“তোৰ মেষ ৰাশি। তাৰো মেষ ৰাশি। দুটা ডাঙৰ ৰাশিৰ মাজত ৰাহিযোৰা নাহে কৃতা”, সেইবোৰ কথা তাইৰ কাণৰ কাযেৰেই নাযায়।
কিছুমান সম্পৰ্ক খুব আবেগিক। অন্ততঃ তাইৰ দৰে ছোৱালীৰ দৰে। এই যে তাক চকুৰে তেওঁক প্ৰতিশ্ৰুতি দিলে, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈকে তাই বয়সৰ ব্যৱধান, ধৰ্মৰ গণ্ডী, সামাজিক স্থিতি সকলো একাষৰীয়াকৈ থ’লে। উদযাপন কৰি গ’ল প্ৰেমৰ লগনবোৰ।
সমস্যা কেৱল এটাই আছিল। বাৰ্ধক্যই কোঙা কৰা তাইৰ বিধৱা মাকজনী। কিন্তু যৌৱনৰ প্ৰেমৰ শক্তিৰ আগত যেন আন যিকোনো সমস্যা গুৰুত্বহীন হৈ পৰে। কথাবোৰ ককায়েকৰ কাণত নপৰাকৈ থকা নাছিল। নামনি অসমৰ এক নৈষ্ঠিক হিন্দু পৰিয়ালৰ যুৱতী অলংকৃতাৰ প্ৰেম উজনিৰ মুছলিম যুৱক আল্ট্ৰাছৰ সতে। যেন ঘৰৰ মূধচত বহি ৰমলিয়াই থকা কাউৰীজনীয়ে অনাহূত খবৰ কঢ়িয়াই আনিছিল। কঁপি উছিঠিল সি। বেমাৰী মাকজনীক কোনোপধ্যে দিয়া নায়ায় এই খবৰ। প্ৰেমৰ সাগৰত নিজকে ডুবিবলৈ এৰি দিয়া জীয়েকৰ খবৰ কি স’তে মাকৰ ঔষধৰ লগত মিহলোৱা যায়, সেই চিন্তাত সি ততাতৈয়াকৈ ভনীয়েকৰ কাষ পায়হি।
“আল্ট্ৰাছ কোন হয়?” ককায়েকে তাইৰ খবৰ ল’বলৈ বুলি আহি হাতৰ চাহ কাপ মুখলৈ নি সুধি পেলালে।
অলপ সময়ৰ বাবে মৌনতা। মিছা কথা ক’লে বহুতকেইখন দুৱাৰ বন্ধ হৈ যাব। সঁচা ক’লে? সঁচা ক’লে হয়তো বহুতকেইখন শানিত চুৰিৰ আঘাতে তাইক থকা-সৰকা কৰি পেলাব।
ককায়েকে ইতিমধ্যে আল্ট্ৰাছৰ বিষয়ে তথ্য গোটাই লৈছিল। অত্যন্ত বাস্তৱবাদী ককায়েকৰ মতে কিবা স্বাৰ্থ নাথাকিলে কোনে মানুহে ইমানবোৰ ত্যাগ কৰিবলৈ প্ৰস্তুত নহয়। কি ত্যাগ কৰিব লাগিব আল্ট্ৰাছে, তাই নুবুজে সেই কথা। তাই দেখোন ত্যাগ কৰিবলৈ প্ৰস্তুত হৈ উঠিছে আপোন ঘৰখন, আপোন মাকজনী, আপোন ঠাইৰ আপোন মাত-কথা, বাগৰুম্বাৰ চিনাকি সুৰ, চিনাকি নৈখনি, চিনাকি পাহাৰখন, কমলা বেচিবলৈ অহা ভূটীয়া কেইজনীৰ সতে মুখচুপতি-এই সকলোবোৰেইতো ত্যাগ কৰিব তাই। তাৰ বিপৰীতে আঁকোৱালি ল’বলৈ শিকিছে হাড়িয়াৰ নিচাত ডুবি থকা ঝুমুৰৰ তালবোৰ, আহোম-মোগলৰ ঠাঁচ থকা ৰঙা-বগা মুখবোৰ, সোণাৰু-নাহৰৰ ফুলৰ দেশৰ খবৰবোৰ। আটাইতকৈ প্ৰিয় হৈ পৰিছে ব্ৰহ্মপুত্ৰ নৈখন। তাইৰ দৰেই মুহৰ্ততে ওফন্দি উঠি ৰ’দে জিলিকোৱা জলজ মুকুতাবোৰ।
“চা, তোক আকৌ কৈছোঁ, এই বিয়া অসম্ভৱ। তই ঘূৰি আহ এইটো সম্পৰ্কৰ পৰ৷”, মৌনতা ভংগ কৰি ককায়েকে মাত লগায়।
“নোৱাৰিম দাদা। মই তেওঁক কথা দিলোঁ”, আড়স্ততা এৰি ককায়েকক জনাই দিয়ে তাইৰ শেষ সিদ্ধান্ত।
“আসঃ, আমি মৰি গ’লো নেকি হা? দুদিন লগ পোৱা এজনৰ বাবে তই অতবছৰে আশ্ৰয় দিয়া ঘৰখন পাহৰি যাবি?”
দোদ্যুল্যমান অৱস্থাত পৰে তাই। প্ৰেমৰ ৰাস্তাৰ পৰ৷ ঘূৰি অহাৰ শংকাত নহয়, বৰঞ্চ ঘৰখন হেৰুৱাব সেই শংকাত তাই আল্ট্ৰাছলৈ ফোন লগায়। আল্ট্ৰাছো যেন গভীৰ চিন্তাত পৰে। অনশেষত সমাধানৰ সূত্ৰ দাঙি ধৰে আল্ট্ৰাছে, “ব’লা। কোৰ্ট মেৰেজ কৰি লওঁ।”
কি অপৈণত চিন্তা! তাইৰো তথা আল্ট্ৰাচৰো সেই অপৈণত চিন্তাৰ ফলত মাকজনী বাউলী হ’ল। তাইৰ নামত চৰু-হাড়ি নিকা কৰিলে। পিছে তেওঁ নৰিয়া পাটী এৰিব নোৱাৰিলে৷ বেমাৰী মানুহগৰাকীৰ বয়স যেন বহুত বাঢ়ি গ'ল। সেই অসহায় চকুহালে তাইক আজিও আমনি কৰে। তাই জানে, মাকে তাইক অভিশাপ নিদিয়ে, তাইৰ পিণ্ড কুকুৰক খুৱাব নোৱাৰে, কিন্তু প্ৰচলিত সমাজব্যৱস্থাত নীতি-নিয়মবোৰ তেওঁ ওফোৰাই পেলোৱাৰ সাহসো কৰিব নোৱাৰে।
তাইক অত্যন্ত মৰম কৰা ককায়েকে বৰ কষ্ট পাইছিল। একমাত্ৰ ককায়েকেই তাইৰ বাটত হেঙাৰ হৈয়ো থিয় দিয়া নাছিল, আনে গম নোপোৱাকৈ যোগাযোগ ৰক্ষা কৰিও আছিল। কিন্তু সি ভাঙি পৰিছিল। কাণে ডিঙিয়ে গহনা ওলোমাই, দোলাত উঠাই তাৰ একমাত্ৰ ভনীয়েকজনীক সি বিয়া দিব পৰা নাছিল, সেই দুখবোধটোত সিহঁত দুটাৰ মাজৰ সম্পৰ্কটো এখন ভগা দলঙৰ দৰেই হৈছিল। সি নকয়, তাই বুজে। তাই নকয়, সি বুজে। ভাতৃ-ভগ্নীৰ সম্পৰ্কটোৱে ঠেহ পাতে। এয়াও প্ৰেম। এই প্ৰেমৰ আন এক নাম ভাতৃত্ব। সবাৰো ওপৰৰ সিংহাসনত ৰজাৰ দৰে