পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 “কিবা এটা ক’ কৃতা। মোক লগ পাই ভাল লগা নাই তোৰ?”

 একোকে ক’ব নোৱাৰে তাই। ইমান সুখ তাই চম্ভালিব নোৱাৰে। বুঢ়ীদিহিঙৰ পানীৰ দৰে ওফন্দি উঠে বুকু। বান্ধ ভাঙি ওলাই যাব নোৱাৰাকৈ দুহাতেৰে বুকু সাৱটি পানীলৈ চাই থাকে। স্থিৰ, বুঢ়ীদিহিঙৰ পানী আজি স্থিৰ। ঠিক তাইৰ সৌম্য শীতল মুখখনৰ দৰেই। সময়ে পখিলাজনীৰ চপলতা কমালে। নৈখনৰো হয়তো সেয়েই কাৰণ। সময়ৰ সোঁতত মানুহ সলনি হয়, নৈবোৰ মৰুভূমি হয়। তাৰ পখিলাজনীও সলনি হৈছে। সময়ে তাইৰ বুকুত শিলৰ দেৱাল গাঁথিছে।

 এখোজ আতঁৰত ৰৈ স্থিৰ নদীখনলৈ চাই চাই ধ্ৰুৱমে অলংকৃতাৰ মৌনতা ভঙাৰ কচৰৎ চলায়। কিমান বছৰৰ মূৰত, ঠিক কিমান বছৰৰ মূৰত লগ পাইছে অলংকৃতাক, আঙুলিৰ মূৰত সি সেই ক্ষণ গণে। সৌ সিদিনাৰ কথাহে। বাৰে বাৰে আমনি কৰিবলৈ অহা তাইক খেদি সি গিটাৰৰ তাঁৰডালত সুৰ এটা উঠিছিলহে মাথোঁ, তাই দীঘল বেণী দুডাল নচুৱাই নচুৱাই দুৱাৰডলি পাৰ হৈছিলহে মাথোঁ, নীলা শিয়াল এজাকক খেদিবলৈ হালোৱা এচাৰিডাল লৈ ওলাই আহিছিলহে মাথোঁ, দিন-বছৰৰ হিচাপ পাহৰি অনন্ত সময়বোৰ মৌনতাত ডুব গ’ল। নীলা শিয়ালজাকক সি ঠিকেই খেদিলে। হাতৰ এচাৰিডালো শক্তিশালী হ’ল। এক নিৰাপদ বিন্দুত অৱস্থান লৈ যেতিয়া পখিলাজনীক বিচাৰি আহিল, সি ঢুকি নোপোৱা দূৰত্বলৈ তাই উৰি গ’ল। সেই লৈ আক্ষেপ নাছিল তাৰ। মনে বিচৰামতে তাই সুখী হওক, সেয়াই আছিল প্ৰাৰ্থনা। কিন্তু কথাবোৰ তেনে হৈ নাথাকিল। তাৰ অন্তৰাত্মাই প্ৰতিনিয়ত ছটফটাই থকা পখিলাজনীৰ বাতৰি কঢ়িয়ালে৷

 আৰু তাই? কি কৰে তাই? শিলনিত বহি শিলত বুকু আচাৰি শিল হৈ পৰা কলিজাখন হাতত তুলি হিচাপ কৰে, কোনবোৰ কথা কোৱা যায় ধ্ৰুৱমক। কয় নেকি তাক, “অগ্নিস্নানৰ মেনকা হ’বলৈ মন যায় তাইৰ। দিনে নিশাই কাৰোবাক শান্তি দিয়াৰ প্ৰৱণতা জাগে তাইৰ।”

 নকয়। কোৱা নাযায় একোকে। অযুত নীৰৱতাত ডুব যায় সময়। নৈৰ স্থিৰ পানীখিনিৰ দৰে শান্ত হৈ থাকে হৃদয়। ভৰুণ হৃদয়। ভৰুণ সময়।

 দুখবোৰ কৰ্পূৰ হৈ উৰি যায়। বেলি অস্তাচললৈ গতি কৰে। ধ্ৰুৱমে তাইলৈ বুলি হাতখন আগবঢ়াই দিয়ে, “ক'বলৈ একো নাই যদি যাওঁগৈ ব’ল, দীপকে চাগে ভাত খাবলৈ ৰৈ আছে।”

 তাইৰ বহল চকু আৰু বহল হৈ যায়, “তয়ো দীপকৰ ওচৰলৈকে আহিছ? কি আচৰিত সংযোগ!”

 হাঁহে ধ্ৰুৱমে। একো সংযোগ নহয়। এয়া যে আগতীয়া পৰিকল্পনা সেই কথাও নুবুজে এইজনীয়ে। পাগলীজনীৰ মেল খাই যোৱা চকুহালে তাক বিব্ৰত কৰে। এই পাগলীজনীৰ বৈ অহা চেলাউৰিযোৰে তাক বিব্ৰত কৰে। আৰু চকুহালে? আসঃ ডুবি মৰিবৰ মন যায় তাৰ।

 “বিশালক চিনি পাৱ নহয় কৃতা?”, কথাবোৰক গতি দিবলৈ সি বিশালৰ প্ৰসংগ আনে।

 চক খাই উঠে অলংকৃতা। তাৰমানে ধ্ৰুৱমে বিশালকো চিনি পায়? আচৰিত! একদম চোৰাংচোৱাৰ দৰে এই ধ্ৰুৱমটো, তাই মনতে ভাবে। বিশালৰ লগত যে তাই য’লৈকে তলৈকে গুচি যায়, ঘন্টাৰ পাছত ঘন্টা ধৰি তাই তাৰ লগত ফোনালাপত ব্যস্ত থাকে, মনটো উৰুঙা হ’লেই বিশাললৈ মেচেজ এৰে, এইবোৰ কথা কোৱা যায়নে তাক? ওহোঁ, কোৱা নাযায়, ইমানখিনি নুবুজিব সি। বিশালৰ লগত অন্তৰংগতাক সি সহজে নল’ব। সেয়ে তাই কোনোমতে সেপ ঢুকি কয়,

 “ওম। বিশালৰ লগত মোৰ ভাল।”

 “হুমম।”, চিন্তা কৰে ধ্ৰুৱমে, ‘কিমান ভাল’ বুলি সুধিবলৈ লৈ ৰৈ যায় সি, বৰঞ্চ কথাবোৰ যুগুতাই কয়, “বিশালৰ এগেইনষ্টত এলিগেচন আছে।”

 “এলিগেচন? কি এলিগেচন?”

 ‘মনে মনে ভাবে, “হয়। এলিগেচন থাকিব পাৰে। তাৰ অতীতৰ এচোৱা কাল সংগঠনৰ কাৰ্যকলাপত জড়িত। সেই সময়ছোৱাত তাৰ বিপক্ষে কিছু কিছু অভিযোগ থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। কিন্তু ধ্ৰুৱমে তাইক কিয় কৈছে এইষাৰ কথা?”

 তাই তালৈ চাই ৰয়, কয়,