নাই, সিহঁতক সুখী দম্পতি নহয় বুলি কোৱাৰ। সৰু দুটিক আন ল’ৰা-ছোৱালীবোৰৰ লগত খেলিবলৈ দি সিহঁত ওপৰলৈ বুলি খোজ ল’লে। চহৰৰ বিখ্যাত ব্যৱসায়ীজনৰ সৰুপুত্ৰৰ জন্মদিন উপলক্ষে এই আয়োজন। এই পৰিৱেশত তাই অনভ্যস্ত। প্ৰায়েই আল্ট্ৰাছে এই পাৰ্টিসমূহ চম্ভালে। তাই আহিবলৈ নিবিচাৰে। আল্ট্ৰাছৰ লগত সদায়েই কোনোবা নহয় কোনোবাজনী বান্ধৱী থাকে। তাইক মুক্ত মনৰ বুলি অভিহিত কৰি আল্ট্ৰাছে নিজৰ ব্যক্তি স্বাধীনতা খৰ্ব হ’বলৈ নিদিলে। সেইবোৰত তাইৰ আপত্তি নাই, আজিহে আচছৱা লাগিছে৷ তাই নহা হ’লে নহ’লহেঁতেননে? বেশ-ভূষাৰ ফালৰ পৰা হওক নতুবা কৃত্ৰিম হাঁহি এটি বিৰিঙাবলৈকে হওক, সিমানখিনি আধুনিক তাই হৈ উঠা নাই। কি কৰেনো তাই? তাইৰ জীৱন দৰ্শন আৰু আল্ট্ৰাছৰ জীৱন দৰ্শন সম্পূৰ্ণ বেলেগ। সেই কথা বুজি উঠে মানে দুটা সম্ভানৰ মাতৃ হ’ল তাই। হাঁহি উঠে। এতিয়া যে ওলটি যাব পৰাকৈও সুগম হৈ থকা নাই পথ।
তাইৰ লগত চিনাকি হৈছে আল্ট্ৰাছৰ বন্ধুবৰ্গই। তাইৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছে, তাই পিন্ধা কাপোৰযোৰৰ প্ৰশংসা কৰিছে৷ আল্ট্ৰাছে ড্ৰিংকচ কৰিছে, আল্ট্ৰাছে নিচা বাকিছে গিলাচত। আল্ট্ৰাছক ঘেৰি ধৰিছে সুন্দৰীসকলে। আল্ট্ৰাছে তাইলৈ চোৱা নাই। নিজৰ পৃথিৱীত তেওঁ বিলীন হৈ গৈছে।
বাৰাংগনাৰ জুপুৰিখনলৈ মনত পৰিল তাইৰ। ছবিখনত মহাজনৰ চৰিত্ৰটো আঁকিবলৈ আছিল তাইৰ। সেই মহাজন, যিজনৰ ওচৰত বন্ধকী হৈছে তাইৰ শৰীৰ। যাৰ ওচৰত চুক্তিবদ্ধ হৈছে তাইৰ বিভ্ৰান্ত সময়বোৰৰ হিচাপবোৰ। আল্ট্ৰাছৰ মুখখন মহাজনৰ ৰূপত তুলিকাত তুলিব লাগে তাই। সেই ছবিখন তাইৰ নিচা। তাইৰ নিচাৰ লগত আল্ট্ৰাছৰ নিচা নিমিলে। উচপিচনি বাঢ়ি গৈছে তাইৰ। আল্ট্ৰাছৰ লগত ছোৱালীকেইজনীয়ে ফটো উঠিছে। এসময়ত সুদৰ্শন আল্ট্ৰাছ তাইৰ অহংকাৰ আছিল। এতিয়া সেই সুন্দৰতা তাইৰ মূৰ কামোৰণি। আমনি লাগিছে তাইৰ। হাতেৰে ইংগিত দিছে আল্ট্ৰাছক। আল্ট্ৰাছে দেখিও নেদেখাৰ ভাও জুৰিছে। কিয়, কিয়, কিয়, আনিছিল ইয়ালৈ তাইক? কি দেখুৱাবলৈ আনিছিল? দেখুৱাবলৈ আনিছিল নেকি, “মোৰ ফিল্ড এতিয়াও শেষ হৈ যোৱা নাই চোৱা মিচেছ অলংকৃতা। এতিয়াও মোৰ সোঁৱে বাঁৱে, আগে পিছে সুন্দৰীৰ লানি”।
তাই তললৈ নামি সন্তানদ্বয়ৰ কাষ চাপে। সিহঁত দুটিয়ে খুব ফুৰ্তি পাইছে। লগৰ সমনীয়াৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছে, ভিডিও গেম খেলিছে, একেলগে খাবলৈ বহিছে। এয়া আজিৰ প্ৰজন্ম। যিকোনো পৰিৱেশকে অনুকূল কৰি তুলিব পৰা প্ৰজন্ম। সিহঁতক খাই থকাতে এৰি তাই আকৌ ওপৰলৈ আহিল। আল্ট্ৰাছৰ বন্ধু এজন আগবাঢ়ি আহিল,
“দেন, ইউ আৰ মিচেছ অলংকৃতা। দেট হট লেডি উইথ কুল মেজাজ।”
“হোৱাট?”, তাইৰ উন্মা মিহলি মাত শুনি সি নিজকে কিছু সম্বৰণ কৰে। তাৰ পিছত পুনৰ কৈ যায়, “য়েচ। ডু ইউ ন’ ইয়ৰচেলফ? নিজক জানানে তুমি?”
নাকত নিচাৰ গোন্ধ লাগিছিল তাইৰ। কৈ গৈছে আল্ট্ৰাছৰ নিচাসক্ত বন্ধুৱে, “সি তোমাৰ ওচৰত থিয় হ’ব পৰা নাই। ইমান যোগ্যতাই নাই তাৰ। সেয়ে সি নিচাত ডুবি থকাৰ অভিনয় কৰিছে। য়েচ মিচেছ অলংকৃতা, তোমাক চম্ভালিব পৰাকৈ তাৰ যোগ্যতা নাই, সেই কথা সিও বুজি উঠিছে, সেইবাবেই তাৰ এই ঢংবাজি।”
পতিব্ৰতা নাৰীৰ দৰে তাই দূৰলৈ চাই ৰয়। আনে আল্ট্ৰাছক বেয়া বুলিলে তাইৰ বেয়া লাগে। এইবাৰ সি কিছু কোমলকৈ কয়,
“এই যে তাৰ কাষে কাষে ঘূৰি ফুৰা ছোৱালীবিলাক, সিও জানে তোমাৰ লগত সিহঁতৰ তুলনাই নহয়, তথাপিও তোমাক দুৰ্বল কৰিবলৈকে সি এইবোৰ কৰি আছে। চ’ ড'ন্ট ৱৰী, লেটচ গ’ ফৰ ডিনাৰ।”
তাই আল্ট্ৰাছলৈ চায়। আল্ট্ৰাছে গিলাচত পেগ বাকি লয় পুনৰবাৰ, তাই নিজকে প্ৰশ্ন কৰে,
“ইমানকৈ কিয় খাব লাগে আল্ট্ৰাছে? এনেকৈচোন গাড়ী চলাবলৈকে দিগদাৰ হ’ব”। ওচৰলৈ গৈ ক’ব নেকি, “আজিলৈ হৈ যাব আল্ট্ৰাছ। ঘৰলৈ ব’লা”।
নাই। নাযায় তাই আল্ট্ৰাছৰ ওচৰলৈ। আল্ট্ৰাছ মাতাল হৈছে। কিবা এষাৰ ক’লেই অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে। সন্তানক এই ৰূপ দেখুৱাব নিবিচাৰে তাই। ডিনাৰৰ টেবুলত বহিল তাই। লগত আল্ট্ৰাছৰ বহুবল্কী বন্ধু।