কাহিনীবোৰ তাইৰ চকুৰ আগলৈ ভাঁহি আহে।
তাইৰ নিজৰ ল’ৰা দুটিলৈ মনত পৰি যায় হঠাতে। সিহঁত দুটিক তাই মানৱীয়তাৰে পৰিপুষ্ট কৰি তুলিব পাৰিবনে? তাই দেখোন সিহঁত দুটিক সময়েই দিব নোৱাৰে। যি অকণ ৰাতিৰ সময় পায়, সেইকণো আজিকালি খেলিমেলিৰ মাজেৰে পাৰ হৈ যায়। গুণগত সময়ৰ কথাবোৰ কিবা হেন হ’ল। অস্থিৰতাৰ মাজত সিহঁতক কিমানখিনি সুস্থ মানসিকতা গঢ় দিব পাৰে সেই কথা নাজানে তাই। কোনে জানে, অলপ আগতে পাৰ হৈ যোৱা ল’ৰা দুজনো হয়তো এনে অস্থিৰতাৰে প্ৰতিফল। অলপ হতাশা অলংকৃতাৰ চকুত ভাঁহি আহে, “সোণহঁত মোৰ৷ ক্ষম| কৰিবি দেই। আয়েৰ সুস্থ হৈ উঠিব। সুস্থ হ’লেই তহঁতক জীৱনৰ পাঠ পঢ়াব।” অসুস্থতাৰ মাজত সুস্থতাৰ সমল সিহঁত দুটি। এক বান্ধোন সিহঁত। তাইক পৰি যাবলৈ নিদিয়াকৈ এক এনাজৰীৰে বান্ধি ৰাখিছে সিহঁত দুটিয়ে।
বিশালে গাড়ী ৰখাইছে। বাহিৰলৈ ওলাই গৈ চিগাৰেট হুঁপিছে। দীপকৰ কথাবোৰে তাক আমনি কৰিছে। দীপকদাদাৰ শেষ সময়ৰ কথাবাৰ তাৰ কাণত বাজি থাকে, “অলংকৃতাৰ খবৰ ৰাখিবি। তাইক বিপদত পৰিবলৈ নিদিবি।”
তাই ভালে নাই। সি অসহায়। হাত মেলিয়েই কিছু দুখ নিজৰ কৰা নাযায়। বৰকৈ অসহায় অনুভৱ কৰিলে সি। অসহায়ত্বক আন্ধাৰৰ বুকুত বিলীন কৰিবলৈ সি চিগাৰেটৰ ধোঁৱাৰে অসহায়ত্ব খেদিলে । অসহায়ত্বৰো কি যে অহংকাৰঙ্গ এই অসহায়ত্ব লুকুৱাবলৈ অলংকৃতাই নিজৰ দেহাটি ৰঙীন পোচাকেৰে আৱৰে। এই অসহায়ত্ব লুকুৱাবলৈ কঞ্জনীলে উল্কিৰ বিৰুদ্ধে আস্ফালন কৰে। সত্যটো এয়ে যে, আচলতেই প্ৰত্যেকজনেই বৰ অসহায় অসহায় অনুভৱবোৰ অহংকাৰেৰে লুকুৱায় মাথোঁ।
বাহিৰৰ পৰাই সি গাড়ীলৈ চাই পঠিয়ালে। চিটত আউজি অলংকৃতাই চকু মুদিছে। টোপনি গৈছে নেকি? এই দুদিন তাইৰ বৰ কষ্ট হ’ল। মানসিকভাৱেও, শাৰিৰীকভাৱেও৷ এতিয়া ওভতনি যাত্ৰা আৰম্ভ কৰিছে সিহঁতে৷ উল্কিক লগ নাপাই সি অলংকৃতাক উচপিচাই থকা দেখিছে। এই উচ্পিচনিৰ কাৰণ সি নজনা নহয়।
“এবাৰৰ বাবে দেখা হ’লে তাইক, বিশাল জানেনে, মই নিজকে তাইৰ গতত সলাই ল’লোহেঁতেন। লগ পোৱা হ’লে মই তাইৰ ভৰিত ধৰি আল্ট্ৰাছক ভিক্ষা খুজিলোহেঁতেন ৷ তাইৰ ঠিকনাবিহীন জীৱনে মোৰ ঠিকনাটো লৰক-ফৰক কৰি পেলাব বিশাল।”
উন্মাদিনীৰ দৰে অনৰ্গল কৈ আছিল অলংকৃতাই,
“কঞ্জনীলে যদি তাইক ত্যাগ নকৰিলেহেঁতেন, মই ইমান দুঃশ্চিন্তাত নুভুগিলোহেঁতেন ৷ এই কথাটোৱে মোক বৰ কষ্ট দিছে বিশাল। তাই ইমান ডাঙৰ ভুল কৰিলেনে? আল্ট্ৰাছে নতুবা কঞ্জনীলেতো একেই সুস্থিৰ জীৱন কটাব।”
মনে মনে ৰয় বিশাল। নাৰীৰ বলিদানতে সমাজ সুস্থিৰ হয়। এয়া নতুন কথা নহয়। সতীদাহ প্রথাৰ দেশ এইখন। কিন্তু এতিয়া তাৰ মনটো উল্কিৰ চিন্তাৰ পৰা কিছু দূৰৈত অৱস্থান কৰিছে। জীৱন বৰ আচৰিত। ক’ত আৰম্ভ হৈ ক’ৰ কেঁকুৰিত ভাঁজ লয় কোনেও নাজানে। এটা সময় আছিল, যেতিয়া সি বন্ধ পৃথিৱী এখনত আবদ্ধ হৈ পৰিছিল। আগলৈও ৰাস্তা নাছিল। পিছলৈ উভটাৰ পথো নাছিল। এতিয়া তাৰ সন্মুখত বহুত ৰাস্তা। তথাপি সৰল অংকৰ ৰাস্তাবোৰে তাক টনা নাই। তাক টানিছে জটিল সূত্ৰৰে ভৰা অংকটোৱে। য’ত পোৱাৰ সম্ভাৱনা শূন্য। য’ত মিলনৰ বাসনা শূন্য। যি এক অস্বীকৃত সম্পৰ্কৰে পূৰ্ণ। এই সম্পৰ্কৰ দাম কিমাননো? নাজানে সি? এই সম্পৰ্ক মানিব নোখোজে অলংকৃতাই। জোৰ কৰি মনাবও নোখোজে সি। তাইক পুতৌৰ দৃষ্টিৰে সি কোনোদিন চোৱা নাই। তথাপি তাইৰ কষ্টবোৰত তাৰ কলিজা কপৌৰ দৰে ধৰফৰায়। সেই ধৰফৰণিত তাৰ লৌহ মুখাখন খোল খাই পৰে। সিমানখিনিয়েই, তাৰ প্ৰেমৰ বহিঃপ্রকাশ সিমানখিনিয়েই৷
এই সম্পৰ্কৰ নাম নাই, অলংকৃতাই ভাবে তেনেদৰে। এসময়ত যি সম্পৰ্কক নাম দি লৈছিল সেই সম্পৰ্কত এতিয়া আস্থা নোহোৱা হৈ গৈছে। বিশালৰ দৰে নামবিহীন সম্পৰ্কবোৰত শেলুৱৈ খোজবোৰ পিছলিব খোজে যদিও আঁচল সামৰাদি সম্পর্কবোৰ সামৰি লৈছে তাই। সাত জনমৰ সম্পৰ্ক এক জনমত শেষ কৰিবনে তাই? হাজাৰজন বিশালৰো সেই শক্তি নাই। নিজৰ ওচৰত নিজে সৰু নহয় তাই। নিজকে অহৰহ বুজায়,
“কোনে কাক লৈ আহে অ’ কৃত? এয়াতো জীৱনৰ জংছন। যাত্ৰী উঠালি। নমালি। তাৰ পাছত অকলেই