচ দিলেই তেওঁ জেলত সোমাব। কিমান প্রমাণ মজুত আছে চাব? এয়া চাওক”, প্ৰিণ্টেড ফটোবোৰ এখিলা এখিলাকৈ সি দেখুৱাই যায়। আগৰ ফটোবোৰকে তাই আকৌ এবাৰ চাই ৰয়। হাজাৰ জুয়ে পুৰিব নোৱাৰা কিছু কাগজ। ফটোবোৰ দেখি বিশালৰ মূৰ গৰম হৈ আহে।

 কঞ্জনীলৰ প্রতি অদ্ভুত খং উজাই আহে তাৰ। নাজানে নাজানে, মানুহৰ মনস্তত্বৰ বিষয়ে কঞ্জনীলে একেবাৰেই নাজানে। এতিয়া কি প্রয়োজনত এই বকলা মেলাৰ প্রয়োজন আছে? অলংকৃতাৰ ওপৰতো খং উঠে তাৰ। অপ্ৰস্তুত হ’বলৈকে তাই দৌৰি ফুৰিছে। নিজৰ ওপৰতো খং উঠে, তাইক বুজাব পৰা নাই সি! ক’ব পৰা নাই সি, এই পকনীয়াৰ পৰা ওলাই আহক বুলি। তাইৰ শূন্য দুহাতত সি প্ৰেমৰ ৰং আঁকি দিব পৰা নাই, জীৱন শেষ হৈ যোৱা নাই বুলি তাইক বুজাব পৰা নাই সি। সিতো ভৃত্যহে। দীপকৰ আজ্ঞাবাহী এক ভৃত্য। সি আজিও নাজানিলে দীপকৰ স’তে অলংকৃতাৰ কি সম্পর্ক। যি চৰ্তত তাক সংগঠনৰ পৰ| মনে মনে আঁতৰাই পঠিওৱাৰ দৰে কঠিন কাম এটা কৰিবলৈ বাধ্য হৈছিল দীপকে। কিন্তু এপাহি এপাহিকৈ সঁজাল ধৰি পাৰিজাত ফুলৰ দৰে সৰগ আমোলমোল কৰা প্ৰেমৰ এই অনুভূতিটোক সি চুপহিত বন্ধ কৰে কিদৰে, কিদৰে গোন্ধবোৰ আনি বন্ধ বুকুত সোমোৱাই থয়। বৰ ৰাগী এই গোন্ধৰ। অলংকৃতাৰ হাতখন টানি আনি তাৰ বুকুত গুজি দিবলৈ মন যায়। সেই অনুভূতিটোৰ গোন্ধত অলংকৃত৷ বাউলী হৈ পৰক, সেই সপোন দেখিবলৈ মন যায়।

 মনটো থাউকতে ক’ৰবালৈ উৰা মাৰি কঞ্জনীলৰ প্রমাদবোৰলৈ আকৌ সি উলটি আহে,

 “সিহঁতৰ বিপক্ষে মোৰ ওচৰত আৰু প্রমাণ আছে। সেই ফাৰ্মেচীখনত ৰেকৰ্ড আছে, য’ৰ পৰা সি কনট্ৰাচেপ্তিভকে ধৰি সকলো ঔষধ কিনিছিল”।

 কথা নহয় যেন শেল। অনবৰতে সবল ৰূপ ধাৰণ কৰা অলংকৃতাৰ অগ্নিপৰীক্ষা হৈ আছে ইয়াত। তাই দুহাতেৰে নিজৰ মূৰটো ধৰি লৈছে, আগলৈ আহি আমনি কৰি থকা কপালী চুলিখিনি আজুৰি লৈছে চিঞৰিছে,

 “মিছা কথা, মিছা কথা, আৰু নুশুনো কঞ্জনীল। এইবোৰ কথা শুনিবলৈ মই অহা নাই কঞ্জনীল। আৰু একোকে নক’ব প্লিজ”।

 পুনৰ হাঃ হাঃ হাঃ কৈ হাঁহি উঠে কঞ্জনীলে ৷ এককথাত সি পগলাৰূপ ধাৰণ কৰিছে। সেই ৰূপলৈ বিশালৰো সহানুভূতি আছে। কিন্তু এই নিকৃষ্ট স্তৰত যুক্তিৰ দৰদাম কৰিবলৈ সি অসমৰ্থ ৷ আদালতৰ ভিতৰতো তেনে নিকৃষ্ট যুক্তিৰ আখৰা সদায়েই চলে। ধৰ্ষিতা নাৰী এগৰাকীক আদালতৰ মজিয়াত প্রতিটো তাৰিখতে ধৰ্ষণ কৰা হয়।

 বৰ কষ্ট সেইবোৰ যুক্তিৰে পুনৰবাৰ জী উঠিবলৈ ইয়াতে এতিয়া মৃত ছোৱালীজনীক বাৰে বাৰে হত্যা কৰা হৈছে। মন গ’ল তাৰ, এই মুহৰ্ততে অলংকৃতাৰ হাতত ধৰি টানি উলিয়াই আনিবলৈ ৷ মন গ’ল তাৰ, কাকূতি কৰি অলংকৃতাক এই দোমোজাৰ পৰা মুক্ত কৰিবলৈ। কিছু কঠিন হ’ল সি, কঞ্জনীলৰ হাঁহি ৰখাই বিশালে কৈ উঠিল,

 “এই মিষ্টাৰ। আপুনি সীমা চেৰাই গৈছে।” [ ৫৫ ]  অলংকৃতাই ধৈৰ্য ধৰিছিল। উল্কিক এবাৰ দেখাৰ প্রৱল ইচ্ছাই তাইক ধৈৰ্য ধৰাইছিল।

 কঞ্জনীল ঘপহকৈ উঠি ভিতৰলৈ গুচি গ’ল। তাৰ পাছৰ দুদণ্ড সময় নিতাল নিজান। ভায়েক এজন ওলাই আহি কোনোমতে মাত লগালে,

 “দাদা প্রকৃতিষ্ঠ অৱস্থাত নাই। ক্ষমা কৰিব। দাদাই শুনিবলৈ নোখোজে সেই কথা যে, বৌ তিনিমাহৰ প্রেগনেণ্ট হৈ আছে। দাদাৰ মতে সেই সন্তান তেওঁৰ নহয়।”

 ভায়েকজনৰ কথাত চকু দুটা মুদি দিলে তাই। ভৰিৰ তলৰ মাটিখিনি পুনৰবাৰ তেওঁৰ ওচৰৰ পৰা দূৰলৈ গুচি গ’ল। কাণ দুখন গধুৰ হৈ পৰিল। চকু তুলি চাব নোৱাৰিলে বিশাললৈ, চাব নোৱাৰিলে কঞ্জনীলৰ ভায়েকলৈ। শেলপাট বুকু ভেদি পাৰ হৈ গ’ল। চাৰিওফালে অজস্র প্রশ্ন। চৌপাশে তাইক জ্ঞানশূন্য হ’বলৈ নিদিয়া অজৰ ভুনভুনীয়া শব্দ, “তুমি থাকোঁতেও আল্ট্ৰাছৰ বিৰুদ্ধে পৰনাৰীগমনৰ অভিযোগ উঠিছে। কি দিয়া নাছিলা তুমি অলংকৃতা? কি নিদিলা তুমি তেওঁক?”

 উল্কি প্ৰেগনেন্ট। বিশালেও গম পালে সেই কথা। সমস্ত আন্ধাৰে তাইৰ বাট আৱৰি ধৰিলে, জোনাকী পৰুৱাবোৰ মৰি থাকিল, জপংকৈ খাদ এটাত তাই সোমাই পৰিল, পাৰলৈ আহিবলৈ একুটা খেৰ নাই। নাই, একোটিৱেই নাই ওচৰত বটবৃক্ষজোপা ক্ৰমান্বয়ে দূৰলৈ গৈ আছে। বহুত দূৰলৈ গৈ বিশালৰ পৰা আঁতৰি পৰিছে তাই। বিশালে নুশুনক এই কথা। তাইৰ অসমৰ্থতাৰ বাতৰি নাপাওক বিশালে। নিজকে জুইৰ মাজত এৰি দি তাই ধনগুলৈৰ প্রতীকজনী হৈ গাড়ীত বহি পৰিল।

++

(তেৰ)

 উল্কিৰ একো খবৰ উলিয়াব নোৱাৰি বৰকৈ হতাশ হ’ল অলংকৃতা। কঞ্জনীলৰ ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা তাই থিৰেৰে থাকিব পৰা নাই। গাড়ীৰ চিটত বহি লৈ চকু মুদি ৰৈছে তাই। মুখৰ পৰা টু শব্দ এটাও ওলোৱা নাই অতদেৰি। তাইৰ ৰঙা পৰা মুখমণ্ডল, ঘৰ্মাক্ত কপাল, অৱশ দেহা-সকলোবোৰ দেখি কিবাকিবি ঋণাত্মক চিন্তা কিছুমানে বিশালৰ মনটো গধুৰ কৰি তুলিলে। যিমান সবল যেন দেখুৱালেও এই নাৰী মূহূৰ্ততে ভাগি পৰে। সেইখিনিতেই ভয় তাৰ। কালিও অলংকৃতাৰ ৰক্তচাপৰ তাৰতম্য ঘটিছিল। আজিও হয়তো তেনে কিবা হৈছে। পানীৰ বটলটো আগবঢ়াই দিলে তাইলৈ। ভোকতো আছে চাগৈ তাই, এনে অনুমান হ’ল তাৰ। সুধিলে “মেডাম হোটেললৈ ঘূৰি ব’লক। অলপ ৰেষ্ট লওক।”

 হোটেললৈ নাযায় তাই, ইংগিতেৰে সেই কথা বুজাই দি তাই নিমাতে ৰ’ল। মাজে মাজে তাই এনেদৰে নিমাতে ৰয়। অত্যন্ত কষ্টত নতুবা খুব বেছি আনন্দত তাইৰ বুকুখন গধুৰ হৈ থাকে। কথাবোৰে তেতিয়া বাট বিচাৰি নাপাই এচুকত বহি ৰয়। আজিও তেনে হৈছে তাইৰ। সেই শৰীৰ, যি শৰীৰে বলিয়া কৰিছিল তাইৰ একান্ত নিজৰ পুৰুষক, সেই শৰীৰ দেখা নাপালে তাই । সেই শৰীৰ এতিয়া লোকচক্ষুৰ আঁৰত! শৰীৰৰ কি আছে? কি আছে শৰীৰত? একোৱেই নাই। পুতৌ লগাকৈ একো নাই শৰীৰত। তথাপি সুন্দৰতাৰ পিছত দৌৰে পৃথিৱী। ৰঙীন পোহৰ, ৰঙীন পোচাক, ৰঙীন পানীয় সকলোবোৰ ক্ষন্তেকীয়া বুলি জানিও ৰঙৰ মাদকতাৰে ভৰাই তোলে জীৱন। ৰঙৰ মেলা পাতে, শৰীৰৰ খেলা পাতে, সেই খেলাত শৰীৰ আৰু প্রেম একাকাৰ হয়, সেই খেলাত আত্মাৰ আহবান ক’ৰবাত পৰি ৰয়। নাজানে তাই, তাইৰ অবৰ্তমানত উল্কি হেৰাই যোৱাৰ খবৰত তেওঁ কি প্ৰতিক্ৰিয়া কৰিছে, সেই কথা নাজানে তাই। এৰিকাপামজুপিয়ে হয়তো তেওঁৰ সহস্ৰ হুমুনিয়াহবোৰ ধৰি থৈছে। তাই গ’লেই যেন মেলি দিব কথাবোৰ, বকলা মেলিব তাইহীনতাৰ দিনলিপিবোৰ ৷ নে আল্ট্ৰাছে তাইকে দূষিব? ক’বনেকি ‘সৱ তোমাৰ কাৰণেই হ’ল’ বুলি?

 কথাই প্রতি কয় আল্ট্ৰাছে, “তোমাৰ কাৰণেই সৱ হ’ল” বুলি৷ বিয়াৰ পাছৰ বছৰৰ ঘটনা এটিলৈ মনত পৰিল তাইৰ। আল্ট্ৰাছ সেইবাৰ চাইটৰ পৰা ঘৰলৈ আহি আছিল। অলংকৃতাৰ গৰ্ভত প্রথমটি সন্তানৰ অংকুৰণ তেতিয়া। ৰাতি এপৰলৈকে আল্ট্ৰাছ ঘৰ পোৱাহি নাই। অলংকৃতা ৰৈ আছে পদূলিমুখলৈ চাই চাই! কোনোবা এবাৰত বাজি উঠিছিল ফোনটো।। সিপাৰৰ খবৰ আহিছিল আল্ট্ৰাছ পৰি আছিল হস্পিতেলত। কি হ’ল আল্ট্ৰাছৰ? কি হ'ল তেওঁৰ? ঘৰুৱা সাজেৰে উধাতু খাই হস্পিতেল পাইছিলহি তাই। বুকুৰ ভিতৰখন দুৰু দুৰুকৈ কঁপি ৰৈছিল। [ ৫৬ ] আল্ট্ৰাছৰ বাদে এই চহৰত তাইৰ আছেইনো কোন? ওফন্দি অহা পেটত আল্ট্ৰাছৰ সম্তান। আৰু কোন আছে এই চহৰত ? একান্তই নিজৰ বুলি আন কোনোৱেইতো নাই! বৰ অসহায় অনুভৱ কৰে তাই ৷ নাতিদূৰত যদিও আল্ট্ৰাছৰ আপোন ঘৰ, কিন্তু সেই ঘৰখনে বিধৰ্মী বুলি তাইক গ্ৰহণ কৰা নাছিল। শ্রমিকৰ দৰমহা লৈ কিবা খেলিমেলি হোৱাত শ্রমিকসকল উত্তেজিত হৈ আল্ট্ৰাছক আক্ৰমণ কৰিছিল। চকুপানীৰে গাল ভিজাই দুঃসময়ৰ ক্ষণ খেদি খেদি তাই আল্ট্ৰাছলৈ চাই ৰৈছিল।

 আৰু সেই ক্ষণত তাইৰ ফালে চাই আল্ট্ৰাছে কৈ উঠিছিল, “দেখিলা নহয়? মই তোমাক সেই কাৰণে ধৰ্ম কৰ্মত মন দিবলৈ কওঁ।”

 হতবাক হৈ পৰিছিল তাই। আল্ট্ৰাছৰ দুৰ্ঘটনাৰ বাবে আল্ট্ৰাছে শ্রমিকৰ লগত কৰা আচৰণ দায়ী নহয়, দায়ী তাইৰ ধৰ্মৰ প্ৰতি উদাসীন স্বভাৱটোহে। এয়া যুক্তি নে? তাইতকৈ সাতবছৰে ডাঙৰ আল্ট্ৰাছৰ যুক্তিহীন কথাত তাই আহত হৈছিল। তাৰ পাছতো যিকোনো অথন্তৰৰ মূলতে যে তাইৰ ধৰ্মাবিৰোধী স্বভাৱ সেইটো সোঁৱৰাবলৈ তেওঁ পাহৰা নাছিল। নিজেই নিজক বুজোৱাৰ কুচকাৱাজ তেতিয়াই আৰম্ভ হৈছিল। একলা দুকলাকৈ গৰ্ভৰ সন্তানটো বাঢ়ি আহিছিল। সমানে বাঢ়ি আহিছিল আৱদাৰ-অভিমানেৰে ভৰা অজলা ক্ষণবোৰ। নিজে ৰন্ধা খাদ্যবোৰত জুটি নাপাই গধূলি বেলিকা ড্ৰাইভাৰজনৰ হতুৱাই বাহিৰৰ খানা অৰ্ডাৰ দিয়ে তাই। সেই সময়ত মাকৰ হাতখনলৈ তাইৰ বৰকৈ মনত পৰে। মাকলৈ মনত পৰিলেই গৰ্ভস্থ সন্তানটোৱে আহাৰৰ দাবী জনায়। মাকৰ হাতৰ এসাজৰ স্মৃতিত তাইৰ জিভাৰ পানী পৰে। সুখৰ সময়ৰ বহুত উদযাপনৰ পৰা বঞ্চিত হৈও তাই দুখী নাছিল। মাকৰ ঘখনৰ লগত তেতিয়ালৈকে সম্পৰ্ক হোৱা নাছিল। শহুৰেকৰ ঘৰখনে তাইক গ্ৰহণ কৰা নাছিল। আল্ট্ৰাছৰ পৃথিৱীখনেই আছিল নিজৰ পৃথিৱী। তাই ৰৈ থাকে আল্ট্ৰাছৰ দুবাহুৰ নিৰাপত্তাকণৰ বাবে, সেই আন্ট্ৰাছৰে শত্ৰুৰে গিজগিজাই থাকে চহৰ।

 খং উঠিলে আল্ট্ৰাছৰ মুখখন বৰ দানৱীয় যেন দেখায়। সেই মুখখনলৈ ভয় কৰে তাই। ভয় কৰে বাবেই পৰাপক্ষত খং উঠিবলৈ নিদিয়ে আল্ট্ৰাছৰ ৷ অত্যন্ত যুক্তিবাদী তাইৰ মনটোৱে কেতবোৰ কথা মানি নললেও মনান্তৰ ঘটিবলৈ নিদিয়ে। দুজন ব্যক্তিৰ মাজত মতান্তৰ সম্ভৱ। দুজনৰ মাজত মতান্তৰ ঘটিলেই সেয়া অপ্ৰেম নহয়। প্রেমৰ অনুভূতি ইমান ঠুনুকা নহয়।

 ধৰ্মৰ অমিল হোৱাৰ পাছতো দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কৰে বিবাহ হৈছিল। বিবাহৰ পাছতে তাইক আল্ট্ৰাছে নিজৰ মতবাদত তাইৰ মত থ’বলৈ উঠি পৰি লাগিছল।

 আল্ট্ৰাছে মাজে মাজে বিষোদগাৰ কৰে, “তুমি আজিলৈকে নামাজ পঢ়িবলৈ নিশিকিলা’’৷

 তাই উলটি ধৰে, “নামাজৰ প্রকৃত লক্ষ্য কি কোৱাচোন আল্ট্ৰাছ?”

 “মই নুবুজোঁ। মাথোঁ বুজোঁ, ইছলাম ধৰ্মত দীক্ষিত হ’বলৈ হ’লে নামাজ পঢ়িবলৈ জানিব লাগিব”।

 তাই ক’ব বিচাৰে, “মই কোৰাণ পঢ়িছোঁ আল্ট্ৰাছ। মই জানো নামাজৰ বিশেষত্ব কি।”

 আল্ট্ৰাছে হাঁহে, তাইৰ গালত টোকৰ মাৰি কয়, “তেনেকৈ ইংৰাজীত পঢ়িলে কোৰাণ পঢ়া বুলি নকয় আঁকৰী। কোৰাণখন আৰৱীত পঢ়িব লাগিব। তেহে কোৰাণ পঢ়া বুলি কোৱা হয়। দেখা নাই, মাছুদাহঁতে কেনেকৈ সলসলীয়াকৈ কোৰাণখন আৰৱীত পঢ়িব পাৰে।”

 “কিন্তু এটা শব্দৰ অৰ্থও ভাঙিব নোৱাৰে তেওঁলোকে”, তাই আল্ট্ৰাছৰ মুখৰ কথা কাঢ়ি আনে। তাই কোৰাণখনৰ প্রতি আয়াত ভাঙনি কৰি পঢ়িছে, বুজিছে নামাজৰ মহত্ব। ধৰ্মৰ প্ৰাসংগিকতা আছে। কিন্তু অন্ধ অনুকৰণেৰে নহয়। নামাজৰ লক্ষ্য মন আৰু শৰীৰ একত্ৰিত কৰা। ভগৱান বুদ্ধই কৰা ধ্যানৰ দৰে নতুবা যীশুৰ প্রাৰ্থনাৰ দৰে নতুবা কোনো চুফী গায়কৰ ৰেৱাজৰ দৰেই সেই সাধনা। সেই সাধনাই শৰীৰ আৰু আত্মাৰ মাজত সংযোগ স্থাপন কৰে।

 কিন্তু আল্ট্ৰাছে শুনিব নিবিচাৰে সেই সংজ্ঞা। পূৰ্বৰ পৰা যিদৰে সকলোৱে মানি লৈছে, তেনেদৰে মানি লোৱাটোত অলংকৃতাৰ আপত্তিটো ক’ত? আল্ট্ৰাছৰ মতে, অলংকৃতাই ধৰ্মীয় চাল চলন মানি চলিব লাগে। তাই বুজায় তাক, ধৰ্মীয় ৰীতি-নীতি মানি চলাৰ অভ্যাস থকা হ’লে তাই বেলেগ ধৰ্মৰ ল’ৰা এজনৰ লগত কিয় বিবাহত বহিলেহেঁতেন। [ ৫৭ ]  ইংৰাজীত কোৰণ পঢ়িছিল তাই। কেৱল কোৰাণেই নে, বাইবেলো পঢ়িছিল তাই। পঢ়িছিল যীশুৰ বাণী। পঢ়ি শুনি বুজিছিল সকলো ধৰ্মৰ বাণী একেই। একেই মানৱপ্রেমৰ সাৰ সকলোতে।

 ধ্ৰুৱমে কৈছিল মানৱবাদৰ কথা। কৈছিল সি, ধৰ্মই জীৱন যাপন কৰিবলৈহে শিকায়। ধৰ্মই মৃত্যুক ধাৰণ কৰিবলৈ নিশিকায়। হিন্দু মানে এক ধৰ্ম নহয়। হিন্দু মানে এক ধাৰণা। পূৰ্বতে ই এক সামাজিক পৰিচয় ৰূপে আছিল। তেনেদৰেই ইছলাম মানে শান্তি। খ্ৰীষ্টান হ’ল ক্ষমাৰ প্রতীক। যীশুৱে তেওঁক ক্ৰুছত দিয়াসকলত ক্ষমা কৰি দিবলৈ কৈছিল।

 “তেওঁলোকে কি কৰিছে নিজেই নাজানে। হে প্রভু। তেওঁলোকক ক্ষমা কৰি দিয়া”, যীশুৰ মুখৰ বাণী আছিল সেয়া।

 বিশাল পৃথিৱীখনত একবাদ প্ৰতিষ্ঠা সম্ভৱ নহয়। কিন্তু ভিনবাদ মানে শত্ৰুতা নহয়।

 “মোৰ আইক ভালপাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাটো বুজিব”, গানৰ মাজেৰে ভূপেনদাই বিশ্বপ্ৰেম বিনন্দীয়া কৰাৰ কথাকে কৈছিল।

 ধৰ্মৰ আতিগুৰি বিচাৰি ধ্ৰুৱমে লাইবেৰী চলাথ কৰিছিল। লগত অৱশ্যেই আছিল তাই। এদিন সি কিবা এখনত মগন আছিল। মাজতে মুখ টিপি খুব হাঁহিলে। হাঁহিৰ কোবত লাইব্ৰেৰীৰ পৰিৱেশ বিনষ্ট হোৱাৰ শংকাত তাইক হাতত ধৰি লাইব্ৰেৰীৰ পৰা উলিয়াই আনিছিল। দীঘল দীঘল খোজৰ ধ্ৰুৱমে তাইক চেৰাই সদায়েই আগুৱাই যায়, কিছুদূৰ আগুৱাই গৈ সি পুনৰ উভতি চায়। এহাতেৰে কিতাপখিনি সাৱটি তাৰ লগ লাগিবলৈ তাই দৌৰি দৌৰি খোজবোৰ কাঢ়ে। তাৰ কান্ধত মিলাবলৈ বুলি পিন্ধা হিলযোৰেৰে আগবাঢ়িব নোৱাৰি তাই বাৰে বাৰে উজুটি খায়। ওখ হবলৈ বৰ মন যায় তাইৰ। মডেলবোৰৰ নিচিনাকৈ ছফুট পাঁচ ইঞ্চি ওখ হৈ আকাশ চোৱাৰ সপোন দেখে। ওহোঁ। এতিয়া আৰু সিমান ওখ হোৱাৰ আশা নাই। ওঠৰ বছৰৰ পাছত হেনো উচ্চতা নাবাঢ়ে টিপচি বুলি ককায়েকে তাইক টিপ্পনি মাৰে। ধ্ৰুৱমে হিলযোৰৰ কথা কৈ দিনটোত এবাৰ গালি নপৰাকৈ নাথাকে। সিদিনাও সি বকলা মেলিলে, “তোৰ নিজৰ ওপৰতে কনফিডেন্স নাই। ইমান ডাঙৰ ইটা এচপৰা গোৰোহাত লৈ থকাৰ প্রয়োজন কি?”

 তাই ততাতৈয়াকৈ কথা লুটিয়ায়, “বাদ দেন৷ এইবোৰ। কি পঢ়ি ইমানকৈ হাঁহিলি সেইটো কচোন।” ডিপাৰ্টমেন্টৰ চিৰিটোতে দুয়োটা বহি পৰে।

 “আচৰিত লাগে জাননে? ট্ৰবীৱাণ্ড দ্বীপবাসীক লৈ মেলিন'বস্কিৱে কৰা গৱেষণাত ধৰা পৰিছে কেতবোৰ আচৰিত তথ্য। আনহে নালাগে ল’ৰা-ছোৱালীৰ পিতৃ থকা কথাটোকে তেওঁলোকে নাজানে।”

 “তাৰমানে?” তাই বুজি নাপাই তালৈ চাই ৰয়।

 “শুনি যা। মেলিনৱস্কীয়ে অধ্যয়ন কৰি পাইছে যে ট্ৰৱীৱাণ্ড দ্বীপপুঞ্জৰ এজন মানুহ এবছৰতকৈ বেছি কাল বাহিৰত থকাৰ পাছত ঘূৰি আহি যেতিয়া পত্নীৰ কোলাত এটি নৱজাত শিশু দেখা পায়, তেতিয়া তেওঁলোকে আপত্তি নকৰে, বৰঞ্চ আনন্দিত হয়, আন অঞ্চলৰ লোকে যদি তেওঁৰ পত্নীৰ চৰিত্ৰলৈ আঙুলি টোঁৱায়, তেতিয়াও তেওঁ একো বুজিয়ে নাপায়। সন্তান সৃষ্টিত পিতৃৰ ভূমিকাৰ ধাৰণাটোকে তেওঁলোকৰ নাই।”

 “যাঃ মিছা কথা”, খিলখিলকৈ হাঁহি উঠে। সিও হাঁহি উঠে।

 খিলখিলনিবোৰে টো তুলি তুলি পুখুৰীৰ পানীখিনিত বুৰবুৰণি তোলে ৷ খিলখিলনিবোৰে আকাশত বিজুলী কঢ়িয়ায়। এজাক বৰষুণ বৰষুণ অনুভৱে তাইক তিয়াই যায়। কি যে কিতাপবোৰ পঢ়িছে ই, বৰমাকক ক’ব লাগিব, তাই লাজ লাজকৈ ভাবে।

 ক্ৰেছছছ......

 বিশালে জোৰেৰে ব্ৰেক মাৰি গাড়ীখন ৰখাই দিয়ে । আগেৰে বাইকত ল’ৰা এজন তীব্ৰ গতিত পাৰ হৈ যায়। বিশালে ‘আই’মুখী যাত্ৰা আৰম্ভ কৰিছে। একেটাই যাত্ৰা অলংকৃতাৰ ঘৰ অভিমুখে। ব্ৰেকৰ ঘৰ্ষণত এই ঘৰমুখী যাত্রা কিছু মন্থৰ হৈ পৰে। ব্রেকৰ শব্দত অলংকৃতাৰ চিন্তাত যতি পৰে। বাইকখন ক’ৰবাত নেদেখা হৈ যায়। কিঞ্চিত খং উঠে তাইৰ। ক’ত ধ্ৰুৱমৰ গহীন দীঘল খোজ, ক’ত এই পিলিঙা ডেকাৰ তীব্ৰবেগী বাহন? গতিত যে জীৱন ৰৈ যাব পাৰে, এই কথাটোকে এচাম চেমনীয়াই নুবুজে। আয়েকৰ বুকু শুদা কৰি গতি ৰৈ যোৱা [ ৫৮ ] কাহিনীবোৰ তাইৰ চকুৰ আগলৈ ভাঁহি আহে।

 তাইৰ নিজৰ ল’ৰা দুটিলৈ মনত পৰি যায় হঠাতে। সিহঁত দুটিক তাই মানৱীয়তাৰে পৰিপুষ্ট কৰি তুলিব পাৰিবনে? তাই দেখোন সিহঁত দুটিক সময়েই দিব নোৱাৰে। যি অকণ ৰাতিৰ সময় পায়, সেইকণো আজিকালি খেলিমেলিৰ মাজেৰে পাৰ হৈ যায়। গুণগত সময়ৰ কথাবোৰ কিবা হেন হ’ল। অস্থিৰতাৰ মাজত সিহঁতক কিমানখিনি সুস্থ মানসিকতা গঢ় দিব পাৰে সেই কথা নাজানে তাই। কোনে জানে, অলপ আগতে পাৰ হৈ যোৱা ল’ৰা দুজনো হয়তো এনে অস্থিৰতাৰে প্ৰতিফল। অলপ হতাশা অলংকৃতাৰ চকুত ভাঁহি আহে, “সোণহঁত মোৰ৷ ক্ষম| কৰিবি দেই। আয়েৰ সুস্থ হৈ উঠিব। সুস্থ হ’লেই তহঁতক জীৱনৰ পাঠ পঢ়াব।” অসুস্থতাৰ মাজত সুস্থতাৰ সমল সিহঁত দুটি। এক বান্ধোন সিহঁত। তাইক পৰি যাবলৈ নিদিয়াকৈ এক এনাজৰীৰে বান্ধি ৰাখিছে সিহঁত দুটিয়ে।

 বিশালে গাড়ী ৰখাইছে। বাহিৰলৈ ওলাই গৈ চিগাৰেট হুঁপিছে। দীপকৰ কথাবোৰে তাক আমনি কৰিছে। দীপকদাদাৰ শেষ সময়ৰ কথাবাৰ তাৰ কাণত বাজি থাকে, “অলংকৃতাৰ খবৰ ৰাখিবি। তাইক বিপদত পৰিবলৈ নিদিবি।”

 তাই ভালে নাই। সি অসহায়। হাত মেলিয়েই কিছু দুখ নিজৰ কৰা নাযায়। বৰকৈ অসহায় অনুভৱ কৰিলে সি। অসহায়ত্বক আন্ধাৰৰ বুকুত বিলীন কৰিবলৈ সি চিগাৰেটৰ ধোঁৱাৰে অসহায়ত্ব খেদিলে । অসহায়ত্বৰো কি যে অহংকাৰঙ্গ এই অসহায়ত্ব লুকুৱাবলৈ অলংকৃতাই নিজৰ দেহাটি ৰঙীন পোচাকেৰে আৱৰে। এই অসহায়ত্ব লুকুৱাবলৈ কঞ্জনীলে উল্কিৰ বিৰুদ্ধে আস্ফালন কৰে। সত্যটো এয়ে যে, আচলতেই প্ৰত্যেকজনেই বৰ অসহায় অসহায় অনুভৱবোৰ অহংকাৰেৰে লুকুৱায় মাথোঁ।

 বাহিৰৰ পৰাই সি গাড়ীলৈ চাই পঠিয়ালে। চিটত আউজি অলংকৃতাই চকু মুদিছে। টোপনি গৈছে নেকি? এই দুদিন তাইৰ বৰ কষ্ট হ’ল। মানসিকভাৱেও, শাৰিৰীকভাৱেও৷ এতিয়া ওভতনি যাত্ৰা আৰম্ভ কৰিছে সিহঁতে৷ উল্কিক লগ নাপাই সি অলংকৃতাক উচপিচাই থকা দেখিছে। এই উচ্‌পিচনিৰ কাৰণ সি নজনা নহয়।

 “এবাৰৰ বাবে দেখা হ’লে তাইক, বিশাল জানেনে, মই নিজকে তাইৰ গতত সলাই ল’লোহেঁতেন। লগ পোৱা হ’লে মই তাইৰ ভৰিত ধৰি আল্ট্ৰাছক ভিক্ষা খুজিলোহেঁতেন ৷ তাইৰ ঠিকনাবিহীন জীৱনে মোৰ ঠিকনাটো লৰক-ফৰক কৰি পেলাব বিশাল।”

 উন্মাদিনীৰ দৰে অনৰ্গল কৈ আছিল অলংকৃতাই,

 “কঞ্জনীলে যদি তাইক ত্যাগ নকৰিলেহেঁতেন, মই ইমান দুঃশ্চিন্তাত নুভুগিলোহেঁতেন ৷ এই কথাটোৱে মোক বৰ কষ্ট দিছে বিশাল। তাই ইমান ডাঙৰ ভুল কৰিলেনে? আল্ট্ৰাছে নতুবা কঞ্জনীলেতো একেই সুস্থিৰ জীৱন কটাব।”

 মনে মনে ৰয় বিশাল। নাৰীৰ বলিদানতে সমাজ সুস্থিৰ হয়। এয়া নতুন কথা নহয়। সতীদাহ প্রথাৰ দেশ এইখন। কিন্তু এতিয়া তাৰ মনটো উল্কিৰ চিন্তাৰ পৰা কিছু দূৰৈত অৱস্থান কৰিছে। জীৱন বৰ আচৰিত। ক’ত আৰম্ভ হৈ ক’ৰ কেঁকুৰিত ভাঁজ লয় কোনেও নাজানে। এটা সময় আছিল, যেতিয়া সি বন্ধ পৃথিৱী এখনত আবদ্ধ হৈ পৰিছিল। আগলৈও ৰাস্তা নাছিল। পিছলৈ উভটাৰ পথো নাছিল। এতিয়া তাৰ সন্মুখত বহুত ৰাস্তা। তথাপি সৰল অংকৰ ৰাস্তাবোৰে তাক টনা নাই। তাক টানিছে জটিল সূত্ৰৰে ভৰা অংকটোৱে। য’ত পোৱাৰ সম্ভাৱনা শূন্য। য’ত মিলনৰ বাসনা শূন্য। যি এক অস্বীকৃত সম্পৰ্কৰে পূৰ্ণ। এই সম্পৰ্কৰ দাম কিমাননো? নাজানে সি? এই সম্পৰ্ক মানিব নোখোজে অলংকৃতাই। জোৰ কৰি মনাবও নোখোজে সি। তাইক পুতৌৰ দৃষ্টিৰে সি কোনোদিন চোৱা নাই। তথাপি তাইৰ কষ্টবোৰত তাৰ কলিজা কপৌৰ দৰে ধৰফৰায়। সেই ধৰফৰণিত তাৰ লৌহ মুখাখন খোল খাই পৰে। সিমানখিনিয়েই, তাৰ প্ৰেমৰ বহিঃপ্রকাশ সিমানখিনিয়েই৷

 এই সম্পৰ্কৰ নাম নাই, অলংকৃতাই ভাবে তেনেদৰে। এসময়ত যি সম্পৰ্কক নাম দি লৈছিল সেই সম্পৰ্কত এতিয়া আস্থা নোহোৱা হৈ গৈছে। বিশালৰ দৰে নামবিহীন সম্পৰ্কবোৰত শেলুৱৈ খোজবোৰ পিছলিব খোজে যদিও আঁচল সামৰাদি সম্পর্কবোৰ সামৰি লৈছে তাই। সাত জনমৰ সম্পৰ্ক এক জনমত শেষ কৰিবনে তাই? হাজাৰজন বিশালৰো সেই শক্তি নাই। নিজৰ ওচৰত নিজে সৰু নহয় তাই। নিজকে অহৰহ বুজায়,

 “কোনে কাক লৈ আহে অ’ কৃত? এয়াতো জীৱনৰ জংছন। যাত্ৰী উঠালি। নমালি। তাৰ পাছত অকলেই [ ৫৯ ] যাত্ৰা। দূৰদূৰণি জুৰি অকলশৰীয়া যাত্ৰা”।

 মৌনতাত গুণগুণাই থকা কোলাহলবোৰ খেদিবলৈ বিশালে গান এটা বজাই দিলে। তাৰ প্রিয় জগজিতৰ কণ্ঠ নিগৰি আহিল,

 “জানতী হু, তুমহে চহাৰে কী জৰুৰত নহী, মে চীৰ্ফ চাথ দেনে আয়া হু”

 অলংকৃতা উচপ খাই উঠিছে। বিশালৰ দৰে ল’ৰাই গজল শুনে? এটা সময়ত তায়ো খুব শুনিছিল গজল। আজিকালি শুনিব নোৱাৰে৷ আল্ট্ৰাছে গজল বেয়া পায়, এবাৰ বৰ বেয়াকৈ কৈছিল তেওঁ, “বৰ বেবাইছেহে সেইজনাই। বন্ধ কৰা”। বুকুখনে খুব কান্দিছিল সিদিনা । শিল্পী এজনক অপমান কৰিলে ক’ৰবাত তাইৰ বুকুখন কান্দি উঠে। সেই তেতিয়াৰে পৰা তাই গজল শুনা নাই। গাড়ীত কেতিয়াবা ৰমেশে গান বজায়, আধুনিক গান, জুবিনৰ, পাপনৰ নতুবা মানস-ৰবীনৰ গান, সিমানখিনিতেই ভৰি থাকে বুকু। স্কুল-কলেজৰ দিনৰ দৰে প্ৰিয় গজলৰ গানৰ শব্দবোৰত জীৱন বিচাৰি লোৱা নাই।

 “জিন্দেগী তেজ, বহুত তেজ চলী হৌ জেচী”।

 গজলে কৈ যায়। সঁচাকৈ জীৱন তীব্ৰ গতিত আগুৱাই গৈছে। গান শুনা ছোৱালীজনীৰ জীৱনটো তালবিহীন হৈ পৰিছে। খিলখিলকৈ হঁহা ছোৱালীজনীৰ হাঁহিবোৰ নিমাত হৈছে। কিয় কিয়? কাৰ কি লাভ হ'ব এই নিৰ্বাসন দণ্ডৰ পৰা? নিজৰ পৰা নিজক নিলগাই কি লাভ হৈছে তাইৰ? টকা পইচা, দায়িত্ববোধ, কৰ্মব্যস্ততা এই সকলোৰে আঁৰত তাইৰ যে নিজাকৈ এখন পৃথিৱী আছে, সেই কথা কিয় পাহৰি পেলাইছে তাই?

 ওহো৷ নহ’ব। আৰু নহ’ব। এই মুহূৰ্তৰ পৰাই তাই নিজৰ হৈ পৰিব। নিজৰ খোলাত আলফুলকৈ সাঁচিব আনে মূল্য নিদিয়া তাইৰ সমস্ত অনুভৱ। তাই পুনৰ তাইৰ হৈ পৰিব। তাইৰ কাষেৰে অহা যোৱা মানুহবোৰে অহা যোৱা কৰি থাকিব। কিন্তু তাই নিজকে সযতনে ৰাখিব।

 মনত পৰে তাইৰ। কলেজত এবাৰ সদানন্দ দত্ত ছাৰে কৈছিল, “এটা কণী বাহিৰা শক্তিৰ বাবে ভাঙিলে এটা জীৱন কলিতে মৰি যায়, একেটা কণী ভিতৰৰ শক্তিৰ বাবে ভাঙিলে এটা নতুন জীৱনৰ আৰম্ভণি হয়”। তাইক আৰু কোনো বাহিৰা শক্তিয়ে ভাঙিব নোৱাৰে। বৰঞ্চ নিজে নিজকে টুকুৰিয়াই টুকুৰিয়াই নিজকে ভাঙি সহস্ৰজনৰ জীৱনক গঢ় দি উঠিব তাই।

 আল্ট্ৰাছ, মই তোমাৰ হৈও মই নিজৰ হৈ থাকিব পৰাটোতে মোৰ কৃতিত্ব হৈ ৰ’ব। বৰগছজোপাৰ দৰে হ’ব নোৱাৰিলেও কাৰোবাক শুহি শুহি জী উঠিবলৈ ৰঘূমলাডালো নহওঁ। হ’ম মই দূবৰিৰ দৰে। হাজাৰ ধুমুহাত হালি পৰিলেও পুনৰবাৰ জী উঠিবলৈ শক্তি গোটাম। সৰু হৈও মূৰ দাঙি আকাশ চাবলৈ সাহস গোটাম।

 “মেডাম, কথা এটা সোধোঁ”, মাজতে বিশালে মাত মাতে।

 “ওমম, নিশ্চয়। নিশ্চয় সোধক”, তাইৰ মনটো মুকলি হৈ উঠিছে।

 “দীপকক চিনি পায়নে?”

 “দীপক মানে?” কোন দীপকৰ কথা কৈছে বিশালে তাই মনত পেলাব পৰা নাই।

 “লক্ষীমপুৰৰ বগলীজানৰ আছিল তেওঁ।”

 লক্ষীমপুৰৰ বগলীজানৰ? তাইৰ মনৰ বগলীজনী বয়স নামৰ গছজোপাৰ দৰে একেচাটে নামি আহি শৈশৱৰ ফেৰেঙনিত ৰৈ দিলে। সেই বগলীজান, য’ত তাইৰ শৈশৱ-কৈশোৰ, য’ত তাইৰ ধ্ৰুৱম আৰু এজাক সমনীয়া। য’ত সিহঁতক ওমলাই ওমলাই কেতিয়াও ভাগৰি নপৰা এখনি পথাৰ। য’ত বহত গছৰ ফুলেৰে শ্লেট মচাৰ সুখকণ, আমলখি-শিলিখাৰে ডাঠ কৰা জিভা, সেই বগলীজানৰে কথা কয়নে বিশালে? আছিল। তাত এজন দীপক আছিল। পিছলৈ শুনিছিল দীপক নিৰুদ্দেশ হৈছিল। সেই দীপকক বিশালে চিনিলে কেনেকৈ? কিছু উৎকণ্ঠাৰে তাই সুধি পেলায়,

 “অ অ’ চিনি পাওঁ দীপকক। মোৰ লগৰে আছিল সি। আপুনি ক’ত লগ পালে তাক?”

 ক’বনে বিশালে? দীপকৰ প্রসংগ উলিওৱাৰ লগে লগে যে নিজৰ বিষয়েও ক’ব লাগিব। সেই অধ্যায় সি খুলিব লাগিব, যি অধ্যায় সি বন্ধ কিতাপত সামৰি থৈছে। মুখখন মোহাৰি লয় বিশালে। বন্ধ কিতাপখনতো অকণমান ফাঁক আছে, যিহেৰে জিলিকিছে সেই পৃষ্ঠাৰ এটি দুটি আখৰ। [ ৬০ ]  “জানেনে মই উগ্ৰপন্থী আছিলোঁ? দীপকক তাতেই পাইছিলো। আপোনাৰ কথা কৈছিল তেওঁ।”

 “হোৱাট?”

 তাই আচম্বিত হয়। তাই ভৱাৰ দৰে মসৃণ জীৱন ক’তোৱেই নাই। প্ৰত্যেকৰে জীৱনত এখন অদেখা পৃথিৱী থাকে। বিশালৰ লগত তাইৰ বৰ্তমানটোহে উদযাপন হৈছে, তাৰ খহটা অতীতৰ আঁচোৰ তাই দেখা নাই। তাইও বিশালক খহটা বৰ্তমানটোহে দেখুৱাই আছে, মসৃণ অতীতৰ প্ৰলেপখিনি তাই বিশালৰ হৃদয়ত সানি দিব পৰা নাই। সময়বোৰহে আপেক্ষিক। কথাবোৰ একেই৷ কোনোবাখিনিত হয়তো কঠিন শিলনি, কোনোবাখিনিত বাজি উঠে ৰাগ ভূপালী।

 তাইৰ জানিবলৈ মন গ’ল, দীপকে বাৰু তাইৰ বিষয়ে কি সুধিছিল।

 “বিশাল, দীপকে মোৰ কথা কি কৈছিল?”

 “দীপকদাদাই আপোনাৰ খবৰ লবলৈ কৈছিল।”

 “ক’ত আছে সি?”

 “এতিয়া মোৰ স’তে যোগাযোগ নাই। তেওঁ অলপ আত্মগোপনত আছে৷ মাজতে ম্যানমাৰৰ ফালে আছিল।”

 আসঃ দীপকক এবাৰ লগ পোৱা হ’লে। শৈশৱৰ বন্ধুজনক লগ পালে বুজাব তাই। কান্ধৰ বন্দুক নমাই ফুলনি পাতিবলৈ অনুৰোধ কৰিব তাই। ক’ব তাই চাচোন চৌপাশে কিমান বাৰুদৰ গোন্ধ। আহচোন ফুলনি পাতো ইয়াতে। ফুলৰ সুবাসেৰে আমোলমোল হওক পৃথিৱী।

 ধ্ৰুৱম ক’ত আছে? ক’ত আছে ধ্ৰুৱম? দীপকে জানেনে সেই কথা?

 “এবাৰ কথা পাতিব বিচাৰোঁ দীপকৰ সৈতে। এবাৰ কথা পতাই দিয়ক তাৰ সতে”, তাই বিশালক খাটনি ধৰে।

 বিশালে তাইৰ আকুলতা দেখি আচৰিত হয়। কি সম্পৰ্ক আছিল সিহঁতৰ মাজত সি বুজিব নোৱাৰে। অতদেৰিৰ মূৰত অলংকৃতাৰ মুখত বেলিৰ পোহৰ দেখিছে। দীপক নামটোতে যেন পোহৰ আছিল, সেই পোহৰ বিয়পি পৰিল চৌপাশে, ৰাতিৰ ঘিটমিট আন্ধাৰত সেই পোহৰে বাট দেখুৱালে। তাইৰ বাবেই দীপকৰ সতে এবাৰ যোগাযোগ কৰিব, সি সিদ্ধান্ত লয়।

 এতিয়া তাৰ কেইবাটাও কাম। দীপক আৰু অলংকৃতাৰ মাজত পুনঃসংযোগৰ মাধ্যম হৈ উঠিব লাগে। উল্কিৰ খবৰ ল’ব লাগে। এইখিনি কাম সি নিস্বাৰ্থভাৱেই কৰিব। কিন্তু বিনিময়ত কিছু সন্তুষ্টি পাব! কোনোদিনে নভবা সৰু সৰু কথাবোৰত সিও জীৱন বিচাৰি ল’ব। অলংকৃতাৰ সান্নিধ্যত সি সেয়া শিকি উঠিছে। জীৱন কষ্টকৰ। কিন্তু এই কষ্ট জিনাৰ নিচাকণ বৰ সুখৰ। বৰ সুখৰ।

++

(চৈধ্য)

 অৱশেযত দীপকৰ কাণতো খবৰবোৰ পৰিছিলগৈ। অলপ নিঃসহায় অনুভৱ কৰিলে দীপকে। নিজৰ বুলিবলৈ তাৰ কোনোৱেই নাই। নিজে বাচি লোৱা এই ৰাস্তাটোত সম্পৰ্ক বুলিবলৈকো কোনোৱেই নাই। সকলোৰে অজানিতে মাথোঁ ধ্ৰুৱমৰ সৈতেহে ৰৈ গৈছে তাৰ সহোদৰৰ দৰে এক অনুভৱ। ধ্ৰুৱমক সি শ্ৰদ্ধা কৰে। ধ্ৰুৱমৰ বাবেই অলংকৃতা ভালে থকাটো জৰুৰী ৷ নিজক ধ্বংস কৰি থকাৰ সময়তো সি ধ্ৰুৱমৰ কুশল কামনা কৰি প্রার্থনা কৰে। কুশল কামনা কৰে অলংকৃতাৰ।

 অলংকৃতা যে ভালে নাই, এই কথা ফটোবোৰে কৈ যায়। যিমানই ফটোবোৰ চায়, সিমানেই সি নিজৰ পৰা নিজেই হেৰাই যায়। ধ্ৰুৱমৰ ভৰি দুখন ধৰি ক্ষমা খুজিবলৈ মন যায়। মন যায় খুব জোৰেৰে কান্দি উঠিবলৈ। নোৱাৰে। নোৱাৰে সি বুকু ফালি কান্দি উঠিবলৈ। পুৰুষৰ চকুপানীৰ বাবে যে অৰণ্যখনো প্ৰস্তুত নাথাকে। বুকুখন ফালিব নোৱাৰি প্রায়ে সি জুৰিৰ পাৰত বহে৷ দুবৰি বন উভালি জুৰিটিলৈ দলিয়াই তাৰ ক্ষোভ উজাৰে। এনে হোৱাৰতো কথা নাছিল। কিয় হ’ল এনেকুৱা? নিয়তিয়ে কিদৰে এনে নিৰ্দয়তাৰ ছবি আঁকিব পাৰে? নিৰ্দয়তাৰ এই ছবিবোৰত প্ৰতিশোধৰ ৰং ছটিয়াই দিয়াৰ বৰকৈ হুতাহ জাগে। বেথাবোৰ অহংকাৰ হৈ দেহমনত বিয়পি পৰে। পাৰে, সি ইচ্ছা কৰিলেই প্ৰেয়সীৰ তেজেৰে তাৰ দুহাত ৰাঙলী কৰিব পাৰে। [ ৬১ ]  কিন্তু!

 কিন্তু নকৰে সি তেনেকুৱা। হত্যা কৰিব নোৱাৰে সি। বন্দুকটোৱে গুজৰি উঠিলেও সি চৰাই এজনীৰো প্রাণ ল’ব নোৱৰে। ভ্ৰষ্টাচাৰ, দুৰ্নীতিবোৰৰ বিৰুদ্ধে যুঁজি থাকোঁতে বন্দুকৰ ভয় দেখুৱায় যদিও হত্যা কৰাটো তাৰ বাবে এক অবাস্তৱ কল্পনা। সংগঠনৰ নেতৃত্বত থাকিও নিজৰ বিষয়ে সেই দুৰ্বলতা সি ভালকৈয়ে জানে। ধ্ৰুৱমৰ আদৰ্শবোৰক সি নেওচিব নোৱাৰে। কি সবল ব্যক্তিত্বৰ ল’ৰা এজন সোঁৱে বাঁৱে থাকি তাৰ কৈশোৰ মধুময় কৰি তুলিছিল, সেই সবল অনুভৱে তাক এই কামবোৰৰ পৰা বিৰত ৰাখে৷ ধ্ৰুৱমে তাৰ পৰা বিদায় লোৱাৰ সময়চোৱা তাৰ মনলৈ আহে। সিদিনা অস্তগামী সূৰুষটোৰ দৰেই ধ্ৰুৱমৰ মুখখনো মোলান পৰি আছিল। তাৰ বাইকত উঠি শৈশৱৰ ধূলিবোৰক বিদায় দিওঁতে বকুল তলত এৰি আহিছিল অলংকৃতাৰ চকুপানীৰ সেমেকা গোন্ধ৷ ৰেলষ্টেচনত ইজনে সিজনৰ মুখ নোচোৱাকৈয়ে ৰৈ আছিল বহুত পৰ। এখনৰ পিছত ইখন ট্ৰেইনে উকি টানি গতি কৰিছিল। পিঠিত বেগটো লৈ ধ্ৰুৱমে প্লেটফৰ্মত পায়চাৰি কৰি আছিল। এক অনিশ্চিত ভৱিষ্যতৰ ফালে যেন ডিঙি মেলিহে চাই আছিল সি।

 “নগ’লে নহয়নে?” ধ্ৰুৱমৰ খোজৰ কম্পনাংক দেখি দীপকে প্ৰশ্নটো কৰি উঠিছিল। থমকি ৰোৱা এই খোজ। ৰৈ ৰৈ গতি কৰা এই খোজ। এই খোজত যে সীমাহীন দোমোজা।

 “নগ’লে নহয়নে ?”, পুনৰবাৰ সুধিছিল সি।

 ধ্ৰুৱমে চাইছিল তালৈ। মনটো কিঞ্চিত ডাঠ কৰি লৈছিল ধ্ৰুৱমে৷ অলংকৃতাৰ পৰা আঁতৰিব লাগে সি। বন্ধুত্বৰ মৰ্যাদা ৰাখিব লাগে সি। ক্ৰমান্বয়ে দুৰ্বল হৈ পৰা মনটোক অলংকৃতাই ভুল বুজিলে সি নিজকে ক্ষমা কৰিব নোৱাৰিব। কোনোদিনে প্ৰেমৰ দৃষ্টিৰে নোচোৱা প্রেমৰ অনুভৱেৰে আঙুলিটো পৰ্যন্ত চুই নোপোৱা ছোৱালীজনীক সি সকলো সম্পৰ্কৰ উৰ্ধত ৰাখিব বিচাৰে। তথাকথিত ভালপোৱাৰ সম্পৰ্কবোৰৰ দৰে থুনুকা নহয় এই অনুভৱ। কিমান আত্মিক অনুভৱ হ’লে সিজনৰ কষ্টই ইজনৰ বুকু খান্দে সেই কথা ধ্ৰুৱমৰ বাদে কোনেনো বুজিছিল?

 কিন্তু সময়ৰ কি পৰিহাস! যি অলংকৃতাৰ নিৰাপত্তাক লক্ষ্মণৰূপী দীপকৰ হাতত তুলি ধ্ৰুৱমে জীৱনৰ সন্ধানত নামিছিল, সেই দীপকৰ নিজৰে জীৱন থানবান হৈ পৰিছিল। ঘূৰ্ণী বতাহৰ দৰে পাক খাই পৰিছিল তাৰ যৌৱন। গ্ৰেজুৱেচন ডিগ্ৰী লৈ সি ওচৰৰে বোৱালগুৰি কলেজিয়েট হাইস্কুলত সোমাইছিল। খুব নাটকীয়ভাৱে তাৰ প্ৰেমত হাবুড়ুবু খাইছিল এগৰাকী অনিন্দ্য সুন্দৰী। সেই অতি সুন্দৰীয়ে অতি সোনকালেই তাক বিবাহৰ বাবে জোৰ দিলে।

 “প্লিজ দীপক, সোনকালেই কিবা কৰানা। তুমিতো জানাই, মোৰ ঘৰত বিয়াৰ বাবে অহৰহ হেঁচা দি আছে। তুমি বিয়া নাপাতিলে তোমাক হেৰুৱাই পেলোৱাৰ চিন্তাই মোক শান্তিৰে থাকিবলৈ নিদিয়ে।।”

 কম বয়সতে বিয়া পতাৰ সিদ্ধান্তটোৰ বাবে অবিবাহিত ককায়েক, আবিয়ৈ হৈ ৰোৱা বায়েকহঁতলৈ চকু তুলি চাব পৰা নছিল। কিমাননো বয়স হৈছিল তাৰ? খুব বেছি তেইশ। ইফালে প্ৰেয়সীৰো হেঁচা। ধ্ৰুৱমক কৈছিল সি। ধ্ৰুৱমেও বাধা দিছিল, “কিছুদিন ৰৈ দে দীপক। কিমাননো বয়স হৈছে তহঁতৰঙ্গ অন্তত বাইদেউক বিয়া দিয়ালৈ ৰৈ দে৷”

 সিও বুজিছিল, জীৱনটো পৰি আছে৷ ভৰিৰ তলৰ মাটিটুকুৰা সবল কৰি ল’ব লাগে প্রথমে। সেয়া সি বুজিছিল, নুবুজিছিল মাথোঁ তাৰ প্ৰেয়সীয়ে৷

 সময়বোৰ অস্থিৰ হৈ পৰিছিল দীপকৰ বাবে। নাযায় নুপুৱায় যেন। কি কৰিব কি নকৰিব সিদ্ধান্ত ল’ব নোৱাৰি মাকৰ ভৰি পথানত শুই থাকেগৈ। আলাসৰ পুত্ৰ সি৷ দেউতাকৰ পেটমোচা সম্তান। সেই কনিষ্ঠ পুত্ৰৰ চিন্তাম্বিত মুখনিয়ে মাক-দেউতাকৰো টোপনি হৰে।

 অৱশেষত সকলোৰে পৰামৰ্শ মতে ধুম-ধামেৰে বিয়া পাতি আনিছিল সুন্দৰী তনয়া তথা দীপকৰ প্ৰেয়সী ৰূপশিখা বৰুৱাক।

 বিয়াৰ পাছদিনাই ৰূপশিখাই ফেশ্বন ডিজাইনিঙৰ কোৰ্ছ এটিৰ বাবে মাতি পঠোৱাৰ অজুহাতত দিল্লীলৈ যাত্ৰা কৰিলে।

 সেয়াই আৰম্ভণি। সেয়াই শেষ। কলিংগ যুদ্ধৰ দৰে মাথোঁ ৰৈ গ’ল ইতিহাস। ইতিহাসৰ হেনো পুনৰাবৃত্তি [ ৬২ ] ঘটে। এই ইতিহাসত যে জহি খহি মৰে আস্থাৰে গঢ়া হৃদয়ৰ সমূহ অনুভূতি। তাৰ পাছত অলেখ প্ৰশ্ন। সদ্যবিবাহিতা পত্নীক বিচাৰি অলেখ দুৱাৰত টুকুৰিয়াইছিল সি। ফোন নম্বৰবোৰ অকস্মাত যোগাযোগবিহীন হৈ পৰিছিল থানা ভিৰ কৰিছিল তাৰ অসংখ্য আবেদনে। কি কি কৰা নাছিল সি? তাৰ মৰমৰ পত্নী যে নিৰুদ্দেশ হৈছিল।

 “সি নপুংসক চাগৈ, নহ’লেনো বিয়াৰ পাছদিনাই কোনো ভদ্ৰ ঘৰৰ বোৱাৰী এজনী নিজ ইচ্ছাত স্বামীৰ ঘৰ এৰি গুচি যায়নে?”, চাৰিআলিৰ মদনৰ দোকানত সেই আড্ডা বহিছিল।

 “নহয় নহয় তাৰ মাকজনীহে বেয়া। এনে খিচখিচিয়া স্বভাৱৰ বুঢ়ীৰ লগত চহৰৰ বোৱাৰী কেনেকৈ তিষ্ঠি থাকিব”, মদন দোকানীৰ ভাষ্য আছিল সেয়া।

 “নহয় হে। আচল কথাটো মইহে জানো। ধনী পৰিয়াল পাই যৌতুক বিচাৰিছিল বুঢ়াই, সেয়েহে বোৱাৰীয়ে কাপোৰ কানি সামৰি গুচি গ’ল”, আন এজনৰ টিট্‌কাৰী আছিল সেয়া।

 বদনামবোৰ চৌচৌৱাই চৌদিশে নিগৰিছিল। তাৰ পুৰষত্বৰ বদনাম হ’ল। তাৰ মাকৰ স্বভাৱৰ বদনাম হ’ল। সিহঁতৰ ঘৰখনৰ নীতি আদৰ্শৰ বদনাম হ’ল।

 ৰূপশিখা নাই। তাৰ সৈতে হোমৰ জুইত সাতজনমৰ বাবে শপত খোৱা ৰূপশিখাই এদিনো তাৰ সৈতে থাকিবলৈ নাপালে। জুপুকা লাগিছিল সি। এয়া কিয় হ’ল? কিয়? কিয়? মাকৰ চকুলৈ চাব পৰা নাছিল। দেউতাকে গলখেকাৰিৰে নিজৰ অস্তিত্ব জাহিৰ কৰি থকা নাছিল। বগলীজানৰ সেই গাঁওখন তাৰ আন্ধাৰ কুঠৰীৰ দৰে লাগিছিল। ধ্ৰুৱমৰ সৈতেও সংযোগ বিছিন্ন কৰিছিল। কাৰো লগতেই কথা পাতিবলৈ মন যোৱা নাছিল তাৰ। লাহেকৈ এদিন মানুহৰ পৃথিৱীৰ পৰা পলাই সি অৰণ্য পালেহি। এনেকৈয়ে এদিন সি বিপ্লৱী অস্ত্ৰ ধাৰণ কৰি জংঘলত সোমাই দিলে।

 “সুদাই নেৰো সিহঁতক। কোনে মোৰ এই অৱস্থা কৰিলে, সৱকে চাই ল’ম”, এই হুংকাৰ দিছিল আকাশক। এই হুংকাৰ দিছিল সি নদীখনক, বন্দুকটোক আপোন আপোন যেন লাগি গৈছিল তাৰ।

 জংঘলত সোমাইছিল যদিও মনটোৱে নিৰুদ্দিষ্ট ৰূপশিখাৰ ঠিকনা বিচাৰি আকাশ পাতাল চলাথ কৰিছিল। অৱশেষত ক’ৰবাৰ পৰা উৰি আহিছিল সেই খবৰ, তাৰ প্ৰেয়সীয়ে চোং সলোৱাৰ খবৰ। তামোল এখন মুখত দি নোপোৱা ল’ৰাটোৱে সেইদিনা গিলাচে গিলাচে সুৰাপান কৰিছিল। তাই হেনো বিয়া হৈছিল। কোনোবা ধনবানৰ লগত। নজনাকৈয়ে যে এটা বৰ ডাঙৰ চক্ৰান্তৰ বলি হৈছিল সি।

 পত্নী-পুত্ৰৰ সৈতে মহানগৰীত বসবাস কৰা সেই ধনবানৰ সৈতেহে ৰূপশিখাৰ প্ৰেম আছিল। প্ৰথমা পত্নীয়ে অবৈধ প্ৰেমিকা ৰূপশিখাৰ ওপৰত তৰা গোচৰৰ পৰা বাচিবলৈহে ৰূপশিখাই বিয়াত বহিছিল চহৰৰ আওভাও নুবুজা যুৱক দীপকৰ সৈতে! প্ৰথমা পত্নীৰ সৈতে বিচ্ছেদৰ গোচৰ নিষ্পত্তি হোৱা মাত্ৰকে ৰূপশিখাই সেই ধনবানৰ দ্বিতীয় পত্নী হৈ মহানগৰীৰ বাসিন্দা হৈছিল।

 কাৰোবাৰ কলিজা ফালি হোলোকাহোলোকে তেজ পান কৰিবনে, বন্দুকৰ কুন্দাত ওফৰাব কোনোবা প্ৰৱঞ্চকৰ লাওখোলা। নাজানে সি। জুই একুৰা জ্বলাই সি শীতৰ নিশাও বাহিৰত বহি থাকে, নাতিদূৰৰ পৰা আন এজনৰ হুমুনিয়াহ আহি তাৰ কাণ বিন্ধে। কোনে উচুপে? শীতৰ নিশা নিহালী এৰি কোনে উচুপে?

 এদিন সি বিশালক ওচৰত বহুৱাই ল’লে, “কি হ’ল ক’? কেলেই মন মাৰি থাক তই?”

 বিশালৰ উত্তৰে দীপকক দুখুনী মাকজনীলৈ মনত পেলাই দিলে। মনত পেলালে অলংকৃতালৈ। মনত

পৰিলে ধ্ৰুৱমলৈ। ধ্ৰুৱমে তাক অলংকৃতাৰ দায়িত্ব দিছিল। সি সেই দায়িত্ব পালন কৰিব পৰা নাই। তাৰ দৰে নহওক অলংকৃতাৰ। তাৰ দৰে বলিৰ পঠা নহওক ধ্ৰুৱম। বৰ নিৰহ-নিপানিকৈ ডাঙৰ হৈছিল সিহঁত। ডাঙৰ ডাঙৰ কথাবোৰে গিলি থয় সিহঁতক। সি জানে, সি জানে, যিমানে উচ্চশিক্ষাৰে শিক্ষিত নহ’লেও, যিমানে মগজুৰ কচৰৎ নকৰিলেও অলংকৃতাৰ দৰে ছোৱালীও তাৰ দৰেই কোনোবা জালত ফচিব। প্ৰেমৰ নামত অপ্ৰেমৰ ডাৱৰে ছানি ধৰিব তাইৰো আকাশ। বুৰ্বক ছোৱালীজনীক লগ কৰিবলৈ মন যায় তাৰ। মন যায় সুধিবলৈ অলংকৃতাক, “ধ্ৰুৱমক কেলেই বুজি নাপালি” বুলি। “প্ৰেমতকৈ যে বন্ধুত্বৰ সম্পৰ্ক দীৰ্ঘদিনীয়া, এই সাধাৰণ কথাটোকে কিয় ফঁহিয়াই নাচালি” বুলি। বুৰ্বক তাই। সঁচাই বুৰ্বক।

[ ৬৩ ]  মুখখন কঠোৰ হৈ আহে তাৰ। আল্ট্ৰাছৰ বিষয়ে সমস্ত তথ্য আহৰণ কৰিছিল সি। তাৰ তুলাচনীত আল্ট্ৰাছৰ ভৰ নাই। তাৰ দৃষ্টিত আল্ট্ৰাছৰ পোহৰ নাই। যি অকণ পোহৰ আছে, সেয়া অলংকৃতাৰ পোহৰেৰে আলোকিত পোহৰ। জোনৰ দৰে ধাৰে লোৱা পোহৰ। তথাপি জোনৰ বৰ অহংকাৰ। আনৰ পৰা ধাৰ লোৱা পোহৰেৰে জোনে কবিৰ হৃদয় তোলপাৰ কৰে। একেদৰে অলংকৃতাৰ পৰা ধাৰ লোৱা পোহৰেৰে আল্ট্ৰাছে ৰাসলীলা পাতে। অলংকৃতাক এলাগী কৰি আল্ট্ৰাছে গোপিনীসভা পাতে। অলংকৃতাৰ চকুপানীত আল্ট্ৰাছৰ বুকু নিতিতে।

 আল্ট্ৰাছক ঘিণ কৰিছিল দীপকে। ঘিণ কৰিছিল উল্কিক। প্ৰতিনিয়ত খবৰ ৰাখিছিল অলংকৃতাৰ। অলংকৃতাৰহুমুনিয়াহ্বোৰৰ গম লৈছিল সি। কিন্তু সি বিচৰা নাছিল উল্কি নিৰুদ্দেশ হওক।

 উস!

 দুহাতেৰে চুলিখিনি আঁজুৰি ল’লে সি। কঠোৰ হৈ পৰিল তাৰ মুখমণ্ডল। এনে অৱস্থাত গভীৰ জংঘলৰ মাজত কেইজীইমান গুলী নিগৰাই নিদিয়ালৈকে সি শান্তি নাপায়। বন্দুকৰ শব্দত চৰাইৰ কিচিৰ-মিচিৰবোৰ ভয়াৰ্ত আওৰাও হৈ দূৰলৈ উচি নগ’লে সি শান্তি নাপায়। তাৰ গৰ্জনত তাৰ তলতীয়া বিপ্লৱীসকল ভয় বিহবল হৈ নপৰিলে সি শান্তি নাপায়। তাৰ শান্তিৰ সংজ্ঞা বেলেগ হৈ পৰিছে। এই সংজ্ঞাৰ উৰ্ধত কিন্তু ৰৈ আছে বাল্যকালৰ দুই বন্ধু, অলংকৃতা আৰু ধ্ৰুৱম।  * * * * *


 জী উঠিছে অলংকৃতা। কণীৰ খোলাটোৰ দৰেই টান হৈ পৰিছে অলংকৃতাৰ বাহ্যিকতা। বিশালৰ ওচৰত বিষালি চকুপানীবোৰ উলিয়াই দিয়াৰ পিছত তাই বহুপৰিমাণে পাতল হৈছে। ভিতৰৰ কুহুম কোমল অনুভৱবোৰ সাঁচি ধৰিবলৈ কলমটোও হাতত তুলি লৈছে। তুলিকা এডালো কিনি আনিছে। কিনি আনিছে ৰঙৰ টোপোলা। এটা জুপুৰি, এজনী অসহায় নাৰী, এদল সুবিধাবাদী পুৰুষ, তাৰ সমানে সমানে দুগছি চাকি। সেয়া বাৰাংগনাৰ জুপুৰি। চাকিগছিত শলিতা ভৰোৱা নাই। শলিতা ভৰাবলৈ ধ্ৰুৱমৰ খবৰ পোৱা নাই। চাকিৰ পোহৰত এদল পুৰুষ চগা হৈ মৰা নাই। পোট্ৰেইটখন আৰম্ভ কৰিছে অলংকৃতাই। পোট্ৰেইটৰ ওপৰত ডাঙৰ ডাঙৰ আখৰেৰে লিখিছে ‘বাৰাংগনাৰ জুপুৰি’। সেই জুপুৰিতে জী উঠিছে অলংকৃতা।

 কোৱা বাহুল্য, অলংকৃতা আৰু বিশাল মঙলদৈৰ পৰা ঘূৰি অহাৰ পাছতে চহৰত বু বু-বা বাৰ সৃষ্টি হ’ল। আকৌ এক নতুন কাহিনীৰ জন্ম হ’ল। পৰকীয়া প্ৰেমৰ নামেৰে অভিহিত হ’ল ন্যায়াধীশ অলংকৃতা বৰুৱা আৰু বিশাল তমুলী। আল্ট্ৰাছৰ গোমোঠা মুখখন আৰু গোমোঠা হৈ পৰিল। বেয়া নালাগিল তাইৰ। নিজক শাস্তি দিও কিছুমান প্ৰতিশোধ লোৱা যায়। ভৱেন্দ্ৰনাথ শইকীয়াৰ ‘অন্তৰীপ’ৰ মেনকাৰ দৰে জুইত গা ধুবলৈ মন গ’ল তাইৰ। মদন চোৰ নোহোৱাকৈয়ো মদন চোৰৰ উপস্থিতি দেখুৱাবলৈ তাই নিজকে টুকুৰিয়াই ল’লে। নতুনকৈ জী উঠা অলংকৃতাজনীক দেখি আল্ট্ৰাছৰো বুকু কঁপি উঠিছে।

 নাৰী হেনো মহিমাময়ী, নাৰী হেনো দূৰ্গতিনাশিনী, নাৰী হেনো ৰহস্যময়ী, নাৰী কলংকিনী। আৰু যে কত কি!

++

(পোন্ধৰ)

 সত্ৰ ন্যায়াধীশে তাইক তেওঁৰ অফিচ কক্ষলৈ এদিন মাতি পঠিয়ালে। তাইৰ অনুপস্থিতিৰ খতিয়ান ল’লে। কোৰ্টত সোমাই তাই অনুভৱ কৰিছিল গোটেইখন কিবা গোমা গোমা পৰিবেশ। ঘৰতো সেই একেই। নিশ্বাসবোৰ উলিয়াই পঠিয়াব নোৱাৰাকৈ বন্ধ এজাক বতাহ। ভিতৰি ভিতৰি এবুকু শূন্যতাত তাই ডুবি থাকে। ৰাতিবোৰ প্ৰায়ে অস্থিৰ। অস্থিৰ মুহূৰ্তবোৰত তাইৰ কিতাপৰ শব্দবোৰ চৌপাশে উৰি ফুৰে। তেতিয়া তাই শব্দবোৰক আনি তুলিকাডালত গাঁথি লয়। কেনভাছত ফুটি উঠা নাই ‘বাৰাংগনাৰ জুপুৰি’ খনৰ নায়িকাজনী। অলপ আগতে যদি সেই নায়িকাজনীৰ মুখত কজলা ডাৱৰৰ ছাঁ বুলাইছে, ক্ষন্তেক পিছতে সেইখন মুখৰ ওপৰতে ৰামধেনুৰ ৰং সানি দিছে। একেখন কেনভাছতে এজাক মৃত্যুমুখী চৰিত্ৰই কবৰ খন্দাৰ দৃশ্য লয়। নায়কজন তাই এতিয়াও ঠিৰাং কৰিব পৰা নাই। আল্ট্ৰাছ নায়ক হোৱাৰ সুযোগ হেৰুৱালে। বিশালক তাই এতিয়াও বুজি উঠা নাই। সেয়ে বিশালকো [ ৬৪ ] নায়কৰ আসনত ৰখা নাই। বাকী থাকিল ধ্ৰুৱম। সিতো তাইৰ বাবে দেৱতা, যাক উপাসনা কৰা যায়, অনুভৱ কৰা যায়, কিন্তু নায়কৰ দৰে মনে-শৰীৰেৰে নিজকে অৰ্পণ কৰা নাযায়।

 চূড়ান্ত প্ৰেহীনতাত ভুগিছে তাই। উত্তেজনাৰে পাৰ হোৱা সময়ছোৱাত এই কথা মনলৈ অহা নাছিল। এতিয়া অনুভৱ কৰিছে অবুজ শূন্যতাৰে ভৰি উঠিছে প্ৰতি পল। ব্যস্ততাৰ মাজত নিজকে বিলীন কৰিবলৈ যিমানেই চেষ্টা চলাইছে, সিমানেই বাটৰ আঁত হেৰাইছে। ক’ৰবাত জীৱন থমকিছে। দিনৰ দিনটো আইনৰ ধাৰাসমূহৰ মাজত সোমাই থাকিলেও শুদ্ধতাৰ বিচাৰ নোহোৱা হৈ গৈছে। আল্ট্ৰাছক ভুল বুলি কওঁতেও থমকে তাই, নিজকে শুদ্ধ বুলি ক’বলৈও সত নাযায়। অংক কৰাৰ হেপাহটো শেষ হৈ যায়। ভাল নালাগে, ভাল নালাগে বুলি অভিযোগ তুলি অনুভৱ কৰে, ক’ৰবাত এই ভাল নলগাবোৰ ক্ৰমাৎ ভাল লগা হৈ পৰিছে।

 ঘূৰি ফুৰিবলৈ মন যায় তাইৰ। বেদুইনী জীৱন এটাই তাইক হাতবাউলী মাতে। এই যেন অংক নকৰাকৈ খাব, শুৱ, হাঁহিব, কান্দিব, জুখি জুখি কথা নক’ব, নিয়মৰ গণ্ডীত আবদ্ধ নকৰিব জীৱন। কিন্তু! কিন্তু! সেয়া যে অসম্ভৱ। দুটিকৈ সন্তানৰ গধুৰ দায়িত্বৰে প্ৰতিশ্ৰুতিবদ্ধ তাই। বন্দী তাই। গভীৰ দ্বমুনিয়াহেৰে তাই অনুভৱ কৰে এই ব্ৰহ্মাণ্ডত বন্দী নহয় কোন? জোন, বেলি, তৰা নে জান, জুৰি, নিজৰা? নে বন্দী নহয় মুক্তভাৱে বিচৰণ কৰি ফুৰা বিহংগিনীৰ জাক?

 ওহোঁ। নহয়। জান-জুৰি-নিজৰাই হওক জোন-বেলি-তৰাই হওক, প্ৰতিটোৱেই এক নিয়মত চলি আছে। তাইৰহে নিয়ম ভঙাৰ চখ জাগিছে নতুনকৈ। অথচ কি ৰুটিনমাফিক জীৱন আছিল তাইৰঙ্গ

 এনেদৰে এসন্ধ্যা উন্মাদ অস্থিৰতাৰে ঘড়ীৰ কাঁটাকেইটা বান্ধি থাকোঁতেই এদিন তাই ইমেইলত এখন চিঠি পায়। তাইৰ বিদ্যালয়ৰ নৰেন কোঁৱৰ ছাৰৰ পৰা অহা মেইলটোৱে তাইলৈ যেন অদ্ভূত উন্মাদনা কঢ়িয়াই আনিলে। সোণালী জয়ন্তী উপলক্ষে প্ৰাক্তন ছাত্ৰীৰ সমাৰোহ পাতিছে তাই পঢ়ি অহা বিদ্যালয়খনত। লগৰ কুন্তলাই মেচেজ দিছে, ‘অলংকৃতা নহাকৈ নাথাকিবি’৷ সংগীতাই হোৱাটচআপত লিখিছে, ‘তোৰ ব্যস্ততা বুজি পাওঁ, কিন্তু এদিনৰ বাবে বিচাৰোঁ তোক’। স্বগ্নাই তাইৰ হোৱাটচআপ নাম্বাৰ বিচাৰি ফেচবুকত মেচেজ দিছে।

 মুহূৰ্ততে সুখৰ এঘড়ীয়ে টিক টিক কৰি ওলোটা খোজ লয়। সেয়া...সেয়া তাই বিদ্যালয় প্ৰাংগনত বগা ফ্ৰক, ৰঙা ফিটাৰে প্ৰাৰ্থনা জুৰিছে।

 ভজ গোবিন্দং

 স্মৰণ গোবিন্দং

 গোবিন্দং

 ভজ মূঢ়মতি.......

 স্নেহলতা বাইদেৱে প্ৰাৰ্থনা গোৱা ছোৱালীৰ শাৰীবোৰ ঠিক হৈছেনে নাই চাই গৈছে। দুজনীমান ফিচিঙালি কৰি থকা ছোৱালীৰ চাদৰৰ আঁচলতে হাতৰ চিটিপনিডালেৰে এচাট দি গৈছে৷ আসঃ কি মধুৰতম সময়ঙ্গ

 পাৰ হৈ যোৱা সময়বোৰে ৰঙীন ফুল এথুপি যেন তাইৰ মূৰৰ ওপৰত ছটিয়াই দিয়ে। হোৱাটচআপ মেচেজৰ লানি নিছিগা ৰিংটনবোৰ কোঠাটো সুললিত কৰি তোলে। কোনোদিনে কোনো মেচেজৰ শব্দৰ বাবে বাউলী হৈ নথকা তাইৰ বাবে এয়া অলপ আচহুৱা কথা। তাই মেচেজ খোলা মাত্ৰকে শ শ মেচেজেৰ তাই হোৱাটচআপ ভৰি পৰে। স্কুলৰ গ্ৰুপটোৱে তাইক বিচাৰিছে। বিচাৰিছে নহয়, একপ্ৰকাৰ দাবীয়ে জনাইছে। তাই যাব লাগে সোণালী জয়ন্তীত যোগদান কৰিবলৈ। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব লাগে। সমাৰোহত উচ্ছল তটিনীৰ দৰে নাচিব লাগে।

 “এই অলংকৃতা! লাজ কিহ'ৰ? এতিয়া তই মেজিষ্টেট অলংকৃতা বৰুৱা নহয়, এতিয়া তই চৈধ্যবছৰীয়া এজনী কিশোৰী”, কোনোবাই যেন তাইৰ মনোভাৱ বুজিয়ে তেনেকৈ মেচেজ লিখি দিছে।

 দোমোজাত পৰে তাই।

 “সকলো সময়তে মেজিষ্ট্ৰেটগিৰি নেদেখুৱাবি বুইছ, আহ বুলিছোঁ আহ”, আন কোনোবা এজনীয়ে দম দিছে।

 “আৰে কোন এইজনী অ? তাইচোন চিনি পোৱা নাই”, তাই ভাবে। ইমান পাহৰিলেনে তাই? [ ৬৫ ]  বৰঞ্চ তাই সুধিলে ওলোটাই, “মমী যাবনে? উত্তৰাহঁত? প্ৰিয়ংকাক লগ পামনে?”

 এজনীয়ে তপৰাই উত্তৰ দিলে, “সিহঁতকেইজনী ইয়াতেই আছে যেতিয়া লগ পায়েই থাকোঁ, তোকহে পোন্ধৰবছৰ হ’ল নেদেখা। প্ৰিয়়ংকা আহিব নোৱাৰে, তাই প্ৰেগনেন্ট। হস্পিতেলত এডমিট হ’বই দুই এদিনতে৷”

 “মুঠৰ ওপৰত তই আহ। কাইলৈকে আহ। পৰহিলৈ দহবজাত এক্স-ষ্টুডেন্টৰ মীটত তই থাকিবই লাগিব।”

 তাই কিছু আচৰিত হয়। তাই দেখোন মনত ৰাখিবলগীয়াকৈ একোৱে কৰা নাছিল সিহঁতৰ কাৰণে পৰীক্ষাৰ ৰিজান্টটো লৈয়ে ব্যস্ত হৈ আছিল তাই। অথচ সিহঁতে ইমানকৈ বিচাৰিছে তাইক। তাইক বিচৰা মানুহ এতিয়াও আছে। এতিয়াও আছে তাইক ভাল পোৱা মানুহ। হীনমন্যতাত কিয় ভুগিব তাই? ওহোঁ। নহ’ব। তাই যাব তালৈ। ক্ষন্তেকতে দোমোজা সামৰি তাই সিদ্ধান্ত লয়।

 আল্ট্ৰাছৰ ওচৰ পায়গৈ তাই। স্কুলৰ ছাৰে দিযা মেইলটো প্ৰিন্ট কৰি আল্ট্ৰাছৰ হাতত তুলি দিয়ে।

 “কি হয় এইখন”, টিভিৰ পৰ্দাৰ পৰা চকু নোতোলাকৈয়ে সোধে তেওঁ।

 “মই এদিনৰ কাৰণে লখিমপুৰলৈ যাওঁ। স্কুলৰ পৰা মাতিছে।”

 আল্ট্ৰাছে হাঁ না একো নক’লে। কোনো আপত্তি নাই তেওঁৰ। তাই থকা নথকা একেই হৈ পৰিছে এতিয়া। তাই গান এটা গুণগুণাই আলমাৰিৰ পৰা ৰিহা উলিয়ায়। শোভাযাত্ৰাৰ সাজ। ৰঙাকৈ ব্লাউজ, ৰিহা-মুগাৰ সাজ। ধুনীয়া, ধুনীয়া ৷ মুখখন উজলি উঠে। অন্যদিনা হোৱা হ’লে আল্ট্ৰাছে সুধিলেহেঁতেন “ইমান ফুৰ্তি। কেচটো কি?”

 এতিয়া নোসোধে। সুধিব নোৱাৰাকৈ দুয়োৰে মাজত শতযোজন দূৰত্ব। তাইৰ বুকুৰ ধ্বনি তেওঁ নুশুনে। তেওঁৰ বুকুৰ ধ্বনি তাই নুশুনে। বুকুৰ দুৱাৰবোৰ যেন অনিৰ্দিষ্ট কাললৈ বন্ধ। নাজানে তাই, নাজানে কেতিয়াকৈ খুলিব সেই দুৱাৰ। তথাপি জীৱন ৰুদ্ধ নহয়। ৰুদ্ধ নহয় বাবেই দুখৰ মাজতো সুখৰ বতাহজাক হুৰহৰাই সোমাই আহিব বিচাৰে। অত্যন্ত নৈৰাশ্যবাদীসকলেহে সেই বতাহজাকক উভোতাই পঠায়। অলংকৃতা সেই নৈৰাশ্যৰ বলি নহয়। তাই যাব। নোপোৱাবিলাক লৈ উচুপি নাথাকিব।

 গৈছিল অলংকৃতা। স্কুলৰ প্রাংগনত তাইক দেখিয়ে ঢপলিয়াই আহিছিল স্বপ্না বুলি লগৰজনী। কুন্তলাই তাইক সাৱটি এসোঁতা কান্দি ল’লে। সংগীতাই ৰিহা এখন মেৰিয়াই লৈ তাইক টানি আনি ফটো তুলিবলৈ আৰম্ভ কৰিলে। ডিঙিত ডিএছএলতআৰ কেমেৰাটো ওলোমাই ছোৱালীবোৰৰ মাজে মাজে ঘূৰি ফুৰা বৰ্ণালীবায়ে তাইক দেখিয়েই গালখনত চিকুটি দিলে। সুজাতাবায়ে তাইৰ গালত টপটপকৈ দুটামান চুমা খাই দিলে। ইমান মৰমঙ্গ ইমান যে মৰমেৰে ভৰা পৃথিৱী এইখন। ছোৱালীখিনিৰ মাজত তাই সৰু ছোৱালী এজনী হৈ পৰিল। নানাৰঙী পখিলাৰে ভৰি থকা এখন ফুলনিৰ দৰে হৈ পৰিল স্কুল চৌহদ। কিমান বছৰৰ মূৰত যে গোটেইখিনি লগ হৈছে। এটি ল’ৰাৰ মাতৃ শাৰদীয়ে সেই স্কুলীয়া ছোৱালীজনীৰ দৰেই মঞ্চত নাচিবলৈ সাজু হৈ আহিল। জিন্তী হাজৰিকা নামৰ এবছৰৰ ওপৰ বেটচৰ বায়েকজনীয়ে ধুনীয়া হাঁহি এমোকোৰা লৈ মঞ্চত সমবেত সংগীত পৰিবেশন কৰিলে,

 আজি মন ৰঙা,

 জীৱন ৰঙা,

 সাতোখন মহাদেশ ৰঙেই ৰঙা,

 ৰূপালী মেডামে হাৰমনিয়াম বজাইছে। তালে তালে মিলাই আশাৰাণীয়েও সুৰ দিছে,

 আজি মন ৰঙা,

 জীৱন ৰঙা,

 সাতোখন মহাদেশ ৰঙেই ৰঙা,

 উখল মাখল পৰিৱেশটোত তাই হেৰাই গ’ল। হেৰাই গৈ তাই অনুভৱ কৰিলে সুখী হোৱাৰ দেখোন অলেখ বাট। এনেইহে সাঁচি ৰাখোঁ দুখৰ অত অচিলা, অত অজুহাত। আবদ্ধ পানীখিনিত ককবকাই থকাতকৈ বিশাল সাগৰত জঁপিয়াই চোৱাৰ হেঁপাহ জাগিল পুনৰাই ৷ ডুবি চাব এবাৰ, টৌৱে আনি তাইক শুভ্ৰ বলুকাত পেলাই থ'ব৷ বলুকা সাৱটি তাই ৰ’দৰ স’তে কথা পাতিব। ওপৰৰ পৰা চৰাইবোৰে তাই বাউলী হ’ল বুলি গীত জুৰিব। গঙাচিলনীবোৰ দূৰলৈ যাবগৈ। তাইৰ সজীৱ শৰীৰৰ গোন্ধত সিহঁত কেনেকৈ কাষত থাকিব? তাইৰ মৃত্যুকামনা কৰা প্রতিটো গঙাচিলনী তাইৰ পৰা দূৰ হৈ যাব। শোভাযাত্ৰা, নাচ গানৰ পৰা আদি কৰি প্রাক্তন ছাত্ৰীসমূহৰ [ ৬৬ ] অনুভৱী ভাষণেৰে দিনটো সামৰি ফটোৰ ক্লিক ক্লিক শব্দবোৰ চলি থাকোঁতেই তাই সকলোৰে অজানিতে ৰঙানদীখন পালেহি।

 ৰঙানদীখন উন্মাদ হৈছিল সিদিনা, ধ্ৰুৱম গুচি গৈছিল যিদিনা। তাই নদীখনক দূষিছিল, নদীখনে তাইক দূষিছিল। দীপকৰ বাইকত ধুলি উৰুৱাই গুচি গৈছিল ধ্ৰুৱম।

 “ক’লৈ গৈছে সি”, দীপক অহাৰ লগে লগে তাই তাক ফেপেৰি পাতি ধৰিছিল।

 ‘গুৱাহাটীলৈ গৈছে। তাৰ পাছত বাহিৰলৈ যাবগৈ।”

 “বাহিৰলৈ মানে?”

 “হয়তো দিল্লী বা মুম্বাই, নতুবা পুনে বা কলকাতা। এই পৃথিৱীত যাবলৈ জানে৷ ঠাইৰ অভাৱ আছে?”

 কিয়? দীপকে কিয় তেনেকৈ কৈছিল তাইক? যেন ধ্ৰুৱমক তাইহে খেদি পঠিয়াইছে। নহয়তো। নহয়তো। ধ্ৰুৱমক তাই কিয় খেদি পঠিয়াব? আগদিনালৈকে তাৰ ৰূমত আড্ডা দিছিল তাই। সিতো এনেদৰে হঠাতে যাবলৈ ওলোৱাৰ কথা তাই ঘূণাক্ষৰেও গম নাপালে। দীপকে অস্তমিত বেলিটো চাই চাই কিবাকিবি ভাবি ৰয়। তাৰ আৰ এক্স ১০০ বাইকখনৰ ওপৰতে সি দীঘলকৈ পেট পেলাই শুই পৰে।

 “ক’লৈ গৈছিল সেইটো মেটাৰ নকৰে, মেটাৰ কৰে তোক এৰি কিয় যাবলগা হ’ল। আচল কথাটো হ’ল যে তই তাক বুজি নাপালি”, বুলি ক’বলৈ লৈও মনে মনে ৰৈছিল সি। সৰু কথা এটিতে বন্ধুত্বৰ বিশ্বাসৰ দূৰ্গ গিৰগিৰকৈ খহিব। ধ্ৰুৱমৰ বাবে হেনো বিশ্বাসৰ মূল্য প্ৰেমতকৈ বহুত বেছি। অলংকৃতাই তাক বন্ধুৰ দৃষ্টিৰে চায়, সেই বন্ধুত্বক সি আজীৱন সন্মান দিয়াৰ সংকল্পৰে মাতৃভূমি ত্যাগ কৰিছিল।

 নিতান্তই কঠোৰ আছিল এই ত্যাগ। এই ত্যাগৰ কাৰণ কি দীপকে নুবুজে। তাৰ সাহস নাছিল নে তাৰ দৃষ্টিত সেই সাহসৰ মূল্য নাছিল?

 দীপকৰ মুখত সন্তুষ্টিৰ উত্তৰ তাই সিদিনাও পোৱা নাছিল। নদীখনেও কোনো উত্তৰ দিয়া নাছিল। সিদিনাও দিয়া নাছিল। আজিও নিদিলে। সূৰুযৰ হেঙুল কিৰণৰ স’তে কথা পাতি পাতি ৰঙানৈৰ পাৰতে তাই বহি ৰ’ল বহুদেৰি। লগৰ ৰহিমাই বাৰে বাৰে ফোন কৰি আছে, তাইক হেঁপাহৰ এসাঁজ ভাত খুৱাবলৈ বিচাৰি বাৰে বাৰে ফোন কৰিছে তাই। নৈৰ পানীখিনিত জোবোকা মাৰি মাৰি তাইক জোকাই থকা এনিতমৰ সুৰটোক থপিয়াই তাই পকনীয়ালৈ দলি মাৰি দিলে। পকনীয়াত ক্ৰমশ নোহোৱা হৈ গ’ল সেই সুৰধ্বনি। শিলচটাত কলিজাটো খুলি থৈ দিলে। আন্ধাৰ নামিল। নৈপৰীয়া ধূলিয়ে তাইৰ চকুহাল ৰঙা তুলবুলীয়া কৰি তুলিলে। নিচাগ্ৰস্ততাত জপংকৈ জাপ মাৰি ডুব দিলে তাইৰ সমস্ত ভাগৰুৱা অনুভৱে।

 বহুত দূৰলৈকে কোনো নাছিল। কিন্তু কিয় তাইৰ এনে লাগিছিল সহস্ৰজনৰ ভিৰৰ হেঁচাত তাই উশাহ ল’ব পৰা নাই। ফোনটো বাজি উঠিল। বিস্তীৰ্ণ জনশূন্যতাত ফোনটোৰ শব্দটো বৰ কৰ্কশ হৈ ওলাইছে। তাইৰ মন গৈছে অলপ অকলে থাকিবলৈ মন গৈছে ক্ৰমাৎ নিজৰ মাজত হেৰাই যাবলৈ। বৰকৈ মন গৈছে বিশেষ কোনোজনৰ অভাৱবোৰ আত্মপ্ৰেমেৰে ভৰাই তুলিবলৈ।

 বিশেষ কোনোবাজনৰ বৰ অভাৱ অনুভৱ কৰে তাই। যেতিয়া তাই কামৰ হেঁচাত দুপৰীয়াৰ আহাৰকণ খাবলৈও সময় নাপায়, তেতিয়াও তাই অৱচেতন মনত কামনা কৰি থাকে, আল্ট্ৰাছে সোধক তাইক, কিবা খালানে বুলি। তাইক হতাশ কৰি কোনোদিনেই আল্ট্ৰাছে সেই কথা নোসোধে। কালিও তাই গুচি আহিল, সন্তান দুটিৰ দায়িত্ব তাইৰ সহায়িকাজনীৰ ওপৰত পেলাই তাই গুচি আহিল, তাইক আল্ট্ৰাছে এবাৰো নুসুধিলে, কিহেৰে যাবা, ক’ত থাকিবা বুলি? এয়া আল্ট্ৰাছে দিয়া স্বাধীনতানে? নিশ্চয়কৈ নহয়। এয়া উপেক্ষা। এয়া অহমিকা।

 “তোমাৰ যি মন যায় তাকে কৰা, মোকো বাধা নিদিবা”-আল্ট্ৰাছৰ মনোভাৱ সেয়া।

 হাঁহি উঠে তাইৰ। তাইৰ হেনো প্ৰেমবিবাহ। আল্ট্ৰাছে এইখন বিয়া পাতিবলৈ ইমানেই লৰালৰি কৰিছিল যে, ঘৰত কৈ আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈকো তেওঁৰ সময় নাছিল।

 “তোক সি চাকৰিটোৰ কাৰণে বিয়া কৰাইছে”, ককায়েকে কোনোবা এক মুহূৰ্তত খঙতে কৈ পেলাইছিল। তাৰ পিছত ককায়েকৰ স’তে তাইৰ বহু অভিমান। মাত-বোল পৰ্যন্ত বন্ধ হৈ গৈছিল। মাকজনী ক্ৰমাৎ অসুখীয়া হ’বলৈ ধৰাত তাই মাকৰ ওচৰলৈ এদিন দৌৰি আহিছিল, তাইৰ কোলাত দেৱশিশু এটি দেখি ককায়েকৰ মন [ ৬৭ ] সিদিনাহে গলিছিল। ককায়েক-ভনীয়েকৰ অভিমান কিমান দিনলৈ? অত যুগৰ অতবোৰ স্মৃতিৰে গাঁথি থোৱা মৰমৰ এনাজৰীডাল কি শক্তিয়ে ছিঙিব পাৰে? ককায়েক-ভনীয়েকৰ সম্পৰ্কও তেনেদৰেই পুনৰ ঠন ধৰি উঠিল। সেই সম্পৰ্কও আল্ট্ৰাছৰ পছন্দৰ বাহিৰত। আচলতে তাই নুবুজিলে কিমান ত্যাগ কৰা হ’লে তাই আল্ট্ৰাছৰ পছন্দৰ হৈ থাকিলহেঁতেন।

 ৰহিমাই আকৌ ফোন কৰিছে, তাই কি খাই ভাল পায় সুধিছে, তাই উত্তৰ দিছে, “কচু, কলডিল, ঢেঁকীয়া পাৱ যদি ৰান্ধি থ’বি। অলপ দেৰিকৈ গৈ আছোঁ।”

 এইবাৰ তাই ফোনটো অফ কৰি থ’লে৷ আত্মকথনৰ সময় এয়া। নিজকে উত্তৰ দিয়াৰ সময়। ৰহিমাই তাইক এসাজ খুৱাবই, সেয়া ৰহিমাৰ দাবী। তাই ৰহিমাৰ আশাকণ পূৰ কৰিব। কিন্তু নিজৰ কাৰণেও কিছু সময়ৰ দৰকাৰ। এদিনৰ বাবেহে তাই ঘৰৰ পৰা ওলাই আহিছে। কাইলৈ পুনৰ ওভতনি যাত্ৰা আৰম্ভ কৰি তাই পুৱা দহবজাতে অফিচ পাবগৈ লাগে। ইমানকৈ ছুটী ল’ব নোৱাৰে তাই। চাকৰিটো তাইক দৰকাৰ। বেদুইনী জীৱনৰ হেঁপাহত সন্তান দুটিৰ ক্ষতি কৰাব নোৱাৰে। সিহঁত দুটিক নিশ্চিত ভৱিষ্যত দিয়াটো তাইৰ কৰ্তব্য। বাকীবোৰ কথা পাগলামিত চলি থাকক কোনো কথা নাই। নিজক লৈ চুক্তিবদ্ধ নহয় আৰু তাই। চুক্তিত আবদ্ধ হ’বলৈ গৈ যে তাই কিমানবাৰ হাঁহিয়াতৰ পাত্ৰ হৈছিল কোনো হিচাপ নাই। প্ৰেমৰ চুক্তি পূৰণ কৰিবলৈ বিবাহত বহিছিল, বিবাহৰ চুক্তি পূৰণ কৰিবলৈ তাই নিজস্বতা এৰিছিল। সৰু সৰু দুটিমান উদাহৰণ চেলুলয়ডৰ পৰ্দাৰ দৰে মনৰ চকুৰ আগেৰে পাৰ হৈ যায়।

 বিয়াৰ পিছতে তাইক আমিষভোজী কৰিবলৈ জোৰ দিছিল আল্ট্ৰাছে। তাই মান্তি হোৱা নাছিল।

 “তুমি এতিয়াও নিজৰ ধৰ্ম ত্যাগ কৰি মোক মনে-প্ৰাণে গ্ৰহণ কৰিব পৰা নাই”, তেওঁ কৈছিল।

 তাই সজোৰে প্ৰতিবাদ কৰি উঠিছিল,

 “নহয় নহয়, খাদ্যাভাসৰ লগত ধৰ্ম এক নকৰিবা। মানুহ হিচাপে জী থাকিবলৈ দিয়া মোক। মই আমিষ খাদ্য হজম কৰিব নোৱাৰোঁ, গতিকে মই নিৰামিষভোজী। কথাটো একেবাৰেই চিম্পল।”

 “মুছলমানৰ ঘৰত নিৰামিষভোজন। কথাটো কিবা নজমে”, আল্ট্ৰাছে কটাক্ষৰ হাঁহি এটা মাৰিছিল।

 “নহয় নহয়। তুমি ঠেক গণ্ডীৰে কথাটো বিচাৰ কৰিছা। উত্তৰ ভাৰতৰ বহুত মানুহেই নিৰামিষভোজী। ধৰ্ম লৈ কোনো কথা নাই। এপিজে আব্দুল কালাম আজাদ ছাৰ নিৰামিষভোজী আছিল।”

 “পঢ়া-শুনাটো অলপ বেছি হ’লে সেয়াই বিপদ। যুক্তি কাটিবই নোৱাৰি”, বুলি ভোৰভোৰাই আল্ট্ৰাছ ঘৰৰ পৰা ওলাই গৈছিল।

 আহত হৈছিল তাই। কিছুমান কথা একেবাৰেই ব্যক্তিগত। সেইখিনিক লৈ প্ৰশ্ন উঠাটো তাই বিচৰা নাছিল। অৱশেষত এনেকুৱা হৈছিল, তাই নিজেই মাংস ৰান্ধি লৈ আল্ট্ৰাছৰ গোটেই বন্ধুবৰ্গক খোৱাইছিল। আল্ট্ৰাছ জয়ী হৈছিল। তাই? তায়োতো হাৰি যোৱা নাছিল। তাই নিৰামিষভোজী হৈয়ে ৰৈছিল।

 ঈদ-উদ-জোহাৰ সময় আছিল সেইবাৰ। ঈদ উপলক্ষে তাইক আল্ট্ৰাছে নিজৰ গাঁৱলৈ লৈ গৈছিল। গাঁৱত উখল মাখল পৰিবেশ পিঠা-পনা ভজাৰ গোন্ধই, দীঘল দীঘল চেৱৈবোৰ ৰ’দত শুকুৱাৰ দৃশ্যবোৰে মন মুহিছিল মানে সিমূৰৰ পৰা ছাগলী এজনীয়ে বেবাই উঠিছিল। কোনোবাই কৈছিল, সেইজনী কোৰবানী দিবলৈ অনা ছাগলী। বুকুখনত বিষ উঠিছিল তাইৰ।

 আগৰে পৰা বলিবিধান বিৰোধী তাই এতিয়া তাইৰ চকুৰ সন্মুখতে বলি দিয়া হ’ব নিৰীহ প্ৰাণীৰ। কথা নাই; বতৰা নাই অলংকৃতা দুৰ্বল হৈ পৰিল অকস্মাতে। আল্ট্ৰাছৰ মুখখন ওফন্দি উঠিছিল মাথোঁ, গাঁৱৰে বুঢ়ী আই এগৰাকীয়ে তাই অসুখৰ খবৰ পাই নিজৰ ঘৰলৈ লৈ গৈছিল,

 “ইয়াতে থাক আই। তই বৰ কোমল মনৰ। সেই পৰিৱেশত তই থাকিব নোৱাৰিবি।”

 অকলশৰীয়া সেই বুঢ়ীমাইৰ ঘৰৰ বিছনাত তাই দুদিন পৰি থাকিল। ঘূৰি অহাৰ দিনা পুনৰ আল্ট্ৰাছৰ ওফোন্দা মুখ।

 “অলপো ফেষ্টিভ মাইণ্ডেড নোহোৱা তুমি”৷

 ফেষ্টিভ মাইণ্ডেড! কথাষাৰৰ হয়তো সত্যতা নোহোৱা নহয়। তাই সদায়েই উৎসৱ-পাৰ্বনৰ পৰা দূৰৈত [ ৬৮ ] অৱস্থান কৰে। শ্ৰেণীকোঠাতেই হওক নতুবা কোৰ্টতে হওক নতুবা অফিচ চেম্বাৰতে হওক, তাই কিছু চিৰিয়াচ মুডত থাকে৷ অলপ যদি বেচিজিল আছিল, সেয়া নিজৰ মাকৰ ঘৰত নতুবা ধ্ৰুৱমৰ ওচৰত। বেচিজিল হ’ব বিচাৰিছিল আল্ট্ৰাছৰ ওচৰত কিন্তু আল্ট্ৰছে তাইৰ বিশৃংখল আঁত মাৰিব নোৱাৰে, বৰং সি নিজৰ মতে তাইৰ মনটো সজাই লবলৈ বিচাৰে। প্ৰেমত নিজকে সলোৱা যায়। মৰমৰ জুইত গলি যোৱা যায়। অপ্ৰেমত হাতুৰী মাৰিলে সেয়া ভাগি যায়। তাইৰ সেয়ে হৈছিল।

 তাইক হাতুৰীৰে যিমানে টুকুৰিয়ায়, সিমানবাৰেই তাই ভাঙি পৰে। সেয়া যে প্ৰেম নহয়, দম্ভালিৰ বহিঃপ্ৰকাশহে মাথোঁ, সেয়া তাই বুজি পায়। দম্ভালিৰ এনে বহিঃপ্ৰকাশত তাইৰ দৰে অজস্ৰজনৰ সংসাৰ ভাগে। শিৱানীৰো ভাঙোনমুখৰ হৈছিল নিজৰ সংসাৰ। ডিভৰ্চৰ বাবে আবেদন কৰা স্বামীৰ কথাবোৰ অলংকৃতাৰ লগত মুকলিকৈয়ে পাতিছিল শিৱানীয়ে।

 “আচলতে কি জাননে অলংকৃতা, এই যে আমি চিন্তা কৰাৰ অধিকাৰ পালোঁ, তাতেই সংসাৰ ভঙাৰ কাহিনীবোৰ লুকাই আছে। দাসত্ব স্বীকাৰ কৰি ল’বি, বশ্যতা স্বীকাৰ ল’বি, স্বামীৰ ভুলবোৰক ফুল বুলি মানি লবি, সকলো বিশৃংখলতাৰ মাজতো শৃংখল হৈ থাকিব তোৰ সংসাৰ। কৰি থকা কলেজৰ চাকৰিটো স্বামীৰ ট্ৰেন্সফাৰ হৈ থকা চাকৰিটোৰ বাবে এৰি দিলোঁ। এতিয়া তেওঁ মোক কথাই প্ৰতি শুনাবলৈ নেৰে, মোৰ হেনো চাকৰি এটা পোৱাৰ যোগ্যতাই নাই, ঘৰত থাকি থাকি মোৰ মন ঠেক হৈ পৰিছে, মোৰ নিচিনা হাউচৱাইফৰ আজিৰ যুগত হেনো কোনো কাম নাই, ইত্যাদি ইত্যাদি। কথাবোৰ মই মানিব নোখোজোঁ। শুনিব নোখোজোঁ। তৰ্কযুদ্ধত লিপ্ত হওঁ। এনেকৈয়ে আমাৰ কাজিয়াবোৰ বাঢ়ি গৈছে”।

 এৰা। এয়া যুগ যুগ ধৰি চলি অহা মানসিকতা নাৰীশিক্ষাৰ প্ৰচলননো কেতিয়াৰ পৰা? যি মানসিকতা স্থাপন হ’বলৈ হেজাৰ যোৰা শতিকাৰ পৰিকল্পনা আছিল, সেই মানসিকতা এক শতিকাৰ নাৰীশিক্ষাই ৰোধ কৰিব পাৰিবনে? ফ্ৰয়েদেই কৈ গৈছে, শিশুৰ মাজতো সেই দমনীয় চৰিত্ৰৰ প্ৰভাৱ দেখা যায়। পুৰুষশিশুৱে স্বভাৱগতভাবেই উচ্চাত্মীকাবোধত ভোগে। এয়া হয়তো পাৰিপাৰ্শ্চিক প্ৰভাৱ নতুবা জ্যেষ্ঠজনৰ কথা-বাৰ্তাৰ প্ৰভাৱ। ঘৰখনত সেই মানসিকতা কিয় বিকাশ নহয় যে, আমি প্ৰথমতে মানুহ, তাৰ পিছতহে নাৰী-পুৰুষ।

 শিৱানী ঘোৰ নাৰীবাদী হৈ পৰিছিল। অলংকৃতাই দুয়োৰে মাজত মধ্যস্থতা স্থাপন কৰি সংসাৰখন ধৰি ৰাখিবলৈ পৰামৰ্শ দিছিল। শিৱানীৰ স্বামীক বুজাইছিল, “অলপ এৰা ধৰা, অলপ বুজা পৰা| লাগিবই, সংসাৰ ধৰি ৰাখিবলৈ।”

 ‘সকলোৰে লগত সংসাৰ ধৰি ৰখাৰ ফালে যুক্তি দিয়া অলংকৃতাৰ জীৱনত উত্থান-পতন হৈ গ’ল। বিধিয়ে নাচিলে, নিয়তিয়ে গান গালে। তাইক উপলুঙা কৰি অসংখ্য চৰাইয়ে বাদ্য সংগত কৰিলে। শিয়ালীবোৰে ৰাতি হ’লেই হোৱা হোৱাকৈ চিঞৰিলে। কিমানৰ মুখত যে আল্ট্ৰাছৰ অত্যাধিক নাৰীপ্ৰীতিৰ অভিযোগ নুশুনিলেঙ্গ

 ৰঙানদীয়ে তাইক দীপকৰ কথা মনত পেলাই দিছে। বগলীজানৰ সেই ঘৰটোলৈ যাব লাগিছিল। যাব লাগিছিল দীপকৰ ঘৰলৈ। পিছে সময় বৰ খৰ। কি কৰে তাই? কি কৰে? পিছৰদিনা পুৱা চাৰিবজাতে তাই ওভোতনি যাত্ৰা আৰম্ভ কৰিব। তেতিয়াহে তাই বাহিৰে বাহিৰে অফিচ পাবগৈ। মুঠেই সাতঘণ্টা আছে হাতত। ৰহিমাৰ ঘৰত এঘন্টা। বাকী থাকিল ছঘন্টা। ছঘন্টা তাই দিব নিজকে। বহুত উত্তৰেই বাকী ৰৈছে। সেই উত্তৰবোৰ বিচাৰি অলপ পাছতেই গাড়ী ঘূৰিব বগলীজানৰ সেই ঘৰটোলৈ। যিখন ঘৰৰ পৰা ওলাই দীপকে কোনোবা গভীৰ জংঘলত অস্ত্ৰচালনাৰ প্ৰশিক্ষণ লৈছিল, সেই ঘৰটোত বন্দুকৰ গুলীত ৰাতিপুৱায় নে পখীৰ শব্দত পুৱায়, সেই খবৰ ল’ব তাই। দীপকৰ হাতত বন্দুক!! কিয় কিয়? অলেখ প্ৰশ্নৰ উত্তৰ তাই জানিব লগা আছে। বগলীজানৰ সেই ঘৰটোলৈ তাই যাব লগা আছে। গাড়ীৰ চকা ঘূৰিছে লাহে লাহে। পেনড্ৰাইভাৰটোত বাজি উঠিছে ৰুদালীৰ গান,

“সময় অ’ ধীৰে চলো
বুঝ গয়ী ৰাহ চে শয়াম
দূৰ হে দূৰ হে পী কা গাঁও....’’
লতাৰ কণ্ঠত ডুবিছে সময়,

[ ৬৯ ]

“জী কো বেহলা লিয়া
তুনে আশা-নিৰাশ কা খেল কিয়া
চাৰ দিনো মে কই জিয়া না জিয়া
জগৰয়ে চাচ কা পীয়া না পীয়া”

++

(ষোল্ল)

 এক নিমাওমাও পৰিবেশ। সৰু ধূলিয়ৰি ৰাস্তাটিৰ কাষৰ দুইলানি বগৰী গছৰ মাজে মাজে তাইৰ গাড়ী দৌৰিলে। মনত অবুজ উৎকণ্ঠা। চৰকাৰী বিষয়া এগৰাকী হৈ চৰকাৰৰ বিৰুদ্ধে অস্ত্ৰ হাতত তুলি লোৱা সংগঠন এটাৰ সক্ৰিয় সদস্য এজনৰ ঘৰলৈ যোৱাটো কিমান সমীচীন হৈছে তাই নাজানে। গৈ গৈ তাই বিশেষ ঘৰটো পালেগৈ।

 এলপেটাৰ্ণৰ এটা বিশেষ ঘৰ। সন্মুখতে এজোপা ওখ জলফাই গছ৷ কাষত কাঠৰ গেট এখন। গম পোৱা যায়, এটা সময়ত চুবুৰীটোত গমগমাই থকা এটা ঘৰ আছিল এইটো এতিয়া পিছে তাত এক নিৰ্জন পৰিৱেশ বিৰাজ কৰিছে। মাজে মাজে কাহৰ কৰ্কশ শব্দ এটাই সেই নিৰ্জনতাত প্ৰত্যাহবান জনাইছে।

 “এই ৰাতিখন কোন আহিলি ঐ”, বুলি বৃদ্ধা এগৰাকীয়ে ভৰি চোঁচৰাই চোঁচৰাই ওলাই অহাৰ শব্দ তাই শুনিলে। তেতিয়ালৈ তাই গাড়ীৰ পৰা নামি বাৰাণ্ডাত উঠিছিল। নিশা ন বাজিছে যদিও ৰাস্তাৰ কাষৰ কম পাৱাৰৰ লাইটবোৰে ৰাতি এপৰ যেন কৰি তুলিছে।

 বৃদ্ধা আহি তাইৰ ওচৰত ৰ’ল। বৃদ্ধা মানে দীপকৰ মাক। সেই বৃদ্ধাই তাইৰ মুখলৈ চকু মেলি মেলি চালে। এনে লাগিল যেন তাইৰ মাকৰ চকুযুৰিয়েহে পিতপিতকৈ তাইৰ মুখত সুখৰ সন্ধান কৰিছে। তাই সাউতকৈ বৃদ্ধাৰ ভৰি চুই সেৱা কৰিলে।

 “খুড়ী, মইহে। অলংকৃতা।”

 “অ এইজনী অলংকৃতা”, বুলি বৃদ্ধাই তাইৰ মুখলৈ আকৌ এপৰ চাই ৰ’ল। তাৰ পাছত তাইক আঁকোৱালি ল’লে।

 ক’ৰ পৰা আহিলি অ’ ছোৱালীজনী, ইমান বৰ এজনী হ’লি, জোঁৱাই আহিছেনে নাই, ইত্যাদি অলেখ প্ৰশ্নৰে তাইক আথে-বেথে ভিতৰলৈ লৈ গ’ল।

 বাহিৰৰ ৰূমটোতে তাই বহিল। বৃদ্ধা ভিতৰলৈ সোমাই গ’ল। চচমা এযোৰ চকুত সুমুৱাই আকৌ ওলাই আহিল,

 “এতিয়াহে ভালকৈ দেখিছোঁ তোক। অথনিৰে পৰা কিবা ধোঁৱা ধোঁৱা যেন লাগি আছিল। খবৰ কচোন তই। ইমানদিনৰ মূৰত বুঢ়ী আয়েৰলৈ কেনেকৈ মনত পৰিল?” বুলি বুঢ়ীয়ে আকৌ এবাৰ কাহি ল’লে।

 বৃদ্ধাৰ কথাবোৰত পুত্ৰৰ নিৰুদ্দেশৰ দুখৰ ছাঁ নেদেখি তাই কিছু আচৰিত হ’ল।

 “দীপকৰ খবৰ পাৱ?”, বুঢ়ীয়ে যেন তাইৰ মনটো পঢ়িহে ল’লে।

 “অলপ কিবা শুনিছিলোঁ খুড়ী। সেইকাৰণেতো আহি ওলাইছোঁ।”

 “ভালেই কৰিলি দে, আহিলি যেতিয়া মুখখনকে দেখা পালোঁ। আমাৰ ঘৰলৈ পিছে আজিকালি চৰকাৰী মানুহ আহিবলৈ ভয় কৰে। তই যে আহিলি। ৰ তোৰ খাবৰ দিহা কৰোঁ”, বুঢ়ী ভিতৰলৈ সোমাই গ’ল।

 “নহয় খুড়ী, মই খায়েই আহিছোঁ৷ লগৰ এজনীৰ ঘৰত ভাত খাবলৈ মাতিছিল। আপোনাৰ ওচৰলৈ আহিম বুলিয়ে তাৰ পৰা দৌৰাদৌৰিকৈ ওলাই আহিলো।”

 “খায়েই আহিলি নেকি? চাহ একাপকে খা তেন্তে। পিছে তই আছ ক’ত?”

 “মেপল লিফত আছিলোঁ। এতিয়া আপোনাৰ লগত থাকিম। ৰাতিপুৱা যামগৈ। আপোনাৰ লগত কথা পাতিবলৈকে আহিছোঁ।”

 “ৰ তেনেহ’লে, জুই একুৰাকে জ্বলাই দিওঁ৷” [ ৭০ ]  বুঢ়ীৰ তত হেৰাইছে। পুতেকক লৈ চাগৈ বুঢ়ীৰ কিমান সপোন আছিল। নাতি-বোৱাৰীৰে গিজগিজাই থাকিব ঘৰ। বুঢ়ীয়ে জুহালৰ পাটিত বহি সিহঁতক আলু পুৰি খাবলৈ দিব, বান্দৰ-শিয়াল সাধু ক’ব। সেয়াওতো সপোন। পূৰ কৰিব নোৱাৰি অবাট লোৱা কিছু সপোন। বুঢ়ীৰ সেই সপোন যে কোনোদিনেই নফলিয়াব! কিন্তু অলংকৃতাৰ যিমান দূৰ মনত পৰে, দীপকৰ ককায়েক এজনো আছিল, সিহঁত খেলিবলৈ আহিলে ককায়েকে তামোলৰ ঢকুৱাখনেৰে দীপকক টানি ফুৰা দেখিবলৈ পাইছিল। সেই ককায়েক এতিয়া ক’ত বাৰু! তাই নোসোধাকৈ নোৱাৰিলে।

 “খুড়ী, দাদা ক’ত আজিকালি?”

 “অ, সি গুৱাহাটীত থাকে অ’ আই। নাতি দুটিৰ বাবেই গুৱাহাটী পালেগৈ। ইয়াত থাকিলে পুলিচ মিলিটেৰী আহি থাকে, সেয়ে ময়ে ক’লোঁ ইয়াত নাৰাখিবলৈ”।

 “পুলিচ মিলিটেৰী খুবকৈ আহে নেকি খুড়ী? দীপক আহিছে নে নাই?”

 “বহুত দিন দেখাই নাই অ’ ল’ৰাটোক? ক’ত আছেগৈ? ঘৰত হাঁহ-পাৰ এজনীও হাতেৰে ধৰিব নোৱাৰা ল’ৰাটোৱে বন্দুক লৈ জংঘলে জংঘলে ঘূৰি ফুৰে।”

 বুঢ়ীৰ চকুৰ কোণ জিলিকি উঠিছে। অলংকৃতাৰ চকুত ধৰা পৰিছে সেই কথা৷ মাতৃহৃদয় কঁপি উঠে তাইৰ। কি কাৰণে? কি কাৰণে দীপকে এই সিদ্ধান্ত ল’লে সেই কথা তাই জানিবই লাগিব। তাই নাজানে দীপক আৰু ৰূপশিখাৰ বিয়াৰ কথা। নাজানে তাই, কিদৰে ৰূপশিখাই সেই সহজ-সৰল ল’ৰাটোক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি গ’ল। কি যে দাম দিবলগা নহ'ল সি, সেই গোটেইবোৰ কথা তাইৰ অজ্ঞাত। তাই তেতিয়া বিশ্ববিদ্যালয়ত। ককায়েকৰ চাকৰি সূত্ৰে সিহঁতৰ সৰু পৰিয়ালটোও এই ঠাইৰ পৰা গুচি গৈছিল। কাজেই এই ঠাইৰ লগত তাইৰ মনৰ সম্পৰ্কৰ বাদে কোনো সম্পৰ্ক ৰৈ যোৱা নাছিল। অতদিন তাই ইয়ালৈ অহাও নাছিল, অহাৰ প্ৰয়োজনবোধো কৰা নাছিল। কিন্তু শিপাই টানি থকা মাটিৰ মোহ কিমানদিনলৈ এৰে? কিমানদিনলৈ?

 খুব বেছি নষ্টালজিক হৈ পৰিছে তাই। কলেজৰ কাষেৰে পাৰ হৈ আহোঁতে শাৰী শাৰী দেৱদাৰুখিনিয়ে তাইক ধ্ৰুৱমৰ কথা বৰকৈ মনত পেলাই দিছিল। দীপকহঁতৰ গাঁৱত যে সিহঁতে শৈশৱৰ এচোৱা পাৰ কৰি গৈছিল। সময়বোৰহে তীব্ৰগতিত চলে। মনবোৰ ৰৈ যায়, ৰৈ যায় সেই এলপি স্কুলৰ কেঁকুৰিতে। ক্ৰমান্বয়ে আলসুৱা শিশু এটিৰ দৰেই অকণমানি হৈ পৰে। বৰ গধুৰ, মধুৰ স্মৃতিবোৰ বৰ গধুৰ।

 সেই যে জলফাই গছজোপা, এদিন এজাকমান কাণ-সমনীয়াৰ লগত দীপকৰ ঘৰত জলফাই বুটলিবলৈ আহিছিল তাই। তাইক দেখিয়েই ধ্ৰুৱমে তাইৰ পিছ নেৰা হৈছিল, মোকো জলফাই এটা দেনা।”

 ছোৱালীমখাই গিৰ্জনি মাৰি হাঁহিছিল, জোকাইছিল “ধ্ৰুৱম ল’ৰা নহয় ছোৱালী”।

 মুখখন এপাচিমান ওন্দোলাই ধ্ৰুৱমে ওলটি ধৰে, “ছোৱালীবোৰ বেয়া বস্তু নেকি? মাহঁত ছোৱালী নহয় নেকি? বেয়া নেকি মাইঁত?”

 টেঙা খালেই ছোৱালী নাম দিছিল সিহঁতে। ল’ৰাক ছোৱালী বুলি ক’ব পৰাটো, নতুবা ছোৱালীক ল’ৰা বুলিব পৰাটো সিহঁতৰ বাবে ধেমালিৰ আহিলা আছিল। লিংগ বিভাজন সৰুৰে পৰাই মনত আঁকি দিয়া হয়। লৰাই নাকান্দে, ল’ৰাই টেঙা নাখায়, ছোৱালীয়ে গছত নুঠে ইত্যাদি অজস্ৰ প্ৰচলিত কথাবোৰৰ বিপৰীত মেৰুত অৱস্থান কৰিছিল সিহঁতৰ দলটো। তাৰ ফলস্বৰূপে ধ্ৰুৱমে জলফাইৰ পিছত দৌৰিছিল, দীপকক কিবা ক’লেই ভেকৈ মুখ মেলিছিল, অলংকৃতাহঁতৰ জাকটোৱে মধুৰীজোপাত উঠি গোটেইখন তহিলং কৰিছিল।

 দীপকৰ মাকে জুই একুৰা জ্বলাই দিছে। পুহমহীয়া ঠাণ্ডা বাহিৰত। কুঁৱলীয়ে জোনাক ঢাকিছে। তাই গাড়ীখন ভিতৰৰ চোতালত ভৰাই থওঁ বুলি বাহিৰফালে ওলাই গ'ল।

 “মাজনী, আহচোন গৰম পানীৰে ভৰি হাতকেইটা ধুই ল’৷ মই চাহ তপতাওঁ”

 গুৰৰ সৈতে আদা দিয়া চাহকাপ হাতত লৈ তাই শুনি গৈছিল দীপকৰ কাহিনী। বিয়াৰ পিছদিনাই দীপকৰ পত্নী ৰূপশিখা নিৰুদ্দেশ হোৱা সেই ৰহস্যজনক কাহিনীটোৰ কথা।

 “হেতালি খেলিছিল তাই। মানুহৰ জীৱনটোক লৈও মানুহে হেতালি খেলে। মোৰ সহজ-সৰল ল’ৰাটো কিদৰে জীয়াই থাকিব তাই এই কথা এবাৰো নাভাবিলে। তাই নিজৰ স্বাৰ্থত মোৰ ল’ৰাটো ব্যৱহাৰ কৰি গুচি [ ৭১ ] গ'ল।”

 অলংকৃতাই মনে মনে শুনি গৈছিল বুঢ়ীৰ কথাবোৰ, “এদিন ৰাতি শুই থকাৰ মাজতে সাৰ পালোঁ, দেখিলো সি ভৰি চুইছে, উঠি বহাৰ লগে লগে ‘মা মই ওলালোঁ’ বুলি কৈ জাঁপ মাৰি গেটখন পাৰ হৈ গ’ল। মই তৰ্কিবই নোৱাৰিলোঁ। গেটৰ পৰাই দেখিলোঁ, সিমূৰৰ ৰেললাইনটোৰ ফালে সি গৈ আছে। দেউতাকক চিঞৰিলোঁ, ডাঙৰ ল’ৰাটোক চিঞৰিলোঁ, নাই ক’ত পাবি আৰু। পিছতহে খবৰ পালোঁ, সি সংগঠনত যোগ দিছে”।

 “তাৰ পিছত এবাৰো অহা নাই সি? এবাৰো খবৰ দিয়া নাইনে আপোনাক?”

 “আহিছিল এবাৰ। তোৰ খুড়াৱৰ ঢুকুৱাৰ পিছত আহিছিল। সিদিনাও মই অকলে আছিলোঁ। খুড়াৰৰ কাজকৰ্ম হৈ যোৱাৰ পাছত ঘৰ নিজম পৰিছিল। সিদিনা সি আহিছিল। তোৰ নিচিনাকৈয়ে আহিছিল। ৰাতিটো জুই পুৱাইছিল। মোৰ হাতৰ ভাতসাজ খাইছিল। শুবলৈ যাওঁ বুলি বিছনাত পৰিছিল। মোৰ কাষৰে পৰা কোন সময়ত সি নোহোৱা হৈ আকৌ জংঘল পালেগৈ মই ততকে নাপালোঁ।”।

 বহুত প্ৰশ্নৰ উত্তৰ তাই পালে, বহুত প্ৰশ্নৰ উত্তৰ নাপালে। কেঁচা ঘাঁ এডোখৰ খজুৱাই দিয়াৰ দৰে লাগিল তাইৰ। সংগঠনৰ নীতি আদৰ্শত সি সুখীনে, যিটো কাৰণত আজি পোন্ধৰ বছৰে সেই আদৰ্শৰ খাতিৰত মাকজনীৰ কাষলৈ ঢপলিয়াই নাহে সি? সিহঁতৰ আদৰ্শ কি? কি বিচাৰে সিহঁতে? মুক্ত ভূমি এডুখৰি নে আন কিবা? সাধাৰণ মানুহৰ মনৰ পৰা দেখোন সিহঁতৰ ভাল ছবিবোৰ নাইকিয়া হৈ গৈছে। সিহঁতৰ ভাল কামতকৈ দেখোন বেয়া কামবোৰহে সকলোৰে চকুৰ আগত জলজল পটপট হৈ আছে। তথাপি সিহঁতে নিজৰ জীৱন উছৰ্গা কৰি সেইটো জীৱনক আঁকোৱালি লৈছে। কিয়, তাই নাজানে। গভীৰ অৱসাদেৰে অনুভৱ কৰিলে, তাই নজনা কথা দেখোন বহুত আছে।

 ধ্ৰুৱমৰ কথা জানেনে এওঁ? পুত্ৰজ্বালাত ভূগি থকা খুড়ীয়েকক তাই ধ্ৰুৱমৰ কথা সুধিব নোৱাৰিলে। দীপকক লগ পাবলৈ মন গ'ল তাইৰ। ঘূৰি আহিব নোৱাৰেনে সি? নতুন এটা জীৱন আৰম্ভ কৰিব নোৱাৰেনে সি?

 আল্ট্ৰাছ, বিশাল, দীপক, ধ্ৰুৱম নামৰ বৃত্তবোৰত তাই সংগতিৰেখা আঁকিব বিচাৰি ভাগৰি পৰে। বাৰাংগনাৰ জুপুৰিৰ নায়িকাজনীৰ মনৰ অস্থিৰতা বাঢ়ে। সকলো সম্পৰ্কৰ উৰ্ধত কিছু সম্পৰ্ক গঢ়িবলৈ মন যায়। আল্ট্ৰাছৰ ওপৰত তীব্ৰ অভিমানে গা কৰি উঠে। অভিমানবোৰৰ বৰ অহংকাৰ। বৰ অহংকাৰ এই অভিমানবোৰৰ। এটা সহজ-সৰল জীৱন কটাব বিচৰা সাধাৰণ মহিলাগৰাকীৰ চকুত এতিয়া দীপকৰ দৰে বিপ্লৱীসকলৰ সংগ্ৰামবোৰ ভাঁহি আহিছে৷ এই সংগ্ৰামৰ বিষয়ে আগ্ৰহী হৈ উঠিছে তাই। আগ্ৰহী হৈ উঠিছে বিপ্লৱীসকলৰ বিষয়ে। বিপ্লৱীসকলৰ পৰিয়ালৰ ওচৰত তাই যেন দায়বদ্ধ হৈ উঠিছে। দীপকৰ মাকৰ ওচৰত যেন নিজৰ মনৰ ভিতৰতে প্ৰতিশ্ৰুতিবদ্ধ হৈ উঠিছে। জীৱনটোৱে কেঁকুৰি সলাবলৈ নতুন গতি লৈছে।

 এৰা।

 কেতিয়াবা জীৱনটো কবিতাৰ দুশাৰীত সামৰি থ'ব পাৰি, কেতিয়াবা গল্পৰে বৰ্ণনা কৰিব লগা হয়। নিৰৱে আল্ট্ৰাছলৈ ক্ষোভ এটা এৰিলে,

 “আন্ট্ৰাছ তোমাৰ ওচৰলৈ গৈছিলোঁ এটা কবিতা বিচাৰি, উপন্যাস এখন ধৰাই দিলা হাতত...

 অসমাপ্ত, আধৰুৱা। শেষ হৈও শেষ নোহোৱা..."

 পুৱতি নিশাতে দীপকৰ ঘৰ এৰা গাড়ীখন ফেৰীঘাটত লাগিলহি । ব্ৰহ্মপুত্ৰৰ ওপৰৰ নীলিম সলিলৰাশিলৈ চকু দি তাই সংকল্প ল’লে, নৈখনৰ দৰেই বিশাল, স্বচ্ছ আৰু চিৰপ্ৰবাহমান হৈ উঠিব তাই। বাৰাংগনাৰ এলাগী অনুভৱবোৰ পানীৰঙেৰে ধুই নিকা কৰিব অলংকৃতাই।

 পানী ফালি ফালি ফেৰীখনে তাইক পুনৰ দুখৰ চহৰলৈ লৈ গ’ল, যি চহৰত আল্ট্বাছৰ প্ৰতি তাইৰ গভীৰ প্ৰেমে পোখা মেলি ডালে পাতে সেউজীয়া সানি লৈ এতিয়া সৰাপাতৰ দৰে খৰমৰাই ৰৈছে।

++

(সোতৰ)

 পানী ফালি ফালি লাহে লাহে ফেৰীখনে তাইক দুখৰ চহৰলৈ কঢ়িয়াই নিছিল। ব্ৰহ্মপুত্ৰৰ নীলিম [ ৭২ ] সলিলৰাশিত বেলিটো উঠি বহিছিল মাত্ৰ। পুহমহীয়া চেঁচা বতাহজাকে বেলিটো উমাব পৰা নাই। অলংকৃতাই স্কাৰ্ফখন মেৰিয়াই ল’লে। টিকটিকীয়া ৰঙা স্কাৰ্ফখন মেৰিয়াই ল’লৈ তাইক বৰ উজ্জ্বল দেখায়। এই অচিনাকি মানুহবোৰৰ ওচৰত তাই বৰ স্বস্তি অনুভৱ কৰে। অচিনাকি মানুহবোৰে তাইলৈ ভ্ৰুকুটিৰ দৃষ্টি নিক্ষেপ নকৰে, তাইলৈ সন্দেহৰ আঙুলি টোঁৱাই কথা নকয়, তাইৰ বুকুত বলি থকা বিষাদৰ হিমশীতল বতাহজাকৰ উমান নাপায়।অচিনাকিৰ ভিৰবোৰত তাইৰ সেয়ে হেৰাই যোৱাৰ উন্মাদনা জাগে। এই হেৰাই যোৱাৰ বলয়ৰেখাতে বান্ধি লয় নোপোৱাৰ বেদনাবোৰ। বেদনাৰো যে কি এক শক্তি। বাৰে বাৰে তাইক তুলি ধৰি আগলৈ বাট দেখুৱাই লৈ যায়।

 তাইৰ মনটো সঁচাকৈয়ে বিষাদভৰা। ইমানদিন তাই নিজৰ চিন্তা কৰি আহিছিল। তাইৰ সৰু পৃথিৱীখনত নিজৰ চাৰিজনীয়া সংসাৰখনৰ বাদে আন কোনো চিন্তাই নাছিল। এতিয়া বাহিৰৰ পৃথিৱীখনত ভৰি থৈ দেখিছে তাইতকৈ হাজাৰ দুখতো মানুহবোৰ জী আছে। এই কথাবোৰে তাইক জী উঠাৰ প্ৰেৰণা দিলেও কাৰো বাবে একো কৰিব নোৱাৰা দুখ এটাই তাইক ভিতৰি ভিতৰি অস্থিৰ কৰি তুলিছে।

 ব্ৰহ্মপুত্ৰৰ অচিন ঘাটত মেলি দিছে তাইৰ আলসুৱা কলিজা ব্ৰহ্মপুত্ৰৰ শীতল পানীত কলিজাটো পখালি পখালি ধুই লৈছে। ক্ষত-বিক্ষত কলিজাৰ পৰা কেচেমা-কেচেম গোন্ধবোৰ আঁতৰি যাওক বুলি তাই কলিজাখন ৰ’দাইছে। নাই, অস্থিৰতা নকমে, নকমে মাতলামি। ভটিয়নি সৌতৰ স’তে কলিজাখন উটি যাব খুজিও তাইক খামুচি ধৰে। এই অস্থিৰ কলিজাখনে তাইক নেৰে। কষ্ট পাবলৈকে কলিজাখন জাপি কুচি তাই ভৰাই লৰ। ঘড়ীটোলৈ চালে তাই। ন বাজি পাৰ হৈ গৈছে। সময়ত অফিচ পাবগৈনে তাই? আগতে কামত অত্যন্ত শৃংখলাবদ্ধতাৰ পৰিচয় দিয়া তাইৰ আজিকালি সময়বোধৰ হিচাপ নোহোৱা হৈছে। মনৰ তাড়নাত চলা এজনী অবাধ্য কিশোৰীৰ দৰে হৈ পৰিছে তাই! তাই জানে, তাই জানে, এয়া ভাললৈ হোৱা নাই। কিন্তু কি কৰে? কি কৰে তাই? জীৱনৰ সুদীৰ্ঘ পয়ত্ৰিশটা বসন্ত গৰকাৰ পাছতহে তাই বুজি উঠিছে নিয়মমাফিক জীৱনটোৱে আমুৱাই তুলিছে তাইক। আৰু যেতিয়া গম পাইছে, তেতিয়া তাইৰ আঁচলত ধৰি দুটি এমাডিমা শিশুৱে জীৱনৰ খোজ লোৱাৰ প্ৰশিক্ষণত ৰত হৈ উঠিছে।

 চোকা ক্ষুৰৰ দৰেই ধাৰাল এই সময়। এচিকুটমান হেৰফেৰতে চাৰিটি জীৱন অনিয়ন্ত্ৰিত হৈ উঠিব পাৰে। তাই জানে, মুখেৰে যিমান নক’লেও আল্ট্ৰাছে তাইৰ নতুন আচৰণবোৰ ভাল পোৱা নাই। কি কৰেনো তাই? একাকীত্বৰ সাগৰত সাঁতুৰি তায়ো যে ভাগৰি পৰিছে। সয়ে সময় পালেই তাই মুক্ত বিহংগৰ দৰে উৰিছে, চাতক চৰাইৰ দৰে এটুপি পানীৰ বাবে আকাশলৈ চাই ৰৈছে। তাৰ পাছত ক্লান্ত হৈ নীড়মুখী পখীৰ দৰে তাই আল্ট্ৰাছৰ জুপুৰিলৈ উভতিছে।

 তাৰ মাজতে দিনটোৰ বাবে তাই অফিচৰ টেবুলখনত বন্দী হৈ ৰ’ল। বিশালৰ লগত কথা পাতিবলৈ মন আছিল। অফিচৰ ব্যস্ত পৰিৱেশটোত তাই সেই সুযোগ নাপালে। অন্যায়, অনিয়মবোৰৰ লগতে দিনটো যুঁজি থাকিব লগা হয়, নিজৰ বুলিবলৈ অকণমানো সময় নাথাকে সেই পৰিবেশটোত। ঘৰত সোমোৱাৰ লগে লগেই ল’ৰাহঁতৰ আৱদাৰ, অভিযোগ। অফিচ আৰু ঘৰৰ বাহিৰৰ পৃথিৱীখনৰ বাবেও তাইক কিছু সময়ৰ দৰকাৰ।

 যদিওবা দুদিনৰ বিৰতিত তাই গৃহচহৰলৈ উভতিছিল, দিনটোৰ কৰ্মব্যস্ততাৰ পাছত সম্তানদ্বয়ৰ কোমল মুখ দুখনিয়ে বৰকৈ আমনি কৰিছিল, তথাপি তাই ঘৰৰ ৰাস্তাৰ বিপৰীতে মথাউৰিলৈ গাড়ী পোনালে। মথাউৰিৰ পৰা তাই বিশাললৈ ফোন লগালে। খুব বেছি এটা ৰিং বাজিছিলহে মাথোঁ, বিশালে তাইৰ ফোনটো ৰিচিভ কৰিলে।

 “এই কৃতা! কি খবৰ?”, বিশালে দুদিনৰ মূৰত তাইৰ মাতটো শুনি উৎসাহী হৈ উঠিল। তাৰ উৎসাহৰ বিপৰীতে কৃতা নামটো শুনি কুমজেলেকুৱাৰ দৰে কোঁচ খাই আহিল তাই। তাক সেই অধিকাৰ দিয়া হোৱা নাই। সেই কথা সি জানেই দেখোন! অথচ কিয় বাৰে বাৰে সি তাইৰ বুকুৰ বৰঘৰত টোকৰ মাৰিবলৈ আহে? চিঞৰি চিঞৰি কৈ দিবলৈ মন গ’ল তাইৰ,

 “নাঃ নাঃ, কৃতা বুলি নামাতিবি মোক৷ সেই নামটোক মই কবৰ দিছোঁ। কত দিন ধৰি আল্ট্ৰাছে সেই নামেৰে মোক মতা নাই। কত যুগ হৈ গ’ল, কৃতা বুলি ধ্ৰুৱমৰ মাতষাৰি মই শুনা নাই। ভালপোৱাৰ অধিকাৰেৰে নামাতিবি মোক। ভাললগাবোৰ বৰ ক্ষন্তেকীয়া বিশাল।”

 নক’লে তাই। মাথোঁ মনতে কথাবোৰ বিৰবিৰাই বিৰবিৰাই তাই হুমুনিয়াহ এটা এৰিলে। তাৰ পিছত [ ৭৩ ] স্বভাৱসুলভ গান্ভীৰ্যৰে ক’লে,

 “বিশাল, কাৰণ এটাত ফোন কৰিলোঁ আপোনালৈ”।

 বিশালৰ উৎসাহ দমি যায়। এই নাৰীৰ অতি বাস্তৱিক আচৰণত সি আহত হয়। কি হ’লহেঁতেন যদি এবাৰৰ বাবে তাৰ ভালপোৱাক তাই স্বীকাৰ কৰি ল’লেহেঁতেন। তাইৰ চকুহালেৰে বৈ থকা অদেখা নদীখনত সপোন সিঁচিবলৈ বৰ মন তাৰ। কিন্তু তাই সেই আকুলতাক অগ্ৰাহ্য কৰে। তাই নুবুজে, কিদৰে তাৰ বুকুখনত অৰণ্যৰ সুৰ ৰচি জিৰজিৰকৈ বৈ থাকে তাই। অচঞ্চল গতিৰে, নীৰৱ কবিতা এটিৰে বৈ থকা অনুৰণনটোক ভিতৰতে সামৰি ভৃত্যৰ দৰে সি প্ৰশ্ন কৰে,

 “কওক মেডাম।”

 “দীপক ক’ত আছে জানে নেকি আপুনি? বৰকৈ দৰকাৰ হৈছিল তাক”, তাই লাহে লাহে অথচ গভীৰতা টানি শব্দকেইটা কৈ যায়।

 সি জাঁপ মাৰি উঠে। দীপক মানে? দীপক মানে তাক মুক্ত পৃথিৱীখনলৈ উৰিবলৈ পিঞ্জৰাৰ দুৱাৰ খুলি দিয়া সেই ল’ৰাজনেইনে? ইমানদিনৰ মূৰত কিয় দৰকাৰ হ’ল অলংকৃতাৰ? কিয় লগ পাবলৈ বিচাৰিছে তাই তাক? অতদিন সান্নিধ্যৰে সি অলংকৃতাক বুজি উঠিছে। এবাৰ যদি তাইৰ মগজুত কিবা কথাই আমনি কৰে, সেইটো নকৰালৈকে তাই নেৰে। দীপকক লগ কৰিবলৈ মন গ’ল মানে তাই বহুত হিচাপ নিকাচ কৰি লৈছে নিশ্চয়।

 কিন্তু কেনেকৈ? কেনেকৈ এয়া সম্ভৱ! দীপক আছে কোনোবা সীমান্তত, য’ত বিদ্যুতচুম্বকীয় ৰশ্মিৰো প্ৰৱেশ নিষেধ, সেই সীমান্তৰ পৰা দীপকৰ খবৰ অনা ইমান সহজনে? সি নিজেও নাজানে, দীপকহঁতৰ দলটো এতিয়া ক’ত আছেগৈ। মাজতে বাহিৰৰ সংগঠন এটাৰ সৈতে সিহঁতে গেৰিলা প্ৰশিক্ষণ লৈছিল বুলি জানিছিল সি৷ সেই প্ৰশিক্ষণটো ভাৰতত হোৱা নাছিল, বৰং আফগানিস্তান আৰু পাকিস্তানত অঞ্চল বিশেষত হৈছিল সেই কথা সি শুনিছিল। সি সিমানখিনিলৈকেহে জানে। তাৰ পাছত দীপকৰ খবৰ পোৱা নাই।

 খবৰ যেনিবা আনিলেই, কিন্তু যোগাযোগ সম্ভৱনে? আন মানুহৰ কথা অলপ বেলেগ, তাইতো চৰকাৰৰ পক্ষৰ মানুহ। কোমল দলিচাত খোজ কঢ়া মানুহগৰাকীয়ে ঘন জংঘল ফালি ফালি বিপ্লৱৰ পৃথিৱী চাব? অলংকৃতাৰ পক্ষে এয়া অসম্ভৱ। কোনোপধ্যেই সম্ভৱ নহয়। কিন্তু এই কথাটোকে অঁকৰামৈত উঠা এই মানুহজনীক বুজায় কিদৰে?

 “বিশাল। কিবা এটা কৈছিলোঁ আপোনাক। দীপকৰ সন্ধান লাগে মোক। আৰু সেইটো কেৱল আপোনাৰ দ্বাৰাহে সম্ভৱ”।

 ‘সহজ নহয়। ইমান সহজ নহয়। সেই কথাটোকে সি মুখ ফুটাই ক’ব পৰা নাই। অলংকৃতাৰ ভৃত্য হ’ব বিচৰা পথটিত সি কোনোদিনে অলংকৃতাক ‘না’ বুলি কৈ পোৱা নাই। কিন্তু এয়া যে নোহোৱা নোপোজা কথা। ঘপহকৈ কিবা কৈ কিবা পৰাকৈ তাৰ মনলৈ একো নাহিল। বৰঞ্চ অলংকৃতালৈ অবুজ মৰম এটা উথলি উঠিল তাৰ। তাই কিবা এক অস্থিৰতাত আছে, সেই অস্থিৰতা কমোৱাৰ দৰকাৰ, সি এতিয়া তেনেকৈয়ে ভাবিলে।

 মঙদৈলৈ ট্ৰেন্সফাৰ হোৱাৰ পাচত সি নিয়মীয়াকৈ অলংকৃতাক লগ নোপোৱা হ’ল। তথাপি তাইৰ স’তে নিয়মিতভাৱে হোৱা ফোনৰ কথা-বতৰাবোৰত সি তাইৰ আচৰণৰ উজ্জ্বলতা দেখা পায়। অনুভৱ কৰে সি, যিমানেই দিন গৈছে, জুয়ে পোৰা সোণৰ দৰে এই আচৰণ উজ্জ্বল হৈ পৰিছে। খলা-বমা ৰাস্তাবোৰতো তাইৰ আত্মবিশ্বাস প্ৰৱলতা ধৰা পৰে। আৰু তেতিয়াই তাইৰ প্ৰতি তাৰ ভালপোৱা দুগুণ হৈ পৰে। ভালপোৱাবোৰে আমনি কৰিলেই সি নিজৰ কোঠাত বটলৰ ঢাকোন খুলি বহে। মেজিষ্ট্ৰেট কলনিৰ এটা কোঠা মাতাল হৈ পৰে। ৰঙীন পানীয়ত পেগ ঢালি সি কথাবোৰ বিশ্লেষণ কৰে। পাপ নেকি এয়া? পৰস্ত্ৰী এগৰাকীৰ প্ৰতি আকৃষ্ট হৈ পৰাটো পাপ নেকি?

 ৰঙীন পানীয়ৰ বুৰবুৰণিবোৰে তাক পাপবোধৰ পৰা মুক্ত কৰি আনে। ভগৱানক ভাল পোৱাতো পাপ নেকি? তাৰ বাবে প্ৰেমেই ভগৱান তাৰ বাবে তায়েই পূজ্য দেৱী। মুখখন মোহাৰি লয় সি। কোনোবা চুফী গায়কৰ দৰেই সি নিজক কৈ উঠে, “মই যি প্ৰেম শিলত খোদিত কৰিলোঁ, সেই শিল ভগৱান হৈ গ’ল। সেই প্ৰেম মোৰ হাতত নাই আৰু এতিয়া৷”

 এৰা। সেই অনুভৱ এতিয়া তুৰীয় স্থানলৈ গতি কৰিছে। অলংকৃতাৰ অজ্ঞাতে তাৰ প্ৰেম অসীমলৈ গতি [ ৭৪ ] কৰিছে। কিন্তু সি সেই কথাৰ উমান নিদিয়ে তাইক। থাকক। সেই কথা তাৰ অন্তৰতে থাকক। সেই কথাৰে সি দেনা-পাওনাৰ অংক নকৰে।

 মাজে মাজে আল্ট্ৰাছক লগ পায় সি। আল্ট্ৰাছৰ দাম্ভিক আচৰণৰ বিপৰীতে অলংকৃতাৰ সদায়েই এক পৰিমিত আচৰণ৷ কোমল মুখখনত সদায়েই জোনাকৰ স্নিগ্ধতা সানি লোৱা সত্তাটো আজি কিন্তু অস্থিৰ। ঠিক যেন জোৱাৰ ভাটাৰ দৰে। পূৰ্ণিমাৰ জোনবাইজনীৰ দৰে উজলি উঠাৰ পাছত যেন কিবা এক অজান শক্তিয়ে তাইৰ মন সমুদ্ৰত উখল-মাখলৰ সৃষ্টি কৰি লৈছে। বিশালে অনুভৱ কৰিছে যদিও এই জোৱাৰ ভাটাৰ সৃষ্টিকাৰী শক্তিটোৰ উৎস সি বুজা নাই। বৰঞ্চ সি হাঁহি উঠে লাহেকৈ,

 “কি হৈছে মেডাম, ইমানদিনৰ মূৰত দীপকলৈ মনত পৰিল। সেইদিনা দেখোন দীপকৰ নামটোকে আপুনি মনত পেলাব পৰা নাছিল।

 “নহয় নহয় বিশাল। কথা আছে। দীপকৰ ঘৰলৈ গৈছিলোঁ মই। তাক ওভোটাই আনিম মই দীপকৰ মাকক কথা দি আহিছোঁ!”

 সৰু ছোৱালীৰ দৰে জেদ ধৰে তাই। অথচ বিপ্লৱী এজনক ওভতাই অনাটো ইমান সৰু কথাও নহয়, নুবুজেনে তাই? বুজে, এই জেদৰ দাম কি সেয়া নিশ্চয়কৈ জানে তাই। তথাপি নিজৰ মনটোক এই প্ৰতিশ্ৰুতি দি তাই আশ্বস্ত হয়।

 “মেডাম বুজিবলৈ চেষ্টা কৰক। সেয়া একেবাৰেই নিৰাপদ কথা নহয়। নিষিদ্ধঘোষিত সংগঠন এটাৰ সৈতে সম্পৰ্ক ৰাখিবলৈ হ’লে আপুনি পুলিচ বিভাগক জনাব লাগিব। পুলিচক জনালে সংগঠনৰ ফালৰ পৰা আপোনাৰ জীৱনলৈ ভাবুকি আহিব। কোনেও বুজি নাপাব আপোনাৰ মটিভ কি। আপোনাৰ সৰু ল’ৰা দুটাৰ কথা চিন্তা কৰি এই কথাটো মগজুৰ পৰা উলিয়াই দিয়ক, প্লিজ৷”

 ফোনটো কাটি দিয়ে তাই। খং উঠে তাইৰ। বিশালে আকৌ ফোন কৰে। তাই এইবাৰ ফোনৰ চুইচটো অফ কৰি দিয়ে। হাত-ভৰি বন্ধা তাইৰ। যিমান মন গ’লেও কিছুমান কাম কৰিব নোৱাৰাকৈ হাত-ভৰি বন্ধা তাইৰ। পৃথিৱীখননো কিমান ডাঙৰ? আশী দিনত পৃথিৱী ভ্ৰমণ কৰিছিল ফিলিচ ফগে।৷ স্কুলৰ দ্ৰুতপাঠ হিচাপে জুল ভাৰ্ণৰ “Araound the world in eighty days” খন পঢ়িছিল তাই। পঢ়িছিল তাই, কিদৰে ফগে পৃথিৱীৰ মূল কেন্দ্ৰসমূহত ভৰি থৈছিল। আশীদিনৰ আগতেই সি কিদৰে পেৰিছ, মুম্বাই, কলকাতা, হংকং, চিংগাপুৰ, নিউয়ৰ্কত ঘুৰি ফুৰিছিল।

 আৰু তাই? মন থাকিলেও এখোজো আগবাঢ়িব নোৱাৰে। ভৌগোলিক সীমা পাৰ হ’ব পৰাকৈ সবল নহয় তাই৷

 ভাৰাক্ৰান্ত মন এটা লৈ অলংকৃতা ঘৰলৈ উভটিল। দিনটো কিবা বৃথা গ’ল যেন লাগলি তাইৰ। কোৰ্টত মুখ্য ন্যায়াধীশেও তাইৰ সঘন অনুপস্থিতিকলৈ প্ৰশ্ন তুলিছে। কতোৱেই যে মন নবহে তাইৰ, সেয়ে তাই অৰঙে দৰঙে ঘূৰি ফুৰে। এই কথাটোকে কাকো ক’ব নোৱাৰে। বৰঞ্চ নিজৰ স’তে অবিৰাম যুদ্ধ কৰি যায় তাই, মনটোক বুজায়, “তলা লগা অলংকৃত। তোৰ উৰণীয়া মন-পখীৰ সঁজাত তলা লগাই থ”। ঘৰতো কণমানি দুটাৰ মোহেহে তাইক বান্ধি ৰাখে।

 ঘৰ নে বাৰাংগনাৰ জুপুৰি?

 ওঁঠেৰে নিস্তেজ হাঁহি এটি পাৰ হৈ যায় তাইৰ। বাৰাংগনাজনী প্ৰায়ে ভাগৰুৱা হৈ পৰে। দিনে ৰাতিয়ে জীৱনটোৱে তাইক লুটিয়াই বগৰাই চায়। পৃথিৱীৰ ওচৰত নিজকে নগ্ন কৰিও তাই নিজৰ দাম নাপায়।

 গাড়ীৰ পৰা নামি ওপৰলৈ চাই পঠিয়ালে। কণমানি দুটিয়ে গেট খোলাৰ শব্দ পোৱাৰ লগে লগে “মা আহিল, মা আহিল” বুলি দৌৰি আহিল। সৰুটোৱে এখোপ আগবাঢ়ি কেঁকোজেঁকোকৈ তাইৰ বেগটো ডাঙি ল’লে।

 “মা মোলৈ কি আনিছা?”, সৰুটোৱে বেগ খুঁচৰিলে।

 একোৱেই অনা নাই। কথাটো মনলৈকে নাহিল। কিয় নাহিল? চহৰৰ বাহিৰলৈ গ’লে আল্ট্ৰাছে দুয়োটালৈ কিবাকিবি লৈ আহে। তাই বজাৰ কৰিবলৈ সময়কে মিলাব নোৱাৰিলে৷ শেষ সময়লৈকে চুহি চুহি সময়বোৰ পান [ ৭৫ ] কৰিলে। এবাৰলৈকো মনলৈ নাহিল যে ল’ৰা দুটিলৈ কিবা এটি আনিব লাগিছিল। বেয়া হৈছে কথাবোৰ। তাই আত্মকেন্দ্ৰিক হৈ পৰিছে। ককায়েকে আপত্তি কৰে, “তই আজিকালি খবৰ নলৱ”।

 ননদজনীয়ে আপত্তি কৰে, “বৌ সলনি হৈছা”।

 অতজনৰ অত ওজৰ, অত অভিযোগৰ পাছতোে তাই নিৰুত্তৰ হৈ ৰয়। কিছু প্ৰশ্নৰ কোনো উত্তৰ নাথাকে৷ তাইৰ নিজৰে ওচৰত নিজৰ খবৰ নাথাকে। কোনো এক শক্তিয়ে তাইক টানি লৈ গৈ আছে। লগৰকেইজনীক লগ পাই তাই খিলখিলাই হাঁহি পাৰ কৰি আহিল এখিনি অকৃত্ৰিম সময়। অতীতটোত বুৰ গৈ বৰ্তমানটো যাপন কৰিবলৈ শিকিছে। নহ’লে বৰ্তমানবোৰ তাইৰ বাবে নিংসংগতাৰ বাকৰি হৈ পৰিছে। শূন্যতাৰ পিয়লাত চুমুক দি তাই প্ৰায়ে সেই বাকৰিত অকলে বহি ৰয়। সেই অকলশৰীয়া মুহূৰ্তবোৰৰ পাল্লাত পৰি তাই সন্তানৰ কথাও পাহৰি গৈছে। বেয়া হৈছে। এয়া চূড়ান্ত অমনোযোগিতাৰ ফল। দুয়োটালৈ মৰম লাগি গ'ল তাইৰ। সিহঁতৰ কণমানি আঙুলি দুটাত ধৰি লৈ তাই ওচৰৰ বজাৰখনলৈ ওলাই গ’ল। আল্ট্ৰাছক লগ ধৰিছিল। আল্ট্ৰাছ নগ’ল। আগৰ দৰে হাঁহি হাঁহি হাতত ধৰি বজাৰলৈ যাব পৰাকৈ সিহঁতৰ সম্পৰ্কটো সহজ হৈ থকা নাই। দুয়োৰে সম্পৰ্কৰ মাজত নিযুত মাইলৰ ব্যৱধান আহি পৰিছে।

 “মা মা। আজি বাহিৰতে খাই যাম হ’বনে?”, সৰুটোৱে আৱদাৰ কৰিলে।

 “আমি বাহিৰত খালে পাপাৰ কি হ’ব?”, ডাঙৰটিয়ে দেউতাকৰ কাৰণে বৰকৈ চিন্তা কৰে।

 “পাপাক মাতি দিয়া মা”, সৰুটিৰ ওঁঠত পৰামৰ্শবোৰ লাগিয়ে থাকে।

 তাই ফোনটো উলিয়াই আল্ট্ৰাছক পুনৰবাৰ অনুৰোধ কৰিলে। সন্তানে পিতৃ-মাতৃ দুয়োকে একেলগে বিচাৰে। এই সূত্ৰটোৰ আঁচলত ধৰিয়েই তাই এতিয়াও এই জুপুৰিৰ নায়িকা হৈ ৰৈছে। নহ’লেতো কোনোবাদিনাই জিপচীবোৰৰ দৰেই তাই বন্দৰে-কন্দৰে ঘূৰি ফুৰিলেহেঁতেন।

  আল্ট্ৰাছে এইবাৰো অসন্মতি প্ৰকাশ কৰে। তাই পুনৰ অনুৰোধ কৰে। কিছু আকুলভাৱেই তাই অনুৰোধ কৰে। কিছুসময়ৰ পাছত আল্ট্ৰাছ আহি ওলায়হি। ৰেষ্টুৰেন্টত বহি বহি আল্ট্ৰাছ চিৰিৰে ওপৰলৈ অহাৰ দৃশ্যটো তাই চাই ৰয়। পেশীবহুল আল্টাছ। উঠন বুকুৰ আল্ট্ৰাছ। দহজনী ছোৱালীয়ে ঘূৰি চোৱাকৈ সুন্দৰ চেহেৰাৰ অধিকাৰী আল্ট্ৰাছ। কিছুসময় তাৰ চকুলৈ চাই ৰয় তাই। সকলো ত্যাগ কৰি এই মানুহজনৰ প্ৰেমত বলিয়া হ'ব পাৰিবনে তাই? সকলো দ্বিধাবোধ আঁতৰাই মনেৰে গ্ৰহণ কৰিব পাৰিবনে তাই?

 উল্কিৰ গৰ্ভত থকা সম্তানটোৰ পৰিচয় সম্পৰ্কত কাৰো মনত খোকোজা থাকি নগ’ল। একমাত্ৰ তাইৰ বাদে। কিয় জানো আল্ট্ৰাছৰ প্ৰতি বিশ্বাসৰ চাকি এটি টিমিক ঢামাককৈ জ্বলি আছে এতিয়াওঙ্গ অলংকৃতাৰ বাদে যেন তেওঁ আন কাকে৷ চুই পোৱা নাই। মানুহে কৈ থকা কথাবোৰ সত্য নহয়, এই বিশ্বাসটোৰে তাই ঘৰখনৰ চাৰিকোণত মন্ত্ৰ মাৰি যায়। প্ৰেমৰ হেনো মূলমন্ত্ৰ বিশ্বাস। এই বিশ্বাসক সাৰোগত কৰি আজিও তাই নিজকে সঁপি দিয়ে আল্ট্ৰাছৰ ওচৰত।

 “জৈৱিক প্ৰয়োজন তোৰো আছে অলংকৃতা। বাহিৰত তই সেয়া বিচাৰিব নোৱাৰিবি, তেতিয়া সমাজে ব্যভিচাৰ নাম দিব। ঘৰৰ ভিতৰত তই নিৰাপদ। স্বীকৃত সম্পৰ্কত মনৰ প্ৰয়োজন নাথাকে। স্বীকৃত হ'লেই বাৰাংগনাৰ পাপ নাথাকে।”

 এই সকলোবোৰ জানিও তাই আৰু এটা কথা জানে যে, বাৰাংগনা প্ৰেমিকা হ’ব নোৱাৰে। তাই প্ৰেমিকা হ’ব নোৱাৰে। খোদ আল্ট্ৰাছে কৈছিল সেই কথা।

 দুবছৰমানৰ আগৰ কথা।

 সোণালী পালেঙত জোনাকী পৰশেৰে ৰূপালী সময়বোৰ উদ্‌যাপন কৰাৰ ক্ষণত বিভোৰ হৈছিল দুয়ো। তাইৰ দীঘল চুলিকোছাৰ গত লাগিছিল মাথোঁ। কঁপি উঠা শৰীৰটোৰ গত লাগিবলৈকে বাকী আছিল। আদিম আমেজত তাইৰ চকু মুদ খাই আহে মানে ফোনটো বাজি উঠিছিল, সিমূৰত উচুপি উঠিছিল ভগ্নীস্বৰূপা অবি। কি হৈছিল অবিৰ? সেই ৰাতি বাৰবজাত উচুপি উঠিবলৈ কি হৈছিল অবিৰ? উচুপনি সামৰি অবিয়ে কৈছিল তাইৰ তেৰবছৰীয়া ছাত্ৰী এগৰাকী প্ৰসৱবেদনাত ছটফটাই থকাৰ কথা। ভাবিবলৈ সময় নাছিল তাইৰ। স্কুলৰ চাকৰিসূত্ৰে অবি নিজেই অকলে ভাৰাঘৰত বাস কৰে৷ তেনেস্থলত সেই মানৱ-দৰদী কোমল বয়সীয়া ছোৱালীজনীৰ অসহায়ত্ব তাই বুজি উঠিছিল। তেতিয়াও তাইৰ উদং পিঠিত মূৰ গুজি নিবিড় মুহূৰ্ত এটিৰ অপেক্ষাত আছিল [ ৭৬ ] আল্ট্ৰাছ৷ তাই আল্ট্ৰাছৰ চকুলৈ চাইছিল। আল্ট্ৰাছ কৈছিল,

 “ৰাতি বাৰ বাজিল। ফোন অফ কৰি দিয়া।”

 “নহয় আল্ট্ৰাছ, মই যাব লাগিব। অবিৰ ওচৰলৈ মই যাব লাগিব”।

 কঁকালৰ পৰা আল্ট্ৰাছৰ হাতখন এৰুৱাই তাই শাৰীখন মেৰিয়াই লৈ গাড়ীৰ ষ্টিয়েৰিঙত হাত দিছিল। আল্ট্ৰাছৰ মুখখন গোমোঠা হৈ পৰিছিল। বিদ্ৰূপৰ হাঁহি এটিৰে চিগাৰেট এটা জ্বলাই লৈ তেওঁ তাইক কৈ পেলাইছিল,

 “তুমি কোনোদিনেই প্ৰেম কৰিবলৈ নিশিকিলা।”

 আল্ট্ৰাছৰ কথাষাৰি উপেক্ষা কৰি গাড়ীখন লৈ তাই গেটৰ বাহিৰ ওলাইছিল। অবিৰ সৈতে লগ লাগি সেই নাবালিকা মাতৃগৰাকীক তাই পাপৰি আৰু তাইৰ স্বাস্থ্যদলৰ হাতত চমজাই দি তাই ঘৰ পাইছিল মানে বেলিৰ পোহৰ ওলাইছিল। বিশৃংখলতাৰ আঁতবোৰ সামৰি আত্মকথনত ব্যস্ত হওঁতেই মনত পৰিছিল আল্ট্ৰাছৰ কথাযাৰি,

 “তুমি কোনোদিনেই প্ৰেম কৰিবলৈ নিশিকিলা।”

 এইবাৰ আহত হ’ল তাই। কিয় ক’লে তেনেদৰে? আল্ট্ৰাছে কিয় তেনেদৰে ক’লে? উচিত সমযত নোপোৱাগৈ হ’লে সেই যে ছোৱালীজনী মৃত্যুমুখত পৰিলেহঁতৈন, সেই কথা কিয় আল্ট্ৰাছে বুজি নাপালে? কোনখনক উচ্চাসনত স্থান দিয়া যায়। প্ৰেম নে মানৱতাক?

 প্ৰেমৰ বাবে মানৱতা ত্যাগ কৰা যায় নে? নে মানৱতাৰ বাবে প্ৰেম ত্যাগ কৰা যায়।

 সেই একেই মানৱীয় দৃষ্টিভংগীৰে তাই দীপকক সহায় কৰিবলৈ ওলাইছে। বিশালক সেই কথাকে ক'ব বিচাৰিছিল। বিশালে নুবুজিলে। বিশাললৈ অভিমান জাগিল তাইৰ। পুনৰবাৰ কোনোবাহীনতাত ছটফটাই ৰ’ল তাই। এখনি সহায়ৰ হাত, তাইৰ খোজৰ আগে আগে এটি সৰু খোজ- ইয়াতকৈ আন একোৱেই বিচৰা নাই তাইজীৱনৰ পৰা। সৰুৰেপৰা আনৰ কান্ধত ভেজ| দি ডাঙৰ হোৱা ছোৱালী তাই। পৰনিৰ্ভৰশীল স্বভাৱ এটা গঢ় লৈ উঠিল। অকলে থাকিবলৈ সাহস গোটালেও বিশেষজনৰ সান্নিধ্য বিচাৰি ধৰফৰাই মৰে তাই।

 “নহ’ব অলংকৃতা। নহ’ব। অকলেই জী উঠিবলৈ শিক। এই বৈতৰণী পাৰ কৰি চা, দেখিবি পানীত পৰি ককবকাই থকা হাজাৰটা আঙুলিয়ে তোৰ আঙুলিত ধৰি পাৰত উঠিবলৈ বিচাৰি আছে।”

 আনৰ সহায় হ’ব তাই। দীপকৰ মাকৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ তাই। দীপকৰ স’তে এবাৰ কথা হ’ব তাই।

 মনটো ফৰকাল কৰি বিছন|খনৱৈ খোজ লওতেই ফোনটোত টুংকৈ মেচেজটোনটো৷ বাজি উঠিল, চালে তাই, বিশালৰ মেচেজ,

 “চ’ৰী।”

++

(ওঠৰ)

 আল্ট্ৰাছৰ পুৱা খুব সোনকালে শুই উঠাৰ অভ্যাস। উঠিয়েই গৰম পানী দুগিলাচ খাই বাগানৰ গলিটোত খোজ কাঢ়ি অহাৰ অভ্যাস। কেতিয়াবা বাহিৰলৈ নগ’লে ঘৰৰ ভিতৰতে ফ্ৰী হেণ্ড এক্সৰচাইজবোৰ কৰাৰ অভ্যাস।

 বিছনাতে মনত পৰিল তাইৰ, আজি সিহঁতৰ বিবাহ-বাৰ্ষিকী। সামাজিকভাৱে সিহঁতৰ বিয়া নহলেও আজিৰ দিনটোত তাই আৰু আল্ট্ৰাছে বিবাহৰ চুক্তিত চহী কৰিছিল, সেয়ে এই তাৰিখটোকে তাই বিবাহ বাৰ্ষিকীৰ নাম দিয়ে।

 আগতে বিবাহ বুলিলে তাইৰ মনত পৰিছিল, কইনাৰ মূৰত তেল দিয়া,ৰঙানদীখনলৈ পানী তুলিবলৈ যোৱা, মাহ-হালধীৰে নুওৱা-ধুওৱা, জাউৰি-জাউৰিয়ে বিয়া নাম, উৰুলি ইত্যাদি ইত্যাদি৷ এই হেঁপাহ-উদ্দীপনাৰ বিপৰীতে তাইৰ বিয়া সম্পন্ন হৈছিল এখন কাগজত। সিদিনাও তাইৰ মূৰত থবলৈ এখন হাত নাছিল। কন্যাদানৰ প্ৰসংগই নাছিল। তথাপি সেই তাৰিখটোকে বুকুত বান্ধি বিয়াৰ দিনবোৰৰ সুখ গণে তাই। আজিও সেই একেই অনুভুতিয়ে তাইক চুই গ’ল। পুহমাহৰ নিহালী এৰি অলংকৃতাৰ কাষৰ পৰা উঠি অহা আল্ট্ৰাছলৈ মৰম উথলি উঠে তাইৰ। পুৱতি ৰ’দকণৰ দৰেই সতেজ হৈ উঠে তাইৰ অনুভূতিবোৰ। দুখৰ দিনৰ কথাবোৰ কুঁৱলীয়ে ঢকা পথাৰখনৰ নৰানিৰ মাজত লুকুৱাই তাই বিছনাৰ পৰা উঠি আহে। দুষ্টামি এটাই মনত ক্ৰিয়া কৰি যায়। সন্তপৰ্ণে [ ৭৭ ] আহি আল্ট্ৰাছক পিছফালৰ পৰা সাৱটি ধৰে। স্বভাৱগতভাৱেই আল্ট্ৰাছ বিৰক্ত হয়, হাতখন এৰুৱাই কৈ উঠে, “এই ৰ’বাচোন, আমনি নকৰিবা!”

 টুনীজাকৰ দৰেই দুষ্ট কথাবোৰ উৰি গুচি যায়। বুকুৰ ভিতৰত কেতেকীজনীয়ে বিননি তোলে, “কিহে পাইছিল তোক? কিহে পাইছিল তোক?”

 কেতেকীজনীক নিচুকায় কোনে, কোনে বুজায়, বৰ মৰম আকলুৱা অ’ তাই, সেই কথা কেনেকৈ কয় পৃথিৱীখনক? এচিকুট মৰমতে পমে তাই, এধানি মৰমতে গলে তাই।

 তলৰ ওঁঠখন কামুৰি তাই তললৈ নামি আহে। তাইৰ দোষ কোনখিনিত?

 কোনোদিনেই আল্ট্ৰাছৰ ভৰিত শিকলি বান্ধিবলৈ নিশিকিলে। আল্ট্ৰাছক বান্ধি ৰাখিব নোৱাৰাৰ দৰে তাই নিজৰ চকুপানীখিনিও বান্ধি ৰাখিব নোৱাৰিলে। ইমান দিনৰ মূৰত মুকলি মন এটা লৈ তাই আল্ট্ৰাছৰ কাষ চাপিছিল। আগৰ দৰেই এবাৰ তাইৰ গালখন চিকুটি দিয়ক বুলি আশা কৰিছিল। বৈ আহিব খোজা চকুপানীটোপাল আঙুলিটোৰে লাহেকৈ মচি দিলে তই। চকুপানীবোৰ সঁচাকৈয়ে অবাধ্য। ক্ষণ নগণে। অনাহূত অতিথিৰ দৰে পতাত বহি দুলি থাকে। আল্ট্ৰাছে বিবাহৰ দিন পাহৰিলে নে এই বিবাহক তেওঁ ডিঙিৰ হাড়মাল বুলি ভাবিবলৈ লৈছে, এই চিন্তাটোৰে বাঢ়ৈটোকাজনীৰ দৰে তাইৰ মনটো কুৰুকি থাকিল। কুৰুকি থকা মনটো লৈয়ে তাই কিটচেনত সোমাল। মাইক্ৰ’অভেনত গাখীৰ গৰম হ’বলৈ টাইমিং মিলাই ওটচ অকণ উলিয়াই ল’লে। আল্ট্ৰাছ স্বাস্থ্য সচেতন। তেলযুক্ত, চৰ্বীযুক্ত খাদ্যৰে দিনটোৰ আৰম্ভ নকৰে। তাই নিজেও খোৱা-লোৱাত খুব আগ্ৰহী নহয়। গতিকে আল্ট্ৰাছে যি খায় তাৰেই তাইৰো চলি যায়।

 হঠাতে সৰুটি দৌৰি আহি তাইৰ ওচৰ পালেহি,

 “মা মা, আজি আমাৰ ৰিজাল্ট দিব নহয়? পাহৰি গ'লা নেকি?”

 তাৰ কথাষাৰতহে মনত পৰিল, ঠিকেইতো ল'ৰা দুটাৰ স্কুলৰ পৰা অভিভাৱক সভাৰ চিঠি পঠিয়াইছিল। আজি অভিভাৱকৰ সভাখনতেই ল’ৰাহঁতৰ মূল্যায়নৰ খতিয়ান দাঙি ধৰাৰ কথা। সেয়ে সৰুটিয়ে আহি তাইক কৈছেহি,

 “মা মা, আজি আমাৰ ৰিজাল্ট দিব নহয়? পাহৰি গ’লা নেকি?”

 বৰকৈ পাহৰে তাই। পাহৰিব বিচৰা কথাবোৰ মাথোঁ৷ নাপাহৰে। ল’ৰাহঁতৰ ভাল মাতৃ হ’ব পৰা নাই, এই ভাবটো অহাৰ লগে লগে তাইৰ মনটো গধুৰ হৈ পৰিল। মাকলৈ মনত পৰিল, তাইৰ মাকে তাইৰ পঢ়াৰ নামত যে কিছু কষ্ট কৰিছিল। এতিয়া সেই মাকলৈ ফোন কৰিবলৈ পাহৰে তাই।

 ভাল মা হ’ব পৰা নাই তাই, ভাল পুত্ৰী হ'ব পৰা নাই , ভাল পত্নী হ’ব নোৱাৰে, ভাল প্ৰেমিকা হ'ব নোৱাৰে। চকুহাল আকৌ ওফন্দি আহে তাইৰ। অসংলগ্ন কথাবোৰে মনটো ভিৰ কৰে। অসংলগ্ন কথাবোৰে ভিৰ কৰিলেই বিশৃংখল মনটোৰ আঁত লগাবলৈ তাই উচ্চস্বৰত গান এটা বজাই লয়। ধ্ৰুৱমলৈ মনত পৰে। বৰকৈ মনত পৰে। আগতে যে পৰীক্ষাবোৰত হয় তাই প্ৰথম হয়, নহয় ধ্ৰুৱম প্ৰথম হয়। এল পি বৃত্তি দিয়াৰ পাছত ককায়েকে তাইক জোকাবলৈ এৰা নাছিল, তহঁতৰ লগৰ ধ্ৰুৱমে জিলাৰ ভিতৰত প্ৰথম হ’ব আৰু তই বৃত্তিয়ে নাপাবি, কি যে মজাৰ কথা হ’ব। কিয় নাপাব তাই বৃত্তি, সেই জেদত তাই ৰাতি ৰাতি পঢ়াৰ অনুশীলন কৰে। কিমাননো বয়স আছিল তাইৰ? মুঠেই নবছৰীয়া। তেতিয়াই তাই পঢ়াৰ নামত কিমান যে চিৰিয়াচ আছিল। এফালে ধ্ৰুৱমে পঢ়াৰ সমানে সমানে ছবি আঁকিছিল, বাহিৰা কিতাপবোৰ পঢ়ি জ্ঞানৰ ভঁৰাল টনকিয়াল কৰি গৈছিল, গীটাৰখন লৈ টুং টাং কৰিবলৈ শিকিছিল, বৰশীৰে মাছ টোপাবলৈ শিকিছিল।

 ত্ৰিশৰ দেওনা পাৰ হোৱাৰ পাছতো এল পি স্কুলৰ কেঁকুৰিলৈ ওভতনি খোজ লয় তাই। মাকৰ স’তে ৰিক্সাখনত বহি দুলি দুলি গৈ থাকে তাই। আজি যে তাইৰ বৃত্তি পৰীক্ষা। ৰাস্তাত কিবা বেয়া বস্তু দেখে বুলি চকু দুটা মুদি গৈ আছে নবছৰীয়া ছোৱালীজনী। পৰীক্ষাহলত সোমোৱাৰ লগে লগে সেয়া ধ্ৰুৱমৰ মাকে আহি তাইৰ মূৰত হাত ফুৰাই দিছেহি। ধ্ৰুৱম আগৰ বেঞ্চত বহিছে, তাইলৈ হাঁহি পঠিয়াইছে৷ পৰীক্ষা চলি আছে। দুয়োটাই খচাখচ লিখি গৈছে। শেষৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন এটাত তাই উজুটি খাইছে, “জ্ঞানপীঠ বঁটাপ্ৰাপ্ত এজন লেখকৰ নাম লিখা।” পাঠ্যপুথিৰ বাহিৰৰ প্ৰশ্ন এইটো। কেনেকৈ জানিব তাই? অংকবোৰ কৰোঁতে কৰোঁতে বাতৰি [ ৭৮ ] কাকতখন পঢ়িবলৈ সময় পালেহে! তাইৰ দৃঢ়বিশ্বাস, এই প্ৰশ্নৰ উত্তৰটো ধ্ৰুৱমে জানিব। কিন্তু তাক সোধে কেনেকৈ? কিছুপৰ তাই তলকা লাগি বহি থাকিল। তেনে সময়তেই ধ্ৰুৱমে তাইৰ ফালে চাই বেলেগ এটা প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিলে,

 “অই কৃতা!”

 কি?”

 “এইটো কি লিখিলি?”

 বচ! হৈ গ’ল তাইৰ বৰাবৰ হিচাপ। সি নজনাটো তাই দেখুৱালে, বিনিময়ত তাই লিখিছে জ্ঞানপীঠ বঁটা বিজয়ীৰ নাম, ‘ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।”

 অতীতৰ পৰা বৰ্তমানলৈ ঘূৰি আহিল তাই। মাইক্ৰ'ৱেভত গৰম হ’বলৈ দিয়া গাখীৰখিনি চেঁচা পৰিল। চেঁচা গাখীৰখিনি আকৌ এবাৰ গৰম কৰিবলৈ চুইচ পকাই তাই অনুভৱ কৰিলে, তাইৰ বৰ্তমানটো এই চেঁচা গাখীৰখিনিৰ দৰেই সেৰেকা আৰু নিঃস্ব। যি ঐশ্বৰ্য বিভূতিৰ অহংকাৰেৰে তাইৰ গৰ্বিনী সময়বোৰ ওফন্দি থাকে, সেয়াতো সেই ৰঙীন অতীতেই কঢ়িয়াই অনা।

 পঢ়াত লোকচান হ’ব বুলি তাই গান গাবলৈ নিশিকিলে। পঢ়াত সময় দিব নোৱাৰিব বুলিয়ে ছবি অঁকাও নহ’ল। ৰিজাল্টটো অলপ ইফাল সিফাল হ’লেই কন্দা-কটাখন লগোৱা তাই পঢ়াৰ বাদে আন কোনো কথাতে ইমান চিৰিয়াচ হোৱা নাছিল। কিন্তু সম্তানৰ ক্ষেত্ৰত এনে হ’বলৈ নিদিয়ে তাই। ল’ৰাহঁতক পাঠ্যপুথিৰ মাজত বন্দী কৰি নথয় তাই। সিহঁতে গান গাব, ছবি আঁকিব, বৰশী টোপাব, বাহিৰা কিতাপ পঢ়িব। সেয়ে ৰিজাল্টৰ কথাত তাই মূৰ নঘমায়। দৌৰাদৌৰিকৈ তাই সাজু হয়।

 সোনকালে আহিবলৈ ৰমেশক খবৰ দিয়া নহ’ল। বৰঞ্চ নিজেই গাড়ীখন লৈ ওলাই গ’ল। স্কুলত তাইৰ খুব কমেইহে যোৱা হয়। স্কুলত উপস্থিত হোৱাৰ লগে লগে স্বেচ্ছাসেৱক এজনে তাইক সভাস্থলীলৈ আগবঢ়াই লৈ গ’ল।

 “মিচেছ বৰুৱা, আপোনাৰ দুয়োটা সন্তানেই একেবাৰে অপজিত নেচাৰৰ”, কোনোবা এগৰাকী শিক্ষয়িত্ৰীয়ে তাইক উদ্দেশ্যি কৈ উঠিল।

 তাই জানে, তাইৰ যে দুয়োটা সম্তান বিপৰীত স্বভাৱৰ সেই কথা তাইৰ অজ্ঞাত নহয়। এটাই যদি তাইৰ দৰে কিতাপৰ লাইব্ৰেৰীটোতে পৃথিৱীখন সোমাই আছে বুলি বিশ্বাস কৰে, আনটোৱে পাঠ্যপুথিৰ জ্ঞান নোহোৱাকৈয়ে আত্মবিশ্বাসেৰে টলমল হৈ থাকে।

 এটাৰ শৈক্ষিক অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰাৰ লগে লগে আনটোৰ স্বভাৱজাত আচৰণবোৰত সন্তুষ্টি প্ৰকাশ কৰিছিল শ্ৰেণী শিক্ষয়িত্ৰীয়ে।

 “বৰ মৰম আকলুৱা সি। চেনচিটিভ। ক্লাছৰ টিফিন ননা ল’ৰাটোক তাৰ টিফিনটোকে দি দিয়ে খাবলৈ। একোলৈকে ভয় নকৰে সি”, সন্তানৰ কথাবোৰ শুনি তাইৰ চকু দুটা সজল হৈ আহিল। তাই নজনাকৈয়ে সিহঁত ডাঙৰ হৈছে। তাইৰ আঁচলৰ পৰা সৰকি নিজৰ একোখন পৃথিৱী গঢ়ি তুলিছে। সিহঁত ডাঙৰ হৈছে। ভাল লাগি গ’ল তাইৰ। চৰাই পোৱালিটোৰ দৰে খুঁটি খুঁটি খাবলৈ শিকোৱা ল’ৰাহালে নিজৰ অস্তিত্বৰ উমান দিছে। তাইও এদিন এনেকৈয়ে ডাঙৰ হৈছিল। কিতাপৰ পৃথিৱীত টহল দি ফুৰিছিল। তছলীমা নাছৰীনৰ ‘লজ্জা'খন পঢ়িছিল। পঢ়িছিল সুৰঞ্জন আৰু পাৰবীনৰ ভালপোৱাৰ কাহিনী।

 ‘তই এটা চৰাই’, সুৰঞ্জনে পাৰবীনক সাৱটি কৈ উঠে মানে তায়ো নিজক কোনোবাজনৰ বাহুবন্ধনত কল্পনা কৰি লয়।

 “তাৰু তই! তই এটা বান্দৰ”, পাৰবীনে সুৰঞ্জনক কোৱা কথাবাৰ তাই দৌৰি আহি ধ্ৰুৱমৰ কাণত পেলায়হি।

 আস! চৰাই! বান্দৰ! তাই চৰাইজনীৰ দৰে ডেউকা মেলি মেলি উৰিব, সি গছৰ ডালত বহি তাইলৈ চাই ৰ’ব। কি যে সৰল অনুভূতি! ওঁঠেৰে মিচিককৈ হাঁহি এটি ওলাই যায় তাইৰ। পগলাটো৷ যে ক’ত হেৰাই থাকিল,কিমান কথা যে ক’বলৈ আছিল তাইৰ, ক’বলৈ আছিল, ‘চা চা ধ্ৰুৱম, তোৰ আদৰ্শৰে মোৰ ল’ৰা ডাঙৰ হৈছে, তোৰ [ ৭৯ ] দৰেই সিহঁতে ছবি আঁকিবলৈ শিকিছে, ডবা খেলিবলৈ শিকিছে, গান গাইছে, বৰশী টোপাইছে, আৰু কি জাননে, আজিকালি সিহঁতে শোৱাৰ সময়ত গাৰুৰ কাষত কিতাপ মেলি ল’বলৈ শিকিছে।”

 স্কুলৰ পৰা ওলাই আহোঁতেহে খেয়াল আহিল, তাইৰ মোবাইল ফোনটো অফ হৈ আছে। গাড়ীত বহি ফোনটো অন কৰি ছিটবেল্ট লগাই ললে। ঘড়ীলৈ চালে। অফিচলৈ দেৰি হৈছে। চেলফ্‌ ষ্টাৰ্ট কৰোঁতেই তাইৰ ফোনটো বাজি উঠিল, বিশালৰ ফোন। গাড়ীখন চাইড কৰি ফোনটো চালে, “কল মি, ইটজ আৰজেন্ট!”

 আৰজেণ্ট! ঢককৈ কঁপি উঠিল অলংকৃতাৰ বুকু। বিশালৰ তাইৰ লগত কি আৰজেন্ট কথা থাকিব পাৰে? দীপক সংক্ৰান্তীয় নে উল্কি সংক্ৰান্তীয়?

 এক কথাত তাই এই কথা দুটাৰ বাবেই বিশালৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। ফোনটো হাতত লৈ বহুত দেৰি ৰৈ থাকিল। কিছুমান কথা শুনিবলৈ পূৰ্বপ্ৰস্তুতি লাগে। তাই নিজকে চম্ভালি লয় মানে বিশালৰ উত্তেজিত কণ্ঠ ভাঁহি আহিল,

 “মেডাম, মেডাম।”

 “ওম বিশাল, কওকচোন!”

 “দীপক। দীপকহঁতৰ দলটো নগালেণ্ডত আছেহি কিছুদিনৰ কাৰণে।”

 “সঁচা?”, তাই এইবাৰ উৎফুল্লিত হৈ উঠিল।

 :কেইদিনমানৰ কাৰণেহে থাকিব, কিবা অভিযানত আহিছে’’৷

 “মই লগ পাব বিচাৰোঁ বিশাল। কেনেকৈ কি কৰোঁ কওকচোন“, তাই অধৈৰ্য্য হৈ পৰে।

 “মই একো বুজিব পৰা নাই। লিংকমেনজনে কোনোপধ্যেই ইয়াতকৈ বেছিকৈ ক’বলৈ সন্মত নহয়।”

 “নহয় নহয়। আপুনি কিবা এটা কৰক। এবাৰ দীপকক কৈ দিয়ক মোৰ কথা। কৈ দিয়ক যে তাক ধ্ৰুৱমৰ কৃতাই লগ পাব বিচাৰিছে। যিমান যি নহ’লেও সি লগ কৰিব মোক”, কথাষাৰ কৈয়ে তাই অনুভৱ কৰে আনন্দেৰে ভৰি উঠিছে তাইৰ সময়বোৰ। ভাল লগা খবৰেৰে দিনটোৰ আৰম্ভণি।

 বিশালে ফোন থয়। সি জানে। সি জানে যে, অলংকৃতাই লগ কৰিব বিচাৰিলে দীপকে সকলো বাধা অতিক্ৰম কৰি হলেও তাইৰ ওচৰলৈ আহিব। কিন্তু কথাটোৱে দীপকৰ ক্ষতিসাধনত কৰিব পাৰে। সি গভীৰভাৱে চিন্তা কৰে। দীপকৰ স’তে যোগাযোগ ৰক্ষা কৰাৰ কোনো এটা উপায় সি বিচাৰি নাপাই সি কিছু হতাশ হয়। হঠাতে তাৰ মনত পৰে তাৰ ঘনিষ্ঠ বন্ধু ৰাহুললৈ। অতি গোপন কথাৰ লাচত সাংবাদিক ৰাহুলে কেবাদিনো তাক বিভিন্ন সংগঠনৰ মুৰব্বীবৰ্গৰ স’তে লগত হোৱা ফোনালাপৰ কথা সদৰি কৰিছিল। এই মুহূৰ্তত তাৰ বাদে আন কোনেও তাক সহায় কৰিব পাৰিব বুলি ভাব নহ’ল।

 কাঢ়াকৈ চাহকাপৰ সৈতে নিমখীয়া বিস্কুট এখন কামুৰি সি অংকটো মিলায়। কিবাকৈ অংকটো মিলিবলৈ ধৰে। ৰাহুল তাৰ খুব ভাল বন্ধু। ৰাহুলক সি অনুৰোধ কৰিব পাৰিব! কিন্তু সেই অনুৰোধৰ বিনিময়ত সি নিজৰ একান্ত ব্যক্তিগত কথাবোৰ তাৰ আগত মুকলি কৰি দিব লাগিব।

 এইখিনিতে অংকটো তাৰ নিমিলে। কি যে আপদীয়া অনুভৱ এই অনুভৱ! কি যে জটিল সূত্ৰৰে ৰচিত এই প্ৰেমৰ অংক!

 সি জানে, তাৰ কোনো শুভাকাংখীয়েই তাৰ এই অংকৰ সমাধানসূত্ৰ উলিয়াব নোৱাৰে। টিভিটো অন কৰি সি নিউজটো চালে। তাৰ পাছত সি নিজৰ অফিচলৈ ওলাই গ’ল।

 উল্কিক বিচাৰিবলৈ এৰা নাই সি। উল্কিৰ ভনীয়েককে লগ কৰিছিল সি প্ৰথমতে মুখ খুলিবলৈ অমান্তি হোৱা ভনীয়েকগৰাকীয়ে তাক কৈ গৈছিল আল্ট্ৰাছৰ প্ৰতি অভিযোগ অনুযোগ। সি শুনিছিল পৰকীয়া প্ৰেমৰ সেই কাহিনী। ক্ষোভেৰে ভৰি উঠিছিল তাৰ মন। অলংকৃতাৰ সহনশীলতাৰ প্ৰতি পুতৌ জন্মিছিল। এই সহনশীলতাৰ বাবেই হাজাৰজন আল্ট্ৰাছে জনম লয়, এই সহনশীলতাৰ বাবেই হাজাৰজনী অলংকৃতাই নিজৰ কবৰ নিজেই খান্দি সুখী হোৱাৰ অভিনয় কৰে, এই সহনশীলতাৰ বাবেই হাজাৰজনী উল্কি আদ-বাটত হেৰাই যায়।

 কোৰ্টৰ পৰা ওলাই বিশাল ৰাহুলৰ ৰূম পালেগৈ। বেছ কিছুদিনৰ পৰা সি গধূলি হ’লেই গিলাচত নিচা বাকি লয়। আজিও সেই নিচাই টানিছিল তাক, কিন্তু কোনোমতে নিজকে সম্বৰণ কৰি ৰাহুলৰ ৰূমলৈ বুলি আগবাঢ়িল। [ ৮০ ] গাড়ীত বাজি আছিল,

 “তুম নেহী, গম নেহী, চৰাব নেহী,

 এইচে তনহাইয়া কা জবাব নেহী।”

 গজলটোত বুৰ গ’ল কিছু সময় সি। অলংকৃতাই খুব গজল শুনে। এই গজলখিনি তাইৰ পৰাই সি পেন ড্ৰাইভত ভৰাই লৈছিল। এইখিনিৰ সান্নিধ্যৰে জীপাল হৈ থাকে তাৰ সময়বোৰ। গজলৰ কথাবোৰে যেন তাৰ কথাকে কয়,

 “তাই নাই, সেইবুলি দুখ নাই, আজি নিচাও নাই, তথাপি কি যে এক নিঃসংগতাই তাক গ্ৰাস কৰি যায় অথচ এই নিঃসংগতাৰ কোনো তুলনা নাই”। জীৱনটো এনেকৈয়ে পাৰ কৰিব পাৰিবনে সি? মাকে প্ৰায়েই তাক বিয়াখনৰ কাৰণে জোৰ কৰে। সদায়ৰ দৰেই সি মৌন হৈ ৰয়। বুকুত কঢ়িয়াই থকা জিপজিপীয়া অনুভৱটো এৰি সি মৰুভূমিত খোজ থ’ব নোৱাৰে। সেই জিপজিপীয়া অনুভৱটো তাক দি গৈছে অলংকৃতাই।৷

 ইফালে অলংকৃতা? তাই অফিচৰ কামবোৰত মন বহাব নোৱাৰিলে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ প্ৰমুখ্যে এটা সঁজাতী দল সিহঁতৰ জিলা আৰু সত্ৰ ন্যায়ালয়লৈ পৰিদৰ্শনৰ বাবে অহা কথাটোত তাই কোনোধৰণৰ টেনচন নল’লে। বৰঞ্চ মনটো দুৰু দুৰুকৈ কঁপি থাকিল। দীপকক লগ পালে তাই ধ্ৰুৱমৰ কথা উলিয়াব পাৰিব। ধ্ৰুৱমক লগ পাবনে তাই? লগ পালে তাৰ চুলিকোছাত জোকাৰি তাই ক’ব,

 “তই যে সঁচাকৈয়ে এটা বান্দৰঙ্গ”

++

(উনৈশ)

 “তই সঁচাকৈয়ে এটা বান্দৰেই হয় ধ্ৰুৱম, মোক আকাশত উৰিবলৈ দি তই গছৰ ফেৰেঙনিত বহি বহি বান্দৰটোৰ নিচিনাকৈ চাই থাকিলি’৷

 অফিচৰ পৰা আহিয়েই ফাইলটো টেবুললৈ দলিয়াই তাই পোৰ্ট্ৰেইটখনত তুলিকা বুলায়। বাৰাংগনাজনীক আঁকিবলৈ লৈ তাই ভাগৰি পৰে। ধ্ৰুৱমে খুব ভাল ছবি আঁকিছিল। হাতৰ পাকতে চৰাইজনীক নতুবা নাওখনক গতি দিয়ে, ধুমুহাজাকৰ গতি ৰুদ্ধ কৰে নতুবা চকুপানীৰ গলিটোত আশাৰ ৰং ছটিয়াই গৈ থাকে। সি ছবি আঁকোতে তাই একান্তমনে চাই থাকে। চাই চাই তাই কিছু শিকিলে যদিও কিছু শিকিবলৈ থাকি গ’ল, সেয়ে আক্ষেপেৰে কৈ উঠি তাই,

 “তোৰ দৰে ছবি এখনো আঁকিবলৈকো নিশিকিলোঁ ধ্ৰুৱম, চাচোন বাৰাংগনাজনী দিনৰ পোহৰত বাৰাংগনা হ’ব নোখোজে, অথচ ৰাতিৰ আন্ধাৰবোৰে তাইলৈ ৰ’ লাগি চায়। এজনী বাৰাংগনাৰ দুটা ৰূপ। দিনত মুখা ৰাতি উকা।”

 দিনটো উত্তেজনাৰে পাৰ হ’ল আজি। অফিচত ইমান কামৰ হেঁচা কৰ্মব্যস্ততাৰ মাজতো এই পোৰ্ট্ৰেইটখনৰ কথা চেৰেং চেৰেংকৈ মনত পৰি থাকে তাইৰ। চৰিত্ৰটো ভবামতে ফুটাই তুলিব পৰা নাই, তাইৰ পোৰ্ট্ৰেইটৰ বাৰাংগনাৰ মুখত চহৰৰ নিষিদ্ধ গলিৰ বাৰাংগনাজনীৰ দৰে সস্তীয়া ৰং জিলিকাব পৰা নাই, তাইৰ পোৰ্ট্ৰেইটৰ বাৰাংগনাজনীৰ মুখত অভিজাত হোটেলৰ কোটিটকীয়া বাৰাংগনাজনীৰ দৰে অনৈতিকতাৰ ৰং সানি দিব পৰা নাই। গোটেই কথাবোৰেই সংগতিবিহীন। ক’ৰবাত তাই সফল হোঁৱা নাই। সাধনাৰ প্ৰয়োজন তাইক। বহুত সাধনাৰ প্ৰয়োজন। সেই সাধনাৰ বাবে সময়ৰ প্ৰয়োজন। সেই সময়ৰ বৰ অভাৱ তাইৰ। এফালে জীৱন-সংগ্ৰাম, আনফালে নিচাবোৰ, কোনোটোৰেই চোক কম নহয়।

 সহায়িকাজনীয়ে কোটটো নি ৱাৰড্ৰবত সুমুৱাই মানে ল’ৰাহাল দৌৰি আহে, “মা মা বাৰাংগনা মানে কিনো”?

 চক খাই উঠে তাই। তাইৰ কেনভাচৰ তলত লিখি থোৱা আছে ছবিখনৰ শিৰোনাম, ‘বাৰাংগনাৰ জুপুৰি। পৰীক্ষা শেষ হোৱাৰ পাছতে দুয়োটাই তাইৰ কিতাপৰ কোঠাটো ছেদেলি-ভেদেলি কৰি থৈছে। ইটো খুঁচৰিছে, সিটো উলিয়াইছে। বিশৃংখল টেবুলখনৰ ওপৰত অসমীয়া অভিধানখন মেল খাই আছে। সিহঁতে অভিধানখন মেলি [ ৮১ ] বাৰাংগনাৰ অৰ্থ বিচাৰিছে। সিহঁতৰ কোমল হাতৰ বুলনিত তাইৰ বুকু কঁপিছে। যি অৰ্থৰে তাই ছবিখনৰ নাম দিছে, সেই অৰ্থটো সিহঁতে কোনোপধ্যেই উলিয়াব নোৱাৰিব। সিহঁতে হয়তো কোনোবাদিনা জানিবলৈ পাৰিব যে, বাৰাংগনা মানে বেশ্যা, বেশ্যা মানে দেহোপজিৱিনী। অথচ এয়াও সত্য যে, তাইৰ উপাৰ্জন দেহা বিক্ৰী কৰা উপাৰ্জন নহয়। তাইৰ উপাৰ্জন শুদ্ধতাৰ তুলাচনীত ন্যায়ৰ সপক্ষে বিচাৰৰ উপাৰ্জন। তথাপি তাই নিজকে কিয় গগনাৰ দৰে অনুভৱ কৰে, কিয় এনে অনুভৱ কৰে যে তাই সামগ্ৰিকতা প্ৰদান কৰা অনুভৱবোৰ আন কাৰোবাৰ নামতহে স্বাক্ষৰিত হৈ আছে। ইমান জটিল এই অনুভৱ যে, সেই কথা তাই নিজেই নুবুজে, আন কাৰোবাৰ পক্ষেতো ইয়াৰ ভাঙনি বুজাতো আৰু অসম্ভৱ।

 বিশালে এই পোৰ্ট্ৰেইটখনৰ কথা গম পায়, তাৰো আপত্তি এই শব্দটো লৈ। বেশ্যা নহৈনো কি? এটা স্বীকৃত বেশ্যাগিৰি এয়া। ইয়াত সমাজে প্ৰশ্ন নুঠায়। উল্কিৰ মনটোক তাইৰ শৰীৰৰ সৈতে কিয় আল্ট্ৰাছে একাকাৰ কৰিছে, সেই প্ৰশ্ন সমাজে নোতোলে। এয়া আল্ট্ৰাছৰ অধিকাৰ। সেয়া সমাজে দিয়া অধিকাৰ।

 অৱশ্যে সমাজৰ শিথিলতাক অস্বীকাৰ কৰে ৰাষ্ট্ৰৰ আইনে। সমাজে দিয়া এই অধিকাৰ কিন্তু আইনে নিদিয়ে। অলংকৃতাৰ এখন আৱেদনৰ ভিত্তিত আল্ট্ৰাছৰ সেই অধিকাৰ খৰ্ব হ’ব।

 আজিও সেইবোৰ কথাকে আলোচনা-সভাত আলোচিত হৈছিল। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ দুদিনীয়া কাৰ্যসূচী উপলক্ষে অলংকৃতাৰ কৰ্মৰত জিলাখনলৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ভ্ৰমণে সিহঁতক ব্যস্ত কৰি তুলিছিল। জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ স’তে বৈঠক বহিল। বিভিন্ন বিভাগৰ অগ্ৰগতি সম্পৰ্কে আলোচনা হ’ল। বিভাগসমূহৰ তৰফৰ পৰা আইনী ধাৰাসমূহ কিদৰে পৰিচালনা হৈছে, সেয়া ৰাইজৰ ওচৰত তুলি ধৰাৰ সিদ্ধান্ত লোৱা হ’ল। মুকলি সভাত জনগণৰ আগত বিভিন্ন ঠাইৰ পৰ| অহা আইনৰক্ষকসকলে বক্তৃতা দাঙি ধৰিব লগা হ’ল।

 “গণতন্ত্ৰ চাৰি স্তম্ভঃ ন্যায়পালিকা, কাৰ্যপালিকা, বিধান মণ্ডল আৰু সংবাদ মাধ্যম। এই চাৰিওটা স্তম্ভই সুচাৰুৰূপে কাম কৰিলেহে গণতন্ত্ৰৰ ভেঁটি মজবুত হৈ থাকে। সাম্প্ৰতিক সময়ত গণতন্ত্ৰ খৰ্ব হোৱাৰ খবৰ পোৱা যায়। বিধান মণ্ডলে কাৰ্যপালিকাক দমন কৰে, সংবাদ মাধ্যম হালধীয়া হয়, ব্লেকমেইলিঙত লুতুৰি পুতুৰি হয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, সেইবোৰত আজি ন্যায়পালিকা খৰ্গহস্ত।

 “কোনো এটা আঁচনিয়েই সফলৰূপে ৰূপায়ন হোৱা নাই”, মুখ্য ন্যায়াধীশৰ ভাষ্য সেয়া, “শিক্ষাৰ অধিকাৰ আইন দুহেজাৰ ন চনতে প্ৰণয়ন কৰা হ’ল, আজিও দেশৰ লাখ লাখ শিশুৱে বিদ্যালয়ৰ মুখ দেখা নাই। বিনামূলীয়া চিকিৎসা পোৱা নাই সহসজনে। শিশু শ্ৰমিক আইনক বুঢ়া আঙুলি দেখুৱাই হোটেল-কাৰখানাত হাজাৰ হাজাৰ শিশু কৰ্মৰত হৈ আছে। মূল প্ৰয়োজনসমূহ পূৰ হোৱা নাই মানুহৰ! বিনামূলীয়া ঘৰ, শৌচালয়ৰ নামত কোটি টকা আবন্টন হোৱাৰ পাছতো কাৰ্যক্ষেত্ৰত সেয়া হৈ উঠা নাই”, মূখ্য ন্যায়াধীশে ক্ষোভ উজাৰিছে।

 গোটেই জিলাসমূহৰ পৰা মেজিষ্ট্ৰেটসকলক মাতি পঠোৱা হৈছে। তেওঁ নিজেই বিভাগসমূহত সোমাই পৰিছে। মুকলি সভা পাতি জনগণৰ আগত আইনৰ সেৱাসমূহৰ বিৱৰণ দিছে। অলংকৃতাক শিক্ষা বিভাগৰ দায়িত্বত ৰাখিছে৷ শিক্ষা বিভাগৰ কৰ্মচাৰীৰ পৰা অলংকৃতাই বঞ্চিত শিশুসকলৰ তথ্য লৈছে। ৰেলষ্টেচনৰ কাষত, বস্তি এলেকাত, ইটা ভাটাত, ৰেড এলাৰ্ট এৰিয়াসমূহত যিসকল শিশু ডাঙৰ দীঘল হয়, সেইসকল শিশুৰ অৱস্থা অতিকৈ দুখজনক। সুস্থ পৰিৱেশ নোপোৱা এইসকল শিশুৱেই ডাঙৰ হৈ অপৰাধজনিত কামবোৰত জড়িত হৈ পৰে। এইসকল শিশুক শিক্ষাৰ পোহৰ দিয়াটো দেশৰ দায়িত্ব তেওঁলোকক ভুল-শুদ্ধৰ বিচাৰ দিব পৰাটো এই শিক্ষাৰ দায়িত্ব। কাৰ্যক্ষেত্ৰত এয়া হৈ উঠা নাই। গভীৰ উদ্বেগৰ বিষৰ এয়া।

 সমাজৰ সুস্থতাৰ খাতিৰতে অপৰাধ নিৰ্মূলকৰণৰ প্ৰচেষ্টা হাতত লোৱা হয়। অপৰাধ নিৰ্মূলৰ অৰ্থেই শিক্ষাৰ অতিকৈ প্ৰযোজন। এই শিক্ষা নৈতিকতাৰে পৰিপুষ্ট হোৱা উচিত। এই শিক্ষাই ৰাষ্ট্ৰক নতুবা এটা জাতিক নৈতিকভাৱে স্বাৱলম্বী হ'বলৈ শিকোৱা উচিত। তেহে ভেদাভেদ পাহৰি সকলোবোৰ এক শিক্ষাৰে আপোন হৈ পৰিব। মহাত্মা গান্ধীয়ে শিক্ষাৰ লগত নৈতিকতাক সংযুক্ত কৰি লৈছিল। এৰিষ্টটলে প্ৰতিষ্ঠা কৰা প্ৰাকৃতিক ন্যায়সূত্ৰ বৰ্তমান যুগত চলি থকা আইনৰ মূল ভেঁটি। এই ন্যায়সূত্ৰ প্ৰকৃতিৰ পৰা সৃষ্ট। এই ন্যায়সূত্ৰ প্লেটোৰ মতবাদেৰে সংপৃক্ত। এই গোটেইবোৰ ইটোৱে সিটোৰ লগত সংগতি ৰক্ষা কৰি চলি থাকে। সমাজতত্বৰ সূত্ৰও তেনেকুৱা। [ ৮২ ] সমাজ মানেই এটা শৃংখলিত ব্যৱস্থা, আঁত হেৰালে যি অস্থিৰ হয়। সাম্প্ৰতিক পৰিৱেশত নৈতিকতাৰ অভাৱ দেখি তাইৰ দৰে নৈতিকতাত বিশ্বাসী লোকসকল হতাশ হয়। আজিকালি অনিয়মবোৰতে সমাজৰ সূত্ৰবোৰ ওলমি ৰয়, ক’লাধনৰ কোবাল সোঁতত সততা আৰু নৈতিকতাৰ অপমৃত্যু হয়। সেই যে প্লেটো আৰু এৰিষ্টটলৰ সূত্ৰবোৰ, সেইবোৰ কিতাপৰ পাতত বন্দী হৈ ৰয়।

 কথাবোৰ ভাবি ভাবি তাই ছবিখন আঁকি আছিল। ল’ৰা দুটাই ওচৰতে বহি একাত্মমনে চাই আছে। সিহঁতৰ লগতে সন্ধ্যাবোৰ পাৰ কৰে তাই। আজিকালি এইখনত লাগি থাকে কাৰণে সিহঁত দুটিয়েও ওচৰত বহি লয়। কিটচেনৰ পৰা পকৰী ভজাৰ ফুৰফুৰীয়া গোন্ধ এটা বতাহত বিলীন হৈছে। চাহ একাপ। এৰা। চাহ একাপৰ প্ৰয়োজনবোধ অনুভৱ কৰিলে তাই। সহায়কাৰী ছোৱালীজনীক মাতিবলৈ লওঁতেই কলিংবেলটো বাজি উঠে। তাই ওলাই আহে। দুৱাৰখন খুলি দিয়াৰ লগে লগে পাপৰি সোমাই আহে, চোফাত ভৰি দুখন উঠাই বহি লয় তাই। অলংকৃতাই তাইলৈ চাই ৰয়। পাপৰিৰ বাবে অলংকৃতা অতি মৰমৰ বায়েক। সৰু ছোৱালীজনীৰ অন্তৰখন খোলা, মুখখন কিছু ক্ষেত্ৰত পাৰ নবন্ধা। আজিও তাই আহিয়েই অভিযোগ তুলিলে,

 “বা, আৰু কিমানদিনলৈ এই অভিনয় চলিব? সহনশীলতাৰ মুখাৰে নিজক কিমান আৰু ঢাকিবা?”

 সিদিনা লগ পাওঁতে এইজনী পাপৰিয়েই তাইক গালি এজাউৰি পাৰিছিল, সুধিছিল, “কিয় বা, কি কাৰণে তুমি প্ৰতিবাদ কৰা নাই, তোমালোকৰে যদি এয়ে আদৰ্শ হয়, বাকীসকলৰ কি হ’ব ভাবি চোৱাচোন।” তাইৰ বন্ধুবৰ্গই আল্ট্ৰাছক দেখিব নোৱাৰা হৈছে। শিক্ষিতা তথা আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি তাই এই সম্বন্ধৰ পৰা আঁতৰি আহিব লাগে। কি দৰকাৰ আছে কষ্ট খাই থাকিবলৈ? মানসিকভাৱে তাই প্ৰায়ে ভাঙি পৰে, দাঙি ধৰিবলৈ কাষত হাত এখন নাথাকে, অথচ কি যে এক মোহত এই জুপুৰিত তাই পৰি থাকেঙ্গ

 আজিও পাপৰি আহিয়েই তাইক জবাবদিহি কৰিলে, “কোৱা কৃতাবা, কিমানদিনলৈ? কিমানদিনলৈ এই সহনশীলতাৰ অভিনয় চলিব?”

 “তুমি কোৱা পাপৰি, কি কৰিব লাগিছিল মই?”, অলংকৃতাই প্ৰশ্ন এৰে পাপৰিলৈ।

 “কি কৰিব লাগিছিল মানে? যোৱাগৈ ইয়াৰ পৰা। নিজৰ মতে জীয়াই থাকা।”

 “এতিয়াওতো তাকেই কৰি আছে॥ নিজৰ জীৱন নিজৰ মতে জীয়াই তুলিছোঁ৷”

 “আল্ট্ৰাছক সংগ দিয়াৰ প্ৰয়োজন কি? তেওঁৰ পৰা কিয় আঁতৰি যাব পৰা নাই?”

 এইবাৰ তাই গহীন হৈ বহি পৰিল। তাৰ পাছত লাহে লাহে কৈ উঠিল,

 “চোৱা পাপৰি। তোমাৰ প্ৰশ্নৰ উত্তৰ বৰ জটিল। মই আল্ট্ৰাছৰ লগত কিয় আছোঁ, এই প্ৰশ্নটো মই নিজেও নিজক বহুতবাৰ সুধিছৌ। এটা কথা ঠিক, এটা সময়ৰ পাছত জীৱন সুস্থিৰতালৈ আহে। তুমিতো জানা, মানুহ পৰিৱৰ্তন হ’বলৈ নিবিচাৰে, জীৱনে তেনেকুৱাই। পৰিৱৰ্তন নিবিচাৰে। অনাহক পৰিৱৰ্তনে জীৱন থান-বান কৰাৰ শংকা থাকে।”

 পাপৰিয়ে নুবুজে। নাৰী স্বাধীনতাৰ হকে কথা কৈ অহা অলংকৃতাৰ এই স্থিতিয়ে তাইক দোমোজাত পেলায়। অলংকৃতাই কৈ যায়,

 “কি জানা পাপৰি, যিমানেই শিক্ষিতা নতুবা আধুনিকা নহওঁ কিয়, কোনোবাখিনিত মই এগৰাকী মাতৃ। সিহঁতৰ ভ্ৰূণ গৰ্ভত লোৱাৰে দিনাই মই দায়বদ্ধ হৈছো, সিহঁতক ডাঙৰ হোৱালৈকে খুটি খুঁটি খুৱাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। এই প্ৰতিশ্ৰুতি ভংগ কৰিবলৈ হ’লে মই নিজকে ক্ষমা কৰিব নোৱৰিম।”

 “সন্তানৰ মনৰ সুস্থ বিকাশৰ বাবে পিতৃ-মাতৃ দুয়োৰে মৰমৰ দৰকাৰ। নিজৰ স্বাৰ্থৰ বাবে সিহঁতক সেই মৰমৰ পৰা বঞ্চিত কিদৰে কৰোঁ, তুমিয়ে কোৱা। এটাই সমস্যা মাথোঁ, মই অলপ বেছি আৱেগিক। মৰমৰ মাজত উঠা ছোৱালী, মৰমৰ অভাৱ হলেই বুকুখন ধৰফৰায়। তাৰ বাদে মোৰ একোৱেই দুখ নাই। সুস্থ শৰীৰ, সুস্থ মন, দুটিকৈ সন্তানৰ উমাল পৰশ, নিজৰ মতে জীয়াই থকাৰ স্বাধীনতা-সুখী হৈ থাকিবলৈ আৰু কি লাগে মোক? এই যে মোৰ অস্বস্তি দি থকা শব্দবোৰ, বাৰাংগনাৰ আৰু খলনায়িকাৰ অনুভৱবোৰ, এইবোৰেহে মোক মাথোঁ শান্তিত থাকিবলৈ নিদিয়ে পাপৰি।”

 কোঠাটো নিৰৱতাত জীণ যায়। চাহ-পকৰিৰ ট্ৰে লৈ অঞ্জলি নামৰ সহায়িকাজনী সোমাই আহে। বাহিৰত [ ৮৩ ] পুহমাহৰ কুঁৱলীসনা গধূলি আৰু ভিতৰত ধোঁৱা বলি থকা চাহ-পকৰি।”

 “ভিনদেউ কেতিয়া আহিব?”, চাহকাপ হাতত লৈ পাপৰিয়ে কথাৰ সুঁতি সলায়। এই বায়েকজনীক তাই খং দেখুৱাবও নাজানে। এই বায়েকজনীৰ বাবে জীৱনতকৈ অন্য সত্য নাই।

 “আহিব পৰী। যিমান যি হ’লেও দিনান্তত নীড়মুখী পখীৰ দৰে তেওঁ ঘৰলৈকে উভতিব। আৰু সেইখিনিয়ে মোৰ অহংকাৰ।”

 “অ’ কৃতাবা, মেইল এটা কৰিবলগা আছিল, পাহৰি থাকিলোঁ, লেপটপটো দিয়াচোন”, হঠাতে কিবা এটা মনত পৰাত পাপৰি উচপিচাই উঠিল।

 পাপৰি স্বাস্থ্য বিভাগৰ। হস্পিতেল মেনেজমেন্টৰ কোৰ্চটো কৰি তাই চাকৰিত সোমাইছিল। দৈনিক প্ৰতিবেদন, ওপৰৱালাৰ নিৰ্দেশসমূহত লাগি থাকোঁতে তাই নিজলৈ বুলি সময়েই নাপায়। তাৰ মাজতে অলংকৃতাৰ ওচৰলৈ ঢাপলি মেলে মাজে মাজে। আজিও আহিছিল তাইৰ খবৰ ল’বলৈকে তেনেতে মনত পৰিল, এটা ৰিপৰ্ট পঠিয়াবলৈ বাকী থাকিল, দৌৰাদৌৰিকৈ গৈ আল্ট্ৰাছৰ লেপটপটো অন কৰি ল’লে। আল্ট্ৰাছ লেপটপটো অলংকৃতাই খুলি নাচায়। খুলিবলৈ কষ্ট পায়। আল্ট্ৰাছে লেপটপত পাছৰৱৰ্ড দি থয়, সেই কথাত তাই কষ্ট নাপায়, কষ্ট পায় যেতিয়া পাছৱৰ্ডটো তাই টাইপ কৰিব লগা হয়, উল্কি বুলি। তাৰ পাছত কষ্ট পায়, যেতিয়া আল্ট্ৰাছৰ ৱালপেপাৰ খোল খায়। লেপটপৰ ৱালপেপাৰত আল্ট্ৰাছ, বৰফৰ মাজৰ আল্ট্ৰাছ। সেয়া মায়’ডিয়াৰ বৰফ। কাষত আন এটা নাৰীমূৰ্তিৰ ছাঁ, ফটোখনৰ পৰা উল্কিৰ অৱয়বটো কাটি আল্ট্ৰাছে নিজৰ ফটোখন ৱালপেপাৰ কৰি থৈছে।

 ফটোখন তাইৰ চিনাকি৷ সেই নাৰীমূৰ্তিৰ ছাঁটো তাইৰ চিনাকি। ফটোখনৰ লগত জড়িত কথাবোৰ তাইৰ চিনাকি। এই ফটোখনে আনি দিয়া বিশৃংখলতাখিনি তাইৰ চিনাকি।

 পাহৰিব পৰা নাই তাই। পাহৰিব পৰা নাই হয়তো আল্ট্ৰাছেও। উল্কি আঁতৰি যোৱাৰ অতদিনৰ পাছতো আল্ট্ৰাছে সেই সময়খিনিক লেপটপত বন্দী কৰি ৰাখে। কিবা এটাই তাইৰ বুকুখনত খোঁচ মাৰি ধৰে। সকলো থাকিও তাই নিঃকিন। বিয়াৰ আগৰ নিজৰ ভালপোৱাখিনিলৈ পুতৌ জন্মে তাইৰ। ভাব হয়, সেই ভালপোৱা অভিনয়হে আছিল, যি ভালপোৱাৰ বোকোচাত উঠি তাই এৰি আহিছিল পৃথিৱী।

 ব্যৰ্থতাৰ চেঁচা বতাহ এছাটিয়ে তাইক চুই যায়। যক্ষ এটাই বুকুত বহি কলিজা ফালি তেজপান কৰে। সৰু সৰু কষ্টবোৰ তাই সহিব নোৱাৰে। দিনৰ কথাখিনিলৈ মনত পৰে। দিনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আগমণ উপলক্ষে সিহঁতৰ বৃহৎ আয়োজন হৈছিল। বিশালেও এই আয়োজনত যোগ দিয়াৰ কথা আছিল যদিও বিশেষ ব্যস্ততাৰ বাবে শেষ মুহূৰ্তত সি আহিব পৰা নাছিল। সি অহা হ'লে তাই তাৰ লগত মঙলদৈলৈ গ’লহেঁতেন। মঙলদৈলৈ গৈ টংলাৰ ওচৰৰ কোনো এক অঞ্চলত বাহৰ পাতি থকা দীপকৰ লিংকমেনজনক লগ ধৰিলেহেঁতেন। বিশাল কিয় নাহিল, সেই বিষয়ে তাই নাজানে, হয়তো সিও ব্যস্ত আছে, অলপ ব্যস্ততা কমিলেই তাইক সবিশেষ জনাব।

 “বা অ’ বা, ৱাই-ফাইৰ পাছৱৰ্ডটো লাগিছিল।”, লেপটপৰ পৰা পাপৰিয়ে চিঞৰিলে।

 “মই পাহৰিলোঁ পাই, ভিনিয়েৰাক ফোন কৰি সুধি লোৱা”, চাহৰ কাপকেইটা চিংকত থবলৈ গৈ থকাৰ পৰাই অলংকৃতাই উত্তৰ দিলে।

 “দিয়া তোমাৰ ফোনটো”, পাপৰিয়ে অলংকৃতাক ফোনটো বিচাৰে। তাইৰ ফোনটো লৈ পাপৰিয়ে আল্ট্ৰাছৰ ফোন নম্বৰ বিচাৰিলে। ফোনটো লৈ কল-লগ স্ক্ৰল কৰি গৈ থাকিল, আল্ট্ৰাছৰ নাম নোলাল। তাইক আচৰিত কৰি বেছিভাগ ফোন আছিল বিশালৰ। কোন বিশাল? পাপৰি তভক মাৰিলে। কিবা এটা যেন গোন্ধ পালে। ফোনটো লৈ ৰৈ থাকিল। অলংকৃতা সোমাই আহিল,

 “কি হ’ল পাগলী? ৰৈ থাকিলা যে?”

 “বা, এই বিশাল কোন হয়?”

 “বিশাল মোৰ জুনিয়ৰ আছিল পাপৰি, এতিয়া মঙলদৈত থাকে, কিয় সুধিলা?”

 “নহয় মানে? নহয় মানে?”, তাই অলপ অপ্ৰস্তুত হৈছে।

 “আচ্ছা, মন খাইছে ন? কথা পতাই দিম দেই”, অলংকৃতাই জোকায় তাইক। [ ৮৪ ]  “নহয় নহয় বা, মই বেলেগ এটা কথাৰ বাবেহে তোমাক সুধিলোঁ”

 “কি কথা অ?”

 “মোৰ কাজিন এজনীৰ লগত বিশাল নামৰ মেজিষ্ট্ৰেট এজনৰ বিয়া ঠিক হৈছে। ইয়াৰে হয় তেওঁ। খুবসম্ভৱ মঙলদৈত চাকৰি কৰি আছে।”

 হাঁ? কি শুনিলে তাই? সঁচা নে? সঁচা নে বিশালৰ বিয়াৰ খবৰটো? বিশালে এই কথা কিয় তাইক নজনালে? দিনটোৰ বেছিভাগ সময় তাৰ সৈতে তাই যোগাযোগত থাকে, অথচ তাই কিয় বিশালৰ বিয়াৰ খবৰ আনৰ মুখেদি শুনিব লগা হ'ল?

 যক্ষটোৱে তাইৰ কলিজাৰ ৰস পান কৰিয়েই সন্তুষ্ট নহ’ল, এইবাৰ গগন কঁপাই অট্টহাস্য এটিৰে বুকুখন তেনেই নেফানেফ কৰি গ’ল। বৰ দুৰ্বল লাগিল তাইৰ। পাপৰিক কোনোমতে বিদায় দি ফোনটো অফ কৰিলে। ল’ৰা দুটাক কিবা অকণ খাবলৈ দি তাই বিছনাত পৰিল। বহুত পৰিকল্পনা আছিল তাইৰ, পৰিকল্পনা আছিল নাগালেণ্ড পাহাৰৰ সিপাৰৰ বিপ্লৱীৰ শিবিৰকেইটালৈ যাব। দীপকক লগ পাব। দুৰ্গম এলেকা সেয়া, খোজ কাঢ়িব পাৰিব লাগিব, তাৰ বাবে আগতীয়াকৈ কঠোৰ অনুশীলনৰ প্ৰয়োজন হ’ব। বিশালে কোৱা ধৰণেৰেই তাই এই ৰাস্তাবোৰত নিচা সানি লৈছিলহে, এই নিচাও বিষালি হ’ল। ফোনটো অন কৰিলে তাই। আকৌ অফ কৰিলে। আকৌ অন কৰিলে। এই অফ-অনৰ খেলটোত আঙুলিটোৰ সমানে সমানে আছুতীয়াকৈ আন এটা বিষৰ জন্ম হ’ল।

 তাই নাজানে, এই বিষৰ নাম কি। নাজানে এই বিষৰ কাৰণ কি? মাথোঁ জানে, তাই উল্কি হ’ব নোৱাৰে। বিশালৰ বিবাহিত জীৱনত তাই নিজকে উল্কিৰ ৰূপত ধৰা দিব নোৱাৰে।

 আস! ক’ৰ পৰা সংগোপনে আহি এজাক পখীয়ে বাহ সাজিছিল বুকুত? এইজাক দিশহাৰা পখী। এইজাক লক্ষ্যহাৰা পখী। ধুমুহা বিধ্বস্ত ৰাতিবোৰ সাৱটি চুকত কুঁচি-মুচি পৰি ৰোৱা এজাক পখী।

 “ভালে থাকাচোন দেই সকলোবোৰ, সুখেৰে থাকা”, নেদেখাজনলৈ অনুৰোধটো এৰি বাগৰটো সলাইছিল মাথোঁ, মাজনিশাৰ ঘন্টা বাজিছিল, কঁকালত অনুভৱ কৰিলে আল্ট্ৰাছৰ স্পৰ্শ। আল্ট্ৰাছৰ উদং বুকুত মূৰ গুজি উচুপিবলৈ মন গ’ল তাইৰ, সুধিবলৈ মন গ’ল তাইৰ, বৃত্তৰ বাহিৰলৈ কিয় ঠেলি পঠিয়ালা মোক? চোৱাচোন, উন্মাদ অণু-পৰমাণুৰে ভৰি পৰিছে মন, উন্মাদ হৈছে আত্মা, উন্মাদ হৈছে শৰীৰ।

 অমানিশাই পৰ দিয়া পুখুৰীটোত তাই জপংকৈ নামিল, তিতা চুলিকোছাই নাগপাশৰ দৰে তাইক মেৰিয়াই ধৰিলে, ওঁঠৰ নিচাবোৰে শীতল পানীত কেলি কৰিলে। তথাপি এই তৃষা নিবাৰণ নহ’ল। তথাপি এই অস্থিৰতাৰ মৃত্যু নহ'ল।

 বাগানভেলিয়াজোপাৰ পৰা সৰি পৰা ফুলবোৰ দূৰলৈ উৰি গ’ল। উৰি উৰি সিহঁতে বাট হেৰুৱালে। ‘মই আকৌ আহিম ফাণ্ডন হৈ তোমালে’, বুলি সুৰ তোলা মৌপিয়াজনীও এই ধুমুহাত হেৰাই গ’ল।

 আচলতেই, ঠিকনাবিহীন এই যাত্ৰ৷। এয়া সৰাফুলৰ যাত্ৰা। এয়া অলংকৃতাৰ যাত্ৰা৷। আহত পখীজাকৰ দৰেই তাইৰো কিছুপৰৰ স্থৱিৰতা মাথোঁ৷........

++

(বিশ)

 এই সকলোবোৰত কাৰো কোনো ক্ষতি নহয়। এটা নিৰ্জন দ্বীপ আৰু নিঃসংগতাৰ স’তে কিছু আলাপ। লগত এখন পুৰণি ডায়েৰী আৰু অলপ নষ্টালজিক গান। গানবোৰৰ স’তে তাইৰ মনটোৱে ৰাগ টানি টানি মেঘৰ সিপাৰৰ শুকুলা ঘোঁৰাৰ ৰাজকুমাৰৰ লগত খেলি থাকেগৈ। সেই ৰাজকুমাৰৰ সপোনৰ পৰা মুক্ত হ’ব নোৱাৰে তাই। কোনোৱেই সেই স্থান ল’ব নোৱাৰিলে। মনৰ সেই ৰাজকুমাৰজন তাইৰ শিৰত হাতৰ ছাঁ দি থকা দেউতাকৰ দৰে ওখ; সমগ্ৰতা আৱৰি ল’ব পৰা ধ্ৰুৱমৰ দৰে অন্তৰংগ; তাইৰ মনৰ তাজমহল কঁপাই তুলিব পৰাকৈ এজন প্ৰেমিকৰ উন্মাদনা, মনতে ভাবে কোন সেয়া, আল্ট্ৰাছ নে বিশাল, জোকাৰি পেলায় মনটো, সেই স্থান ৰিক্ত হৈ ৰওক। পৰনাৰীৰ গোন্ধ থকা আল্ট্ৰাছৰ মনটো নতুবা বিশালৰ দৰে পৰপুৰুষৰ সান্নিধ্য, কোনোটোকেই তাই নিজৰ কৰি নলয়। [ ৮৫ ]  বিশালৰ সৈতে তাই এটা ব্যৱধান ৰাখিবলৈ সিদ্ধান্ত লৈছে৷ তাৰ জীৱনত তাই উল্কিৰ স্থান নলয়৷ সেইখিনি তাইৰ নৈতিকতাত পৰে। কোনো মানুহৰ হানি নকৰাকৈ আগবাঢ়ি যোৱাৰ যি পণ লৈছিল স্কুলীয়া জীৱনতে, সেই নৈতিকতাৰ পৰা তাই আঁতৰি নাযায়।

 “কষ্ট পাবি কৃতা। বৰ কষ্ট পাবি তই”, ধ্ৰুৱমে সকীয়াইছিল তাইক। এতিয়াও মনত পৰে কথাবোৰ।

 তেতিয়া অষ্টম মানৰ ছাত্ৰী তাই। সিহঁতৰ ক্লাছৰ পৰা তিনিজনীকৈ ছোৱালীক শিশু বিজ্ঞান সমাৰোহত যোগদান কৰিবলৈ বাচনি কৰিছিল। তাই ক্লাছৰ প্ৰথম স্থানত থকা হেতুকে তাইৰ নামটো প্ৰথমতেই আছিল। সমাৰোহত প্ৰত্যেকেই এটা বিষয় বাচি লৈ তাৰ ওপৰত সৰুকৈ এটা প্ৰকল্প জমা কৰিব লাগিব, প্ৰকল্পৰ বাবে ফটো সংগ্ৰহ কৰিব, কিতাপ-কাকতত তথ্য বিচাৰিব লাগিব, নৰেন কোঁৱৰ ছাৰে সিহঁত তিনিজনীক মাতি লৈ কথাবোৰ বুজাই আছিল। লগতে আছিল নৱম আৰু দশম শ্ৰেণীৰ আন তিনিগৰাকীকৈ ছাত্ৰী। কিবা এক অবুজ উত্তেজনাত সিহঁতবোৰে কৰিডৰেৰে ব্যস্ত খোজেৰে আহি ক্লাছৰুমত সোমাইছিল মাথোঁ, সোমায়েই তাই মন কৰিছিল প্ৰিয়মৰ মোলান মুখ।

 “কি হ’ল প্ৰিয়ম? গা বেয়া নেকি তোৰ?” প্ৰিয়মৰ তেজে ফুটো ফুটো কৰা চেহেৰাটোৰ মলিন ৰূপ তাইৰ সহ্য নহ'ল।

 প্ৰিয়মে একো নামাতিলে চকুপানীও ৰখাব নোৱাৰিলে। চাদৰৰ আগেৰে চকু মচি লয় ঘনে ঘনে।

 “প্লিজ প্ৰিয়ম। কি হ’ল আক’? কিয় কান্দিছ তই?” তাইৰ কপৌৰ দৰে কোমল কলিজাখন ধৰফৰাই উঠে। ক’ৰবাত কিবা এটা হৈছে। নকয় কিয় প্ৰিয়মে? তাই প্ৰিয়মৰ পিছে পিছে ঘূৰিও কথাটো উলিয়াব নোৱাৰিলে। গধুৰ বুকুখন লৈ তাই পানীখোৱা সময়খিনিতো ক্লাছৰূমতে বহি থাকিল। প্ৰিয়মো খেলপথাৰত অকলে অকলে বহি থাকিল। অলংকৃতাই প্ৰজেক্টৰ আলোচনা কৰিবলৈ যাওঁতে শ্ৰেণীকোঠাত কিনো পঢ়ালে বুলি প্ৰিয়মৰ বহীখন টানি উলিয়াই আনিলে। বহীখন মেলোঁতেই এখন পৃষ্ঠাত তাইৰ চকু ৰৈ গ’ল। অংকৰ বহীখনত সেয়া যেন ডায়েৰীৰ পৃষ্ঠাহে, য’ত প্ৰিয়মে টুকি গৈছিল তাইৰ চকুপানীৰ কাৰণসমূহ। এয়া যে আন কোনো কাৰণ নহয়, বিজ্ঞান সমাৰোহত নিৰ্বাচিত নোহোৱাৰ দুখ। কথাবোৰ জুৰিৰ ফটফটীয়া পানীৰ দৰে স্পষ্ট হৈ পৰিল। হাঁহিও উঠিল তাইৰ, ইমান সৰু কথাতেনো মৰমৰ ছোৱালীজনীয়ে চকুপানী উলিয়াব লাগেনে।

 তাই প্ৰিয়মৰ বহীখন সামৰি থৈ দিলে। আজিও প্ৰিয়মে নাজানিলে, অলংকৃতাই সেই সমাৰোহত যোগদান নকৰোঁ বুলি পিছদিনাখনেই নৰেন কোঁৱৰ চাৰক কিয় আবেদন কৰিলে, প্ৰিয়মক পিছদিনাখনেই কেনেকৈ মাতি নি ছাৰে প্ৰজেক্টৰ সমূহ দায়িত্ব দিলে। অলংকৃতা একাযৰীয়াকৈ ৰৈ দিলে, “ছাৰ মোৰ ঘৰত প্ৰজেক্টটো কৰিবলৈ মানা কৰিছে। প্ৰজেক্টৰ কামত মোক বাহিৰলৈ নিবলৈ মানুহ নাই, তাৰোপৰি মোৰ পঢ়াত ক্ষতি হ’ব”, এনেকুৱা হেজাৰটা সমস্যাৰে তাই প্ৰজেক্টটো বাতিল কৰিলে।

 “চাচোন ধ্ৰুৱম, ইমান সৰু কথাতেনো কান্দিব লাগেনে প্ৰিয়মে?”

 “তই পিছে কি কৰিলি?’’

 “একো নক’লোঁ, ছাৰক এই প্ৰজেক্টটো নকৰোঁ বুলি কৈ দিলোঁ”

 “কিয়?”

 “নালাগে। ইমান সৰু কথাটোৰ কাৰণে কাৰোবাৰ চকুপানী ওলাব কেলেইনো লাগে?”

 “কষ্ট পাবি কৃতা। চকুপানীৰ বিনিময়ত ত্যাগ কৰিবলৈ শিকিলে কষ্টৰ বাদে আন একোকে নাপাবি।”

 তেতিয়া কষ্ট পোৱা নাছিল তাই। প্ৰিয়মৰ লগত বন্ধুত্ব থাকি গ'ল। লগতে থাকিল তাইৰ ত্যাগ কৰাৰ স্বভাৱটোও৷ কষ্ট পাইছে এতিয়াহে। সকলো ত্যাগ কৰিও যেতিয়া দেখে, স্বীকৃতিতো বাদেই, তাইৰ কষ্টখিনিয়ে কাকো সুখীও কৰিব নোৱাৰিলে। কি মূল্য তাইৰ ত্যাগৰ? এই ত্যাগ ভুল, বাৰে বাৰে ত্যাগ কৰে তাই, বাৰে বাৰে ভুল কৰে একেটাই।

 বিশালৰ লগত যোগাযোগ কমাই দিয়াৰ সিদ্ধান্ত লয়। আগৰ দৰে সৰু সৰু কথাতে তাক টানি ফুৰা স্বভাৱটো তাই সলাই পেলাব। এক অনামী সম্পৰ্কৰ প্ৰতি আসক্ত হৈ পৰিছিল নেকি তাই, বিশালৰ পৰা আঁতৰি অহাৰ সিদ্ধাস্তটোৱে দেখোন তাইৰ বুকু কুৰুকিবলৈ ধৰে। বিশালৰ মাকৰ কথাষাৰ মনত পৰে তাইৰ, [ ৮৬ ]  “সি আজিকালি মদ খাবলৈ লৈছে নেকি আই, খবৰ লবিচোন”।

 খবৰ লৈছিল তাই। ‘ৰেগুলাৰ ড্ৰিংকাৰ’ হৈ পৰিছে সি। কিয় কিয় বুলি প্ৰশ্ন কৰিছিল তাই। মাকে আকৌ তাইৰ হাত দুখনত খামুচি ধৰি লৈছিল, “তাৰ সংসাৰখন পাতি দিব পাৰিলেই মই শান্তিত মৰিব পাৰোঁ আই। তোৰ দৰে ছোৱালী এজনী চাই দিবিচোন।”

 তাইৰ দৰে ছোৱালী চাই দিয়াৰ দৰকাৰ নহ’ল। বিশালে বিয়া ঠিক হোৱাৰ খবৰ তাইক দিয়াৰো দৰকাৰ নহ’ল। চকুলো এটোপাল আহি তাইৰ চকুত বিৰিঙিল। ক’ৰবাত প্ৰত্যয়ৰ অৱক্ষয় ঘটিল, ক’ৰবাত সময়বোৰ বিভঞ্জিত হৈ ৰ’ল। সিমানখিনিয়ে উমান পালে তাই। বাকী সকলোবোৰ একেই থাকিল। চৌদিশে একেই জোনাক, একেই ৰ’দালি, একেই তৰালি। চৌপাশে আকাশখন সিঁচি দিয়া পোহৰৰ ৰেঙনি।

 অফিচৰ ফাইলত ডুবিছিল মাথোঁ তাই, ফোনটো বাজি উঠিল। উঠাও নুঠাওকৈ ফোনটো উঠালে, সিফালৰ পৰা কৈ উঠিল,

 “মিচেচ অলংকৃতা, মই ৰাহুল। বিশালৰ বন্ধু।”

 বিশালৰ বন্ধু ৰাহুল। সাংবাদিক ৰাহুল। এই ৰাহুলৰ কথা বিশালে তাইক কৈছিল। কিয় ফোন কৰিছে সি? এইকেইদিন বিশালৰ ফোন তাই ধৰা নাই, সেয়েই ফোন কৰিছে চাগৈ। ক্লাছ নাইনৰ দৰে ল’ৰামতীয়া স্বভাৱটো নগ’ল এই বিশালৰ। ভাল লাগিল। অলপ ক্ষু্ণও হ’ল। অভিমান নে কি সেয়া তাই বিচাৰ নকৰে। এয়া নিষিদ্ধ অভিমান। এয়া অধিকাৰ বৰ্জিত অভিমান।

 তাইক মনে মনে থকা দেখি ৰাহুলে পুনৰ কৈ যায়,

 “বিশালে আপোনাৰ লগত কথা পাতিবলৈ কৈছিল। অলপ জৰুৰী কথা আছিল।”

 অলংকৃতা আচৰিত হয়, “মোৰ লগত কি জৰুৰী কথা আছে তেওঁৰ, বিয়াৰ খবৰটোকে দিয়াৰ সৌহাৰ্দ্যকণ নকৰিলে। কি কথা আছে মোৰ লগত তেওঁৰ?”, অমাতৰ অভিমানত নাকৰ পাহি ফুল আহে তাইৰ।

 “মিচেছ অলংকৃতা। মই আপোনাক লগ পাব বিচাৰিছোঁ৷ ইন ফেক্ট মই আজি আপোনাৰ চহৰতে আছোঁ”।

 তাইৰ বাবে অচিনাকি এজন যুৱক। বিশালৰ সতে সম্পৰ্কৰ দোহাই দি তাইক লগ কৰিবলৈ বিচাৰিছে। কি কৰা যায়। একো সিদ্ধান্ত ল’ব নোৱাৰি মনে মনে ৰয় মানে ৰাহুলে পুনৰাই কয়,

 “মই কাইলৈ পুৱাই যামগৈ। কি কৰিব বিচাৰে জনাব। বিশালে খুব জোৰকৈ ধৰিছিল যাতে আপোনাক লগ নকৰাকৈ মই উভতি নাযাওঁ।”

 ফোন থ’লে ৰাহুলে। ফাইলত নোট এটা দিবলৈ লৈ তাই ৰৈ গ’ল। কি লিখিব বিচাৰিছিল, কি লিখিবলৈ আছিল? নাই, মনত নপৰে তাইৰ। নোটটো আধালিখাকৈ ৰয়। নতুনকৈ পাখিগজা পখীজনীৰ দৰে উৰণীয়া মনটো কোনোমতে ধৰি বান্ধি আনিছিলহে মাত্ৰ ফোনটোৱে সেই মনোযোগ নাইকিয়া কৰি পেলালে। অন্যমনস্ক হৈ পৰিল তাই। কোৰ্টৰ পিছফালৰ ফিল্ডখনৰ পৰা মাইকত চিঞৰ বাখৰ ভাঁহি আহিছে। নতুন বছৰক আদৰাৰ প্ৰতিশ্ৰুতি চলিছে কেওফালে। উচ্চস্বৰত হিন্দী গান বাজিছে। সেই গানৰ কম্পনাংকত তাইৰ মনটোতো জঁক উঠে। এতিয়াই যেন চুলি মেলি হাতৰ আঙুলি নচুৱাই তাই জীৱন্ত কালীমাৰ ৰূপ ল’ব। ভিৰ ফালি ফালি এডুখৰি বস্ত্ৰেৰে সাগৰৰ তীৰত আশ্ৰয় ল’ব। ওহোঁ। সাগৰৰ তীৰত নবহে তাই। তাত ঢৌবোৰে তাইৰ বুকুত খুন্দা মাৰে। তাতকৈ তাই কোনো এক নিৰ্জন দ্বীপত নিৰ্বাসনী দণ্ড খাটিব। এই উদভ্ৰান্ত সময়বোৰ উদযাপন নকৰে তাই। নিঃসংগ সময়ৰ ভিৰবোৰত নিজকে বুৰাই ৰাখিব তাই।

 অনন্তকালৰ প্ৰতিশ্ৰুতিবোৰ সামৰি থোৱাত তাইৰ আহত হৰিণীৰ দৰে চকুহাল ৰক্তিম হৈ পৰিল। নোটটো লিখিলে খচাখচ। কলিংবেল টিপি ফাইলবোৰ পঠিয়াই দিলে ওপৰলৈ। ফাইলটো পঠিয়াই লৈ তাই ভাবিলে, জজৰ ওচৰলৈ নিজে যোৱাই উচিত আছিল নেকি? ফাইলটো নাচালে কামবোৰ ৰৈ যাব। দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষটোৰ মোকামিলাৰ নোট আছে ফাইলত। জাননী পঠিয়াব লাগে সোনকালে এনেকুৱা উৎসৱবোৰত মাৰপিট বাঢ়ে। নিচা খাই পুৰণি আখেজ পূৰ কৰাৰ চেষ্টা কৰে বহুতেই। এনেকুৱা সময়বোৰতে পুলিচ-কাছাৰীৰ কাম বাঢ়ে। তাই চকীৰ পৰা উঠি চিভিল জজৰ চেম্বাৰলৈ বুলি খোজ লয়। ইটোৱে সিটো পক্ষক উঁচটনি দিয়াৰ আগতেইসৰু সৰু সমস্যাবোৰ সমাধান কৰাৰ দৰকাৰ। দুটামান ফাইলত চহী হোৱাৰ দৰকাৰ। [ ৮৭ ]  জজৰ ওচৰলৈ বুলি কৰিডৰেৰে খোজ কাঢ়ি আহোঁতেই লগ পালে কৃশানু গৌতমক। তাইৰ ফালেই আগবাঢ়ি আহিছে অধিবক্তা কৃশানু। বিশালৰ বন্ধু কৃশানু। কৃশানুক দেখি তাই ৰৈ গ’ল।

 “মেডাম, বিশালে আপোনাক ফোনত পোৱা নাই। খুব চিন্তাত আছে সি।” নতুন বছৰৰ গ্ৰীটিংচ কাৰ্ডখন আগবঢ়াই তাইক কৈ উঠিছে কৃশানুৱে।

 তভক মাৰি ৰয় তাই। বিশালে কাক কাক কোৱা নাই তাইৰ কথা। খং উঠে তাইৰ। ধৈৰ্য ধৰিবলৈ শিকা নাই সি। তাইৰ বাবে চিন্তা কৰিছে, পৃথিৱীখনক জনাই দিয়ে সেই খবৰ।

 উস! সি ইমান অবুজ নে? সম্পৰ্কৰ মহত্ব তাই বুজে। সকলোৱে বুজিবনে সেই কথা? বিশাল আৰু তাইৰ ঘনিষ্ঠতাক লৈ ইতিমধ্যে বু বু বা বা চলিছেই। সত্যতা নথকা কিছুমান কথা তাই এৰাই চলে। কিন্তু এইবাৰ যে অলপ বেছিকৈয়ে হ’ল। কৃশানুৰ দৰে জুনিয়ৰৰ সন্মুখত তাই অসহজবোধ অনুভৱ কৰিলে। কোনোবাই কৈছিল তাক, বিশাল আজিকালি নিচাত থাকে। সঁচাকৈয়ে নিচাত তাৰ বুদ্ধি লোপ পাইছে।

 “মেডাম। কিবা চিন্তা কৰিছে?”

 “অ’ নহয়। মই জজছাৰৰ ওচৰলৈ যাওঁ। তেওঁ ওলাই গ’লে অসুবিধা হ’ব। তুমি যোৱা কৃশানু। মোৰ ৰূমত বহাগৈ”, তাই দৌৰি দৌৰি জজৰ ৰূম পায়গৈ।

 ক’লা কোট-বগা শাৰী পৰিহিতা অলংকৃতাৰ মনটো আচলতেই ৰঙা। এই কথাটোকে ভাবি ভাবি কৃশানু বহি থাকে তাইৰ চেম্বাৰত। বিশালে আজিকালি খুব ড্ৰিংকচ কৰে। তাৰ অত্যধিক নিচাৰ কাৰণ সিহঁতে বুজি পোৱা নাছিল। মঙলদৈৰ কোনোবা চুকৰ বাৰ এখনত বহি কৃশানু, ৰাহুলহঁতে বিশালৰ পৰা কথাবোৰ কুৰুকি কুৰুকি উলিয়াইছিল।

 অলংকৃতা সুখী নহ’লে সিও অসুখী হয়। অলংকৃতা মাতাল হ’লে সিও মাতাল হয়।

 “কি বিচাৰিছ তই? জাননে অলংকৃতা যে দুটি সন্তানৰ মাতৃ?”, তাক বুজাব নোৱাৰি কৃশানুৱে সুধি পেলাইছিল।

 “জানো”, তাৰ চুটি উত্তৰ।

 “তেন্তে?’’

 “ইয়াতেই ৰৈ যাওক জীৱনটো। মই তেওঁৰ সহায় হৈ সমান্তৰাল পথত ভৰি থওঁ, সেয়াই মোৰ আশা, তাতকৈ বেছিকৈ আশা কৰিবলৈ অলংকৃতাৰ জীৱন-দৰ্শনে মোক বাধা দিয়ে।”

 “বিয়া?”

 “বিয়াৰ কথা ভবা নাই।”

 “তই জাননে, তোৰ মায়ে বিয়াৰ কাৰণে ছোৱালী ঠিক কৰি পেলাইছে।”

 “হাঃ হাঃ হাঃ! মায়ে এতিয়ালৈ কিমান ছোৱালীৰ লগত মোৰ বিয়া ঠিক কৰিলে হিচাপ আছেনে?”

 বিশাল নিচাগ্ৰস্ত। গিলাচৰ নিচা, জীৱনৰ নিচা আৰু প্ৰেমৰ নিচাত সি সমানে আছন্ন। সদ্যহতে সি বিয়া নাপাতে, সেয়া তাৰ সিদ্ধান্ত। অথচ মাকে তালৈ ছোৱালী চাইছে, সেয়াও মাকৰ সিদ্ধান্ত৷ মাকক বোৱাৰী লাগে, সেয়া সত্য।

 “মাক এই নাটকখন বন্ধ কৰিবলৈ কৈ দিবি কৃশানু। নহ’লে মই ঘৰলৈ যোৱাই বাদ দি দিম।”

 সি ঘৰলৈ যোৱা বাদ দিয়ে। অলংকৃতাক লগ পোৱাৰ বাট ৰুদ্ধ হয় তাৰ। দীপকক লগ কৰাৰ পৰিকল্পনা কৰি অলংকৃতাক মাতি পঠিয়াবলৈ ফোন কৰে। অলংকৃতাই ফোন ৰিচিভ নকৰে। সি ভাগি পৰে। কৃশানুক কাকুতি কৰে, ৰাহুলক পঠিয়ায় অলংকৃতাৰ কাষলৈ। একোতে সি শান্ত নহয়। ক্ষান্ত নহয় সি। অস্থিৰতা, উন্মাদনাবোৰ চকুলো হৈ সৰে। এই চকুলোবোৰ বিৰহৰ চকুলো, সিও বুজে।

 “কি কৰিলোঁ মই যে, তেওঁ মোৰ মাতটোকে শুনিবলৈ প্ৰস্তুত নহয়। নে কিবা সমস্যা হৈছে তেওঁৰ? আল্ট্ৰাছে নতুন কিবা জগৰ লগালেনেকি?”

 নাজানে সি। পূবৰ বতাহজাকে অলংকৃতাৰ সুবাস কঢ়িয়াই নানে। ইথাৰত অলংকৃতাৰ মাত ভাঁহি নাহে। কি জগৰ লগালেনো সি? [ ৮৮ ]  কৃশানুৱে তাকে ভাবি ভাবি অলংকৃতাৰ চেম্বাৰত বহি থাকিল। খটখটকৈ চিৰিৰে কোনোবা নামি আহিল শব্দটো আহি মেৰেককৈ দুৱাৰ খুলি সোমাই আহিল।

 “কৃশানু, বহিছা? কি খবৰ কোৱা। কিবা খাবা? ৰ’বা চাহ আনিবলৈ কওঁ”, বুলি তাই কলিংবেলটো টিপিলে পুনৰ।

 সময়ে সময়ে সাদৰী মানুহজনী। সময়ে সময়ে ৰঙীন মানুহজনী সময়ে সময়ে জটিল মানুহজনী সময়ে সময়ে দুৰ্বোধ্য মানুহজনী। নাৰীৰ বহু ৰূপ। অলংকৃতাৰো বহু ৰূপ। মাথোঁ এটায়েই প্ৰয়োজন তাইক-আঙুলিত ধৰিবলৈ এখনি হাত আৰু বুকু ভৰাবলৈ একাঁজলি মৰম। প্ৰত্যেক নাৰীৰ সেয়াই প্ৰয়োজন। অলংকৃতাৰো সেয়াই প্ৰয়োজন। বাহিৰত লৌহমুখা এখনি পিন্ধি থাকিলেও ভিতৰখন কপৌৰ বুকুখনৰ দৰে কোমল। চকু-মুখলৈ মৰমৰ আভা সানি কৃশানুক সুধি পেলায়,

 “কোৱা নিউ ইয়েৰ প্লেন কি? পিকনিক, আউটিং নে আন কিবা?”

 “নাই নাই এতিয়াও ভবা নাই, আপোনাৰ?”

 “ওমম। ভাবি আছো। নৰ্থ ইষ্ট এক্সপ্ল’ৰ কৰিম এইবাৰ৷ বাহিৰলৈ বহুতবাৰ গ’লোঁ। নিজৰ ঠাইবোৰ বাদ পৰি গৈছে, সময় মিলাব পাৰিলেই অলপ ইফালে সিফালে ঘূৰিম।”

 মণিপুৰলৈ নাযায় তাই। তাত আইন শৃংখলা ভাল নহয়। অৰুণাচললৈ নাযায় তাই। তাত উল্কিৰ ছবিয়ে খেদিব তাইক! নাগালেণ্ডৰ পাহাৰত খোজ কাঢ়িব পৰাকৈ তাই অভ্যস্ত হৈ উঠা নাই। চিকিমলৈ নাযায় তাই। তাৰ ফেৰফেৰীয়া বতাহজাকে বুকুৰ জুইকুৰা উমি উমি জ্বলায়। তাই ৰূমৰ ভিতৰত বন্দী হৈ থাকিব। অন্তত বাহিৰৰ কোলাহলবোৰ শেষ নোহোৱালৈকে তাই বন্ধ ৰূমতে পৰি থাকিব। কিন্তু বাহিৰৰ পৃথিৱীক নজনায় সেই কথা। সেয়ে কৃশানুৰ ওচৰতো মিছা মাতিলে,

 “ভাবি আছোঁ, প্লেন কৰিছোঁ, যাম ক’ৰবালৈ, মায়’দিয়া নতুবা টিৰাপ-সীমান্ত, তিব্বতীৰ মাজত নতুবা মৌচিনৰামৰ বৰষুণত জুক’ভেলীৰ ফুলৰ উপত্যকা নতুবা অগ্নিগড়ৰ উষা-অনিৰুদ্ধৰ প্ৰেম, এইবোৰৰ মাজতে নতুন বছৰ আদৰিম”।

 আচলতে ক’তোৱেই নাযায় তাই। কিছুদিনলৈ বাহিৰৰ কোলাহলে আমনি কৰিব নোৱাৰাকৈ হৃদয়ৰ ফুটাবোৰ বন্ধ কৰি থ’ব তাই। উদ্ যাপনৰ ক্ষণবোৰ বিশৃংখল কৰি মনটোক আউলীয়া সূতাৰে বান্ধিব তাই। শৰীৰৰ পৰা মনটোক নিলগাই আসুৰিক আনন্দ লভিব তাই।

 কৃশানুক বিদায় দি তাই ৰমেশক গাড়ী উলিয়াবলৈ ক’লে। মিহি মিহিকৈ বিষ এটা জজৰ কোঠাৰ বগা শাৰীৰ আঁচলেৰে বান্ধি লৈ আহিছিল। কৃশানু থকা অৱস্থাত সেই বিষটো নিতাল মাৰি পৰি আছিল। গাড়ীত বহোঁতেই বিষটোৱে তাইক দৈত্য এটাৰ দৰে হেঁচা মাৰি ধৰিলে। তাইৰ ট্ৰেন্সফাৰ হোৱাৰ চান্স আছে, তাই কোৱা কথা নহয়, স্বয়ং জজে কোৱা কথা। প্ৰমোচনৰ লগতে বদলি। বুকুখন ভাঙি যায় তাইৰ। এই ঘৰৰ মোহত পৰি তাই ঠাই সলাব নোৱাৰ হ’ল। ওচৰৰ জিলালৈ ট্ৰেন্সফাৰ দিলে তাই ঘৰৰ পৰাই অহা যোৱা কৰিব, কিন্তু দূৰলৈ দিলে? কি হ’ব তেতিয়া? আগৰে পৰাই সেই চিন্তাটো মনলৈ আহিলেই নিৰাশাত ভোগে তাই। হয় সন্তান এৰিব লাগিব, নহয় ঘৰখন এৰিব লাগিব। বদলি হৈ থকা চাকৰিবোৰৰ অনিশ্চয়তা এয়া। অনুভৱ কৰে তাই, গ্লেমাৰ এটা আছে কাৰণেই এই জীৱনটো বাচি ল’লে যদিও তাইৰ দৰে ঘৰৰ মোহত বন্দী নাৰী এগৰাকীৰ বাবে এয়া বৰ কষ্টকৰ সময়। জীৱনৰ তাগিদাত পিতৃ-মাতৃ দুয়োজনে কৰ্মদক্ষতাৰে বৰ্হিমুখী জীৱন ধাৰণ যাপন কৰি লয় যদিও ঘৰ-সংসাৰ পৰিচালনাত তথা শিশুৰ প্ৰতিপালনত গুণগত সময়ৰ সদব্যৱহাৰ কৰিব লগা হয়। গুণগত সময়খিনিলৈ সময়ৰ নাটনি হ’ব তাইৰ। ট্ৰেন্সফাৰ হৈ গ’লে সেই সময়খিনি মিলাব নোৱাৰিব তাই।

 সন্তান দুটি তাইৰ দুৰ্বল বিন্দু। সিহঁতক মানসিকভাৱে সবল কৰি তুলিবলৈ তাই যিমান পাৰে সিমান চেষ্টা কৰে। অন্য মাতৃৰ দৰে বজাৰৰ পেকেটফুড কিনি দি কেৱল শৰীৰৰ বিকাশ হোৱাত গুৰুত্ব নিদিয়ে তাই। বৰঞ্চ সিহঁতৰ মনৰ সহায়ক হোৱাকৈ বিভিন্ন নীতিশিক্ষামূলক আচৰণৰ যোগান ধৰে। এই লৈও আল্ট্ৰাছৰ লগত কত ওখনা-ওখনি। লাগ বুলিলেই আল্ট্ৰাছে যিকোনো বস্তু সিহঁতৰ হাতত তুলি দিয়াৰ পৰিৱৰ্তে তাই দুদিনমান দেৰিকৈ দিয়াৰ প্ৰতিশ্ৰুতি আদায় কৰে। তাইৰ যুক্তি, ইয়াৰ জৰিয়তে শিশুহঁতৰ ধৈৰ্যগুণ বাঢ়ি যায়। সেই ধৈৰ্যগুণৰ [ ৮৯ ] ফলশ্ৰুতিতে সিহঁত দুটিয়ে কাগজ পেঞ্চিল লৈ ঘণ্টা ধৰি ছবি এখনৰ লগত যুঁজি থাকে নতুবা মোমায়েকলৈ জোঁটাই জোঁটাই চিঠি লিখে। টিভিটো চাই থকাৰ সময়ত তাই আহি অনুৰোধ কৰে মাত্ৰ, “টিভি চাই হ’লে ভাত খাবলৈ আহিবা দেই”, লগে লগে দুয়োটাই টিভি বন্ধ কৰি ভাতৰ পাতত বহে। তাইৰ সম্বন্ধীয় বায়েক এজনী আহিছিল এবাৰ। আচৰিত হৈ সুধিছিল, “ইহঁত বৰ সোনকালে ডাঙৰ হৈছে দেখোন, টিভিটো বন্ধ কৰিবলৈ ক’লেই বন্ধ কৰি দিয়ে, আমাৰটোক দুচাট নিদিয়ালৈকে টিভিৰ ওচৰৰ পৰা আঁতৰেই নহয়।”

 বয়সত ডাঙৰ যদিও তাইহে বায়েকক শিকাইছিল, “নহয় বাইদেউ, শিশুক কেতিয়াও আদেশ দিব নালাগে। শিশুক বুলিয়েই নহয়, আনসকলকো অনুৰোধ কৰিলে যিটো কাম সহজে সিজে, আদেশ দিলে সেই কামটো সহজে নিসিজে। এই যে মই ইহঁতক অনুৰোধ কৰিলোঁ নতুবা নিজে সিদ্ধান্ত ল’বলৈ সুযোগ দিলোঁ সেইটোতে ইহঁতে নিজৰ অস্তিত্বৰ গুৰুত্ব বুজি পালে”।

 সাতবছৰীয়াটিয়ে নিজে নিজে ভাত খাওঁতেও বায়েক আচৰিত হৈছিল, কৈছিল, “আমাৰটোৱে নিজে খাবলৈ শিকাই নাই”।

 তাই তপৰাই মাত লগাইছিল, “লেতেৰা কৰে কাৰণে তই তাক নিজে নিজে খাবলৈ দিয়া নাই নহয়নে?”

 বায়েকে স্বীকাৰ কৰিছিল, “তই কথাটো ঠিকেই ধৰিছ।”

 “চা দেই বাইদেউ, শিশু এটিৰ মাজত স্বয়ংসম্পূৰ্ণ অনুভূতি থাকে। সেই অনুভূতিক সন্মান জনোৱা উচিত। শিশুৱে নিজে খাবলৈ দিলে আনন্দ পায়, ইয়াৰ নিজৰ ওপৰত বিশ্বাস জন্মে। ফলত শিশুটিৰ আত্মনিৰ্ভৰশীলতা বাঢ়ে?”

 এই যে তাই সিহঁত দুটিক ইমান আত্মনিৰ্ভৰশীল কৰি তুলিছে, প্ৰকৃততে ইয়াৰ আঁৰত কি। কথাটো ভবাৰ লগে লগে আন কিছু খনাত্মক অনুভূতি তাইৰ চৌপাশে ঘূৰি ফুৰিল। ট্ৰেফিক পইণ্টত গাড়ীখন ৰখাওঁতেহে তাই বাস্তৱলৈ ঘূৰি আহিল। বাস্তৱলৈ ঘূৰি আহি তাই ভাবিলে, কি কাৰণ আছিল? ইহঁত দুটিক ইমান সৰুৰে পৰা আত্মনিৰৰ্ভৰশীলতাৰ শিক্ষা দিয়াৰ কি কাৰণ আছিল?”

 আছিল কাৰণ। প্ৰায়ে তাই অনুভৱ কৰিবলৈ লৈছিল, তাই ক’ৰবাত হেৰাই যাব, হেৰাই গ’লেই যে সিহঁত দুটিৰ আলৈ আথানি হ’ব, সেই কথা তাই জানে। আল্ট্ৰাছৰ নতুন পত্নী নতুবা সিহঁতৰ হোষ্টেলীয়া জীৱন-তাতকৈ আগলৈ নভবাকৈ তাই হেৰাই যোৱাৰ আখৰা কৰি সিহঁত দুটিক তাইৰ পৰিপূৰক কৰি তুলিব বিচাৰে। আল্ট্ৰাছ ভাল পিতৃ, সেই কথা জানিও তাই পৰিস্থিতিৰ প্ৰয়োজনীয়তাক বিশ্বাসত ল’ব নোৱাৰে।

 ঋণাত্মক ‘তাই’ জনীক গালি পাৰি উঠে তাইৰ ভিতৰৰ ধনাত্মক আয়নবোৰে। মৰমকণাবোৰ সিঁচৰতি কৰি তাইৰ ফোনটো বাজি উঠে, “মা মা সোনকালে আহা, পাপাই তোমালৈ ৰৈ আছে।”

 আচৰিত হয় তাই, আল্ট্ৰাছে ৰৈ আছে তাইলৈ। কিয় ৰৈ আছে তাই নাজানে। তাইক আল্ট্ৰাছে জনোৱা নাই। সন্তানৰ হতুৱাই তাইক ফোন কৰি জানিবলৈ দিছে। ইমানকণ অহমিকা নেৰে তেওঁ, এই সময়তো দম্ভালি নেৰে। কি হ’লহেঁতেন, যদি তেওঁ নিজেই ফোন কৰিলেহেঁতেন? নে এয়া অসহজবোধ? আল্ট্ৰাছ এতিয়াও তাইৰ ওচৰত সহজ হ'ব পৰা নাই। সেই বিশৃংখল সময়ছোৱাই সিহঁতৰ মাজত গাঁথি দিয়া মৌনতাৰ দেৱালখন পাৰ হ’ব পৰা নাই দুয়োজনেই আচৰিত আচৰিত। এনেকৈও একেখন বিছনাতে দুয়োজনে ৰাত্ৰিাপন কৰে। কথাবোৰে তাইক দুৰ্বোধ্যতাৰ নৈখনলৈ ঠেলি দিয়ে। পাৰলৈ আহিব খুজিও নোৱাৰে তাই।

 যিদৰে নোৱাৰিলে আজিও। ঘৰত ভৰি দিয়াৰ আল্ট্ৰাছে তাইক মাত লগালে, “এফালে যাওঁ। যোৱা সোনকালে ৰেডি হৈ লোৱা”।

 উচপ খাই উঠে তাই। কিমানদিনৰ মূৰত যে আল্ট্ৰাছে তাইক এনেদৰে মাতিছে? ডিঙিত সোপা মাৰি ধৰিলে এসোপা বেদনাই। জঁট লগা সময়বোৰৰ আউল ভাঙিব পৰাকৈ মুখত মাত এষাৰি ওলাই নাহিল তাইৰ। বৰঞ্চ তাই বাথৰূমত সোমালে, ৱাৰ্ড্ৰবৰ পৰা কাপোৰ এযোৰ উলিয়াই দেহা আৱৰিলে, কাজলেৰে চকুৰ উদাসীনতা ঢাকিলে, ৰঙেৰে ভৰুণ ওঁঠৰ কম্পনাংক ৰচিলে। তাৰ পিছত তাই গাড়ীত বহিল। আল্ট্ৰাছ ড্ৰাইভিং চিটত। চহৰৰ মাজেৰে গাড়ী চলিল। ক’লৈ গৈছে তাই নাজানে। তেতিয়াহে গম পালে, যেতিয়া অভিজাত হোটেলৰ আগত আল্ট্ৰাছে গাড়ী ৰখালে। ফুলৰ থোপাটো লৈ আল্ট্ৰাছ আগবাঢ়িল, তাৰ কাষে কাষে তাই। এই সময়ত কাৰো সাধ্য [ ৯০ ] নাই, সিহঁতক সুখী দম্পতি নহয় বুলি কোৱাৰ। সৰু দুটিক আন ল’ৰা-ছোৱালীবোৰৰ লগত খেলিবলৈ দি সিহঁত ওপৰলৈ বুলি খোজ ল’লে। চহৰৰ বিখ্যাত ব্যৱসায়ীজনৰ সৰুপুত্ৰৰ জন্মদিন উপলক্ষে এই আয়োজন। এই পৰিৱেশত তাই অনভ্যস্ত। প্ৰায়েই আল্ট্ৰাছে এই পাৰ্টিসমূহ চম্ভালে। তাই আহিবলৈ নিবিচাৰে। আল্ট্ৰাছৰ লগত সদায়েই কোনোবা নহয় কোনোবাজনী বান্ধৱী থাকে। তাইক মুক্ত মনৰ বুলি অভিহিত কৰি আল্ট্ৰাছে নিজৰ ব্যক্তি স্বাধীনতা খৰ্ব হ’বলৈ নিদিলে। সেইবোৰত তাইৰ আপত্তি নাই, আজিহে আচছৱা লাগিছে৷ তাই নহা হ’লে নহ’লহেঁতেননে? বেশ-ভূষাৰ ফালৰ পৰা হওক নতুবা কৃত্ৰিম হাঁহি এটি বিৰিঙাবলৈকে হওক, সিমানখিনি আধুনিক তাই হৈ উঠা নাই। কি কৰেনো তাই? তাইৰ জীৱন দৰ্শন আৰু আল্ট্ৰাছৰ জীৱন দৰ্শন সম্পূৰ্ণ বেলেগ। সেই কথা বুজি উঠে মানে দুটা সম্ভানৰ মাতৃ হ’ল তাই। হাঁহি উঠে। এতিয়া যে ওলটি যাব পৰাকৈও সুগম হৈ থকা নাই পথ।

 তাইৰ লগত চিনাকি হৈছে আল্ট্ৰাছৰ বন্ধুবৰ্গই। তাইৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছে, তাই পিন্ধা কাপোৰযোৰৰ প্ৰশংসা কৰিছে৷ আল্ট্ৰাছে ড্ৰিংকচ কৰিছে, আল্ট্ৰাছে নিচা বাকিছে গিলাচত। আল্ট্ৰাছক ঘেৰি ধৰিছে সুন্দৰীসকলে। আল্ট্ৰাছে তাইলৈ চোৱা নাই। নিজৰ পৃথিৱীত তেওঁ বিলীন হৈ গৈছে।

 বাৰাংগনাৰ জুপুৰিখনলৈ মনত পৰিল তাইৰ। ছবিখনত মহাজনৰ চৰিত্ৰটো আঁকিবলৈ আছিল তাইৰ। সেই মহাজন, যিজনৰ ওচৰত বন্ধকী হৈছে তাইৰ শৰীৰ। যাৰ ওচৰত চুক্তিবদ্ধ হৈছে তাইৰ বিভ্ৰান্ত সময়বোৰৰ হিচাপবোৰ। আল্ট্ৰাছৰ মুখখন মহাজনৰ ৰূপত তুলিকাত তুলিব লাগে তাই। সেই ছবিখন তাইৰ নিচা। তাইৰ নিচাৰ লগত আল্ট্ৰাছৰ নিচা নিমিলে। উচপিচনি বাঢ়ি গৈছে তাইৰ। আল্ট্ৰাছৰ লগত ছোৱালীকেইজনীয়ে ফটো উঠিছে। এসময়ত সুদৰ্শন আল্ট্ৰাছ তাইৰ অহংকাৰ আছিল। এতিয়া সেই সুন্দৰতা তাইৰ মূৰ কামোৰণি। আমনি লাগিছে তাইৰ। হাতেৰে ইংগিত দিছে আল্ট্ৰাছক। আল্ট্ৰাছে দেখিও নেদেখাৰ ভাও জুৰিছে। কিয়, কিয়, কিয়, আনিছিল ইয়ালৈ তাইক? কি দেখুৱাবলৈ আনিছিল? দেখুৱাবলৈ আনিছিল নেকি, “মোৰ ফিল্ড এতিয়াও শেষ হৈ যোৱা নাই চোৱা মিচেছ অলংকৃতা। এতিয়াও মোৰ সোঁৱে বাঁৱে, আগে পিছে সুন্দৰীৰ লানি”।

 তাই তললৈ নামি সন্তানদ্বয়ৰ কাষ চাপে। সিহঁত দুটিয়ে খুব ফুৰ্তি পাইছে। লগৰ সমনীয়াৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছে, ভিডিও গেম খেলিছে, একেলগে খাবলৈ বহিছে। এয়া আজিৰ প্ৰজন্ম। যিকোনো পৰিৱেশকে অনুকূল কৰি তুলিব পৰা প্ৰজন্ম। সিহঁতক খাই থকাতে এৰি তাই আকৌ ওপৰলৈ আহিল। আল্ট্ৰাছৰ বন্ধু এজন আগবাঢ়ি আহিল,

 “দেন, ইউ আৰ মিচেছ অলংকৃতা। দেট হট লেডি উইথ কুল মেজাজ।”

 “হোৱাট?”, তাইৰ উন্মা মিহলি মাত শুনি সি নিজকে কিছু সম্বৰণ কৰে। তাৰ পিছত পুনৰ কৈ যায়, “য়েচ। ডু ইউ ন’ ইয়ৰচেলফ? নিজক জানানে তুমি?”

 নাকত নিচাৰ গোন্ধ লাগিছিল তাইৰ। কৈ গৈছে আল্ট্ৰাছৰ নিচাসক্ত বন্ধুৱে, “সি তোমাৰ ওচৰত থিয় হ’ব পৰা নাই। ইমান যোগ্যতাই নাই তাৰ। সেয়ে সি নিচাত ডুবি থকাৰ অভিনয় কৰিছে। য়েচ মিচেছ অলংকৃতা, তোমাক চম্ভালিব পৰাকৈ তাৰ যোগ্যতা নাই, সেই কথা সিও বুজি উঠিছে, সেইবাবেই তাৰ এই ঢংবাজি।”

 পতিব্ৰতা নাৰীৰ দৰে তাই দূৰলৈ চাই ৰয়। আনে আল্ট্ৰাছক বেয়া বুলিলে তাইৰ বেয়া লাগে। এইবাৰ সি কিছু কোমলকৈ কয়,

 “এই যে তাৰ কাষে কাষে ঘূৰি ফুৰা ছোৱালীবিলাক, সিও জানে তোমাৰ লগত সিহঁতৰ তুলনাই নহয়, তথাপিও তোমাক দুৰ্বল কৰিবলৈকে সি এইবোৰ কৰি আছে। চ’ ড'ন্ট ৱৰী, লেটচ গ’ ফৰ ডিনাৰ।”

 তাই আল্ট্ৰাছলৈ চায়। আল্ট্ৰাছে গিলাচত পেগ বাকি লয় পুনৰবাৰ, তাই নিজকে প্ৰশ্ন কৰে,

 “ইমানকৈ কিয় খাব লাগে আল্ট্ৰাছে? এনেকৈচোন গাড়ী চলাবলৈকে দিগদাৰ হ’ব”। ওচৰলৈ গৈ ক’ব নেকি, “আজিলৈ হৈ যাব আল্ট্ৰাছ। ঘৰলৈ ব’লা”।

 নাই। নাযায় তাই আল্ট্ৰাছৰ ওচৰলৈ। আল্ট্ৰাছ মাতাল হৈছে। কিবা এষাৰ ক’লেই অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে। সন্তানক এই ৰূপ দেখুৱাব নিবিচাৰে তাই। ডিনাৰৰ টেবুলত বহিল তাই। লগত আল্ট্ৰাছৰ বহুবল্কী বন্ধু। [ ৯১ ]  “তোমাক থৈ আহিব লাগিব নেকি?”, সি তাইক সোধে।

 “ওহোঁ। কিয় থৈ আহিব মোক? মইতো নিজে নিজৰ ৰাস্তা চিনো’, এনেকৈ নকয় যদিও, তাই সেই বন্ধুক বাধা দি কৈ উঠে,

 “মোক নালাগে, আপুনি আপোনাৰ বন্ধুক ঘৰত থৈ আহিব। মই আল্ট্ৰাছৰ গাড়ীখন লৈ ঘৰলৈ যাম।”

 আল্ট্ৰাছৰ পৰা গাড়ীৰ চাবি লৈ ঘৰলৈ বুলি গাড়ী ঘূৰাওঁতেহে তাইৰ মনত পৰিল ৰাহুলৰ কথা। দহ বাজিছে। ৰাহুলক এই সময়ত ফোন কৰা যায়নে? দিনত তাই সময় নাপালে। সন্ধ্যা সময়তো পাহৰি গ’ল। কাইলৈ ৰাহুল মঙলদৈলৈ গুচি যোৱাৰ কথা। বিশালে খুব জৰুৰীভাৱে ৰাহুলক তাইক লগ ধৰাৰ কথা কৈছিল। ইফালে ল’ৰাহঁতৰো টোপনি ধৰিছে। মনটোৱে টানিছে ৰাজীৱক লগ কৰাৰ পক্ষে।

 সিদ্ধান্ত ল'বলৈ সময় বেছি লগালেই বিপদ। সুযোগবোৰে সুৰুঙা বিচাৰি পলাই পত্ৰং দিয়ে। ৰাহুলক শেষ মুহূৰ্তত লগ পোৱাৰ সুযোগটো তাই নেৰে। কি কথা আছিল ৰাহুলৰ, সেয়া জনাৰ প্ৰয়োজন আছে তাইৰ। ল’ৰাহঁতক ঘৰত থৈ শুবলৈ দি তাই ৰাহুললৈ ফোন লগালে। তাৰ পিছত গাড়ীখন লৈ তাই ওলাই গ’ল।

 ৰাহুলক লগ কৰি অলংকৃতা যেতিয়া ঘৰ সোমাইছিল তেতিয়া ৰাতি এক বাজিছিল। পদপথত দুই এক কুকুৰৰ ৰাউচি আৰু আন্ধাৰত ঝিলিৰ ঝি ঝি শব্দ, দূৰৈত দুই এখন দুচকীয়া-চাৰিচকীয়াৰ ইঞ্জিনৰ শব্দ, তাৰ বাহিৰে নিমাওমাও পৃথিৱী। সেই নীৰৱতা ভেদি তাইৰ চেণ্ডেলৰ খট খট শব্দই মোজাইক কৰা মজিয়াত লহৰ তুলিছিল মাত্ৰ, ভাঁহি আহিছিল সেই বজ্ৰকঠোৰ হুংকাৰ,

 “কোনো ভদ্ৰমহিলাই ৰাতি বিয়লিলৈকে ঘৰৰ বাহিৰত এনেদৰে ঘূৰি ফুৰেনে?’’

 তাই থমকি ৰৈছিল। মন কৰা হোৱা নাছিল যে বাগানভেলিয়াৰ জোপোহাই ঢাকি থোৱা ঝুলনাখনত তাইৰ বাবে অপেক্ষাত আছিল আল্ট্ৰাছ৷ ক্ষোভ এটাৰ ওচৰত প্ৰশ্নটোৰ উত্তৰবোৰ এৰি দি তাই মনে মনে ৰ’ল।

 “পাখি গজিল, মিচেছ অলংকৃতাৰ পাখি গজিল। হাঃ হাঃ হাঃ! ”, অট্ৰহাস্য এটাত কঁপি উঠিল চৌহদ। তাই মনে মনে ৰ’ল। ক’বলৈ বহুত কথা তাইৰো আছে। কিন্তু সেই কথা বুজাৰ ক্ষমতা আল্ট্ৰাছৰ নাই। মৌনতাৰ দেৱাল গাঁথিছে তাই। এতিয়া তাৰ সহস্ৰ প্ৰশ্নৰ উত্তৰৰ এটাই ভাষা-মৌনতা।

 “স্বামী হিচাপে মোৰ সেই কথা জনাৰ অধিকাৰ আছেনে মেডাম, আপুনি মাজৰাতিখন ক’ৰ পৰা আহিল”, তাচ্ছিল্যৰ সুৰ ভাহি আহিল আল্ট্ৰাছৰ কথাত।

 এইবাৰ তাই মনে মনে নাথাকিল। কৈ উঠিল,

 “নিশ্চয়৷ আপোনাক সময়ত সবিশেষ জনোৱা হ’ব। এতিয়া অলপ গোপনীয়। গোপনীয়তা ভংগ কৰাত বাধা আছে৷”, তাই পুনৰাই কৈ যায়,

 “আৰু মহাশয়, আপুনি যদি ভাবিছে, এই মাজৰাতিখন মই কাৰোবাৰ বিছনাৰ পৰা উঠি আহিছোঁ, সেয়া চূড়ান্তই মিছা অপবাদ হ’ব। মিচেছ অলংকৃতাই অন্ততঃ ইমান কেঁচা কাম নকৰে”।

 মুখখন খোল খায় তাইৰ,

 “মোৰ দুৰ্বলতা কোনখিনিত সেয়া তুমিও জানা আল্ট্ৰাছ। সিহঁতৰ কাৰণেই মই ব্যভিচাৰত নানামো। মোৰ শৰীৰৰ গোন্ধ লৈ চোৱা, অভিসাৰৰ গোন্ধ নোপোৱা তুমি। আৰু শেষ কথা কওঁ, মোৰ সন্তানৰ সন্মুখত মই তোমাৰ আদৰ্শ পত্নী হোৱাৰ অভিনয় কৰিম, তুমিও সেই অভিনয়ৰ বাবে সাজু হোৱা। তেওঁলোকৰ ওচৰত ভগ্ন সম্পৰ্কৰ ছবিখন দাঙি ধৰিব নোৱাৰোঁ মই। তুমিও নকৰিবা”।

 ভিতৰলৈ সোমাই যায় তাই। তাইৰ মুখমণ্ডলত উজ্জ্বল আভা। অতদিনৰ কথাবোৰে এটা গতি লৈছে। ৰাহুলৰ স’তে সেই সিদ্ধান্তলৈ আহিছে তাই। অতি সোনকালেই দীপকৰ স’তে যোগাযোগ স্থাপন হ’ব তাইৰ। দীপকক পালে ধ্ৰুৱমৰ আঁত উলিয়াব তাই।

 আল্ট্ৰাছো ধৰাশায়ী হৈছে। “মিচেছ অলংকৃতাই ইমান কেঁচা কাম নকৰে”, সেই হুংকাৰত সি তচনচ হৈছে। তাইৰ বলিষ্ঠ ভংগীমাত তেওঁৰ হুংকাৰবোৰো তল পৰি ৰয়। তাইৰ দোষ নাই, অলপোৱেই দোষ নাই তাইৰ। আল্ট্ৰাছৰ মেল খোৱা হাতত তাই ভুৰুংকৈ আহি বহিছিল, সিও মুঠি মাৰি তাইক বন্দী কৰিলে। সিমানখিনিলৈকে ঠিকেই আছিল। সি মুঠি খুলিলে, চৰাইজনী ভুৰুংকৈ উৰা মাৰিলে। ইয়াত তাইৰ দোষ ক’ত? মাথোঁ এটা কথাই [ ৯২ ] তাইক অলপ আমনি দিলে, আল্ট্ৰাছৰ বন্ধুজনৰ চকুযোৰ বৰ সুবিধাজনক নাছিল, চকুৰে পিহিছিল বুকু। অথচ তাইৰ ভৰিত অনামী শিকলি, সেই চকু ঘুকুটিয়াই উলিয়াই আনিব নোৱাৰিলে, বৰঞ্চ সেইজনৰ লগতে তাইৰ ৰাতিৰ আহাৰ পৰ্যন্ত গ্ৰহণ কৰিলে।

 ওহোঁ৷ নহ’ব। এইবাৰৰ পৰা এনে নহ’ব। তাইৰ ব্যক্তিত্বৰ মূল্য আছে। সেই কথা চহৰৰ সকলোৱে বুজি উঠিব। অল্পমতীয়া স্বভাৱৰ আল্ট্ৰাছৰ পত্নী হ’ল বুলি তাইৰ কোনো অস্তিত্ব নোহোৱা নহয়। তাইৰ এক সুকীয়া পৰিচয় আছে,

 “অলংকৃতা বৰুৰা। ধ্ৰুৱমৰ কৃতা। দুটি সন্তানৰ আদৰ্শ মা আৰু বৃদ্ধা মাকৰ আদৰ্শ তনয়া। দীপকৰ বাবে অলংকৃতা আৰু দীপকৰ মাকৰ এটা শেষ আশা।”

 সন্তুষ্টিৰ হাঁহিৰে নিদ্ৰাৰ কোলাত ঢলি পৰিছিল তাই। সপোন দেখিছিল নেকি? দেখিছিল চাগৈ, কাৰণ কাষতে শুই থকা আল্ট্ৰাছে স্পষ্টকৈ শুনিছিল টোপনিতে বিৰবিৰাই উঠা তাইৰ কণ্ঠ,

 “মই তোক ভাল পাওঁ, ভাল পাওঁ তোক মই।”

 বিৰবিৰণিটোত আল্ট্ৰাছৰ বুকু বিন্ধিছিল। তাইৰ পাখি গজাৰ শংকাটো এখন তৰোৱাল হৈ তাক পাৰেমানে বিন্ধিছিল। যিখন তৰোৱালেৰে সি এই চৰাইজনীৰ পাখি কাটিছিল, সেইখন তৰোৱালেই তাক বিন্ধি আছে, সি চিঞৰিছে, খুব চিঞৰিছে, মাতটো ওলাই আহিব নোৱৰাকৈ মাথোঁ তাৰ কণ্ঠৰুদ্ধ হৈ পৰিছে।

++

(একৈশ)

 “বিশালে খুব ড্ৰিংকচ কৰে”, চেনী নিদিয়া চাহ এঢোক ডিঙিত ঢালি ৰাহুলে কৈ উঠে।

 থতমত খাই উঠে অলংকৃতা।

 “অহ কিয় ইমানকৈ ড্ৰিংকচ কৰে সি”, অলংকৃতাই সুধি পেলায়, যদিও জানে এনে প্ৰশ্ন অবান্তৰ।

 “আপুনি জানে সেই কথা”, অলংকৃতালৈ নোচোৱাকৈ ৰাহুলে কয়।

 অচিনাকি ল’ৰা ৰাহুল। তথাপি সোধোঁ নোসোধোঁকৈ বিয়াৰ প্ৰশ্নটো এৰে তাই,

 “তাৰ বিয়াৰ কথা শুনিছিলোঁ?”

 শেঁতা হাঁহি এটাৰে মিচিকিয়াই উঠে ৰাহুলে, কয়, “আপুনিও নিশ্চয় জানে, সেইবোৰ কাৰণত সি ঘৰলৈকে আহিবলৈ বাদ দিছে”।

 তাই মনে মনে ৰয়। তাৰ মানে বিশালৰ বিয়াখন নিশ্চিত নহয়। কিয় নহয়? কিয় বিয়া পতা কথাটোত পিছমুখ কৰে সি। তায়েই নেকি কাৰণ? তাই কিদৰে কাৰণ হ’ব? এয়া সি নিজে পাতি লোৱা কাৰণ। এয়া তাৰ পাগলামি। তাৰ পাগলামিত তাইৰ নিৰ্লজ্জ আঁচলখন যেন পুনৰবাৰ খহি পৰে। তাইৰ ঘৰ্মাক্ত মুখমণ্ডলত ধৰা পৰে থৰ মৰুভূমিৰ প্ৰখৰ উত্তাপ। ভিতৰি ভিতৰি অস্থিৰ হয় তাই,

 “এইবোৰ কথা আৰু কাক কাক নকৈছে সি?” খং উঠে তাইৰ।

 পিছমূহূৰ্ততে ভাবে, বুজাব লাগিব তাক। তাৰো এক সামাজিক প্ৰস্থিতি আছে, তাইৰো আছে। বহুত মূল্যৰ অন্তত সেই স্থিতি এজন মানুহৰ জীৱনলৈ আহে। বহুত সাধনাৰ অন্তত এই স্থিতি তাই পাইছে। জীৱনৰ বহুত মূল্যৱান সময় পাৰ কৰিছে এইকণ স্থিতি পাবলৈকে। এই স্থিতিৰ বাবেই তাই মুকলিকৈ কান্দিব নোৱাৰে, এই স্থিতিৰ বাবেই তাই মুকলিকৈ হাঁহিব নোৱাৰে, এই স্থিতিৰ বাবে তাই কাকো মুকলিকৈ গালি পাৰিব নোৱাৰে। যিদৰে গালি পাৰিব নোৱাৰিলে আল্ট্ৰাছৰ বন্ধুজনক। মনত পৰি যায় তাইৰ, কিদৰে আল্ট্ৰাছে বাৰ্থডে পাটিলৈ গৈ তাইক অকলশৰীয়াকৈ এৰি দিছিল। তাইৰ অকলশৰীয়া অৱস্থাটো উপভোগ কৰি কিদৰে আল্ট্ৰাছৰ বন্ধুৱে তাইক পুতৌ কৰি কৈছিল,

 “ব’লা তোমাক ঘৰত থৈ আহোগৈ।”

 “ন’ থেংকচ। মই নিজে পাৰিম”, তাই প্ৰত্যাখান কৰিছিল। [ ৯৩ ]  তাই আল্ট্ৰাছৰ পৰা গাড়ীৰ চাবি আনি গাড়ী ষ্টাৰ্ট দিছিল। বেক মিৰৰ’ত দেখিছিল, আল্ট্ৰাছৰ বন্ধুৱে তাইলৈকে চাই হাঁহি নিক্ষেপ কৰিছে।

 তাৰ হাঁহিটো শেলমৰা। শেলপাতে তাইৰ বুকুৰ আৱৰণ চিৰাচিৰ কৰিছিল। অথচ তায়ো জানে, আল্ট্ৰাছৰ বন্ধু এয়া। তাইক কিয় সন্মান জনাব সি? স্বয়ং আল্ট্ৰাছেই তাইক অপমান কৰিবলৈ লৈ আনিছিল ইয়ালৈ।

 শাৰীৰ আঁচলখন আগলৈ আনি ষ্টিয়েৰিঙত হাত দিলে। ল’ৰা দুটিয়ে কলমটি য়াইছে। ধীৰ গতিৰে তাইৰ গাড়ীলৈ

 আগবাঢ়ি গৈছে। ৰাস্তাৰ কাষে কাষে ইউকেলিপ্টাছৰ শাৰী। জোনটো কুঁৱলীৰে ঢকা। ৰাতিৰ আন্ধাৰবোৰ ক্ৰমাৎ ভাল লগা হৈ আহিছে তাইৰ। ৰাতিৰো এক সৌন্দৰ্য থাকে। কোনো আৰৱীয়ান নাৰীৰ ওৰণিখনৰ দৰেই সেই সৌন্দৰ্য। ভিতৰত বেলিময় দিনটোক বুকুত সামৰি কজলা ৰঙেৰে শৰীৰ ঢাকি লোৱা সেই সৌন্দৰ্য। কিবা এটা আৱিষ্কাৰ কৰিছে তাই। আজিৰ দৰে ৰাতিৰ প্ৰেমত বলীয়া হোৱা নাছিল তাই। তাই ভদ্ৰ ঘৰৰ নাৰী, সেইবাবেই হয়তো ৰাতিবোৰত বাহিৰৰ পৃথিৱীখনত মুকলিকৈ ঘূৰাৰ অভ্যাস নাই তাইৰ। এই ভদ্ৰতাৰ সীমাৰেখাডালত তাইৰ যে জীৱনৰ ৰঙীন ৰেখাবোৰ ৰৈ গৈছে আজিহে অনুভৱ হৈছে। ইমানদিন চাকৰিটোকে জীৱন বুলি ভৱা তাইজনীৰ জীৱনৰ সংজ্ঞা সলনি হৈ গৈছে। চাকৰিৰ বাহিৰতো এটা জীৱন আছে সেই কথা আজিহে তাই উপলব্ধি কৰিছে।

 “কিয় পাহৰি গ’লোঁ মই? আল্ট্ৰাছৰ স'তে মোৰ দহবছৰৰ সম্পৰ্ক। কিন্তু মোৰ নিজৰ স’তে পয়ত্ৰিশবছৰীয়া সম্পৰ্ক। আল্ট্ৰাছৰ বাবে কিয় মই ইমানকৈ নিজক কষ্ট দিছোঁ? কিয় মই নিজকে অতদিন বঞ্চিত কৰি আহিছোঁ। ভালপোৱা কথাবোৰৰ পৰা আঁতৰি আহিছোঁ, ভালপোৱা গানবোৰ শুনিবলৈ পাহৰিছোঁ। ওহোঁ, আৰু নহ’ব। এইবাৰৰ পৰা এনে নহ’ব। মই ভালপোৱা কথাবোৰেৰে সময়বোৰ উদ্ যাপন কৰিম”, ততালিকে তাই সিদ্ধান্ত লৈ পেলাইছিল, ৰাতিৰ আকাশখন মুকলিকৈ চাবলৈকে তাই ওলাই আহিব এবাৰলৈ। ৰাহুলক লগ কৰিব। লগ কৰাত বাধা কি?

 ইমানদিনে ফুলৰ চুপহিটোৰ দৰে নিজকে বান্ধি ৰখা তাইজনী নকৈ ফুলা ফুলপাহৰ দৰে মেল খাই পৰিল। সুবাসবোৰ চৌদিশে বিয়পিল। নিজৰ সুবাসত নিজেই মতলীয়া হওঁতেই ল’ৰা দুটালৈ মনত পেলাই অন্তৰাত্মাৰ বাণীটো গুণগুণাই লয়,

 “নিজক ভাল পাইছ বুলিয়ে নাৰ্চিচাছৰ দৰে ভুৱা প্ৰেমত নিমজ্জিত নহ’বি অলংকৃতা। এই পৃথিৱী, এই প্ৰকৃতি, এই মানুহবোৰ হওক তোৰ প্ৰেমৰ পাত্ৰ”৷

 অন্তৰাত্মাই তাইক শুদ্ধ পথ দেখুৱায়। লগতে দেখুৱায় মানুহৰ পৃথিৱীখনক ভালপোৱাৰ পথ। ভালপোৱাৰ গলিটোৱে তাইক নিচা সানি সানি হাত বাউলি মাতে। অকলশৰীয়া খোজ। তাতে হ’ল কি? খোজবোৰ সবল। এশজন সৈনিকৰ দৰে খোজবোৰে গিৰিপ-গাৰাপ গতি লয়।

 তাই ৰাহুললৈ ফোন লগাই ৰাহুলৰ ওচৰ পায়হি। অচিনাকি এজন যুৱক। এটাই বিশ্বাস আছে, সেয়া তাইৰ নিজৰ ওপৰত বিশ্বাস। সেই বিশ্বাসৰ আঁত ধৰি তাই এই মাজনিশা ৰাহুল নামৰ অচিনাকি যুৱক এজনৰ সন্মুখত বহি ৰৈছে। দুয়ো ফুচফুচাই কথ৷ পাতিছে। সিহঁতৰ কথাবোৰ গোপন, নিষিদ্ধ সংগঠনটোৰ দৰেই নিষিদ্ধ যেন।

 “উল্কিৰ সম্পৰ্কত দীপকে কিবা কথা পাতিবলৈ বিচাৰিছিল আপোনাৰ লগত।”, কথাৰ মাজৰ কথাত চিৰিংকৈ মাৰে তাইৰ বুকু।

 সৰু মিঠাই দোকান এখনৰ চুকৰ টেবুল এখনত বহিছিল সিহঁত। ৰাহুলে দীপকৰ কথাবোৰ কৈ আছিল তাৰ মাজতে উল্কিৰ প্ৰসংগও আহিল। উল্কিৰ নাম ওলোৱাৰ লগে লগে তাই চক খাই উঠে। ৰাহুলেও উল্কিৰ কথা জানে?

 নাজানিবইনো কিয়? উল্কিৰ চহৰৰ এজন সাংবাদিক সি। প্ৰতিটো ঘটনা তাৰ নখদৰ্পণত। আকৌ কি যে অসহজবোধ, কি যে বিড়ম্বনা! উল্কিৰ নামটোৱে লৈ অনা বিড়ম্বনা। বিড়ম্বনাখিনি জোকাৰি আঁতৰাই তাই নিজকে কৈ উঠে,

 “উল্কিৰ সম্পৰ্কত? উল্কিৰ সম্পৰ্কত দীপকে কি কথা পাতিব বিচাৰিছে মোৰ লগত? কেনেকৈ লগ পাম দীপকক মই?”, তাইৰ মনটো উচপিচ লাগে। [ ৯৪ ]  ৰাহুলে চাই ৰয় তাইলৈ। মনৰ মাজত এটা কথাই খেলাই থাকে, ইমান ভাল লগা ব্যক্তিত্ব এই মানুহগৰাকীৰ। প্ৰথমবাৰৰ বাবে লগ পাইছে যদিও চকুযুৰিত ইমান আপোনত্ব। সুন্দৰতা হেনো মনৰ বহিঃপ্ৰকাশ। অতদিনে এই নাৰীৰ কথা শুনি শুনি তাৰ কাণ ঘোলা হৈ গৈছে। বিশালে মদ খাই মাতাল হ’লেই অলংকৃতাৰ কথা৷ উলিয়ায়৷ অলংকৃতাৰ সৌন্দৰ্য আৰু অলংকৃতাৰ ব্যক্তিত্বৰ কথা ৰাহুলে গম নোপোৱাকৈ থকা নাছিল। এতিয়া সেই অলংকৃতা তাৰ সন্মুখত। তাইৰ ওচৰত তাৰ একান্ত গোপন কথাবোৰো সি গোপন কৰি থ’ব পৰা নাই। সাংবাদিকতাৰ খাতিৰত সি গোপন কৰিব লাগিছিল দীপকৰ অৱস্থান। সি গোপন কৰিব পাৰিব লাগিছিল দীপকৰ স’তে তাৰ সঘন যোগাযোগৰ বিৱৰণ।

 সি ক’লে। বহুত কথাই ক’লে অলংকৃতাক। ক’বনলগীয়া কথাবোৰো ক’লে।

 “সিহঁতে অৰণ্যৰ মাজত বিশাল এলেকা এটা দখল কৰিছে, তাত বন্যপ্ৰাণী সংৰক্ষণৰ ব্যৱস্থা কৰিছে।”

 কি আচৰিত! এফালে হাতত বন্দুক তুলি নিজৰেই জ্ঞাতি কুটুম্বৰ শৰাধ পাতিছে, আনফালে বন্যপ্ৰাণী সংৰক্ষণত নামিছে। কথাবোৰ কিবা পাক লগা৷

 “দীপক মূলসুঁতিলৈ ঘূৰি আহিব। এই কামটো শেষ হ’লেই সি ঘূৰি আহিব। দলৰ মাজত চলি থকা চূড়ান্ত বিশৃংখলতাত সি হতাশ হৈছে। পল্টনবজাৰৰ বোমা বিস্ফোৰণৰ পৰাই সি এইবোৰ কামৰ পৰা আঁতৰি আছে। সেই বোমা বিস্ফোৰণটো এক বিসংগতিপূৰ্ণ পৰিকল্পনা। অথচ এই পৰিকল্পনাত কেইবাজনো নিৰীহলোক নিহত হৈছে। সেই লৈ সিহঁতৰ মাজত অন্তৰ্দ্বন্দ্ব চলিছে”, ৰাজীৱে কৈ গৈছে। অলংকৃতাই জানে, সিহঁতৰ শক্তি আগৰ দৰে নাই। ভাৰতীয় জাক জাক সেনাৰ আগত সিহঁতে তিষ্ঠিব নোৱাৰে। সিহঁতৰ জনবল কমিছে। হয়তো ধনবলো কমিছে। হয়তো মনোবলো কমিছে।

 “দুজনমান কনিষ্ঠ সদস্যৰ অবিবেকী কাণ্ড কাৰখানাত দলৰ প্ৰতি বিতুষ্ট হৈছে জনসাধাৰণ। দলত ফাঁট মেলিছে। মোহভংগ হৈছে। দলৰ নীতি আদৰ্শ বিলুপ্ত হৈছে”, সেয়া ৰাহুলৰ মত।

 দীপক ঘূৰি আহিলে তাই সঁচাকৈ সুখী হ’ব। দীপকৰ বৃদ্ধা মাকৰ মুখখনলৈ মনত পৰিল তাইৰ। কি যে আস্থাভৰা চাৱনিৰে বিদায় দিছিল তাইকঙ্গ

 “তেওঁলোকক লগ কৰিবলৈ হ’লে অত্যন্ত বিপদসংকুল পথেৰে তিনিমাহযোৰ৷ ভ্ৰমণ কৰিব লাগিব। মোৰ কথা হৈছিল চিফৰ লগত।৷ খুব গোপনীয়তাৰে আমি যাত্ৰা আৰম্ভ কৰিম। মাথোঁ বিশাল আৰু আপোনাক জনাইছোঁ, দীপকক কিবা ক’বলৈ থাকিলে মোক ক’ব পাৰে”, অতি গোপন কথাটোও সি তাইৰ ওচৰত গোপন কৰি নথ’লে।

 দীপকক ক’বলৈ বহুত কথা আছে তাইৰ। কিন্তু কথাবোৰে মুখ ফুটি ওলাই নাহে এই সময়ত। দীপকক লগ পালে ভাল আছিল। তাৰ লগত এবাৰ কথা পাতিব পৰা হ’লে ভাল আছিল। সুধিলেহেঁতেন ধ্ৰুৱমৰ কথা। সুধিলেহেঁতেন অলংকৃতাই, তাইৰ জীৱনত ধ্ৰুৱতৰাটোৰ দৰে স্থিৰ অৱস্থান লোৱা ধ্ৰুৱম নামৰ নক্ষত্ৰটো কোনখিনি কজলা ডাৱৰে ঢাকি থৈছে। দীপকে নিশ্চয়কৈ জানিব। সিহঁতৰ হাতত সকলোৰে তথ্য থাকে। উল্কি পৰ্যন্ত তথ্য আছে তাৰ হাতত।

 আকৌ উল্কি! উফ! এই নামটোৰ পৰ৷ তাই যিমানেই বিপৰীত দিশত দৌৰ দিছে, সিমানেই এই নামটোৱে তাইৰ পিছ নেৰিছে। এতিয়া দীপকৰ ওচৰত তাই উল্কিৰ কথাহে পাতিব নে? নাপাতে। নাপাতে। তাই ধ্ৰুৱমৰ কথাহে সুধিব তাক। এলপি স্কুলৰ কেঁকুৰিৰ কালভাৰ্টটোত থম-থমকৈ বহি ৰোৱা শৈশৱটোক ফুচুলাই মেলি উমলিবলৈ লাগে তাইৰ। বৰ গতানুগতিক হৈ পৰিছে জীৱন। যান্ত্ৰিক সম্পৰ্কৰে ভৰি পৰিছে পৃথিৱী। এই যান্ত্ৰিকতাৰ পৰা মুক্ত হ’বলৈ মন তাইৰ। শৈশৱৰ কথাবোৰে মুখখনলৈ মিচিকনি লৈ আনিছিল। নিষ্পাপ কেইটিমান শিশু। হাফপেন্ট পিন্ধা কেইটিমান শিশু। মন গ’লেই পুখুৰীটোত জাঁপ মাৰি সাঁতুৰি নাদুৰি সময় কটোৱা দুটিমান শিশু। নগ্ন ভৰিৰে দৌৰি দৌৰি সময়বোৰ থাপ মাৰি পেণ্টৰ খোঁচনিত ভৰাই লোৱা কেইটিমান শিশু। পেন্টৰ খোঁচনিত কঢ়িয়াই অনা সেই সময়খিনিয়ে পিছলৈ বুকুত ঠাই ল’লে। সেই সময়খিনিকে তাই কেতিয়াবা লুটিয়াই বগৰাই চায়, চাই লৈ টোপনিতে বিৰবিৰাই উঠে,

 “তোক মই ভাল পাওঁ, ভাল পাওঁ তোক মই।”

 বহুদিনৰ মূৰত তাইৰ ভাল টোপনি আহিছিল। ৰাতি এপৰত বিছনাত পৰিছিল কাৰণে শুই উঠাও দেৰি হৈছিল। [ ৯৫ ] আগৰাতিৰ পাৰ্টিৰ বিৰক্তিভৰা সময়খিনি তথা আল্ট্ৰাছৰ কটাক্ষমিহলি কথাবোৰ মনলৈ নাহিল। তাৰ বিপৰীতে কাণত বাজি থাকিল পৃথিৱীক ভালপোৱাৰ অনুৰণনটো। শুই উঠিয়েই তাই খিৰিকীৰ পৰ্দাবোৰ কোঁচাই দিলে। ৰ’দালিৰ উম পাই সৰুটিও জাপ মাৰি তাইৰ পিঠিত উঠি ল’লে। তাই তাক পিঠিত লৈয়ে ডেও দি ডেও দি লনখনলৈ ওলাই আহিল। লনখনলৈ আহি দেখিলে, আল্ট্ৰাছে চিগাৰেট এটা জ্বলাই চকীখনত বহি ৰৈছে। মুখখন তেওঁৰ ম্লান। এই মোলান মুখখন দেখিলেও তাইৰ বুকু বিষায়। তাই আল্ট্ৰাছৰ ওচৰত গৈ তাৰ হাতৰ পৰা চিগাৰেটটো কাঢ়ি দূৰলৈ পেলাই দিয়ে। আল্ট্ৰছে কিবা ক’ম বুলি ভাবোঁতেই সৰুটিয়ে দেউতাকক জোকাবলৈ ধৰিলে,

 “মা জিকিলে। জিকিলে।”

 “এই দুষ্ট! চুপ।”, বুলি তাই ল’ৰাটোক পিঠিৰ পৰা নমাই ভিতৰলৈ দৌৰি যায়।

 তাইৰ উৎফুল্লিত মুখখন দেখি আচৰিত হয় আল্ট্ৰাছ। হাঁহি-ধেমালিবোৰ শেল হৈ বিন্ধে আল্ট্ৰাছক। নিৰ্জু পত্নী অলংকৃতা, যি আল্ট্ৰাছৰ মতৰ অবিহনে এখোজো লৰচৰ নকৰিছিল, সেই পত্নী ৰাতি একবজাত ক’ৰ পৰা আহিল, সেই কথা সোধাৰ অধিকাৰো নাইকিয়া হ’ল তেওঁৰ৷ পুৰুষত্বৰ অহংকাৰবোৰ শেল হৈ তেওঁকহে বিন্ধে। এই শেলে নিবিন্ধে তাইক। তাই এতিয়া নিজকে কঠিন বৰ্মৰে আৱৰিছে। তাইৰ ব্যক্তিত্বৰ সবলতাই অন্ততঃ তেনেদৰেই ভাঁজ লয়।

 সলনি হৈছে অলংকৃতা। সলনি হৈছে তাই। ভিতৰলৈ সোমাই যোৱা অলংকৃতাৰ অৱয়ৱটোলৈ চাই আল্ট্ৰাছে চিঞৰি চিঞৰি ক’ব খোজে, “অলংকৃতা তুমি বহুত সলনি হ’লা। তুমি আগৰ দৰে হৈ থকা নাই।”

 পৰ্দাৰ সিপাৰৰ পৰা যেন অলংকৃতাৰ মাত ভাঁহি আহে, “তেতিয়াও তুমি মোক চেৰাই আন নাৰীৰ কাষ পালাগৈ।”

 এজাক মৌমাখিয়ে আল্ট্ৰাছৰ কাণৰ ওচৰত ভুনভুনাই থাকে। বেচিন মিৰৰখনলৈ চাই চাই শ্বেভিং ক্ৰিমখিনি সানি লওঁতেই অলংকৃতাৰ গাড়ীখনৰ শব্দ শুনে তেওঁ। সেই শব্দতহে তেওঁ গম পালে যে, অফিচলৈ গ’ল তাই। যাওঁ বুলিও নকলে নেকি তেওঁক? আল্ট্ৰাছৰ অভিমান হ’ল। সম্পৰ্কটেো হাতৰ পৰা খহি পৰিল নেকি বুলি প্ৰশ্ন কৰিলে নিজকে।

 অলংকৃতাৰ ৰূমটোলৈ সোমাই আহিল তেওঁ। বিশৃংখল টেবুলত কিছুমান কিতাপ। দেৱালত দুখনমান ছবিৰ নাম, “বাৰাংগনাৰ জুপুৰি”।

 মানে?

 মানে?

 উত্তৰবিহীন প্ৰশ্নমবোৰ ঠাহ খাই আল্ট্ৰাছৰ বুকু ওফন্দে। অলংকৃতা বহুত দূৰলৈ গ’ল। খটখটকৈ দৌৰি বহুত দূৰলৈ যোৱা শব্দটো তেওঁৰ কাণত বাজি উঠিল।

 এৰা।

 দৌৰি দৌৰি তাই কোৰ্ট পালেগৈ। কেচ দুটামানৰ ফাইলত চহী কৰি অলংকৃতাই অতিৰিক্ত জজৰ চেম্বাৰ পালেগৈ। ডিভৰ্চ কেচ এটাৰ সমাধানত লাগিছিল তেখেত। অলংকৃতাক দেখি ফাইল জপাই থ’লে তেওঁ। বিৰক্তি লাগিছে তেওঁৰ। পৃথিৱীখনত ইমান কাম বাকী আছে। আৰু মানুহৰ মাজত সৰু সুৰা কথা লৈ কাজিয়া শেষ নোহোনা হৈছে।

 অসহ্য! অসহ্য!

 চচমাযোৰ খুলি কপালৰ ঘাম মচি লয় তেওঁ। নিজৰ ছোৱালীজনীলৈ মনত পৰিল তেওঁৰ। একমাত্ৰ ছোৱালীজনীয়ে হায়াৰ চেকেণ্ডেৰী পৰীক্ষাৰ শেষৰ দিনা ঘৰলৈ ঘূৰি নাহিল। বৰঞ্চ তাই গ’ল তাইৰ লগৰ অনিৰ্বাণৰ ঘৰলৈ। যাওঁতে দেউতাকলৈ চিঠি এখন এৰি থৈ গ’ল। আত্মভিমানী দেউতাকেও জীয়েকক ত্যাজ্য পুত্ৰী ঘোষণা কৰিলে যদিও অহুকাণে পহুকাণে তাইৰ খবৰবোৰ লৈ থাকিল। তাই বিএ পাছ কৰিলে, অনিৰ্বাণেও বিএপাছ কৰি ওচৰৰে স্কুল এখনত পাৰ্ট টাইম জব কৰিলে। তাৰ পাছত কেৰিয়াৰ গ্ৰাফডাল দুয়োৰে বাবেই উৰ্ধমুখী। ছোৱালীয়ে এম এ কৰি কলেজৰ চাকৰি পালে, ল’ৰাই এচিএছ পালে। খবৰবোৰে দেউতাকক সুখী কৰিছিল। সৰুতে লোৱা ভুল সিদ্ধান্ত এটাৰ কাৰণে যে সিহঁতৰ জীৱন থমকি যোৱা নাই এই কথাটোত সুখৰ হাঁহি [ ৯৬ ] মাৰিছিলহে, তেনে সময়তে তেওঁৰ হাতত পৰিছিল সেই আৱেদন। জীয়েকৰ বিচ্ছেদৰ আৱেদন। কিয়? কিয়? কিয়?

 কিয় এনে হয়? বিয়া মানেনো প্ৰকৃততে কি, সেই কথা বুজেনে আজিৰ ল’ৰা-ছোৱালীয়ে? হতাশাত ভাগি পৰে বৃদ্ধ পিতৃ।

 ল’ৰা-ছোৱালীবোৰ অসিহষ্ণু হৈ পৰিছে। সম্পৰ্কৰ মহত্ব শিকা নাই আজিৰ সন্তানে। সৰু কথাতে সম্পৰ্ক পাতে, সৰু কথাতে সম্পৰ্ক ভাঙে। কষ্ট পায় বুঢ়ামেথাই। কষ্ট পায় আপোনজনে।

 অলংকৃতাৰ মুখলৈ চাই কথাবোৰ পাণ্ডলিয়াই থাকে তেওঁ। টেবুলৰ পৰা পানীগিলাচ মুখলৈ নি জিভাখন তিয়াই লয়। তেনে সময়তে জুনিয়ৰ এছিষ্টেন্ট ছোৱালীজনী আহি জজৰ ওচৰত ঠিয় হয়। জজে তাইলৈ নোচোৱাকৈয়ে সোধে,

 “কোৱা কি হ'ল।”

 “ছাৰ, মোৰ অলপ দীঘলীয়াকৈ ছুটী লাগিছিল।”

 “এনি প্ৰবলেম?”, জজে সোধে।

 “হয় ছাৰ। অলপ পাৰ্ছনেল প্ৰবলেম।”

 জজে কিছুপৰ চিন্তা কৰে। অলপ ধেমালি কৰিবলৈ মন যায় তেওঁৰ।

 “ছুটী লাগে? ছুটীৰ সপক্ষে কেইটিমান যুক্তি লিখা।”

 ছোৱালীজনীয়ে মুখস্থ কৰি অনাৰ দৰে লিখি যায়,

 “কৰ্মচাৰীৰ বাবে ছুটীবোৰ প্ৰাপ্য। প্ৰাপ্য ছুটীকেইটা উপভোগ নকৰা কৰ্মচাৰীৰ দক্ষতা কম। শ্ৰমিক আইন অনুসৰি এজন কৰ্মচাৰীৰ বাবে দিনটোৰ আঠ ঘন্টা সময় কৰ্মৰ বাবে ধাৰ্য কৰি থোৱা আছে। আগৰ দৰে বেমাৰ-আজাৰতো ছুটী নলৈ দিনে ৰাতিয়ে অফিচৰ কাম কৰা মানুহক আজিকালি দক্ষ বুলি বিবেচনা কৰা নহয়। তাৰ পৰিৱৰ্তে আধুনিক ব্যৱস্থাপনাৰ ফালৰ পৰা কাৰ্যক্ষেত্ৰৰ ধ্যান-ধাৰণা সলনি হৈছে। আজিকালি কৰ্তৃপক্ষই কৰ্মচাৰীৰ শাৰীৰিক তথা মানসিক সুস্থতাৰ কাৰণে চিন্তা কৰে। কৰ্পোৰেট খণ্ডত দৈনিক শাৰিৰীক অনুশীলনৰ বাবেও ব্যৱস্থা কৰে। চৰকাৰী খণ্ডত অৱশ্যে সেয়া খুব কম পৰিমাণে হৈ উঠিছে৷”

 “হ'ব হ'ব। দিয়া এপ্লিকেশ্যনখন দিয়া”, বুলি জজে ছুটীৰ আবেদনখনত চহী কৰি দিয়ে। ছোৱালীজনীয়ে হাঁহি হাঁহি ৰূমৰ পৰা ওলাই যায়।

 তাৰ পিছত অলংকৃতাৰ লগত ফাইলকেইটাৰ সম্পৰ্কত গভীৰ আলোচনাত বহে। আলোচনাৰ মাজে মাজে অলংকৃতায়ো নিজৰ ছুটীৰ ফাইলটো সাজু কৰিব নেকি ভাবি থাকে। দীঘলীয়াকৈ এটা ছুটী ল’ব তাই। সিদ্ধান্ত লৈ পেলায়।

 তাৰ পাছত তাই কোৰ্টৰ পৰা ওলাই আহে। দিনবোৰ খুব খৰতকীয়াকৈ পাৰ হয়। চিন্তাৰ বেগ আৰু খৰতকীয়া। মনৰ চৰাইজনী বৰ্তমানৰ পৰা উৰি গৈ অদূৰ ভৱিষ্যতত বিচৰণ কৰি আছেগৈ। কেতিয়াবা যদি হিমালয়ৰ মাজত সন্নাসিনীৰ ৰূপত, কোনোদিনা জীপচীজনীৰ দৰে মৰুভূমিৰ মাজত। ৰমেশে তাইক ঘৰত থৈ অহাৰ সময়ত তাই দেখে, ড্ৰয়িংৰূমত আল্ট্ৰাছৰ বন্ধুজন বহি আছে। কিয় আহিছে তেওঁ, আল্ট্ৰাছ ঘৰত নাই, ইত্যাদি বিভিন্ন প্ৰশ্নৰ অলংকৃতাৰ মনেৰে পাৰ হৈ যায় যদিও তেওঁ নিৰ্বিকাৰমনেৰে মেগাজিনৰ পাত লুটিয়াই ডয়িংৰূমত বহি থাকে। অস্বস্তি লাগে তাইৰ। বহুত কামেই কৰিবলৈ আছে তাইৰ৷ বাৰাংগনাৰ জুপুৰিখনৰ দুখনমান ছবি আঁকিবলৈকে আছে৷ কি যে এক নিচা লাগিছে তাইৰ! বাহিৰৰ পৃথিৱীখনে যিমানেই টানে, ভিতৰৰ জুপুৰিটোতো সিমানেই মন ভৰি আহে। ধ্ৰুৱমে ছবি আঁকিবলৈ শিকাইছিল তাইক। জীৱনৰ দৰ্শন শিকাইছিল ধ্ৰুৱমে। সেইখিনিকে লৈ তাই বাৰে বাৰে জী উঠে। কিছুমানৰ সান্নিধ্য ইমান অমূল্য। দিন যোৱাৰ লগে লগে সেই কথা বুজা যায়। কায়িকভাৱে ধ্ৰুৱমক লগ নাপালেও আত্ম-বিজড়িত কথাবোৰে প্ৰতি পলতে ধ্ৰুৱমক তাইৰ কাষতে থিয় কৰাই আহিছে। কঠিন সময়খিনিত ধ্ৰুৱমৰ স’তে যে তাই কিমান কথা নাপাতিলে, কিমান যে প্ৰশ্নৰ উত্তৰ নিবিচাৰিলে তাৰ পৰাঙ্গ উত্তৰবোৰ পাইছে তাই। আল্ট্ৰাছক আজিকালি বেয়া বুলিবলৈ মন নাযায়। কোনোখিনিত তাইৰ দুৰ্বলতা আছে, তাইৰ প্ৰেমে তাক ধৰি ৰাখিব নোৱাৰিলে। কোনোখিনিত আল্ট্ৰাছ দুৰ্বল। ৰৈ নগ’ল তাইৰ বাবে। আল্ট্ৰাছৰ [ ৯৭ ] বন্ধুজন ভিতৰলৈ সোমাই আহে। চক খাই উঠে তাই,

 “আপুনি ইয়াত?”

 “য়েচ মই ইয়াত।”

 ঈষৎ অপ্ৰস্তুত হয় তাই। ভদ্ৰতাৰ সীমা চেৰাইছে তেওঁ। ভিতৰলৈ সোমাই অহাৰ দৰকাৰ কি?

“মই অহাত তুমি নিশ্চয় বেয়া পোৱা নাই। কাৰণ এতিয়া তোমাৰ মোৰ শত্ৰু একেজনেই৷”

 “শত্ৰঙ্গ কোন হয় তেওঁ?”

 “সেয়া তোমাৰ স্বামী। মোৰ বিজনেচৰ প্ৰতিদ্বন্দী৷”

 খংটো চুলিৰ আগ পায়গৈ তাইৰ।

 “চাওক মহাশয়, আপোনাৰ শত্ৰু আৰু মোৰ শত্ৰু একেও হয়, তথাপি আমি বন্ধু নহয়, কাৰণ আপোনাৰ আৰু মোৰ মাজত বহুত তফাৎ। আপোনাৰ মাজত বন্ধুক শত্ৰু কৰাৰ প্ৰৱণতা অধিক হোৱাৰ বিপৰীতে মোৰ আকৌ শত্ৰুবোৰকো বন্ধু কৰি লোৱাৰ প্ৰৱণতা বেছি। তাতোকৈ ডাঙৰ কথাটো হল যে আল্ট্ৰাছ মোৰ শত্ৰু নহয়। বুজিছে নহয়?” কথাখিনি কৈ ফোঁপাই উঠে তাই। তাইৰ ফোঁপনিত তেঁৱো দমি নাযায়, কৈ উঠে,

 “মই ভাবিছিলোঁ, এই মানুহজনীক এৰি আল্ট্ৰাছে কিয় আন ছোৱালীক চকু দিব লগা হল। আজি জানিলোঁ সেই কথা। এটা কথা মনত ৰাখিবা মিচেছ অলংকৃতা, তুমি যিমানেই শক্তিশালী হ’বা, তোমাক দমন কৰাৰ ইচ্ছা সিমানেই প্ৰকট হ’ব। ইয়াক তুমি প্ৰেম-ভালপোৱা বুলি ভোল নাযাবা। অহংকাৰী নাৰীৰ অহংকাৰ চূৰ্ণ কৰাত মজা আছে। আলন্ট্ৰাছে সেই মজা ল’লে। সেই মজাৰ পৰা ময়ো বঞ্চিত নহ’ম”

 মূৰৰ জুইকুৰা ভমভমাই জ্বলি উঠে তাইৰ। কি মজাৰ কথা কয় এইজনে?

 আল্ট্ৰাছ তাইক দমন কৰিবলৈহে বিয়া পাতিছিল? সেয়া কি প্ৰেম নাছিল?

 আসঃ মিছা। এইবোৰ মিছা। তাই বোধশক্তি হেৰুওৱা নাই। এয়া সিহঁতে জাল পাতিছে৷ তাইৰ কঠিন বৰ্ম ভেদিবলৈ শকত্ৰুপক্ষই চাৰিকোণৰ পৰা শেল দলিয়াইছে। তাই পিন্ধি থকা বৰ্মখন মজবুত কৰিব লাগে। তাই শত্ৰুপক্ষক প্ৰত্যুত্তৰ দিবলৈকে নিজক সবল কৰাৰ দৰকাৰ। ইফালে নাৰী সবল হ’লেই হেনো পুৰুষৰ দমন কৰাৰ লোভ বেছি। আচৰিত! আচৰিত পুৰুষ মনস্তত্ব!

 আৰু এইবোৰ কাৰণতে এগৰাকী নাৰীয়ে যুঁজিবলৈ এৰি ওৰণিৰ তলত থাকিবলৈ শিকে। পোহ মানে তেওঁলোকে। পোহ মনায় পুৰুষ সমাজে৷ স্বীকাৰ নকৰিলেও এয়া সত্য। যুগ যুগ ধৰি যি অৱদমনৰ কৌশল পুৰুষে আয়ত্ব কৰি ল’লে, যি কৌশল পুৰুষ জিনত বাস কৰি ল’লে সেই মনস্তত্বৰ পৰা ওলাই অহাটো কি ইমান সহজঙ্গ ৰ'ব লাগিব। নাৰী-পুৰুষ সমান হ’বলৈ এতিয়া বহু যোজন পথ বাকী৷ আল্ট্ৰাছৰ বন্ধুজন ওলাই যায়। তাই ছবিখনত মন দিয়ে। নতুন এটা চৰিত্ৰ সন্নিবিষ্ট হৈছে৷ এটা জটিল চৰিত্ৰ এইটো। এটা খণাত্মক চৰিত্ৰ।

 ঘৰখন নিমাও-মাও হৈ আছে। ল’ৰা দুটিয়ে লনৰ বাহিৰত চাইকেল চলাই আছে। আল্ট্ৰাছৰ গাড়ীখন গেৰেজত নাই। তেঁৱো ওলাই গৈছে। তাইকো এই নিৰ্জন পৰিবেশৰে দৰকাৰ এতিয়া।

 আত্মকথনৰ স্বৰলিপি আওৰায় তাই। এই প্ৰেম, এই ভালপোৱা এইবোৰ মিছা। যি ভালপোৱাৰ সংজ্ঞা তাই নিজৰ মনত কঢ়িয়ায়, সেই ভালপোৱা আচলতে দুৰ্লভ। সেই ভালপোৱাক তাই আলফুলে মেৰিয়াই থ’লে। সেই ভালপোৱাক বিনষ্ট নকৰে তাই। ধ্ৰুৱমৰ প্ৰতি নতুবা বিশালৰ প্ৰতি তাইৰ অনুভৱটো ভাললগাহে, সেয়া ভালপোৱা নহয়। তাইৰ প্ৰেম জীৱনৰ প্ৰতিহে।

 তুলিকা এডালেৰে কেনভাচত আঁকি গ’ল,

 “এইখিনিলৈকে ভাললগাৰ সীমা। তাৰপাছত ভালপোৱা ভালপোৱা...

 ৰ’দে পোৰা পথত অচিন প্ৰেমিক চৰায়ে বৈ দিয়া এখনি ভৰুণ ৰঙৰ চামিয়ানা..."

++

(বাইশ)

 ৰাহুলৰ ফোনটো থৈ দীপক গভীৰ চিন্তাত ডুব গ’ল। অলংকৃতা, ধ্ৰুৱম আৰু সি। অলংকৃতা আৰু ধ্ৰুৱমৰ [ ৯৮ ] বন্ধুত্বৰ সাক্ষী আছিল দীপক। সেই অলংকৃতাক তাৰ কাষত এৰি ধ্ৰুৱমে ভৱিষ্যতৰ বাট কাটিবলৈ গুচি গৈছিল। ক’লৈ গৈছিল কোনেও নাজানিছিল। দীপকেও এদিন ঘৰ এৰিছিল। ক’লৈ গৈছিল সেয়াও কোনেও নাজানিছিল। অলংকৃতাৰ জীৱনটোহে সৰলৰৈখিক গতিত গৈ আছিল। সৰলৰেখাত গৈ থকা বাটৰুৱাৰ আঘাতবোৰ বেছি। নিজকে বচাবলৈ অন্য পথ নাথাকে। তাৰ দৰে বক্ৰপথ বাচি লোৱা বাটৰুৱাই নিজকে বচাই চলিবলৈ অন্য পথ ল’ব পাৰে। যদিওবা তাৰ যাত্ৰাৰ পথচোৱা অত্যন্ত দীঘল, যদিওবা সম্পূৰ্ণ লক্ষ্যবিহীন এই যাত্ৰা, তথাপি সি এই মুহূৰ্তলৈকে উশাহ লৈ আছে। অলংকৃতাৰ উশাহবোৰ গধুৰ! ধ্ৰুৱমৰ উশাহবোৰ সাঁচতীয়া। অলংকৃতাৰ এক লক্ষ্য আছে। ধ্ৰুৱমৰো লক্ষ্য আছে হয়তো। লক্ষ্য নাই কেৱল দীপকৰ।

 ধ্ৰুৱমক লগ পাইছিল সি। সি এই অনিৰ্দিষ্ট পথত ভৰি দিয়াৰ পাছত এবাৰৰ বাবে মাত্ৰ ধ্ৰুৱমক লগ পাইছিল। ভূটানত আছিল তেতিয়া সিহঁতৰ দলটো। সৰ্বশৰীৰ গৰম কাপোৰেৰে ঢাকি আনৰ চকুত ধূলি মাৰি দীপকে নামনিমুৱা ৰেলখনত উঠি দিছিল। উদ্দেশ্য আছিল শিলিগুৰিৰ ইলেক্ট্ৰনিক্সৰ দোকান কেইখন। ৰেলৰ পৰা নামি আন্ধাৰৰ লগত বিলীন হোৱা মাত্ৰকে পিছফালৰ পৰা হাতোৰা এটাই বশ কৰি তাক গাড়ীত ভৰাই লৈ আনিলে। চেতনানাশক ঔষধৰ প্ৰভাৱত সি নিজৰ স্থিতি মনত পেলাব নোৱাৰিলে৷ যেতিয়া চকু মেলিলে, দেখিলে, এটা কাঠৰ ঘৰৰ খাট এখনত সি পৰি আছে। ওচৰতে এটা পুৰুষ-শৰীৰ। কোন হয়? ভাৰতীয় সেনা? নে পশ্চিমবংগৰ পুলিচ? আন্ধাৰ ৰূমৰ এচুকত ঢিমিক ঢামাককৈ জ্বলি আছিল এটা লণ্ঠন। ক’ত আছে মনিব নোৱাৰি তেনেকৈয়ে সি কিছু পৰ চকুমুদি খাটখনতে পৰি ৰয়।

 জনশূন্য এলেকা। দূৰৈৰ পৰা ৰেলৰ উকি ভাঁহি আহিছে। ৰেলৰ উকিটো শুনি সি আশ্বস্ত হয়, ষ্টেচনলৈ বেছিদূৰ নহয়। গতিকে তাৰ পলাবলৈ বেছি কষ্ট নহ’ব। কিন্তু শত্ৰুপক্ষৰ বিষয়ে কোনো ধাৰণা কৰিব নোৱাৰি সি পলাই যোৱাৰ চিন্তাটো বাদ দিয়ে। চোৱা যাওক কি হয়।

 লণ্ঠনৰ পোহৰটো কঁপি থাকে। এটা ছাঁ-মূৰ্তি সোমাই আহে।

“বাৰু এতিয়া ক’চোন তহঁতৰ আদৰ্শ কি?” গলগলীয়া কণ্ঠেৰে পুৰুষ-অৱয়বটোৱে মাত লগায়। মাতটো ইমান চিনাকি। ক’ত শুনিছিল? ক’ত এৰি আহিছিল এই মাতৰ আপোনত্ব?

 দীপকে আগন্তুকৰ মুখলৈ চাই ৰয়। লেম্পৰ পোহৰ বঢ়াই দিয়ে সেই আগন্তুকে।

 “ধ্ৰুৱম! তই?”, জাঁপ মাৰি উঠে সি।

 ধ্ৰুৱমক সাৱটি ধৰিলে সি। তাৰ চকুপানীয়ে ভেটা বান্ধি থাকিব নোৱাৰিলে। জীৱনৰ কি যে এক সংযোগঙ্গ দুই অভিন্ন বন্ধুৰ মিলন পৰ্ব এনে এক ৰুদ্ধ কোঠাত, য’ত সিহঁতে উকিয়াই উকিয়াই পুৰণি কথাবোৰো টানিব নোৱাৰে।

 কঁকাললৈ হাত যায় দীপকৰ। পিষ্টলটো ঠিকেই আছে। ধ্ৰুৱম নিৰ্বিকাৰ হৈ ৰয়। সি বাহিৰলৈ ওলাই আহে। আৱেগে তাৰ কথাবোৰত বাধা দিছে। তাৰ হাতত বেছি সময় নাই। বহুতদিনৰ পৰাই সি দীপকৰ ওচৰ চাপিবলৈ বিচাৰি আছিল। লগ পালেই তাৰ দুগালত দুচৰ লগাই গাঁওমুখী গাড়ীখনত উঠাই দিয়াৰ কথা আছিল। নোৱাৰিলে সি। দীপকৰ চকুত চকুপানী। আচৰিত। সি ভাবিছিল, বিপ্লৱীৰ চকুত পানী শুকায়। তেনে এক বিপ্লৱীৰ চকুত চকুপানী গজিছে। আচৰিত! আচৰিত! কিয় কান্দিছে দীপকে, কিয় অ’? বুকুখন মোচৰ খাই উঠে তাৰ। দূৰৰ আন্ধাৰখিনিৰ মাজত সি মোচৰ খোৱা বুকুখন মেলি দিয়ে হুমুনিয়াহ এটা বতাহত এৰি দিওঁতেই পিছফালে খোজৰ শব্দ শুনি ঘূৰি চায়।

 “কি ভাবিছ? চোৰাংচোৱাক মোৰ বিষয়ে খবৰ দিবি? যা, খবৰ দি আহ, মই ইয়াতে তোলৈ অপেক্ষা কৰিম”, পিছফালৰ পৰা দীপক আহি তাৰ ওচৰ পাইছিলহি। তেতিয়াহে ধ্ৰুৱমৰ হুঁচ আহে। এৰা। সি বেছি আৱেগিক হৈছে। তাৰ প্ৰফেচনত আৱেগিক হ’লে নচলে, এই কথা সি কিয় পাহৰি যায়?

 “পিষ্টলটোৱে দিগদাৰ দিব তোক, তইতো ট্ৰেইনতে যাবিগৈ”, ধ্ৰুৱমে দীপকলৈ নোচোৱাকৈ মাত লগায়। সি ধ্ৰুৱমৰ হাতখন থাপ মাৰি ধৰে। তাৰ পাছত ধ্ৰুৱমৰ ফালে চাই কয়,

 “বেয়া পাইছ? তোক কথা দিয়া মতে অলংকৃতাক মই ধৰি ৰাখিব নোৱাৰিলোঁ।”

 “নাঃ”, হাতখন দাঙি ধ্ৰুৱমে বাধা দিয়ে, “মই কৃতাৰ কথা সুধিবলৈ তোক ইয়ালৈ লৈ অনা নাই। মই তোক [ ৯৯ ] সুধিছোঁ, তোৰ সংগঠনৰ আদৰ্শ কি, তোৰ আদৰ্শৰ স’তে সংগঠনৰ মিল আছেনে? স্কুলৰ প্ৰাৰ্থনাসভাত ‘জন-গণ-মন’ সংগীত গোৱা ল’ৰাটোৱে এতিয়া সাৰ্বভৌমত্বৰ বিপক্ষে অস্ত্ৰ দাঙে। মোৰ বন্ধু দীপক কোনটো? এইটো নে সেইটো?”

 হুমুনিয়াহ এৰে দীপকে, “সেইবোৰ বহুত কথা ধ্ৰুৱম। তই নুবুজিবি।”

 “ঠিকেই কৈছ তই দীপক। নুবুজোঁ তোক মই। সেই ল’ৰাটোক নুবুজোঁ মই, এজনী ছোৱালীৰ প্ৰবঞ্চনাক স্বীকৃতি দি যিজনে নিজৰ জীৱনৰ গণিত সলাই পেলাইছে”।

 “ধ্ৰুৱম!”, ৰাতিৰ নিস্তৰূতা ভেদি দীপকে একপ্ৰকাৰ চিঞৰি উঠে।

 “কৈ যা।”, ধ্ৰুৱমেও সমানে উষ্মাৰে চিঞৰি উঠে।

 ‘ক্ষমা কৰিবি ধ্ৰুৱম”, তাৰ উষ্মা শাম কাটে। সেই ছোৱালীজনীৰ কথা ওলালেই সি শক্তিহীন হৈ পৰে। নিজকে ক্ষমা কৰিব নোৱাৰাকৈ সি শক্তিহীন হৈ পৰে।

 “মোৰ ওচৰত ক্ষমা নিবিচাৰিবি দীপক নিজৰ দৃষ্টিত যদি তই শুদ্ধ হৈ আছ, তেতিয়া মোৰ ক’বলগীয়া একোৱেই নাই।”

 শুদ্ধ! কি কথা কয় ধ্ৰ্বৱমে? দীপক অসহায় দৃষ্টিৰে চিলিঙলৈ চাই ৰয়। ধ্ৰুৱমক কিদৰে কয় সি যে, প্ৰতি ৰাতি তাৰ অশুদ্ধতাৰ হিচাপ চলে। কেনেকৈ বুজায় ধ্ৰুৱমক, প্ৰতি নিশা সি এই বেহুৰ পৰা ওলাই যোৱাৰ পাং পাতে। ক’ম বুলিও ক’ব নোৱাৰে, নিৰাশাই আৱৰি ধৰা মুখখন যে বাস্তৱৰ পৰা পলাই ফুৰে। নাই নাই। কোনোখিনিতেই সি নিজক ক্ষমা কৰি দিব পৰা স্থিতিত নাই।

 আজিও সি চিঞৰি চিঞৰি ক’ব বিচাৰে, “ধ্ৰুৱম ধ্ৰুৱম, মোক লৈ যা। আমি খেতি কৰিমগৈ ব'ল। জংঘলে আমাক বিশ্বাসত লৈছে, জংঘলে আমাক সম্পদ উজাৰি দিছে। বিনিময়ত আমি জংঘলক দৈনিক বন্দুকৰ শব্দ শুনাইছোঁ। জংঘলৰ বুকুত হিংসা জাপিছোঁ। এই পাপৰ পৰা মোক মুক্ত কৰ ধ্ৰুৱম।”

 দীপকক তাতে তেনেকৈ এৰি ধ্ৰুৱম বতাহত মিলি যায়। ভান এখনৰ ইঞ্জিন গৰজি উঠাৰ শব্দটো বতাহে দূৰলৈ লৈ যায়। গুচি গ’ল ধ্ৰুৱম। ক'লৈ গ’ল সি নাজানে।

 গোটেই ঘটনাটো দীপকৰ কিবা যেন সপোন সপোন লাগিছিল। চিকুটি চাইছিল নিজকে। সঁচাকৈনে? সঁচাকৈ আহিছিলনে ধ্ৰুৱম? সেয়া সপোন নাছিলতোঙ্গ

 সি তাতে পৰি ৰৈছিল। পুৱতি নিশাৰ আগে আগে সি ৰেলষ্টেচনৰ প্লেটফৰ্মত ভৰি দিছিল। মাকলৈ মনত পৰিছিল তাৰ। দেউতাকৰ শেষকৃত্য সম্পন্ন হৈ যোৱাৰ খবৰ আহিছিল। সি ঘূৰি গৈ দলটোৰ লগ লগা নাছিল, বৰঞ্চ ৰাতি এপৰত গৈ বগলীজানৰ ঘৰ ওলাইছিলগৈ। বতাহত তেতিয়াও দেউতাকৰ চিতাভষ্মৰ গোন্ধ বিয়পি আছিল। মাকৰ বগা চাদৰৰ আঁৰৰ চকুপানীখিনি শেষ হৈছিল এথোন, তাৰ উপস্থিতিয়ে মাকৰ বুকুত ঢেঁকীৰে ধান বানিছিল। জুহালৰ জুইকুৰাত চাহৰ কেটলীটো বহাই দি মাকে কৈছিল,

 “ধ্ৰুৱম আহিছিল। দেউতাৰৰ শেষ সময়খিনিত ধ্ৰুৱমে দেউতাৰাৰ ওচৰতে বহি আছিল।”

 “সঁচা”, সি বুকুত অকণ বিষ অনুভৱ কৰিলে। ধ্ৰুৱমে তাৰমানে ইয়াৰ পৰাই তাক বিচাৰি গৈছিল।

 দেউতাকৰ শেষ সময়ছোৱাত সি নাছিল, তাৰ সলনি ধ্ৰুৱম আছিল। কি ভাগ্যৱান সি! ভাগ্যৱান তাৰ দেউতাক। তাৰ দৰে হতাশগ্ৰস্ত পুত্ৰৰ মুখৰ সলনি ধ্ৰুৱমৰ দৰে এখন উজ্জ্বল মুখ দেউতাকৰ মৃত্যুপথৰ যাত্ৰী হৈছিল। কিবা কৈছিল নেকি ধ্ৰুৱমে? ক’ত থাকে সি? কিয়েইবা’ কৰে?

 নাই। মাকক সেই কথা সোধা নহ’ল। বৰঞ্চ মাকে নিজেই ক’লে, “বহুত ডাঙৰ মানুহ হৈ গ’ল সি। কিন্তু মনটো একেই আছে তাৰ। আগৰ সহজ সৰল ল’ৰাটোৱেই হৈ আছে এতিয়াও”।

 “ডাঙৰ মানুহ! কিমান ডাঙৰ মানুহ হ’ল সি? কিবা কৈ গৈছেনে মোৰ কথা?”, বুলি দীপক আহি নিজৰ ৰূমত সোমাইছিল। নিশ্চয় কিবা কৈ যাব ধ্ৰুৱমে। তাৰ পঞ্চ ইন্দ্ৰিয়ই সেই ইংগিত দিছিল। নিজৰ ৰূমত সোমাই সি এজোলাকা কান্দি লৈছিল। চকুপানীবোৰ অবাধ্য হৈ পৰে মাজে মাজে। যিমানেই নিৰুদ্বেগ যেন দেখুৱালেও চকুপানীৰ নৈখনে সুঁতি বিচাৰি ফুৰে। ভেটা বন্ধা নাযায় সদায়। নিজক জানো ইমানকৈ ফাঁকি দিয়া যায়? এৰি থৈ যোৱা পঢ়া টেবুলখনত মূৰ পেলাই বহি লৈছিল সি। এইখন টেবুলতে সি আৰু ধ্ৰুৱমে কতটা গধূলি একেলগে [ ১০০ ] কটাইছিল। কেৰমখন চুই চাইছিল। একেই আছে সেইখনো। বৰিক পাউডাৰবোৰ এতিয়াও যেন লাগি আছে তাতে। কিতাপবোৰৰ ফালে চকু গৈছিল। শাৰী শাৰীকৈ সজাই থোৱাতে আছিল ৰুছ বিপ্লৱৰ কিতাপ। চে গুৱাভেৰাৰ আত্মজীৱনীখনৰ মাজৰ ভাঁজ দিয়া পাতখিলা তেনেকৈয়ে থাকিল। সেইখন কিতাপো তাৰ পঢ়া নহ’ল। কিউবা বিপ্লৱৰ অন্যতম নায়ক গুৱাভেৰা, মাৰ্ক্সবাদত বিশ্বাসী গুৱাভেৰা, চিকিৎসক গুৱাভেৰা, কুটনীতিবিদ গুৱাভেৰা, ফিডেল কাষ্ট্ৰোৰ সংগী গুৱাভেৰা। কিতাপখন মেলি ল’লে সি,

 ৰাষ্ট্ৰসংঘত তেতিয়া চে’ই বৰ্ণবৈষম্যৰ বিৰুদ্ধে উদাত্ত কণ্ঠেৰে ভাষণ দিছে। ক্ষুধাৰ্ত জনগণ, ভূমিহীন কৃষক, বঞ্চিত শ্ৰমিকৰ পক্ষে আবেগিক বক্তব্য দাঙি ধৰা চে’ৰ মূলদাবী আছিল ‘হয় স্বদেশ নহয় মৃত্যু’।

 সি চকুহাল মুদি ভাবিলে, সেই আদৰ্শ সিহঁতৰ সংগঠনে ৰাখিব পৰা নাই। আদৰ্শ আজিকালি বেচা-কিনা সামগ্ৰীৰ দৰে হৈ পৰিছে।

 বিছনাখনত বাগৰি চিলিঙলৈ চাই ৰৈছিল সি। জীৱনে কি শিক্ষা দিলে তাক, সি আজিও নুবুজিলে। তাৰ মাজতে এখন ডায়েৰী তাৰ চকুত পৰিছিল। এখন পুৰণি ডায়েৰী। এখন চিনাকি গোন্ধৰ ডায়েৰী। তাৰ টেবুলত এৰি থৈ যোৱা ধ্ৰুৱমৰ ডায়েৰী। সি আলফুলে বুকুত ভৰাই লৈছিল।

 বাহিৰৰ পৰা মাকে দুৱাৰ ঢকিয়াইছিল। ভাত খাবলৈ মাতিছিল। সি চে’ৰ আত্মজীৱনীখন জপাই থৈ ভাবিছিল, “কৰিম বুলি ভবা বহুত কামেই ক’ৰা নহ'ল জীৱনটোত”। যৌৱনৰ আৰম্ভণিতে তাৰ জীৱনলৈ অহা ধুমুহাজাকক সি বৰপীৰা পাৰি আদৰিলে। সেই ধুমুহাজাক এতিয়াও শাম কটা নাই। তাৰ জীৱনটো ওলট পালট কৰি আৰামৰ জীৱন কটোৱা ৰূপশিখাৰ সুখৰ দৌলত সি আঘাত হানিবলৈ পুনৰবাৰ বদ্ধপৰিকৰ হয়। মাকৰ ভাতসাঁজে তাক মোহত বন্দী কৰি ৰাখিব নোৱাৰিলে। সি শেষৰাতিলৈ ঘৰ এৰি পুনৰবাৰৰ বাবে আন্ধাৰত বিলীন হৈ গ’ল। চুৱাপাতনিৰ পৰা কুকুৰ দুটামানে খেদি আহিছিল। সি প্ৰথমে দীঘল খোজেৰে, পিছলৈ দৌৰি দৌৰি ৰেলৰ আলিৰ সিপাৰে উঠি বহিছিল। নিজৰ গাঁৱৰ নক্সাটো বুকুৰ মেপত জাপি-কুঁচি থৈ দিছিল।

 তাৰ পাছত বহু বছৰ, বহুটা সূৰ্যৰ জন্ম-মৃত্যুৰ কাহিনী। ঘৰত এৰি থৈ অহা কাঞ্চন বৰুৱাৰ কিতাপবোৰত হয়তো উঁই পোকে ধৰিলে। ঠিক যেন হৃদয়ত প্ৰেমে ঘূণ ধৰাৰ দৰেই। সেই ঘূণে কিটকিটকৈ কুটিলে বুকু।

 ঘূণে নধৰিলে ধ্ৰুৱমে এৰি থৈ যোৱা ডায়েৰীখনত। সেই যে ডায়েৰীখনৰ শব্দবোৰ, সেই শব্দবোৰৰ সৈতেই সিও উমলি আছে অতবছৰে। তাৰ কক্ষপথ আৰু ধ্ৰুৱমৰ কক্ষপথ সম্পূৰ্ণ বেলেগ, অথচ দুয়োৰে উমলাপথাৰখন একেই এই শব্দবোৰেই।

 অলংকৃতা!

 অলংকৃতা!

 অলংকৃত!

 এই শব্দবোৰত অলংকৃতা সোমাই আছে, এই ডায়েৰীখনৰ পাতে পাতে অলংকৃতা সোমাই আছে। অথচ অলংকৃতা তেতিয়াই আনৰ হৈ গৈছিল। ধ্ৰুৱমে এবাৰলৈও সেই কথা তাৰ পৰা শুনিব নুখুজিলে। ধ্ৰুৱমে তাৰ আগত অলংকৃতা শব্দটোৱেই নুলিয়ালে। এঘন্টাৰ মিলনৰ সময়ছোৱাত ধ্ৰুৱমে অলংকৃতাক বাদ দি তাৰ খবৰ ল’লে। অথচ ইয়াৰ আগলৈকে একেজন লৰাই তাৰ প্ৰতিখিলা ডায়েৰীৰ পাত অলংকৃত কৰিছিল অলংকৃতা নামেৰে। অভিমাননে? অভিমানেই হয়তো। সি জানে। সি জানে। এটা শক্তিশালী ত্ৰিভূজৰ ত্ৰিকোণত অৱস্থান কৰিছে তিনিওটিয়ে। ইটো কোণৰ লগত সিটোৱে মিলিব নোৱাৰে, অথচ তিনিওকে বান্ধি ৰাখিছে তিনিডাল অদৃশ্য ৰেখাই। ৰূপশিখা নতুবা আল্ট্ৰাছৰ দৰে চৰিত্ৰসমূহে এই ত্ৰিভূজটোৰ অকণো হানি বিঘিনি ঘটাব নোৱাৰে।

 হয় নোৱাৰে। নোৱাৰে বাবেই আজি দহবছৰৰ পাছতো অলংকৃতাই দীপকক বিচাৰি উলিয়ায়। ৰাহুল নামৰ অচিনাকি ব্যক্তিজনক ৰাতি এপৰত লগ ধৰি অলংকৃতাই দীপকৰ কথা সোধে। হৃদয়ৰ টান নহয় যদি কি হয়নো এয়া? সকলো সম্পৰ্কৰে মহত্ব আছে। কেৱল প্ৰেমেই একমাত্ৰ সম্পৰ্ক নহয়। অলংকৃতাৰ জীৱনত সঁচা প্ৰেমৰ পৰশ নাই। ধ্ৰুৱমে অতবছৰে কঢ়িয়াই লৈ ফুৰা প্ৰেমৰ স্বীকৃতি নাপালে। কেৱল দীপকহে কিয় ভাগি পৰিল? হৃদয়খন ইমানেই দুৰ্বল আছিলনে তাৰ? ৰূপশিখা নামৰ ছোৱালী এজনী ধুমকেতুৰ দৰে জীৱনলৈ আহিছিল। তাক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি গুচি গ’ল।

[ ১০১ ]  এতিয়াহে অনুভৱ হ’ল তাৰ, সি আচলতে ৰূপশিখাৰ প্ৰতাৰণাক তাৰ জন্মদাত্ৰী মাকতকৈ ওপৰত ৰাখিছে৷ নহ’লেনো সি মাকৰ বুকুত কষ্টৰ বীজ ৰুই নিজৰ বিবেকটোকে বন্ধকত ৰাখেনে? অলংকৃতাও দেখোন সাহসী হৈ উঠিছে। সেই যে অকণমানি ছোৱালীজনী! সুলকি পৰা চেমিজটো কান্ধলৈকে টানি টানি ধ্ৰুৱমৰ পিছে পিছে দৌৰি ফুৰা ছোৱালীজনী সময়ে তাইকো সাহসী কৰি তুলিছে। জীৱনে সাহসী কৰে প্ৰত্যেক মানুহকে। সিহে পৰা নাই সাহসী হ’বলৈ। লোকলজ্জাৰ পৰা মুখ লুকুৱাবলৈকে সি পলাই আহি জংঘল পালেহি, ঘূৰি যোৱাৰ বাট য’ত ৰুদ্ধ।

 অলংকৃতাই বিচাৰে, সি এই জীৱন এৰি নতুন জীৱন আৰম্ভ কৰক। সি নিজেও বিচাৰে যে, সি এই বন্দীত্বৰ পৰা মুক্ত হওক। তেজেৰে ৰাঙলী কৰা কথাবোৰৰ পৰা বহুত দূৰত অৱস্থান কৰক।

 সি ধ্ৰুৱমৰ ডায়েৰীখন মেলি লয়, প্ৰথম পৃষ্ঠাতে লিখা আছে, “those who wish to sing, always find a song

 “য়েচ। য়েচ।”

 সি গান এটা গাব। তাক এটা গান লাগে। আলোকৰ বাৰ্তা থকা এটা গানৰ সন্ধানৰত হৈ উঠিছে সি। কিছু দেৰিকৈয়ে সি আলোকৰ সন্ধান বিচাৰি পাইছে। সেই আলোকৰ সন্ধানত সি পাটকাইৰ পৰা নামি ভৈয়াম পাবগৈ। সেই সমতল প্ৰান্তৰখনৰ প্ৰকৃতিয়ে টানি আছে তাক। এই জংঘল এৰি দিব। সংগঠনক জনাব সি। চৰকাৰক জনাব সি। নাই। নাই। চৰকাৰী একো সুবিধা নালাগে তাক। তাক মাথোঁ এটা মুক্ত জীৱন লাগে। আৰ্তজনৰ হাত দুখন সবল কৰিব পৰাকৈ এখন হাত কঢ়িয়াই ফুৰিব সি।

 একে সময়তে অলংকৃতায়ো কেনভাছখনত এই সবল হাতখনৰেই ছবি আঁকি আছে। আল্ট্ৰাছে আমনি পাইছিল নেকি তেওঁ, মুখ বিকটাই কৈছিল, “কি যে ৱৰ্থলেছ কামবোৰ কৰি নাথাকা!”

 “ৱৰ্থলেচ!”, অলংকৃতাই ভাবলেশহীনভাৱেই সোধে।

 “নহয়নো কি! এইখনত ইমান সময় নষ্ট কৰি আছা? বিনিময়ত কি আহিব তোমাৰ? তাতকৈ ল’ৰা দুটাকে অলপ সময় দিব পাৰ৷”, আল্ট্ৰাছে চূড়ান্তভাৱে অসন্তুষ্টি প্ৰকাশ কৰে।

 “নুবুজিবা আল্ট্ৰাছ! এইখনে মোক জীয়াই তুলিছে।”

 “হয়। তুমি আজিকালি জী উঠিবলৈ শিকিছা, উৰিবলৈ শিকিছা, চৰাই জন্মিছে, পাখি গজিছে”, আল্ট্ৰাছে নিজৰ বিৰক্তি লুকুৱাই ৰাখিব নোৱাৰে।

 তাৰ পাছত আল্ট্ৰাছেও তুলিকা এডাল তুলি লয়। তুলিকাডালেৰে চৰাই এজনী আঁকিবলৈ চেষ্টা চলাই থাকি আচল কথালৈ আহে,

 “তোমাৰ এই পৰিৱৰ্তনৰ আঁৰত কোন বিশেষজন, জানিব পাৰিমনে?”

 আল্ট্ৰাছৰ কথা শুনি অলংকৃতাই হাঁহি উঠে। বিশেষজনৰ নাম লাগে আল্ট্ৰাছক। কোন সেই বিশেষজন, যাৰ প্ৰেমে তাইক আজিকালি উদ্বাউল কৰি ৰাখে? নিজেও নাজানে। নিজেও নাজানে।

 “আল্ট্ৰাছ, বিশেষজন বুলি কাৰ নাম কওঁ কোৱা? পাপৰি, পৰিস্মিতাৰ নাম কওঁ নে জয়ন্ত, ৰাজীৱ, হেমন্তৰ?” ইচ্ছা কৰিয়েই তাই বিশাল, ধ্ৰুৱম, দীপকৰ নাম নুলিয়ালে।

 তাইক মূৰ দাঙি জীয়াই থাকিবলৈ প্ৰেৰণা দিয়া এনেকুৱা ‘বিশেষ’ সম্পৰ্ক তাইৰ অন্তৰত প্ৰৱাহমান। আল্ট্ৰাছে বুজি নাপাব এইবোৰ। গতিকে তাই মৌন হৈ কেনভাছত ৰং বুলাই যায়।

 “এইবোৰ বাদ দিয়া, মোক কিবা এটা লাগে, সেয়া দিয়া”, আল্ট্ৰাছে প্ৰসংগ সলায়।

 “কি লাগে তোমাক?” তাই আচৰিত হয়।

 “তোমাৰ দৰে ছোৱালী এজনী”, নিৰ্লজ্জ উত্তৰ এটি যেন আগৰে পৰাই প্ৰস্তুত হৈ আছিল আল্ট্ৰাছৰ মনত।

 ভ্ৰূ কোঁচাই কাণ উণাই ৰয় তাই। কি ক’লে আল্ট্ৰাছে? কি লাগে আল্ট্ৰাছক? তাই আল্ট্ৰাছৰ ফালে মুখ ঘূৰাই চাই ৰয়। আল্ট্ৰাছে তাইৰ গালত তুলিকাডালেৰে বিন্দু এটা আঁকি আঁকি নিম্ন স্বৰেৰে কৈ পেলায়, “ল'ৰা দুটাৰে ঘৰখন বৰ নিজম হৈ থাকে। এজনী ছোৱালী দিয়া মোক। ঠিক তোমাৰ দৰে। ধুনীয়া। কোমল। মৰমলগা!”

 কি অদ্ভূত প্ৰস্তাৱ! আল্ট্ৰাছৰ চকুলৈ চাই পঠিয়ায় তাই। সঁচাকৈ আল্ট্ৰাছে তাইৰ পৰা আকৌ এটি সন্তান [ ১০২ ] বিচাৰিছেনে? নাই নাই। ক’ৰবাত যেন এক নিমিলা অংক আছে। নিমিলা অংকটোৱে তাইক অস্থিৰ কৰি তুলিছে।

 আল্ট্ৰাছৰ কাষৰ পৰা তাই কিছুদূৰলৈ গৈ আইনাখনত নিজকে চাই ৰয়। লাহেকৈ কৈ উঠে,

 “আল্ট্ৰাছ, তুমি যদি বিচাৰা, মই অনাথ আশ্ৰমত খবৰ ল’ম।”

 আল্ট্ৰাছ যেন আহত হয়, “মই তোমাৰ তেজ মঙহেৰে সৃষ্টি হোৱাটো বিচাৰোঁ কৃতা”৷

 “তেতিয়াহ’লে চাৰোগেচী মাডাৰ বিচাৰিব লাগিব’’ তাই উত্তৰ দিয়ে৷

 “কিয়? কি কথাবোৰ কৈ আছা? তোমাৰ গৰ্ভত কিয় হ’ব নোৱাৰে?”, আল্ট্ৰাছ যেন অধৈৰ্য হৈ উঠে।

 “কাৰণ এতিয়া মোৰ হাতত কেইবাটাও কাম আছে”, তায়ো তৎক্ষণাত প্ৰত্যুত্তৰ দিয়ে।

 আল্ট্ৰাছে যেন এতিয়াই গৰজি উঠিব, তেনে লাগিল তাইৰ। আল্ট্ৰাছৰ অনুৰোধটো কিয় জানো কুটিল অনুৰোধ যেন লাগিল। যেন শিকলি পিন্ধোৱাৰ নতুন আখৰা। কিন্তু নাই। এতিয়া আৰু সেই ভুল নকৰে অলংকৃতাই। মিছা মৰমৰ সঁজাত বন্দী নহয় তাই।

 দহবছৰৰ আগতে এই সম্পৰ্কটো হোৱাৰ পাছতহে তাই বুজিছিল যে তাইৰ আদৰ্শৰ স’তে আল্ট্ৰাছৰ আদৰ্শৰ মিল নাই! আদৰ্শ এৰিব নে সম্পৰ্ক এৰিব সেই সিদ্ধান্ত লওঁতেই দহবছৰ পাৰ হ’ল। এতিয়া আদৰ্শ আৰু সম্পৰ্ক, এই দুয়োটাকে নিজৰ নিজৰ স্থানত সুৰক্ষিত কৰি তাই কৰ্মপন্থা ঠিক কৰি লৈছে। এই লক্ষ্যপথৰ পৰা বিচলিত নহয় তাই। কোনো শক্তিয়েই তাইক এই লক্ষ্যৰ পৰা আঁতৰাব নোৱাৰে।

 আল্ট্ৰাছৰ ফালে পিঠি দি তাই কেনভাচখনত এটা ৰণুৱা ঘোঁৰা আঁকিলে। মৰুভূমিৰ মাজৰ ক’লা বিষাক্ত সাপডালৰ দৰে এডাল শিকলিয়ে সেই ঘোঁৰাটোক খেদি খেদি গৈ থাকিল।

++

(তেইশ)

 “ইছৰত এ-কত্ৰা হে দৰিয়া মে ফানা হো জানা দৰ্দ কা হদ চে গুজৰনা হে দাৱা হো জানা”

 (অশ্ৰুৰ টোপালবোৰ সাগৰৰ পানীত পৰিবলৈ দি, দুখবোৰ অসীমলৈ বোঁৱাই নিব পৰাতো এক অনাবিল সুখ আছে। বেদনাবোৰ নিজে নিজে অতিক্ৰম হ’বলৈ দিয়াটোৱেই বেদনাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ দৰৱ)

 “দিল চে মিটিনা তেৰী অংগুষ্ট-এ-হীনাই কা খায়াল হো গয়া গোস্ত চে নাখুন কা জুদা হো জানা”।

 (সোণজনী, হৃদয়ৰ পৰ তোৰ জেতুকাবুলীয়া৷ আঙুলিৰ ছবিখন আঁতৰোৱাটো, আঙুলিৰ মঙহৰ পৰা নখ আঁতৰোৱাৰ দৰেই কষ্টকৰ)

 ..................

 ......................

 মিৰ্জা গালিবৰ গানটো বন্ধ কৰি দিলে সি। লাখুটিডাল লৈ আইতাকজনী তাৰ ৰূমৰ ফালে কেঁকোজোঁকোকৈ আহি থকা শুনি সি কম্বলখন মূৰলৈকে টানি টোপনিৰ ভাও ধৰি পৰি থাকিল। আইতাকে তাৰ ৰূমত সোমাই কিতাপ পত্ৰবোৰ চিজিল লগালে। তাৰ পাছত তাৰ কাণত লাগি থকা হেডফোনটো আঁতৰাবলৈ গৈ মৃদু ভৰ্ৎসনা কৰিলে।

 “কাণখন যাব ইয়াৰ। ভগৱানে এইবোৰ চাবলৈকে ইয়াৰ লগত মোক ঘূৰাই ফুৰাইছে।”

 কম্বলৰ তলৰ পৰা সি মনে মনে হাঁহি থাকিল। অলপ দেৰিলৈ আইতাকে তাক বকিব। তাৰ পাছত তাক অকালতে এৰি থৈ যোৱা মাক-দেউতাকহালক বকিব। তাৰ পাছত লাহেকৈ ভগৱানৰ ওচৰত অভিযোগ কৰিব। এই ল’ৰাটোৱে মোৰ কথা নুশুনে, কি চাবলৈনো মোক ইয়াৰ ওচৰত পেলাই থৈছা বুলি ক্ষোভ উজাৰি উজাৰি ৰূমৰ পৰা ওলাই যাবলৈ ল'ব।

 তেনে সময়তে কম্বলৰ পৰা সি জাঁপ মাৰি উঠি আইতাকক দাংকোলাকৈ দাঙি ধৰিব। আৰু আইতাকে শুদ্ধ অসমীয়াৰ গালি কেইটামানেৰে তাক কোলাৰ পৰা নমাই দিবলৈ চিঞৰ বাখৰ লগাব।

 আইতাকৰ গালিকেইটাৰে দিনটো আৰম্ভ কৰি ধ্ৰুৱম ৱাশ্বৰূমৰ ফালে দৌৰ মাৰে। মুখত জোৰেৰে পানী মাৰি [ ১০৩ ] চকুহাললৈ চায়। ৰঙা পৰিছে চকুহাল। ৰাতি বহুতদেৰিলৈকে সি মনিটৰত চকু নিবদ্ধ ৰাখিছিল। সীমামূৰীয়া গুপ্তচৰৰ গতিবিধি লক্ষ্য কৰি প্ৰতিবেদন প্ৰস্তুত কৰোঁতে পুৱতি নিশা পাৰ হৈছিল। কাৰো চকুত নপৰাকৈ সি সাগৰৰ পাৰৰ এই দুকোঠালিত জীৱন-যাপন কৰিছেহি। এক বিচিত্ৰ জীৱন তাৰ। অথচ এই জীৱনৰ কোনো পৰিকল্পনা তাৰ নাছিল। তাৰ পৰিকল্পনা বেলেগ আছিল। পৃথিৱীখনক নিজৰ ঘৰৰ দৰে ভবা আৰু তাৰ প্ৰেয়সীজনীৰ হাতত ধৰি চুইজাৰলেণ্ডৰ পৰা পেৰিছলৈকে ঘূৰি ফুৰা, এয়াইতো আছিল তাৰ পৰিকল্পনা। চকুত লগা ধৰণেৰে এক সামাজিক স্থিতি আৰু লোভনীয় পেৰেজ এৰি সি ভাৰত চৰকাৰৰ এক নিৰ্দেশমৰ্মে দুস্কৃতিকাৰীৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ এইখিনি পাইছেহি। কৰ্মৰ খাতিৰত সমগ্ৰ পৃথিৱীৰ লগত যোগাযোগ স্থাপন কৰিব লগা হয় সি। কিন্তু মানুহৰ চকুৰ সন্মুখত তথা ৰাজহুৱাকৈ গ্লেমাৰযুক্ত জীৱনশৈলী এটা কটাব নোৱাৰে। লোকচক্ষুৰ তাঁৰত থাকি কাম কৰাৰ দায়িত্ব তাৰ। বিভাগীয় কৰ্মদক্ষতা আৰু প্ৰখৰ বুদ্ধিমত্তাৰ কাৰণে ভাৰত চৰকাৰৰ ওচৰত ধ্ৰুৱমৰ বহুত মূল্য। অতি ক্ষীপ্ৰতাৰে কেইবাটাও জটিল কেচ সমাধান কৰি সি চোৰাংচোৱা সংস্থাটোৰ চকুত পৰিছিল। মন্ত্ৰালয়ত সঘনে তাৰ নাম উচ্চাৰিত হৈছিল আৰু সংস্থাটোৱে তাক একপ্ৰকাৰ মান্তি কৰাই লৈছিল। সঁচা কথা ক’বলৈ হ’লে, এই জীৱন বাচি ল’বলৈ সি একেবাৰে সন্মত নাছিল। তথাপি সি জানিছিল, দেশৰ হৈ কাম কৰাৰ বাবে এয়া এক সুযোগ। এই সুযোগ পোৱা মাত্ৰকে কৰ্মক্ষেত্ৰ পৰা সি গাড়ী দৌৰাইছিল আইতাকৰ ওচৰলৈ।

 “আইতা।”

 “কি হ’ল মোৰ সোণ”, আইতাকে মৰমতে তাক কেতিয়াবা সোণ বুলিও মাতে।

 “মই বেলেগ চাকৰিত জইন কৰিম৷ ইয়াত থাকিব নোৱাৰিম”, ইয়াতকৈ বেছিকৈ জনাবলৈ বাধা আছে তাৰ।

 “ক’ত থাকিবগৈ লাগিব?”

 “কোনো ঠিক নাই।”

 “আও কি চাকৰি সেইটো? ক'ত থাকিব লাগিব নাজান? থ’ থ’ এইটো চাকৰিতে থাক তই। সোনকালে বিয়া পাতি মোক নাতি পোৱালি দুটামান দে। তাৰ পাছত য’লৈ যাৱ গৈ থাকিবি।”

 ওঁঠেৰে বিষাদৰ হাঁহি এটা নিগৰি আহে। সেয়াও আজিৰ পৰা দহবছৰৰ আগৰ কথা। সূৰ্য উঠা দেশৰ উত্তৰ পাৰৰ গাভৰু এজনীৰ সপোন হৈ সি ওভতাৰ কথা। তাৰ দৰেই সেই গাভৰুৱেও তাৰ বাবে ৰৈ আছিলনে বাৰু? নাজানে সি। দীপকক সেই দায়িত্ব সি দি থৈ আহিছিল। এতিয়া দীপকৰ খবৰা| নাই। অলংকৃতাৰ লগতো যোগাযোগ নাই তাৰ। সি ভবাৰ দৰে অংকটো হৈ উঠিবনে নাই তাতো অনিশ্চয়তা৷ নিৰাশাই ছানি ধৰিছিল তাৰ মন-আকাশ। পাগলীজনীক এবাৰলৈ লগ পোৱা হ’লেঙ্গ

 তাইৰ ওচৰৰ পৰা আঁতৰি গৈ নিজকে প্ৰতিষ্ঠিত কৰাৰ সময়ছোৱাত প্ৰায়ে সি ভাবিছিল, এবাৰলৈ তাইক লগ কৰাৰ দৰকাৰ। পুনৰ ভাবে, নহয় নহয়। প্ৰথমতে সি তাইৰ যোগ্য হোৱাৰ দৰকাৰ।

 কঠোৰ অনুশীলনত নামে সি। তাইতকৈ আগতেই সি প্ৰতিষ্ঠিত হ'ব লাগিব। তেহে সি সময়মতে তাইক পাবগৈ। নহ’লে তাইক ককায়েকে যদি! ...

 আৰু ভাবিবলৈ মন নাযায় তাৰ। ককায়েকলৈ মনত পৰি হাঁহি উঠে। “ককায়েক নহয়, হিটলাৰহে সি”, ককায়েকৰ লগত কাজিয়া কৰি তাৰ ওচৰলৈ আহি তাই মুখ ওন্দোলাই বহি থাকে। সৰু সৰু কথা, সৰু সৰু অভিমানবোৰেৰে মুখখন ফুলা লুচিখনৰ দৰে কৰি পেলায়।

 “লিপষ্টিকটো লগাওঁতেই সি মোক ইমানকৈ গালি পাৰিব লাগেনে?”

 “ইমান কষ্ট কৰি নখকেইটা দীঘল কৰিছিলোঁহে, শুই থাকোতে হিটলাৰটোৱে গোটেই নখখিনি ৰুকি পেলালে”।

 কোনোবাদিনা আকৌ চাদৰখন পিন্ধোতেও জগৰ লাগে, “সেইডালে ভালকৈ ইস্ত্ৰিও কৰি দিবও নাজানে। চাচোন মেখেলাৰ কোঁচকেইটাকে বহা নাই’’৷ সৰস্বতী পূজালৈ বুলি ওলাই যোৱা ভনীয়েকক ককায়েকে আঁৰচকুৰে চায়। সৱাৰে মাজত জিলিকি থাকে তাই। সেইখিনিতেই ভয় তাৰ। পিছযুহূৰ্ততে ককায়েকে ভয়টো জোকাৰি পেলায়, “ধ্ৰুৱম আছে, চিন্তা নাই।”

 ইমান বিশ্বাস তাৰ ওপৰত! সেই বিশ্বাসকে সাৰোগত কৰি সি কোনোদিনে তাইৰ চকুত বেলেগ দৃষ্টি থাপিব [ ১০৪ ] নোৱাৰিলে।

 ককায়েকে মাকক কয়, “ধ্ৰুৱম আছে, চিন্তা নাই’’৷

 মাকেও ককায়েকক কয়, “ধ্ৰুৱম আছে তাইৰ লগত, চিন্তা নাই।”

 ধ্ৰুৱমে কয় তাইক, “মই আছোঁ, চিন্তা নকৰিবি”

 তাৰ পাছত তাৰ মনৰ মাজত উত্তাল টৌৰ খলকনি। এই বিশ্বাস ভাঙিব নোৱাৰি। তেজৰ সম্পৰ্কতকৈও উৰ্ধত অৱস্থান কৰিছে সিহঁতৰ সম্পৰ্কই। সি বুজি উঠে, সেই সম্পৰ্কক কোনো এটা নাম দিয়াৰ আগতে নিজৰ এটা উপযুক্ত নাম থকাটো দৰকাৰ।

 কিন্তু নাম এটা গোটোৱা কি ইমান সহজ! সেই নামৰ সন্ধানত দিন ৰাতি একাকাৰ কৰিলে। আই এফ এছ ধ্ৰুৱম দাস। ভাৰতীয় বৈদেশিক সেৱাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগেই সি কান্দোনত ভাগি পৰিছিল। সুখৰ খবৰটো জনাবলৈ তাৰ মাক জীৱিত ৰূপত নাছিল। দেউতাক আছিল নিৰুদ্দিষ্ট। অলংকৃতাৰো লগত যোগাযোগ নাছিল। দীপকৰো খবৰ নাছিল। আছিল মাথো আইতাকজনী। ছয় ফুট শৰীৰেৰে সি আইতাকৰ কোমল কোলাত মূৰ পেলাই ৰয়। আইতাকে কিছু কথা বুজে, কিছু নুবুজাকৈ তাক সোধে,

 “তাইলৈ মনত পৰিছে?”, আনদিনা হোৱা হ’লে সি উচাত মাৰি আঁতৰি দিলে হয়। আজি সি তেনেদৰে আঁতৰি নাযায়। বৰঞ্চ চিন্তা কৰি ৰয়, “তাই বাৰু মোলৈ মনত পেলায়নে? মনত পেলাবলগীয়া হোৱাকৈ আমাৰ মাজত কি সম্পৰ্ক আছিলনো? তাই যদি মোক উভতি ধৰে, তহঁতৰ পুৰুষ জাতিটোৰ সঁচাকৈ কোনো বিশ্বাস নাই।”

 আইতাকে তাৰ চুলিখিনি লিৰিকি থাকে, “চুলিখিনি ইমান দীঘল হ'ল তোৰ। যা কটোৱাই আহগৈ।”

 সি নাযায়। এমুখ দাঢ়ি আৰু একোচা জপৰা চুলিৰে সি আইনাখনলৈ চাই ৰয়,

 “আই এফ এচ ধ্ৰুৱম দাস”, নাম এটা নতুনকৈ লগালেও উপাধিটো একেই থাকিল তাৰ। এই উপাধিটোৰ বাবেই অতদিনে তাইৰ ওচৰত ঠিয় দিয়াৰ সাহসকণ কৰা নাই সি। ক’ৰবাত যেন কিবা এক হীনমন্যতা! কিয়? কিয়? উপাধিটোৱে মনুহৰ দৃষ্টি হৰণ কৰে কিয়? এই ভেদা-ভেদে সিহঁতক দুখিত কৰে। জ্ঞানৰ কোনো ভেদা-ভেদ নাই। জ্ঞানৰ কোনো ধৰ্ম নাই জ্ঞানৰ কোনো ভাষা নাই। সকলোৰে উৰ্ধত মানৱতাৰ জ্ঞান। নুবুজে। সি ভবাৰ দৰে সকলোৱে কথাবোৰ নুবুজে।

 অলংকৃতাই বাৰু তাৰ দৰেই কথাবোৰ ভাবেনে?

 মুচৌৰীৰ তিনিমহীয়া ট্ৰেইনিঙৰ পিছতে সি অসমলৈ ঢাপলি মেলিছিল। সুখৰ খবৰটো অলংকৃতাক যে তেতিয়াও দিয়া হোৱা নাছিল। অলংকৃতা তেতিয়া বিশ্ববিদ্যালয়ৰ আইন কলেজত অধ্যয়নৰত৷ কৃষ্ণচূড়াৰ ৰঙাৰে দেহা-মন আৱৰি এজাকমান গাভৰুৰ স’তে দোপাট্টাৰে ধূলি উৰুৱাই দুচকুত ফাকুৰঙী সপোন অঁকাত ব্যস্ত তাই।

 আৰু ধ্ৰুৱম?

 ঘন্টাৰ পিছত ঘন্টা ধৰি হোষ্টেল চৌহদত ৰৈ ৰৈ হোষ্টেলৰ চকীদীৰৰ হাতত এটুকুৰা কাগজত তাইলৈ সৰুকৈ টোকা এটা লিখি অহাৰ বাদে উপায় নাছিল তাৰ। অলংকৃতা হোষ্টেলত নাছিল তেতিয়া।

 সি নিশ্চিন্ত আছিল, টোকাটো পোৱা মাত্ৰকে অলংকৃতাই তালৈ ফোন কৰিব, নতুবা কিবা এটা চাৰপ্ৰাইজ লৈ তাই নিজে উপস্থিত হ’বগৈ।

 নাই। সি আশা কৰা ধৰণেৰে তেনে একোৱেই নহ’ল। মুচৌৰীৰ অশ্ব-চালনাৰ প্ৰশিক্ষণকালত নতুবা হিমালয় পৰ্বতাৰোহণৰ কঠোৰ অনুশীলনৰ সময়ছোৱাত সঘনে দেখা সপোনটো তেতিয়াও জামৰি যোৱা নাছিল। কিছু আহত হৃদয়েৰে সি নতুন দিল্লীস্থিত ‘ফৰেইন চাৰ্ভিচ ইনষ্টিউট'ৰ এবছৰীয়া প্ৰশিক্ষণৰ বাবে প্ৰস্তুতি চলাবলগীয়া হ’ল। উভটনি যাত্ৰাৰ সময়ছোৱাতে৷ বৰবাৰৰ গোপীনাথ বৰদলৈ বিমানবন্দৰত একোছা মেঘবৰণীয়া চুলি আৰু কান্ধৰ এফালে পেলাই লোৱা খয়েৰী দোপাট্টাখন দেখিলেই সি ঘূৰি ঘূৰি চাইছিল, “অলংকৃতা নহয়তো!”

++

(চৌব্বিশ)

[ ১০৫ ]  সন্তান দুটিয়ে চোৱা টিভিৰ অনুষ্ঠান কিছুমান লৈ অলংকৃতাৰ ভীষণ আপত্তি। সুযোগ পালেই সিহঁত

দুয়োটিয়ে টিভিত কাৰ্টুন চেনেল পকাব নতুবা হ’ৰৰ চিনেমাত মনোনিবেশ কৰিব৷ কেইবাদিনো তাই বুজাইছে, মানাও কৰিছে, কিন্তু সিহঁতৰ এই অভ্যাসটো তাই আঁতৰাব পৰা নাই।

 “তোমালোকে ভাল চেনেল চোৱা নতুবা গান এটাকে গোৱা নতুবা কিতাপ এখন লৈ ব্যস্ত হোৱা”, তাই প্ৰায়েই তেনেদৰে বুজায়।

 সিহঁতে চিধাই গৈ দেউতাকক অভিযোগ কৰে। আল্ট্ৰাছেও সিহঁত দুটিৰে পক্ষপাতিত্ব কৰে। তাইহে কথাবোৰ বেলেগকৈ ভাবে। যৌনগন্ধী চিনেমা এখনত প্ৰাপ্তবয়স্কৰ বাবে’ বুলি লিখাৰ দৰেই হ’ৰৰ চিনেমাখনতো বাধা-নিষেধ থাকিব লাগে। এই চিনেমাবোৰে শিশু মনস্তত্বৰ ওপৰত প্ৰভাৱ পেলাইছে। হ’ৰৰ চিনেমাখনে মগজুত যি ভয়ৰ ভাব উৎপন্ন কৰে, সেই ভয় এজন ব্যক্তিয়ে গোটেই জীৱনলৈ কঢ়িয়াই ফুৰে। তাইৰ মত নহয় সেয়া। সেয়া শিশু বিশেষজ্ঞৰ মত। এজন ব্যক্তিৰ দহবছৰৰ আগতে আয়ত্ব কৰা যিকোনো স্বভাৱ গোটেই জীৱনলৈ থাকি যায়। তাইৰ সন্তানে ভয়ৰ মাজেৰে জীৱন যাপন কৰক কিম্বা আন্ধাৰ বাটত অকলে খোজ কাঢ়িব পৰাকৈ সাহসী নহওক, এয়া তাই নিবিচাৰে। তাই বিচাৰে, সিহঁত দুয়োটি ধ্ৰুৱমৰ দৰে মূৰ তুলি কথা ক’বলৈ শিকক।

 ধ্ৰুৱম!

 দিনটোত এবাৰলৈ হ’লেও তালৈ মনত নপৰাকৈ নাথাকে তাইৰ। তাৰ সত্তাটো আচলতে তেনেকুৱাই আছিল। মানৱতাবোধেৰে পৰিপূৰ্ণ, ৰজোগুণবিশিষ্ট, বৰগছৰ দৰে ধীৰ, অটল এক সত্তাৰ নাম ধ্ৰুৱম। অথচ সিও কোনোবাটো সময়ত হতাশ হৈ পৰিছিল, যেতিয়া দেখিছিল, কণ কণ শিশুক লৈ ব্যৱসায়ৰ বৃহৎ অংক চলি আছে।

 “চা অলংকৃতা, যি সময়ত বাহিৰৰ দেশৰ শিশুসকলে অলিম্পিকৰ পদককেইটাৰ বাবে অনুশীলন কৰি আছে, সেই একে সময়তে আমাৰ ল’ৰা-ছোৱালীয়ে বহিঃদেশত নিৰ্মিত চেনেলকেইটাক লৈ নতুবা খেলনাকেইটাক লৈ ব্যস্ত হৈ আছে, যিখিনিত কোনো নীতিশিক্ষা নাই, নাই কোনো শাৰিৰীক পৰিশ্ৰম। এইবোৰ সৱ ব্যৱসায়িক অংকৰ খেল বুইছ? আমাৰ শিশুসকলৰ মগজুটো একপ্ৰকাৰ ব্লক কৰি দিয়া হৈছে। এইটো প্ৰজন্মৰ পৰা কি আশা কৰিব আমাৰ দেশে?”

 সেই কম বয়সতে ধ্ৰুৱমৰ ইমান গভীৰ চিন্তা! ইমান দেশপ্ৰেম! বিশ বছৰীয়া যুৱক ধ্ৰুৱমৰ কথাবোৰ তাই এতিয়াহে অনুধাৱন কৰিব পাৰিছে। পাৰিছে কাৰণে তায়ো কৈ উঠিছে, “এইবোৰ শ্ন’ পইজন। এইবোৰ এখন দেশৰ এটা প্ৰজন্মক মানসিকভাৱে পংগু কৰি তোলাৰ কৌশল।” আল্ট্ৰাছে তাইৰ কথাবোৰ শুনি কটাক্ষমিহলি হাঁহি এটা এৰে। তাই ল’ৰা দুটিক টিভিটোৰ পৰা আঁতৰাই সাধু ক’বলৈ আৰম্ভ কৰে। দুয়োটাকে লৈ লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”খন মেলি লয় তাই। ডাৱৰৰ দেশলৈ কল্পনাৰ ঘোঁৰা দৌৰায় দুয়োটাই। সাধুৰ মাজেৰে শিশুৰ বুদ্ধি বিকাশ ঘটে। নীতিশিক্ষাৰে ভৰপূৰ এটি এটি সাধু। সেই সাধুৰে কত প্ৰজন্মই কতটা যুগ গঢ় দি গ’ল, সেই কথা কোনে নাজানে?

 পঢ়া-টেবুলখনত কিতাপৰ ভৰবোৰ ক্ৰমাৎ বাঢ়ি গৈছে। সমানে বাঢ়ে আন্ট্ৰাছৰ ওন্দোলোৱা মুখৰ ভৰ। কিতাপৰ জগতখনৰ দৰে আপোনভাৱে যে তাই কাকোৱেই ল’ব পৰ| নাই। কিতাপবোৰে তাইৰ পৃথিৱীখনত কম্পাচৰ সূচকডালৰ কাম কৰে। এই সূচকে সাগৰীয় ধুমুহাত দিশহাৰা হোৱা জাহাজখনৰ পথ দেখুৱায়।

সন্তান দুটিক সেই জগতখনৰ লগত চিনাকি কৰাবলৈকে ভিন ভিন কিতাপবোৰ আনি সিহঁতৰ হাতত তুলি দিয়ে। এনেকৈয়ে সুন্দৰকৈ পাৰ হৈ যায় আজৰি সময়! তাইৰো দুখবোৰ পাতল হৈ সুখবোৰ ফুটি উঠে। আল্ট্ৰাছ তাইৰ সুখৰ কাৰণ বিচাৰি ছটফট কৰে। তেওঁৰ মুখত স্পষ্টকৈ প্ৰতিফলিত হয় সেই প্ৰশ্ন, সেই হাঁহিৰ উৎস কোন? কোন হয় সেই বিশেষজন?

 ৰহস্যময়ী হাঁহি এটাৰে কথাবোৰ পাক লগাবলৈ শিকিছে তাই। ‘তাইৰ দুখৰ উৎস কি?’ বুলি নোসোধাজনক সকলো কথাৰে ভাগ-বতৰা দিয়াৰ পক্ষপাতী নহয় তাই। দূৰত্ব এটা আহিল দুয়োৰে মাজত। যিমানেই দূৰত্ব আহিল সিমানেই যেন তাই নিজক বুজি পোৱা হ’ল। নিজকে বেৰিবলৈ ৰক্ষাকবচ পিন্ধিলে। সেই ৰক্ষাকবচৰ নাম হাঁহি। প্ৰয়োজনত মিচিকনি, প্ৰয়োজনত খিলখিলনি। খিলখিলনিবোৰ সন্তানৰ স’তে বুটলে, নতুবা কোনোবা আপোনজনৰ [ ১০৬ ] স’তে ভাগ কৰে। খিলখিলনিৰ পৰিমাণ যেতিয়াই বাঢ়ে, তেতিয়াই সন্দেহৰ দৃষ্টি বৈ আহে আল্ট্ৰাছ নতুবা আল্ট্ৰাছৰ বন্ধুৰ দুচকুৰে। ভাল-বেয়াৰ সংজ্ঞা বিচাৰি তাই হৃদয় তোলপাৰ লগায়। স্বামীৰ লগত মনটো একাত্ম কৰিব নোৱাৰি কোনোবাটো মুহূৰ্তত মনৰ ভিতৰতে আল্ট্ৰাছক উদ্দেশ্যি কৈ উঠে তাই,

 “আল্ট্ৰাছ, মই পৃথিৱীৰ আটাইতকৈ বেয়া পত্নী, কাৰণ মই তোমাতকৈও কিতাপবোৰক বেছি বিশ্বাস কৰোঁ”।

 তাই জানে, তাইৰ এই উদাসীনতাই আল্ট্ৰাছক ঘূৰাই আনিব নোৱাৰে। যি সময়ত তাই সম্পূৰ্ণৰূপে আল্ট্ৰাছৰ নামত সমৰ্পিত আছিল, সেই সময়তো তেওঁ তাইৰ হাতৰ মুঠিৰ পৰা ওলাই গৈছিল। এতিয়াতো তাইৰ হাতৰ মুঠি উন্মুক্ত। সেই উন্মুক্ত তলুৱাৰ পৰা আল্ট্ৰাছক উলিয়াই পঠিওৱাৰ পাছতে তাইৰ বুকুখন খালী হৈ পৰিল। খালী হৈ পৰা বুকুখনত তাই বহুতবোৰ উপাদান ভৰাব পৰা হ'ল। সেই উপাদানবোৰক লৈ আপোনমনে তাই উমলি থাকিব পৰা হ'ল। আচৰিতভাৱে নিজক লৈ ব্যস্ত হৈ উঠাৰ পাছতেই দেখিলে, মানুহৰ খোঁচ-বিন্ধাবোৰ কমি আহিছে।

 “দৰ্দ কা হদ চে গুজৰনা হে দাৱা হো জানা”

 দুখৰ স’তে মোকাবিলা কৰাটোৱেই দুখ নিৰাময়ৰ উপায়৷ দুখবোৰ সামৰি লৈ লয়লাস খোজেৰে পাৰ হৈ যায় সময়। তাৰ পিছত সকলো তল পৰে। বাকী কথাবোৰ চিজিল লাগে। মাথোঁ আউলীয়া সূতাৰ গাঁথিত ওলমি ৰয় ভংগুৰ হৃদয়। হৃদয়ৰ কথা এৰি তাই কাগজত মন দিয়ে। অৰুণাভ বোলা লগৰজনে তাইলৈ মেইল এটা পঠিয়াইছে,

 “তুমি এনে এখন দেশত ডাঙৰ হৈছা, য’ত নাৰীৰ বাবে মাত মাতিবলৈ এখন আইন আছে। নাইজেৰিয়াৰ দৰে দেশলৈ চোৱা। পৃথিৱীয়ে নাৰীক কোনখিনিত স্থান দিছে, তেতিয়া বুজি পাবা”।

 নাইজেৰিয়াৰ নাৰীসকলৰ ওপৰত গৱেষণা কৰি আছে অৰুণাভে। সেই প্ৰতিবেদন পঢ়ি তাইৰ গা শিয়ৰি উঠিছে। নাৰীবাদত বিশ্বাসী নহয় তাই। তাই বিশ্বাসী মানৱবাদত। সমগ্ৰ নাৰীক মানুহ বুলি গণ্য কৰক, এয়ে তাইৰ প্ৰাৰ্থন৷ অৰুণাভৰ প্ৰতিবেদনখন আধৰুৱাকৈ এৰি তাই চকুহাল মুদি ৰয়। এতিয়াও পৃথিৱীৰ পূৰ্ণবিকাশ হোৱা নাই। আহিব, এনে এটা দিন আহিব, যেতিয়া পৃথিৱীয়ে নাৰীৰ অৱদান বুজি পাব।

 ল’ৰা দুটিৰ স’তে পঢ়াটেবুলত ব্যস্ত থাকোঁতেই পাপৰিৰ ফোন আহিল। আনন্দ আৰু বিষাদ মিহলি কণ্ঠেৰে পাপৰিয়ে অলংকৃতাক লগ পোৱাৰ দাবী জনালে। অলপ পিছতে স্কুটিখন লৈ পাপৰি অলংকৃতাৰ ওচৰ পালেহি। আহিয়ে তাই চাৰিজনীয়া বিছনাখনত কম্বলৰ ভিতৰত সোমাই লৈ আড্ডা দিবলৈ আৰম্ভ কৰে, “বা’, এৰাতি তোমাৰ লগত কটাবলৈ মন গৈছিল। ৰ’ব নোৱাৰি আহি গ’লো। বহুত দূৰলৈ যামগৈ বা’।

 পাপৰিৰ বিয়া ঠিক হৈছে বিদেশত। ল’ৰাৰ খুব ভাল কেৰিয়াৰ আৰু সৰুৰে পৰা মেধাসম্পন্ন, লগতে ঘৰখনে৷ খুব কালচাৰড। গতিকে ল’ৰা দূৰৈত থাকে যদিও সৱেই বিয়াখন হোৱাটো বিচাৰিছে। তায়ো সুখী। মাথোঁ এটাই সমস্যা, এই মাটিৰ মোহ এৰিব লাগিব, মৰমৰ কৃতাবাজনীক এৰিব লাগিব। সৰু সৰু খং-অভিমানবোৰ কাক ক’বহি? ঘন্টাৰ পাছত ঘন্টা ধৰি তাইৰ কথাবোৰ বিদেশত কোনেনো শুনিব? দেধাৰ সমস্যা তাইৰ। পাপৰিৰ কথা শুনি অলংকৃতাই হাঁহি উঠে,

 “ধেৎ পাগলী, এয়া চ’ছিয়েল নেটৱৰ্কিঙৰ যুগ। যেতিয়াই বিচৰা, পাই যাব৷ মোক!”

 “সঁচাই পামনে বা’? মোৰ যে মাইগ্ৰেনৰ বিষটো হ’লে তুমি মূৰত হাত ফুৰাই তেল সানি দিয়া, নিজৰ বা’ নোহোৱাকৈয়ে ইমান মৰম কৰা, সেই মৰমৰ পৰশ ক’ত পাম বা’?

 “ই্স! বিয়াৰ পাছত মূৰৰ বিষ হ’লে বায়েকলৈহে মনত পেলাব? ৰাজকুমাৰে সৱ কৰি দিব। মোলৈ মনতেই নপৰিব তোমাৰ।”

 কথাষাৰ কৈয়ে অলংকৃতাই মাকৰ স্পৰ্শটোলৈ মনত পেলায়। বিয়াতে এৰি থৈ অহা সেই পৰশ। মাকৰ ওচৰলৈ যোৱা হোৱা নাই তাইৰ। লাহেকৈ এটা হুমুনিয়াহ এৰে। পাপৰিয়ে হুমুনিয়াহটোৰ আঁত বিচাৰি তাইৰ মুখলৈ চাই ৰয়,

 “কৃতাবা? সৱ ঠিকে আছেনে?” [ ১০৭ ]  “মালৈ মনত পৰিছে পাপৰি।”

 “গৈ নাহা কিয়?”

 “যাম। এই টাৰমইলৰ পৰা মুক্ত হওঁ, তাৰ পিছত যাম।”

 “ভিনদেউ ঠিকে আছেনে বা?”

 “আছে আছে পাপৰি। ভিনদেউ সদায়েই ঠিকে থাকে। অস্থিৰ কৰি ৰখা ধুমুহাজাক মোৰ বুকুতহে বলে”, চকুহাল চলচলীয়া হৈ আহে অলংকৃতাৰ।

 পাপৰিয়ে তাইৰ দুহাতত খামুচি ধৰে। দুখ এজাক কঢ়িয়াই আছে বায়েকে। এই দুখৰ কোনো নাম নাই। যান্ত্ৰিকতাৰ দুনীয়াত এই দুখৰ কোনো কাম নাই।

 “আসঃ মানুহৰ অভাৱ আছেনে পৃথিৱীত? এখন দুৱাৰেদি আপোনজন ওলাই গৈছে, সিখন দুৱাৰ খোলা ৰাখিব লাগে আন কোনোবাজন সোমাবলৈ। কাৰোবাৰ প্ৰতাৰণাৰ বলি হৈ ভাগি পৰাৰ কি যুক্তি আছে?” অত্যন্ত বাস্তৱবাদীসকলৰ মত সেয়া।

 ক’ৰবাত পায়েল এযোৰ জুনুককৈ বাজি উঠে। অলংকৃতাৰ বুকুত সেই শব্দটো সোমাই পৰে। বান্ধোনত থাকিব বিচৰা মানুহজনীয়ে পাখি গজাই লৈছে। সময় পালেই নদীলৈ নতুবা দলঙলৈ নতুবা পাহাৰলৈ নতুবা ফুলৰ উপত্যকালৈ ঢাপলি মেলে।

 মায়'ডিয়ালৈ যাব নোৱাৰে। উল্কিৰ বিষটো বুকুৰ একোণত শিপাই আছে।

 চকু মুদি ৰৈছে তাই।

 সদাপ্ৰগলভ ছোৱালীজনীয়ে অনৰ্গল কথা কৈ কৈ ভাত খালে, সৰু ছোৱালীজনীৰ দৰে অলংকৃতাৰ বিছনাখনতে কুঁচি-মুচি সোমাই টোপনি গ’ল। বয়সত ডাঙৰ হ’লেও এই ছোৱালীজনীকো তাইৰ সন্তানদ্বয়ৰ দৰেই লাগে। আচলতে প্ৰতিজন মানুহৰ মাজতেই তাই শিশু এটি দেখা পায়। আল্ট্ৰাছৰ মাজতো কেতিয়াবা সেই শিশুটি দেখা পায়। সেই শিশুটিক লালন কৰিবলৈ তাই হাত মেলিলেই তেওঁ দাম্ভিক হৈ উঠে। দাম্ভিক হৈ উঠিলেই হাতখন কৌচ খাই আহে তাইৰ।

 দীপকলৈ বুলি তাই চিঠি এখন লিখিবলৈ বহিল। মনত অসংখ্য ভাৱনাই দোলা দি গ’ল। কি লিখিব, কি এৰিব? ধ্ৰুৱমৰ কথা সুধিব নে উল্কিৰ প্ৰসংগ উলিয়াব?

 একোৱেই নিলিখিলে তাই। উকা পাতখিলাত মাথোঁ এটা বাক্যই লিখিলে, “তই ঘূৰি আহ দীপক”। তাৰ পাছত চিঠিখন স্কেন কৰি ৰাহুললৈ মেইল কৰি দিলে।

 সাংবাদিকতাৰ খাতিৰত ৰাহুলে এই যাত্ৰা আৰম্ভ কৰিছে। তেওঁক বিপ্লৱীসকলৰ বিষয়ে তথ্য লাগে। উত্তৰ-পূব অঞ্চলত চলি থকা বিভিন্ন বিপ্লৱৰ বিষয়ে ৰাহুলে এখন কিতাপ লিখিবলৈ আৰম্ভ কৰিছে। বিশ্বৰ বহু কেইটা বিপ্লৱী সংগঠন একগোট হোৱাতো ভাৰত চৰকাৰৰ বাবে এক মূৰ কামোৰণি। তৃতীয় বিশ্বৰ দেশ এখনত কিমানবোৰ সমস্যা! অথচ এইবোৰ দেশৰ আধাখিনি সময় এই বিপ্লৱৰ লগত লাগি থাকোতেই যায়। জনতাৰ ঘৰ এটা বনাবলৈ টকা নথকা দেশখনে মাৰণাস্ত্ৰৰ নামত কোটি কোটি টকা শৰাধ কৰে। শান্তি নাই। সকলোকে পৰাক্ৰম লাগে, বীৰত্ব জাহিৰ কৰিব লাগে, সকলোকে ৰজা হ’বলৈ লাগে। কোনে কৈছিল সেইদৰে? ঠিক মনত পৰিছে। ধ্ৰুৱমে কৈছিল তেনেদৰে।

 “এইবোৰ বহুত কথা কৃতা। ইয়াতো ব্যৱসায়ৰ কথা আছে। ধনী হোৱাৰ অংক আছে। এখিনি মানুহৰ মাজত যুদ্ধ লগাই এখিনি দেশে মুনাফা লুটিছে”।

 “মানে? মানে? মানে?”, তাই নবুজা কথাবোৰ সুধি সুধি আদবাটত ৰৈ যায়।

 “মানেটেো কি আৰু? এটা কথা ক’চোন, এই যে মাৰণাস্ত্ৰবিলাক মানুহে কেতিয়া কিনিব? যেতিয়া হিংসা ভেদ, বিবাদ বেছি হ’ব। গতিকে হিংসাৰ বীজ ৰোপণ কৰাটো তেওঁলোকৰ ধৰ্ম। ৰাছিয়া টুকুৰ টুকুৰ হ’ল। টুকুৰা টুকুৰ নোহোৱা হ’লে ৰাছিয়াৰ লগত ফেৰ মাৰিবলৈ দিগদাৰ হ’লহেতেন ভাৰতৰ দৰে বিশাল দেশখনৰ ওপৰত এতিয়া বহুতৰে চকু। মানৱ সম্পদৰ ফালৰ পৰাই হওক, নতুবা সুখ সমৃদ্ধিৰ ফালৰ পৰাই হওক, ভাৰতৰ নাগৰিকৰ মান বহুত ওপৰত। প্ৰত্যেকজন মানুহে নিষ্ঠাৰে কাম কৰিলে ভাৰতৰ অৰ্থনৈতিক অৱস্থা বহুত সুস্থিৰ হ’লহেঁতেন। [ ১০৮ ] অৰ্থনৈতিক অৱস্থা টনকিয়াল হ’লে ভাৰতৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰিব। ঔপনিৱেশিকতাৰ বেহা মেলা ৰাষ্ট্ৰসমূহে এয়া নিবিচাৰে। গতিকে ভাৰতৰ দৰে বিশাল দেশক অস্থিৰ কৰাটো দৰকাৰ। চুবুৰীয়া দেশৰ সৈতে সম্পৰ্ক বেয়া কৰি সীমাৰ চিন্তাত ধন-জন-মন ব্যস্ত কৰাটো দৰকাৰ। তেহে ওুপনিবেশিকৰ অভীপ্সা পূৰণ হ’ব।”

 ধ্ৰুৱমৰ ক্ষোভৰ অন্ত নপৰে। সেই সময়ত ‘বিশ্ব বাণিজ্য কেন্দ্ৰত'ত ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ সৰৱ ৰাষ্ট্ৰসংঘ। সঁচা কথাই কয় ধ্ৰুৱম। ইমান দূৰলৈ কেলৈনো যাব লাগে? নিজ ৰাজ্যতে চকুৰ আগত দেখি আছে, অসমীয়াৰ সংজ্ঞা বিচাৰি ইজনে সিজনক মাৰিছে, বঙহে বঙহৰ মঙহ খাইছে।

 মহাপুৰুষজনাই অসমীয়া জাতিটোৰ ছাতিৰ তলত ছপাই লোৱা পাহাৰ-ভৈয়ামৰ জনগোষ্ঠীসকলো নিজস্বতা বিচাৰি ছাতিটোৰ পৰা ওলাই অহাৰ ৰাস্তা বিচাৰিছে। জনগোষ্ঠীৰ বিভিন্ন ক্ষোভত অসম জ্বলিছে।

 ক’ৰ পৰা যে ক’লৈ গুচি যায় তাই? দীপকৰ সংগঠনটোৰ কথা ভাবিয়েই তাই অত দূৰলৈ চিন্তা কৰিলে। পৃথিৱীত পুলিয়ে পোখাই মেলিছে সন্ত্ৰাসবাদে। এই বাদৰ আচলতে কোনো ধৰ্ম নাই। দীপকৰ সংগঠনৰ যি লক্ষ্যই নহওক কিয়, আইনে স্বীকৃতি নিদিয়া কোনো কামতে তাইৰ মত নাই।

 সেই সন্ত্ৰাসবাদৰ নিৰ্মূলকৰণত জড়িত হৈ আছে ধ্ৰুৱম। সেই কথা তাই নাজানে। জনা হ’লে তায়ো সেই নিৰ্মূলকৰণত যোগ দিলেগৈহেঁতেন।

 এতিয়া তাইৰ চিন্তা দীপকক লৈহে। দীপক ঘূৰি আহক, সেয়াই তাইৰ একমাত্ৰ আশা।

 জীয়াভৰলীৰ পাৰত ৰৈ দুটা পৃথক সময়ত ধ্ৰুৱমেও একেই প্ৰতিশ্ৰুতিকে দিছিল। ঘূৰাই আনিব দীপকক। সন্মুখৰ পৰা যুদ্ধত নামিবলৈ সাহস দিব তাক।

 কথাবোৰ প্ৰায়েই তাইক চঞ্চল কৰি ৰাখে। কিবাকিবিবোৰ যেন হোৱা নাই। কিবা এটা কৰিবলৈ আছিল। সময় গৈ আছে, কামবোৰ আৰম্ভ হোৱা নাই।

 এৰা। নিৰ্ঝৰিনী নাৰীৰ সেমেকা চকুহালৰ দৰেই উচুপি উচুপি গৈ আছে সময়। একেই সুৰ, একেই তাল, একেই লয়। তাই পায়েলযোৰ এবাৰ খোলে, এবাৰ পিন্ধে৷ মৰমত বন্দী হোৱা যায়। বন্দী হোৱা নাযায় শক্তি প্ৰদৰ্শনত। আল্ট্ৰাছে বন্দী কৰিব নাজানিলে তাইক।

 সঁজাৰ পখী উৰোঁ উৰোঁ। আল্ট্ৰাছে সেই খবৰ নাজানে। মাথোঁ সন্তান দুটিৰ প্ৰতি দায়িত্ববেধে সীমাৰ বাহিৰলৈ তাইক উৰুৱাই লৈ যোৱা নাই। উৰি যোৱা হ’লে হয়তো উল্কিৰ ৰহস্য ভেদ হ’লহেঁতেন। দুপৰ নিশাও তাই চকু মেলি ভাবি থাকিল, ঘৰৰ এই চাৰিসীমাই তাইৰ মনটো বন্দী কৰি ৰাখিব পৰা নাই। সীমাৰ বাহিৰলৈ গৈ কিছু কথা খুঁচৰি চোৱা দৰকাৰ। দুয়োটা সন্তানে নিজৰ দায়িত্ব ল'ব পৰাকৈ ডাঙৰ হওক। ল’ৰা দুটিৰ কোমল মুখ দুখনলৈ চাই পঠিয়ালে। সন্তান দুটিক ধ্ৰুৱমৰ দৰে আদৰ্শবান কৰি তুলিব পাৰিবনে তাই? সেই যে এটা সত্তা, যি পলে পলে জী উঠিবলৈ প্ৰেৰণা যোগায়, সেই প্ৰেৰণা হিচাপে গঢ়ি তুলিব পাৰিবনে সিহঁতক?

 শুই থকা৷ ছোৱালীজনীলৈ মৰম ওথলি উঠিল তাইৰ। পাপৰিৰ চুলিখিনিত আলফুলে হাতখন বোলাই দিলে অলংকৃতাই। এগালমান সপোন লৈ টোপনিত লালকাল দি থকা পাপৰিলৈ তাই মাতৃত্বৰ মৰমেৰে চাই ৰ’ল। এই সপোনৰ পথাৰখন উৰ্বৰ হওক। নিজৰা এটিৰ সোঁতত পথাৰৰ গানবোৰ বৈ যাওক। বতাহে বান্ধি ৰাখক ভালপোৱাৰ উষ্ম উশাহবোৰ।

 কোঠাৰ পৰা তাই ওলাই আহিল লাহেকৈ। মাঘী পূৰ্ণিমাৰ ৰাতি। আকাশখনলৈ চাই চাই মনটোৰ আঁত হেৰাল তাইৰ। ঝুলনাখনত বহি দুলি থাকিল তাই। শৰীৰটোৰ তালে তালে মনটোও দুলি থাকিল। এনে লাগিল "তাইৰ, যেন আল্ট্ৰাছক ঠগিছে তাই আল্ট্ৰাছৰ প্ৰতাৰণাৰ প্ৰতিশোধস্বৰূপে তাইও যেন প্ৰতিশোধৰ অস্ত্ৰ হাতত তুলি লৈছে। এয়া যে শীতল মস্তিষ্কৰ প্ৰতিশোধ! এয়া যে নিজক ক্ষমা কৰিব নোৱৰাধৰণৰ প্ৰতিশোধ।

 “কি কৰোঁ কোৱা আল্ট্ৰাছ? কি কৰোঁ কোৱা? মনটোক কোনোমতেই বান্ধি ৰাখিব পৰা নাই মই। কোনোপথধ্যেই...”, দুহাতত মুখ গুঁজি উচুপি উঠে তাই। উচুপনিটো নিমিষতে বতাহে লৈ গৈ বৰফৰ দেশ পোৱালেগৈ। দুৱাৰ খুলি উচুপনিটো ধ্ৰুৱমৰ বুকুত বহি পৰে। বতাহৰ নিচুকনিত সিও ধহমহকৈ সাৰ পাই যায়। সি জানে। অলংকৃতা যে ভালে নাই সেই কথা সিও জানে।

++

[ ১০৯ ]

(পঁচিশ)

 “এক আচৰিত শক্তিয়ে আমাৰ আভ্যন্তৰীণ ব্যৱস্থাটো খেলিমেলি কৰিবলৈ সুযোগ বিচাৰি আছে ভাইটি। আমাৰ ৰাজ্যখন অস্থিৰ কৰিবলৈ কেওদিশৰ পৰা হেঁচা প্ৰয়োগ কৰা আছে। সীমান্তত পিয়াপি দি থকা বহিঃদেশৰ চকু আৰু অন্তঃপ্ৰদেশত আস্থাহীনতা তথা৷ ভুল বুজাবুজিৰ এদল নাগৰিক”, চাহৰ কাপত চুমুক দি দীপকে কৈ গৈছে বিশালক। অলংকৃতাৰ চিঠিখন পোৱাৰ পাছতে কিছুমুহূৰ্তৰ বাবে দীপক ভিতৰুৱা গাঁও এখনত উপস্থিত হৈছিল। তালৈকে ৰাহুলে বিশালক লৈ গৈছিল।

 “অলংকৃতাই আপুনি ঘূৰি অহাটো বিচাৰিছে,”, বিশালে অলংকৃতাৰ হৈ দাবী কৰিলে।

 “বহুতদেৰি হৈ গ’ল ভাইটি। অলংকৃতাক কোনোবাদিন লগ ধৰিম। অলংকৃতাক লগ ধৰিবলগীয়াও আছে। কিন্তু আগৰ জীৱনটোলৈ ঘূৰি আহিব নোৱাৰিম। ইটজ্‌ টু লেট।”

 দাদা৷”

 দীপকক কিবা ক’ব বিচাৰিছিল বিশালে।

 নোৱাৰিলে সি। সংগঠনৰ দিনকেইটালৈ মনত পৰি গ'ল। দীপকে তাক তাৰ পৰা উলিয়াই পঠিয়ালে। বিশালক নতুন জীৱনৰ সন্ধান দি সি নিজে তাতে পৰি ৰ’ল। বিশালে বুজি নাপায়, কি কাৰণ সি ঘূৰি আহিব নোৱাৰাৰ। বুজিব নোৱাৰে সি।

 বুজাব নোৱৰ৷ কথা কিছুমান প্ৰত্যেকৰে বুকুতে থাকে। অলংকৃতাহঁতৰ সদ্ভাৱে দীপকক নতুন জীৱনৰ বাবে যিদৰে উৎসাহিত কৰি তোলে, সেইদৰে, আন কিছু কথাৰ বাবে সি সেই জীৱনৰ পৰা ঘুৰি আহিব নোৱাৰে।

 নকৈ গজালি মেলা কথাবোৰ মনত পৰে তাৰ। মনত পৰিলেই কোমল অনুভৱ এটাই বুকুত ভৰ দিয়েহি। এদিন ৰাতি দীপকহঁতৰ দলটোৱে তাত জিৰণি লৈছিল। বাহিৰত সিদিনা হিমপাতৰ বৰষুণ। খেৰৰ চাংঘৰটোৰ এচুকত চিমিক ঢামাককৈ এটা টেবুল লেম্প। কাণত জাংফাই পিন্ধা চিংফৌ ছোৱালীজনীয়ে চিনামাটিৰ কাপত ধোঁৱা বলি থকা চাহেৰে সিহঁতক আপ্যায়ন কৰিছিল। চাহৰ কাপত চুমুক দি গা-মনত শিহৰণ উঠিছিল তাৰ। আসঃ গান্ধবিৰিণাৰ গোন্ধ! কি যে নিচা এই চাহৰ! খালী চাহকাপ তুলি দিওঁতে ছোৱালীজনীৰ চকুত চকু পৰিছিল। ক’ৰবাত যেন দেখিছিল এইযোৰ চকু। ক’ত দেখিছিল এইযোৰ চকু? যেন বহু দিনৰ চিনাকি তাই।

 কাতৰ এহাল চকু। হৰিণীৰ দৰে এহাল চকু। নাৰীৰ চকু বুলিলেই ছলনা বুলি ভাবি থকা ধাৰণাটো চুৰমাৰ কৰি সি তাইৰ চকুৰ ৰহস্য উদঘাটনত ব্যস্ত হৈ পৰিল। সেই চকুৱে তাক সপোন দেখুৱায়। পাহাৰ নতুবা জংঘলৰ পৰা ওলাই আহি সি তাইৰ হাতৰ চাহকাপৰ সোৱাদ লয়।

 মাকলৈ মনত পৰে তাৰ। পুলিচ-আৰ্মিৰ সঘন তালাচীৰ পৰ| বাচিবলৈ ককায়েকজন চহৰলৈ উঠি গ’ল। মাকজনীয়েহে ভেটিটো এৰি গুচি নগ’ল। “পিতায়েৰে এইখন ঘৰতে চকু মুদিছে, এইখন ঘৰতে ময়ো চকু মুদিম। তহঁতৰ যি মন যায় কৰি থাক”, সেয়া আছিল মাকৰ সিদ্ধান্ত।

 এফালে হৰিণীনয়না আনফালে বৃদ্ধা মাক, তাৰ মাজতে অলংকৃতাৰ কাগজৰ টুকুৰা এটা আহে তালৈ, “তই ঘূৰি আহ”। ঘূৰি যাব সি। সিদ্ধান্ত লৈ পেলায় মানে হৰিণীনয়নাৰ ঘৰৰ চাহকাপত পোৱা গান্ধবিৰিণা পাতৰ গোন্ধটো তাৰ নাকত লাগি আহে। কৰুণ চকুহালে তাক বিপ্লৱৰ অৰ্থটো বেলেগকৈ ভাবিবলৈ শিকালে ভৈয়ামৰ বনাঞ্চলত সি এটা প্ৰকল্প আৰম্ভ কৰাৰ কথা আছিল। পৰ্যটনৰ লগতে বন্যপ্ৰাণীৰ সংৰক্ষণৰ উদ্দেশ্য আগত লৈ সি প্ৰকল্পটোৰ বিষয়ে পৰিকল্পনা কৰি পেলাইছিল। বিশাল, ৰাহুল আৰু অলংকৃতাৰ তাৰ প্ৰতি থকা দায়বদ্ধতা তাক ওভতনি পথ দেখুৱাইছিল মাথোঁ, সেই সময়তে আহি পৰিছিল হৰিণীনয়না এহাল চকু। সেই হৰিণীনয়নাৰ চকুৰ দৃষ্টি সি ভেদিব পৰা নাছিল। যেন যুগ-যুগান্তৰৰ বাধা নেওচি তাইৰ ওচৰ পাবগৈ।

 ইফালে সিহঁতৰ পিছত পিয়াপি দি ফুৰে ভাৰতীয় সেনাই। ভাৰত চৰকাৰে সিহঁতৰ ঘাটি উৎখাত কৰিবলৈ নতুনকৈ আঁচনি লৈছে বুলিও সিহঁত জ্ঞাত। সেইমৰ্মে সিহঁত যথেষ্ট সচেতন আৰু পৈণত হৈও উঠিছে। চুবুৰীয়া ৰাষ্ট্ৰখনে সিহঁতৰ সংগঠনটোৰ প্ৰতি বন্ধুভাবাপন্ন হোৱা হেতুকে সংগঠনৰ উচ্চপৰ্যায়ৰ নেতাসকলে সেই ৰাষ্ট্ৰখনত বসতি আৰম্ভ কৰিছে। জংঘলে জংঘলে এগালমান প্ৰত্যাহবান কঢ়িয়াই সেউজীয়া ৰংবোৰক ৰাঙলী কৰাৰ কচৰৎ চলে। সেই প্ৰশিক্ষণবোৰৰ পৰাও সি আঁতৰি থাকে। আজিকালি সেই প্ৰশিক্ষণৰ দায়িত্ব লৈছে হিন্দীভাষী সদস্য [ ১১০ ] এজনে।

 খুব কম সময়ৰ ভিতৰতে সেই সদস্যজন ‘চিফ’ৰ বিশ্বাসভাজন হৈ উঠিছে। লাহে লাহে তেওঁ দীপকৰো ঘনিষ্ঠ হৈ পৰিছে৷ আচৰিতভাবে এদিন সেই হিন্দীভাষী সদস্যজনে ধ্ৰুৱম দাস নামৰ দক্ষ ৰাষ্ট্ৰদূতজনৰ প্ৰসংগ আনিলে। কৈ গৈছিল তেওঁ, ভাৰতীয় ৰাষ্ট্ৰদূত হৈ বিদেশত কৰ্মৰত হৈ থকা ধ্ৰুৱম নামৰ দক্ষ বিষয়াজন কিদৰে নিৰুদ্দেশ হৈ পৰিছে। নিৰুদ্দেশৰ খবৰ পাই দীপকে উৎকণ্ঠা ৰাখিব পৰা নাছিল। আনফালে, সংগঠনৰ ভিতৰত অপৰিচিতজনৰ সন্মুখত ধ্ৰুৱমৰ প্ৰসংগ তাৰ বাবে এক অনাকাংক্ষিত প্ৰসংগ। চৰকাৰী পক্ষৰ স’তে তাৰ যোগাযোগ থকা বুলি সংগঠনে তাক ভুল বুজিব। লুকুৱাই থোৱা ডায়েৰীখন খুঁচৰি চাইছিল সি।

 সন্দেহৰ আৱৰ্তত ৰৈ গৈছে কথাবোৰ। হিন্দীভাষী সদস্যজনে ‘চিফ’ক তাৰ আৰু ধ্ৰুৱমৰ সম্পৰ্কৰ বিষয়ে কৈছে। এজন বিপ্লৱী আৰু চৰকাৰী বিষয়াৰ মাজৰ সম্পৰ্কটো সন্দেহজনক। তেনে সময়তেই ৰাহুল গৈ ওলাইছিল।

 দীপকে জানে যে তাৰ পিছত বহুত চকু। চৰকাৰৰ পক্ষৰো চকু, লগতে সংগঠনৰ বৰমূৰীয়াসকলৰো চকু। সামান্য অসচেতনতাত তাৰ মূৰৰ খোলা উৰি যাব পাৰে। হৰিণীনয়নাৰ চকুৱে বুকু খান্দে। ইফালে সি মাকৰ হাতত তাৰ চিতা উঠাৰ দুঃস্বগ্ন দেখি ধহমহাই বহে।

 আৰু ধ্ৰুৱম? সি যে ৰৈ আছে তালৈ। ধ্ৰুৱমৰ ডায়েৰীখন মেলি চায় দীপকে,

 “ঘূৰি আহিলে মোক খবৰ দিবি।”

 ঘূৰি অহাৰ পথ ৰুদ্ধ। ঘূৰি আহিলেই তাৰ মৃত্যু নিশ্চিত। তাৰ ষষ্ঠ ইন্দ্ৰিয় সেই ইংগিত দি থাকে। মন যায় তাৰ, সি যেন গৈ ক’বগৈ তাৰ প্ৰিয়বন্ধুক, “বিয়া পাত ৰে। টকা বহুত ঘটিলি, ডাঙৰ মানুহ বনি গ’লি, এতিয়া বিয়াখন পাত।”

 ধ্ৰুৱমে কি ক’ব তাৰ জনা আছে, অলংকৃতাক নিবিচাৰে সি, অলংকৃতা পৰৰ হৈ গৈছে, সেয়া অনীতি, অনিয়ম বুলি স্বীকাৰ কৰি ল’ব সি।

 বৰং হীঁহি হাঁহি ক’ব, “বিয়া পাতিম। ছোৱালী চাই দে। অলংকৃতাৰ নিচিনা হ’ব লাগিব কিন্তু।”

 অলংকৃতাই এই কথাৰ ভু নাপায়। হাতে হাত ধৰি একেলগে ঘূৰি ফুৰা দিনকেইটাতো অলংকৃতাই ধ্ৰুৱমৰ স্পন্দন গম নাপালে। বৰং সেইবোৰ দিনতো কেতিয়াবা ধ্ৰুৱমক ঠাট্টা মাৰি কৈ দিয়ে,

 “ধুৰ! এই কিতাপৰ পোকডালে ভেলেণ্টাইনৰ কাহিনী কি বুজিব? দীপক, তই ইয়াৰ ওচৰত নাথাকিবি। এইজনাৰ লগত থাকিলে তোৰ হাতৰ গোলাপৰ পাহি মৰহি যাব”,

 ৰ'জ ডে আছিল সিদিনা। প্ৰেয়সীক গোলাপৰ থোপা উপহাৰ দিয়াৰ দিন আছিল সিদিনা। আৰু সিদিনাই ধ্ৰুৱমে সিদ্ধান্ত লৈছিল, সি নাথাকে ইয়াত। অলংকৃতাৰ পৰা বহুত দূৰলৈ যাবগৈ।

 “কিয় বন্ধু? কিয় এই সিদ্ধান্ত?”, দীপক আচৰিত হৈছিল।

 গিটাৰৰ তাৰডালত মিহিকৈ সুৰ এটা তুলি সি কৈ যায়, “বাধা আহিব অ’। প্ৰথমে বাধা আহিব দুখন সমাজৰ নতুবা বংশ পৰিয়ালৰ পৰা। সেই বাধা অতিক্ৰম কৰিলে আহিব মোৰ নিজৰ ওপৰত নিৰ্ভৰষোগ্যতাৰ সেই বাধা অতিক্ৰম কৰিলেও আহিব নিৰাপত্তাৰ বাধ॥”

 “নিৰাপত্তাৰ বাধা? তই কি কৈছ মই একো বুজা নাই”, দীপকে কথাবোৰ বুজিব নোৱাৰে।

 “তই বহুত কথা নাজান দীপক। মোৰ দেউতাক যে অপহৰণ কৰা হৈছিল, সেই কথা তই জাননে? ডিফেন্সত আছিল দেউতা। দেউতাই সেইবাৰ ছুটী লৈ দীঘলীয়াকৈ মূলঘৰলৈ আহিছিল। তাৰ পাছতেই অসমত আৰম্ভ হৈছিল অপাৰেচন ৰাইনো। দেউতাহঁতৰ গাঁওখনত একপ্ৰকাৰ বিভীষিকাৰ সৃষ্টি হৈছিল। সন্দেহবশত দেউতাক অপহৰণ কৰা হ’ল। ককাক হত্যা কৰা হ’ল। মা আৰু মোক লৈ আইতা কোনোমতে এইখিনি পালেহি”

 দীপকে কি ক’ব ভাবি নাপায়। নিৰাপত্তাহীনতাত ভোগে ধ্ৰুৱম। সেই নিৰাপত্তা বিচাৰি ওপৰলৈ উধাব খোজে সি। অলংকৃতাক নিৰাপত্তা দিবলৈকে সি নিজে নিৰাপদ স্থানত অৱস্থান লোৱাটো প্ৰয়োজন। কথাবোৰ শুনি দীপকৰ মুখৰ মাত হৰে। বাইকৰ পিছ ছিটত বহুৱাই লৈ ধ্ৰুৱমক ৰেলষ্টেচনত এৰি থৈ আহে।

 এই কথাবোৰ মনত পৰিলেই অলংকৃতাহঁতৰ দৰে ছোঁৱালীবোৰলৈ তাৰ খং উঠে। সিহঁতে প্ৰেমিক পুৰুষৰ হৃদয়ৰ গোন্ধ নাপায়। অপৰিচিত এজনৰ সৈতে জীৱনৰ গোন্ধ মিলাই লয়। তাৰ পাছত হতাশা, হুমুনিয়াহ, ব্যৰ্থতা লৈ [ ১১১ ] জীৱনৰ অংক কৰে।

 অলংকৃতাক লগ পালে ধ্ৰুৱমৰ কথা ক’বনে সি? ক’বনে সি যে ধ্ৰুৱমৰ জীৱনৰ এছোৱা সত্য তাৰ ওচৰত লিখিত ৰূপত আছে? নে এই সত্যক দীপকে আমৃত্যু অসূৰ্যস্পৰ্শা নাৰীৰ দৰে সযতনে থ’ব? যি সত্যক ধিয়াই ধ্ৰুৱম ঢাপে ঢাপে উঠি গৈ গৈ আছিল, গৈ গৈ লক্ষ্য পাওঁতে দেখিলে, মাটিত এৰি থৈ আহিছে সেই অমূল্য ৰত্ন। সেই অমূল্য ৰত্নলৈ হাত মেলোঁতেই দেখিলে, সেই ৰত্ন অন্যৰ সম্পদ হৈ পৰিছে। নাই নাই, অন্যৰ দৰে ধ্ৰুৱমে মূৰ আফালি নাকান্দে। নতুবা চিগাৰেটৰ ধৌৱাৰ কুণ্ডলীত চকুপানীবোৰ উৰি যাবলৈ নিদিয়ে। নতুবা মদিৰাত বাকি নলয় নোপোৱাৰ বিষাদ। কামৰ মাজত ডুবি থাকে সি। কল্পনাৰ মাজত ডুবি থাকে। সৰুকৈ অভিমান এটা এৰে দীপকলৈ।

 “তোৰ ওপৰত আস্থা আছিল দীপক, তই তাইক সযতনে থবি বুলি, তই কথা নাৰাখিলি বন্ধু!” তাৰ পাছত সি আৰৱীয়ান দেশৰ মৰুভূমিৰ মাজৰ লোকনৃত্য এটিত সোমাই পৰে। জুইৰ চৌপাশে কোনোবা শ্বেখে গীত জুৰে। শ্বেব খালেদৰ আকুল সুৰত সৰোদ বজায় কোনো এক ইৰাণী যুৱকে। বাঁহীত সুৰ দিয়ে বেলুচি যুৱক মহন্মদ ইজাজে।

 “এন অভৰ আলিয়া ও ইন্তিয়া লা,

 মিন্দিৰিক ইবিডা মা নেকবি আলাইক

 লা ঝাৰ লা মেমোন উইলা কুড় জেইন

 ডিডি ডিডি ডিডি ডিডি জীন ঈড্ডিৱাহ,

 ডিডি ৱাহ ডিডি ডিডি ডিডি হা জীন-এল-ডৰয়াগ”

 (তুমি হয়তো অকণো জ্বলা নাই, যিদৰে মই প্ৰেমৰ জুইত জ্বলিছো। এদিন মই তোমাক আঁতৰি যাবলৈ নিদিলোঁ, কাৰণ মই কান্দিবলৈ বিচৰা নাছিলোঁ, কিন্তু মোৰ দুৰ্ভাগ্য, মোৰ কপালত তুমি হয়তো কেতিয়াও নাছিলা। কোন আছা? লৈ যোৱা? লৈ যোৱা, এই ধুনীয়া ছোৱালীজনীক মোৰ ওচৰৰ পৰা আঁতৰাই নিয়া।)

 বেদুইনী যুৱক-যুৱতীৰ জাকটোৱে লোকনৃত্যৰ তালে তালে গুৰ দিয়া গৰম চাহ একাপকৈ সকলোৰে হাতত তুলি দিছে। ধ্ৰুৱম আঁতৰি আহে। গানৰ কথাবোৰে বতাহত উৰি উৰি বুকুখন ফাগুনৰ মেঘৰ দৰে ওন্দোলাই আনিলে।

 ডিডি ডিডি ডিডি ডিডি জীন ঈড্ডিৱাহ, ডিডি ৱাহ ডিডি ডিডি ডিডি হা জীন-এল-ডৰয়াগ”

 (লৈ যোৱা লৈ যোৱা, ধুনীয়া ছোৱালীজনীক মোৰ পৰা আঁতৰাই নিয়া)

 ধুনীয়া ছোৱালীজনী আঁতৰি গ’ল। আঁতৰি গৈও তাই অতীত নহ’ল। সেয়ে সি নাকান্দে। সেই যে অলংকৃতাক বিচাৰি যোৱাৰ খোজটো জালুকবাৰীত এৰি আহি বৰঝাৰ এয়াৰপৰ্টত উৎকণ্ঠাৰে সময়খিনি পাৰ কৰিছিল, এটা মাত্ৰ ফোন আহক বুলি বাৰে বাৰে ফোনটোলৈ বাট চাইছিল আৰু শেষত বিমানখন ডাৱৰৰ মাজত সোমাই পৰিছিল, তেতিয়াই মনৰ মাজতে সি হায়দৰাবাদত প্ৰশিক্ষণ যোৱাৰ প্ৰস্তুতি চলাইছিল। তাৰ পাছতে দীপকলৈ মনত পৰিছিল। দীপকক এবাৰ লগ ধৰা উচিত। শৈশৱৰ বন্ধু দীপক। পৰৱৰ্তী সময়ত বন্ধুৰ সংখ্যা বাঢ়িলেও শৈশৱৰ বন্ধু প্ৰতি থকা টানটো ধ্ৰুৱমে পাহৰিব নোৱাৰিলে। প্ৰশিক্ষণ শেষ হোৱাৰ পাছতেই তাৰ নতুন চাকৰি। নতুন সপোনেৰে জীৱনটোত ভৰপক যৌৱন আনি পুনৰবাৰ উঠিছিলগৈ অলংকৃতাৰ ঘৰত। অলংকৃতাৰ ঘৰত তেতিয়া গোমা পৰিৱেশ। ককায়েকৰ মলিন চেহেৰ৷। মাক নৰীয়া পাটিত। ধুমুহাই তচনচ কৰি যোৱা ঘৰখনত অলংকৃতাক সি দেখা নাছিল। অলংকৃতা ক’ত? ক’ত তাই? ৰহস্যঘন হৈ পৰা মনটো আনি দীপকৰ দুৱাৰডলিত ভৰি দিছিল। দীপকৰ মাকৰ পৰা পাইছিল সেই খবৰ। অলংকৃতাই হেনো ঘৰৰ অমতত বিয়া হৈ গৈছে। কাৰ লগত? কাৰ স'তে এই বিয়া? উজনিৰ কোনোবা মুছলিম যুৱকৰ স’তে এই বিয়া।

 “প্ৰেমবিবাহ নে?”

 “হয় চাগৈ।”

 “হয় চাগৈ’ নহয় অ’ বুৰ্বক। প্ৰেমবিবাহেই”, নিজকে বুৰ্বক সাজি প্ৰশ্ন উত্তৰবোৰ দি গৈছিল। তাৰ পাছত কেইটিমান উজাগৰী নিশা। দীপকে সংগঠনত যোগ দিয়াৰ খবৰটোও আছিল আচম্বিক। সুখবোৰ উদ্‌যাপন [ ১১২ ] কৰিবলৈ আহি গাঁওখনত সি লমালমে বিষাদ বুটলিছিল। সেই বিষাদৰ মাজতো সি কিছু দায়িত্ব পালন কৰিছিল। প্ৰাণ যাওঁ যাওঁকৈ থকা দীপকৰ দেউতাকৰ কাষত সি ৰৈ দিছিল। দীপকৰ দেউতাকৰ মৃত্যুৰ দিনা আকাশ খনে কলহৰ কাণেৰে বৰষুণ ঢালিছিল। দীপকৰ দেউতাকৰ মৃত্যু আৰু অলংকৃতাৰ বিবাহৰ খবৰ, দুয়োটা বিষাদকে চকুপানীৰে বোৱাই নিবলৈ সি নিজকে বৰষুণৰ পানীত এৰি দিছিল।

 বৰষুণে বোৱাই নিয়া পানীবোৰ লুণীয়া হৈ পৰিল।

 “আজিয়েই ধ্ৰুৱম। আজিয়েই কান্দি ল’৷ এনে সুযোগ দ্বিতীয়বাৰলৈ নাপাবি।”

 বৰষুণ আৰু বিষাদ। বিষাদ আৰু বৰষুণ। ইটোৱে সিটোৰ লগত ওৰে ৰাতি মিতিৰালি কৰি কৰি লৌহমুখা এখন তৈয়াৰ কৰি মুখৰ ওপৰত লগাই লৈ সি দীপকৰ অৱস্থানৰ সন্ধান কৰিলে।

 ধ্ৰুৱম দাসৰ পক্ষে সেয়া কোনো টান কাম নাছিল।

++

(ছাব্বিশ)

 “অই আকাশ, তোলৈ হেঁপাহ জাগিল, তৰিলো জাল।

 জাল ভৰি উঠি আহিল শূন্যতাৰ ভঁড়াল”,

 মেঘে ওন্দোলোৱা আকাশখনলৈ চাই চাই অলংকৃতাই শূন্যতাৰ জালখন মেলি ধৰিলে। জালখনেৰে সপোনবোৰ সৰকি গ’ল। ৰৈ গ'ল আকাশসম শূন্যতা। এই শূন্যবোধে তাইক খেদি ফুৰে। খেদি ফুৰে তেতিয়াও, যেতিয়া পৰকীয়া প্ৰেমৰ অভিযোগ লৈ তাইৰ টেবুলত বিভিন্নজনৰ বিবাহ বিচ্ছেদৰ আবেদন পৰে। বিভিন্নজনক বিবাহ বিচ্ছেদৰ পথ সুগম কৰি দিয়া৷ অলংকৃতাই নিজে সেই পথত খোজ দিব নোৱাৰে। ক’ৰবাত যেন ভাৰতীয় নাৰীজনী জাগি উঠে। স্বামীৰ পদতলৰ সেই অৱশগুণ্ঠিতা নাৰীৰ দৰেই তাই নিৰ্বিবাদে পালন কৰি যায় সংসাৰ ধৰ্ম। মোহবোৰ কমি কমি নোহোৱা হৈছেগৈ। যিকণ বাকী আছে সেয়া সন্তান দুটিৰ মাজতহে আছে।

 মোহ এটা সোমাই আছে পুৰণি আলমাৰীটোত, যিটো আলমাৰীয়ে অশুৱনি ৰূপ এটা বিয়পাই আছে ৰূমটোৰ ভিতৰত। আল্ট্ৰাছে কেবাবাৰো আলমাৰীটো তাৰ পৰা আঁতৰাই দিয়াৰ কথা কৈছে।

 “পুৰণি বস্তুৱে নতুন ঘৰটোত শোভা নাপায়। তুমি এই আওপুৰণি স্বভাৱবোৰ এৰি দিবৰ হ’ল। পুৰণিবোৰ আঁতৰাই নতুনবোৰ আদৰিবৰ হ’ল”, ইত্যাদি দেধাৰ অভিযোগ। নতুন আৰু পুৰণিৰ মাজৰ তুলনাবোৰত এলাগী অনুভৱ এটাই তাইক মেৰিয়াই ধৰে। নতুনবোৰ আদৰিলেও পুৰণিবোৰক ডাষ্টবিনৰ এচুকলৈ দলি মাৰিব নোৱাৰে। আওপুৰণি স্বভাৱবোৰ এৰবি নোৱাৰিলে কাৰণেই তাই ঘিলা পিঠাৰ সোৱাদটো পিজ্জাত বিচাৰি নাপায়। আওপুৰণি স্বভাৱবোৰ এৰিব নোৱাৰিলে কাৰণে আজিও মাকৰ হাতৰ কচুৰ জালুকীয়াখনলৈ মনত পেলাই উচুপে। মাকে পিন্ধা মুগাৰ সাজযোৰ সেই পুৰণি আলমাৰীটোত সাঁচি থৈছে। এইবোৰৰ দাম আল্ট্ৰাছে নাজানে।

 তাই আলমাৰীটোৰ ওচৰত ৰৈ পুৰণা চিঠিবোৰ তথা এৰি অহা দিনৰ ডায়েৰীবোৰ খুঁচৰি চায়। জীৱনৰ সংজ্ঞা সোমাই থকা আখৰবোৰত মোহ থাকে। নামী-অনামী চিঠিবোৰ ভালপোৱাৰ ৰঙেৰে ভৰি থকা। অট'গ্ৰাফবোৰত প্ৰতিশ্ৰুতি থাকে। ফটোবোৰত জাকৰুৱা গাভৰুৰ খিলখিল হাঁহিবোৰ থাকে।

 “এই যে হাঁহি থকা ছোৱালীজনী, তাই দুবছৰৰ আগতে আত্মহত্যা কৰিলে”।

 “কিয়? কিয়?”

 “কিয় আৰু? সেই একেই? পৰকীয়া প্ৰেম।”

 “পৰকীয়া প্ৰেম? কাৰ?”

 তাইৰে?”

 “আচৰিত! তাইৰে যদি আত্মহত্যা কৰিলে কিয়? তাইৰ জানো সন্তান এটাও নাছিল”।

 “আছিল। চাৰিবছৰীয়া ল’ৰা এটা আছিল।”

 “তেতিয়াহ’লে তাই চুইচাইড কৰিলে কিয়?”

 “কাৰণ তাইৰ এফেয়াৰচৰ বিষয়ে হাছবেণ্ডে গম পালে।” [ ১১৩ ]  “তাৰ পিছত?”

 “তাৰ পিছত হাছবেণ্ডে তাইৰ মাকৰ ঘৰক জনাই দিলে”।

 “ওম। হাছবেণ্ডে হয়তো খুব আঘাত পাইছিল। জনাই দিলে বাৰু, কিন্তু তাই কিয় চুইচাইড কৰিলে?”

 “হয়তো লাজ পালে। ইমান এটা পাপ কাম সকলোৱে গম পাই গ’ল।”

 লাজ? পাপ কাম? অলংকৃতাৰ মগজুত এই শব্দবোৰ ঘূৰি থাকে। পাপমোচন কৰিলে তাই। নিজৰ জীৱনটো শেষ কৰি পাপমোচন কৰিলে। হৈ গ’লনে সকলো সমস্যাৰ সমাধান?

 নহ’ল। কাৰণ, তাইৰ চাৰিবছৰীয়া ল’ৰাটো সেই ল’ৰাটো, যি মাকৰ নাম শুনিব নোখোজে মাক নামৰ এটা বেয়া প্ৰতিচ্ছবি ৰাখি থৈছে সি মনৰ মাজত। চৌপাশৰ বদনামবোৰে তাক সেই প্ৰতিচ্ছবি উপহাৰ দিছে। এতিয়া মাকৰ সংজ্ঞা তাৰ বাবে অস্পৃশ্য সংজ্ঞা, যি সংজ্ঞাত বিশ্বাস মৰি অপৰাধৰ জন্ম হয়।

 আত্মহত্যা এক মানসিক ৰোগ। সকলোৱে জনা কথা সেয়া। কিন্তু কিমান সংগোপনে এই বেমাৰ বিয়পে নতুবা কিমান গভীৰভাৱে এই বেমাৰ শিপাই যায়, সেয়া কোনেও উমানকে নাপায়। জীৱন ইমানো কঠিন নহয় যে অকলে কটাব নোৱাৰি। মানৱ শিশু এটিয়ে অকলে জন্ম লোৱাটোৱেই তাৰ প্ৰমাণ। জীৱন ইমান সহজো নহয় যে আনৰ সহায় নোহোৱাকৈ জটিল বাট পাৰ হৈ যাব পাৰি। মানুহৰ মাজত জন্ম লোৱাটোৱেই তাৰ প্ৰমাণ।

 এই কথাখিনিকে কৈছিল তাই এদল ছাত্ৰ-ছাত্ৰীক। আইন সম্পৰ্কীয় শিক্ষাদানৰ বাবে আগশাৰীৰ মহাবিদ্যালয় এখনলৈ মাতিছিল তাইক। উচ্চশ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰশ্নৰে তাইক ব্যতিব্যস্ত কৰি তুলিছিল। সেইসকল ল’ৰা-ছোৱালীৰ লগত কটাওঁতে তাইৰ ভাব হৈছিল, শিক্ষকতাতকৈ মধুৰ বৃত্তি একোৱেই হ’ব নোৱাৰে। তেতিয়াই চকুত পৰিছিল সেই ল’ৰাটোক, যাক চাৰিবছৰতে মাকে এৰি থৈ পৃথিৱীৰ পৰা বিদায় লৈছিল। আৰু সেই মাকজনী আছিল তাইৰে একালৰ ৰূমমেট। বুকু ভেদি কান্দোন এটা ওলাই আহিছিল তাইৰ,

 “ভাল কাম নকৰিলি তই। তোৰ মৃত্যুৱে এটা মাতৃজাতিক জগৰীয়া কৰি থৈ গ’ল”।

 কোনো মাতৃৰে বিবেক বন্ধ নহওক। কোনে মাতৃৰে একাকীত্বৰ বেমাৰ নহওক। তায়ো জানে, নিষিদ্ধতা যে যিকোনো মানুহৰ নিভৃত কোণত বৈ থকা চিৰন্তন হেঁপাহ। সেই হেঁপাহ পুৰুষে পূৰাব পাৰে। বদনাম নহয় তেওঁলোকৰ। নাৰীৰ বদনাম হয়। নাৰীৰ বাবে সেয়া পাপকাৰ্য।

 আলমাৰীটোৰ পৰা সুখৰ গোন্ধ বিচাৰোতে কথাবোৰ বিশৃংখল হৈ পৰিল। ফটোবোৰ বেচিজিল হৈ পৰিল। বেচিজিল হৈ ৰোৱা কাগজবোৰ চিজিল লগাই থাকোঁতে পলিথিনৰ পেকেট এটা হাতৰ পৰা সৰি পৰিল। পেকেটটোলৈ চালে তাই। ইউনিভাৰ্চিটিৰ দিনৰ চিঠি। সোণালী কলমেৰে লিখা প্ৰেমৰ চিঠি। যিটো পেকেট তাই পিছত চাম বুলিও আজিলৈকে চোৱা নহ’ল। প্ৰেমৰ দিৱসৰ দিনা চিঠি খুলি খুলি ভাগৰি পৰে সিহঁতে। এই পেকেটটোও তেনে কিছুমান চিঠিৰেই ভৰি আছে।

 ওঁঠেৰে মিচিকনি এটা বিৰিঙি আহিল। কি যে নিৰ্দোষ ধেমালিৰ দিন সেয়া৷ প্ৰেম-বিৰহ-বিচ্ছেদেৰে ভৰি থকা ফাণ্ডন মাহ। মন চিলা উৰি গৈ দিগন্তত হেৰুওৱা মাহ। সেই মাহতে আকৌ প্ৰেমৰ দিন। গোলাপৰ দিন। হাঁহিবলৈ কোনে কাৰণ নলগ৷ দিনত সেইবোৰেই হাঁহিৰ কাৰণ। কাষৰ হোষ্টেলৰ প্ৰথম বৰ্বৰ বড়ো ল’ৰাটো ওলাইছিলহি এবাৰ। নিজৰ বাবে নে কোনোবা চিনিয়ৰৰ চিঠি লৈ আহিছিল তাই আজিও নাজানিলে। নিমাখিত চেহেৰাৰ ঠাণ্ডা ল'ৰাজনক লৈ হোষ্টেলত যে তাইক কত জোকাইছিল কোনে৷ হিচাপ নাই। সি হেনো এতিয়া কোনোবা এখন জিলাৰ শিক্ষা বিষয়া। সেই চিঠিখনো পঢ়িলে তাই।

 জীৱন তীব্ৰ গতিত পাৰ হৈ যায়। সৌ সিদিনাৰ চিঠিহে এয়া। ক্লাছছ পৰা আহি সিহঁতকেইজনী পাণবজাৰলৈ গৈছিল। অনুৰাধা শৰ্মা পূজাৰীৰ “হৃদয় এক বিজ্ঞাপন” পঢ়ি পাণবজাৰৰ প্ৰেমত পৰিছিল সিহঁত। ঘূৰি আহোঁতে যথেষ্ট দেৰি হৈছিল। হোষ্টেল পাওঁতে হোষ্টেলৰ চকীদাৰজনে চিঠিৰ টোপোলা এটা হাতত তুলি দিছিল। ইমানবোৰ চিঠি। নাই। তেতিয়া পঢ়িবলৈ ধৈৰ্য আৰু সময় দুয়োটাই নাই। চিঠিবোৰ প্লাষ্টিকৰ পেকেট এটাত ভৰাই ৱাৰ্ডদ্ৰৱত ভৰাই থোৱাতে থাকিল। তাৰ পাছতো তাই বহুত ঠাই ঘূৰিলে। য’লৈকে যায়, কিছুমান বস্তু তাই লগত লৈ যায়। সেয়ে ইমান বছৰৰ মূৰতো তাইৰ অলক্ষিতে সংৰক্ষিত অৱস্থাত ৰৈ গ’ল এই পেকেটটো। আজিহে সেই পেকেটটো৷ দেখিলে। নেদেখা হ’লে প্ৰহেলিকাতে হয়তো কিছু কথা থাকি গ'’লহেঁতেন। উৎকণ্ঠিত হৈ তাই [ ১১৪ ] পেকেটটোৰ পৰা কাগজবোৰ উলিয়ালে। কাগজ মানে কি আৰু, চিঠি দুখনমান, কাৰ্ড দুখনমান, গোলাপৰ শুকান পাহি কেইখিলামান, আৰু চিগাৰেটৰ বাকচৰ পৰা ফালি লোৱা টুকুৰা এটা। টুকুৰাটো দেখি তাই আচৰিত হ’ল। এইখন কি ওলাল আকৌ? চিগাৰেটৰ বাকচত কোনেওতো নিশ্চয় তাইলৈ প্ৰেম পত্ৰ নিলিখে।

 অধৈৰ্য হৈ তাই টুকুৰাটো পঢ়িবলৈ আৰম্ভ কৰিলে।

 “কৃতা, I came with lot expectation, but returned with much disappointment. তোক লগ নাপালো। কাইলৈ ফ্লাইটৰ টিকট আছে। ফোন নম্বৰটো দিছোঁ, ফোন কৰিবি- ধ্ৰুৱম৷’’

 “হোৱাটঙ্গ ধ্ৰুৱম!”

 ধ্ৰুৱমৰ পৰা এই টুকুৰাটো কেতিয়া আহিছিল? এইকেইটা আখৰ, এইকেইটা শব্দ, চিগাৰেটৰ পেকেটৰ টুকুৰা এটাত লিখা এই কথাখিনি কি