সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

উদুলি মুদুলি হৈ পৰে তাইৰ মনৰ পদূলি। আগবাঢ়িব খুজিও ৰৈ যায় তাই। লাজে-আৱেগে নখে মাটি চিকুটে। ক’ব বিচৰাবোৰ ক’ব নোৱাৰি ওপৰা ওপৰিকৈ চিগাৰেট টানে তেওঁ। বাউলী হৈ পৰে তাই। বাউলী হয় সন্ধ্যামণি। বাউলী হয় সময়। চাৰিওফালে বিধিগত সতৰ্কীকৰণ, “চিগাৰেট স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক” আৰু এইফালে তাইৰ পৃথিৱীত চিগাৰেটৰ গোন্ধত পখিলা উৰে। ভালবোৰতো ফুল ফুলে। বেয়াবোৰতো মোহ জাগে। প্ৰিয়পুৰুষৰ প্ৰতি উন্মত্ত ভাল লগাই তাইক অন্ধ কৰি তুলিছে। ঘাম আৰু চিগাৰেটৰ গোন্ধৰ নিচাত আছন্ন হৈ পৰা সময়খিনিতে তাইৰ সম্বিত ঘূৰি আহে।

 “নাই, আৰু নহ’ব। আৰু চিগাৰেটৰ অনুমতি দিয়া নহ’ব”, বুলি তিনি নম্বৰ চিগাৰেটটোা আল্ট্ৰাছৰ ওঁঠৰ পৰা আজুৰি তাই দূৰলৈ দলিয়াই দিয়ে।

 গেটলৈকে আগবঢ়াই থ’বলৈ অহা তেওঁ তাইক থাপ মাৰি হাতখন ধৰি লয়।

 তেওঁৰ চকুলৈ চাই ৰয় তাই। ইমান তিৰবিৰ, ইমান পোহৰ। ডাঠকৈ চেলাউৰিকোচা। জোঙাকৈ নাকটি। থুঁতৰিত এটা ভীজ। সেই ভাঁজটোৰ বাবেই তাই নাচাওঁ নাচাওঁকৈয়ে প্ৰতিবাৰ তেওঁক আঁৰ চকুৰে চাই ৰয়।

 কথাবোৰ প্ৰতিশ্ৰুতিলৈ ৰূপান্তৰ কৰিব নে নকৰিব সেই সিদ্ধান্ত ল’বলৈ দুটিমান নিশাৰ টোপনি বিসৰ্জন দিয়ে অলংকৃতাই। অস্থিৰ হৈ কোনো এক বন্ধ বাৰত মাকৰ কোলাত মূৰ থবলৈ নামনিমুৱা ৰেলত তাই বহি পৰে। মাক আৰু আল্ট্ৰাছ, আল্ট্ৰাছ আৰু ককায়েক, তিনিওজনৰে মাজত কিবা নজহা নপমা অদৃশ্য সূতাত বন্দী হৈ থাকে তাইৰ আলসুৱা কলিজা! প্ৰতিবাৰ ঘৰৰ পৰা কৰ্মস্থলীলৈ অহাৰ সময়ত মাকৰ আঙুলিত খামুচি ধৰি তাই উচুপি উঠে, বুকুত হেৰুৱাৰ গানে সুৰ লয়, বীণত তাইৰ কথাবোৰ ধ্বনিত হয়, “কিবা পাবলৈ হ’লে কিবা হেৰুৱাই পেলাম আই”। মৌনতাই উচুপনিত ইন্ধন যোগায়। তাই নীৰৱে বেগটো লৈ ৰেল-ষ্টেচনলৈ বুলি ওলাই ককায়েকৰ বাইকৰ পিছৰ ছিটত বহি পৰে।

 অকলশৰীয়া যাত্ৰাবোৰ বিশেষজনৰ অনুভৱৰ উপস্থিতিয়ে মধুৰ কৰি তোলে। এই ৰাগ প্ৰেমৰ ৰাগ। প্ৰেম তাইৰ ৰন্ধ্ৰে ৰন্ধ্ৰে। প্ৰেমত ত্যাগ কৰা যায়। প্ৰেম ত্যাগ কৰা নাযায়।

 মাকৰ ঘৰৰ পৰা উলটি অহাৰ পাছত আকৌ চঞ্চল হৈ পৰে চহৰৰ গলি। চহৰৰ গলিত উদযাপন হয় প্ৰেমযুগলৰ গধূলি।

 “তোমাৰ দুচকুত চকুলো হৈ সৰিবৰ মন”, কেবাদিনৰ মূৰত লগ পোৱা অলংকৃতাৰ ওচৰত আবেগিক হৈ উঠে আল্ট্ৰাছ। আবেগিক হৈ উঠে তাই! তাইৰ চকুৰ পোহৰত বাট বুলিবলৈকে চকুলো হৈ সৰে তেওঁ। প্ৰতিনিয়ত সৰে সেই চকুলোত তেওঁৰ অস্তিত্ব। বিয়াৰ আগতেও সৰিছিল। বিয়াৰ পিছতো সৰিছে। এতিয়াও তেওঁৰে নামৰ চকুলো টুকিছে তাই। প্ৰতিটোপাল চকুলোৰ কাৰণ ভিন্ন, প্ৰতিটোপাল চকুলোৰ ৰং ভিন্ন, প্ৰতিটোপাল চকুলোৰ ওজন ভিন্ন। একে নামৰ এটোপাল চকুলো সৰিছিল ককায়েকৰ সন্মুখত বিয়াৰ কেইদিনমান আগত।

 অসম ন্যায়িক সেৱাত উত্তীৰ্ণ হৈ দ্বিতীয় শ্ৰেণীৰ মেজিষ্ট্ৰেট ৰূপে যোগ দিয়াৰ পাছতে অলংকৃতাই লগ পাইছিল আল্ট্ৰাছক। মানহানি কেচ এটাৰ বাবে আহিছিল আল্ট্ৰাছ৷ আহিয়েই চকু পৰিছিল ক’লা কোট পৰিহিতা কম বয়সীয়া ৰমনী অলংকৃতাৰ ওপৰত। পেশীবহুল চেহেৰাৰে সুঠাম সবল আল্ট্ৰাছ। মূহূৰ্তৰ ববে যেন বিজুলী চমক। কেনেকৈ কি হ’ল, ঠিক কোনটো বিন্দুৰ পৰা কথাবোৰ আগবাঢ়িল তাই নাজানে। মাথোঁ জানে তাৰ পাছত গধূলিবোৰ আল্ট্ৰাছৰ নামৰ। ৰাতিৰ ৰাতিটো ফোনকল, মেচেজ, হাতত ধৰাধৰিকৈ নিৰ্জন গলি, নতুবা তাইৰ লাইব্ৰেৰীৰ শাৰী শাৰী কিতাপৰ দমৰ মাজত বহি গৰম গৰম কফি। আকৰ্ষণীয় ব্যক্তিত্ব, পুৰুষসুলভ কণ্ঠৰ প্ৰেমত পৰিছিল নেকি তাই? নাজানে সেই কথা। খুব কম সময়ৰ ভিতৰতেই সেই সম্পৰ্ক গভীৰ সম্পৰ্কলৈ পৰিৱৰ্তন হৈছিল। পৰিণামত তাইৰ অনামিকা আঙুলিত সকলোৰে অলক্ষিতে এটা আঙুঠিয়ে শোভা পাইছিল। আল্ট্ৰাছৰ নামৰ সেই আঙুঠি।

 “সি মুছলিম, তই হিন্দু। তই পূবে সেৱা কৰ, সি পশ্চিমে”, কোনোবাই সঁকীয়াইছিল তাইক। তাইৰ কাণত তেতিয়া কপাহৰ ঠিলা।

 “তাৰ পৰিয়াল আৰু তোৰ পৰিয়ালৰ মাজত আকাশ-পাতাল পাৰ্থক্য। তই তাত মিলিব নোৱাৰিবি”, সেয়াও কোনোবা শুভাকাংখীৰ সাৱধানবাণী। তাই কাণৰ ঠিলা নোখোলে।