কৰিছে। কিন্তু সি সেই কথাৰ উমান নিদিয়ে তাইক। থাকক। সেই কথা তাৰ অন্তৰতে থাকক। সেই কথাৰে সি দেনা-পাওনাৰ অংক নকৰে।
মাজে মাজে আল্ট্ৰাছক লগ পায় সি। আল্ট্ৰাছৰ দাম্ভিক আচৰণৰ বিপৰীতে অলংকৃতাৰ সদায়েই এক পৰিমিত আচৰণ৷ কোমল মুখখনত সদায়েই জোনাকৰ স্নিগ্ধতা সানি লোৱা সত্তাটো আজি কিন্তু অস্থিৰ। ঠিক যেন জোৱাৰ ভাটাৰ দৰে। পূৰ্ণিমাৰ জোনবাইজনীৰ দৰে উজলি উঠাৰ পাছত যেন কিবা এক অজান শক্তিয়ে তাইৰ মন সমুদ্ৰত উখল-মাখলৰ সৃষ্টি কৰি লৈছে। বিশালে অনুভৱ কৰিছে যদিও এই জোৱাৰ ভাটাৰ সৃষ্টিকাৰী শক্তিটোৰ উৎস সি বুজা নাই। বৰঞ্চ সি হাঁহি উঠে লাহেকৈ,
“কি হৈছে মেডাম, ইমানদিনৰ মূৰত দীপকলৈ মনত পৰিল। সেইদিনা দেখোন দীপকৰ নামটোকে আপুনি মনত পেলাব পৰা নাছিল।
“নহয় নহয় বিশাল। কথা আছে। দীপকৰ ঘৰলৈ গৈছিলোঁ মই। তাক ওভোটাই আনিম মই দীপকৰ মাকক কথা দি আহিছোঁ!”
সৰু ছোৱালীৰ দৰে জেদ ধৰে তাই। অথচ বিপ্লৱী এজনক ওভতাই অনাটো ইমান সৰু কথাও নহয়, নুবুজেনে তাই? বুজে, এই জেদৰ দাম কি সেয়া নিশ্চয়কৈ জানে তাই। তথাপি নিজৰ মনটোক এই প্ৰতিশ্ৰুতি দি তাই আশ্বস্ত হয়।
“মেডাম বুজিবলৈ চেষ্টা কৰক। সেয়া একেবাৰেই নিৰাপদ কথা নহয়। নিষিদ্ধঘোষিত সংগঠন এটাৰ সৈতে সম্পৰ্ক ৰাখিবলৈ হ’লে আপুনি পুলিচ বিভাগক জনাব লাগিব। পুলিচক জনালে সংগঠনৰ ফালৰ পৰা আপোনাৰ জীৱনলৈ ভাবুকি আহিব। কোনেও বুজি নাপাব আপোনাৰ মটিভ কি। আপোনাৰ সৰু ল’ৰা দুটাৰ কথা চিন্তা কৰি এই কথাটো মগজুৰ পৰা উলিয়াই দিয়ক, প্লিজ৷”
ফোনটো কাটি দিয়ে তাই। খং উঠে তাইৰ। বিশালে আকৌ ফোন কৰে। তাই এইবাৰ ফোনৰ চুইচটো অফ কৰি দিয়ে। হাত-ভৰি বন্ধা তাইৰ। যিমান মন গ’লেও কিছুমান কাম কৰিব নোৱাৰাকৈ হাত-ভৰি বন্ধা তাইৰ। পৃথিৱীখননো কিমান ডাঙৰ? আশী দিনত পৃথিৱী ভ্ৰমণ কৰিছিল ফিলিচ ফগে।৷ স্কুলৰ দ্ৰুতপাঠ হিচাপে জুল ভাৰ্ণৰ “Araound the world in eighty days” খন পঢ়িছিল তাই। পঢ়িছিল তাই, কিদৰে ফগে পৃথিৱীৰ মূল কেন্দ্ৰসমূহত ভৰি থৈছিল। আশীদিনৰ আগতেই সি কিদৰে পেৰিছ, মুম্বাই, কলকাতা, হংকং, চিংগাপুৰ, নিউয়ৰ্কত ঘুৰি ফুৰিছিল।
আৰু তাই? মন থাকিলেও এখোজো আগবাঢ়িব নোৱাৰে। ভৌগোলিক সীমা পাৰ হ’ব পৰাকৈ সবল নহয় তাই৷
ভাৰাক্ৰান্ত মন এটা লৈ অলংকৃতা ঘৰলৈ উভটিল। দিনটো কিবা বৃথা গ’ল যেন লাগলি তাইৰ। কোৰ্টত মুখ্য ন্যায়াধীশেও তাইৰ সঘন অনুপস্থিতিকলৈ প্ৰশ্ন তুলিছে। কতোৱেই যে মন নবহে তাইৰ, সেয়ে তাই অৰঙে দৰঙে ঘূৰি ফুৰে। এই কথাটোকে কাকো ক’ব নোৱাৰে। বৰঞ্চ নিজৰ স’তে অবিৰাম যুদ্ধ কৰি যায় তাই, মনটোক বুজায়, “তলা লগা অলংকৃত। তোৰ উৰণীয়া মন-পখীৰ সঁজাত তলা লগাই থ”। ঘৰতো কণমানি দুটাৰ মোহেহে তাইক বান্ধি ৰাখে।
ঘৰ নে বাৰাংগনাৰ জুপুৰি?
ওঁঠেৰে নিস্তেজ হাঁহি এটি পাৰ হৈ যায় তাইৰ। বাৰাংগনাজনী প্ৰায়ে ভাগৰুৱা হৈ পৰে। দিনে ৰাতিয়ে জীৱনটোৱে তাইক লুটিয়াই বগৰাই চায়। পৃথিৱীৰ ওচৰত নিজকে নগ্ন কৰিও তাই নিজৰ দাম নাপায়।
গাড়ীৰ পৰা নামি ওপৰলৈ চাই পঠিয়ালে। কণমানি দুটিয়ে গেট খোলাৰ শব্দ পোৱাৰ লগে লগে “মা আহিল, মা আহিল” বুলি দৌৰি আহিল। সৰুটোৱে এখোপ আগবাঢ়ি কেঁকোজেঁকোকৈ তাইৰ বেগটো ডাঙি ল’লে।
“মা মোলৈ কি আনিছা?”, সৰুটোৱে বেগ খুঁচৰিলে।
একোৱেই অনা নাই। কথাটো মনলৈকে নাহিল। কিয় নাহিল? চহৰৰ বাহিৰলৈ গ’লে আল্ট্ৰাছে দুয়োটালৈ কিবাকিবি লৈ আহে। তাই বজাৰ কৰিবলৈ সময়কে মিলাব নোৱাৰিলে৷ শেষ সময়লৈকে চুহি চুহি সময়বোৰ পান