আহি আল্ট্ৰাছক পিছফালৰ পৰা সাৱটি ধৰে। স্বভাৱগতভাৱেই আল্ট্ৰাছ বিৰক্ত হয়, হাতখন এৰুৱাই কৈ উঠে, “এই ৰ’বাচোন, আমনি নকৰিবা!”
টুনীজাকৰ দৰেই দুষ্ট কথাবোৰ উৰি গুচি যায়। বুকুৰ ভিতৰত কেতেকীজনীয়ে বিননি তোলে, “কিহে পাইছিল তোক? কিহে পাইছিল তোক?”
কেতেকীজনীক নিচুকায় কোনে, কোনে বুজায়, বৰ মৰম আকলুৱা অ’ তাই, সেই কথা কেনেকৈ কয় পৃথিৱীখনক? এচিকুট মৰমতে পমে তাই, এধানি মৰমতে গলে তাই।
তলৰ ওঁঠখন কামুৰি তাই তললৈ নামি আহে। তাইৰ দোষ কোনখিনিত?
কোনোদিনেই আল্ট্ৰাছৰ ভৰিত শিকলি বান্ধিবলৈ নিশিকিলে। আল্ট্ৰাছক বান্ধি ৰাখিব নোৱাৰাৰ দৰে তাই নিজৰ চকুপানীখিনিও বান্ধি ৰাখিব নোৱাৰিলে। ইমান দিনৰ মূৰত মুকলি মন এটা লৈ তাই আল্ট্ৰাছৰ কাষ চাপিছিল। আগৰ দৰেই এবাৰ তাইৰ গালখন চিকুটি দিয়ক বুলি আশা কৰিছিল। বৈ আহিব খোজা চকুপানীটোপাল আঙুলিটোৰে লাহেকৈ মচি দিলে তই। চকুপানীবোৰ সঁচাকৈয়ে অবাধ্য। ক্ষণ নগণে। অনাহূত অতিথিৰ দৰে পতাত বহি দুলি থাকে। আল্ট্ৰাছে বিবাহৰ দিন পাহৰিলে নে এই বিবাহক তেওঁ ডিঙিৰ হাড়মাল বুলি ভাবিবলৈ লৈছে, এই চিন্তাটোৰে বাঢ়ৈটোকাজনীৰ দৰে তাইৰ মনটো কুৰুকি থাকিল। কুৰুকি থকা মনটো লৈয়ে তাই কিটচেনত সোমাল। মাইক্ৰ’অভেনত গাখীৰ গৰম হ’বলৈ টাইমিং মিলাই ওটচ অকণ উলিয়াই ল’লে। আল্ট্ৰাছ স্বাস্থ্য সচেতন। তেলযুক্ত, চৰ্বীযুক্ত খাদ্যৰে দিনটোৰ আৰম্ভ নকৰে। তাই নিজেও খোৱা-লোৱাত খুব আগ্ৰহী নহয়। গতিকে আল্ট্ৰাছে যি খায় তাৰেই তাইৰো চলি যায়।
হঠাতে সৰুটি দৌৰি আহি তাইৰ ওচৰ পালেহি,
“মা মা, আজি আমাৰ ৰিজাল্ট দিব নহয়? পাহৰি গ'লা নেকি?”
তাৰ কথাষাৰতহে মনত পৰিল, ঠিকেইতো ল'ৰা দুটাৰ স্কুলৰ পৰা অভিভাৱক সভাৰ চিঠি পঠিয়াইছিল। আজি অভিভাৱকৰ সভাখনতেই ল’ৰাহঁতৰ মূল্যায়নৰ খতিয়ান দাঙি ধৰাৰ কথা। সেয়ে সৰুটিয়ে আহি তাইক কৈছেহি,
“মা মা, আজি আমাৰ ৰিজাল্ট দিব নহয়? পাহৰি গ’লা নেকি?”
বৰকৈ পাহৰে তাই। পাহৰিব বিচৰা কথাবোৰ মাথোঁ৷ নাপাহৰে। ল’ৰাহঁতৰ ভাল মাতৃ হ’ব পৰা নাই, এই ভাবটো অহাৰ লগে লগে তাইৰ মনটো গধুৰ হৈ পৰিল। মাকলৈ মনত পৰিল, তাইৰ মাকে তাইৰ পঢ়াৰ নামত যে কিছু কষ্ট কৰিছিল। এতিয়া সেই মাকলৈ ফোন কৰিবলৈ পাহৰে তাই।
ভাল মা হ’ব পৰা নাই তাই, ভাল পুত্ৰী হ'ব পৰা নাই , ভাল পত্নী হ’ব নোৱাৰে, ভাল প্ৰেমিকা হ'ব নোৱাৰে। চকুহাল আকৌ ওফন্দি আহে তাইৰ। অসংলগ্ন কথাবোৰে মনটো ভিৰ কৰে। অসংলগ্ন কথাবোৰে ভিৰ কৰিলেই বিশৃংখল মনটোৰ আঁত লগাবলৈ তাই উচ্চস্বৰত গান এটা বজাই লয়। ধ্ৰুৱমলৈ মনত পৰে। বৰকৈ মনত পৰে। আগতে যে পৰীক্ষাবোৰত হয় তাই প্ৰথম হয়, নহয় ধ্ৰুৱম প্ৰথম হয়। এল পি বৃত্তি দিয়াৰ পাছত ককায়েকে তাইক জোকাবলৈ এৰা নাছিল, তহঁতৰ লগৰ ধ্ৰুৱমে জিলাৰ ভিতৰত প্ৰথম হ’ব আৰু তই বৃত্তিয়ে নাপাবি, কি যে মজাৰ কথা হ’ব। কিয় নাপাব তাই বৃত্তি, সেই জেদত তাই ৰাতি ৰাতি পঢ়াৰ অনুশীলন কৰে। কিমাননো বয়স আছিল তাইৰ? মুঠেই নবছৰীয়া। তেতিয়াই তাই পঢ়াৰ নামত কিমান যে চিৰিয়াচ আছিল। এফালে ধ্ৰুৱমে পঢ়াৰ সমানে সমানে ছবি আঁকিছিল, বাহিৰা কিতাপবোৰ পঢ়ি জ্ঞানৰ ভঁৰাল টনকিয়াল কৰি গৈছিল, গীটাৰখন লৈ টুং টাং কৰিবলৈ শিকিছিল, বৰশীৰে মাছ টোপাবলৈ শিকিছিল।
ত্ৰিশৰ দেওনা পাৰ হোৱাৰ পাছতো এল পি স্কুলৰ কেঁকুৰিলৈ ওভতনি খোজ লয় তাই। মাকৰ স’তে ৰিক্সাখনত বহি দুলি দুলি গৈ থাকে তাই। আজি যে তাইৰ বৃত্তি পৰীক্ষা। ৰাস্তাত কিবা বেয়া বস্তু দেখে বুলি চকু দুটা মুদি গৈ আছে নবছৰীয়া ছোৱালীজনী। পৰীক্ষাহলত সোমোৱাৰ লগে লগে সেয়া ধ্ৰুৱমৰ মাকে আহি তাইৰ মূৰত হাত ফুৰাই দিছেহি। ধ্ৰুৱম আগৰ বেঞ্চত বহিছে, তাইলৈ হাঁহি পঠিয়াইছে৷ পৰীক্ষা চলি আছে। দুয়োটাই খচাখচ লিখি গৈছে। শেষৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন এটাত তাই উজুটি খাইছে, “জ্ঞানপীঠ বঁটাপ্ৰাপ্ত এজন লেখকৰ নাম লিখা।” পাঠ্যপুথিৰ বাহিৰৰ প্ৰশ্ন এইটো। কেনেকৈ জানিব তাই? অংকবোৰ কৰোঁতে কৰোঁতে বাতৰি