“নহয় নহয় বা, মই বেলেগ এটা কথাৰ বাবেহে তোমাক সুধিলোঁ”
“কি কথা অ?”
“মোৰ কাজিন এজনীৰ লগত বিশাল নামৰ মেজিষ্ট্ৰেট এজনৰ বিয়া ঠিক হৈছে। ইয়াৰে হয় তেওঁ। খুবসম্ভৱ মঙলদৈত চাকৰি কৰি আছে।”
হাঁ? কি শুনিলে তাই? সঁচা নে? সঁচা নে বিশালৰ বিয়াৰ খবৰটো? বিশালে এই কথা কিয় তাইক নজনালে? দিনটোৰ বেছিভাগ সময় তাৰ সৈতে তাই যোগাযোগত থাকে, অথচ তাই কিয় বিশালৰ বিয়াৰ খবৰ আনৰ মুখেদি শুনিব লগা হ'ল?
যক্ষটোৱে তাইৰ কলিজাৰ ৰস পান কৰিয়েই সন্তুষ্ট নহ’ল, এইবাৰ গগন কঁপাই অট্টহাস্য এটিৰে বুকুখন তেনেই নেফানেফ কৰি গ’ল। বৰ দুৰ্বল লাগিল তাইৰ। পাপৰিক কোনোমতে বিদায় দি ফোনটো অফ কৰিলে। ল’ৰা দুটাক কিবা অকণ খাবলৈ দি তাই বিছনাত পৰিল। বহুত পৰিকল্পনা আছিল তাইৰ, পৰিকল্পনা আছিল নাগালেণ্ড পাহাৰৰ সিপাৰৰ বিপ্লৱীৰ শিবিৰকেইটালৈ যাব। দীপকক লগ পাব। দুৰ্গম এলেকা সেয়া, খোজ কাঢ়িব পাৰিব লাগিব, তাৰ বাবে আগতীয়াকৈ কঠোৰ অনুশীলনৰ প্ৰয়োজন হ’ব। বিশালে কোৱা ধৰণেৰেই তাই এই ৰাস্তাবোৰত নিচা সানি লৈছিলহে, এই নিচাও বিষালি হ’ল। ফোনটো অন কৰিলে তাই। আকৌ অফ কৰিলে। আকৌ অন কৰিলে। এই অফ-অনৰ খেলটোত আঙুলিটোৰ সমানে সমানে আছুতীয়াকৈ আন এটা বিষৰ জন্ম হ’ল।
তাই নাজানে, এই বিষৰ নাম কি। নাজানে এই বিষৰ কাৰণ কি? মাথোঁ জানে, তাই উল্কি হ’ব নোৱাৰে। বিশালৰ বিবাহিত জীৱনত তাই নিজকে উল্কিৰ ৰূপত ধৰা দিব নোৱাৰে।
আস! ক’ৰ পৰা সংগোপনে আহি এজাক পখীয়ে বাহ সাজিছিল বুকুত? এইজাক দিশহাৰা পখী। এইজাক লক্ষ্যহাৰা পখী। ধুমুহা বিধ্বস্ত ৰাতিবোৰ সাৱটি চুকত কুঁচি-মুচি পৰি ৰোৱা এজাক পখী।
“ভালে থাকাচোন দেই সকলোবোৰ, সুখেৰে থাকা”, নেদেখাজনলৈ অনুৰোধটো এৰি বাগৰটো সলাইছিল মাথোঁ, মাজনিশাৰ ঘন্টা বাজিছিল, কঁকালত অনুভৱ কৰিলে আল্ট্ৰাছৰ স্পৰ্শ। আল্ট্ৰাছৰ উদং বুকুত মূৰ গুজি উচুপিবলৈ মন গ’ল তাইৰ, সুধিবলৈ মন গ’ল তাইৰ, বৃত্তৰ বাহিৰলৈ কিয় ঠেলি পঠিয়ালা মোক? চোৱাচোন, উন্মাদ অণু-পৰমাণুৰে ভৰি পৰিছে মন, উন্মাদ হৈছে আত্মা, উন্মাদ হৈছে শৰীৰ।
অমানিশাই পৰ দিয়া পুখুৰীটোত তাই জপংকৈ নামিল, তিতা চুলিকোছাই নাগপাশৰ দৰে তাইক মেৰিয়াই ধৰিলে, ওঁঠৰ নিচাবোৰে শীতল পানীত কেলি কৰিলে। তথাপি এই তৃষা নিবাৰণ নহ’ল। তথাপি এই অস্থিৰতাৰ মৃত্যু নহ'ল।
বাগানভেলিয়াজোপাৰ পৰা সৰি পৰা ফুলবোৰ দূৰলৈ উৰি গ’ল। উৰি উৰি সিহঁতে বাট হেৰুৱালে। ‘মই আকৌ আহিম ফাণ্ডন হৈ তোমালে’, বুলি সুৰ তোলা মৌপিয়াজনীও এই ধুমুহাত হেৰাই গ’ল।
আচলতেই, ঠিকনাবিহীন এই যাত্ৰ৷। এয়া সৰাফুলৰ যাত্ৰা। এয়া অলংকৃতাৰ যাত্ৰা৷। আহত পখীজাকৰ দৰেই তাইৰো কিছুপৰৰ স্থৱিৰতা মাথোঁ৷........
++
(বিশ)
এই সকলোবোৰত কাৰো কোনো ক্ষতি নহয়। এটা নিৰ্জন দ্বীপ আৰু নিঃসংগতাৰ স’তে কিছু আলাপ। লগত এখন পুৰণি ডায়েৰী আৰু অলপ নষ্টালজিক গান। গানবোৰৰ স’তে তাইৰ মনটোৱে ৰাগ টানি টানি মেঘৰ সিপাৰৰ শুকুলা ঘোঁৰাৰ ৰাজকুমাৰৰ লগত খেলি থাকেগৈ। সেই ৰাজকুমাৰৰ সপোনৰ পৰা মুক্ত হ’ব নোৱাৰে তাই। কোনোৱেই সেই স্থান ল’ব নোৱাৰিলে। মনৰ সেই ৰাজকুমাৰজন তাইৰ শিৰত হাতৰ ছাঁ দি থকা দেউতাকৰ দৰে ওখ; সমগ্ৰতা আৱৰি ল’ব পৰা ধ্ৰুৱমৰ দৰে অন্তৰংগ; তাইৰ মনৰ তাজমহল কঁপাই তুলিব পৰাকৈ এজন প্ৰেমিকৰ উন্মাদনা, মনতে ভাবে কোন সেয়া, আল্ট্ৰাছ নে বিশাল, জোকাৰি পেলায় মনটো, সেই স্থান ৰিক্ত হৈ ৰওক। পৰনাৰীৰ গোন্ধ থকা আল্ট্ৰাছৰ মনটো নতুবা বিশালৰ দৰে পৰপুৰুষৰ সান্নিধ্য, কোনোটোকেই তাই নিজৰ কৰি নলয়।