পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দৰেই সিহঁতে ছবি আঁকিবলৈ শিকিছে, ডবা খেলিবলৈ শিকিছে, গান গাইছে, বৰশী টোপাইছে, আৰু কি জাননে, আজিকালি সিহঁতে শোৱাৰ সময়ত গাৰুৰ কাষত কিতাপ মেলি ল’বলৈ শিকিছে।”

 স্কুলৰ পৰা ওলাই আহোঁতেহে খেয়াল আহিল, তাইৰ মোবাইল ফোনটো অফ হৈ আছে। গাড়ীত বহি ফোনটো অন কৰি ছিটবেল্ট লগাই ললে। ঘড়ীলৈ চালে। অফিচলৈ দেৰি হৈছে। চেলফ্‌ ষ্টাৰ্ট কৰোঁতেই তাইৰ ফোনটো বাজি উঠিল, বিশালৰ ফোন। গাড়ীখন চাইড কৰি ফোনটো চালে, “কল মি, ইটজ আৰজেন্ট!”

 আৰজেণ্ট! ঢককৈ কঁপি উঠিল অলংকৃতাৰ বুকু। বিশালৰ তাইৰ লগত কি আৰজেন্ট কথা থাকিব পাৰে? দীপক সংক্ৰান্তীয় নে উল্কি সংক্ৰান্তীয়?

 এক কথাত তাই এই কথা দুটাৰ বাবেই বিশালৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। ফোনটো হাতত লৈ বহুত দেৰি ৰৈ থাকিল। কিছুমান কথা শুনিবলৈ পূৰ্বপ্ৰস্তুতি লাগে। তাই নিজকে চম্ভালি লয় মানে বিশালৰ উত্তেজিত কণ্ঠ ভাঁহি আহিল,

 “মেডাম, মেডাম।”

 “ওম বিশাল, কওকচোন!”

 “দীপক। দীপকহঁতৰ দলটো নগালেণ্ডত আছেহি কিছুদিনৰ কাৰণে।”

 “সঁচা?”, তাই এইবাৰ উৎফুল্লিত হৈ উঠিল।

 :কেইদিনমানৰ কাৰণেহে থাকিব, কিবা অভিযানত আহিছে’’৷

 “মই লগ পাব বিচাৰোঁ বিশাল। কেনেকৈ কি কৰোঁ কওকচোন“, তাই অধৈৰ্য্য হৈ পৰে।

 “মই একো বুজিব পৰা নাই। লিংকমেনজনে কোনোপধ্যেই ইয়াতকৈ বেছিকৈ ক’বলৈ সন্মত নহয়।”

 “নহয় নহয়। আপুনি কিবা এটা কৰক। এবাৰ দীপকক কৈ দিয়ক মোৰ কথা। কৈ দিয়ক যে তাক ধ্ৰুৱমৰ কৃতাই লগ পাব বিচাৰিছে। যিমান যি নহ’লেও সি লগ কৰিব মোক”, কথাষাৰ কৈয়ে তাই অনুভৱ কৰে আনন্দেৰে ভৰি উঠিছে তাইৰ সময়বোৰ। ভাল লগা খবৰেৰে দিনটোৰ আৰম্ভণি।

 বিশালে ফোন থয়। সি জানে। সি জানে যে, অলংকৃতাই লগ কৰিব বিচাৰিলে দীপকে সকলো বাধা অতিক্ৰম কৰি হলেও তাইৰ ওচৰলৈ আহিব। কিন্তু কথাটোৱে দীপকৰ ক্ষতিসাধনত কৰিব পাৰে। সি গভীৰভাৱে চিন্তা কৰে। দীপকৰ স’তে যোগাযোগ ৰক্ষা কৰাৰ কোনো এটা উপায় সি বিচাৰি নাপাই সি কিছু হতাশ হয়। হঠাতে তাৰ মনত পৰে তাৰ ঘনিষ্ঠ বন্ধু ৰাহুললৈ। অতি গোপন কথাৰ লাচত সাংবাদিক ৰাহুলে কেবাদিনো তাক বিভিন্ন সংগঠনৰ মুৰব্বীবৰ্গৰ স’তে লগত হোৱা ফোনালাপৰ কথা সদৰি কৰিছিল। এই মুহূৰ্তত তাৰ বাদে আন কোনেও তাক সহায় কৰিব পাৰিব বুলি ভাব নহ’ল।

 কাঢ়াকৈ চাহকাপৰ সৈতে নিমখীয়া বিস্কুট এখন কামুৰি সি অংকটো মিলায়। কিবাকৈ অংকটো মিলিবলৈ ধৰে। ৰাহুল তাৰ খুব ভাল বন্ধু। ৰাহুলক সি অনুৰোধ কৰিব পাৰিব! কিন্তু সেই অনুৰোধৰ বিনিময়ত সি নিজৰ একান্ত ব্যক্তিগত কথাবোৰ তাৰ আগত মুকলি কৰি দিব লাগিব।

 এইখিনিতে অংকটো তাৰ নিমিলে। কি যে আপদীয়া অনুভৱ এই অনুভৱ! কি যে জটিল সূত্ৰৰে ৰচিত এই প্ৰেমৰ অংক!

 সি জানে, তাৰ কোনো শুভাকাংখীয়েই তাৰ এই অংকৰ সমাধানসূত্ৰ উলিয়াব নোৱাৰে। টিভিটো অন কৰি সি নিউজটো চালে। তাৰ পাছত সি নিজৰ অফিচলৈ ওলাই গ’ল।

 উল্কিক বিচাৰিবলৈ এৰা নাই সি। উল্কিৰ ভনীয়েককে লগ কৰিছিল সি প্ৰথমতে মুখ খুলিবলৈ অমান্তি হোৱা ভনীয়েকগৰাকীয়ে তাক কৈ গৈছিল আল্ট্ৰাছৰ প্ৰতি অভিযোগ অনুযোগ। সি শুনিছিল পৰকীয়া প্ৰেমৰ সেই কাহিনী। ক্ষোভেৰে ভৰি উঠিছিল তাৰ মন। অলংকৃতাৰ সহনশীলতাৰ প্ৰতি পুতৌ জন্মিছিল। এই সহনশীলতাৰ বাবেই হাজাৰজন আল্ট্ৰাছে জনম লয়, এই সহনশীলতাৰ বাবেই হাজাৰজনী অলংকৃতাই নিজৰ কবৰ নিজেই খান্দি সুখী হোৱাৰ অভিনয় কৰে, এই সহনশীলতাৰ বাবেই হাজাৰজনী উল্কি আদ-বাটত হেৰাই যায়।

 কোৰ্টৰ পৰা ওলাই বিশাল ৰাহুলৰ ৰূম পালেগৈ। বেছ কিছুদিনৰ পৰা সি গধূলি হ’লেই গিলাচত নিচা বাকি লয়। আজিও সেই নিচাই টানিছিল তাক, কিন্তু কোনোমতে নিজকে সম্বৰণ কৰি ৰাহুলৰ ৰূমলৈ বুলি আগবাঢ়িল।