পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 “তোমাক থৈ আহিব লাগিব নেকি?”, সি তাইক সোধে।

 “ওহোঁ। কিয় থৈ আহিব মোক? মইতো নিজে নিজৰ ৰাস্তা চিনো’, এনেকৈ নকয় যদিও, তাই সেই বন্ধুক বাধা দি কৈ উঠে,

 “মোক নালাগে, আপুনি আপোনাৰ বন্ধুক ঘৰত থৈ আহিব। মই আল্ট্ৰাছৰ গাড়ীখন লৈ ঘৰলৈ যাম।”

 আল্ট্ৰাছৰ পৰা গাড়ীৰ চাবি লৈ ঘৰলৈ বুলি গাড়ী ঘূৰাওঁতেহে তাইৰ মনত পৰিল ৰাহুলৰ কথা। দহ বাজিছে। ৰাহুলক এই সময়ত ফোন কৰা যায়নে? দিনত তাই সময় নাপালে। সন্ধ্যা সময়তো পাহৰি গ’ল। কাইলৈ ৰাহুল মঙলদৈলৈ গুচি যোৱাৰ কথা। বিশালে খুব জৰুৰীভাৱে ৰাহুলক তাইক লগ ধৰাৰ কথা কৈছিল। ইফালে ল’ৰাহঁতৰো টোপনি ধৰিছে। মনটোৱে টানিছে ৰাজীৱক লগ কৰাৰ পক্ষে।

 সিদ্ধান্ত ল'বলৈ সময় বেছি লগালেই বিপদ। সুযোগবোৰে সুৰুঙা বিচাৰি পলাই পত্ৰং দিয়ে। ৰাহুলক শেষ মুহূৰ্তত লগ পোৱাৰ সুযোগটো তাই নেৰে। কি কথা আছিল ৰাহুলৰ, সেয়া জনাৰ প্ৰয়োজন আছে তাইৰ। ল’ৰাহঁতক ঘৰত থৈ শুবলৈ দি তাই ৰাহুললৈ ফোন লগালে। তাৰ পিছত গাড়ীখন লৈ তাই ওলাই গ’ল।

 ৰাহুলক লগ কৰি অলংকৃতা যেতিয়া ঘৰ সোমাইছিল তেতিয়া ৰাতি এক বাজিছিল। পদপথত দুই এক কুকুৰৰ ৰাউচি আৰু আন্ধাৰত ঝিলিৰ ঝি ঝি শব্দ, দূৰৈত দুই এখন দুচকীয়া-চাৰিচকীয়াৰ ইঞ্জিনৰ শব্দ, তাৰ বাহিৰে নিমাওমাও পৃথিৱী। সেই নীৰৱতা ভেদি তাইৰ চেণ্ডেলৰ খট খট শব্দই মোজাইক কৰা মজিয়াত লহৰ তুলিছিল মাত্ৰ, ভাঁহি আহিছিল সেই বজ্ৰকঠোৰ হুংকাৰ,

 “কোনো ভদ্ৰমহিলাই ৰাতি বিয়লিলৈকে ঘৰৰ বাহিৰত এনেদৰে ঘূৰি ফুৰেনে?’’

 তাই থমকি ৰৈছিল। মন কৰা হোৱা নাছিল যে বাগানভেলিয়াৰ জোপোহাই ঢাকি থোৱা ঝুলনাখনত তাইৰ বাবে অপেক্ষাত আছিল আল্ট্ৰাছ৷ ক্ষোভ এটাৰ ওচৰত প্ৰশ্নটোৰ উত্তৰবোৰ এৰি দি তাই মনে মনে ৰ’ল।

 “পাখি গজিল, মিচেছ অলংকৃতাৰ পাখি গজিল। হাঃ হাঃ হাঃ! ”, অট্ৰহাস্য এটাত কঁপি উঠিল চৌহদ। তাই মনে মনে ৰ’ল। ক’বলৈ বহুত কথা তাইৰো আছে। কিন্তু সেই কথা বুজাৰ ক্ষমতা আল্ট্ৰাছৰ নাই। মৌনতাৰ দেৱাল গাঁথিছে তাই। এতিয়া তাৰ সহস্ৰ প্ৰশ্নৰ উত্তৰৰ এটাই ভাষা-মৌনতা।

 “স্বামী হিচাপে মোৰ সেই কথা জনাৰ অধিকাৰ আছেনে মেডাম, আপুনি মাজৰাতিখন ক’ৰ পৰা আহিল”, তাচ্ছিল্যৰ সুৰ ভাহি আহিল আল্ট্ৰাছৰ কথাত।

 এইবাৰ তাই মনে মনে নাথাকিল। কৈ উঠিল,

 “নিশ্চয়৷ আপোনাক সময়ত সবিশেষ জনোৱা হ’ব। এতিয়া অলপ গোপনীয়। গোপনীয়তা ভংগ কৰাত বাধা আছে৷”, তাই পুনৰাই কৈ যায়,

 “আৰু মহাশয়, আপুনি যদি ভাবিছে, এই মাজৰাতিখন মই কাৰোবাৰ বিছনাৰ পৰা উঠি আহিছোঁ, সেয়া চূড়ান্তই মিছা অপবাদ হ’ব। মিচেছ অলংকৃতাই অন্ততঃ ইমান কেঁচা কাম নকৰে”।

 মুখখন খোল খায় তাইৰ,

 “মোৰ দুৰ্বলতা কোনখিনিত সেয়া তুমিও জানা আল্ট্ৰাছ। সিহঁতৰ কাৰণেই মই ব্যভিচাৰত নানামো। মোৰ শৰীৰৰ গোন্ধ লৈ চোৱা, অভিসাৰৰ গোন্ধ নোপোৱা তুমি। আৰু শেষ কথা কওঁ, মোৰ সন্তানৰ সন্মুখত মই তোমাৰ আদৰ্শ পত্নী হোৱাৰ অভিনয় কৰিম, তুমিও সেই অভিনয়ৰ বাবে সাজু হোৱা। তেওঁলোকৰ ওচৰত ভগ্ন সম্পৰ্কৰ ছবিখন দাঙি ধৰিব নোৱাৰোঁ মই। তুমিও নকৰিবা”।

 ভিতৰলৈ সোমাই যায় তাই। তাইৰ মুখমণ্ডলত উজ্জ্বল আভা। অতদিনৰ কথাবোৰে এটা গতি লৈছে। ৰাহুলৰ স’তে সেই সিদ্ধান্তলৈ আহিছে তাই। অতি সোনকালেই দীপকৰ স’তে যোগাযোগ স্থাপন হ’ব তাইৰ। দীপকক পালে ধ্ৰুৱমৰ আঁত উলিয়াব তাই।

 আল্ট্ৰাছো ধৰাশায়ী হৈছে। “মিচেছ অলংকৃতাই ইমান কেঁচা কাম নকৰে”, সেই হুংকাৰত সি তচনচ হৈছে। তাইৰ বলিষ্ঠ ভংগীমাত তেওঁৰ হুংকাৰবোৰো তল পৰি ৰয়। তাইৰ দোষ নাই, অলপোৱেই দোষ নাই তাইৰ। আল্ট্ৰাছৰ মেল খোৱা হাতত তাই ভুৰুংকৈ আহি বহিছিল, সিও মুঠি মাৰি তাইক বন্দী কৰিলে। সিমানখিনিলৈকে ঠিকেই আছিল। সি মুঠি খুলিলে, চৰাইজনী ভুৰুংকৈ উৰা মাৰিলে। ইয়াত তাইৰ দোষ ক’ত? মাথোঁ এটা কথাই