পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গ’ল। তলৰ কোঠাৰ পৰা দুইপুত্ৰৰ খিলখিলনি শুনা গৈছে। দেউতাকে আনি দিয়া ছয়ৰঙী কিউবটোত সিহঁতে খুব ফুৰ্তি পাইছে৷ ৰান্ধনিশালত প্ৰেছাৰ কুকাৰৰ হুইছেলটো বাজি উঠিছে। আল্ট্ৰাছৰ মুখখন দানৱীয় হৈ পৰিছে। মুখেৰে ভোৰভোৰাই তললৈ নামি গ’ল তেওঁ, “মই সিহঁতক সুদাই নেৰো। মোৰ উন্নতি দেখি সিহঁতৰ জ্বলন হৈছে। মোৰ বিপক্ষে সিহঁতে কন্সপিৰেচি কৰিছে। মোৰ মোবাইল ফোন হেক কৰিবলৈ আহে। চাই ল’ম সিহঁতক মই।”

 তাইৰ মুখৰ পৰা এটা শব্দ ওলাই নাহে। আল্ট্ৰাছৰ চিন্তাৰ পৰিধিত তাই আহত হয়। তেওঁৰ চিন্তাৰ জালখনত তাই নাই, তেওঁৰ ফোন হেক কৰাজনৰ বিৰুদ্ধেহে তেওঁ আস্ফালন কৰি আছে। তাই যে দুখ পাইছে, এই কথা তেওঁৰ মনলৈ এবাৰো অহা নাই। নাই, নাই, এই দম্ভালিক লৈ দুখ কৰা নাযায়। এই দম্ভৰ প্ৰেমত বাউল হোৱা নাযায়। কোনোবাই যেন তাইক কৈ গৈছে, “অলংকৃতা নিজৰ ভৰি নিজে সবল কৰ। এই পৃথিৱীত কোনো কাৰো হৈ নাথাকে।”

 এৰা, কোনোৱেই কাৰো হৈ নাথাকে। এই তত্বটোৱে তাইৰ বহুতো প্ৰশ্নৰ উত্তৰ দি গ’ল। হঠাতে বিজুলী-বাতিবোৰ বন্ধ হৈ চৌপাশে আন্ধাৰ হৈ পৰিল। আন্ধাৰৰ মাজত তাইৰ ছাঁটোও লুকাই পৰিল। তাই যেন নিজকে কৈ উঠিল, “দেখিলিনে কৃতা, আন্ধাৰ ৰাস্তাত ছাঁটোৱেও লগ এৰে।”

 ক’ৰবাৰ পৰা ছাঁটোৱে গৰগৰাই উঠিল, “মই তোৰ লগতে আছোঁ, আন্ধাৰ বাবে তইহে মোক দেখা নাই”।

 পুনৰবাৰ হতাশাৰ মুখখন ভাঁহি আহিল, “ইমান আন্ধাৰ। পথটিও নিতাল নিজম ৷ নিঃসংগ খোজবোৰ সাৰথি কৰি কেনেকৈ আগুৱাবি কৃতা?”

 ছাঁটোৱে হা হা হা কৈ হাঁহি উঠিল, “আৰে তইতো তাৰকা। আন্ধাৰতেই জিলিকিবি তই।”

 উল্কি আৰু আল্ট্ৰাছৰ প্ৰেমৰ বাটত তাই খলনায়িকা নেকি এই চিন্তা মনলৈ আনি পুনৰবাৰ তাই হতাশ হৈ পৰিল, প্রশ্ন কৰিলে আকৌ, “সেইবোৰ বাৰু সৱ ঠিক আছে। কিন্তু এই যে খলনায়িকাৰ অনুভৱ, এই অনুভৱটোৱে মোক খাবলৈ নিদিয়ে, শুৱলৈ নিদিয়ে। কি কৰো ক?

 “আৰে পাগলী, কিতাপ-কলম-কবিতা-গান যাৰ সংগী, তাক এই অনুভৱে চুই যায় কেনে কৰি? তই জী আছ, এইটো এটা সত্য আৰু প্রতিটো সত্যই সুন্দৰ।”

 বিশাললৈ মনত পৰিল তাইৰ৷ তেওঁ কৈছিল, যিয়ে আপোনাক পিছলৈ টানিছে, সিয়েই আপোনাক বহুত খোজ আগুৱাই নিব”।

 আত্মকথনে তাইৰ জ্ঞানৰ অক্ষি মুকলি কৰি চৌপাশ মুখৰিত কৰি তুলিলে। তাইৰ খোজবোৰে নতুন গতি ল’লে। কাণত বাজি থাকিল প্ৰিয় গানৰ কলি,

 “জীৱনে ৰং চায়, ৰঙে আঁকে ৰামধেনু।”

++


(আঠ)

 দুয়োজনৰে কাজিয়াবোৰ তুংগত উঠিছে। অলংকৃতাৰ পৰা কথাবোৰ লুকুৱাবলৈকে বাৰে বাৰে আল্ট্ৰাছৰ ছাদৰ ওপৰ পায়গৈ। ছাদৰ ওপৰত আকৌ উত্তেজিত হৈ সকলোৱে শুনাকৈ চিঞৰি চিঞৰি কথা পাতে। কথানো কি? আল্ট্ৰাছৰ আৰু কঞ্জনীলৰ মাজত চূড়ান্ত নিম্ন পৰ্যায়ৰ গালি গালাজ কিছুমান । সেই গালি গালাজত কোনেও কাৰো কথা শুনা নাই। দুয়োজনে দুয়োজনক দোষাৰোপ কৰি গৈছে। তাই তলৰ মহলাত জুপুকা মাৰি বহি আছে। এবাৰত চক খাই তাই কঁপি উঠিছে। এবাৰত ধ্ৰুৱমৰ কথাবোৰে তাইক এই কোলাহলৰ পৰা আঁতৰাই আনে।

 “কৃতা, এই যে মানুহবোৰে কাজিয়া কৰিলে নতুবা গালি পাৰিলে ইমান চিঞৰি চিঞৰি কথা কয়, কিয় তেনেদৰে চিঞৰি চিঞৰি কথা কয় জানানে বাৰু?”, কলেজৰ পৰা ঘৰলৈ বুলি বাছষ্টেণ্ডত ৰৈ থাকোঁতে দুজন বাছ-আৰোহীৰ মাজৰ কাজিয়াখন উপভোগ কৰি ধ্ৰুৱমে সুধি পেলাইছিল।

 “কিয় চিঞৰি কথা কয় আক’? খং উঠে সিহঁতৰ। খঙত উত্তেজিত হয়। সেইবাবে কয়”, নভবাকৈয়ে কৈ