অধিষ্ঠিত হৈ আল্ট্ৰাছৰ ঘৰ শুৱনি কৰে, আনহাতে উল্কিৰ দৰে নাৰীৰ মাজত তেওঁ প্ৰেমৰ সন্ধান কৰিলেও সেই নাৰীক আখ্যা দিয়া হয় তৃতীয় শ্ৰেণীৰ নাৰী।
গোটেই ব্যৱস্থাটোত সুখী নহয় কোনোৱেই। সুখী নহয় অলংকৃতা, সুখী নহয় উল্কি। আল্ট্ৰাছৰ দৰে পুৰুষে মাথোঁ ৰং চায়। দুগৰাকীকৈ নাৰীৰ মনৰ ফুলনি থানবান কৰি দিয়াৰ পাছতো দম্ভ শেষ নহয় সেই পুৰুষৰ। আল্ট্ৰাছৰ দম্ভ-অহংকাৰৰ স’তে পৰিচিত তাই। যি অহংকাৰক এসময়ত ব্যক্তিত্ব বুলি মোহত বন্দী হৈছিল তাই, সেই অহংকাৰলৈ এতিয়া পুতৌ জন্মে তাইৰ। প্ৰতিজন অহংকাৰী পুৰুষৰ মাজত সীমাহীন ব্যৰ্থতা অনুভৱ কৰে তাই। ব্যৰ্থতাক স্বীকাৰ কৰি ল’ব পৰাকৈ সবল নহয় এনে পুৰুষে অহংকাৰৰ শেল এৰে। এই সকলোবোৰ অনুভৱ কৰাৰ পাছত অলংকৃতাৰ মন-মগজু অস্বাভাৱিক ধৰণেৰে শান্ত হৈ পৰে। ভগৱান যীশুই ক্ৰুছবিদ্ধ অৱস্থাতো কৈছিল,
“তেওঁলোকক ক্ষমা কৰি দিয়া প্ৰভু। তেওঁলোকে কি কৰি আছে, নিজেই নাজানে।”
দুখবোৰ হজম কৰিব পৰাকৈ তাইৰ কলিজা ডাঠ হৈ পৰে। আবেগবোৰত চিন্তাৰ পৰশ লাগি কলিজাখন সুস্থ হৈ উঠে। সেই সময়তে বনফুলৰ বনৰীয়া গোন্ধ এটাই তাইৰ দেহ-মনত মতলীয়া ৰাগ সানে। খিৰিকীৰে বাহিৰলৈ চায় তাই, অলপ আগলৈকে ধূসৰ যেন লগা পৃথিৱীখনত ৰ’দ এচমকাই তিৰবিৰাই নাচে। দুখবোৰ বৰ অসাৰ যেন লাগে পলকতে। এই দুখ ধোঁৱাবৰণীয়া দুখ, বৰ বেহিচাপী দুখ এয়া, মুহূৰ্ততে ই শূন্যৰ ঘৰ চোৱে, মুহূৰ্ততে ই আকাশ চুই হিয়া ঢাকুৰি কান্দে।
ৰাতিপুৱা অলংকৃতাৰ বুকুত চলি থকা গধুৰ বতাহজাক পাতল হৈছে কিছু পৰিমাণে। বীথ’ফেনৰ সুৰ এটা গুণগুণাই উঠে বিশালে। স্পীড ব্ৰেকাৰৰ ওচৰ পাই সি গাড়ীৰ স্পীড কমাই দুই নম্বৰলৈ গীয়েৰ টানে। চিফনৰ শাৰী এখনৰ চঞ্চল আঁচলটো পিছলি পৰি গীয়েৰত থোৱা তাৰ হাতখন ঢাক খাই যায়। আঁচলটো আঁতৰাবলৈ লৈ যি থমকি ৰয়, বনৰীয়া ফুলৰ মাদকতা সানি লোৱা শাৰীখনৰ আঁচলটো সি তেনেকৈয়ে থাকিবলৈ দি অলংকৃতাক প্ৰশ্ন কৰে,
‘ইমানকৈ কি ভাবি আছে মেডাম? কথাবোৰ সহজভাৱে লওক। সেই পৃথিৱীখনৰ বাহিৰতো এখন পৃথিৱী আছে, তালৈ ওলাই আহক।”
তাই খিৰিকীখন খুলি বতাহজাক সোমাবলৈ দিয়ে। আঘোণী শইচৰ পথাৰখনে সোণবৰণবোৰ ছটিয়াই দিয়ে। বিশালক অতি আপোন যেন বোধ হয় তাইৰ। কৈ উঠে অজানিতে,
“জানে বিশাল, সেই নাৰী অতি সুন্দৰী, এই কথাটোৱে দহিছিল মোক। এতিয়া পিছে বুকু-কঁকালৰ সেই সাংখ্যিক সুন্দৰতালৈ মোৰ পুতৌহে জন্মিছে।”
তাৰ পিছত এলানি মৌনতা, নে মুখৰতা?
আত্মনিয়ন্ত্ৰণৰ প্ৰচেষ্টা নে বিলীনতাৰ প্ৰত্যাশা, সেয়া বুজা নাযায়।
বিস্তীৰ্ণ আকাশ সামৰি কুঁৱলীৰে ঢকা এটি পুৱা। হুমুনিয়াহবোৰে যাত্ৰা সামৰা এটি ক্ষণ। বনৰীয়া ফুলৰ গোন্ধবোৰ আপোন কৰিব নোৱাৰাৰ বিষত চিগাৰেট এটাৰ প্ৰয়োজনবোধ কৰে সি। পুৱা পাঁচবজাতে সি অলংকৃতাৰ ঘৰত উপস্থিত হৈছিলগৈ। ডিকি খুলি অলংকৃতাৰ বেগটো ভৰাই থাকোঁতে অনুমান কৰিছিল সি, বেচ ডাঙৰ ধুমুহা এজাক পাৰ হৈ গৈছে এই সুবিশাল ঘৰৰ ছাঁদখনৰ তলেৰে। অলংকৃতাৰ মলিন মুখখনে তাৰ উন্মাদনাৰ নক্সাখন ওলট-পালট কৰি দিছিল।
“কি হৈছিল মেডাম। মোক কওক, মোক ক’লে হয়তো অলপ পাতল লাগিব আপোনাৰ মনটো।”
বাৰে বাৰে সোধাৰ পাছত অলংকৃতাই মুখ খুলিছিল,
“কিছুমান কথা মোৰ বাবেও দুৰ্বোধ্য। আল্ট্ৰাছৰ বুকুত মোৰ অস্তিত্ব বিচাৰি বাৰে বাৰে ওভতি আহোঁ। সেই আল্ট্ৰাছকে ময়েই আকৌ শিকলি খুলি দিয়াৰ খবৰ দিওঁ। অথচ তেওঁ ৰৈ আছে। গুচি যোৱা নাই। কথাটো ধনাত্মক নে খণাত্মক মই বুজি নাপাও”।
বুজা-নুবুজা কথাৰ মাজত মৌন হৈ ৰৈ দিছিল বিশালে। অলংকৃতাই মুখ খুলিছিল, এয়ে তাৰ বাবে বহুত।
“বিশাল, মই নক’লেও আপুনিতো সকলোবাৰ জানে। আপুনি কিয়, গোটেই চহৰেই জানে সেই কথা। মেজিষ্ট্ৰেট অলংকৃতা বৰুৱাৰ স্বামীৰ সৈতে ষোড়শী গাভৰুৰ ঘনিষ্ঠতাৰ খবৰত সৰৱ হৈ উঠে এই চহৰ। সেই