পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিশালৰ সৈতে সম্পৰ্ক এক ৰিস্ক। তাই শুদ্ধ বুলি ভবা প্ৰতিটো কথাতেই ৰিস্ক। এতিয়া দীপকক লগ কৰাটোও হয়তো এটা ডাঙৰ ৰিস্ক।”।

 ‘খোজ লাহেকৈ দিবি’ বুলি সকীয়াইছিল মাকে। কাঁইটৰ মাজত খোজ কাঢ়ি কাঢ়ি এতিয়া অকণোৱেই ভয় নালাগে তাই। মৃত্যুৱেতো শেষ সীমা। মৃত্যুৱেতো চৰমতম শাস্তি। সেই মৃত্যুলৈকে ভয় নালাগে তাইৰ। ভয় নালাগে বাবেই নিশা অন্ত পৰাৰ লগনখিনিতে তাই সিদ্ধান্ত ল’লে, ‘এই ৰিস্ক লোৱা যাওক’। এবাৰলৈ দীপকক লগ কৰিব তাই। এই সুযোগ এৰিব নোখোজে তাই।

 ৰাতি পুৱাই তাই ফোনটো লৈ বিশেষ নম্বৰটো ডায়েল কৰিলে। দিন-বাৰ স্থান ঠিক কৰিলে। সিফালে উৎকুল্লিত হৈ পৰিল দুজন বন্ধু।

 “আহিব বুইছ ধ্ৰুৱম। অলংকৃতা হেনো আহিব।”

 “ফোন কৰিলে নেকি তাই?”, পুৱাৰ চিকুণ টোপনিটো ভাগি যায় দীপকৰ মাতত।

 “ওমম। এইমাত্ৰ তাইৰ ফোন আহিল।”

 দীপকে ধ্ৰুৱমলৈ চাই মিচিককৈ হাঁহি এটা এৰে। ধ্ৰুৱমৰ শিশুহেন নিষ্পাপ চকুযুৰিৰ পৰা উজ্জ্বল ৰশ্মি এজোলোকা উফৰি আহি গোটেই কোঠাটো বিয়পি পৰে। সপোন নহয়তো! অত বছৰৰ অপেক্ষা, মৌনতা, নিৰৱতা, অভিমানৰ শেষত এই মিলন পৰ্ব! সুখ এনেকৈয়ে হঠাতে আহেনে?

 ইমান ৰং! ইমান ৰং! সৌ সন্মুখৰ বাগানভেলিয়াজোপাত ৰং, সৌ কাম চৰাইৰ ঠোটত ৰং, সৌৱা পখিলাজনীয়ে কঢ়িয়াই লৈ ফুৰিছে অতবোৰ ৰং। চকু মুদি দিয়ে সি। সৌজনী অলংকৃতা, বগা ফ্ৰকৰ সৈতে ৰঙা ফিটা মৰা দুডাল বেণীৰ তাইৰ মুখখনচোন ৰঙেই ৰঙা। নেপথ্যত গাৰ্লচ স্কুলৰ অডিটৰিয়ামৰ বাজি উঠা সমৱেত সংগীত,

 “আজি মন ৰঙা,

 জীৱন ৰঙা,

 সাতোখন মহাদেশ ৰঙেই ৰঙা।”

++

(ত্ৰিশ)

 ‘সাগৰৰ ঢৌৰ দৰে উত্তাল হৈ থকা বুকুখন কোনোমতেই চম্ভালিব পৰা নাই তাই। আল্ট্ৰাছৰ প্ৰতি থকা সমস্ত অভিমান ছাই হৈ গৈছে। ক্ষমাৰে সকলোকে যেন মুক্ত কৰি দিব। এই যেন কৈ দিব আল্ট্ৰাছক, “যোৱা আল্ট্ৰাছ, তুমি যিদৰেই সুখী হোৱা, তেনেদৰেই থাকা। তোমাক লৈ মোৰ কোনো আক্ষেপ নাই। কোনো আক্ষেপ নাই কাকোৱেই লৈ। সকলো যিদৰে সুখী হয়, সেইদৰেই থাকক। ময়ো থাকিম সেইদৰেই।”

 আচলতে দীপকৰ ফোনটো অহাৰ পাছতে তাই আনন্দত আত্মহাৰা হৈ পৰিছে। কথাবোৰ ক’বলৈ মন গৈছে কাৰোবাক। পৃথিৱীখনক চিঞৰি চিঞৰি জনাবলৈ মন গৈছে, “চা, চা, মোক কোনে ফোন কৰিলে, মই হেনো দীপকক লগ পাম। বুজিছনে তহঁতে, দীপকক লগ পালেই মই ধ্ৰুৱমকো লগ পাম৷, ধ্ৰুৱমক যে মোৰ কিমান কথা ক’বলৈ আছে! ”

 ধ্ৰুৱমকো ক’বলৈ আছে তাইৰ, “বহুত মানুহ লগ পালোঁ ধ্ৰুৱম। কোনোবাই বুকুৰ কথা পাতিলে, কোনোবাই শৰীৰ চুলে, তোৰ দৰে আত্মা চুব পৰা মানুহ কোনোৱেই নোলাল দেখোন। আৰু এই যে দীপক, সি তোক ইমান আৱৰি ৰাখে। মোৰ আত্মাটো আলফুলকৈ ৰখা তোৰ সত্বাটোক আৱৰি থকা বাবেই সিও মোৰ বৰ মৰমৰ। চাচোন, মই যে এতিয়া তাকেই লগ কৰিবলৈ যোৱাৰ কথা”।

 এই কথাখিনিকে তাই কাকো ক’ব পৰা নাই। আনন্দবোৰ ভাগ কৰিব পৰা নাই বাবেই মিহি মিহিকৈ বুকুত এটা বিষ আৰম্ভ হৈছে৷ কিবা দিবাস্বপ্নত নিমজ্জিত হৈ আছে তাই। সেই চিংফৌ গাঁওখনলৈ বহু দূৰ। তাতেই দীপকক লগ কৰিব। গোপনে লগ কৰিব তাই, তাকো অকলে। ওহোঁ। অকলে নহয়। লগত দীপকৰ মাকক লৈ যাব। সেই সুখখিনি তাই অকলে কঢ়িয়াব পৰা নাই। দুখৰ মদিৰা অকলে পিব পাৰি, সুখৰ ফাকু অকলে খেলিব