বুঢ়ীৰ তত হেৰাইছে। পুতেকক লৈ চাগৈ বুঢ়ীৰ কিমান সপোন আছিল। নাতি-বোৱাৰীৰে গিজগিজাই থাকিব ঘৰ। বুঢ়ীয়ে জুহালৰ পাটিত বহি সিহঁতক আলু পুৰি খাবলৈ দিব, বান্দৰ-শিয়াল সাধু ক’ব। সেয়াওতো সপোন। পূৰ কৰিব নোৱাৰি অবাট লোৱা কিছু সপোন। বুঢ়ীৰ সেই সপোন যে কোনোদিনেই নফলিয়াব! কিন্তু অলংকৃতাৰ যিমান দূৰ মনত পৰে, দীপকৰ ককায়েক এজনো আছিল, সিহঁত খেলিবলৈ আহিলে ককায়েকে তামোলৰ ঢকুৱাখনেৰে দীপকক টানি ফুৰা দেখিবলৈ পাইছিল। সেই ককায়েক এতিয়া ক’ত বাৰু! তাই নোসোধাকৈ নোৱাৰিলে।
“খুড়ী, দাদা ক’ত আজিকালি?”
“অ, সি গুৱাহাটীত থাকে অ’ আই। নাতি দুটিৰ বাবেই গুৱাহাটী পালেগৈ। ইয়াত থাকিলে পুলিচ মিলিটেৰী আহি থাকে, সেয়ে ময়ে ক’লোঁ ইয়াত নাৰাখিবলৈ”।
“পুলিচ মিলিটেৰী খুবকৈ আহে নেকি খুড়ী? দীপক আহিছে নে নাই?”
“বহুত দিন দেখাই নাই অ’ ল’ৰাটোক? ক’ত আছেগৈ? ঘৰত হাঁহ-পাৰ এজনীও হাতেৰে ধৰিব নোৱাৰা ল’ৰাটোৱে বন্দুক লৈ জংঘলে জংঘলে ঘূৰি ফুৰে।”
বুঢ়ীৰ চকুৰ কোণ জিলিকি উঠিছে। অলংকৃতাৰ চকুত ধৰা পৰিছে সেই কথা৷ মাতৃহৃদয় কঁপি উঠে তাইৰ। কি কাৰণে? কি কাৰণে দীপকে এই সিদ্ধান্ত ল’লে সেই কথা তাই জানিবই লাগিব। তাই নাজানে দীপক আৰু ৰূপশিখাৰ বিয়াৰ কথা। নাজানে তাই, কিদৰে ৰূপশিখাই সেই সহজ-সৰল ল’ৰাটোক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি গ’ল। কি যে দাম দিবলগা নহ'ল সি, সেই গোটেইবোৰ কথা তাইৰ অজ্ঞাত। তাই তেতিয়া বিশ্ববিদ্যালয়ত। ককায়েকৰ চাকৰি সূত্ৰে সিহঁতৰ সৰু পৰিয়ালটোও এই ঠাইৰ পৰা গুচি গৈছিল। কাজেই এই ঠাইৰ লগত তাইৰ মনৰ সম্পৰ্কৰ বাদে কোনো সম্পৰ্ক ৰৈ যোৱা নাছিল। অতদিন তাই ইয়ালৈ অহাও নাছিল, অহাৰ প্ৰয়োজনবোধো কৰা নাছিল। কিন্তু শিপাই টানি থকা মাটিৰ মোহ কিমানদিনলৈ এৰে? কিমানদিনলৈ?
খুব বেছি নষ্টালজিক হৈ পৰিছে তাই। কলেজৰ কাষেৰে পাৰ হৈ আহোঁতে শাৰী শাৰী দেৱদাৰুখিনিয়ে তাইক ধ্ৰুৱমৰ কথা বৰকৈ মনত পেলাই দিছিল। দীপকহঁতৰ গাঁৱত যে সিহঁতে শৈশৱৰ এচোৱা পাৰ কৰি গৈছিল। সময়বোৰহে তীব্ৰগতিত চলে। মনবোৰ ৰৈ যায়, ৰৈ যায় সেই এলপি স্কুলৰ কেঁকুৰিতে। ক্ৰমান্বয়ে আলসুৱা শিশু এটিৰ দৰেই অকণমানি হৈ পৰে। বৰ গধুৰ, মধুৰ স্মৃতিবোৰ বৰ গধুৰ।
সেই যে জলফাই গছজোপা, এদিন এজাকমান কাণ-সমনীয়াৰ লগত দীপকৰ ঘৰত জলফাই বুটলিবলৈ আহিছিল তাই। তাইক দেখিয়েই ধ্ৰুৱমে তাইৰ পিছ নেৰা হৈছিল, মোকো জলফাই এটা দেনা।”
ছোৱালীমখাই গিৰ্জনি মাৰি হাঁহিছিল, জোকাইছিল “ধ্ৰুৱম ল’ৰা নহয় ছোৱালী”।
মুখখন এপাচিমান ওন্দোলাই ধ্ৰুৱমে ওলটি ধৰে, “ছোৱালীবোৰ বেয়া বস্তু নেকি? মাহঁত ছোৱালী নহয় নেকি? বেয়া নেকি মাইঁত?”
টেঙা খালেই ছোৱালী নাম দিছিল সিহঁতে। ল’ৰাক ছোৱালী বুলি ক’ব পৰাটো, নতুবা ছোৱালীক ল’ৰা বুলিব পৰাটো সিহঁতৰ বাবে ধেমালিৰ আহিলা আছিল। লিংগ বিভাজন সৰুৰে পৰাই মনত আঁকি দিয়া হয়। লৰাই নাকান্দে, ল’ৰাই টেঙা নাখায়, ছোৱালীয়ে গছত নুঠে ইত্যাদি অজস্ৰ প্ৰচলিত কথাবোৰৰ বিপৰীত মেৰুত অৱস্থান কৰিছিল সিহঁতৰ দলটো। তাৰ ফলস্বৰূপে ধ্ৰুৱমে জলফাইৰ পিছত দৌৰিছিল, দীপকক কিবা ক’লেই ভেকৈ মুখ মেলিছিল, অলংকৃতাহঁতৰ জাকটোৱে মধুৰীজোপাত উঠি গোটেইখন তহিলং কৰিছিল।
দীপকৰ মাকে জুই একুৰা জ্বলাই দিছে। পুহমহীয়া ঠাণ্ডা বাহিৰত। কুঁৱলীয়ে জোনাক ঢাকিছে। তাই গাড়ীখন ভিতৰৰ চোতালত ভৰাই থওঁ বুলি বাহিৰফালে ওলাই গ'ল।
“মাজনী, আহচোন গৰম পানীৰে ভৰি হাতকেইটা ধুই ল’৷ মই চাহ তপতাওঁ”
গুৰৰ সৈতে আদা দিয়া চাহকাপ হাতত লৈ তাই শুনি গৈছিল দীপকৰ কাহিনী। বিয়াৰ পিছদিনাই দীপকৰ পত্নী ৰূপশিখা নিৰুদ্দেশ হোৱা সেই ৰহস্যজনক কাহিনীটোৰ কথা।
“হেতালি খেলিছিল তাই। মানুহৰ জীৱনটোক লৈও মানুহে হেতালি খেলে। মোৰ সহজ-সৰল ল’ৰাটো কিদৰে জীয়াই থাকিব তাই এই কথা এবাৰো নাভাবিলে। তাই নিজৰ স্বাৰ্থত মোৰ ল’ৰাটো ব্যৱহাৰ কৰি গুচি