পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সমাজ মানেই এটা শৃংখলিত ব্যৱস্থা, আঁত হেৰালে যি অস্থিৰ হয়। সাম্প্ৰতিক পৰিৱেশত নৈতিকতাৰ অভাৱ দেখি তাইৰ দৰে নৈতিকতাত বিশ্বাসী লোকসকল হতাশ হয়। আজিকালি অনিয়মবোৰতে সমাজৰ সূত্ৰবোৰ ওলমি ৰয়, ক’লাধনৰ কোবাল সোঁতত সততা আৰু নৈতিকতাৰ অপমৃত্যু হয়। সেই যে প্লেটো আৰু এৰিষ্টটলৰ সূত্ৰবোৰ, সেইবোৰ কিতাপৰ পাতত বন্দী হৈ ৰয়।

 কথাবোৰ ভাবি ভাবি তাই ছবিখন আঁকি আছিল। ল’ৰা দুটাই ওচৰতে বহি একাত্মমনে চাই আছে। সিহঁতৰ লগতে সন্ধ্যাবোৰ পাৰ কৰে তাই। আজিকালি এইখনত লাগি থাকে কাৰণে সিহঁত দুটিয়েও ওচৰত বহি লয়। কিটচেনৰ পৰা পকৰী ভজাৰ ফুৰফুৰীয়া গোন্ধ এটা বতাহত বিলীন হৈছে। চাহ একাপ। এৰা। চাহ একাপৰ প্ৰয়োজনবোধ অনুভৱ কৰিলে তাই। সহায়কাৰী ছোৱালীজনীক মাতিবলৈ লওঁতেই কলিংবেলটো বাজি উঠে। তাই ওলাই আহে। দুৱাৰখন খুলি দিয়াৰ লগে লগে পাপৰি সোমাই আহে, চোফাত ভৰি দুখন উঠাই বহি লয় তাই। অলংকৃতাই তাইলৈ চাই ৰয়। পাপৰিৰ বাবে অলংকৃতা অতি মৰমৰ বায়েক। সৰু ছোৱালীজনীৰ অন্তৰখন খোলা, মুখখন কিছু ক্ষেত্ৰত পাৰ নবন্ধা। আজিও তাই আহিয়েই অভিযোগ তুলিলে,

 “বা, আৰু কিমানদিনলৈ এই অভিনয় চলিব? সহনশীলতাৰ মুখাৰে নিজক কিমান আৰু ঢাকিবা?”

 সিদিনা লগ পাওঁতে এইজনী পাপৰিয়েই তাইক গালি এজাউৰি পাৰিছিল, সুধিছিল, “কিয় বা, কি কাৰণে তুমি প্ৰতিবাদ কৰা নাই, তোমালোকৰে যদি এয়ে আদৰ্শ হয়, বাকীসকলৰ কি হ’ব ভাবি চোৱাচোন।” তাইৰ বন্ধুবৰ্গই আল্ট্ৰাছক দেখিব নোৱাৰা হৈছে। শিক্ষিতা তথা আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি তাই এই সম্বন্ধৰ পৰা আঁতৰি আহিব লাগে। কি দৰকাৰ আছে কষ্ট খাই থাকিবলৈ? মানসিকভাৱে তাই প্ৰায়ে ভাঙি পৰে, দাঙি ধৰিবলৈ কাষত হাত এখন নাথাকে, অথচ কি যে এক মোহত এই জুপুৰিত তাই পৰি থাকেঙ্গ

 আজিও পাপৰি আহিয়েই তাইক জবাবদিহি কৰিলে, “কোৱা কৃতাবা, কিমানদিনলৈ? কিমানদিনলৈ এই সহনশীলতাৰ অভিনয় চলিব?”

 “তুমি কোৱা পাপৰি, কি কৰিব লাগিছিল মই?”, অলংকৃতাই প্ৰশ্ন এৰে পাপৰিলৈ।

 “কি কৰিব লাগিছিল মানে? যোৱাগৈ ইয়াৰ পৰা। নিজৰ মতে জীয়াই থাকা।”

 “এতিয়াওতো তাকেই কৰি আছে॥ নিজৰ জীৱন নিজৰ মতে জীয়াই তুলিছোঁ৷”

 “আল্ট্ৰাছক সংগ দিয়াৰ প্ৰয়োজন কি? তেওঁৰ পৰা কিয় আঁতৰি যাব পৰা নাই?”

 এইবাৰ তাই গহীন হৈ বহি পৰিল। তাৰ পাছত লাহে লাহে কৈ উঠিল,

 “চোৱা পাপৰি। তোমাৰ প্ৰশ্নৰ উত্তৰ বৰ জটিল। মই আল্ট্ৰাছৰ লগত কিয় আছোঁ, এই প্ৰশ্নটো মই নিজেও নিজক বহুতবাৰ সুধিছৌ। এটা কথা ঠিক, এটা সময়ৰ পাছত জীৱন সুস্থিৰতালৈ আহে। তুমিতো জানা, মানুহ পৰিৱৰ্তন হ’বলৈ নিবিচাৰে, জীৱনে তেনেকুৱাই। পৰিৱৰ্তন নিবিচাৰে। অনাহক পৰিৱৰ্তনে জীৱন থান-বান কৰাৰ শংকা থাকে।”

 পাপৰিয়ে নুবুজে। নাৰী স্বাধীনতাৰ হকে কথা কৈ অহা অলংকৃতাৰ এই স্থিতিয়ে তাইক দোমোজাত পেলায়। অলংকৃতাই কৈ যায়,

 “কি জানা পাপৰি, যিমানেই শিক্ষিতা নতুবা আধুনিকা নহওঁ কিয়, কোনোবাখিনিত মই এগৰাকী মাতৃ। সিহঁতৰ ভ্ৰূণ গৰ্ভত লোৱাৰে দিনাই মই দায়বদ্ধ হৈছো, সিহঁতক ডাঙৰ হোৱালৈকে খুটি খুঁটি খুৱাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। এই প্ৰতিশ্ৰুতি ভংগ কৰিবলৈ হ’লে মই নিজকে ক্ষমা কৰিব নোৱৰিম।”

 “সন্তানৰ মনৰ সুস্থ বিকাশৰ বাবে পিতৃ-মাতৃ দুয়োৰে মৰমৰ দৰকাৰ। নিজৰ স্বাৰ্থৰ বাবে সিহঁতক সেই মৰমৰ পৰা বঞ্চিত কিদৰে কৰোঁ, তুমিয়ে কোৱা। এটাই সমস্যা মাথোঁ, মই অলপ বেছি আৱেগিক। মৰমৰ মাজত উঠা ছোৱালী, মৰমৰ অভাৱ হলেই বুকুখন ধৰফৰায়। তাৰ বাদে মোৰ একোৱেই দুখ নাই। সুস্থ শৰীৰ, সুস্থ মন, দুটিকৈ সন্তানৰ উমাল পৰশ, নিজৰ মতে জীয়াই থকাৰ স্বাধীনতা-সুখী হৈ থাকিবলৈ আৰু কি লাগে মোক? এই যে মোৰ অস্বস্তি দি থকা শব্দবোৰ, বাৰাংগনাৰ আৰু খলনায়িকাৰ অনুভৱবোৰ, এইবোৰেহে মোক মাথোঁ শান্তিত থাকিবলৈ নিদিয়ে পাপৰি।”

 কোঠাটো নিৰৱতাত জীণ যায়। চাহ-পকৰিৰ ট্ৰে লৈ অঞ্জলি নামৰ সহায়িকাজনী সোমাই আহে। বাহিৰত