কাকতখন পঢ়িবলৈ সময় পালেহে! তাইৰ দৃঢ়বিশ্বাস, এই প্ৰশ্নৰ উত্তৰটো ধ্ৰুৱমে জানিব। কিন্তু তাক সোধে কেনেকৈ? কিছুপৰ তাই তলকা লাগি বহি থাকিল। তেনে সময়তেই ধ্ৰুৱমে তাইৰ ফালে চাই বেলেগ এটা প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিলে,
“অই কৃতা!”
কি?”
“এইটো কি লিখিলি?”
বচ! হৈ গ’ল তাইৰ বৰাবৰ হিচাপ। সি নজনাটো তাই দেখুৱালে, বিনিময়ত তাই লিখিছে জ্ঞানপীঠ বঁটা বিজয়ীৰ নাম, ‘ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।”
অতীতৰ পৰা বৰ্তমানলৈ ঘূৰি আহিল তাই। মাইক্ৰ'ৱেভত গৰম হ’বলৈ দিয়া গাখীৰখিনি চেঁচা পৰিল। চেঁচা গাখীৰখিনি আকৌ এবাৰ গৰম কৰিবলৈ চুইচ পকাই তাই অনুভৱ কৰিলে, তাইৰ বৰ্তমানটো এই চেঁচা গাখীৰখিনিৰ দৰেই সেৰেকা আৰু নিঃস্ব। যি ঐশ্বৰ্য বিভূতিৰ অহংকাৰেৰে তাইৰ গৰ্বিনী সময়বোৰ ওফন্দি থাকে, সেয়াতো সেই ৰঙীন অতীতেই কঢ়িয়াই অনা।
পঢ়াত লোকচান হ’ব বুলি তাই গান গাবলৈ নিশিকিলে। পঢ়াত সময় দিব নোৱাৰিব বুলিয়ে ছবি অঁকাও নহ’ল। ৰিজাল্টটো অলপ ইফাল সিফাল হ’লেই কন্দা-কটাখন লগোৱা তাই পঢ়াৰ বাদে আন কোনো কথাতে ইমান চিৰিয়াচ হোৱা নাছিল। কিন্তু সম্তানৰ ক্ষেত্ৰত এনে হ’বলৈ নিদিয়ে তাই। ল’ৰাহঁতক পাঠ্যপুথিৰ মাজত বন্দী কৰি নথয় তাই। সিহঁতে গান গাব, ছবি আঁকিব, বৰশী টোপাব, বাহিৰা কিতাপ পঢ়িব। সেয়ে ৰিজাল্টৰ কথাত তাই মূৰ নঘমায়। দৌৰাদৌৰিকৈ তাই সাজু হয়।
সোনকালে আহিবলৈ ৰমেশক খবৰ দিয়া নহ’ল। বৰঞ্চ নিজেই গাড়ীখন লৈ ওলাই গ’ল। স্কুলত তাইৰ খুব কমেইহে যোৱা হয়। স্কুলত উপস্থিত হোৱাৰ লগে লগে স্বেচ্ছাসেৱক এজনে তাইক সভাস্থলীলৈ আগবঢ়াই লৈ গ’ল।
“মিচেছ বৰুৱা, আপোনাৰ দুয়োটা সন্তানেই একেবাৰে অপজিত নেচাৰৰ”, কোনোবা এগৰাকী শিক্ষয়িত্ৰীয়ে তাইক উদ্দেশ্যি কৈ উঠিল।
তাই জানে, তাইৰ যে দুয়োটা সম্তান বিপৰীত স্বভাৱৰ সেই কথা তাইৰ অজ্ঞাত নহয়। এটাই যদি তাইৰ দৰে কিতাপৰ লাইব্ৰেৰীটোতে পৃথিৱীখন সোমাই আছে বুলি বিশ্বাস কৰে, আনটোৱে পাঠ্যপুথিৰ জ্ঞান নোহোৱাকৈয়ে আত্মবিশ্বাসেৰে টলমল হৈ থাকে।
এটাৰ শৈক্ষিক অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰাৰ লগে লগে আনটোৰ স্বভাৱজাত আচৰণবোৰত সন্তুষ্টি প্ৰকাশ কৰিছিল শ্ৰেণী শিক্ষয়িত্ৰীয়ে।
“বৰ মৰম আকলুৱা সি। চেনচিটিভ। ক্লাছৰ টিফিন ননা ল’ৰাটোক তাৰ টিফিনটোকে দি দিয়ে খাবলৈ। একোলৈকে ভয় নকৰে সি”, সন্তানৰ কথাবোৰ শুনি তাইৰ চকু দুটা সজল হৈ আহিল। তাই নজনাকৈয়ে সিহঁত ডাঙৰ হৈছে। তাইৰ আঁচলৰ পৰা সৰকি নিজৰ একোখন পৃথিৱী গঢ়ি তুলিছে। সিহঁত ডাঙৰ হৈছে। ভাল লাগি গ’ল তাইৰ। চৰাই পোৱালিটোৰ দৰে খুঁটি খুঁটি খাবলৈ শিকোৱা ল’ৰাহালে নিজৰ অস্তিত্বৰ উমান দিছে। তাইও এদিন এনেকৈয়ে ডাঙৰ হৈছিল। কিতাপৰ পৃথিৱীত টহল দি ফুৰিছিল। তছলীমা নাছৰীনৰ ‘লজ্জা'খন পঢ়িছিল। পঢ়িছিল সুৰঞ্জন আৰু পাৰবীনৰ ভালপোৱাৰ কাহিনী।
‘তই এটা চৰাই’, সুৰঞ্জনে পাৰবীনক সাৱটি কৈ উঠে মানে তায়ো নিজক কোনোবাজনৰ বাহুবন্ধনত কল্পনা কৰি লয়।
“তাৰু তই! তই এটা বান্দৰ”, পাৰবীনে সুৰঞ্জনক কোৱা কথাবাৰ তাই দৌৰি আহি ধ্ৰুৱমৰ কাণত পেলায়হি।
আস! চৰাই! বান্দৰ! তাই চৰাইজনীৰ দৰে ডেউকা মেলি মেলি উৰিব, সি গছৰ ডালত বহি তাইলৈ চাই ৰ’ব। কি যে সৰল অনুভূতি! ওঁঠেৰে মিচিককৈ হাঁহি এটি ওলাই যায় তাইৰ। পগলাটো৷ যে ক’ত হেৰাই থাকিল,কিমান কথা যে ক’বলৈ আছিল তাইৰ, ক’বলৈ আছিল, ‘চা চা ধ্ৰুৱম, তোৰ আদৰ্শৰে মোৰ ল’ৰা ডাঙৰ হৈছে, তোৰ