পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তাই৷ ধ্ৰুৱম নোহোৱা কথাটো মনলৈকে অহা নাছিল। কিন্তু আজি অতবছৰৰ পাছত যেতিয়া জীৱনটো ৰংহীন আঁক-বাকেৰে ভৰি পৰিল, তেতিয়া পুনৰ উত্তৰৰ অপেক্ষাত ৰ’ল সময়। উত্তৰবোৰত লিখা থাকিল কেৱল ধ্ৰুৱমৰ নাম। হেৰাই যোৱা কিছু অনুভৱ, কিছু নষ্টালজিয়াৰ নামেই হৈছে ধ্ৰুৱম।

 আল্ট্ৰাছক লগ পোৱাৰ সময়লৈকে জীৱন ক্ষীপ্ৰ গতিত গৈ আছিল। বিয়াৰ পাছৰে পৰা জীৱনটোৱে যেন ওভতি চোৱাৰ গীত জুৰিলে। কি অভিমানত বাৰে বাৰে প্ৰেমিক চৰাইৰ দৰে মনটো আল্ট্ৰাছৰ বাহুবন্ধনৰ পৰা ওলাই আহি মাকৰ হালধি লগা চাদৰখনৰ উমত জিৰাই থাকেহি, তাই নুবুজে সেই কথা। প্রত্যেক বিবাহিতা নাৰীৰে তাইৰ দৰেই হয়নে? স্বামীৰ শ্বেভিংক্ৰীমৰ গোন্ধতকৈও মাকৰ কাপোৰৰ গোন্ধই তাইৰ দৰেই সকলো নাৰীকে বলিয়া কৰেনে? সমান্তৰালভাৱে আল্ট্ৰাছৰ অত্যাধিক নাৰীপ্ৰীতিয়ে তাইক ক্ষুন্ন কৰিছিল। য’তে ত'তে তাইক কটাক্ষ কৰি সেই আলোচনা চলিছিল। তাইৰ প্ৰেমৰ সোণালী দলিছাত সেই কথাবোৰে কাঁইটৰ বীজ সিঁচিছিল। কাঁইটৰ খোঁচ খোৱাৰ ভয়ত ৰৈ দিছিল তাই। অনুভূতিবিহীনভাৱে ৰৈ দিছিল তাই।

 কথাবোৰে বিভ্ৰমৰ সৃষ্টি নকৰিলেহেঁতেন যদিহে কঞ্জনীলে তাইৰ ওচৰত কৈফিয়ৎ নুতুলিলেহেঁতেন,

 “আপুনি এই কথাবোৰ জনাৰ পাছতো নিজৰ মানুহজনক কিয় বাধা নিদিলে?”

 “কি বুলি বাধা দিম কঞ্জনীল? মৃত্যুয়েও লৈ যায় আপোনজনক ৷ বাধা দি ৰাখিব পাৰি জানো?”

 মৃত্যু শব্দটো মাথো এবাৰৰ বাবেহে উচ্চাৰণ কৰিছিল তাই। সেই শব্দটো যে ইমান আপোন হৈ পৰিব কঞ্জনীলৰ বাবে তেতিয়া গম পোৱা নাছিল তাই। তাৰ পাছৰে পৰা সি বাৰে বাৰে মেচেজত উল্কিৰ মৃত্যুৰ প্ৰসংগকে কৈছিল।

 “শেষ কৰি দিম তাইক”, “পৃথিৱীৰ পৰা বিদায় দিম তাইক”, এনেবোৰ মেচেজেৰে তাইৰ মেচেজবক্স ভৰি আছিল।

 সেই কথা শুনি আল্ট্ৰাছে তাক কটাক্ষ কৰি কৈছিল, “ঢোঁৰাসাপৰ ফোঁচফোচনিয়ে সাৰ।”

 তাই উভতি ধৰিছিল, “তুমি এই সমযত এনে কথা কোৱা উচিত নহয় আল্ট্ৰাছ৷ কঞ্জনীল খুব আৱেগিক হৈ আছে। অলপমান কথাতে উত্তেজিত হৈ যাব পাৰে তেওঁ ।”

 কঞ্জনীলৰ হৈ তাই কথা কোৱাটো আল্ট্ৰাছে ভাল নাপায়। তথাপি তাই সিদ্ধান্ত লৈ পেলাইছিল, তাই কঞ্জনীলক এবাৰ লগ ধৰিব। পুৰণি কথাবোৰৰ ওপৰত নতুনত্বৰ প্ৰলেপ সানিবলৈ অনুৰোধ কৰিব তাক। জীৱনটোক সহজে ল’বলৈ শিকাব তাই। মনত ক'ৰবাত অকণমান স্বার্থও আছিল নেকি তাইৰ? যেন তাৰ সংসাৰখন চিজিল লাগিলেই নিৰাপদ হৈ পৰিব তাই! অকণমান অনিশ্চয়তাবোধ, অকণমান নিৰাপত্তাহীনতাত ডুবি আছিল তাইৰ সংশয়ৰ বেলি। ডুবিব ধৰা বেলিটোৰ খাতিৰতে তাই মনটো বান্ধি লৈ বিশালৰ স’তে মিলাই উল্কি আৰু কঞ্জনীলৰ চহৰলৈ যাত্ৰা আৰম্ভ কৰিছিল।

 দুখে বুকু কোঙা কৰিলেই বুকুত শিলনি বান্ধে তাই। দুখবোৰৰ প্রবেশ নিষেধ কৰি শিলনিৰে দেৱাল গাাঁথে। ভাল জোতা এযোৰ নোহোৱাৰ দুখটোক বিকলাংগ কোনোবা এজনৰ ভৰি নোহোৱাৰ দুখটোৰে ৰিজাই চায়। চুলিখিনি আপডাল কৰিবলৈ লৈ মনত পেলায়, কৰ্কট ৰোগত আক্ৰান্ত সেই ছোৱালীজনীৰ সৰি যোৱা চুলিখিনিৰে টকলা মূৰটোলৈ ৷ আপেক্ষিক কৰি ল’লেই দুখৰ পৰিমাণ কমে। সেই সূত্ৰৰে তাই সবল হৈ উঠে। জীৱন নিষ্ঠুৰ নহয়। ই এক ৰণাংগন। সবল এজনকহে এই যুদ্ধলৈ ঠেলি দিয়া হয়। প্রকৃতিৰ নিয়ম এয়া। যিমানেই প্রত্যাহ্বানৰ সন্মুখীন হোৱা যায়, সিমানেই প্রত্যাহ্বানক জিনাৰ বাট সুচল হয়। তাইৰ সন্মুখত এক নতুন প্রত্যাহ্বান। মুহূৰ্ততে সংসাৰ চাৰখাৰ হোৱাৰ দৰে এক প্রত্যাহ্বান। সন্তানদ্বয়ৰ নিশ্চয়তা হেৰুওৱাৰ দৰে শংকাৰ এক প্রত্যাহ্বান। ধৈৰ্য হেৰাই নগ’ল তথাপি। এহাতে কলিজা খামুচি আনখন হাতেৰে দায়িত্ব সামৰি তাই মানৱবাদৰ গান গাবলৈকে উল্কিৰ ওচৰলৈ আহিল। নিজৰ কষ্টৰ পৰা কিমান ওপৰত অৱস্থান কৰিলে নিজৰ দুখবোৰ গৌণ হৈ পৰে? তাই নিজক চম্ভালি লয়, ভয় হয় বাকীবোৰক লৈহে। ককায়েকে শুনিলে হয়তো ক’ব, “এয়া তোৰ মহানতা ৷” ধ্ৰুৱমে শুনিলে ধৰফৰাই ৰ’ব।

 আন কোনোৱে শুনিলে ক'ব, “এয়া বাতুলামি”৷

 আল্ট্ৰাছে কয়, “এয়া ভণ্ডামি”।