সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 জজৰ ওচৰলৈ বুলি কৰিডৰেৰে খোজ কাঢ়ি আহোঁতেই লগ পালে কৃশানু গৌতমক। তাইৰ ফালেই আগবাঢ়ি আহিছে অধিবক্তা কৃশানু। বিশালৰ বন্ধু কৃশানু। কৃশানুক দেখি তাই ৰৈ গ’ল।

 “মেডাম, বিশালে আপোনাক ফোনত পোৱা নাই। খুব চিন্তাত আছে সি।” নতুন বছৰৰ গ্ৰীটিংচ কাৰ্ডখন আগবঢ়াই তাইক কৈ উঠিছে কৃশানুৱে।

 তভক মাৰি ৰয় তাই। বিশালে কাক কাক কোৱা নাই তাইৰ কথা। খং উঠে তাইৰ। ধৈৰ্য ধৰিবলৈ শিকা নাই সি। তাইৰ বাবে চিন্তা কৰিছে, পৃথিৱীখনক জনাই দিয়ে সেই খবৰ।

 উস! সি ইমান অবুজ নে? সম্পৰ্কৰ মহত্ব তাই বুজে। সকলোৱে বুজিবনে সেই কথা? বিশাল আৰু তাইৰ ঘনিষ্ঠতাক লৈ ইতিমধ্যে বু বু বা বা চলিছেই। সত্যতা নথকা কিছুমান কথা তাই এৰাই চলে। কিন্তু এইবাৰ যে অলপ বেছিকৈয়ে হ’ল। কৃশানুৰ দৰে জুনিয়ৰৰ সন্মুখত তাই অসহজবোধ অনুভৱ কৰিলে। কোনোবাই কৈছিল তাক, বিশাল আজিকালি নিচাত থাকে। সঁচাকৈয়ে নিচাত তাৰ বুদ্ধি লোপ পাইছে।

 “মেডাম। কিবা চিন্তা কৰিছে?”

 “অ’ নহয়। মই জজছাৰৰ ওচৰলৈ যাওঁ। তেওঁ ওলাই গ’লে অসুবিধা হ’ব। তুমি যোৱা কৃশানু। মোৰ ৰূমত বহাগৈ”, তাই দৌৰি দৌৰি জজৰ ৰূম পায়গৈ।

 ক’লা কোট-বগা শাৰী পৰিহিতা অলংকৃতাৰ মনটো আচলতেই ৰঙা। এই কথাটোকে ভাবি ভাবি কৃশানু বহি থাকে তাইৰ চেম্বাৰত। বিশালে আজিকালি খুব ড্ৰিংকচ কৰে। তাৰ অত্যধিক নিচাৰ কাৰণ সিহঁতে বুজি পোৱা নাছিল। মঙলদৈৰ কোনোবা চুকৰ বাৰ এখনত বহি কৃশানু, ৰাহুলহঁতে বিশালৰ পৰা কথাবোৰ কুৰুকি কুৰুকি উলিয়াইছিল।

 অলংকৃতা সুখী নহ’লে সিও অসুখী হয়। অলংকৃতা মাতাল হ’লে সিও মাতাল হয়।

 “কি বিচাৰিছ তই? জাননে অলংকৃতা যে দুটি সন্তানৰ মাতৃ?”, তাক বুজাব নোৱাৰি কৃশানুৱে সুধি পেলাইছিল।

 “জানো”, তাৰ চুটি উত্তৰ।

 “তেন্তে?’’

 “ইয়াতেই ৰৈ যাওক জীৱনটো। মই তেওঁৰ সহায় হৈ সমান্তৰাল পথত ভৰি থওঁ, সেয়াই মোৰ আশা, তাতকৈ বেছিকৈ আশা কৰিবলৈ অলংকৃতাৰ জীৱন-দৰ্শনে মোক বাধা দিয়ে।”

 “বিয়া?”

 “বিয়াৰ কথা ভবা নাই।”

 “তই জাননে, তোৰ মায়ে বিয়াৰ কাৰণে ছোৱালী ঠিক কৰি পেলাইছে।”

 “হাঃ হাঃ হাঃ! মায়ে এতিয়ালৈ কিমান ছোৱালীৰ লগত মোৰ বিয়া ঠিক কৰিলে হিচাপ আছেনে?”

 বিশাল নিচাগ্ৰস্ত। গিলাচৰ নিচা, জীৱনৰ নিচা আৰু প্ৰেমৰ নিচাত সি সমানে আছন্ন। সদ্যহতে সি বিয়া নাপাতে, সেয়া তাৰ সিদ্ধান্ত। অথচ মাকে তালৈ ছোৱালী চাইছে, সেয়াও মাকৰ সিদ্ধান্ত৷ মাকক বোৱাৰী লাগে, সেয়া সত্য।

 “মাক এই নাটকখন বন্ধ কৰিবলৈ কৈ দিবি কৃশানু। নহ’লে মই ঘৰলৈ যোৱাই বাদ দি দিম।”

 সি ঘৰলৈ যোৱা বাদ দিয়ে। অলংকৃতাক লগ পোৱাৰ বাট ৰুদ্ধ হয় তাৰ। দীপকক লগ কৰাৰ পৰিকল্পনা কৰি অলংকৃতাক মাতি পঠিয়াবলৈ ফোন কৰে। অলংকৃতাই ফোন ৰিচিভ নকৰে। সি ভাগি পৰে। কৃশানুক কাকুতি কৰে, ৰাহুলক পঠিয়ায় অলংকৃতাৰ কাষলৈ। একোতে সি শান্ত নহয়। ক্ষান্ত নহয় সি। অস্থিৰতা, উন্মাদনাবোৰ চকুলো হৈ সৰে। এই চকুলোবোৰ বিৰহৰ চকুলো, সিও বুজে।

 “কি কৰিলোঁ মই যে, তেওঁ মোৰ মাতটোকে শুনিবলৈ প্ৰস্তুত নহয়। নে কিবা সমস্যা হৈছে তেওঁৰ? আল্ট্ৰাছে নতুন কিবা জগৰ লগালেনেকি?”

 নাজানে সি। পূবৰ বতাহজাকে অলংকৃতাৰ সুবাস কঢ়িয়াই নানে। ইথাৰত অলংকৃতাৰ মাত ভাঁহি নাহে। কি জগৰ লগালেনো সি?