পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(উনত্ৰিশ)

 ধ্ৰুৱমে বিশালৰ গতি বিধিৰ ওপৰত চকু ৰাখিবলৈ আৰম্ভ কৰিছে৷ লগতে জনা নজনাকৈ অলংকৃতালৈকে সেই দৃষ্টিৰ ছিটিকনি পৰিছে। সিহঁতৰ মাজৰ ঘনিষ্ঠতা দেখি ধ্ৰুৱম অশান্তিত ভূগিছে। সমান্তৰালভাৱে দীপকৰ কথাৰ সত্যতাখিনিও টুকুৰিয়াই চাইছে। সেই সত্যতাৰ প্ৰমাণসমূহ বিচাৰি হাহাকাৰ কৰিছে। সেই প্ৰমাণসমূহ দীপকৰ শিবিৰত থাকি অহাটো তাৰ বাবে এক ডাঙৰ ক্ষতি। ধ্ৰুৱমৰ বুকুত অলংকৃতাৰ বিষাদৰ ৰেণুসমূহ লাগি ধৰিছে। অলংকৃতাৰ দোষ সি নেদেখে, দেখিব নোৱাৰে। সি দোষ দেখে আল্ট্ৰাছৰ, সি দোষ দেখে কঞ্জনীলৰ। সিহঁতে তাইক শান্তিৰে থাকিবলৈ নিদিলে। এই পুৰুষবোৰক সি ভালদৰেই বুজি পায়। এজনে চেপি ধৰিলে তাইক, আনজনে কথা শুনালে।

 এই ছোৱালীবোৰে কিয় নিজস্বতা প্ৰদৰ্শন কৰিব নোৱাৰে? কথাবোৰে বিছনাখন শীতল কৰি পেলায়। এই শীতলতাত তাৰ টোপনি নধৰে। সি উঠি বহে। দীপকৰ লগত তাৰ বহু কথা পাতিবলৈ মন যায়। এৰি অহা দিনবোৰৰ কথা পাতিবলৈ মন যায়। অলংকৃতাৰ কথা পাতিবলৈ মন যায়। তাৰ নিমিলা অংকটোৰ কথা পাতিবলৈ মন যায়।

 এই গভীৰ ৰাতি দীপকক জগাই কথা পতাৰ বাতুলামি কৰা নহয়গৈ তাৰ। বৰঞ্চ নিজকে সামৰি স্মৃতিৰ জুইত জাহ যায় সি। ভুল হ’ল তাৰ। অলংকৃতাৰ ওচৰৰ পৰা আঁতৰি অহাটোৱেই আছিল সেই ভুল। সিহঁতৰ মাজত যোগাযোগ এটা ৰাখিব লাগিছিল, অন্ততঃ এটা লোৰ ৰাখিব লাগিছিল, মনৰ দূৰত্ববোৰ উলিয়াই পেলাই দিব পৰা এটা লোৰ ৰাখি থ’ব লাগিছিল সি। অথচ অলংকৃতাৰ বাবে উপযুক্ত হৈ তাইক ‘চাৰপ্ৰাইজ” দিয়াৰ কি যে ভূত এটা লম্ভি আছিল তাৰ মনত!

 সেই ভূতটো আঁতৰাই যেতিয়া অলংকৃতাৰ আগত নিজকে ধৰা দিবলৈ গ’ল, তেতিয়া তাইহে তাক ‘চাৰপ্ৰাইজ’ দি আনৰ হৈ গ’ল।

 খহিল। খহিল। সোৱণশিৰিৰ ভেটি খহাদি সপোনবোৰ খহিল।

 হেৰাল। গৈ থকা বাটৰ আঁত হেৰাল।

 কেতেকীজনীৰ দৰে ইনাই বিনাই বুকুখনে কান্দিলে।

 অতবছৰৰ মূৰতো সি ছোৱালীজনীৰ কথা পাহৰিব নোৱাৰিলে। কিয় সি অন্যৰ দৰে জীৱনৰ সোঁতত বৈ যাব নোৱাৰিলে? এবাৰলৈ লগ কৰিব লাগিব ছোৱালীজনীক অ’ লগ কৰিব লাগিব সেই আঁকৰী ছোৱালীজনীক এগালমান কিতাপ পঢ়ি, গুৰুত্বপূৰ্ণ চকী এখনত অধিস্থিত হৈও জীৱনৰ খোজবোৰত আঁকৰী হৈ ৰোৱা ছোৱালীজনীক সি লগ কৰিব। আধৰুৱা টোপনিখিনিক পুৱতি নিশাৰ আন্ধাৰৰ সতে মিতিৰালি পাতিবলৈ দি সি তাইক লগ কৰাৰ সিদ্ধান্ত লৈ পেলায়।

 দীপকক ইতেমধ্যে স্থানান্তৰ কৰা হৈছে। সীমান্তৰ এখন চিকিৎসালয়ত গোপনে তাৰ চিকিৎসা চলি আছে। ধ্ৰুৱমলৈকো কেন্দ্ৰীয় মন্ত্ৰালয়ৰ পৰা নতুন নিৰ্দেশনা আহিছে। বহিঃদেশত অস্থিৰতা বিৰাজ কৰিছে। ৰাষ্ট্ৰনেতাসকলৰ মাজত গোপনে আলোচনা চলিছে। সেই আলোচনাৰ বাবে ধ্ৰুৱমে পৰিস্থিতি অধ্যয়ন কৰিবলৈ যাব লাগে। অতি সোনকালেই সি যাব লাগে। অথচ দীপকক এৰি যাবলৈ দিগদাৰ হৈছে তাৰ।

 বিছনাত পৰি আছে দীপক।৷ এৰি থৈ অহা ডায়েৰীখন কিদৰে নিজৰ কব্জালৈ আনিব পাৰি। আনৰ হাত৷ পৰাৰ লগে লগে এইখিনি তথ্যই যে অন্য মোৰ ল’ব। অঘটন হ’ব তেতিয়া। গভীৰ অঘটন হ’ব।

 আৰু ইফালে অলংকৃতাই কেনভাছত ছবিবোৰ আঁকি গৈছে। মদ্যপানৰ দৰে ৰঙকে গিলিছে, ৰঙকে বতিয়াইছে। তাৰ পাছত বুজি উঠিছে, বিষাদৰ নিচাৰ বৰ চোক। এই চোকৰ পৰা মুক্ত হোৱা নাযায়। তাইৰ বিষাদভৰা কণ্ঠত বিশালে উচপিচ লগায়।”

 “পাহৰি যাওক বিষাদ। মই আছোঁ। মই আছোঁ।”

 অলংকৃতাই মূৰ জোকাৰে, “ওহোঁ, নিজক লৈ জী উঠিছোঁ, আৰু কাৰোৰেই প্ৰয়োজন নাই।”