সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেলোৱাৰ উপক্ৰম হৈছে। শুনিব নিবিচাৰিলেও কিছুমান কথা শুনিব পৰাকৈ তাই সবল হ’ব লাগিব। আল্ট্ৰাছ আৰু উল্কিৰ আকৰ্ষণ কিমান পৰ্যায়লৈকে সেই কথা তাই জানিব লাগিব। বিশ্লেযণ কৰিব লাগিব কেতবোৰ তথ্য। বিবাহিতা দম্পতিৰ মাজত ভাঙোন আনিব পৰা কেতবোৰ কাৰকৰ চিনাক্তকৰণৰ অতিকৈ প্ৰয়োজন হৈ পৰিছে। এই কাৰকে তাইৰ দৰে শৰীৰ মনৰ দৃঢ়তা থকাসকলৰ কথা বাদেই, ক্ষতি কৰি তুলিব পাৰে সমূহ প্ৰজন্মক।

 এইখিনিতেই প্ৰশ্নবোৰ জটিল হৈ পৰে। প্ৰেমেইতো হয় এয়া। যদিও এই প্ৰেম অসংযত, অস্বীকৃত। তথাপি..তথাপি....ক’ৰবাত আঁত হেৰুৱায় উত্তৰবোৰে। তাইৰ ওচৰত নাই একো প্ৰশ্নৰে উত্তৰ। পকনীয়াত পৰে সমস্ত অনুভৱ। সূত্ৰত নিমিলে জীৱন, সূত্ৰত নিমিলে প্ৰেম, সূত্ৰত নিমিলে মানৱ-মন, সূত্ৰত নিমিলে আৱেগ-অনুভূতি ইত্যাদি ইত্যাদি।

 উসঃঙ্গ

 অলংকৃতাই ঘোট-ঘোটকৈ বটলৰ পৰা পানী দুঢোক গিলি লয়। অস্থিৰ হৈ পৰিছে তাইৰ মন৷ মনৰ পাৰাস্তম্ভ এই উঠিছে, এই নামিছে। সৰু সৰু কথাবোৰে আগতেও তাইক বৰকৈ আমনি কৰিছিল। যিদৰে আল্ট্ৰাছে নতুনকৈ কিনা গাড়ীখনত যেন তাইৰেই কেৱল আধিপত্য আছিল। সন্মুখৰ ছিটত এদিন কোনোবা ছোৱালী এজনী বহি যোৱাৰ খবৰ পাই তাই উন্মাদ আচৰণ কৰিছিল। সিদিনা আল্ট্ৰাছে তাইক বুজনি দিছিল, ব্যৱসায়ৰ খাতিৰত এয়া জৰুৰী বুলি। বুজাইছিল তাইক৷ তাৰ মাজতো কাঁইটৰ খোঁচ এটা লৈ দায়িত্ব পালন কৰি গৈছিল। সন্তানৰ দায়িত্ব, ঘৰখনৰ দায়িত্ব, দেশৰ-দহৰ দায়িত্বৰ মাজত তাইৰ নিজৰ প্ৰয়োজনসমূহ জলাঞ্জলি দি গৈছিল। দুখ বুলিতো একো নাছিল। সুখ বুলিবলৈ আছিল লাইব্ৰেৰীৰ ৰূমটো, য’ত জ্ঞানৰ সম্ভাৰেৰে অসংখ্য কিতাপ। প্ৰেমত পৰিছিল কিতাপৰ। কেৱল আইনেই নহয়, সমাজৰ বিষয়ে, ধৰ্মৰ বিষয়ে, শাস্ত্ৰৰ বিষয়ে অধ্যয়ন কৰি সন্ধান কৰিছিল জীৱনৰ অলেখ নজনা প্ৰশ্নৰ উত্তৰৰ।

 দুখৰ নে আৱেগৰ ভৰবোৰ বুকুলৈ নামি কেতিয়াবা কথাবোৰ সহিব নোৱাৰা কৰি তোলে। পুৰুষৰ প্ৰতি বিতৃষ্ণা ভাব জন্মাৰ সময়তে তাইৰ ধ্ৰুৱমলৈ মনত পৰে। লাইব্ৰেৰী-ৰূমটোত সোমোৱাৰ লগে লগে এনে লাগে যেন ধ্ৰুৱম আহি কাষতে বহিছেহি। যেন বুজাই গৈছে তাইক তাই বুজি নোপোৱা জটিল সূত্ৰসমূহ। আঙুলিটোও চুই নোপোৱা ধ্ৰুৱমৰ প্ৰতি তাইৰ কি প্ৰেম সেই কথা নাজানে। মাথোঁ জানে, সেই আঙুলিটোৱে সকলোৰে অলক্ষিতে তাইক তুলি ধৰে। প্ৰতিবাৰ বিপৰ্যৰ সময়তে সেই সত্তাটোৱে তাইক জীৱনবোধৰ বাণী শুনাই যায়।

 “প্ৰেম মানে কি জাননে কৃতা?”, এদিন অকস্মাতে কলেজৰ পৰা উভতাৰ পথত চাইকেল লৈ ৰৈ আছিল সি, কেৱল তাইক এই প্ৰশ্নটো সুধিবলৈকে।

 “চা দেই ধ্ৰুৱম, এতিয়া কলেজৰ পৰা ঘামি জামি আহিছোঁ। প্ৰেমৰ সংজ্ঞা বিচাৰি ব’ৰ নকৰিবি মোক৷”

 “ঠিক আছে। সময়ত দেখা যাব। ককায়েৰৰ লগত কাজিয়া লাগি তয়ো আহিবিচোন কেতিয়াবা মোৰ ওচৰলৈ।”

 সেই হুংকাৰ ভয় লাগি যায় অলংকৃতাৰ। কিছুমান সময়ত ধ্ৰুৱমক বৰ দৰকাৰ হৈ পৰে তাইৰ। লগে লগে তাইৰ কণ্ঠৰ সুৰ সলনি হৈ যায়।

 “আচ্ছা, কি ক’ব বিচাৰিছিলি ক’চোন”, লেনিয়াই লেনিয়াই তাই প্ৰশ্ন কৰে। “প্ৰেমৰ সংজ্ঞা সুধিছিলোঁ”, সি পুনৰবাৰ সোধে।

 “তয়ে কৈ দেচোন বাৰু তোৰ মতে প্ৰেমৰ সংজ্ঞা কি”, পুখুৰীৰ পাৰৰ দীঘল বেঞ্চখনত বহি লয় দুয়োটা। শীতল মলয়াই ক্ষন্তেকতে জুৰ পেলায় তাইৰ দেহা। কিছুমান মানুহৰ সংগ যিকোনো পৰিৱেশতে ভাল লাগে। তাইৰ বাবে ধ্ৰুৱমো তেনে এক সংগী।

 “এই যে তই সেউজীয়াখিনি বুকুত লৈ ঘূৰি ফুৰ, ৰামধেনুখনো সেউজীয়াই দেখা পাৱ’, অৰণ্যখনৰ মাজত হেৰাই যোৱাৰ হাবিয়াস কৰ’, ময়ো যদি সেই সেউজীয়াখিনিত সমানেই মতলীয়া হওঁ, অৰণ্যখনৰ মাজত হেৰাই যোৱাৰ হাবিয়াসখিনিৰ স’তে তোক একাকাৰ কৰোঁ, তেতিয়া হ'লে আমাৰ প্ৰেম হৈ যোৱাটো স্বাভাৱিক”।

 এনে কথাবোৰে তাইৰ বুকুত আৱেগৰ ভৰ তুলিব নোৱাৰে, ঘোপা দৃষ্টিৰে চাই পঠিয়ায় ধ্ৰুৱমলৈ, “অই তই এইবোৰ কথা কিয় কৈ আছ’ মোক, কেনেবাকৈ তই মোক ইনডাইৰেক্টলি প্ৰপ’জ কৰি থকা নাইতো”।