“মালৈ মনত পৰিছে পাপৰি।”
“গৈ নাহা কিয়?”
“যাম। এই টাৰমইলৰ পৰা মুক্ত হওঁ, তাৰ পিছত যাম।”
“ভিনদেউ ঠিকে আছেনে বা?”
“আছে আছে পাপৰি। ভিনদেউ সদায়েই ঠিকে থাকে। অস্থিৰ কৰি ৰখা ধুমুহাজাক মোৰ বুকুতহে বলে”, চকুহাল চলচলীয়া হৈ আহে অলংকৃতাৰ।
পাপৰিয়ে তাইৰ দুহাতত খামুচি ধৰে। দুখ এজাক কঢ়িয়াই আছে বায়েকে। এই দুখৰ কোনো নাম নাই। যান্ত্ৰিকতাৰ দুনীয়াত এই দুখৰ কোনো কাম নাই।
“আসঃ মানুহৰ অভাৱ আছেনে পৃথিৱীত? এখন দুৱাৰেদি আপোনজন ওলাই গৈছে, সিখন দুৱাৰ খোলা ৰাখিব লাগে আন কোনোবাজন সোমাবলৈ। কাৰোবাৰ প্ৰতাৰণাৰ বলি হৈ ভাগি পৰাৰ কি যুক্তি আছে?” অত্যন্ত বাস্তৱবাদীসকলৰ মত সেয়া।
ক’ৰবাত পায়েল এযোৰ জুনুককৈ বাজি উঠে। অলংকৃতাৰ বুকুত সেই শব্দটো সোমাই পৰে। বান্ধোনত থাকিব বিচৰা মানুহজনীয়ে পাখি গজাই লৈছে। সময় পালেই নদীলৈ নতুবা দলঙলৈ নতুবা পাহাৰলৈ নতুবা ফুলৰ উপত্যকালৈ ঢাপলি মেলে।
মায়'ডিয়ালৈ যাব নোৱাৰে। উল্কিৰ বিষটো বুকুৰ একোণত শিপাই আছে।
চকু মুদি ৰৈছে তাই।
সদাপ্ৰগলভ ছোৱালীজনীয়ে অনৰ্গল কথা কৈ কৈ ভাত খালে, সৰু ছোৱালীজনীৰ দৰে অলংকৃতাৰ বিছনাখনতে কুঁচি-মুচি সোমাই টোপনি গ’ল। বয়সত ডাঙৰ হ’লেও এই ছোৱালীজনীকো তাইৰ সন্তানদ্বয়ৰ দৰেই লাগে। আচলতে প্ৰতিজন মানুহৰ মাজতেই তাই শিশু এটি দেখা পায়। আল্ট্ৰাছৰ মাজতো কেতিয়াবা সেই শিশুটি দেখা পায়। সেই শিশুটিক লালন কৰিবলৈ তাই হাত মেলিলেই তেওঁ দাম্ভিক হৈ উঠে। দাম্ভিক হৈ উঠিলেই হাতখন কৌচ খাই আহে তাইৰ।
দীপকলৈ বুলি তাই চিঠি এখন লিখিবলৈ বহিল। মনত অসংখ্য ভাৱনাই দোলা দি গ’ল। কি লিখিব, কি এৰিব? ধ্ৰুৱমৰ কথা সুধিব নে উল্কিৰ প্ৰসংগ উলিয়াব?
একোৱেই নিলিখিলে তাই। উকা পাতখিলাত মাথোঁ এটা বাক্যই লিখিলে, “তই ঘূৰি আহ দীপক”। তাৰ পাছত চিঠিখন স্কেন কৰি ৰাহুললৈ মেইল কৰি দিলে।
সাংবাদিকতাৰ খাতিৰত ৰাহুলে এই যাত্ৰা আৰম্ভ কৰিছে। তেওঁক বিপ্লৱীসকলৰ বিষয়ে তথ্য লাগে। উত্তৰ-পূব অঞ্চলত চলি থকা বিভিন্ন বিপ্লৱৰ বিষয়ে ৰাহুলে এখন কিতাপ লিখিবলৈ আৰম্ভ কৰিছে। বিশ্বৰ বহু কেইটা বিপ্লৱী সংগঠন একগোট হোৱাতো ভাৰত চৰকাৰৰ বাবে এক মূৰ কামোৰণি। তৃতীয় বিশ্বৰ দেশ এখনত কিমানবোৰ সমস্যা! অথচ এইবোৰ দেশৰ আধাখিনি সময় এই বিপ্লৱৰ লগত লাগি থাকোতেই যায়। জনতাৰ ঘৰ এটা বনাবলৈ টকা নথকা দেশখনে মাৰণাস্ত্ৰৰ নামত কোটি কোটি টকা শৰাধ কৰে। শান্তি নাই। সকলোকে পৰাক্ৰম লাগে, বীৰত্ব জাহিৰ কৰিব লাগে, সকলোকে ৰজা হ’বলৈ লাগে। কোনে কৈছিল সেইদৰে? ঠিক মনত পৰিছে। ধ্ৰুৱমে কৈছিল তেনেদৰে।
“এইবোৰ বহুত কথা কৃতা। ইয়াতো ব্যৱসায়ৰ কথা আছে। ধনী হোৱাৰ অংক আছে। এখিনি মানুহৰ মাজত যুদ্ধ লগাই এখিনি দেশে মুনাফা লুটিছে”।
“মানে? মানে? মানে?”, তাই নবুজা কথাবোৰ সুধি সুধি আদবাটত ৰৈ যায়।
“মানেটেো কি আৰু? এটা কথা ক’চোন, এই যে মাৰণাস্ত্ৰবিলাক মানুহে কেতিয়া কিনিব? যেতিয়া হিংসা ভেদ, বিবাদ বেছি হ’ব। গতিকে হিংসাৰ বীজ ৰোপণ কৰাটো তেওঁলোকৰ ধৰ্ম। ৰাছিয়া টুকুৰ টুকুৰ হ’ল। টুকুৰা টুকুৰ নোহোৱা হ’লে ৰাছিয়াৰ লগত ফেৰ মাৰিবলৈ দিগদাৰ হ’লহেতেন ভাৰতৰ দৰে বিশাল দেশখনৰ ওপৰত এতিয়া বহুতৰে চকু। মানৱ সম্পদৰ ফালৰ পৰাই হওক, নতুবা সুখ সমৃদ্ধিৰ ফালৰ পৰাই হওক, ভাৰতৰ নাগৰিকৰ মান বহুত ওপৰত। প্ৰত্যেকজন মানুহে নিষ্ঠাৰে কাম কৰিলে ভাৰতৰ অৰ্থনৈতিক অৱস্থা বহুত সুস্থিৰ হ’লহেঁতেন।