সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 বিশালৰ সৈতে তাই এটা ব্যৱধান ৰাখিবলৈ সিদ্ধান্ত লৈছে৷ তাৰ জীৱনত তাই উল্কিৰ স্থান নলয়৷ সেইখিনি তাইৰ নৈতিকতাত পৰে। কোনো মানুহৰ হানি নকৰাকৈ আগবাঢ়ি যোৱাৰ যি পণ লৈছিল স্কুলীয়া জীৱনতে, সেই নৈতিকতাৰ পৰা তাই আঁতৰি নাযায়।

 “কষ্ট পাবি কৃতা। বৰ কষ্ট পাবি তই”, ধ্ৰুৱমে সকীয়াইছিল তাইক। এতিয়াও মনত পৰে কথাবোৰ।

 তেতিয়া অষ্টম মানৰ ছাত্ৰী তাই। সিহঁতৰ ক্লাছৰ পৰা তিনিজনীকৈ ছোৱালীক শিশু বিজ্ঞান সমাৰোহত যোগদান কৰিবলৈ বাচনি কৰিছিল। তাই ক্লাছৰ প্ৰথম স্থানত থকা হেতুকে তাইৰ নামটো প্ৰথমতেই আছিল। সমাৰোহত প্ৰত্যেকেই এটা বিষয় বাচি লৈ তাৰ ওপৰত সৰুকৈ এটা প্ৰকল্প জমা কৰিব লাগিব, প্ৰকল্পৰ বাবে ফটো সংগ্ৰহ কৰিব, কিতাপ-কাকতত তথ্য বিচাৰিব লাগিব, নৰেন কোঁৱৰ ছাৰে সিহঁত তিনিজনীক মাতি লৈ কথাবোৰ বুজাই আছিল। লগতে আছিল নৱম আৰু দশম শ্ৰেণীৰ আন তিনিগৰাকীকৈ ছাত্ৰী। কিবা এক অবুজ উত্তেজনাত সিহঁতবোৰে কৰিডৰেৰে ব্যস্ত খোজেৰে আহি ক্লাছৰুমত সোমাইছিল মাথোঁ, সোমায়েই তাই মন কৰিছিল প্ৰিয়মৰ মোলান মুখ।

 “কি হ’ল প্ৰিয়ম? গা বেয়া নেকি তোৰ?” প্ৰিয়মৰ তেজে ফুটো ফুটো কৰা চেহেৰাটোৰ মলিন ৰূপ তাইৰ সহ্য নহ'ল।

 প্ৰিয়মে একো নামাতিলে চকুপানীও ৰখাব নোৱাৰিলে। চাদৰৰ আগেৰে চকু মচি লয় ঘনে ঘনে।

 “প্লিজ প্ৰিয়ম। কি হ’ল আক’? কিয় কান্দিছ তই?” তাইৰ কপৌৰ দৰে কোমল কলিজাখন ধৰফৰাই উঠে। ক’ৰবাত কিবা এটা হৈছে। নকয় কিয় প্ৰিয়মে? তাই প্ৰিয়মৰ পিছে পিছে ঘূৰিও কথাটো উলিয়াব নোৱাৰিলে। গধুৰ বুকুখন লৈ তাই পানীখোৱা সময়খিনিতো ক্লাছৰূমতে বহি থাকিল। প্ৰিয়মো খেলপথাৰত অকলে অকলে বহি থাকিল। অলংকৃতাই প্ৰজেক্টৰ আলোচনা কৰিবলৈ যাওঁতে শ্ৰেণীকোঠাত কিনো পঢ়ালে বুলি প্ৰিয়মৰ বহীখন টানি উলিয়াই আনিলে। বহীখন মেলোঁতেই এখন পৃষ্ঠাত তাইৰ চকু ৰৈ গ’ল। অংকৰ বহীখনত সেয়া যেন ডায়েৰীৰ পৃষ্ঠাহে, য’ত প্ৰিয়মে টুকি গৈছিল তাইৰ চকুপানীৰ কাৰণসমূহ। এয়া যে আন কোনো কাৰণ নহয়, বিজ্ঞান সমাৰোহত নিৰ্বাচিত নোহোৱাৰ দুখ। কথাবোৰ জুৰিৰ ফটফটীয়া পানীৰ দৰে স্পষ্ট হৈ পৰিল। হাঁহিও উঠিল তাইৰ, ইমান সৰু কথাতেনো মৰমৰ ছোৱালীজনীয়ে চকুপানী উলিয়াব লাগেনে।

 তাই প্ৰিয়মৰ বহীখন সামৰি থৈ দিলে। আজিও প্ৰিয়মে নাজানিলে, অলংকৃতাই সেই সমাৰোহত যোগদান নকৰোঁ বুলি পিছদিনাখনেই নৰেন কোঁৱৰ চাৰক কিয় আবেদন কৰিলে, প্ৰিয়মক পিছদিনাখনেই কেনেকৈ মাতি নি ছাৰে প্ৰজেক্টৰ সমূহ দায়িত্ব দিলে। অলংকৃতা একাযৰীয়াকৈ ৰৈ দিলে, “ছাৰ মোৰ ঘৰত প্ৰজেক্টটো কৰিবলৈ মানা কৰিছে। প্ৰজেক্টৰ কামত মোক বাহিৰলৈ নিবলৈ মানুহ নাই, তাৰোপৰি মোৰ পঢ়াত ক্ষতি হ’ব”, এনেকুৱা হেজাৰটা সমস্যাৰে তাই প্ৰজেক্টটো বাতিল কৰিলে।

 “চাচোন ধ্ৰুৱম, ইমান সৰু কথাতেনো কান্দিব লাগেনে প্ৰিয়মে?”

 “তই পিছে কি কৰিলি?’’

 “একো নক’লোঁ, ছাৰক এই প্ৰজেক্টটো নকৰোঁ বুলি কৈ দিলোঁ”

 “কিয়?”

 “নালাগে। ইমান সৰু কথাটোৰ কাৰণে কাৰোবাৰ চকুপানী ওলাব কেলেইনো লাগে?”

 “কষ্ট পাবি কৃতা। চকুপানীৰ বিনিময়ত ত্যাগ কৰিবলৈ শিকিলে কষ্টৰ বাদে আন একোকে নাপাবি।”

 তেতিয়া কষ্ট পোৱা নাছিল তাই। প্ৰিয়মৰ লগত বন্ধুত্ব থাকি গ'ল। লগতে থাকিল তাইৰ ত্যাগ কৰাৰ স্বভাৱটোও৷ কষ্ট পাইছে এতিয়াহে। সকলো ত্যাগ কৰিও যেতিয়া দেখে, স্বীকৃতিতো বাদেই, তাইৰ কষ্টখিনিয়ে কাকো সুখীও কৰিব নোৱাৰিলে। কি মূল্য তাইৰ ত্যাগৰ? এই ত্যাগ ভুল, বাৰে বাৰে ত্যাগ কৰে তাই, বাৰে বাৰে ভুল কৰে একেটাই।

 বিশালৰ লগত যোগাযোগ কমাই দিয়াৰ সিদ্ধান্ত লয়। আগৰ দৰে সৰু সৰু কথাতে তাক টানি ফুৰা স্বভাৱটো তাই সলাই পেলাব। এক অনামী সম্পৰ্কৰ প্ৰতি আসক্ত হৈ পৰিছিল নেকি তাই, বিশালৰ পৰা আঁতৰি অহাৰ সিদ্ধাস্তটোৱে দেখোন তাইৰ বুকু কুৰুকিবলৈ ধৰে। বিশালৰ মাকৰ কথাষাৰ মনত পৰে তাইৰ,