পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

উচপিচকৈ ঘূৰি ফুৰে৷ তাইক অকলে এৰিবলৈ সত নাযায় তাৰ। তাইক কান্দিবলৈ দি সি অদূৰত ৰৈ থাকে।

 ধ্ৰুৱমৰ স’তে কটোৱা ঠাইখিনিলৈ তাইৰ অহেতুক মোহ জাগিছিল। “এইখিনিতে এটা জুপুৰি সাজিম। আৰু তাতে উমলি থাকিব তোৰে মোৰে কথাবোৰ। ৰাতিটো পাহাৰখনে বিনাব আৰু নৈখনে ওফোন্দ পাতি পাহাৰৰ বুকুৰ পৰা সাগৰলৈ গুচি যাব। কোনোবা এদিন মোৰ টোপনি নাহিব, সিদিনা তই আহি মোক নিচুকাবি। কিমান যে সপোন মোৰ ধ্ৰুৱম! এই সপোনবোৰ মনৰ ভাঁজতে থাকি যাব নেকি ধ্ৰুৱম?”

 মূৰটো বৰকৈ ঘূৰাইছিল তাইৰ। চকুৰ পতা ঢাল খোৱা দেখি দীপক দৌৰি আহি তাইক সাৱটি ধৰিছিল। আৰু মুহূৰ্ততে হুৱা দুৱা লাগিছিল। এম্বুলেন্স মাতি সি গাড়ী দৌৰাইছিল চিভিল হস্পিতেললৈ। চিভিল হস্পিতেলৰ পৰা ৰেফাৰ কৰা হ’ল চিকিৎসা মহাবিদ্যালয়ৰ ৱাৰ্ডলৈ। গোমোঠা মুখখন লৈ আল্ট্ৰাছ গৈ ৱাৰ্ডত উপস্থিত হৈছিল, খঙত ৰঙা পৰিছিল তেওঁ, ডাক্তৰ-নাৰ্ছৰ সন্মুখতে তাইক ভৰ্ৎসনা কৰিবলৈ এৰা নাছিল, “কথা মানিলেহে। অলৌ তলৌকৈ য’তে ত’তে ঘূৰি ফুৰিব। খোৱা-শোৱাৰ হিচাপ নাই। মূৰ ঘূৰণি হ’বই!”

 স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত থৰ লাগিছিল আল্ট্ৰাছৰ চকু। যদিওবা সি নিতৌ কন্যা সন্তান এটিৰ বাবে অলংকৃতাৰ শৰীৰ তচনচ কৰিছিল, তথাপি আজি অ’ত কালি ত’ত কটোৱা অলংকৃতাৰ গৰ্ভত নতুন বীজ ৰোপণ হোৱাৰ খবৰটোৱে তাক ভিতৰি ভিতৰি শংকিত কৰিলে। অহৰহ পাখি কটাৰ প্ৰচেষ্টাত ব্যস্ত থকা আল্ট্ৰাছে অলংকৃতা অন্তঃসত্বা হোৱাৰ খবৰটোত যিমান সুখী হ’ব লাগিছিল, সিমান নহ’ল। মনৰ ইচ্ছামতে মুকলিকৈ উৰি ফুৰা চৰাইজনী পুনৰবাৰৰ বাবে ঘৰৰ চাৰিসীমাত বন্দী হোৱাৰ খবৰত অজান তৃপ্তি লাভ কৰিছিল, সমানেই আন এক সন্দেহে আল্ট্ৰাছৰ টোপনি কাঢ়ি নিছিল,

 এই সন্দেহে তাক কুটি কুটি খালে। সেই সন্দেহ ঢাকি ৰাখিব নোৱাৰিলে। অতি নিৰ্লজ্জভাৱে অলংকৃতাৰ ওচৰত সি ব্যক্ত কৰিলে সেই কথা, এই সন্তানৰ পিতৃত্ব সম্পৰ্কে সেই নিশ্চয়তা দিয়ক তাই। সি প্ৰায় ভিক্ষা খোজাৰ দৰে অলংকৃতাৰ ভ্ৰুণৰ ডি এন এ পৰীক্ষাৰ দাবী জনালে।

 সেই দাবীত তাই ফেঁটীসাপৰ দৰে ফণা মেলি উঠিব লাগিছিল, হাতত ত্ৰিশূল লৈ দুৰ্গাৰ দৰে মষিমূৰ কৰিব লাগিছিল সন্দেহৰ কলা ছাঁবোৰ, তেনেকুৱা একোকে নকৰিলে তাই। ধ্ৰুৱমে তাইৰ ধৈৰ্যৰ মহিমাৰ বিষয়ে কৈছিল। ধ্ৰুৱমৰ বাবেই তাই নিজকে সংযত কৰে। সেয়ে খুব শান্তভভাৱে অলংকৃতাই আল্ট্ৰাছক চাই চাই ক’লে,

 “মনত আছে নে আল্ট্ৰাছ, এদিন তোমাক কৈছিলোঁ, অলংকৃতা বৰুৱাই অন্ততঃ ইমান কেঁচা কাম নকৰে বুলি?”

 “কি কাম? কি কাম কৰিলা তুমি?”, তাইৰ কামৰ আদ্যোপান্ত বিচাৰি নাপাই আল্ট্ৰাছ হতাশাত ভাগি পৰে। অলংকৃতাই চিলিঙৰ ফেনখনলৈ চাই চাই কামবোৰৰ ফলাফল বিচাৰ কৰে। নিজৰ সন্তানক আল্ট্ৰাছে মুক্ত মনেৰে গ্ৰহণ কৰিব পৰা নাই। অট্টহাস্য এটাৰে আল্ট্ৰাছৰ বুকুত ঢকিয়াই সুধিবৰ মন যায়, “এতিয়া কেনে লাগিছে আল্ট্ৰাছ? জানানে, উল্কি সম্তানসম্ভৱা আছিল বুলি শুনি মোৰো একেই অনুভৱ হৈছিল?”

 হয়। এয়া তাইৰ অন্যতম সফলতা। শুদ্ধ পথত থাকিও প্ৰতিশোধ লোৱা যায়। নতুনকৈ আহিবলগীয়া সন্তানটোৱে আল্ট্ৰাছৰ গৰ্ব-খৰ্ব কৰিছে। পোন প্ৰথমবাৰৰ আল্টাছে তাইৰ চকুত চকু মিলাই চাবলৈ সাহ কৰা নাই। মানুহজনী ক্ৰমাৎ ওখ হৈ পৰিছে। তাইৰ ভ্ৰণৰ ডি এন এ পৰীক্ষা কৰা নহ’ব, আল্ট্ৰাছক স্পষ্টকৈয়ে জনাই দিছে সেই কথা। নিজৰ শৰীৰটোে৷ পৰীক্ষাগাৰত ব্যৱহাৰ কৰিবলৈ নিদিয়ে তাই। তাইৰ সন্তানৰ মাতৃ জী থাকিব। পিতৃয়ে স্বীকাৰ কৰক বা নকৰক।

 দোমোজাত পৰিছে আল্ট্ৰাছ৷ সৰুকৈ থকা সন্দেহ এটা নিৰ্লজভাৱে দাপোণত প্ৰতিফলিত হ’ল।পুৰুষত্বৰ অহংকাৰ দেখুৱাবলৈ গৈ তেওঁ চূড়ান্তভাৱে হাৰি গ’ল। না পত্নীৰ ওচৰত সি আপোনত্বৰ অধিকাৰ দাবী কৰিব পাৰে, না আহিবলগীয়া সন্তানটিক সি বিনাদ্বিধাই নিজৰ বুলি মানি ল’ব পাৰে। কথাবোৰৰ অমিলে তাৰ গোটেই সুখবোৰ চান কাঢ়ি লোৱাৰ ভাবুকি দিয়ে। সি বুজি উঠে, গোটেই কথাবোৰ সময়ৰ ইতিহাসত লিপিবদ্ধ হৈ গৈছে। সময়ে ভ্ৰূকুটি কৰিছে তাক।

 হস্পিতেলৰ পৰা দুৰ্বল শৰীৰটো লৈ উভতিছিল মাত্ৰ, কাবুলৰ দুৰ্ঘটনাৰ সবিশেষ বাতৰিত প্ৰচাৰ হৈ থকা