পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

উন্মাদনা নাই। সজল হৈ পৰা চকুহালেৰে সি তাইলৈ চাই চাই ভাবে,

 “কিছুমানে ফুলবোৰ ছিঙি টেবুল সজায়। মৰহিলে নতুন ফুল ছিঙে। মই গছজোপা প্ৰতিপাল কৰোঁ৷ তাতে! মই ফুলৰ সুৱাস লওঁ। ফুল ছিঙি টেবুল সজোৱাটো মোৰ বাবে অলীক কথা”।

 কিন্তু এটা কথা ঠিক, সম্পৰ্কৰ ক্ষেত্ৰত সি বাস্তৱিক নহয়। আল্ট্ৰাছ বাস্তৱিক। তাৰ জানিবলৈ মন যায়, আল্ট্ৰাছৰ মাজত কি আছিল যে তাই ধৰ্মান্তৰিত হৈও নতুবা ঘৰৰ মত নোহোৱাকৈও আল্ট্ৰাছৰ ওচৰত নিজকে সমৰ্পণ কৰিছিল। বহুত কথা, এৰা, বহুত কথাই মনত ভিৰ কৰে, জুকিয়াই জুকিয়াই শেষ নহয় তাৰ,

 “কৃতা। কথা এটা সোধো?”

 “নুসুধিবি’’, আকৌ দবিয়াই উঠে তাই৷

 “কিয়?”

 “আৰে বান্দৰ। সোধ না। কি ইমান ফৰ্মেলিটি অবজাৰ্ভ কৰি আছ?”

 হা হাকৈ হীঁহি উঠে সি। চকু পকাই ধৰে তাই।

 “মেইন পইন্টত আহ। প্ৰশ্নটো সোধ।”

 “ওমম। আল্ট্ৰাছক তই খুব ভাল পাইছিলি?”

 আকৌ পট পৰিবৰ্তন। খোলা হাঁহিটো মোলান পৰে। হুমুনিয়াহৰ কেৰ্কেটুৱা এজাক গিৰগিৰাই ওলাই যায়,

 “ভালপোৱা। ভালপোৱা। ভালপোৱাৰ সংজ্ঞাটোকেই মই আজিলৈকে নুবুজিলোঁ।

 “নুবুজাকৈয়ে অত ত্যাগ?”, সি আচৰিত হয়।

 “বহুতৰে ক্ষেত্ৰত এয়াই হয় ধ্ৰুৱম। প্ৰেমৰ পৃথিৱীখন বৰ আউলীয়া। ইয়াত নিয়মবোৰ অনিয়ম হয় আৰু অনীতিবোৰ হয়গৈ নীতি।”

 “তই সুখী নহয় কৃতা?”

 “হওঁ সুখী। বহুতেই সুখী মই। আচলতে কি জান, সুখ-দুখৰ ধাৰণাবোৰ আপেক্ষিক। মই সফল নাৰী। মানুহে ঈৰ্ষা কৰিবলগীয়াকৈ সফল মই। কি দুখ থাকিব পাৰে মোৰ? কিন্তু কি জাননে ধ্ৰুৱম?”

 “কি?”

 “মই সুখী নহওঁ।”

 “আসঃ কি কনট্ৰাডিক্টৰী কনফেচন!”

 “হয়। কনট্টাডিক্টৰী কনফেচন। স্ববিৰোধিতা এয়া। মই সুখী, কাৰণ মই সফল। মই সুখী নহওঁ, কাৰণ একান্ত নিজৰ পুৰুষজনে মোৰ সফলতাত ঈৰ্ষান্বিত হয়। হয় ধ্ৰুৱম। আল্ট্ৰাছ মোক হিংসা কৰে”।

 “ আল্ট্ৰাছে তোক কিয় হিংসা কৰিব? সেয়া তোৰ ভ্ৰান্ত ধাৰণা কৃতা।”

 “হয়। হ’ব পাৰে। কিন্তু এই ভ্ৰান্ত ধাৰণাবোৰে দূৰত্ব বঢ়াইছে। কোনো একবিন্দুত আহিব নোৱাৰাকৈ দূৰত অৱস্থান কৰিছো আমি”৷

 “এনেকৈ কিমান দিন?’’

 “এনেকৈ অনন্তকাল। কিন্তু মাজে মাজে অদ্ভূত পাগলামি কিছুমান কৰিবলৈ মন যায় মোৰ।”

 “এই পাগলী। মোলৈ চা। কথা দে মোক, এনেকুৱা পাগলামি নকৰিবি, যিবোৰে তোক খুলি খুলি খাব।”

 চকুলোটোপাল সৰি পৰে অলংকৃতাৰ। পাহাৰখনে তাৰ বহল বুকুত টোপালটো সামৰি থয়।

 ধ্ৰুৱমে নিজৰ বুকুত বিষ এটা অনুভৱ কৰে। অলংকৃতাৰ চকুলোটোপাল সামৰিব নোৱৰাৰ বিষ সেয়া।

 “সুখী হ’ কৃতা। নিজক লৈ সুখী হ’বলৈ শিক।”

 “মই জানো যে তই এনেকৈয়ে ক’বি। আৰু সেইবাবেই মই তেনেকৈয়ে সুখী হ’বলৈ শিকিছোঁ। জীৱনৰ বাটত তোক লগ পোৱাটো মোৰ বাবে অন্য এক সফলতা। প্ৰতিপলতে তোক মই বিচাৰিছিলোঁ। যিমানবাৰেই আল্ট্ৰাছে দুচকুত অন্য নাৰীৰ ছবি ৰাখি মোৰ শৰীৰত ভৌগোলিক বিচৰণ কৰিছিল, সিমানবাৰেই তোলৈ মনত পৰিছিল। ইমান কৃত্ৰিম! ইমান কৃত্ৰিম এই পৃথিৱী। ভাৰাক্ৰান্ত হৈ পৰিছোঁ ধ্ৰুৱম। ক্লান্ত একেবাৰে। এই যে তোৰ কৃতাৰ মুখখনত বিয়পি থকা সৌম্য-শীতল আভা, সেয়াতো মুখা। এই মুখা পিন্ধি থকাৰ যিমান কষ্ট, সুলকি