এতিয়াহে অনুভৱ হ’ল তাৰ, সি আচলতে ৰূপশিখাৰ প্ৰতাৰণাক তাৰ জন্মদাত্ৰী মাকতকৈ ওপৰত ৰাখিছে৷ নহ’লেনো সি মাকৰ বুকুত কষ্টৰ বীজ ৰুই নিজৰ বিবেকটোকে বন্ধকত ৰাখেনে? অলংকৃতাও দেখোন সাহসী হৈ উঠিছে। সেই যে অকণমানি ছোৱালীজনী! সুলকি পৰা চেমিজটো কান্ধলৈকে টানি টানি ধ্ৰুৱমৰ পিছে পিছে দৌৰি ফুৰা ছোৱালীজনী সময়ে তাইকো সাহসী কৰি তুলিছে। জীৱনে সাহসী কৰে প্ৰত্যেক মানুহকে। সিহে পৰা নাই সাহসী হ’বলৈ। লোকলজ্জাৰ পৰা মুখ লুকুৱাবলৈকে সি পলাই আহি জংঘল পালেহি, ঘূৰি যোৱাৰ বাট য’ত ৰুদ্ধ।
অলংকৃতাই বিচাৰে, সি এই জীৱন এৰি নতুন জীৱন আৰম্ভ কৰক। সি নিজেও বিচাৰে যে, সি এই বন্দীত্বৰ পৰা মুক্ত হওক। তেজেৰে ৰাঙলী কৰা কথাবোৰৰ পৰা বহুত দূৰত অৱস্থান কৰক।
সি ধ্ৰুৱমৰ ডায়েৰীখন মেলি লয়, প্ৰথম পৃষ্ঠাতে লিখা আছে, “those who wish to sing, always find a song
“য়েচ। য়েচ।”
সি গান এটা গাব। তাক এটা গান লাগে। আলোকৰ বাৰ্তা থকা এটা গানৰ সন্ধানৰত হৈ উঠিছে সি। কিছু দেৰিকৈয়ে সি আলোকৰ সন্ধান বিচাৰি পাইছে। সেই আলোকৰ সন্ধানত সি পাটকাইৰ পৰা নামি ভৈয়াম পাবগৈ। সেই সমতল প্ৰান্তৰখনৰ প্ৰকৃতিয়ে টানি আছে তাক। এই জংঘল এৰি দিব। সংগঠনক জনাব সি। চৰকাৰক জনাব সি। নাই। নাই। চৰকাৰী একো সুবিধা নালাগে তাক। তাক মাথোঁ এটা মুক্ত জীৱন লাগে। আৰ্তজনৰ হাত দুখন সবল কৰিব পৰাকৈ এখন হাত কঢ়িয়াই ফুৰিব সি।
একে সময়তে অলংকৃতায়ো কেনভাছখনত এই সবল হাতখনৰেই ছবি আঁকি আছে। আল্ট্ৰাছে আমনি পাইছিল নেকি তেওঁ, মুখ বিকটাই কৈছিল, “কি যে ৱৰ্থলেছ কামবোৰ কৰি নাথাকা!”
“ৱৰ্থলেচ!”, অলংকৃতাই ভাবলেশহীনভাৱেই সোধে।
“নহয়নো কি! এইখনত ইমান সময় নষ্ট কৰি আছা? বিনিময়ত কি আহিব তোমাৰ? তাতকৈ ল’ৰা দুটাকে অলপ সময় দিব পাৰ৷”, আল্ট্ৰাছে চূড়ান্তভাৱে অসন্তুষ্টি প্ৰকাশ কৰে।
“নুবুজিবা আল্ট্ৰাছ! এইখনে মোক জীয়াই তুলিছে।”
“হয়। তুমি আজিকালি জী উঠিবলৈ শিকিছা, উৰিবলৈ শিকিছা, চৰাই জন্মিছে, পাখি গজিছে”, আল্ট্ৰাছে নিজৰ বিৰক্তি লুকুৱাই ৰাখিব নোৱাৰে।
তাৰ পাছত আল্ট্ৰাছেও তুলিকা এডাল তুলি লয়। তুলিকাডালেৰে চৰাই এজনী আঁকিবলৈ চেষ্টা চলাই থাকি আচল কথালৈ আহে,
“তোমাৰ এই পৰিৱৰ্তনৰ আঁৰত কোন বিশেষজন, জানিব পাৰিমনে?”
আল্ট্ৰাছৰ কথা শুনি অলংকৃতাই হাঁহি উঠে। বিশেষজনৰ নাম লাগে আল্ট্ৰাছক। কোন সেই বিশেষজন, যাৰ প্ৰেমে তাইক আজিকালি উদ্বাউল কৰি ৰাখে? নিজেও নাজানে। নিজেও নাজানে।
“আল্ট্ৰাছ, বিশেষজন বুলি কাৰ নাম কওঁ কোৱা? পাপৰি, পৰিস্মিতাৰ নাম কওঁ নে জয়ন্ত, ৰাজীৱ, হেমন্তৰ?” ইচ্ছা কৰিয়েই তাই বিশাল, ধ্ৰুৱম, দীপকৰ নাম নুলিয়ালে।
তাইক মূৰ দাঙি জীয়াই থাকিবলৈ প্ৰেৰণা দিয়া এনেকুৱা ‘বিশেষ’ সম্পৰ্ক তাইৰ অন্তৰত প্ৰৱাহমান। আল্ট্ৰাছে বুজি নাপাব এইবোৰ। গতিকে তাই মৌন হৈ কেনভাছত ৰং বুলাই যায়।
“এইবোৰ বাদ দিয়া, মোক কিবা এটা লাগে, সেয়া দিয়া”, আল্ট্ৰাছে প্ৰসংগ সলায়।
“কি লাগে তোমাক?” তাই আচৰিত হয়।
“তোমাৰ দৰে ছোৱালী এজনী”, নিৰ্লজ্জ উত্তৰ এটি যেন আগৰে পৰাই প্ৰস্তুত হৈ আছিল আল্ট্ৰাছৰ মনত।
ভ্ৰূ কোঁচাই কাণ উণাই ৰয় তাই। কি ক’লে আল্ট্ৰাছে? কি লাগে আল্ট্ৰাছক? তাই আল্ট্ৰাছৰ ফালে মুখ ঘূৰাই চাই ৰয়। আল্ট্ৰাছে তাইৰ গালত তুলিকাডালেৰে বিন্দু এটা আঁকি আঁকি নিম্ন স্বৰেৰে কৈ পেলায়, “ল'ৰা দুটাৰে ঘৰখন বৰ নিজম হৈ থাকে। এজনী ছোৱালী দিয়া মোক। ঠিক তোমাৰ দৰে। ধুনীয়া। কোমল। মৰমলগা!”
কি অদ্ভূত প্ৰস্তাৱ! আল্ট্ৰাছৰ চকুলৈ চাই পঠিয়ায় তাই। সঁচাকৈ আল্ট্ৰাছে তাইৰ পৰা আকৌ এটি সন্তান