নোৱাৰি। ফাঁকু খেলিবলৈ লগ লাগে। পাপৰিলৈ মনত পৰে। বহুত দূৰলৈ গুচি যোৱা ছোৱালীজনী এতিয়াও তেনেই কাষতে। কীবৰ্ডত আঙুলি বুলাই তাই পাপৰিলৈ মেচেজ লিখে,
“পাপৰি। পৰি অ’৷ অ’ সোণজনী। কিনো কৰিছা? বায়েৰৰ লগত কথা অকণ পাতিবলৈকো সময় নোহোৱা হ'লনে?”
কিছু দেৰিৰ মূৰত পাপৰিৰ পৰা উত্তৰ আহে,
“কি হ’ল অ’ বা? তোমাক আজি ইমান আনন্দত থকা যেন লাগিছে?”
“অ’ পাপৰি, ফুৰ্তিত আছোঁ। বিৰাট ফুৰ্তি। সৰগখন হাতত তুলি লোৱাৰ আনন্দ এয়া। পিছে সোণজনী, তুমি কেনেকৈ জানিলা”?
খিলখিলাই উঠে পাপৰিয়ে,
“মইতো জানিমেই। মই তোমাৰ স্পন্দন শুনো যে”।
খিলখিলাই উঠে অলংকৃতায়ো, “বাঃ মোৰ ছোৱালীয়ে কথা ক’বলৈ শিকি গ'ল”।
“ওমম। তুমিয়েতো শিকাইছা। আচৰিত লাগে জানানে, এগৰাকী নাৰীয়ে হেনো অন্য এগৰাকী নাৰীক কিদৰে ইমানকৈ মনে প্ৰাণে ভাল পাব পাৰে। তোমাৰ প্ৰেমত হাজাৰবাৰ পৰিব পাৰি। ছোৱালী হৈয়ো মোৰ এয়া অৱস্থা, ল’ৰা হোৱা হ’লে কি যে হ’লহেঁতেন?”
লাজ পায় তাই, ইমান মুকলি প্ৰশংসা নসহে বুকুৱে। কৈ উঠে, “এই দুষ্ট ছোৱালী। তুমিওতো কম নোহোৱা। তেজৰ সম্পৰ্ক নোহোৱাকৈয়ে মোৰ ইমান আপোন হৈ পৰিলা।”
“সেয়া তোমাৰ কৃতিত্ব। মোৰ অলপো হাত নাই তাত।”
“হয়নে? বায়েৰক ইমানকৈ উঠাইছা কিয়। কোৱাচোন কি লাগে তোমাক?”
“কি লাগিব আৰু? তোমাৰ হাতৰ ভোট জলকীয়া আৰু নগা টেঙাৰ আচৰকণ।”
“সেয়া আহি গ’ল নহয় লাইনত? জোঁৱাইক কি লাগিব কোৱা৷”
“জোঁৱাইৰ ফালৰ পৰাও লিষ্ট এখন বনাই আছোঁ ৰ’বা। অ’ তোমাক কথা এটা ক’বলৈকে পাহৰিলোঁ। মই তোমাৰ পুৰণা বন্ধু এজনক লগ পাইছিলোঁ নহয়। কথাই কথাই তোমাৰ কথা ওলাল।
সুধিছিল মোক, মিচেছ অলংকৃতাক চিনি পাওঁ নেকি বুলি, এনেকুৱা খং উঠিল মোৰ, বোলো, মিচেচ অলংকৃতাক মোতকৈ ভালকৈ কোনেও চিনি নাপায়”৷
“বাপৰে। তেনেকৈ ক’লা নে”?
“মুখ ফুটাই নাইকোৱা আৰু? কিন্তু বেচেৰাই বুজি পাই গৈছেগৈ, তোমাৰ বিষয়ে যিমানহে ক’লোঁ, তোমাৰ কচু দুটাৰ পৰা আৰম্ভ কৰি ফুলা লুচিৰ দৰে ভিনদেউলৈকে”।
“এই ছোৱালী! পিতিম দেই। ভিনদেউৰ কথা তেনেকৈ ন’কবা।”
আকৌ পাপৰিৰ খিলখিলনি। খিলখিলনি সামৰি ভাবত বিভোৰ হয়। ইমানৰ পিছতো ভিনিয়েকৰ প্ৰতি বায়েকৰ প্ৰেম এতিয়াও দূৰ হোৱা নাই। আচৰিত আচৰিত! এয়াহে ভাৰতীয় নাৰী। এই নাৰীত্বক তাই কি নাম দিয়ে। যি নাৰীত্বই উগ্ৰতাৰ বিপৰীত শব্দ এটি কঢ়িয়াই থাকে, যি নাৰীত্বৰ কোঁহে কোঁহে কোমলতা বিৰাজমান, আধুনিক সমাজত সেই নাৰীত্বৰ দাম কিমান?
“কি হ'লহে আইজনী? কি চিন্তা কৰি ৰ’লা? মোৰ কোন বন্ধুক লগ পালা সেইটো কোৱা।”, বহুতদেৰি তাইৰ ফালৰ পৰা মেচেজ নাপাই অলংকৃতাই মেচেজ দিয়ে।
“অ’ বা, বৰ ডাঙৰ মানুহ তেওঁ। ইণ্ডিয়ান ফৰেইন চাৰ্ভিচৰ, মনে আই এফ এচ কেডাৰ।”
আচৰিত হয় অলংকৃতা। তাইৰ বেটচৰ কোন আই এফ এছ কেডাৰ হ’লগৈ সেই কথা তাইৰ জ্ঞাত নহয়। সেয়ে সোধে পুনৰবাৰ,
“মনত পৰা নাই পাপৰি। কোননো। নামটো কি?”
“নামটো বৰ ধুনীয়া বা। ধ্ৰুৱম। উপাধিটো পাহৰিলোঁ।”
কি! ধ্ৰুৱম! ধ্ৰুৱৱ আই এফ এছ কেডাৰ?