পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কৰিলে। এবাৰলৈকো মনলৈ নাহিল যে ল’ৰা দুটিলৈ কিবা এটি আনিব লাগিছিল। বেয়া হৈছে কথাবোৰ। তাই আত্মকেন্দ্ৰিক হৈ পৰিছে। ককায়েকে আপত্তি কৰে, “তই আজিকালি খবৰ নলৱ”।

 ননদজনীয়ে আপত্তি কৰে, “বৌ সলনি হৈছা”।

 অতজনৰ অত ওজৰ, অত অভিযোগৰ পাছতোে তাই নিৰুত্তৰ হৈ ৰয়। কিছু প্ৰশ্নৰ কোনো উত্তৰ নাথাকে৷ তাইৰ নিজৰে ওচৰত নিজৰ খবৰ নাথাকে। কোনো এক শক্তিয়ে তাইক টানি লৈ গৈ আছে। লগৰকেইজনীক লগ পাই তাই খিলখিলাই হাঁহি পাৰ কৰি আহিল এখিনি অকৃত্ৰিম সময়। অতীতটোত বুৰ গৈ বৰ্তমানটো যাপন কৰিবলৈ শিকিছে। নহ’লে বৰ্তমানবোৰ তাইৰ বাবে নিংসংগতাৰ বাকৰি হৈ পৰিছে। শূন্যতাৰ পিয়লাত চুমুক দি তাই প্ৰায়ে সেই বাকৰিত অকলে বহি ৰয়। সেই অকলশৰীয়া মুহূৰ্তবোৰৰ পাল্লাত পৰি তাই সন্তানৰ কথাও পাহৰি গৈছে। বেয়া হৈছে। এয়া চূড়ান্ত অমনোযোগিতাৰ ফল। দুয়োটালৈ মৰম লাগি গ'ল তাইৰ। সিহঁতৰ কণমানি আঙুলি দুটাত ধৰি লৈ তাই ওচৰৰ বজাৰখনলৈ ওলাই গ’ল। আল্ট্ৰাছক লগ ধৰিছিল। আল্ট্ৰাছ নগ’ল। আগৰ দৰে হাঁহি হাঁহি হাতত ধৰি বজাৰলৈ যাব পৰাকৈ সিহঁতৰ সম্পৰ্কটো সহজ হৈ থকা নাই। দুয়োৰে সম্পৰ্কৰ মাজত নিযুত মাইলৰ ব্যৱধান আহি পৰিছে।

 “মা মা। আজি বাহিৰতে খাই যাম হ’বনে?”, সৰুটোৱে আৱদাৰ কৰিলে।

 “আমি বাহিৰত খালে পাপাৰ কি হ’ব?”, ডাঙৰটিয়ে দেউতাকৰ কাৰণে বৰকৈ চিন্তা কৰে।

 “পাপাক মাতি দিয়া মা”, সৰুটিৰ ওঁঠত পৰামৰ্শবোৰ লাগিয়ে থাকে।

 তাই ফোনটো উলিয়াই আল্ট্ৰাছক পুনৰবাৰ অনুৰোধ কৰিলে। সন্তানে পিতৃ-মাতৃ দুয়োকে একেলগে বিচাৰে। এই সূত্ৰটোৰ আঁচলত ধৰিয়েই তাই এতিয়াও এই জুপুৰিৰ নায়িকা হৈ ৰৈছে। নহ’লেতো কোনোবাদিনাই জিপচীবোৰৰ দৰেই তাই বন্দৰে-কন্দৰে ঘূৰি ফুৰিলেহেঁতেন।

  আল্ট্ৰাছে এইবাৰো অসন্মতি প্ৰকাশ কৰে। তাই পুনৰ অনুৰোধ কৰে। কিছু আকুলভাৱেই তাই অনুৰোধ কৰে। কিছুসময়ৰ পাছত আল্ট্ৰাছ আহি ওলায়হি। ৰেষ্টুৰেন্টত বহি বহি আল্ট্ৰাছ চিৰিৰে ওপৰলৈ অহাৰ দৃশ্যটো তাই চাই ৰয়। পেশীবহুল আল্টাছ। উঠন বুকুৰ আল্ট্ৰাছ। দহজনী ছোৱালীয়ে ঘূৰি চোৱাকৈ সুন্দৰ চেহেৰাৰ অধিকাৰী আল্ট্ৰাছ। কিছুসময় তাৰ চকুলৈ চাই ৰয় তাই। সকলো ত্যাগ কৰি এই মানুহজনৰ প্ৰেমত বলিয়া হ'ব পাৰিবনে তাই? সকলো দ্বিধাবোধ আঁতৰাই মনেৰে গ্ৰহণ কৰিব পাৰিবনে তাই?

 উল্কিৰ গৰ্ভত থকা সম্তানটোৰ পৰিচয় সম্পৰ্কত কাৰো মনত খোকোজা থাকি নগ’ল। একমাত্ৰ তাইৰ বাদে। কিয় জানো আল্ট্ৰাছৰ প্ৰতি বিশ্বাসৰ চাকি এটি টিমিক ঢামাককৈ জ্বলি আছে এতিয়াওঙ্গ অলংকৃতাৰ বাদে যেন তেওঁ আন কাকে৷ চুই পোৱা নাই। মানুহে কৈ থকা কথাবোৰ সত্য নহয়, এই বিশ্বাসটোৰে তাই ঘৰখনৰ চাৰিকোণত মন্ত্ৰ মাৰি যায়। প্ৰেমৰ হেনো মূলমন্ত্ৰ বিশ্বাস। এই বিশ্বাসক সাৰোগত কৰি আজিও তাই নিজকে সঁপি দিয়ে আল্ট্ৰাছৰ ওচৰত।

 “জৈৱিক প্ৰয়োজন তোৰো আছে অলংকৃতা। বাহিৰত তই সেয়া বিচাৰিব নোৱাৰিবি, তেতিয়া সমাজে ব্যভিচাৰ নাম দিব। ঘৰৰ ভিতৰত তই নিৰাপদ। স্বীকৃত সম্পৰ্কত মনৰ প্ৰয়োজন নাথাকে। স্বীকৃত হ'লেই বাৰাংগনাৰ পাপ নাথাকে।”

 এই সকলোবোৰ জানিও তাই আৰু এটা কথা জানে যে, বাৰাংগনা প্ৰেমিকা হ’ব নোৱাৰে। তাই প্ৰেমিকা হ’ব নোৱাৰে। খোদ আল্ট্ৰাছে কৈছিল সেই কথা।

 দুবছৰমানৰ আগৰ কথা।

 সোণালী পালেঙত জোনাকী পৰশেৰে ৰূপালী সময়বোৰ উদ্‌যাপন কৰাৰ ক্ষণত বিভোৰ হৈছিল দুয়ো। তাইৰ দীঘল চুলিকোছাৰ গত লাগিছিল মাথোঁ। কঁপি উঠা শৰীৰটোৰ গত লাগিবলৈকে বাকী আছিল। আদিম আমেজত তাইৰ চকু মুদ খাই আহে মানে ফোনটো বাজি উঠিছিল, সিমূৰত উচুপি উঠিছিল ভগ্নীস্বৰূপা অবি। কি হৈছিল অবিৰ? সেই ৰাতি বাৰবজাত উচুপি উঠিবলৈ কি হৈছিল অবিৰ? উচুপনি সামৰি অবিয়ে কৈছিল তাইৰ তেৰবছৰীয়া ছাত্ৰী এগৰাকী প্ৰসৱবেদনাত ছটফটাই থকাৰ কথা। ভাবিবলৈ সময় নাছিল তাইৰ। স্কুলৰ চাকৰিসূত্ৰে অবি নিজেই অকলে ভাৰাঘৰত বাস কৰে৷ তেনেস্থলত সেই মানৱ-দৰদী কোমল বয়সীয়া ছোৱালীজনীৰ অসহায়ত্ব তাই বুজি উঠিছিল। তেতিয়াও তাইৰ উদং পিঠিত মূৰ গুজি নিবিড় মুহূৰ্ত এটিৰ অপেক্ষাত আছিল