পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গেটখন। দূৰৈৰ সীমান্তত নীলাকৈ পাহাৰখন। এক নান্দনিক পৰিৱেশ ঠিক তাই বিচৰাৰ দৰেই সকলোবোৰ আছে। একেই সেউজীয়া, একেই নীলা, একেই আকাশ, একেই বতাহ। তথাপি যে কি এক শূন্যতা! সমগ্ৰ বুকু জুৰি ভৰি থকা শূন্যতাৰ ভৰত ভৰিৰ তলৰ মাটিখিনি যেন এই জহে, এই খহে।

 আল্ট্ৰাছে নিজে সজোৱা ঘৰ। ঘৰটো সজাওঁতে তাই একেবাৰে মন দিব পৰা নাছিল। ট্ৰেন্সফাৰ হৈ থকা চাকৰি তাইৰ। তাইৰ চাকৰি জীৱনত খুব বাধ্যবাধকতা৷ মন গ’ল বুলিয়েই তাই বহুত কাম কৰিব নোৱাৰে। তাইৰ ওপৰত ন্যস্ত থাকে বহুতখিনি আইনী দায়বদ্ধতা। জিলাৰ প্ৰথম মেজিষ্ট্ৰেট তাই। গতিকেই সাধাৰণ মানুহৰ দৰে তাই য’লৈ ত’লৈ যাব নোৱাৰে।

 প্ৰস্তাৱটি আল্ট্ৰাছে দিছিল। ঘৰ সজাৰ পৰিকল্পনাও তাৰেই আছিল। বৰ চৌখিন সি। কলিকতাৰ পৰা মিস্ত্ৰী আনি কাঠৰ কাম কৰাইছিল। গোটেই ঘৰতে মোজাইক কৰা মজিয়া, তাইৰ কাৰণে এটা ডাঙৰ লাইব্ৰেৰী কোঠাৰ লগতে বাহিৰৰ লনখনত দুজনীয়া এখন ঝুলনা। সি জানিছিল এই দুটা বস্তুৰ প্ৰতি তাইৰ অত্যধিক মোহ। নতুনকৈ অনা একুৰিয়ামটোৰ সোণালী মাছজনীলৈ অপলক নয়নেৰে চাই থকা তাইৰ গালৰ ডিম্পলটিত টুকুৰিয়াই সি কৈছিল, “সিহঁতে যেতিয়া টিভি চাব, আমি তেতিয়া ঝুলনাত বহিম। সিহঁতে যেতিয়া ঝুলনা খেলিব আমি জোনাকৰ পালেঙত বহি তৰা গণিম। হ'বনে কৃতা”?

 লাজৰ আভৰণে চুই গৈছিল তাইক। সিহঁত নহা দিনতো সিহঁত দুটিক অনাৰ আখৰা কৰিছিল আলট্টাচে। সিহঁত মানে তাইৰ সন্তান দুটি। কিমান যে পৰিকল্পনা আছিল সিহঁতক লৈ! কেইবাবছৰৰ আগৰ কথা সেয়া। সময় ৰৈ নাথাকে। ৰৈ যায় স্মৃতি। জোনাকী পালেঙৰ তৰা গণাৰ হেঁপাহত দুবাৰকৈ অলংকৃতাই গৰ্ভত বীজ থাপিলে, মাজতে তাই বেলেগ জিলালৈ বদলিও হ’ল। পৰিপূৰ্ণ হৈ উঠা এখন সংসাৰ আৰু সামাজিক দায়বদ্ধতাৰ আঁৰে আঁৰে হয়তো কোনোবাখিনিত ফাঁক ৰৈ গ'ল। সেই ফাঁকখিনিৰে সোমাই আহিল এক পৰনাৰী, উল্কি শইকীয়া যাৰ নাম, কঞ্জনীল শইকীয়াৰ যি সদ্যবিবাহিতা পত্নী।

 ’জানেনে, সাতবছৰ প্ৰেমৰ পাছত আমাৰ বিয়া হৈছিল”, কঞ্জনীলে মেচেজত লিখিছিল। গধুৰ হৈ পৰা চকুহাল তুলি অলংকৃতাই অফিচ চেম্বাৰৰ চিলিংখনলৈ চাই ৰৈছিল। কি বুলি উত্তৰ দিয়ে কি বুলি বুজায় তাক? তাইকেনো কোনে বুজায়?

 “তাইক মই ডিভৰ্চ দিম”৷ সেই সন্ধ্যাৰ শেষ মেচেজ আছিল কঞ্জনীলৰ। তাৰ পাছতে তাই অফিচ এৰিছিল।

 কঞ্জনীলে উল্কিক ডিভৰ্চ দিব পাৰে, যি নাৰীৰ প্ৰতি তাৰ তিলমানো সন্মান ৰৈ যোৱা নাই, সেই নাৰীৰ সি শয্যাসংগী হৈ থাকিব নোৱাৰে, সেয়া তাৰ যুক্তিত পৰে। তাইৰহে আৱেগৰ বাটত বিবেকৰ যুদ্ধ। সেই বিবেকৰ যুদ্ধত শতটা যুক্তিৰ সৈন্য। পৰস্পৰ বিৰোধী সৈনিকৰ দলটোৱে নিজৰ মাজতে কটা-মৰা কৰি তাইক ধৰাশায়ী কৰি পেলাই থৈছে। তাইৰ কাৰেং এতিয়া জহিছে। তাইৰ মনৰ দৌল খহিছে। ডাৱৰে আৱৰি ধৰা আকাশখনেও মহাজনৰ দোকানত বন্ধকী কৰি থৈ গৈছে যেন শেষমুঠি জোনাক।

 ঝুলনাৰ ৰচীডাল সাৱটি বহি থাকোঁতেই ভিতৰত তাই দুই পুত্ৰৰ দৌৰাদৌৰি শুনা পালে। স্কুল-টাইম এয়া। ৰ’বলৈ সময় নাই। তাইৰ কৰ্মব্যস্ততাৰ বাবেই হয়তো সিহঁত দুয়োটা কিছু পৰিমাণে আত্মনিৰ্ভৰশীল। ছবছৰীয়াটোৱেও নিজেই স্কুলবেগ সামৰিব জনা হ’ল। নিজে গা ধুই ইউনিফৰ্ম পিন্ধিব পৰা হ’ল। তাই দৌৰাদৌৰিকৈ কিটচেনত সোমাল। টিফিনৰ পৰা ব্ৰেকফাষ্টলৈকে প্ৰস্তুত কৰিব লাগে তাই। গেছৰ এটা স্ত’ভত আলু-ভাজিখিনি হ’বলৈ দি তাই লুচিৰ কাৰণে ময়দা উলিয়াই ল’লে। প্ৰেছাৰ-কুকাৰটোও এটা স্তভত বহাই দিলে কাম কৰা মানুহগৰাকীয়ে সকলোবোৰ তাইৰ সুবিধা হোৱাকৈ যতনাই দিয়ে। কিন্তু কিটচেনটো তাই এৰিবগৈ পৰা নাই। আল্ট্ৰাছৰ পছন্দ নহয় অন্যৰ হাতৰ সোৱাদ। সেই সোৱাদৰ হেঁপাহখিনিক তাই যিমান পাৰে বঞ্চিত কৰিব নিবিচাৰে।

 লুচিখিনি বেলি থাকোঁতেই তাই দুয়োটাৰে চিঞৰ বাখৰ শুনিলে। পেঞ্চিলডাল, ৰবৰটোলৈ সিহঁতৰ কাজিয়া আৰম্ভ হয়। সৰুটোৱে ইউনিফৰ্মৰ টাইডাল লগাব পৰা নাই। ককায়েকে পাৰে মানে চেষ্টা কৰিছে ভায়েকক সহায় কৰি দিবলৈ। কিন্তু তাতো কিবা মুখ ওফোন্দা ওফোন্দি। হয়তো কিবা এষাৰ কৈ জোকালে তাক। ল’ৰালিৰ দুষ্টালি ককায়েকৰ চকুৱে মুখে। ওমলাৰ বয়স এয়া। আন সময়ত তাই হয়তো কিবা এষাৰ ক’লেহেঁতেন। আজি তাই