আল্ট্ৰাছক বশ কৰিব নিবিচাৰে তাই। আল্ট্ৰাছক ব্যক্তিগত স্বাধীনতাত তাই হাত নিদিয়ে অন্তত, সেয়ে সোধে,
“তুমি তাইক বিয়া পাতিব বিচাৰা নেকি আল্ট্ৰাছক?”, তাইৰ প্ৰশ্নটোত সি উচপ খাই উঠে।
“হা! কি কৈছা তুমি? বিশ্বাস কৰা, এইবোৰ মোৰ বিৰুদ্ধে চালাকী কৰিছে৷”
“মই সেইটো সোধা নাই, তুমি তাইক বিয়া পাতিব বিচাৰা নেকি, সেইটো কোৱা।”
এইবাৰ সি তাইৰ মুখলৈ চালে।
“তুমিনো আকৌ কি সুধিছা? তাইৰ সৈতে মোৰ এনেকুৱা একো সম্পৰ্ক নাই।”
“তেতিয়াহ’লে সেই ঘনিষ্ঠতাবোৰৰ কি নাম আল্ট্ৰাছ, যিবোৰ কঞ্জনীলৰ মোবাইলত আবদ্ধ হৈ দুটি পৰিয়ালক ছিৰাছিৰ কৰিবলৈ লৈছে”।
আল্ট্ৰাছক মনে মনে ৰয়।
“কোৱা আল্ট্ৰাছক কি নাম দিবা এই সম্পৰ্কৰ?”
“কৃতা, তুমি ভালদৰেই জানা, তাইৰ লগত মোৰ ব্যৱসায়জনিত সম্পৰ্ক ব্যৱসায়ৰ স্বাৰ্থত কেতবোৰ ঠাই আমি যাব লগা হয়।”
“আৰু আলিংগনৰত হৈ ফটো উঠিব লগ হয়”, অলংকৃতাই তাৰ মুখৰ কথা টানি আনি শেষ কৰে।
“জানা, আল্ট্ৰাছক, মোৰ দুখ এইবাবেই নহয় যে তুমি অন্য নাৰীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছা, বৰঞ্চ মোৰ দুখ এইবাবেই যে মোৰ সংস্পৰ্শই তোমাক সঁচা কথা ক’বলৈ সাহস দিয়া নাই”, তাই কৈ যায়।
আল্ট্ৰাছে লাইটাৰটোৰে চিগাৰেট এটা জ্বলাই লয়।
“এতিয়াও কোৱা মোক, তুমি যদি উল্কিক আনিব বিচাৰা, যদি তুমি তাইক নিজৰ হিচাপে পাব বিচাৰা, মই ঢোলে-দগৰে তাইক আদৰি আনিম! তুমি যদি বিচাৰা, মই আঁতৰি দিব লাগে, মই বিনাচৰ্তে আঁতৰি দিম। সকলো তোমাৰ মতেই হ’ব, মাথোঁ শুদ্ধটো মোৰ আগত তুলি ধৰা। অন্তৰেৰে কৈ দিয়া মোক, প্ৰকৃততে কি বিচাৰা তুমি। সিমানখিনি সাহসৰ অভাৱ দেখিহে মই কষ্ট পাইছোঁ আল্ট্ৰাছ”, একেৰাহে কথাখিনি কৈ তাই আন্ধাৰ উপত্যকাৰ ফালে চাই ৰয়।
আল্ট্ৰাছে ফোঁপাবলৈ ধৰে। উত্তেজিত হৈ কৈ উঠে,
“তুমি কি বুলি ভাবা কৃতা? তাইক মই বিয়া কৰাম? তাইৰ দৰে থাৰ্ড গ্ৰেডৰ ছোৱালী এজনীৰে মোৰ ঘৰ সজাম? কেনেকৈ ইমান তললৈ ভাবিব পাৰিলা তুমি?”
এইবাৰহে তাইৰ মেলা মুখ মেলাতে ৰয়। কোনে কয়, নাৰীৰ মহিমা বুজা টান। এয়া দেখোন তাইৰ সন্মুখত তাইৰ অতি পৰিচিত স্বামীৰ বিচিত্ৰ চৰিত্ৰ। তাইৰ সন্মুখতে কঞ্জনীলৰ লগত পৰনাৰীৰ বাবে তৰ্কত লিপ্ত হৈছে। তাইকে ওলোটাই কৈছে সেইজনী থাৰ্ড গ্ৰেডৰ ছোৱালী বুলি। তাই হতাশ হৈ পৰে আল্ট্ৰাছৰ অযুক্তিকৰ সংলাপত। আঁতৰি আহিব খুজিও ভাব হয়, আল্ট্ৰাছ মনেৰে অতি দুখীয়া। তেওঁক মানসিক ধনৰ প্ৰয়োজন আছে। ধ্ৰুৱমে তাইক মনৰ সম্পদ বিশাল কৰি থৈ গৈছে। তাৰে অকণ আল্ট্ৰাছক দিলে তাইৰ মনৰ বিশাল সাগৰত এই ধনৰ অভাৱ নপৰে।
তথাপি ক’ৰবাত কথাবোৰে দেখো সংগতি হেৰায়। সন্মুখত কেবাটাও ৰাস্তা। মৌনতাই সন্মতি জনোৱা ৰাস্তা৷ পিছলৈ মাথোঁ এটি ৰাস্তা। তাল-আফাল কৰি তাইৰ প্ৰৱেশৰ বিৰোধিতা কৰা সেই ৰাস্তা। গোটেইকেইটি ৰাস্তাতে খোজ দিব পৰাকৈ তাই সবল হৈ উঠিছে। দুদিনৰ আত্মকথনেৰে তাই নিজৰ শক্তিৰ উমান পাইছে। এই ছোৱালীজনীলৈ তাইৰ অনুকম্পা জাগি উঠিল। যিজন পুৰুষৰ বাবে উল্কিয়ে এই পথত ভৰি দিলে, সেই পুৰুষৰ তাইৰ প্ৰতি দৃষ্টিভংগী দেখি সবল হৈ থাকিব পৰাকৈ শক্তি যুগুতাব পাৰিবনে তাই? তাইক এবাৰ চাবলৈ মন গ’ল তাইৰ। জানিবলৈ মন গ’ল, কেনে আছে তাই। উল্কিৰ বাবে তাইৰ মনত হাজাৰ অনুকম্পনৰ সৃষ্টি হ’ল। পখিলাৰ দৰে ছোৱালীজনীৰ পাখি কটাৰ দৃশ্যটো তাইৰ বাবে অসহনীয় হৈ উঠিল। তাই যাব এবাৰ উল্কিৰ ওচৰলৈ। জীৱনে শিকোৱা কিছুমান জটিল তত্ব তাই বিশ্লেষণ কৰি আহিবগৈ। তাইৰ মনৰ মাজত উল্কিৰ প্ৰতি কোনোধৰণৰ বিৰাগ ভাৱ জাগি নুঠিল। অকলশৰীয়া হৈ পৰা সৰু ছোৱালীজনীৰ ওচৰত তাইৰ নিজকে এজোপা বটবৃক্ষৰ দৰেই ভাৱ