আল্ট্ৰাছ-কঞ্জনীল-উল্কিৰ মাজৰ কথাবোৰত তাই বেঙুনীয়া ৰঙৰ আভা দেখিলে। জটিলৰ পৰা জটিলতম হোৱাৰ উপক্ৰম ঘটিছে কথাবোৰৰ। কথাবোৰৰ মাজত তাই হৈ ৰৈছে মাথোঁ এখন হেলনীয়া দলং। তাইৰ বুকুৰ দলং গচকি সেই গধুৰ সময়বোৰ দোপ দি দি পাৰ হৈ গৈছে। জানে তাই, এই সময়খিনি পাৰ হৈ গ’লেই আকৌ মধুৰতম সময়। এয়েতো প্ৰকৃতিৰ নিয়ম। কেতিয়াবা ইয়াত বজ্ৰপাতৰ কঠোৰ হুংকাৰ, কেতিয়াবা আকৌ মৃদু মলয়াৰ কোমল বাংকাৰ।
ছাদৰ ওপৰৰ পৰা ভাঁহি অহা হুংকাৰবোৰৰ যৱনিকা পৰক। লাগিলে তাই ত্যাগ কৰিব নিজস্ব অধিকাৰ। কি বিচাৰেনো আল্ট্ৰাছে? উল্কিক একেবাৰে নিজৰ কৰি পাব বিচাৰেনে? বিচাৰে চাগৈ, সেয়েতো ইমান তৰ্জন-গৰ্জন কৰি আছে। তাইৰ উপস্থিতিকো আওকাণ কৰি সেয়ে তেওঁ উল্কিৰ সপক্ষে যুক্তি গোটাই গৈছে।
“ঠিকেই আছে আল্ট্ৰাছ৷ তুমি যদি এনেকৈয়ে সুখী, তেতিয়াহ’লে এনেকৈয়ে সুখী হোৱা। তোমাৰ স্বাৰ্থত মই বৰগছজোপাৰ দৰে মহীয়ান হৈ উঠিম। হালি নপৰোঁ কোনোদিন। কিন্তু এবাৰলৈ মোৰ সন্মুখীন হোৱা। মোৰ সন্মুখীন হোৱা সাহসেৰে। মাথোঁ এবাৰৰ বাবে সত্যটো কোৱা মোক।”
লাহে লাহে ছাদৰ ওপৰৰ পৰিৱেশটো নিতাল মাৰিছে। যেন ধুমুহাৰ পাছৰ গোমা পৰিৱেশ চলি আছে। সেই নৈঃশব্দৰ বেহু ভেদি তাইৰ ফোনটো বাজি উঠে। তাই জাপ মাৰি আহি ফোনটো অফ কৰি দিয়ে। এতিয়া তাইৰো কাৰো সৈতে কথা পতাৰ ইচ্ছা নাই। লাগিলে তাইৰ মৰমৰ ককায়েক নতুবা বেমাৰী মাকজনীয়ে নহওক কিয়! লাহেকৈ তাই ছাদৰ ওপৰ পায়গৈ। ছাঁ-পোহৰৰ ছবিৰে আল্ট্ৰাছৰ মুখখন খুঁটিয়াই চায়। কিহৰ দুখ আল্ট্ৰাছৰ? কিহৰ দুখত নিমগ্ন হয় সি? উল্কিক হেৰুৱাৰ শংকা নে? উল্কি মানে সেই ছোৱালীজনী, যিজনীয়ে মায়ডিয়াৰ তুযাৰাবৃত পাহাৰত শুকুলা ৰং সানি প্ৰেমৰ ধ্বজা উৰাইছিল। উল্কি মানে সেইজনী, যিজনীয়ে পখিলা এজনীৰ দৰে আল্ট্ৰাছৰ সোঁৱে-বাঁৱে উৰি ফুৰিছিল। উল্কি মানে সেইজনী, যিজনীয়ে তাইৰ পৰা আল্ট্ৰাছক বহু সময় কৰ্তন কৰিছিল? সেই উল্কিকে হেৰুওৱাৰ দুখত আল্ট্ৰাছ ভাঙি পৰিছেনে? আল্ট্ৰাছ সুখী হওক, আল্ট্ৰাছল সোধা যাওক, কি বিচাৰেনো তেওঁ, সেই কথা জনা যাওক। আল্ট্ৰাছে ৰেলিঙত ভেঁজা দি দূৰলৈ চাই ৰয়। তায়ো চাই পঠিয়ায় সেইফাললৈ। কিনো আছে সেইফালে? শীতল বা’ বলি এক আন্ধাৰৰ উপত্যকা মাথোঁ সেইফালে।
“ আল্ট্ৰাছ।” আল্ট্ৰাছে নুশুনিলে নে নুশুনাৰ অভিনয় কৰিলে তাই নুবুজিলে।
“ আল্ট্ৰাছ শুনিছানে?”, পুনৰবাৰ মাতে তাই।
“তুমি কিয় এনে কৰিলা আল্ট্ৰাছ?” সি নুশুনে।
“আল্ট্ৰাছ। কি হৈছে তোমাৰ? কিবা এটা সুধি আছোঁ মই, শুনিছানে নাই”, তাইৰ আল্ট্ৰাছৰ বাহুত ধৰি জোকাৰি দিয়ে।
আল্ট্ৰাছক থতমত খাই তাইলৈ চাই ৰয়।
“মোক কোৱা আল্ট্ৰাচ, মোৰ পৰা তুমি কি নাপালা? কিহৰ অভাৱ তোমাৰ কোৱা মোক, কিহৰ অভাৱ হ’ল কোৱা।”
আল্টাছে দূৰলৈ চাই ৰয়। হাতৰ পেশী তেওঁৰ টান হৈ আহিল। নিজৰ ভুলবোৰ তেওঁৰ চকুত পৰা নাই। তেওঁৰ ভুলটোনো ক’ত? ওহোঁ। তেওঁ নামানে নিজৰ ভুল হোৱা বুলি। এয়া সম্পূৰ্ণ অলংকৃতাৰ ভুল। ভুল কঞ্জনীলৰ। সেই কথা অলংকৃতাই জনা উচিত। অলংকৃতাক উদ্দেশ্যি আল্ট্ৰাছক কৈ দিলে,
“কি কৰিম কোৱা মই, কি কৰিম কোৱা। তুমি অলপো চ’ছিয়েল নোহোৱা, কেৱল ঘৰ, অফিচ, কিতাপ, কেচ ডায়েৰী লৈ ব্যস্ত থকা মানুহ তুমি। ডিস্ক’ এখনলৈ যাবলৈ তোমাৰ সময় নোলায়, বিয়া এখন খাবলৈ তোমাৰ সময় নোলায়। অলপোৱেই চ’ছিয়েল নোহোৱা তুমি। মই নোৱাৰো এনেদৰে। মোক বাহিৰৰ চচাইটি এখন লাগে। কিতাপৰ বগা পৃষ্ঠা ক’লা আখৰৰ মাজত মোৰ সমাজখনে উত্তৰ বিচাৰি নাপায়”।
কিছু আচৰিত হ’লেও আল্ট্ৰাছৰ নিৰ্বোধিতাত অলংকৃতা হতাশ নহয়। বিয়াৰ আগৰে পৰা তাইৰ জীৱনশৈলীৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত আছিল সি। কৰ্মজীৱনৰ খাতিৰত নাইবা সন্তানৰ দায়িত্বত তাই কিছু কাম নকৰিলেই যেনিবা, সেয়ানো তাইৰ বাবে অনাহূত প্ৰশ্ন হৈ উঠিবনে? ওহোঁ। তাইৰ নিজক লৈ অলপোৱেই আপত্তি নাই। আল্ট্ৰাছৰ সৰু সংসাৰখনৰ স্বাৰ্থতেতে৷ অতখিনি ত্যাগ। আল্ট্ৰাছে নুবুজিলে যেতিয়া, ভাললগা কথাৰে