সন্তান দুটিয়ে চোৱা টিভিৰ অনুষ্ঠান কিছুমান লৈ অলংকৃতাৰ ভীষণ আপত্তি। সুযোগ পালেই সিহঁত দুয়োটিয়ে টিভিত কাৰ্টুন চেনেল পকাব নতুবা হ’ৰৰ চিনেমাত মনোনিবেশ কৰিব৷ কেইবাদিনো তাই বুজাইছে, মানাও কৰিছে, কিন্তু সিহঁতৰ এই অভ্যাসটো তাই আঁতৰাব পৰা নাই।
“তোমালোকে ভাল চেনেল চোৱা নতুবা গান এটাকে গোৱা নতুবা কিতাপ এখন লৈ ব্যস্ত হোৱা”, তাই প্ৰায়েই তেনেদৰে বুজায়।
সিহঁতে চিধাই গৈ দেউতাকক অভিযোগ কৰে। আল্ট্ৰাছেও সিহঁত দুটিৰে পক্ষপাতিত্ব কৰে। তাইহে কথাবোৰ বেলেগকৈ ভাবে। যৌনগন্ধী চিনেমা এখনত প্ৰাপ্তবয়স্কৰ বাবে’ বুলি লিখাৰ দৰেই হ’ৰৰ চিনেমাখনতো বাধা-নিষেধ থাকিব লাগে। এই চিনেমাবোৰে শিশু মনস্তত্বৰ ওপৰত প্ৰভাৱ পেলাইছে। হ’ৰৰ চিনেমাখনে মগজুত যি ভয়ৰ ভাব উৎপন্ন কৰে, সেই ভয় এজন ব্যক্তিয়ে গোটেই জীৱনলৈ কঢ়িয়াই ফুৰে। তাইৰ মত নহয় সেয়া। সেয়া শিশু বিশেষজ্ঞৰ মত। এজন ব্যক্তিৰ দহবছৰৰ আগতে আয়ত্ব কৰা যিকোনো স্বভাৱ গোটেই জীৱনলৈ থাকি যায়। তাইৰ সন্তানে ভয়ৰ মাজেৰে জীৱন যাপন কৰক কিম্বা আন্ধাৰ বাটত অকলে খোজ কাঢ়িব পৰাকৈ সাহসী নহওক, এয়া তাই নিবিচাৰে। তাই বিচাৰে, সিহঁত দুয়োটি ধ্ৰুৱমৰ দৰে মূৰ তুলি কথা ক’বলৈ শিকক।
ধ্ৰুৱম!
দিনটোত এবাৰলৈ হ’লেও তালৈ মনত নপৰাকৈ নাথাকে তাইৰ। তাৰ সত্তাটো আচলতে তেনেকুৱাই আছিল। মানৱতাবোধেৰে পৰিপূৰ্ণ, ৰজোগুণবিশিষ্ট, বৰগছৰ দৰে ধীৰ, অটল এক সত্তাৰ নাম ধ্ৰুৱম। অথচ সিও কোনোবাটো সময়ত হতাশ হৈ পৰিছিল, যেতিয়া দেখিছিল, কণ কণ শিশুক লৈ ব্যৱসায়ৰ বৃহৎ অংক চলি আছে।
“চা অলংকৃতা, যি সময়ত বাহিৰৰ দেশৰ শিশুসকলে অলিম্পিকৰ পদককেইটাৰ বাবে অনুশীলন কৰি আছে, সেই একে সময়তে আমাৰ ল’ৰা-ছোৱালীয়ে বহিঃদেশত নিৰ্মিত চেনেলকেইটাক লৈ নতুবা খেলনাকেইটাক লৈ ব্যস্ত হৈ আছে, যিখিনিত কোনো নীতিশিক্ষা নাই, নাই কোনো শাৰিৰীক পৰিশ্ৰম। এইবোৰ সৱ ব্যৱসায়িক অংকৰ খেল বুইছ? আমাৰ শিশুসকলৰ মগজুটো একপ্ৰকাৰ ব্লক কৰি দিয়া হৈছে। এইটো প্ৰজন্মৰ পৰা কি আশা কৰিব আমাৰ দেশে?”
সেই কম বয়সতে ধ্ৰুৱমৰ ইমান গভীৰ চিন্তা! ইমান দেশপ্ৰেম! বিশ বছৰীয়া যুৱক ধ্ৰুৱমৰ কথাবোৰ তাই এতিয়াহে অনুধাৱন কৰিব পাৰিছে। পাৰিছে কাৰণে তায়ো কৈ উঠিছে, “এইবোৰ শ্ন’ পইজন। এইবোৰ এখন দেশৰ এটা প্ৰজন্মক মানসিকভাৱে পংগু কৰি তোলাৰ কৌশল।” আল্ট্ৰাছে তাইৰ কথাবোৰ শুনি কটাক্ষমিহলি হাঁহি এটা এৰে। তাই ল’ৰা দুটিক টিভিটোৰ পৰা আঁতৰাই সাধু ক’বলৈ আৰম্ভ কৰে। দুয়োটাকে লৈ লক্ষ্মীনাথ বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”খন মেলি লয় তাই। ডাৱৰৰ দেশলৈ কল্পনাৰ ঘোঁৰা দৌৰায় দুয়োটাই। সাধুৰ মাজেৰে শিশুৰ বুদ্ধি বিকাশ ঘটে। নীতিশিক্ষাৰে ভৰপূৰ এটি এটি সাধু। সেই সাধুৰে কত প্ৰজন্মই কতটা যুগ গঢ় দি গ’ল, সেই কথা কোনে নাজানে?
পঢ়া-টেবুলখনত কিতাপৰ ভৰবোৰ ক্ৰমাৎ বাঢ়ি গৈছে। সমানে বাঢ়ে আন্ট্ৰাছৰ ওন্দোলোৱা মুখৰ ভৰ। কিতাপৰ জগতখনৰ দৰে আপোনভাৱে যে তাই কাকোৱেই ল’ব পৰ| নাই। কিতাপবোৰে তাইৰ পৃথিৱীখনত কম্পাচৰ সূচকডালৰ কাম কৰে। এই সূচকে সাগৰীয় ধুমুহাত দিশহাৰা হোৱা জাহাজখনৰ পথ দেখুৱায়।
সন্তান দুটিক সেই জগতখনৰ লগত চিনাকি কৰাবলৈকে ভিন ভিন কিতাপবোৰ আনি সিহঁতৰ হাতত তুলি দিয়ে। এনেকৈয়ে সুন্দৰকৈ পাৰ হৈ যায় আজৰি সময়! তাইৰো দুখবোৰ পাতল হৈ সুখবোৰ ফুটি উঠে। আল্ট্ৰাছ তাইৰ সুখৰ কাৰণ বিচাৰি ছটফট কৰে। তেওঁৰ মুখত স্পষ্টকৈ প্ৰতিফলিত হয় সেই প্ৰশ্ন, সেই হাঁহিৰ উৎস কোন? কোন হয় সেই বিশেষজন?
ৰহস্যময়ী হাঁহি এটাৰে কথাবোৰ পাক লগাবলৈ শিকিছে তাই। ‘তাইৰ দুখৰ উৎস কি?’ বুলি নোসোধাজনক সকলো কথাৰে ভাগ-বতৰা দিয়াৰ পক্ষপাতী নহয় তাই। দূৰত্ব এটা আহিল দুয়োৰে মাজত। যিমানেই দূৰত্ব আহিল সিমানেই যেন তাই নিজক বুজি পোৱা হ’ল। নিজকে বেৰিবলৈ ৰক্ষাকবচ পিন্ধিলে। সেই ৰক্ষাকবচৰ নাম হাঁহি। প্ৰয়োজনত মিচিকনি, প্ৰয়োজনত খিলখিলনি। খিলখিলনিবোৰ সন্তানৰ স’তে বুটলে, নতুবা কোনোবা আপোনজনৰ