পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 “তাৰ পিছত?”

 “তাৰ পিছত হাছবেণ্ডে তাইৰ মাকৰ ঘৰক জনাই দিলে”।

 “ওম। হাছবেণ্ডে হয়তো খুব আঘাত পাইছিল। জনাই দিলে বাৰু, কিন্তু তাই কিয় চুইচাইড কৰিলে?”

 “হয়তো লাজ পালে। ইমান এটা পাপ কাম সকলোৱে গম পাই গ’ল।”

 লাজ? পাপ কাম? অলংকৃতাৰ মগজুত এই শব্দবোৰ ঘূৰি থাকে। পাপমোচন কৰিলে তাই। নিজৰ জীৱনটো শেষ কৰি পাপমোচন কৰিলে। হৈ গ’লনে সকলো সমস্যাৰ সমাধান?

 নহ’ল। কাৰণ, তাইৰ চাৰিবছৰীয়া ল’ৰাটো সেই ল’ৰাটো, যি মাকৰ নাম শুনিব নোখোজে মাক নামৰ এটা বেয়া প্ৰতিচ্ছবি ৰাখি থৈছে সি মনৰ মাজত। চৌপাশৰ বদনামবোৰে তাক সেই প্ৰতিচ্ছবি উপহাৰ দিছে। এতিয়া মাকৰ সংজ্ঞা তাৰ বাবে অস্পৃশ্য সংজ্ঞা, যি সংজ্ঞাত বিশ্বাস মৰি অপৰাধৰ জন্ম হয়।

 আত্মহত্যা এক মানসিক ৰোগ। সকলোৱে জনা কথা সেয়া। কিন্তু কিমান সংগোপনে এই বেমাৰ বিয়পে নতুবা কিমান গভীৰভাৱে এই বেমাৰ শিপাই যায়, সেয়া কোনেও উমানকে নাপায়। জীৱন ইমানো কঠিন নহয় যে অকলে কটাব নোৱাৰি। মানৱ শিশু এটিয়ে অকলে জন্ম লোৱাটোৱেই তাৰ প্ৰমাণ। জীৱন ইমান সহজো নহয় যে আনৰ সহায় নোহোৱাকৈ জটিল বাট পাৰ হৈ যাব পাৰি। মানুহৰ মাজত জন্ম লোৱাটোৱেই তাৰ প্ৰমাণ।

 এই কথাখিনিকে কৈছিল তাই এদল ছাত্ৰ-ছাত্ৰীক। আইন সম্পৰ্কীয় শিক্ষাদানৰ বাবে আগশাৰীৰ মহাবিদ্যালয় এখনলৈ মাতিছিল তাইক। উচ্চশ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰশ্নৰে তাইক ব্যতিব্যস্ত কৰি তুলিছিল। সেইসকল ল’ৰা-ছোৱালীৰ লগত কটাওঁতে তাইৰ ভাব হৈছিল, শিক্ষকতাতকৈ মধুৰ বৃত্তি একোৱেই হ’ব নোৱাৰে। তেতিয়াই চকুত পৰিছিল সেই ল’ৰাটোক, যাক চাৰিবছৰতে মাকে এৰি থৈ পৃথিৱীৰ পৰা বিদায় লৈছিল। আৰু সেই মাকজনী আছিল তাইৰে একালৰ ৰূমমেট। বুকু ভেদি কান্দোন এটা ওলাই আহিছিল তাইৰ,

 “ভাল কাম নকৰিলি তই। তোৰ মৃত্যুৱে এটা মাতৃজাতিক জগৰীয়া কৰি থৈ গ’ল”।

 কোনো মাতৃৰে বিবেক বন্ধ নহওক। কোনে মাতৃৰে একাকীত্বৰ বেমাৰ নহওক। তায়ো জানে, নিষিদ্ধতা যে যিকোনো মানুহৰ নিভৃত কোণত বৈ থকা চিৰন্তন হেঁপাহ। সেই হেঁপাহ পুৰুষে পূৰাব পাৰে। বদনাম নহয় তেওঁলোকৰ। নাৰীৰ বদনাম হয়। নাৰীৰ বাবে সেয়া পাপকাৰ্য।

 আলমাৰীটোৰ পৰা সুখৰ গোন্ধ বিচাৰোতে কথাবোৰ বিশৃংখল হৈ পৰিল। ফটোবোৰ বেচিজিল হৈ পৰিল। বেচিজিল হৈ ৰোৱা কাগজবোৰ চিজিল লগাই থাকোঁতে পলিথিনৰ পেকেট এটা হাতৰ পৰা সৰি পৰিল। পেকেটটোলৈ চালে তাই। ইউনিভাৰ্চিটিৰ দিনৰ চিঠি। সোণালী কলমেৰে লিখা প্ৰেমৰ চিঠি। যিটো পেকেট তাই পিছত চাম বুলিও আজিলৈকে চোৱা নহ’ল। প্ৰেমৰ দিৱসৰ দিনা চিঠি খুলি খুলি ভাগৰি পৰে সিহঁতে। এই পেকেটটোও তেনে কিছুমান চিঠিৰেই ভৰি আছে।

 ওঁঠেৰে মিচিকনি এটা বিৰিঙি আহিল। কি যে নিৰ্দোষ ধেমালিৰ দিন সেয়া৷ প্ৰেম-বিৰহ-বিচ্ছেদেৰে ভৰি থকা ফাণ্ডন মাহ। মন চিলা উৰি গৈ দিগন্তত হেৰুওৱা মাহ। সেই মাহতে আকৌ প্ৰেমৰ দিন। গোলাপৰ দিন। হাঁহিবলৈ কোনে কাৰণ নলগ৷ দিনত সেইবোৰেই হাঁহিৰ কাৰণ। কাষৰ হোষ্টেলৰ প্ৰথম বৰ্বৰ বড়ো ল’ৰাটো ওলাইছিলহি এবাৰ। নিজৰ বাবে নে কোনোবা চিনিয়ৰৰ চিঠি লৈ আহিছিল তাই আজিও নাজানিলে। নিমাখিত চেহেৰাৰ ঠাণ্ডা ল'ৰাজনক লৈ হোষ্টেলত যে তাইক কত জোকাইছিল কোনে৷ হিচাপ নাই। সি হেনো এতিয়া কোনোবা এখন জিলাৰ শিক্ষা বিষয়া। সেই চিঠিখনো পঢ়িলে তাই।

 জীৱন তীব্ৰ গতিত পাৰ হৈ যায়। সৌ সিদিনাৰ চিঠিহে এয়া। ক্লাছছ পৰা আহি সিহঁতকেইজনী পাণবজাৰলৈ গৈছিল। অনুৰাধা শৰ্মা পূজাৰীৰ “হৃদয় এক বিজ্ঞাপন” পঢ়ি পাণবজাৰৰ প্ৰেমত পৰিছিল সিহঁত। ঘূৰি আহোঁতে যথেষ্ট দেৰি হৈছিল। হোষ্টেল পাওঁতে হোষ্টেলৰ চকীদাৰজনে চিঠিৰ টোপোলা এটা হাতত তুলি দিছিল। ইমানবোৰ চিঠি। নাই। তেতিয়া পঢ়িবলৈ ধৈৰ্য আৰু সময় দুয়োটাই নাই। চিঠিবোৰ প্লাষ্টিকৰ পেকেট এটাত ভৰাই ৱাৰ্ডদ্ৰৱত ভৰাই থোৱাতে থাকিল। তাৰ পাছতো তাই বহুত ঠাই ঘূৰিলে। য’লৈকে যায়, কিছুমান বস্তু তাই লগত লৈ যায়। সেয়ে ইমান বছৰৰ মূৰতো তাইৰ অলক্ষিতে সংৰক্ষিত অৱস্থাত ৰৈ গ’ল এই পেকেটটো। আজিহে সেই পেকেটটো৷ দেখিলে। নেদেখা হ’লে প্ৰহেলিকাতে হয়তো কিছু কথা থাকি গ'’লহেঁতেন। উৎকণ্ঠিত হৈ তাই