আল্ট্ৰাছৰ বাদে এই চহৰত তাইৰ আছেইনো কোন? ওফন্দি অহা পেটত আল্ট্ৰাছৰ সম্তান। আৰু কোন আছে এই চহৰত ? একান্তই নিজৰ বুলি আন কোনোৱেইতো নাই! বৰ অসহায় অনুভৱ কৰে তাই ৷ নাতিদূৰত যদিও আল্ট্ৰাছৰ আপোন ঘৰ, কিন্তু সেই ঘৰখনে বিধৰ্মী বুলি তাইক গ্ৰহণ কৰা নাছিল। শ্রমিকৰ দৰমহা লৈ কিবা খেলিমেলি হোৱাত শ্রমিকসকল উত্তেজিত হৈ আল্ট্ৰাছক আক্ৰমণ কৰিছিল। চকুপানীৰে গাল ভিজাই দুঃসময়ৰ ক্ষণ খেদি খেদি তাই আল্ট্ৰাছলৈ চাই ৰৈছিল।
আৰু সেই ক্ষণত তাইৰ ফালে চাই আল্ট্ৰাছে কৈ উঠিছিল, “দেখিলা নহয়? মই তোমাক সেই কাৰণে ধৰ্ম কৰ্মত মন দিবলৈ কওঁ।”
হতবাক হৈ পৰিছিল তাই। আল্ট্ৰাছৰ দুৰ্ঘটনাৰ বাবে আল্ট্ৰাছে শ্রমিকৰ লগত কৰা আচৰণ দায়ী নহয়, দায়ী তাইৰ ধৰ্মৰ প্ৰতি উদাসীন স্বভাৱটোহে। এয়া যুক্তি নে? তাইতকৈ সাতবছৰে ডাঙৰ আল্ট্ৰাছৰ যুক্তিহীন কথাত তাই আহত হৈছিল। তাৰ পাছতো যিকোনো অথন্তৰৰ মূলতে যে তাইৰ ধৰ্মাবিৰোধী স্বভাৱ সেইটো সোঁৱৰাবলৈ তেওঁ পাহৰা নাছিল। নিজেই নিজক বুজোৱাৰ কুচকাৱাজ তেতিয়াই আৰম্ভ হৈছিল। একলা দুকলাকৈ গৰ্ভৰ সন্তানটো বাঢ়ি আহিছিল। সমানে বাঢ়ি আহিছিল আৱদাৰ-অভিমানেৰে ভৰা অজলা ক্ষণবোৰ। নিজে ৰন্ধা খাদ্যবোৰত জুটি নাপাই গধূলি বেলিকা ড্ৰাইভাৰজনৰ হতুৱাই বাহিৰৰ খানা অৰ্ডাৰ দিয়ে তাই। সেই সময়ত মাকৰ হাতখনলৈ তাইৰ বৰকৈ মনত পৰে। মাকলৈ মনত পৰিলেই গৰ্ভস্থ সন্তানটোৱে আহাৰৰ দাবী জনায়। মাকৰ হাতৰ এসাজৰ স্মৃতিত তাইৰ জিভাৰ পানী পৰে। সুখৰ সময়ৰ বহুত উদযাপনৰ পৰা বঞ্চিত হৈও তাই দুখী নাছিল। মাকৰ ঘখনৰ লগত তেতিয়ালৈকে সম্পৰ্ক হোৱা নাছিল। শহুৰেকৰ ঘৰখনে তাইক গ্ৰহণ কৰা নাছিল। আল্ট্ৰাছৰ পৃথিৱীখনেই আছিল নিজৰ পৃথিৱী। তাই ৰৈ থাকে আল্ট্ৰাছৰ দুবাহুৰ নিৰাপত্তাকণৰ বাবে, সেই আন্ট্ৰাছৰে শত্ৰুৰে গিজগিজাই থাকে চহৰ।
খং উঠিলে আল্ট্ৰাছৰ মুখখন বৰ দানৱীয় যেন দেখায়। সেই মুখখনলৈ ভয় কৰে তাই। ভয় কৰে বাবেই পৰাপক্ষত খং উঠিবলৈ নিদিয়ে আল্ট্ৰাছৰ ৷ অত্যন্ত যুক্তিবাদী তাইৰ মনটোৱে কেতবোৰ কথা মানি নললেও মনান্তৰ ঘটিবলৈ নিদিয়ে। দুজন ব্যক্তিৰ মাজত মতান্তৰ সম্ভৱ। দুজনৰ মাজত মতান্তৰ ঘটিলেই সেয়া অপ্ৰেম নহয়। প্রেমৰ অনুভূতি ইমান ঠুনুকা নহয়।
ধৰ্মৰ অমিল হোৱাৰ পাছতো দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কৰে বিবাহ হৈছিল। বিবাহৰ পাছতে তাইক আল্ট্ৰাছে নিজৰ মতবাদত তাইৰ মত থ’বলৈ উঠি পৰি লাগিছল।
আল্ট্ৰাছে মাজে মাজে বিষোদগাৰ কৰে, “তুমি আজিলৈকে নামাজ পঢ়িবলৈ নিশিকিলা’’৷
তাই উলটি ধৰে, “নামাজৰ প্রকৃত লক্ষ্য কি কোৱাচোন আল্ট্ৰাছ?”
“মই নুবুজোঁ। মাথোঁ বুজোঁ, ইছলাম ধৰ্মত দীক্ষিত হ’বলৈ হ’লে নামাজ পঢ়িবলৈ জানিব লাগিব”।
তাই ক’ব বিচাৰে, “মই কোৰাণ পঢ়িছোঁ আল্ট্ৰাছ। মই জানো নামাজৰ বিশেষত্ব কি।”
আল্ট্ৰাছে হাঁহে, তাইৰ গালত টোকৰ মাৰি কয়, “তেনেকৈ ইংৰাজীত পঢ়িলে কোৰাণ পঢ়া বুলি নকয় আঁকৰী। কোৰাণখন আৰৱীত পঢ়িব লাগিব। তেহে কোৰাণ পঢ়া বুলি কোৱা হয়। দেখা নাই, মাছুদাহঁতে কেনেকৈ সলসলীয়াকৈ কোৰাণখন আৰৱীত পঢ়িব পাৰে।”
“কিন্তু এটা শব্দৰ অৰ্থও ভাঙিব নোৱাৰে তেওঁলোকে”, তাই আল্ট্ৰাছৰ মুখৰ কথা কাঢ়ি আনে। তাই কোৰাণখনৰ প্রতি আয়াত ভাঙনি কৰি পঢ়িছে, বুজিছে নামাজৰ মহত্ব। ধৰ্মৰ প্ৰাসংগিকতা আছে। কিন্তু অন্ধ অনুকৰণেৰে নহয়। নামাজৰ লক্ষ্য মন আৰু শৰীৰ একত্ৰিত কৰা। ভগৱান বুদ্ধই কৰা ধ্যানৰ দৰে নতুবা যীশুৰ প্রাৰ্থনাৰ দৰে নতুবা কোনো চুফী গায়কৰ ৰেৱাজৰ দৰেই সেই সাধনা। সেই সাধনাই শৰীৰ আৰু আত্মাৰ মাজত সংযোগ স্থাপন কৰে।
কিন্তু আল্ট্ৰাছে শুনিব নিবিচাৰে সেই সংজ্ঞা। পূৰ্বৰ পৰা যিদৰে সকলোৱে মানি লৈছে, তেনেদৰে মানি লোৱাটোত অলংকৃতাৰ আপত্তিটো ক’ত? আল্ট্ৰাছৰ মতে, অলংকৃতাই ধৰ্মীয় চাল চলন মানি চলিব লাগে। তাই বুজায় তাক, ধৰ্মীয় ৰীতি-নীতি মানি চলাৰ অভ্যাস থকা হ’লে তাই বেলেগ ধৰ্মৰ ল’ৰা এজনৰ লগত কিয় বিবাহত বহিলেহেঁতেন।