পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(এক)

 ছবিয়ে কথা কয় নে নকয়? যদি কয় সেই ছবিয়ে বুকুত বিহৰ ঢল আনে নে? তেনে ছবিয়ে কলিজাত দুখৰ শিলনি সাজে নে?

 নাজানে অলংকৃতাই। নাজানে সেই ছবিয়ে হুমুনিয়াহবোৰ ওলাই আহিব নোৱাৰাকৈ কিদৰে তাইৰ বুকুত শিলনি বান্ধি ল’লে। সেয়া যেন ছবি নহয়, এহাল কিশোৰ-কিশোৰীৰ জীৱন্ত প্ৰেম-গাথা।

 অলংকৃতাই অফিচৰ বিশাল টেবুলৰ কাষতে লাগি থকা কম্পিউটাৰটোলৈ চেয়াৰখন ঘূৰাই ল’লে। অফিচ ইতিমধ্যে ছুটী হৈ গৈছে। কম্পিউটাৰৰ ছোৱালীজনীও গ’লগৈ৷ তাইহে অকলে অকলে পৰি ৰৈছে। বিশাল অফিচ চৌহদৰ সুসজ্জিত কোঠা এটিত অকলশৰীয়াকৈ জীৱন-জগত, প্ৰেম-হুমুনিয়াহৰ ককটেইল মিলাই তাই পান কৰি গৈছে।

 কঞ্জনীলে পঠোৱা ফটোবোৰ তাই কম্পিউটাৰত চাই ৰ’ল। যিমানেই তাই কথাবোৰ সহজভাৱে ল’ব বিচাৰিছে, সিমানেই তাই সুৰংগ ফালি ৰহস্য ভেদত আৱদ্ধ হৈছে। পখিলা এজনীৰ দৰেই লাগিছে ছোৱালীজনীক৷ কি নাম আছিল তাইৰ? কি নাম সেই ৰঙীন ৰংগনাৰ? যদিও তাই মনত পেলাব নোখোজে সেই নাম, তথাপি সেই নামে তাইৰ পিছ নেৰে।

 উল্কি আছিল তাইৰ নাম। উল্কি শইকীয়া। এহাতেৰে তাইৰ কঁকালত ধৰি সেয়া আল্ট্ৰাছ নিয়াজিৰ। খুব সুখী যেন দুয়োটি৷ চঞ্চল বতাহজাকে যেন আৰু চঞ্চল কৰি তুলিছে দুয়োকে৷ মায়’ডিয়াৰ শুভ্ৰ হিমগুৰিয়ে উল্কিৰ ৰঙা টুপীটো শুকুলা কৰি তুলিছে। বৰফে বৰফে উৰি ফুৰা সেইকুৰা যেন জ্বলি থকা এটুকুৰা আঙঠা। ইমান উত্তাপ! ইমান উত্তাপ সেই সম্বন্ধত? যি সম্বন্ধত সমাজ আৰু আইন ধৰাশায়ী হয়, সেই সম্বন্ধই কিয় ইমান উত্তাপ কঢ়িয়ায়?

 নিজক পাৰে মানে আঁতৰাই থৈ তাই উল্কি আৰু আল্ট্ৰাছৰ ছবিবোৰ চাই গৈছে। প্ৰতিখনেই বেলেগ বেলেগ ৰঙৰ কেনভাচ। প্ৰতিখনেই নিয়মৰ বিপৰীতে অনিয়মৰ বাণী ছটিয়াই গৈছে।

 ক'ৰবাত তাইৰ চিঞৰটো মায়'ডিয়াৰ পাহাৰত ঠেকা খাইছে।

 “এয়া অনীতি”, তাই চিঞৰিছে।

 পাহাৰৰ সিপাৰৰ পৰা খিলখিলনিৰ প্ৰতিধ্বনি ভাঁহি আহিছে,

 “নহয় অনীতি। এয়াই সত্য”।

 সত্য! এই অনীতিবোৰ সত্য। অনিয়মবোৰ হেনো অনিয়ম নহয়। কোনে কয় সেই কথা? সমাজে বান্ধি থোৱা এডাল সোলোক-ঢোলোক শিকলিত বন্দী হৈ তাইৰ কাঠগৰাত থিয় নিদিয়ে সেই নাৰীয়ে, যি নাৰীয়ে তাইৰ একান্ত প্ৰিয়জনৰ স’তে ঘনিষ্ঠতাৰ ঘৰ সাজিছে।

  আল্ট্ৰাছৰ ফেচবুক একাউণ্টত সোমাই তাই ফটোবোৰ ক্লিক কৰি যায়। তাৰ পাছত উল্কিৰ একাউণ্ট খোচৰে। একেই ঠাইৰ ফটো। যুগ্ম ফটোবোৰ তাত নাছিল। যুগ্ম ফটোবোৰ আছিল কঞ্জনীলে পঠোৱা ফটোবোৰত। যুগ্ম মানে উল্কি আৰু আল্ট্ৰাছ, আল্ট্ৰাছ আৰু উল্কি। ধৰফৰাই ৰৈছে তাই আৰু কঞ্জনীল। প্ৰেমক সদায়ে প্ৰাধান্য দি অহা তাই এই প্ৰেমত মূক হৈ পৰিছে। ধৰ্মৰ প্ৰসংগ নহয় সেয়া, বয়সৰ ব্যৱধানৰ কথাও নহয়, এই প্ৰসংগ এক জটিল নিয়মৰ প্ৰসংগ। এয়া সমাজ নামৰ দেৱালখনত খুন্দা খাই উভতি অহা কিছু প্ৰশ্ন। ঘড়ীটোলৈ চালে তাই৷ সাত বাজিল। কঞ্জনীলে ফোন কৰাৰ কথা আছিল। ৰিভলভিং চেয়াৰখনতে ওপৰমুৱাকৈ মূৰটো পেলাই তাই পিছলৈ আঁউজি ফোনটোৰ অপেক্ষাত ৰ'ল। পাতল নীলা ৰঙৰ দীঘল দীঘল পৰ্দা ভেদি ৰূমৰ পোহৰ ষ্ট্ৰিট লাইটৰ পোহৰত বিলীন হৈছে। পোহৰৰ ছায়া-

 ময়াত তাইৰ হঠাতে ল'ৰা দুটিলৈ মনত পৰিল। তাইৰ বুকুৰ জিউ দুটিক অকলে এৰি থৈ তাই বিয়লি এপৰলৈকে অফিচত বহি আছে। নিজৰ ওপৰতে ধিকাৰ জন্মিল তাইৰ। ড্ৰাইভাৰক গাড়ী সাজু কৰিবলৈ কৈ তাইৰ পাৰ্ছ মিৰৰখনত মুখখন চাই ল’লে। ওঁঠৰ ওপৰেৰে পাতল গুলপীয়া লিপষ্টিকডাল বুলাই তাই থিয় হ’ল।

 মুখখন সৌম্য। ভিতৰত তোলপাৰ লগাই থকা ধুমুহাজাকৰ চাৰিওফালে দেৱাল গঁথা হৈ গ’ল। সেই ধুমুহাজাকে তাইৰ কণমানি দুটাৰ মনত আউল নলগায়। তাই নাৰী। তাই হাজাৰ ৰূপ ধাৰণ কৰিব পাৰে। অলপ