পৃষ্ঠা:বাৰাংগণাৰ জুপুৰি.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 আচৰিত। বিচাৰি ফুৰা খবৰবোৰ যে কেনেকৈ ঢল ভাঙি আহে। এফালে তাই দীপকক লগ কৰিবলৈ যোৱাৰ কথা, এফালে ধ্ৰুৱমৰ বতৰা। উত্তেজনা বাঢ়ে তাইৰ। বীজগণিতৰ জটিল সমীকৰণবোৰ যেন ক’ৰবাত মিলিবলৈ ধৰিছে। কপালৰ ফালে বাগৰি অহা অবাধ্য চুলিডাল পকাই পকাই চিন্তা কৰি ৰয় তাই, সিনো ইমান ডাঙৰ মানুহ কেতিয়াকৈ হ’ল? সেইকাৰণে পাহৰিলে তাইক। ঠিক জানিছে তাই। ইমান ডাঙৰ মানুহৰ তাইলৈ কিয় মনত পৰিব? তাইৰ সৰু সপোন, সৰু সৰু সুখ, সৰু সৰু দুখ, সৰু সৰু স্মৃতি। সি ডাঙৰ মানুহ। মাটিৰ সৰু সৰু পৰুৱাবোৰ চকুত নপৰাকৈ ওখ মানুহ হৈ উঠিল সি।

 অভিমানত পুনৰ চকুহাল গধুৰ হৈ পৰিল। মৰমে মৰম বিচাৰে। নাপালেই অভিমানী হৈ পৰে মৰমবোৰ। চলচলীয়া চকুহাল তুলি চাটিং স্ক্ৰীণ বন্ধ কৰিলে তাই।

 “অভিমাননো কিয় পাগলী? যিমান ডাঙৰ মানুহ হলেও সি তোৰ কথা সুধিছে, তই যে ইয়াত আছহি খবৰ ৰাখিছে”, আইনাৰ সিপাৰৰজনীয়ে তাইৰ অভিমান ভাঙে। পলকতে ওঁঠ বিৰিঙি হীঁহি এটা ওলাই যায়, এইপাৰৰ জনীয়ে কৈ উঠে, “ধ্ৰুৱম তই জান যে মই ইয়াত থাকোঁ। তথাপি মোৰ খবৰ নলৱ?”

 “নহ’ব। এইৰ নহ’ব আৰু! কোনোপধ্যেই তাইৰ অভিমান ভাঙিব নোৱাৰি”।

 দুয়ো প্ৰতিবিম্বই দুয়োলৈ চাই ৰয়। আইনাৰ সিপাৰৰ মুখখনি প্ৰজ্জ্বোল্লিত। আচৰিত জ্যোতিৰে জ্যোতিষ্মান। এইপাৰে তাইৰ অস্পষ্ট ছবিত ধূসৰিত প্ৰতিবিম্ব। সুখীনে তাই? ধ্ৰুৱমৰ খবৰ পাই সুখীনে তাই? চাগৈ সুখী। এই সুখৰ কোনো স্বাৰ্থ নাই। ধ্ৰুৱমৰ সফলতাই তাইক সুখী কৰিছে। এবাৰ লগ পোৱা হ’লে তাক। বিয়া পাতিলেনে সি? পাতিলে চাগৈ। ৰাজৰাণীৰ দৰে সুখত থাকিব তাৰ পত্নী। ধ্ৰুৱমে সুখী কৰে সকলোকে। ধ্ৰুৱমৰ সান্নিধ্যত সুখী হয় ল’ৰাৰ পৰা বুঢ়ালৈকে। কাৰণ সি পোহৰ কঢ়িয়ায়। তাৰ চৌপাশে নক্ষত্ৰবোৰ জলমলাই থাকে।

 সেই নক্ষত্ৰৰ পৰা বিচ্ছুৰিত হোৱা বৰ্ণালীৰ ছবি এখন আঁকিবলৈ মন গৈছে তাইৰ। নিষিদ্ধ গলিৰ আন্ধাৰ জুপুৰিৰ পৰা ভাঁহি অহা বাৰাংগনাজনীৰ অস্ফুট শব্দসমূহ এই মুহূৰ্তত শুনিবলৈ মন যোৱা নাই তাইৰ। ৰ’দৰ দেশলৈ যাবলৈ মন গৈছে তাইৰ। অ অ ৰ’দৰ দেশত হেৰাবলৈ মন গৈছে তাইৰ। দুহাত মেলি আকাশখনলৈ চাই পঠিয়ায় তাই। মেঘকন্যাৰ নৃত্য চাবলৈ মন গৈছে তাইৰ।

 কেনভাছত জিলিকি আছে ‘বাৰাংগনাৰ জুপুৰি’ শিৰোনামৰ ছবিখন। চকু মুদি দিয়ে তাই। হতাশাৰ ছবিখনলৈ আজি হেঁপাহ জগা নাই। পোৰ্ট্ৰেইটখন নমাই থৈ তাই নতুন কেনভাছ এখন উলিয়াই লৈছে।

 হতাশাৰ ছবিখনে চিঞৰি উঠে, “নহ’ব নহ’ব, দুখৰ সময়ত মই তোৰ স’তে আছিলো, সুখৰ সময়ত মোক এৰি নিদিবি”।

 নাযায় তাই। দুখৰ সময়ত তাইক আশ্ৰয় দিয়া জুপুৰিটো এৰি থৈ গুচি নাযায় তাই। দুখবোৰ যে চৰম সত্য। দুখৰ জখমবোৰে বুকুত স্থায়ী দাগ কাটে। সুখবোৰ প্ৰলেপ। এই প্ৰলেপে জখমৰ কষ্টবোৰ পাতলায় মাথোঁ। এই সুখৰ প্ৰলেপটোতে ৰঙীন হৈ থাকে দুনীয়া। চৌদিশে ৰং বাঢ়িছে, ৰঙৰ সমানে সমানে সুখ বাঢ়িছে, অথচ প্ৰতিখন সুখৰ মুখৰ আঁৰত লুকাই থাকে শূন্যতা। নিৰ্জনত সেই মুখা সুলকি ধৰা দিয়েহি গোপনে কঢ়িয়াই থকা আদিম কলিজাৰ বিৱৰ্ণতা।

 সলনি হোৱা নাই। একোৱেই সলনি হোৱা নাই। আদিমসকল হিংস্ৰ জন্তুৰ চিকাৰ হৈছিল, আধুনিকসকল শূন্যতাৰ চিকাৰ হৈছে। অন্তঃগহনত গোপনে কঢ়িয়াইছে মনৰ হাজাৰটা বিকাৰ। তাইৰ বিচাৰ কৰিবলৈ মন নাযায়, ধ্ৰুৱম সত্য নে আল্ট্ৰাছ সত্য। ধ্ৰুৱম অতীত। যি নামেই হওক সেই সম্পৰ্কৰ, সেই সম্পৰ্ক তাইৰ বাবে অতীত। তাইৰ বাবে সত্য আল্ট্ৰাছৰ সৈতে চলি থকা এই বৰ্তমানটোহে। অতীতটোক তাই আলফুলকৈ বৰপেৰাত সামৰি জপাই থৈছে। বৰ্তমানটোৱে উৱলা চাদৰখনৰ দৰে শৰীৰটো মেৰিয়াই থাকে। সোলকাব নোৱাৰি এই বৰ্তমান। খহাব নোৱাৰি এই উৱলা চাদৰ। খহালেই এজাক শিয়ালৰ লোলুপ দৃষ্টিয়ে বাৰাংগনাজনীক নেফা-নেফ কৰিব। তেজে কৰাল মৰা পৃথিৱীত তাই তেতিয়া মৃতদেহ হ’ব। নাই, এই বৰ্তমানটোক তাই খহাব নোৱাৰে। তাইৰ সন্তানৰ পিতৃজনৰ কাষৰ পৰ৷ তাই আঁতৰি আহিব নোৱাৰে। বহুত দাম এই সত্যৰ। তাইৰ একান্ত দুখবোৰতকৈ বহুত বেছি দাম সেই মুকলি পৃথিৱীখনৰ। ইয়াত তাই বাৰাংগনা হলেও অন্ততঃ দাসী নহয়। পৃথিৱীয়েও বাৰণ কৰিছে দাসপ্ৰথা, য’ত এতিয়াও নিষিদ্ধ হোৱা নাই বাৰাংগনাৰ সংজ্ঞা।