চকুহাললৈ চায়। ৰঙা পৰিছে চকুহাল। ৰাতি বহুতদেৰিলৈকে সি মনিটৰত চকু নিবদ্ধ ৰাখিছিল। সীমামূৰীয়া গুপ্তচৰৰ গতিবিধি লক্ষ্য কৰি প্ৰতিবেদন প্ৰস্তুত কৰোঁতে পুৱতি নিশা পাৰ হৈছিল। কাৰো চকুত নপৰাকৈ সি সাগৰৰ পাৰৰ এই দুকোঠালিত জীৱন-যাপন কৰিছেহি। এক বিচিত্ৰ জীৱন তাৰ। অথচ এই জীৱনৰ কোনো পৰিকল্পনা তাৰ নাছিল। তাৰ পৰিকল্পনা বেলেগ আছিল। পৃথিৱীখনক নিজৰ ঘৰৰ দৰে ভবা আৰু তাৰ প্ৰেয়সীজনীৰ হাতত ধৰি চুইজাৰলেণ্ডৰ পৰা পেৰিছলৈকে ঘূৰি ফুৰা, এয়াইতো আছিল তাৰ পৰিকল্পনা। চকুত লগা ধৰণেৰে এক সামাজিক স্থিতি আৰু লোভনীয় পেৰেজ এৰি সি ভাৰত চৰকাৰৰ এক নিৰ্দেশমৰ্মে দুস্কৃতিকাৰীৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ এইখিনি পাইছেহি। কৰ্মৰ খাতিৰত সমগ্ৰ পৃথিৱীৰ লগত যোগাযোগ স্থাপন কৰিব লগা হয় সি। কিন্তু মানুহৰ চকুৰ সন্মুখত তথা ৰাজহুৱাকৈ গ্লেমাৰযুক্ত জীৱনশৈলী এটা কটাব নোৱাৰে। লোকচক্ষুৰ তাঁৰত থাকি কাম কৰাৰ দায়িত্ব তাৰ। বিভাগীয় কৰ্মদক্ষতা আৰু প্ৰখৰ বুদ্ধিমত্তাৰ কাৰণে ভাৰত চৰকাৰৰ ওচৰত ধ্ৰুৱমৰ বহুত মূল্য। অতি ক্ষীপ্ৰতাৰে কেইবাটাও জটিল কেচ সমাধান কৰি সি চোৰাংচোৱা সংস্থাটোৰ চকুত পৰিছিল। মন্ত্ৰালয়ত সঘনে তাৰ নাম উচ্চাৰিত হৈছিল আৰু সংস্থাটোৱে তাক একপ্ৰকাৰ মান্তি কৰাই লৈছিল। সঁচা কথা ক’বলৈ হ’লে, এই জীৱন বাচি ল’বলৈ সি একেবাৰে সন্মত নাছিল। তথাপি সি জানিছিল, দেশৰ হৈ কাম কৰাৰ বাবে এয়া এক সুযোগ। এই সুযোগ পোৱা মাত্ৰকে কৰ্মক্ষেত্ৰ পৰা সি গাড়ী দৌৰাইছিল আইতাকৰ ওচৰলৈ।
“আইতা।”
“কি হ’ল মোৰ সোণ”, আইতাকে মৰমতে তাক কেতিয়াবা সোণ বুলিও মাতে।
“মই বেলেগ চাকৰিত জইন কৰিম৷ ইয়াত থাকিব নোৱাৰিম”, ইয়াতকৈ বেছিকৈ জনাবলৈ বাধা আছে তাৰ।
“ক’ত থাকিবগৈ লাগিব?”
“কোনো ঠিক নাই।”
“আও কি চাকৰি সেইটো? ক'ত থাকিব লাগিব নাজান? থ’ থ’ এইটো চাকৰিতে থাক তই। সোনকালে বিয়া পাতি মোক নাতি পোৱালি দুটামান দে। তাৰ পাছত য’লৈ যাৱ গৈ থাকিবি।”
ওঁঠেৰে বিষাদৰ হাঁহি এটা নিগৰি আহে। সেয়াও আজিৰ পৰা দহবছৰৰ আগৰ কথা। সূৰ্য উঠা দেশৰ উত্তৰ পাৰৰ গাভৰু এজনীৰ সপোন হৈ সি ওভতাৰ কথা। তাৰ দৰেই সেই গাভৰুৱেও তাৰ বাবে ৰৈ আছিলনে বাৰু? নাজানে সি। দীপকক সেই দায়িত্ব সি দি থৈ আহিছিল। এতিয়া দীপকৰ খবৰা| নাই। অলংকৃতাৰ লগতো যোগাযোগ নাই তাৰ। সি ভবাৰ দৰে অংকটো হৈ উঠিবনে নাই তাতো অনিশ্চয়তা৷ নিৰাশাই ছানি ধৰিছিল তাৰ মন-আকাশ। পাগলীজনীক এবাৰলৈ লগ পোৱা হ’লেঙ্গ
তাইৰ ওচৰৰ পৰা আঁতৰি গৈ নিজকে প্ৰতিষ্ঠিত কৰাৰ সময়ছোৱাত প্ৰায়ে সি ভাবিছিল, এবাৰলৈ তাইক লগ কৰাৰ দৰকাৰ। পুনৰ ভাবে, নহয় নহয়। প্ৰথমতে সি তাইৰ যোগ্য হোৱাৰ দৰকাৰ।
কঠোৰ অনুশীলনত নামে সি। তাইতকৈ আগতেই সি প্ৰতিষ্ঠিত হ'ব লাগিব। তেহে সি সময়মতে তাইক পাবগৈ। নহ’লে তাইক ককায়েকে যদি! ...
আৰু ভাবিবলৈ মন নাযায় তাৰ। ককায়েকলৈ মনত পৰি হাঁহি উঠে। “ককায়েক নহয়, হিটলাৰহে সি”, ককায়েকৰ লগত কাজিয়া কৰি তাৰ ওচৰলৈ আহি তাই মুখ ওন্দোলাই বহি থাকে। সৰু সৰু কথা, সৰু সৰু অভিমানবোৰেৰে মুখখন ফুলা লুচিখনৰ দৰে কৰি পেলায়।
“লিপষ্টিকটো লগাওঁতেই সি মোক ইমানকৈ গালি পাৰিব লাগেনে?”
“ইমান কষ্ট কৰি নখকেইটা দীঘল কৰিছিলোঁহে, শুই থাকোতে হিটলাৰটোৱে গোটেই নখখিনি ৰুকি পেলালে”।
কোনোবাদিনা আকৌ চাদৰখন পিন্ধোতেও জগৰ লাগে, “সেইডালে ভালকৈ ইস্ত্ৰিও কৰি দিবও নাজানে। চাচোন মেখেলাৰ কোঁচকেইটাকে বহা নাই’’৷ সৰস্বতী পূজালৈ বুলি ওলাই যোৱা ভনীয়েকক ককায়েকে আঁৰচকুৰে চায়। সৱাৰে মাজত জিলিকি থাকে তাই। সেইখিনিতেই ভয় তাৰ। পিছযুহূৰ্ততে ককায়েকে ভয়টো জোকাৰি পেলায়, “ধ্ৰুৱম আছে, চিন্তা নাই।”
ইমান বিশ্বাস তাৰ ওপৰত! সেই বিশ্বাসকে সাৰোগত কৰি সি কোনোদিনে তাইৰ চকুত বেলেগ দৃষ্টি থাপিব