“তই কি ক'ব খুজিছ মই ঠিক বুজা নাই”
“মই উল্কিৰ কথা৷ ক’ব খুজিছোঁ।”
উল্কি! ধ্ৰুৱমে উল্কিৰ কথাও জানে? নাই নাই। আপোনজনৰ ওচৰত ইমান নাঙঠ হোৱা নাযায়। তাইৰ সুখৰ মুখাখনৰ আঁৰত থকা কজলা দুখখিনি ধ্ৰুৱমৰ আগত বটিওৱা নাযায়। যিদৰে তাই মাকৰ পৰা দুখবোৰ লুকুৱায়, নতুবা ককায়েকৰ ওচৰত সুখৰ অভিনয় কৰে, সেইদৰে ধ্ৰুৱমৰ পৰাও কিছু কথা আঁতৰত থ’ব বিচাৰে। উল্কিৰ কথা নাপাতে তাই। নাপাতে। ইমানদিনৰ মূৰত তাই তাক লগ পাইছে, কিমান কথা৷ পাতিবলৈ আছে, উল্কিৰ কথা কিয় পাতিব? অভিমানত নাকৰ পাহি মেল খাই পৰে। বজ্ৰনিনাদত আকাশ কঁপে,
উল্কি! উল্কি! উল্কি!
এই নামটো খহি নপৰে কিয় উল্কাখণ্ডৰ দৰে? কিয় অৰুণাচল পাহাৰতো এই নামৰ প্ৰতিধ্বনি শুনে? কিয় কিয় কিয়?
মুখখন ঘূৰাই নৈখনৰ ফালে আগুৱাই যায় তাই। নৈৰ শীতল পানীয়ে তাইৰ ভৰি স্পৰ্শ কৰে। ধ্ৰুৱমৰ উপস্থিতি তাই পাহৰে। উল্কি-আল্ট্ৰাছ, আল্ট্ৰাছ-উল্কি নামবোৰ মগজুত চক্ৰাকাৰে ঘূৰে। দুৰ্বল অনুভৱ কৰে তাই। এই নামে বুকুৰ গভীৰত কিদৰে এটুকুৰা ঘাঁৰ সৃষ্টি কৰিছে, যাৰ উমান তাইৰ বাহিৰে আন কোনোৱেই নাপায়, কোনোৱেই। কাকো দেখুৱাব নোৱাৰে এই গভীৰ খাদ। কাৰো ওচৰত নিজকে ইমান নাঙঠ কৰিব নোৱাৰে।
সবল মানুহজনী সেই নামটোতে ভাগি পৰে। যেন উল্কিৰ বতাহজাকে তাইক ভ্ৰূকুটি কৰে, সিয়াৰে,
“চা চা তোৰ প্ৰেমাস্পদক মই নিজৰ কৰি ল’ব পাৰিলোঁ”।
কিয় এনে হয়? কিয় এনে হয়? যিজনক আপোন কৰিবলৈ সকলোবোৰ ত্যাগ কৰা যায়, সেইজন কেনেকৈ পৰৰ হৈ পৰে? এই উত্তৰ নাই তাইৰ ওচৰত। সৱ মিছা। প্ৰেম মানে ভ্ৰম। প্ৰেম মানেই প্ৰমাদী সময়ৰ অপলাপ মাথোঁ। নাই নাই। প্ৰেম এটা বিমূৰ্ত ধাৰণ৷ কোনো নিৰ্দিষ্ট জঁকাত বন্দী নহয় এই ধাৰণা। কাৰোবাৰ বাবে প্ৰেম মানে জৈৱিকতা, আন কাৰোবাৰ বাবে প্ৰেম এক আত্মিক-গাথা।
তাইৰ বাবে কি? কোনো ধাৰণা নোহোৱাকৈয়ে তাই ডুবি গৈছিল সেই সোঁতত। বিয়া, সন্তান, ঘৰ চাকৰিৰ স’তে সুখৰ ফোঁৱাৰাবোৰৰ লগত উটি যাওঁতেহে জ্ঞান আহিছিল, তেওঁ কাষত নাই। নাই তেওঁ। তেওঁ নাই মানেই প্ৰেম নাই। তাৰ পাছৰে পৰা তাই, ‘তাই’ হৈ থকা নাই। তাইৰ নীতিবোধে নকয় যে, নিজৰ স্বামীক এৰি তাই আনৰ হৈ যাওক। তাইৰ নীতিবোধে সন্তানক পিতৃৰ মৰমৰ পৰা বঞ্চিত হ’বলৈ নকয়। গতিকে কথাবোৰ একেই ৰাখি তাই কক্ষপথ সলালে। কক্ষপথ সলালেও নীতিবোৰে পিছ নেৰে। নিজকে বাৰাংগনাৰ ৰূপত উপস্থাপন কৰিও তাই গ্ৰাহক সলাব নোৱাৰিলে। গ্ৰাহক হৈ ৰ’ল এজনেই আইনে বান্ধি দিয়া তাইৰ স্বামীদেৱতা, যি চকুত পৰনাৰীৰ ছবি আঁকি প্ৰতিনিশা তাইৰ সম্ভোগত ৰত হৈ পৰে। কথাবোৰ মনত পৰিলেই কজলা ডাৱৰে ছানি ধৰে তাই মুখমণ্ডল।
“বৰ ‘ডিছটাৰ্বড’ ফীল হয় মোৰ। কিয় উল্কিৰ নাম ল’লি ধ্ৰুৱম?”, আহত হৰিণীৰ চকুহাল তুলি তাই দিগন্তৰ সিপাৰলৈ চাই পঠিয়ায়।
“তই বৰ ডিছটাৰ্বেন্সত আছ’ কৃতা?”,
“হা? নাজানো। হয় চাগৈ।”
“তেনে লাগিছে মোৰ।”
“যাওঁগৈ ব’ল।”
“ক’লৈ?”
“ক’ৰবালৈ, য’ত মনৰ এখন আইনা থাকে”, ভাবৰ সাগৰখনৰ পৰা পাৰলৈ নহাকৈয়ে অস্ফুট স্বৰত তাই উচ্চাৰণ কৰে।
“মানে?”
“য’ত মই প্ৰকাশ কৰিব নোৱৰা কথাবোৰ প্ৰতিফলিত হ'ব।”
“মোৰ ওচৰত আইনা এখন আছেই কৃতা। তোক দেখোঁ, সদায়েই দেখোঁ”, ধ্ৰুৱম আৱেগিক হয়।
সেই প্ৰতিফলনত সি সদায়েই আৱেগিক হৈ পৰে।