সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কটাইছিল। কেৰমখন চুই চাইছিল। একেই আছে সেইখনো। বৰিক পাউডাৰবোৰ এতিয়াও যেন লাগি আছে তাতে। কিতাপবোৰৰ ফালে চকু গৈছিল। শাৰী শাৰীকৈ সজাই থোৱাতে আছিল ৰুছ বিপ্লৱৰ কিতাপ। চে গুৱাভেৰাৰ আত্মজীৱনীখনৰ মাজৰ ভাঁজ দিয়া পাতখিলা তেনেকৈয়ে থাকিল। সেইখন কিতাপো তাৰ পঢ়া নহ’ল। কিউবা বিপ্লৱৰ অন্যতম নায়ক গুৱাভেৰা, মাৰ্ক্সবাদত বিশ্বাসী গুৱাভেৰা, চিকিৎসক গুৱাভেৰা, কুটনীতিবিদ গুৱাভেৰা, ফিডেল কাষ্ট্ৰোৰ সংগী গুৱাভেৰা। কিতাপখন মেলি ল’লে সি,

 ৰাষ্ট্ৰসংঘত তেতিয়া চে’ই বৰ্ণবৈষম্যৰ বিৰুদ্ধে উদাত্ত কণ্ঠেৰে ভাষণ দিছে। ক্ষুধাৰ্ত জনগণ, ভূমিহীন কৃষক, বঞ্চিত শ্ৰমিকৰ পক্ষে আবেগিক বক্তব্য দাঙি ধৰা চে’ৰ মূলদাবী আছিল ‘হয় স্বদেশ নহয় মৃত্যু’।

 সি চকুহাল মুদি ভাবিলে, সেই আদৰ্শ সিহঁতৰ সংগঠনে ৰাখিব পৰা নাই। আদৰ্শ আজিকালি বেচা-কিনা সামগ্ৰীৰ দৰে হৈ পৰিছে।

 বিছনাখনত বাগৰি চিলিঙলৈ চাই ৰৈছিল সি। জীৱনে কি শিক্ষা দিলে তাক, সি আজিও নুবুজিলে। তাৰ মাজতে এখন ডায়েৰী তাৰ চকুত পৰিছিল। এখন পুৰণি ডায়েৰী। এখন চিনাকি গোন্ধৰ ডায়েৰী। তাৰ টেবুলত এৰি থৈ যোৱা ধ্ৰুৱমৰ ডায়েৰী। সি আলফুলে বুকুত ভৰাই লৈছিল।

 বাহিৰৰ পৰা মাকে দুৱাৰ ঢকিয়াইছিল। ভাত খাবলৈ মাতিছিল। সি চে’ৰ আত্মজীৱনীখন জপাই থৈ ভাবিছিল, “কৰিম বুলি ভবা বহুত কামেই ক’ৰা নহ'ল জীৱনটোত”। যৌৱনৰ আৰম্ভণিতে তাৰ জীৱনলৈ অহা ধুমুহাজাকক সি বৰপীৰা পাৰি আদৰিলে। সেই ধুমুহাজাক এতিয়াও শাম কটা নাই। তাৰ জীৱনটো ওলট পালট কৰি আৰামৰ জীৱন কটোৱা ৰূপশিখাৰ সুখৰ দৌলত সি আঘাত হানিবলৈ পুনৰবাৰ বদ্ধপৰিকৰ হয়। মাকৰ ভাতসাঁজে তাক মোহত বন্দী কৰি ৰাখিব নোৱাৰিলে। সি শেষৰাতিলৈ ঘৰ এৰি পুনৰবাৰৰ বাবে আন্ধাৰত বিলীন হৈ গ’ল। চুৱাপাতনিৰ পৰা কুকুৰ দুটামানে খেদি আহিছিল। সি প্ৰথমে দীঘল খোজেৰে, পিছলৈ দৌৰি দৌৰি ৰেলৰ আলিৰ সিপাৰে উঠি বহিছিল। নিজৰ গাঁৱৰ নক্সাটো বুকুৰ মেপত জাপি-কুঁচি থৈ দিছিল।

 তাৰ পাছত বহু বছৰ, বহুটা সূৰ্যৰ জন্ম-মৃত্যুৰ কাহিনী। ঘৰত এৰি থৈ অহা কাঞ্চন বৰুৱাৰ কিতাপবোৰত হয়তো উঁই পোকে ধৰিলে। ঠিক যেন হৃদয়ত প্ৰেমে ঘূণ ধৰাৰ দৰেই। সেই ঘূণে কিটকিটকৈ কুটিলে বুকু।

 ঘূণে নধৰিলে ধ্ৰুৱমে এৰি থৈ যোৱা ডায়েৰীখনত। সেই যে ডায়েৰীখনৰ শব্দবোৰ, সেই শব্দবোৰৰ সৈতেই সিও উমলি আছে অতবছৰে। তাৰ কক্ষপথ আৰু ধ্ৰুৱমৰ কক্ষপথ সম্পূৰ্ণ বেলেগ, অথচ দুয়োৰে উমলাপথাৰখন একেই এই শব্দবোৰেই।

 অলংকৃতা!

 অলংকৃতা!

 অলংকৃত!

 এই শব্দবোৰত অলংকৃতা সোমাই আছে, এই ডায়েৰীখনৰ পাতে পাতে অলংকৃতা সোমাই আছে। অথচ অলংকৃতা তেতিয়াই আনৰ হৈ গৈছিল। ধ্ৰুৱমে এবাৰলৈও সেই কথা তাৰ পৰা শুনিব নুখুজিলে। ধ্ৰুৱমে তাৰ আগত অলংকৃতা শব্দটোৱেই নুলিয়ালে। এঘন্টাৰ মিলনৰ সময়ছোৱাত ধ্ৰুৱমে অলংকৃতাক বাদ দি তাৰ খবৰ ল’লে। অথচ ইয়াৰ আগলৈকে একেজন লৰাই তাৰ প্ৰতিখিলা ডায়েৰীৰ পাত অলংকৃত কৰিছিল অলংকৃতা নামেৰে। অভিমাননে? অভিমানেই হয়তো। সি জানে। সি জানে। এটা শক্তিশালী ত্ৰিভূজৰ ত্ৰিকোণত অৱস্থান কৰিছে তিনিওটিয়ে। ইটো কোণৰ লগত সিটোৱে মিলিব নোৱাৰে, অথচ তিনিওকে বান্ধি ৰাখিছে তিনিডাল অদৃশ্য ৰেখাই। ৰূপশিখা নতুবা আল্ট্ৰাছৰ দৰে চৰিত্ৰসমূহে এই ত্ৰিভূজটোৰ অকণো হানি বিঘিনি ঘটাব নোৱাৰে।

 হয় নোৱাৰে। নোৱাৰে বাবেই আজি দহবছৰৰ পাছতো অলংকৃতাই দীপকক বিচাৰি উলিয়ায়। ৰাহুল নামৰ অচিনাকি ব্যক্তিজনক ৰাতি এপৰত লগ ধৰি অলংকৃতাই দীপকৰ কথা সোধে। হৃদয়ৰ টান নহয় যদি কি হয়নো এয়া? সকলো সম্পৰ্কৰে মহত্ব আছে। কেৱল প্ৰেমেই একমাত্ৰ সম্পৰ্ক নহয়। অলংকৃতাৰ জীৱনত সঁচা প্ৰেমৰ পৰশ নাই। ধ্ৰুৱমে অতবছৰে কঢ়িয়াই লৈ ফুৰা প্ৰেমৰ স্বীকৃতি নাপালে। কেৱল দীপকহে কিয় ভাগি পৰিল? হৃদয়খন ইমানেই দুৰ্বল আছিলনে তাৰ? ৰূপশিখা নামৰ ছোৱালী এজনী ধুমকেতুৰ দৰে জীৱনলৈ আহিছিল। তাক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি গুচি গ’ল।