পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দেখি তাই টিভিটোৰ ওচৰতে বহি লৈছিল। এই ঘটনাটোৰ বাবেই ধ্ৰুৱমে তাইক শোৱাপাটীত এৰি থৈ বিদেশলৈ ৰাওনা হৈছিল। বাতৰি পৰিবেশকে বাৰে বাৰে কাঁড়যুক্ত চিনেৰে নিহতসকলৰ মৃতদেহবোৰ দেখুৱাই আছিল। পাপৰিলৈ মনত পৰিছিল তাইৰ। ঠিকে আছেনে বাৰু তাই? পুনৰবাৰ কঁপি উঠিছিল তাই। পাপৰিৰ ঘৰলৈ ফোন লগাইছিল। ঠিকে আছে তাই। কিন্তু তাইৰ লগৰগৰাকীৰ মৃত্যুত তাই ভাগি পৰিছে, মাকে উচুপি উচুপি কৈ উঠিছিল, সিহঁত মানুহ নহয়। সিহঁত ৰক্তপিপাসুৰ জাত। হোটেলৰ কোঠাত পাইপেৰে বিষযুক্ত গেছ ভৰাই সিহঁতে হত্যাৰ যজ্ঞলীলা পাতিছিল। তাই বুজি উঠিল, কিহৰ তাড়নাত ধ্ৰুৱমে মাজৰাতিয়েই বিদেশলৈ ঢাপলি মেলিছিল। বুজি উঠিছিল তাই, ৰক্তপিপাসুৰ হাতোৰাৰ পৰা মানৱজাতিক ৰক্ষা কৰাৰ পণ লৈছে সি। বুজি উঠিছিল তাই, ধ্ৰুৱমৰ বাবে প্ৰেম মাথো অৱসৰৰ অনুভৱ। বাকীখিনিত কেৱল মানৱতাৰ বাণী।

 পিছত এদিন দীপকেও তেনেদৰেই কৈছিল তাইক,

 “সেয়ে সি আজিলৈকে বিয়া পতা নাই”৷

 “কিয়? কিয় বিয়া পতা নাই সি”, সৰলভাৱেই তাই সুধিছিল।

 “তই বাৰু একো বুজিকে পোৱা নাছিলিনে?”, দীপকেও অলপ উষ্মা জাৰিছিল।

 “কি বুজা নাছিলো দীপক?”

 “সি গোটেই জীৱনটো কেৱল তোকেই বিচাৰিছিল।”

 দীপকে কোৱা কথাষাৰ শুনি চিঞৰি চিঞৰি কান্দিবৰ মন গৈছিল তাইৰ। চকুৰ পানীখিনি ৰৈ থকা নাছিল, হাঁহিটোও ৰখাব পৰা নাছিল, অশ্ৰুটোপালত হাঁহিটি বিৰিঙাই মাথোঁ কৈছিল,

 “পাগলটোৱে মোক তেতিয়াই জনাব নোৱাৰিলে?”

 “আৰু তাৰ পিছতেই সি এই সংস্থাত যোগ দিলে। কেৱল অবিবাহিত পুৰুষৰ বাবেহে এই সংস্থা। কাৰণ ইয়াত চুলিৰ আগত জীৱটো থাকে, মৃত্যুৰ ঘন্টা অহৰহ বাজি থাকে য’ত।”

 “মই কেতিয়াও তালৈ নপঠিয়ালোহেতেঁন”।

 “আচলতে কিছুমান কথা পূৰ্ব নিৰ্ধাৰিত হৈ থাকে। আমি যিমানেই হা-হুতাশ নকৰোঁ কিয়?”

 গবিৰ্নী নাৰীৰ দৰে ওফন্দি উঠিল তাইৰ বুকু। ধ্ৰুৱম কেৱল তাইৰেই হৈ ৰ’ল, কেৱল তাইৰ।

 হৰিণীনয়নাৰ স’তে সৰুকৈ সংসাৰ পাতিছিল দীপকে। নাঙলেৰে সি নতুন সপোনবোৰ অংকুৰিত হ’বলৈ দিছিল। বন্ধৰ দিনবোৰত অলংকৃতাৰ সন্তানৰ লগত ওমলেহি দীপকে।৷ ধ্ৰুৱমৰ অভাৱ অনুভৱ কৰিছিল দুয়োটাই।

 সময়ে ওলোটা খৰ মাৰিছিল। বিশালৰ বিয়াৰ কাৰ্ডত উল্কিৰ নাম দেখি তাই আকৌ হাহাকাৰ কৰি উঠিল, “উল্কি মানে? আমি বিচাৰি যোৱাগৰাকীয়েইনে বিশাল?”

 দোৰোল খোৱা জিভাৰে বিশালে উত্তৰ দিয়ে, “য়েচ মেডাম, তেৱেঁই হয়, ইয়াৰ বাদেনো আপোনাৰ বাবে মই কি কৰিব পাৰিলোহেঁতেন।”

 চিঞৰি উঠিল তাই, “আপুনি ক’ত লগ পালে উল্কিক?”

 হাঁহিলে সি, “পৃথিৱীখন ইমান সৰু আৰু আমি মানুহ একেখিনিয়েই৷ কোনে কাৰ পৰা লুকাব পাৰে মেডাম?’’

 বৰ ডাঙৰ ‘চাৰপ্ৰাইজ’ দিছিল বিশালে। তাতোকৈ ডাঙৰ ‘চাৰপ্ৰাইজ’ দিছিল জীৱনে। যকৃত ৰোগত আক্ৰনন্ত হৈ মৃত্যুপথৰ যাত্ৰী হৈ আছিল বিশাল। মৃত্যুৰ আগতে বিশালে উল্কিৰ কণমানিটোক নিজৰ পিতৃয়েও দিব নোখোজা অধিকাৰখিনি দিয়াটোৱেই আছিল এই বিয়াৰ লক্ষ্য।

 কোনোবাই তাইক কাণে কাণে কৈছিল, “সময়ৰ ইতিহাসত সকলোবোৰ লিপিবদ্ধ হৈ আছে অলংকৃতা।”

উপসংহাৰঃ

বাৰাংগনাজনী শুদ্ধ হৈ পৰিছিল সিদিনাই। তমসাবোৰ আঁতৰাই অহৰহ এটি তৰাই তাইৰ জুপুৰিটো পহৰা দিছিল। উভতি নহা প্ৰতিশ্ৰুতিৰে ধ্ৰুৱম পুনৰবাৰৰ বাবে হেৰাই যোৱা পথতে দুই আত্মাৰ মিলন হৈছিল। নাকান্দিলে তাই। তাই কান্দিলে তৰাটোৰ পোহৰবোৰ মোলান পৰে। উজ্জ্বল তৰাটোৰ পোহৰবোৰ কমি গ’লেই