পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 মুখখন কঠোৰ হৈ আহে তাৰ। আল্ট্ৰাছৰ বিষয়ে সমস্ত তথ্য আহৰণ কৰিছিল সি। তাৰ তুলাচনীত আল্ট্ৰাছৰ ভৰ নাই। তাৰ দৃষ্টিত আল্ট্ৰাছৰ পোহৰ নাই। যি অকণ পোহৰ আছে, সেয়া অলংকৃতাৰ পোহৰেৰে আলোকিত পোহৰ। জোনৰ দৰে ধাৰে লোৱা পোহৰ। তথাপি জোনৰ বৰ অহংকাৰ। আনৰ পৰা ধাৰ লোৱা পোহৰেৰে জোনে কবিৰ হৃদয় তোলপাৰ কৰে। একেদৰে অলংকৃতাৰ পৰা ধাৰ লোৱা পোহৰেৰে আল্ট্ৰাছে ৰাসলীলা পাতে। অলংকৃতাক এলাগী কৰি আল্ট্ৰাছে গোপিনীসভা পাতে। অলংকৃতাৰ চকুপানীত আল্ট্ৰাছৰ বুকু নিতিতে।

 আল্ট্ৰাছক ঘিণ কৰিছিল দীপকে। ঘিণ কৰিছিল উল্কিক। প্ৰতিনিয়ত খবৰ ৰাখিছিল অলংকৃতাৰ। অলংকৃতাৰহুমুনিয়াহ্বোৰৰ গম লৈছিল সি। কিন্তু সি বিচৰা নাছিল উল্কি নিৰুদ্দেশ হওক।

 উস!

 দুহাতেৰে চুলিখিনি আঁজুৰি ল’লে সি। কঠোৰ হৈ পৰিল তাৰ মুখমণ্ডল। এনে অৱস্থাত গভীৰ জংঘলৰ মাজত কেইজীইমান গুলী নিগৰাই নিদিয়ালৈকে সি শান্তি নাপায়। বন্দুকৰ শব্দত চৰাইৰ কিচিৰ-মিচিৰবোৰ ভয়াৰ্ত আওৰাও হৈ দূৰলৈ উচি নগ’লে সি শান্তি নাপায়। তাৰ গৰ্জনত তাৰ তলতীয়া বিপ্লৱীসকল ভয় বিহবল হৈ নপৰিলে সি শান্তি নাপায়। তাৰ শান্তিৰ সংজ্ঞা বেলেগ হৈ পৰিছে। এই সংজ্ঞাৰ উৰ্ধত কিন্তু ৰৈ আছে বাল্যকালৰ দুই বন্ধু, অলংকৃতা আৰু ধ্ৰুৱম।  * * * * *


 জী উঠিছে অলংকৃতা। কণীৰ খোলাটোৰ দৰেই টান হৈ পৰিছে অলংকৃতাৰ বাহ্যিকতা। বিশালৰ ওচৰত বিষালি চকুপানীবোৰ উলিয়াই দিয়াৰ পিছত তাই বহুপৰিমাণে পাতল হৈছে। ভিতৰৰ কুহুম কোমল অনুভৱবোৰ সাঁচি ধৰিবলৈ কলমটোও হাতত তুলি লৈছে। তুলিকা এডালো কিনি আনিছে। কিনি আনিছে ৰঙৰ টোপোলা। এটা জুপুৰি, এজনী অসহায় নাৰী, এদল সুবিধাবাদী পুৰুষ, তাৰ সমানে সমানে দুগছি চাকি। সেয়া বাৰাংগনাৰ জুপুৰি। চাকিগছিত শলিতা ভৰোৱা নাই। শলিতা ভৰাবলৈ ধ্ৰুৱমৰ খবৰ পোৱা নাই। চাকিৰ পোহৰত এদল পুৰুষ চগা হৈ মৰা নাই। পোট্ৰেইটখন আৰম্ভ কৰিছে অলংকৃতাই। পোট্ৰেইটৰ ওপৰত ডাঙৰ ডাঙৰ আখৰেৰে লিখিছে ‘বাৰাংগনাৰ জুপুৰি’। সেই জুপুৰিতে জী উঠিছে অলংকৃতা।

 কোৱা বাহুল্য, অলংকৃতা আৰু বিশাল মঙলদৈৰ পৰা ঘূৰি অহাৰ পাছতে চহৰত বু বু-বা বাৰ সৃষ্টি হ’ল। আকৌ এক নতুন কাহিনীৰ জন্ম হ’ল। পৰকীয়া প্ৰেমৰ নামেৰে অভিহিত হ’ল ন্যায়াধীশ অলংকৃতা বৰুৱা আৰু বিশাল তমুলী। আল্ট্ৰাছৰ গোমোঠা মুখখন আৰু গোমোঠা হৈ পৰিল। বেয়া নালাগিল তাইৰ। নিজক শাস্তি দিও কিছুমান প্ৰতিশোধ লোৱা যায়। ভৱেন্দ্ৰনাথ শইকীয়াৰ ‘অন্তৰীপ’ৰ মেনকাৰ দৰে জুইত গা ধুবলৈ মন গ’ল তাইৰ। মদন চোৰ নোহোৱাকৈয়ো মদন চোৰৰ উপস্থিতি দেখুৱাবলৈ তাই নিজকে টুকুৰিয়াই ল’লে। নতুনকৈ জী উঠা অলংকৃতাজনীক দেখি আল্ট্ৰাছৰো বুকু কঁপি উঠিছে।

 নাৰী হেনো মহিমাময়ী, নাৰী হেনো দূৰ্গতিনাশিনী, নাৰী হেনো ৰহস্যময়ী, নাৰী কলংকিনী। আৰু যে কত কি!

++

(পোন্ধৰ)

 সত্ৰ ন্যায়াধীশে তাইক তেওঁৰ অফিচ কক্ষলৈ এদিন মাতি পঠিয়ালে। তাইৰ অনুপস্থিতিৰ খতিয়ান ল’লে। কোৰ্টত সোমাই তাই অনুভৱ কৰিছিল গোটেইখন কিবা গোমা গোমা পৰিবেশ। ঘৰতো সেই একেই। নিশ্বাসবোৰ উলিয়াই পঠিয়াব নোৱাৰাকৈ বন্ধ এজাক বতাহ। ভিতৰি ভিতৰি এবুকু শূন্যতাত তাই ডুবি থাকে। ৰাতিবোৰ প্ৰায়ে অস্থিৰ। অস্থিৰ মুহূৰ্তবোৰত তাইৰ কিতাপৰ শব্দবোৰ চৌপাশে উৰি ফুৰে। তেতিয়া তাই শব্দবোৰক আনি তুলিকাডালত গাঁথি লয়। কেনভাছত ফুটি উঠা নাই ‘বাৰাংগনাৰ জুপুৰি’ খনৰ নায়িকাজনী। অলপ আগতে যদি সেই নায়িকাজনীৰ মুখত কজলা ডাৱৰৰ ছাঁ বুলাইছে, ক্ষন্তেক পিছতে সেইখন মুখৰ ওপৰতে ৰামধেনুৰ ৰং সানি দিছে। একেখন কেনভাছতে এজাক মৃত্যুমুখী চৰিত্ৰই কবৰ খন্দাৰ দৃশ্য লয়। নায়কজন তাই এতিয়াও ঠিৰাং কৰিব পৰা নাই। আল্ট্ৰাছ নায়ক হোৱাৰ সুযোগ হেৰুৱালে। বিশালক তাই এতিয়াও বুজি উঠা নাই। সেয়ে বিশালকো