বাৰাংগনাৰ অৰ্থ বিচাৰিছে। সিহঁতৰ কোমল হাতৰ বুলনিত তাইৰ বুকু কঁপিছে। যি অৰ্থৰে তাই ছবিখনৰ নাম দিছে, সেই অৰ্থটো সিহঁতে কোনোপধ্যেই উলিয়াব নোৱাৰিব। সিহঁতে হয়তো কোনোবাদিনা জানিবলৈ পাৰিব যে, বাৰাংগনা মানে বেশ্যা, বেশ্যা মানে দেহোপজিৱিনী। অথচ এয়াও সত্য যে, তাইৰ উপাৰ্জন দেহা বিক্ৰী কৰা উপাৰ্জন নহয়। তাইৰ উপাৰ্জন শুদ্ধতাৰ তুলাচনীত ন্যায়ৰ সপক্ষে বিচাৰৰ উপাৰ্জন। তথাপি তাই নিজকে কিয় গগনাৰ দৰে অনুভৱ কৰে, কিয় এনে অনুভৱ কৰে যে তাই সামগ্ৰিকতা প্ৰদান কৰা অনুভৱবোৰ আন কাৰোবাৰ নামতহে স্বাক্ষৰিত হৈ আছে। ইমান জটিল এই অনুভৱ যে, সেই কথা তাই নিজেই নুবুজে, আন কাৰোবাৰ পক্ষেতো ইয়াৰ ভাঙনি বুজাতো আৰু অসম্ভৱ।
বিশালে এই পোৰ্ট্ৰেইটখনৰ কথা গম পায়, তাৰো আপত্তি এই শব্দটো লৈ। বেশ্যা নহৈনো কি? এটা স্বীকৃত বেশ্যাগিৰি এয়া। ইয়াত সমাজে প্ৰশ্ন নুঠায়। উল্কিৰ মনটোক তাইৰ শৰীৰৰ সৈতে কিয় আল্ট্ৰাছে একাকাৰ কৰিছে, সেই প্ৰশ্ন সমাজে নোতোলে। এয়া আল্ট্ৰাছৰ অধিকাৰ। সেয়া সমাজে দিয়া অধিকাৰ।
অৱশ্যে সমাজৰ শিথিলতাক অস্বীকাৰ কৰে ৰাষ্ট্ৰৰ আইনে। সমাজে দিয়া এই অধিকাৰ কিন্তু আইনে নিদিয়ে। অলংকৃতাৰ এখন আৱেদনৰ ভিত্তিত আল্ট্ৰাছৰ সেই অধিকাৰ খৰ্ব হ’ব।
আজিও সেইবোৰ কথাকে আলোচনা-সভাত আলোচিত হৈছিল। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ দুদিনীয়া কাৰ্যসূচী উপলক্ষে অলংকৃতাৰ কৰ্মৰত জিলাখনলৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ভ্ৰমণে সিহঁতক ব্যস্ত কৰি তুলিছিল। জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ স’তে বৈঠক বহিল। বিভিন্ন বিভাগৰ অগ্ৰগতি সম্পৰ্কে আলোচনা হ’ল। বিভাগসমূহৰ তৰফৰ পৰা আইনী ধাৰাসমূহ কিদৰে পৰিচালনা হৈছে, সেয়া ৰাইজৰ ওচৰত তুলি ধৰাৰ সিদ্ধান্ত লোৱা হ’ল। মুকলি সভাত জনগণৰ আগত বিভিন্ন ঠাইৰ পৰ| অহা আইনৰক্ষকসকলে বক্তৃতা দাঙি ধৰিব লগা হ’ল।
“গণতন্ত্ৰ চাৰি স্তম্ভঃ ন্যায়পালিকা, কাৰ্যপালিকা, বিধান মণ্ডল আৰু সংবাদ মাধ্যম। এই চাৰিওটা স্তম্ভই সুচাৰুৰূপে কাম কৰিলেহে গণতন্ত্ৰৰ ভেঁটি মজবুত হৈ থাকে। সাম্প্ৰতিক সময়ত গণতন্ত্ৰ খৰ্ব হোৱাৰ খবৰ পোৱা যায়। বিধান মণ্ডলে কাৰ্যপালিকাক দমন কৰে, সংবাদ মাধ্যম হালধীয়া হয়, ব্লেকমেইলিঙত লুতুৰি পুতুৰি হয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, সেইবোৰত আজি ন্যায়পালিকা খৰ্গহস্ত।
“কোনো এটা আঁচনিয়েই সফলৰূপে ৰূপায়ন হোৱা নাই”, মুখ্য ন্যায়াধীশৰ ভাষ্য সেয়া, “শিক্ষাৰ অধিকাৰ আইন দুহেজাৰ ন চনতে প্ৰণয়ন কৰা হ’ল, আজিও দেশৰ লাখ লাখ শিশুৱে বিদ্যালয়ৰ মুখ দেখা নাই। বিনামূলীয়া চিকিৎসা পোৱা নাই সহসজনে। শিশু শ্ৰমিক আইনক বুঢ়া আঙুলি দেখুৱাই হোটেল-কাৰখানাত হাজাৰ হাজাৰ শিশু কৰ্মৰত হৈ আছে। মূল প্ৰয়োজনসমূহ পূৰ হোৱা নাই মানুহৰ! বিনামূলীয়া ঘৰ, শৌচালয়ৰ নামত কোটি টকা আবন্টন হোৱাৰ পাছতো কাৰ্যক্ষেত্ৰত সেয়া হৈ উঠা নাই”, মূখ্য ন্যায়াধীশে ক্ষোভ উজাৰিছে।
গোটেই জিলাসমূহৰ পৰা মেজিষ্ট্ৰেটসকলক মাতি পঠোৱা হৈছে। তেওঁ নিজেই বিভাগসমূহত সোমাই পৰিছে। মুকলি সভা পাতি জনগণৰ আগত আইনৰ সেৱাসমূহৰ বিৱৰণ দিছে। অলংকৃতাক শিক্ষা বিভাগৰ দায়িত্বত ৰাখিছে৷ শিক্ষা বিভাগৰ কৰ্মচাৰীৰ পৰা অলংকৃতাই বঞ্চিত শিশুসকলৰ তথ্য লৈছে। ৰেলষ্টেচনৰ কাষত, বস্তি এলেকাত, ইটা ভাটাত, ৰেড এলাৰ্ট এৰিয়াসমূহত যিসকল শিশু ডাঙৰ দীঘল হয়, সেইসকল শিশুৰ অৱস্থা অতিকৈ দুখজনক। সুস্থ পৰিৱেশ নোপোৱা এইসকল শিশুৱেই ডাঙৰ হৈ অপৰাধজনিত কামবোৰত জড়িত হৈ পৰে। এইসকল শিশুক শিক্ষাৰ পোহৰ দিয়াটো দেশৰ দায়িত্ব তেওঁলোকক ভুল-শুদ্ধৰ বিচাৰ দিব পৰাটো এই শিক্ষাৰ দায়িত্ব। কাৰ্যক্ষেত্ৰত এয়া হৈ উঠা নাই। গভীৰ উদ্বেগৰ বিষৰ এয়া।
সমাজৰ সুস্থতাৰ খাতিৰতে অপৰাধ নিৰ্মূলকৰণৰ প্ৰচেষ্টা হাতত লোৱা হয়। অপৰাধ নিৰ্মূলৰ অৰ্থেই শিক্ষাৰ অতিকৈ প্ৰযোজন। এই শিক্ষা নৈতিকতাৰে পৰিপুষ্ট হোৱা উচিত। এই শিক্ষাই ৰাষ্ট্ৰক নতুবা এটা জাতিক নৈতিকভাৱে স্বাৱলম্বী হ'বলৈ শিকোৱা উচিত। তেহে ভেদাভেদ পাহৰি সকলোবোৰ এক শিক্ষাৰে আপোন হৈ পৰিব। মহাত্মা গান্ধীয়ে শিক্ষাৰ লগত নৈতিকতাক সংযুক্ত কৰি লৈছিল। এৰিষ্টটলে প্ৰতিষ্ঠা কৰা প্ৰাকৃতিক ন্যায়সূত্ৰ বৰ্তমান যুগত চলি থকা আইনৰ মূল ভেঁটি। এই ন্যায়সূত্ৰ প্ৰকৃতিৰ পৰা সৃষ্ট। এই ন্যায়সূত্ৰ প্লেটোৰ মতবাদেৰে সংপৃক্ত। এই গোটেইবোৰ ইটোৱে সিটোৰ লগত সংগতি ৰক্ষা কৰি চলি থাকে। সমাজতত্বৰ সূত্ৰও তেনেকুৱা।