পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অধিস্থিত হৈছিল আল্ট্ৰাছৰ স’তে প্ৰেম, যিহক পাবলৈ তাই বাকী সকলো শিকলি ছিঙি পেলাইছিল। প্ৰেমৰ লক্ষ্যত উপনীত হৈ বিজয়ীৰ হাঁহিটো মাৰোঁতেই মাকৰ এযাৰ কথাই তাইক সংকুচিত কৰি পেলালে,

 “মোৰ ওচৰত ৰৈ ছোৱালীজনী খুজি নিয়াৰো সাহসকণ নাছিল নে ল’ৰাটোৰ? এই ল’ৰাটোৱে তাইৰ দৰে ছোৱালীজনীক সুখত ৰাখিব পাৰিবনে?”

 ধৰফৰাই উঠিছিল তাই। এৰাতো। মাকে কোৱা কথাষাৰ মিছা নাছিল। তাইৰ দৰে স্বাভিমানী ছোৱালীজনীক প্ৰেমে এনেদৰে অন্ধ কৰি পেলাইছিল নে যে, মাকক সিহঁতে এবাৰ সোধাৰ প্ৰয়োজনবোধকণো নকৰিলে। মোহভংগ ৰাতিবোৰে নীৰৱে উচুপে। বুকুত বলি থাকে বিষাদৰ বা’। গভীৰ নিদ্ৰাৰত আল্ট্ৰাছৰ হাত দুখনৰ কবলৰ পৰা নিজকে মুক্ত কৰি বাৰাণ্ডালৈ ওলাই আহে তাই। তাইক দেখি আকাশৰ তৰাজনীয়ে মিচিককৈ হীহে। সেমেকা চকুৰে তায়ো হাঁহি এটি পঠিয়াই দিয়ে তৰাজনীলৈ। তৰাজনীয়ে যোগসূত্ৰ স্থাপন কৰে মাক আৰু তাইৰ মাজত। “মা তই মোক যিমানেই ডাঙৰ হ’বলৈ শিকালি, সিমানেই সৰু সৰু অংকবোৰ মই পাহৰি গ’লো অ’। নহলেনো তোক মই এবাৰ মুখ ফুটাই নকওঁনে”? সিফালৰ পৰা তৰাজনীয়ে মাকৰ খবৰ আনে। “ভালে থাকচোন মাজনী। তই ভালে থাকিলেই মোৰ সকলো দেনা-পাওনাৰ হিচাপ শুদ্ধ হৈ পৰিব”।৷

 ভালে থকাৰ বাটত প্ৰশ্নটোৱে তাইক কুৰুকিকুৰুকি খায়। মাকৰ আগত কিয় বুকুখন খুলিব নোৱাৰিলে, সেই কথাই বাঢ়ৈটোকা চৰাইজনীৰ দৰে কলিজাটো খুঁটি থাকে। পৌন:পৌনিক ভগ্নাংশৰ দৰেই উত্তৰ আছিল প্ৰশ্নটোৰ। যিমানেই ভবা যায়, সিমানেই দীঘল হৈ গৈ থাকে। যিমানেই দীঘল কৰা যায়, উত্তৰ ওলাই গৈ থাকে। অকণমান যোগাত্মক সংখ্যা যোগ কৰি এই আউল লগা অংকবোৰ সামৰি থোৱাই ভাল। সেই অংকবোৰ সামৰি তাই গঢ়ি তুলিছিল এখন সৰুকৈ পৃথিৱী।

 সৰু পৃথিৱী নহয়নো কি? চাকৰি আৰু ঘৰ। ঘৰ আৰু চাকৰি। দহবছৰীয়া বিবাহিত জীৱনৰ ফচল দুটি সন্তান। কৰ্তব্যৰ সময়ছোৱাত তাইৰ টেবুলত ভৰ দিয়ে ভিন ভিন সমস্যাই। ঘৰলৈ আহি ডাঙৰ ঘূৰণীয়া টেবুলখনৰ চাৰিওকাষে বহি লয় তাইৰ স’তে দুয়োটি কণমানি। সমস্যা সমাধানৰ দায়িত্ব লয় টেবুলখনে। প্ৰায়ে তাই ডুবি থাকে তেনে কোনো গ্ৰন্থৰ মাজত। টেবুলখনতে উবুৰি খাই পৰেহি তাইৰ সৰু সংসাৰ। আল্ট্ৰাছক কিতাপৰ গোন্ধই নাটানে। সেই সময়ত তেওঁ ব্যস্ত থাকে ফোন, হোৱাটচআপ, ফেচবুক, মেচেজ, টিভি, বাতৰি কাকত, শৰীৰৰচৰ্চা ইত্যাদিত। যি সময়ত তাই সমাজ-জীৱনৰ জটিল সমস্যা সমাধানৰ সূত্ৰ ফঁহিয়াই থাকে, সেই সময়ত আল্ট্ৰাছ ব্যস্ত থাকে বিত্তীয় লাভ-লোকচানৰ অংকত। দুয়োখনেই বাস্তৱ জীৱনৰ ছবি, দুয়োখনতেই সমাজৰ চিত্ৰ প্ৰতিফলন। অথচ আল্টাছে তাইৰ ওপৰত কৈফিয়ৎ তোলে, “তুমি একেবাৰেই চ’ছিয়েল নোহোৱা”।

 কেতিয়াবা আল্ট্ৰাছে আপত্তি কৰে,

 মোৰ লগত পাটি এটালৈ যাবলৈ তোমাৰ সময় নহয়।”

 নিতাত্তই এৰাই চলে এনে ওজৰ-আপত্তিবোৰ তাই। কেৱল আল্ট্ৰাছেই নহয়, যিকোনো মানুহেই বুজিব তাইক। কিছুমান কাম তাই কৰিব নোৱাৰে। মন গ’লেই ওচৰ চুবুৰীয়াৰ ঘৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আড্ডা দিব নোৱাৰে। মন গ’লেই ঘোঁৰা চেঁকুৰাদি চেঁকুৰাব নোৱাৰে তাইৰ উচ্ছল যৌৱন এয়া তাইৰ পেছাই সমৰ্থন নকৰে। আইনৰ ৰক্ষক তাই। সমাজৰ সুস্থতাৰ নিমিত্তেই সেই আইন। আল্ট্ৰাছে ইমান সাধাৰণ কথাটোকে নুবুজেনে? নুবুজে আল্ট্ৰাছে। নুবুজে বাবেই মুখ ওন্দোলাই ঘৰৰ পৰা গপ-গপাই ওলাই গৈ ক্লাবত বহি থাকেগৈ তেওঁ। তাইৰ ওঁঠেৰে মিচিককৈ হাঁহি এটি ঢৌ খেলি যায়। ডাঙৰ হোৱা নাই আল্ট্ৰাছ৷ বয়স অনুপাতে ডাঙৰ হোৱা নাই আল্ট্ৰাছ। তাইতকৈ সাত বছৰে ডাঙৰ মানুহজনে এতিয়াও সৰু ল’ৰাৰ দৰে আচৰণ কৰে। তাই তেওঁৰ অভিমান ভাঙি সমাধান সূত্ৰ দাঙি ধৰে মানে ৰাতি এপৰ হয়গৈ।

 “আজিলৈ হৈছেগৈ নে?”, টিভিৰ ৰিম’ট পকাই পকাই আমনি লাগে আল্ট্ৰাছৰ।

 ঘড়ীটোলৈ চায় তাই। বাৰ বাজি পাৰ হয়। টেবুলৰ ওপৰৰ কিতাপখনৰ জটিল কথাবোৰ আধৰুৱা হৈ ৰয়। আল্ট্ৰাছৰ চকুত তাইময় পৃথিৱী। সেই চকুত ৰূপালী কাৰেঙৰ জোনাকী পালেঙৰ সপোন। সেই সপোনত দুলি থাকে সোণালী ঘোঁৰাৰে সেন্দুৰীয়া পথেৰে নামি আহি কনেঙৰ বুকুত আশ্ৰয় ল’ব বিচৰা চেনেঙৰ ঠিকনা। চেনেঙৰ ঠিকনাত বলি থাকে ঐনিতম সুৰেৰে বলিয়া বতাহ। মধুৰ মধুৰ। প্ৰতিটো পলেই যে মধুৰঙ্গ