সমললৈ যাওক

পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাংবাদিকৰ বেষ্টনীত সোমাই পৰিল।

 তাইৰ চকুৰ আগলৈ বাৰে বাৰে দৃশ্যটো আহি আছে। ৰাজপথ তেজেৰে তুমুৰলি কৰি এজন মানুহ চিঞৰি চিঞৰি থানাৰ ফালে দৌৰিছে। হাতত একোছা চুলিৰে সৈতে এটা মুণ্ড। তাৰ মৰমৰ পত্নীৰ দেহৰ পৰা বিছিন্ন কৰি অনা মুণ্ড সেয়া। সি স্বীকাৰোক্তি দিছে, তাৰ পত্নীৰ পৰ-পুৰুষৰ স’তে সম্পৰ্ক আছিল। কঞ্জনীললৈ মনত পৰে তাইৰ।

 দূৰৈৰ পৰা ভাঁহি আহে পাপনৰ কণ্ঠ,

 “উল্লাসে পাহৰায়

 ৰঙা ৰঙে যে

 তেজ সিঁচি যায়”।

 কি বুলি দিছিল সি শেষৰটো মেচেজ, “বাইদেউ আপুনি একো নক’লে। মই মৰি যাম বাইদেউ। তাইকো মাৰি পেলাম। আপোনাৰ মিষ্টাৰকো জেলত ভৰাম। আপোনাৰ মিষ্টাৰে মোৰ মিছেছৰ লগত এনেকুৱা সম্পৰ্ক গঢ়ি তুলিছে, আপোনাৰ অকণো গাত লগা নাই?”

 উচুপনি এটাই বুকু ভেদি ওলাই অহাৰ বাট বিচাৰি ৰ’ল। গাড়ীৰ আগচিটত পি এছ অ’ জন আৰু চালকৰ আসনত গাড়ীচালক ৰমেশ। ক’বলৈ মন আছিল তাইৰ, “নামি যা তহঁতে, গাড়ীখন মোক এৰি দে, মই এতিয়া অৰঙে দৰঙে হেৰাবলৈ যাম। মোক এৰি দে অকলে।”

 কঞ্জনীললৈ ফোন কৰিবলৈকো সুযোগ পোৱা নাই তাই। মানুহেৰে পৰিবেষ্টিত পৃথিৱীত তাইহে ৰৈছে অকলে। আকাশখনলৈ চালে তাই, ডাৱৰেৰে আৱৰা আকাশ। এই যেন হুৰহুৰাই খহি সৰিব অভিমানী মেঘালি চকুলো। চকুলোৰে গঢ়ি উঠা উত্তল লেন্সত ধৰা দিয়েহি জীৱন। মুহূৰ্ততে যেন সৰু হৈ পৰে অলংকৃতাজনী। ছটফটাই উঠে তাইৰ পয়ত্ৰিশবছৰীয়া হিয়া। সৰিব খোজা চকুলোৰ শিলগুটিটো পতাত বান্ধি তাই চকুহাল মুদি দিলে। ববী প্ৰিন্টৰ বগা ফ্ৰক পিন্ধা এজনী দহবছৰীয়া ছোৱালী। আলসুৱা ছোৱালীজনী ডাঙৰ হোৱা নছিল তেতিয়াও। সৰু সৰু কথাতে ককায়েকৰ লগত ঠেহ পাতি ৰাস্তাৰ সিমূৰৰ ধ্ৰুৱমৰ ঘৰ পায়গৈ। ফুলি থকা মুখখন চিকুটি চিকুটি ধ্ৰুৱমে অভিমান ভঙাৰ খেল খেলে। ধ্ৰুৱম নাই আজি। প্ৰতিটো উজুটিতে তাইক তুলি ধৰা ধ্ৰুৱমৰ খবৰ নাপায় তাই। অথচ এই মুহূৰ্তত কি যে মন গৈছিল, ককায়েকৰ দৰেই যেন আল্ট্ৰাছৰো অভিযোগেৰে কাণ ঘোলা কৰি দিব ধ্ৰুৱমৰ। সেই যে কৈছিল সি, “কিছুমান বিন্দুত তই একেবাৰে অকলশৰীয়া হৈ পৰিবি। তেতিয়া তই ভাঙি পৰিবি নেকি কৃংতা? নপৰিবি দেই”, বাহিৰলৈ যোৱাৰ আগমূহূৰ্তত ধ্ৰুৱমে তাইৰ চুলিখিনি লিৰিকি দিছিল। কৈ গৈছিল, জীৱন-যাপনৰ সূত্ৰ,

 “ব’ৰৰ সূত্ৰটো মনত আছেনে? সেই ক্লাছ এইটত আমাক বনিয়া ছাৰে শিকাইছিল।”

 তাই চাই ৰৈছিল তালৈ। কি সংগতি এই পাতনিৰ স’তে? মনত নাই তাইৰ। বিজ্ঞানৰ একো সূত্ৰই মনত নাই তাইৰ। তাই কলা শাখাৰ ছোৱালী৷ ইংৰাজীত মেজৰ লৈ পঢ়িছে। কেনেকৈ মনত থাকে নীলচ্‌ ব’ৰৰ সূত্ৰ?

 “চা, পদাৰ্থ এটা কিহেৰে গঠিত হয় জানইতো- অণু, পৰমাণুৰে। পদাৰ্থৰ ক্ষুদ্ৰতম কণাটোৱেই হৈছে পৰমাণু। সেই পৰমাণুৰ কেন্দ্ৰত থাকে ধনাত্মক আধানযুক্ত প্ৰটন। কাষে কাষে আৱৰ্তনত থাকে খণাত্মক আধানযুক্ত ইলেক্ট্ৰন। কেন্দ্ৰত থকা প্ৰটন যিমানেই শক্তিশালী হয়, সিমানেই শক্তিশালী হয় ঋনাত্মক আধানযুক্ত ইলেক্ট্ৰন। বুজিলি নে কিবা?”

 নাই, তাই নুবুজে৷ বুজাৰ সময় নহয় এয়া। ধ্ৰুৱম যাবগৈ, ইয়াতকৈ কঠোৰ সত্য তাইৰ বাবে একোৱেই নাই! সি তথাপি কৈ যায়, “জীৱনত যেতিয়াই বিপদত পৰিবি, তেতিয়াই চিন্তা কৰিবি, তোৰ মাজত থকা ধনাত্মক শক্তিৰ আকৰ্ষণতহে খণাত্মক আধানৰূপী শক্তিবোৰে তোৰ চাৰিওফালে ঘূৰি ফুৰিছে”

 বুজিছিলনে তেতিয়া? নুবুজিছিল যদিও শব্দবোৰ কাণত বাজি ৰৈছিল। সি বেগটো কান্ধত লৈ লগৰ দীপকৰ বাইকত উঠি ধূলি উৰুৱাই গুচি গৈছিল। অস্ফুট স্বৰেৰে সিয়াঁৰি গৈছিল তাইক, “পুনৰ লগ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে”।

 অভিমানৰ চকুলোৰে চপচপীয়৷ হৈ বহুতদিন ভাবিছে নীলচ ব'ৰৰ সূত্ৰ। যেতিয়াই তাইক ঋনাত্মক শক্তিয়ে থকা-সৰকা কৰিছে, তেতিয়াই তাইৰ মনলৈ আহে ধ্ৰুৱমৰ তত্ব, “তোৰ মাজত সিমানখিনি ধনাত্মক আধান আছে