‘তই নাই’-এই খবৰত হুমুনিয়াহ এৰিছোঁ”, এনেকৈয়ে নিজকে নিচুকাই লয় কেতবোৰ পৰত অলংকৃতাই।
সেই নিচুকণিৰে মনটোক নিচুকাই থাকোঁতেও ওপৰৰ পৰা ভাঁহি অহা গালিৰ টুকুৰাবোৰে তাইক বৰকৈ আমনি কৰিছে। নুশুনো বুলি ভাবিলেও দুটামান কথা বুজি পাই তাইৰ অন্তৰাত্মা কঁপি উঠিছে। তাইৰ সুখৰ দৌলত দেও লগা সময়ে যেন ভুমুকি মাৰি চাই ৰয়৷ কঞ্জনীলে ভাবুকি দিছে আল্ট্ৰাছক ৷ তেওঁৰ সন্মান লাঘৱ কৰাৰ ভাবুকি দিছে। বিনিময়ত আল্ট্ৰাছেও কঞ্জনীলক শেষ কৰি দিয়াৰ ভাবুকি দিছে। চকুৰ আগলৈ ভাঁহি আহিছে সেই দৃশ্য, পৰকীয় প্ৰেমৰ খবৰ বিলোৱাৰ দৃশ্য৷ কথাবোৰ পাগুলি পাগুলি তাই আলমাৰীৰ জপা কাপোৰবোৰকে উলিয়াই জাপি থাকিল। ল’ৰা দুটাক তাই ভাত খুৱাই শুৱাই দিলে। সিহঁতৰ ভাত-পানী চেঁচা হ’ল। আল্ট্ৰাছৰ তাইৰ সন্মুখীন হ’ব পৰা নাই। তাই তলত থাকিলে আল্ট্ৰাছ ওপৰলৈ যায়, তাই ওপৰলৈ গ’লে আল্ট্ৰাছ তললৈ নামি আহে। তায়ো কিবা এক সংকোচেৰে শোৱনি কোঠাৰ পৰা ওলাই আহিব পৰা নাই। শোৱনি কোঠাৰ খিৰিকীখনেৰে চাই ৰয় তাই। আঁটি আঁটি বান্ধি থোৱা ডাঠ পৰ্দা ভেদি তাইৰ মনৰ জুইত জাহ যাবলৈ কাষ চাপি আহিব পৰ| নাই চগাপাখি। অথচ এসময়ত খোল৷ খিৰিকীৰে এই বাটেদিয়েই নামিছিল মুঠি মুঠি জোনাক। সোণৰ পালেঙত তগবগাই দৌৰিছিল তেজাল সপোনৰ ঘোঁৰা। এই বাটেদিয়েই নামিছিল দিগন্ত বিয়পা নীলিমাৰ টুকুৰা। সেই খিৰিকীখন এতিয়া বন্ধ। বাহিৰৰ বতাহজাকে তাইৰ খবৰ ল’বলৈ বাৰে বাৰে বন্ধ খিৰিকীত খুন্দা মাৰিছে৷ জোনবাইজনীয়ে তাইলৈ জুমি চাইছে। তাইৰ শূন্যতাৰ ওপৰত উবুৰি খাই পৰিছে ব্যভিচাৰৰ পৃথিৱী।
“ মোৰ ক্ষুদ্ৰ পৃথিৱী, মোকেই কিয় ঠগিলি, কিয় মোৰ সৰল অংকবোৰত জটিল সূত্ৰ ঢালিলি?”, তাইৰ বিলাপত তাইৰ শৰীৰৰ পৰা মাংস খহে, খহি পৰে তাইৰ অতদিনৰ সঞ্চিত সম্ভাৰ।
“এতিয়াও কি বাকী আছে মোৰ? নিজৰ বুলিবলৈ অকণমান অহংকাৰ বাকী আছেগৈনে? আছেনে আত্মত্যাগৰ ক্ষমতা?”
কোনোবাই সোঁৱৰায় তাইক, এয়াতো শাশ্বত সত্য । এয়াতো প্রকৃতিৰো সূত্ৰ। কোনে কয় মানুহ একগামী? মানুহ দেখোন স্বভাৱগতভাৱেই বহুগামী ৷ মানুহক কপৌৰ সতে তুলনা কৰা নাযায়। ধনেশ পক্ষীৰ দৰে একসুৰীয়া প্রেমৰ গীত নাগায়
মানুহে৷ হলৌ-বান্দৰৰ দৰে সম্পর্কৰ বন্দিত্বৰে মানুহৰ সম্পর্কবোৰ আস্থায়িত নহয়। মানুহ প্রকৃতিগতভাৱেই বহুগামী। তেতিয়াহলেনো আল্ট্ৰাছৰ ভুল ক’ত? মানুহে কৰিব বিচৰা কামেইতো কৰিছে আল্ট্ৰাছে , অথচ মানৱজাতিৰ এই সহজাত আচৰণত কিয় কষ্ট পায় তাই?
প্রশ্নবোৰে পকনীয়াৰ ৰূপ লয়। সেই পকনীয়াত জাহ যায় কিছু বিভ্ৰান্তি। সহনশীলতাৰ পৰীক্ষা কৰি তাইৰ মনটোক উত্তৰবোৰ দাঙি ধৰে।
“ইয়াৰ মাজতে সমাজৰ সৃষ্টি হ’ল। সৃষ্টিৰ স্বাৰ্থত পৰিয়াল সৃষ্টি হ’ল। প্ৰৱৰ্তন হ’ল বিবাহ ব্যৱস্থাৰ। বিবাহ ব্যৱস্থাই সম্পৰ্কবোৰ মজবুত কৰিলে। আস্থা বাঢ়িল, বাঢ়িল প্ৰেমৰ দৰে স্বর্গীয় অনুভূতি।
এৰা। প্ৰেমেই অন্ত পেলালে বহুগামিতাৰ। একমাত্ৰ প্ৰেমেই মানুহক পৃথক কৰি আনিলে আদিমতাৰ জগতৰ পৰা। প্ৰেমত মগ্ন হৈ মানুহে কবিতা ৰচিলে, সুৰ দিলে, সুৰবোৰে আত্মা জুৰ পেলালে, আত্মাই বিশালতাৰ সূত্ৰ শিকালে।
বিশালতা!
শূন্য এটাৰ দৰে গোল গোল উত্তৰবোৰ বাগৰি আহি তাইৰ ভৰিত থমকি ৰ’ল। বিশালতা আৰু শূন্যতাৰ সম্পৰ্ক মহাজাগতিক সম্পৰ্ক। শূন্যতাবোৰ আঁকোৱালি লৈও আকাশখন বিশাল। একেই শূন্যতাখিনি বুকুত সাৱটি ধৰিও বিশাল হৈ উঠিব নোৱাৰিবনে তাই? প্ৰেমৰ হাজাৰ ৰঙৰ ত্যাগেৰে শুকুলা হৈ নুঠিবনে তাই?
প্রেম হেনো বহুৰঙী। কেতিয়াবা প্রেমৰ ৰং সেউজীয়া, যেতিয়া হৈ থাকে ই আস্থাৰ প্রতীক। কোনো এদিন প্রেমৰ ৰং ৰঙা, তেতিয়া ই আকুলতাৰ প্রতীক। এই সময়ত প্ৰেমৰ ৰং হালধীয়া, ই এতিয়া ত্যাগৰ প্রতীক। কেতিয়াবা প্ৰেমৰ ৰং নীলা, ই তেতিয়া বিৰহৰ প্রতীক ৷ যেতিয়া প্ৰেমৰ ৰং বেঙুনীয়া, তেতিয়া ই জটিলতাৰ প্রতীক হৈ পৰা এক উন্মাদনা।