পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চহৰৰ মাজেৰে মই মূৰ তুলি খোজ লওঁ। সেই খোজবোৰত বিন্ধি থকা কাঁইটবোৰ আপুনিও দেখে। বহুতদিন আপুনিও মোৰ কষ্টৰ খোজত খোজ থৈছে।”

 স্বগতোক্তি কৰাৰ দৰে তাই কৈ গৈছিল,

 “বহুতবাৰ ভাবিছোঁ, তেওঁৰ ওপৰত মোৰ কি অধিকাৰ আছে? তেওঁক মই জন্মতে লৈ আহিছিলো নেকি? সাতজনমৰ বান্ধোন, আত্মাৰ মিলন এইবোৰ জানো বাস্তৱিক? বাস্তৱ এইখিনিহে যে, আমি অকলেই জনম লওঁ, অকলেই মৃত্যুক সাৱটি লওঁ।”

 “অথচ কি জানেনে বিশাল, ইমানবোৰ ভাবি লোৱাৰ পাছতো মই নীৰৱে উচুপি ৰওঁ। একাকীত্বই খেদে মোক৷ চহৰৰ কোনোবা চিনাকিজনে যেতিয়া আল্ট্ৰাছ আৰু উল্কিৰ বিষয়ে জনায়, কিয় জানো মোৰ কাষৰ বতাহজাকো স্তব্ধ হৈ পৰেঙ্গ হিমশীতল অনুভৱ এটাত ডুবি গোট মাৰে আল্ট্ৰাছলৈ পুহি ৰখা মোৰ সমস্ত অভিমান। মোক বাৰু হেয় কৰিবলৈকে আল্ট্ৰাছে এনে আচৰণ কৰে নেকি? তেওঁলোকৰ মুক্ত বিচৰণে মোৰ বিবেকৰ হাজাৰটা প্ৰশ্নক উত্তৰবিহীন কৰি ৰাখে।”

 বিশালে অনুমান কৰিছিল, এয়া সঠিক পথ নহয়। প্ৰেম-ভালপোৱা অন্তত ইমান নিকৃষ্ট পৰ্যায়ৰ নহয়। ঘৰৰ ভিতৰত এগৰাকী নাৰীয়ে জুইত স্নান কৰে, বাহিৰত আনৰ স’তে যৌৱনৰ লীলা কৰে। এয়া প্ৰেম নহয়, এয়াতো প্ৰদৰ্শনকামিতা।

 “জানানে বিশাল, কথাবোৰ আচলতে মই আপোনাক কোৱা নাই। কথাবোৰ মই নিজকে কৈ আছোঁ৷ আপুনি এক মাধ্যম মাথোঁ। মোৰ বাবে এক স্বচ্ছ আৰু বিশ্বাসী মাধ্যম”৷

 এইখিনিতে অসম্ভৱধৰণেৰে বুকুখন গধুৰ হৈ পৰে বিশালৰ। চিগাৰেট এটাৰ প্ৰয়োজন অনুভৱ কৰি গাড়ীখন চাইদ কৰি আঁৰ চকুৰে তাইলৈ চায়। সন্মুখত সৰুকৈ এখন দলং। নামনিত এখন বাঁহৰ চালি। চচপেনত উতলি থকা চাহৰ গোন্ধই টানিলে তাক। অলংকৃতালৈ চালে সি। শান্ত সমাহিত এখন মুখ, যিখন মুখত নাই এতিয়া যুদ্ধবিধ্বস্ত ৰাতিৰ ছবিখন। তাৰ হেঁপাহৰ এগৰাকী নাৰী যে কাৰোবাৰ দ্বাৰা উপেক্ষিত হ’ব পাৰে, সেই কথা সি কল্পনাতো ভাবিব নোৱাৰে। মনত পৰে সেই ল’ৰা-ছোৱালীহাললৈ,

 “সেই যে ল’ৰা-ছোৱালীবোৰ, যিয়ে ব্ৰেকফাষ্টত দিয়া আপেলটো নাখাওঁ বুলি কৈ আপেলৰ বাগানলৈ দৌৰ মাৰে আৰু চুৰ কৰি তাৰ পৰা আপেল খায়। অথচ ঘৰৰ আপেলকেইটা বাগানৰ কেঁচা আপেলকেইটাতকৈ বেছি পকা আৰু মিঠা”, কৈ কৈ সি নামি আহে। চিগাৰেটটো জ্বলাবলৈ লৈ অলংকৃতাৰ ফালে চাই পঠিয়ায়।

 চুৰ কৰাটো এক মানসিক প্ৰবৃত্তি। সাধনাৰ দ্বাৰা এই প্ৰবৃত্তি দমন কৰা যায়। কোন মানুহে চুৰ নকৰে? এই যে সি আঁৰ চকুৰে অলংকৃতালৈ চাই ৰ’ল, এয়াওতো চুৰিকাৰ্য। কথাবোৰে বিভ্ৰমৰ নৈখনত পকনীয়াৰ সৃষ্টি কৰে। চিন্তাৰ নাওখন টুলুং-ভুটুংকৈ ওপঙি ফুৰে। চিনামাটিৰ কাপটোত ঢালি দিয়া উতলি থকা চাহকাপ লৈ সি অলংকৃতাৰ ওচৰ পায়হি।

 “মেডাম, চাহ খাওক”।

 তাই হীঁহি এটা মাৰি হাতৰ পৰা চাহকাপ তুলি লয়।

 “পৰিৱেশটো কি সুন্দৰ নহয়নে বিশাল”, মুহূৰ্ততে মায়’ডিয়াৰ শুকুলা মেঘৰ আঁৰত লুকা ভাকু কৰি থকা প্ৰেমিকযুগললৈ মনত পৰে। উল্কি আৰু আল্ট্ৰাছ। ক্ষন্তেকতে সন্তান দুটিৰ মুখ দুখনি মনলৈ আনি নিজেই নিজক সুধি পেলায়, “মই বাৰু কিবা ভুল কৰিছোঁ নেকি?”

 নিজকে নিজক উত্তৰ দিলে, “ওহোঁ। মইতো মাথোঁ সঁচা কথাটো জানিবলৈ আহিছোঁ।” আকৌ নিজকে প্ৰশ্ন কৰে, “সন্তান দুটিক এৰি থৈ?”

 নিজেই নিজক প্ৰবোধ দিয়ে, “সন্তান দুটি অলপ আত্মনিৰ্ভৰশীল হোৱা উচিত, কাইলৈ কিবা হৈ গ’লেও যাতে সিহঁতে কষ্ট নাপায়, সেই প্ৰশিক্ষণ সিহঁতক দিয়া উচিত”।

 কথাষাৰ মনলৈ অহাৰ লগে লগে তাই মনটো জোকাৰি পেলায়। আজিকালি দেখোন হেৰাই যোৱাৰ ভয় এটাই খেদি থাকে তাইক। সকলো হেৰুৱাই পেলোৱাৰ ভয়ত কজলাবৰণ ধৰে তাইৰ মনৰ আকাশ। বিশালে সুধি পেলায় অতৰ্কিতে,