সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃতা, হাজাৰ ঋণাত্মকতাৰ মাজতো তই পাৰিবি মূৰ দাঙি সদম্ভে থিয় দি থাকিবলৈ৷”

 কাণত ৰিণি ৰিণি বাজি থাকে সেই সুৰ,“তই পাৰিবি কৃতা। তই পাৰিবি।”

++

(চাৰি)

 পাপনৰ গান, ধ্ৰুৱমৰ স্মৃতি আৰু নীলচ্‌ ব’ৰৰ সূত্ৰৰে খণাত্মক শক্তিবোৰৰ আধানশূন্য কৰি থাকোঁতেই অলংকৃতাৰ ফোনটো বাজি উঠে। আদালতৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত ফোনটো ৰিচিভ কৰোঁ বুলিও তাই ৰিচিভ কৰিব নোৱাৰে। গাড়ীৰ সন্মুখৰ চিটত গাড়ীচালক ৰমেশ। কিছুমান কথা৷ বৰ গোপন; য’ৰ খবৰ ঘৰৰ চাৰিকোণৰ দেৱালখনৰ বাদে কাকোৱেই জনোৱা নাযায়, তেনেবোৰ কথা এই সময়ত তাই কিদৰে পাতে? কিন্তু তাইৰ বাবে ফোনকলটোও সমানেই দৰকাৰী। কঞ্জনীলক বুজোৱাৰ দৰকাৰ৷ তাক বুজাবলৈ অন্ততঃ এটা পৰিবেশ লাগে। কিন্তু ক’ত যে পায় সেই পৰিবেশঙ্গ ফোনটো ৰিচিভ কৰিলে যদিও তাই মুকলিকৈ কথা পাতিব নোৱাৰি মাথোঁ কৈ থ’লে, “কঞ্জনীল, মই তোমাক আধাঘণ্টা পিছত ফোন কৰি আছোঁ হ’বনে”

 প্ৰকৃতিষ্ঠ অৱস্থাত নাছিল কঞ্জনীল। তাৰ মাততে বুজা যায় সেই কথা। কি লৈ আছে সি, কি নিচাৰে আছন্ন হৈ পৰিছে তাৰ বিষাদবোৰ, তাই বুজে, ক’ৰবাত যেন তাই বিধ্বংসী ধুমুহাৰ উমান পাই যায়। নিম্নস্বৰেৰে শূন্যতা ভৰা কণ্ঠেৰে সি কয়,

 “বাইদেউ, মই সিদ্ধান্ত ল’লো, তাইক ইয়াৰ পৰা পঠিয়াই দিম।”

 পঠিয়াই দিব? ক’লৈ পঠিয়াই দিব? পুনৰাই কিবা সুধিবলৈ ভয় লাগে তাইৰ। জানোচা সি কৈ দিয়ে, “উল্কিক লৈ যাওক বাইদেউ” বুলি। এই ভাবনাটি অহাৰ লগে লগে বৰ অসহায় অসহায় লাগিল তাইৰ। নিজৰ পুৰুষৰ মাজত কি এক নিৰাপত্তা থাকে, হাজাৰ মূল্যৰ বিনিময়তো নাৰীয়ে যি ত্যাগ কৰিব নিবিচাৰে। মুহূৰ্ততে অস্থিৰ হৈ পৰে অলংকৃতা, হীনমন্যতাই ক্ৰিয়া কৰি যায় দেহ-মনত। এই যেন সেই সৰুফুটীয়া ছোৱালীজনীৰ ওচৰলৈ দৌৰ মাৰি যাব, তাইৰ ভৰি দুখনত ধৰি ক’ব, “প্লিজ উল্কি, তুমি মোৰ সংসাৰৰ পৰা আঁতৰি দিয়া। বিনিময়ত যি লাগে লৈ যোৱা”। যেন কঞ্জনীলকে কৰযোৰে কাতৰ অনুৰোধ কৰিব তাই, “কঞ্জনীল, তুমি তোমাৰ পত্নীক সুখী কৰা, তাই যি বিচাৰে তাকেই দিয়া, মাথোঁ ইয়াৰ পৰা লৈ যোৱা”। নহ’লেবা আল্ট্ৰাছৰ বুকুত মূৰ আফালি দাবী জনাব, “আল্ট্ৰাছ, তুমি মোৰ। তোমাৰ সন্তানৰ খাতিৰত তুমি উলটি আহাঁ৷ বিনিময়ত যি বিচাৰা তাকেই দিম আল্ট্ৰাছ৷ মাথোঁ ঘূৰি আহা”।

 গধুৰ হুমুনিয়াহ এটাই গাড়ীৰ ভিতৰখন গধুৰ কৰি তোলে। গ্লাচখন খুলি দিয়ে তাই। ওন্দোলা আকাশ, খহি পৰিব যিকোনো মৃহূৰ্ততে। আগতে এনে পৰিৱেশত আল্ট্ৰাছৰ সৈতে ক’ৰবালৈ গ’লে কিমানবাৰ যে সাৱটি নধৰিছিল তাইক।

 কঞ্জনীলৰ ফোনটো সামৰি থয় তাই। এতিয়া ইয়াত গধুৰ উশাহ। উশাহবোৰত সি বাট হেৰুৱাব। বাট হেৰুৱালে অবাটে যাব। অবাটে গ’লে পৰোক্ষভাৱে তায়েই দায়ী হ'ব। দায়ী হ'লে তাই গোটেই জীৱন বিবেক দংশনত ভুগিব। বিবেকৰ বশ হৈ থকালৈকে সেয়া হ’বলৈ তাই দিব নোৱাৰে। উল্কিৰ বিষয়ে তাই খুব বেছি কথা নাজানে। সাতবছৰৰ প্ৰেমৰ অন্তত বিবাহ হেনো উল্কি আৰু কঞ্জনীলৰ। যোৱা তিনিবছৰৰ পৰা উল্কি আল্ট্ৰাছৰ ব্যক্তিগত সহায়িকা হিচাপে কাম কৰি আছেহি। কামৰ সৰু-বৰ নাই, সেই কথা তাই বুজে! কিন্তু ঘৰৰ পৰা ইমান দূৰত থাকি কাম কৰিছে যেতিয়া সেই কামৰ কিছু গুৰুত্ব নোহোৱা নহয়। তাইৰ জানিবলৈ মন গ'ল, কিহৰ প্ৰয়োজনত উল্কিয়ে ঘৰ আৰু স্বামীৰ পৰা দূৰৈত থাকি এটা ব্যক্তিগত খণ্ডত সীমিত আয় উপাৰ্জন কৰিব লগা হৈছে। আত্মীয় কুটুম্বৰ কাষত থাকিও তেনে পৰিমাণৰ আয়ৰ পথ এটা হয়তো তাই উলিয়াব পাৰিলেহেঁতেন। সুধিব লাগিব কঞ্জনীলক, সুধিব লাগিব কেতবোৰ কথা। কিহৰ তাড়নাত উল্কিয়ে ন-কইনা সাজেৰে স্বামীৰ ঘৰৰ পৰা ওলাই আহি এক অচিনাকি ঠাইত অকলশৰীয়াকৈ জীৱন যাপন কৰাৰ সিদ্ধান্ত ল'ব লগা হ'ল? কঞ্জনীলৰ মৰমে কিয় তাইক ধৰি ৰাখিব নোৱৰিলে? এয়া অৰ্থনৈতিক স্বাধীনতাৰ নামান্তৰ নে ব্যক্তিগত প্ৰয়োজনীয়তাৰ স্বাক্ষৰ? যদিওবা এয়া তেওঁলোকৰ ব্যক্তিগত কথা, কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়াই তাইৰ সংসাৰখন থান বান কৰি